জ্যোতিপ্ৰসাদৰ গীতত জনতাৰ কথা-(ফটিক বৰা)

“মোৰ গানত জ্বলে/ শত যুগৰ কত অভিমান মোৰ গানে বিচাৰে/চিৰ দুখীয়াৰ/চিৰ পৰিত্ৰান”

এয়াই হ’ল জনতাৰ মুক্তিপিয়াসী, বিপ্লৱী গণশিল্পী জ্যোতি প্ৰসাদৰ নিজৰ গীতৰ মর্মবাণী সম্পর্কে নিজে কৰা ঘোষণা। স্বাধীনতা আন্দোলনত মন প্রাণ সঁপি, নিজৰ সকলো ব্যক্তিস্বার্থ জলাঞ্জলি দি জীৱন পণ কৰি বিদেশী শাসনৰ বিৰুদ্ধে যুঁজোতা জ্যোতিপ্ৰসাদে অসমৰ গাঁৱে-ভূঞে বাস কৰা অগণন ৰাইজৰ সংস্পৰ্শলৈ আহিছিল।

শিল্প উদ্যোগৰ ক্ষেত্ৰত পিছপৰা অসমত কৃষিয়েই অসমৰ সৰহভাগ ৰাইজৰ জীৱিকাৰ প্ৰধান উপায়। গাঁও হ’ল এই কৃষিজীৱি ৰাইজৰ বসতিৰ ঠাই। এই গাঁৱলীয়া কৃষিজীৱি ৰাইজেই যুগে যুগে অত্যাচাৰী শাসক-শোষক আৰু সিহঁতৰ বহতীয়া পৰজীৱি শ্ৰেণীৰ নানা অত্যাচাৰ সহি, নিজৰ দুখৰ চকুলো নিজেই মচি, সত্য আৰু ন্যায়নীতিৰে পৰিচালিত এখন নতুন সমাজ হলে সংস্কৃতিয়ে তেওঁলোকৰ জীৱনত হাঁহিৰ পদুম ফুলাব বুলি আশা বুকুত লৈ সংস্কৃতিৰ প্রতি অবিচল নিষ্ঠা আৰু প্ৰেমেৰে মানৱীয় প্রমূল্যসমূহ জীয়াই ৰাখিছে বুলি জ্যোতিপ্ৰসাদৰ গভীৰ বিশ্বাস আছিল। সেয়েহে, তেওঁ পৰম বিশ্বাসেৰে কৈছিল,

গাঁৱৰে জুপুৰি ইকৰাৰে সজা। তাতে থাক ভবিষ্যতৰ/আধাপেটীৰজা। আজি সুন্দৰে তাতে বহি/ শাক-ভাত খায় তোৰ আধাভগা গছাটোত/ নুনুমোৱা চাকি জ্বলায়

যৌৱনৰ দোকমোকালিতে ‘শোণিত কুঁৱৰী’ নাটকৰ জৰিয়তে প্রেম, সৌন্দর্য আৰু মানৱসত্তাৰ মৰ্যদাৰ প্রতি প্রকাশ পোৱা জ্যোতিপ্ৰসাদৰ গভীৰ উপলব্ধিয়ে ভৰ যৌৱনত ৰচনা কৰা নাটক ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’ আৰু গীত-নৃত্য নাট ‘নিমাতীকইনা’ৰ যোগেদি মানৱসত্তাৰ বিভিন্ন ৰূপৰ, বহুবর্ণময় ৰাগৰঞ্জিত কাব্যিক প্রকাশ পাই বিশালতা লাভ কৰে। উল্লেখিত নাটসমূহ ৰচনা কালত জ্যোতিপ্ৰসাদৰ সৌন্দৰ্যৰ ধাৰণা শ্রেণীনির্বিশেষে মানুহৰ সার্বজনীন সত্তাৰ সুষম আৰু সুন্দৰ বিকাশ আৰু প্ৰকাশৰ লক্ষ্যৰ স’তে নিবিড় ভাবে সাঙুৰ খাই আছিল। কিন্তু দ্বিতীয় বিশ্ব মহাযুদ্ধই অসমৰ জনতাৰ জীৱনলৈ অনা কালধুমুহা আৰু ১৯৪২ চনত যুদ্ধৰ বিভীষিকাৰ মাজতে ভাৰতত বৃটিছ শাসকৰ বিৰুদ্ধে হোৱা ভাৰত ত্যাগ আন্দোলনৰ মাজেদি প্রকাশ পোৱা কৃষক ৰাইজৰ, গাঁৱৰ ডেকা-গাভৰুৰ অফুৰন্ত প্রাণশক্তি আৰু ভাগ্যৰ পৰিহাস মোচনৰ বাবে আকুল হেপাহ দেখি জ্যোতিপ্ৰসাদে সঠিকভাৱে বুজিলে যে জনতাই হৈছে অমোঘ শক্তি আৰু সংস্কৃতিৰ স্রষ্টা আৰু পালক-পোষক। জনসাধাৰণেই সংস্কৃতিৰ উৎস আৰু আধাৰ।

বিয়াল্লিছৰ দশকৰ প্ৰথমৰে পৰাই অসমত আগতে নঘটা কিছুমান ঘটনা একেবাৰে নতুনকৈ ঘটিবলৈ ধৰিছিল। ১৯৪৩ চনৰে পৰাই সৌমেন ঠাকুৰ, ধীৰেণ দত্ত, হৰিদাস ডেকা, ধীৰেশ্বৰ কলিতা আনন্দেশ্বৰ তালুকদাৰ আদিৰ উদ্যোগত অসমত বাওঁমুখী প্রগতিশীল আদৰ্শৰ প্ৰচাৰ হ’বলৈ ধৰে; এনে আদৰ্শৰ আধাৰত গঠিত দল-সংগঠনো গঠিত হ’বলৈ ধৰে। কংগ্রেছৰ নেতৃত্বত চলা স্বাধীনতা আন্দোলনৰ আঁৰে আঁৰে জনতাৰ মনগহনত ৰাজনৈতিক অধিকাৰ আৰু স্বতন্ত্রতা পোৱাৰ উপৰিও সকলোপ্ৰকাৰ শোষণ দমন, নিপীড়ণ আৰু বঞ্চনাৰ পৰা চিৰমুক্তি পাই চিৰসুখ, চিৰশান্তিৰ নিশ্চয়তা থকা ‘পঞ্চায়তৰাজ’ পাতিবলৈও আকুল হেপাহে শিপা মেলিছিল।

জনজাগৰণৰ এনে উত্তাল জোৱাৰৰ কালতে অসমৰ সাহিত্য জগতত হেম বৰুৱা, ভবানন্দ দত্ত, অমূল্য বৰুৱা আৰু ধীৰেন্দ্ৰনাথ দত্ত আদিয়ে নতুন ভাৱৰ, নতুন চেতনাৰে স্পন্দিত কবিতা সৃষ্টিৰ ধাৰা সৃষ্টি কৰিছিল। কবিতাৰ জগতত হোৱা এই নতুন ভাৱৰ পয়োভৰ আৰু নতুন শৈলীয়ে তেতিয়াৰ দিনৰ বিশ্ব-মানৱৰ মনত জন্ম হোৱা ভাৱৰ হেন্দোলনিকে প্রতিনিধিত্ব কৰিছিল।

জনতাৰ এনে অভূতপূর্ব জাগৰণৰ সংস্পৰ্শত জনতাৰ মাজতে থকা জ্যোতিপ্ৰসাদৰ গাত এনে নতুন চেতনাৰ বা-বতাহ নলগাকৈ তেওঁ কাঠপুতলাৰ দৰে নির্বিকাৰ হৈ আছিল বুলি কোনো সজবুদ্ধিৰ লোকে কয় আৰু কোনোবাই ক'লেও মানি নলয়।

দ্বিতীয় বিশ্বযুদ্ধ আৰু ৪২ৰ ভাৰত ত্যাগ আন্দোলনৰ প্ৰভাৱ অসমীয়া ৰাইজৰ ওপৰত কেনেকৈ পৰিছিল - সেইকথা, মৃত্যুবাহিনীৰ সর্বাধিনায়ক ৰূপে নগাঁও, দৰং আৰু ডিব্ৰুগড়ত ৰাইজক (স্বাধীনতা আন্দোলনত) নেতৃত্ব দিওঁতা জ্যোতিপ্ৰসাদে নিজে দেখি শুনি পোৱা অভিজ্ঞতা জুকিয়াই মনৰ মণিকোঠত সাঁচিথোৱা স্মৃতিৰ আলমত ১৯৪৭ চনত লিখা ‘লভিতা’ নাটকৰ পাতনিত লিখিছে- “প্লট ইয়াত দেখুৱাব খোজা নাই। নায়ক-নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই৷ ইয়াত নায়ক গোটেই অসমীয়া ৰাইজেই।”

এই নাটকত তেওঁ অসমীয়া জীৱনৰ ওপৰত সাম্রাজ্যবাদী যুদ্ধৰ সংঘাতক কেনেকৈ অসমীয়া মানুহে বাধা দি নিজৰ দেশৰ পৰা সাম্রাজ্যবাদীৰ প্ৰভূত্ব ৰোধ কৰিবলৈ বিয়াল্লিছৰ বিপ্লৱৰ মাজেদি যুঁজিছিল তাক দেখুৱাইছে। লগতে, সাম্রাজ্যবাদীৰ লেজুৰবৃত্তি কৰি ব্যক্তি স্বার্থৰক্ষা আৰু সুখ, বিলাস আৰু আৰামৰ নিৰাপদ জীৱন যাপনৰ লোভত দেশ আৰু জাতিৰ বৃহত্তৰ স্বার্থকো বিপন্ন কৰা লোকসকলৰ বিকৃত চৰিত্ৰ আৰু দোষবোৰো তেওঁ দেখুৱাইছে।

ঐতিহাসিক বাস্তৱতাক নির্মোহভাৱে কলাশিল্পত ফুটাই তোলাৰ সৃষ্টিমূলক সার্থক প্রয়াসৰ নিদৰ্শনৰূপে ‘লভিতা’ নাটকক অভিহিত কৰিব পাৰি। এই অর্থতে ‘লভিতা’ আধুনিক যুগৰ সর্বশ্রেষ্ঠ অসমীয়া নাটক।

পাঠক সকলে মনতে নিশ্চয় ভাবিছে যে ‘জ্যোতিপ্ৰসাদৰ গীতত জনতাৰ কথা বর্ণনা কৰিবলৈ এৰি লিখকে নাটক নাটক কৰি আছে৷’ ৰ’ব, পাঠকসকলৰ ধৈর্যচ্যুতি হোৱাৰ আগতে মূল কথালৈ ঘূৰি আহোঁ।

মহাযুদ্ধ আৰু ৪২ৰ গণবিপ্লৱৰ তল-ওপৰ হোৱা অসমীয়া সমাজৰ অৱস্থা। আৰু মহাৰণৰ ঠিক পিছতে ১৯৪৬ চনত অসমৰ প্ৰধান চহৰ সমূহ ভ্ৰমণ কৰা সুৰমা ভেলী কালচাৰেল স্কোৱাড’ৰ গীত, নৃত্য, নাটৰ নতুন বিষয়বস্তু আৰু নতুন শৈলীয়ে জ্যোতিপ্ৰসাদৰ শিল্পী মনত গভীৰ ৰেখাপাত কৰিছিল। নতুন পৰিবেশ আৰু নতুন ঘটনাৰ এই কালছোৱাতে তেওঁৰ শিল্পভাৱনা যুগান্তৰৰ, ৰূপান্তৰৰ সন্ধিনত উপনীত হৈছিল। এয়া আছিল তেওঁৰ জীৱন আদর্শ আৰু শিল্পচেতনাৰ ‘টার্নিং পইন্ট।

দেশে স্বাধীনতা পাবলৈ ওলোৱা সন্ধিক্ষণতে, ১৯৪৬-৪৭ চনত ‘জনতা জনার্দন, ‘দৰিদ্ৰ নাৰায়ণে’ই ধর্মীয় বিভেদ-বিভাজনৰ বিষবাষ্পত লঞ্চিত, নির্যাতিত হৈ নিকৰুণ মৰণ সাৱতি ল'ব লগা হ’ল। এনে ঘটনাই জ্যোতিপ্রসাদক ভাৰতে পাবলৈ ওলোৱা স্বাধীনতাৰ স্বৰূপ চিনিবলৈ সহজ কৰি দিলে৷ তেওঁৰ শিল্পীপ্রাণে বুজি পালে যে দেশৰ সম্পদ আৰু সোণসেৰীয়াসংস্কৃতিৰ আচল স্রষ্টা আৰু পালক-পোষক সাধাৰণ খাটিখোৱা ৰাইজ, - এই ৰাইজৰ ভাগত কোনোদিনেই সুখ নাই। সেয়েহে, আজীৱন স্বাধীনতা আৰু মুক্তিৰ সাধক, সৈনিকশিল্পী জ্যোতিপ্ৰসাদে পোণপতীয়াকৈ জনতাৰ পক্ষল’লে। সোমাই গ'ল জনজীৱনৰ বহল বুকুলৈ। তেওঁৰ এই ৰূপান্তৰক কবি হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ ভাষাৰে বৰ্ণাব পাৰি এনেকৈ ?

তুমিতো জানাই/এই কবিৰ মাথোঁ একেটি চোলা

তাৰো ছিগো ছিগো চিলাই/প্রেম হয়তো এনেকুৱাই

আৱৰণ খুলি হৃদয় জুৰায়।

পাঠকসকলে মনকৰিব ‘লভিতা’ৰ আগৰ নাটককেইখনত, সিবিলাকৰ গীতবোৰত ( গাঁৱৰ ৰাইজ, খেতিয়ক, হালোৱা, ৰণুৱা আৰু বণুৱাৰ কথা নাই। ‘লভিতা’ নাটকত প্রচলিত আর্থৰাজনৈতিক ব্যৱস্থাটোৰ লগত অসমৰ গাঁৱলীয়া ৰাইজৰ বিৰোধ আৰু সংঘাত তেওঁ স্পষ্ট ৰূপত দেখুৱাইছে। এই নাটকৰ গুটিদিয়ে গীত তাৰ মূৰ্ত্তমান কলাত্মক প্রকাশ। আৰম্ভণিতে দিয়া তেজীমলাৰ কৰুণ কাহিনী বিজড়িত লোকগীতটিয়ে গাঁৱলীয়া ৰাইজৰ চিৰনিপীড়ণ, চিৰবঞ্চনাৰ কৰুণ ইতিহাসলৈ আমাৰ মনাযোগো আকর্ষণ কৰিছেঃ

লুইতেদি যাৱ কৰে নাৱৰীয়া/ তই কৰে নাৱৰীয়া

ঐ মানুহে মানুহৰ মৰম নুবুজে তেজীমলাহে মই।

জনতাৰ প্রতিনিধিৰূপা লভিতাৰ জীৱন নাটৰ শেষৰাগিনী কল্যান খৰমানৰ পূর্বাভাসো যেন নিহিত হৈ আছে আৰম্ভনিৰ গীতটিতে। নাটৰ শেষত দিয়া

লুইতৰ আকাশত তৰাৰ তৰাৱলী।

পাৰত দীপাৱলী তেজৰে মোৰ – এই গীতটিৰ লগত আৰম্ভনিৰ গীতটিৰ মর্মবস্তুৰ সমধর্মিতাই গোটেই নাটকখনকে এক মহাকাব্যিক ঐশ্বর্য দান কৰিছে।।

কলাৰমাধ্যমেৰে পোনপতীয়াকৈ গাঁৱলীয়া খেতিয়ক ৰাইজৰ জুইসুৰীয়া,মৰণকো কেৰেপ নকৰা জীৱনচর্যাক ওপৰলৈ তুলি ধৰা কামটো জ্যোতিপ্ৰসাদে লভিতাৰ এই গীতটিৰেই কৰিছে।

অ’ আমাৰ গাঁও

আমাৰ গাঁৱৰ মান ৰাখি

মৰিবলৈ যাওঁ আমি

মৰিবলৈ যাওঁ।

---------

দেশৰ হকে মৰিব পৰা

আমাৰ গাঁৱৰ ডেকা ল'ৰা

ডেকেৰী নহয় পাছ পৰা

অ’ আমাৰ গাঁও।

----------

এই মাটি মোৰ অধিকাৰ

মোৰে ভাত মোৰে কাপোৰ।

মোৰে দেশ আজি মই

নিজে ৰখাওঁ

কালৰ মূৰ্ত্তিধৰি শতৰু মূৰত

আকাশৰ চৰগ পেলাওঁ।

পাঠক সকলক দোহাৰি ক'বই লাগিব যে চহৰ আৰু গাঁৱৰ খাটিখােৱা ৰাইজৰ জীৱনৰ সংঘাত, হাহাকাৰ আৰু চকুলােটোকা দুখৰ কাহিনীয়েই তেনেজীৱনৰ মূল কথা কেতিয়াও নহয়। একেমুখী চিন্তাৰে, এগুটীয়া বলেৰে ৰাইজে কালৰ মূৰ্ত্তিধৰি শতমূৰত আকাশৰ চৰগ পেলাব পৰা মনােবল ৰাইজক যােগাবলৈ হ'লে জনতাৰ শিল্পীয়ে ৰূপান্তৰমুখী সংগ্ৰামৰ কথাও ক'ব লাগিব। জ্যোতিপ্ৰসাদে ১৯৪৭ ৰ পৰা মৃত্যুক্ষণ পর্যন্ত নতুন উপলব্ধিৰে ৰূপান্তৰৰ সংগ্ৰামৰ কথাকে কৈ গ'ল।

‘আইদেউৰ জোনাকী বাট’ শীর্ষক ভাষণত তেওঁ কৈছেঃ

“মই শিল্পী হৈ সংঘাতৰ কথা কওঁ, বিপ্লৱৰ কথা কওঁ, সংগ্ৰামৰ কথা কওঁ। সপোন দেখি ছবি আঁকি থকা শিল্পীৰে আজি আমাৰ কাম নহয়, আজি নিজৰ তেজেৰে পুৱাৰ ৰঙা বেলিৰ ছবি আঁকিব পৰা শিল্পীহে আমাক লাগে।” (ৰচনাৱলী, পৃঃ ৫৪৭-৮)

এই পুৱাৰ ৰঙাবেলি হ’ল - সংস্কৃতি স্রষ্টা খাটিখোৱা ৰাইজৰ মুক্তিৰ আশাৰ বেলি; ৰাইজৰ মুক্তিসংগ্ৰামত অবিচল আস্থাৰ প্ৰতীক। প্রকৃত অর্থত তেওঁ নিজেই জানো নিজৰ তেজেৰে পুৱাৰ ৰঙাবেলিৰ ছবিকে আঁকি যোৱা নাই?

জনতাৰ স্বাৰ্থৰ লগত একাত্ম হৈয়ে তেওঁ শিল্পীৰ আলোক যাত্রা’শীর্ষক কবিতাত লিখিছেঃ “ব্যক্তিস্বার্থ জীৱনৰ লোহাৰ দুৱাৰ ভাঙি সমূহীয়া স্বার্থৰ মহান জীৱনলে মই ব্যাপি যাওঁ।”(ৰচনাৱলী পৃঃ ৬৮৪)

মনত ৰাখিবলগীয়া যে এই কবিতাটি ১৯৪৮ চনত ৰচিত। এই কবিতাটিয়ে তেওঁ ভাৰতীয় গণনাট্য সংঘৰ সম্পৰ্শলৈ আহি ১৯৪৭ চনৰ শিলচৰ অধিবেশনত গণনাট্য সংঘৰ অসম প্রাদেশিক সমিতিৰ সভাপতি নির্বাচিত হৈ কার্য নির্বাহ কৰিবলৈ লোৱাৰ পিচত তেওঁৰ মনত ওপজা সমাজবাদী আৰু জনবাদী চেতনাৰ মাভাস দিছে। ১৯৫০ চনত ৰচিত ‘নৱ বিপ্লৱী কবি জাগে’ নামৰ কবিতাটিৰ তলত দিয়া শাৰী কেইটাতো একে ভাৱৰ আভাস আছেঃ

লক্ষ বাতিৰে জ্বলা সভ্যতাৰ গছাৰ তলত

ছাঁ আন্ধাৰত যি প্ৰাণীয়ে তেল আৰু শলিতা যোগায়

এদিন’লে প্রদীপৰ পোহৰ নাপায়,  

গছাৰ তলৰ সেই শিল, ধূলি, বালিতেই।

জীৱনৰ বিননি বিনায়। (ৰচনাৱলী, পৃঃ ৬৮৮)।

সমূহীয়া স্বার্থৰ বাবে ব্যক্তিস্বার্থ বলিদানৰ শ্রেষ্ঠতম নিদর্শন তেওঁ ‘কনকলতা’ আৰু জয়মতীৰ আত্মাৰ উক্তি’ কবিতাৰ যোগেদি দাঙি ধৰিছে।।

জ্যোতি প্ৰসাদৰ গীতত জনতাৰ কথা ক’বলৈ এই লিখকে তেওঁৰ কবিতাৰ আলচ কৰি কালক্ষয় কৰাৰ কাৰণ হ’ল -১৯৪৩ চনৰ পৰা মৃত্যুলৈকে জ্যোতিপ্ৰসাদে ৰচনা কৰা নাটক, গীত, কবিতা আৰু আনকি অভিভাষণসমূহে জনগণৰ সমূহীয়া মুক্তি, কল্যাণ আৰু জ্ঞানময় বিকাশৰ উদ্দেশ্যেই ৰচিত হৈছিল। সেয়ে, তেওঁৰ সামগ্রিক মূল্যায়ণৰ বেলিকা কবিতাৰ কথাও সামৰি লোৱা হ'ল।

এইবাৰ আন কথা এৰি চিধাচিধি তেওঁৰ গীতত প্রকাশ পোৱা জনতাৰ কথাকে কওঁ। কওঁতে অৱশ্যে ১৯৪৩ৰপৰা তেওঁৰ জীৱনবোধ, শিল্পচেতনা আৰু কলাশৈলীৰ জনবাদী বিকাশৰ কথা মনত ৰাখিহে কম। কিয়নো, সেই দৃষ্টিকোণৰ পৰা তেওঁৰ কথা কোৱাটোৱেই এই নিৱন্ধৰ প্রধান উদ্দেশ্য।

কমিউনিষ্টে শ্রমিক বণুৱাৰ কথাকে বেচিকৈ কোৱাৰ বিপৰীতে জ্যোতিপ্রসাদে বেচিকৈ গাঁও আৰু খেতিয়কৰ কথা কৈছে। (সেইবাবে তেওঁ ওভোটা কমিউনিষ্ট আছিল বা কমিউনিষ্ট বিৰোধী গান্ধীবাদী আছিল – এনেকুৱা কোনো কথা চিদাংকৈ কোনেও যাতে ধৰি নলয়।) তেওঁ লিখিছেঃ

গাঁৱৰে সোণ অ’

গাঁৱৰে সোণ।

তয়ে হ’বি দেশৰে জিলিকা জোন

(গীতনং ৮৪)।

গৰুচৰোৱা গাঁৱলীয়া জীৱনযাত্ৰাৰ এক এৰাব নোৱাৰা লাগতিয়াল কাম‌। গাঁৱৰ গৰখীয়াৰ গীতৰ মোহিনীমায়াৰ কথা তেওঁ বৰ্ণাইছে এনেকৈ ঃ

চৰণীয়া পথাৰৰ গৰখীয়া গীত

দুৰনিবটীয়া হৰিলি চিত।

----- ----

গৰুযে গাঁৱৰে হিত  

দুখীয়া নিচলাৰ জীৱ লগা বিত।

(গীত নং ৬৬)

একেদৰেই তেওঁ ডিব্ৰুগড় চহৰৰ অনতিদূৰত থকা নৈপৰীয়া গাঁও এখনিলৈ বহুদিন যাওঁ যাওঁকৈ থাকি অৱশেষত গৈ সেই গাঁৱৰ গাভৰুৰ তাঁতশালত সপোন ৰচা শিল্পনিপুণতা দেখি চমকিত হৈ তেওঁ লিখিছেঃ

মাছমৰীয়া গাঁওখনিত

কোন ছোৱালী আছ?

বাঁহৰ আগৰ জিলিকনি

ন পোহৰৰ বিৰিঙনি

গনি পঢ়ি নদিনীয়া

তাতৰ পাতত

কিনো ফুল বাছ?

(গীতনং ৬৭)  

এনে মোহনীয়া ছবিৰ বিপৰীতে তেওঁৰ গাঁৱৰ বগী ধুনীয়া ছোৱালীও দাৰিদ্ৰৰ কৰাল চেপাত অতীষ্ঠ হৈভাগ্য দেৱতাৰ প্ৰতি বিক্ষুব্ধ হোৱা দুখৰ ছবি আঁকিছে এনেকৈঃ

গালমুখৰ হাড় ওলোৱা

কেবাদিনো জানো তই ভাত খোৱা নাই?

ঘৰত গৰু নাই

নীলাম কৰা তোৰ পথাৰত

লোকে হাল বায়

দেশচলোৱা, সমাজপতাত

আছে কিবা ভুল

সেইহে তই বজাই যাৱ

বিদ্রোহী কিকুল।

দুখীয়াক এনেকৈ শোষণ বঞ্চনা কৰা দুষ্কৃতিৰ বিৰুদ্ধে তেওঁ হুংকাৰ ছাৰি লিখিছেঃ

কোনে দুখীয়াৰ ভাতমুঠি কাঢ়ি

সোণৰ কাঁহীত খাৱ

কোনে দুখিতৰ চকু-টোপালেৰে

মুকুতাৰ মালা শিয় ?

(গীত নং ১০৪)

মেহনতী মানুহেই মানৱ সমাজৰ আৰু সংস্কৃতিৰ প্রকৃত স্রষ্টা। সেয়েহে, তেওঁলোকেই প্রথমে পাব লাগে শোষণৰ পৰা মুক্তি আৰু আত্মবিকাশৰ পূর্ণ স্বাধীনতা -এয়াই আছিল জ্যোতিপ্ৰসাদৰ একান্ত সৰল বিশ্বাস। সেই বিশ্বাসেৰেই তেওঁ লিখিছেঃ

কাৰখানাৰ বনুৱা 

নতুন দিনৰ ৰণুৱা নতুন মনৰ মনুৱা মই

জয় হাতুৰিৰ জয় জয় বটালিৰ জয়

কোৰ কটাৰিৰ জয়।

(গীত নং ১৩৪)

চাহবাগিছাৰ মালিক, মেনেজিং ডিৰেক্টৰ জ্যোতিপ্ৰসাদে চাহগছ আৰু চাহপাত তোলা কুলি ছোৱালীক লৈ লিখিছে অনুপম গীত ঃ

লানিকৈ ৰুলে ঐ গছৰ শাৰী

সেউজী গছতে সোণৰ গুটি

ভাটি দেশৰে কুলি ছোৱালী অ’

টুকুৰীত ভৰাবি কোমল পাতে

খৰকৈ বুলাবি অ’ তই

লাখো লাখ টকাৰে মোকে নাটে

(গীত নং ৩৪৫)

এয়া নিজৰ জীৱন বিড়ম্বনাৰ প্ৰতি তেওঁৰ ব্যঙ্গ-বিদ্রুপ।

কোনো ত্যাগলৈ কুণ্ঠাবোধ নকৰি আজীৱন দেশৰ মানুহৰ মুক্তি আৰু মঙ্গল বিচাৰি জ্যোতিপ্ৰসাদৰ সোণৰ সপোন স্বাধীনতা লাভৰ পিচৰ নিষ্ঠুৰ ভাৱে ভাঙি দিয়াত ম্রিয়মান কবি-গীতিকাৰ জনে টোকোনা বৰাগীৰ বেশ লৈ ঠায়ে ঠায়ে অন্তৰৰ দুখ বেকত কৰিছে। তাৰ নমুনা ঃ

দুখীয়াৰ চোতালেদি

পোহৰৰ বীণ বাই

বৰাগী কেঁৱৰটি যায়

হজুৱাৰ বণুৱাৰ

দুসাজি নিমিলাৰ বুকুত ন সপোন

জুইয়ে জ্বলাই

(গীত নং ৩২১)

বিচৰামতে দেশৰ পৰিবর্তন নহৈ নিবিচৰা ৰূপত হোৱাত শিল্পীজনাই হয়তো গভীৰ মনোবেদনা লৈ জীৱনৰ শেষ কালছোৱা কটাইছিল। তথাপি, তেওঁ লিখিছিলঃ

আজি জন জীৱনৰ সাৰ পোৱা আশাই

প্রকাশ বিচাৰে মোৰ ভাষায় ভাষায়

সেই আশা বিজুলী প্রবাহ

মই লিখা শৱদত বয়

সেইহে কবিতা হ’ল মোৰ অগ্নিময়।

(ডিব্ৰুগড় চৰকাৰী বালিকা বহুমুখী বিদ্যালয়ৰ মুখপত্রশাশ্বতীৰ ২০০৩ বর্ষ সংখ্যাত প্রকাশিত)

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিপ্ৰসাদৰ গীতত জনতাৰ কথা-(ফটিক বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *