জ্যোতিষ : এক অনুসন্ধান- (জিতেন বেজবৰুৱা)

বিশ্বখ্যাত ব্যংগ সাহিত্যিক জনাথন ছুইফট ব্যক্তিগত জীৱনতো ব্যংগৰ ওজা আছিল। সেই সময়ত ইংলেণ্ডত পেট্ৰিজ নামৰ এজন বিখ্যাত জ্যোতিষী আছিল; মানুহৰ ভৱিষ্যতবাণীৰ মাধ্যমেৰে তেওঁ হাজাৰজনৰ বিশ্বাসভাজন হৈ পৰিছিল। এবাৰ ছুইফটে ‘আইজাক বিকাৰষ্টাছ’ ছদ্মনামত ‘Bickerstass’ Almanac’ বুলি এখন অনাগত বৰ্ষৰ ভৱিষ্যতবাণী সন্নিৱিষ্ট পুস্তিকা লিখিলে। তাত তেওঁ ‘ভৱিষ্যতবাণী’ কৰিলে যে আহিবলগা মাৰ্চ মাহৰ ত্ৰিছ তাৰিখৰ দিনা পেট্ৰিজৰ মৃত্যু হ’ব, এই কথা তেওঁ বিভিন্ন গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ গণনা কৰি ইতিমধ্যেই জানিব পাৰিছে। স্বয়ং পেট্ৰিজৰ বিষয়ে এনে ভৱিষ্যতবাণী কৰাত গোটেইখন হুলস্থূল লাগি গ’ল। কিন্তু ঘোষিত সেই দিনটো পাৰ হৈ যোৱাৰ পাছত একত্ৰিছ মাৰ্চৰ দিনা সকলোৱে বাতৰিকাকতত সঁচাকৈয়ে দেখিবলৈ পালে যে হয়, পেট্ৰিজৰ মৃত্যু ঘটিছে; তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ সবিশেষ বা-বাতৰি কাকতখনত প্ৰকাশ পাইছে। তাৰ পিছদিনা কাকতখনত পেট্ৰিজৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা এটি এলিজিও প্ৰকাশ পালে। ইফালে পেট্ৰিজে অলপ দিনৰ ভিতৰতে আশ্চৰ্যজনকভাৱে তেওঁৰ গ্ৰাহক কমি যোৱাত বিবুদ্ধিত পৰিল। খা-খবৰ লৈ তেওঁ যেতিয়া কাকতত তেওঁৰ মৃত্যুৰ বাতৰি প্ৰকাশ হোৱা বুলি জানিব পাৰিলে, তেওঁ কাকতখনত দঢ়াই দঢ়াই লিখিলে যে তেওঁৰ মৃত্যু হোৱা নাই। কিন্তু তাৰ প্ৰত্যুত্তৰ লিখিলে ছুইফটে। তেওঁৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ বহুবোৰ হিচাপ-নিকাচেৰে প্ৰমাণ কৰি দেখুৱালে যে ইতিমধ্যেই পেট্ৰিজৰ মৃত্যু ঘটিছে, তেওঁ এতিয়াও জীয়াই থকাটো যিকোনো চৰ্ততে অসম্ভৱ। এতিয়া নিজকে পেট্ৰিজ বুলি দাবী কৰাজন আন কোনোবা লোকহে, যি পেট্ৰিজৰ নামত মানুহক ঠগিব খুজিছে!

আমাৰ সৰহভাগ লোকেই পুৱাই বাতৰিকাকতখন মেলিয়েই ৰাশিফলত চকু ফুৰায় দিনটোৰ শুভাশুভ জানিবৰ বাবে। সৰহভাগ দৈনিক কাকততে দিনটোৰ বাবে ৰাশিফল প্ৰকাশ কৰাৰ লগতে সাপ্তাহিকসমূহত সপ্তাহটোৰ বাবে, মাহেকীয়া আলোচনী কিছুমানত মাহটোৰ বাবে, আনহাতে বছৰটোৰ আৰম্ভণিত প্ৰায়বোৰ কাকত-আলোচনীতে বছৰটোৰ বাবে ৰাশিফল প্ৰকাশ পায়। তদুপৰি ভালেমান টিভি চেনেলত দিনটোৰ ৰাশিফলৰ লগতে যিকোনো লোকৰে ভৱিষ্যতৰ বিষয়ে বিতংকৈ জানিবৰ বাবে আৰু সম্ভাব্য দুৰ্যোগসমূহৰ প্ৰতিৰোধৰ বাবে জ্যোতিষীয় সমাধানৰ উপায় লাভ কৰাৰ বাবে পোনপটীয়া ব্যৱস্থা আছে। চহৰ-নগৰৰ অলিয়ে-গলিয়ে ডিঙিত ৰুদ্ৰাক্ষৰ মালা পিন্ধি গছৰ ছাঁত বহি থকাৰপৰা কম্পিউটাৰৰ সন্মুখত বহি থকালৈকে বিভিন্ন জাতৰ আৰু স্তৰৰ জ্যোতিষীয়ে গিজগিজাই আছে, যিসকলে মানুহৰ ভৱিষ্যত কোৱাৰ লগতে যিকোনো হ’বলগীয়া দুৰ্যোগৰে প্ৰতিৰোধৰ বিধানো সহজে দিব পাৰে। ভৱিষ্যতক জনাৰ আৰু সম্ভাব্য দুৰ্যোগক প্ৰতিৰোধ কৰাৰ ইমান সহজ আৰু সুলভ ব্যৱস্থা দেখি আমাৰ সমাজৰ কোনো মানুহৰে কোনো আপদ-বিপদ নহ’ব যেন লাগে। অৱশ্যে আমাৰ কুতৰ্কী মানুহে জ্যোতিষৰ ভৱিষ্যতবাণীবোৰ চকু মুদি বিশ্বাস কৰিব নোৱৰাৰ বাবেই নেকি, জ্যোতিষৰ তেনে মাহাত্ম্য দেখা নাপাওঁচোন, সকলো মানুহকে দেখোন হাজাৰটা বিলাই-বিপত্তি-সমস্যাত পৰি থকা যেনেই অনুভৱ হয়।

সি যি নহওক, ৰাশিফলৰ সত্যতা সম্পৰ্কে সৰু অনুসন্ধান এটা চলাব পাৰি। ৰাশিৰ সংখ্যা হ’ল বাৰটা। ২০০১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা হ’ল ২,৬৬,৫৫,৫২৮জন। এই জনসংখ্যাৰ কিমান মানুহ কোনটো ৰাশিৰ হ’ব সেয়া তেওঁলোকৰ নামৰ প্ৰথম আখৰ অনুসৰি বা জন্মৰ তাৰিখ অনুসৰিহে ঠিক হ’ব। তথাপি উক্ত জনসংখ্যাক বাৰটা ভাগ কৰি আমি ধৰি ল’লো যে প্ৰতিভাগত ২২,২১,২৯৪জনকৈ লোক অন্তৰ্ভুক্ত হৈছে। সঠিক হওক বা নহওক, এই সংখ্যাই আমাক উদ্দেশ্যত সহায় কৰিব পাৰিব নিশ্চয়। এটা ভাগত অন্তৰ্ভুক্ত সমূহ লোকৰ জীৱন গ্ৰহ-নক্ষত্ৰৰ একে অৱস্থানৰ পৰিপ্ৰেক্ষিতত একেধৰণে পৰিচালিত হ’ব লাগে। তেন্তে অসমৰ সমূহ জনগণৰ জীৱন কেৱল বাৰটা নিৰ্ধাৰিত ধৰণেৰেহে পৰিচালিত হ’ব নেকি? ৰাশি-নিৰ্ধাৰিত বাৰটা ধৰণৰ বাহিৰে আন কোনোধৰণে জীৱন পৰিচালিত হোৱা বা ৰাশি-ঘোষিত পূৰ্বনিৰ্দিষ্ট কাৰ্যকলাপৰ বাদে কোনো আন কাৰ্য সম্পাদিত হোৱা আমি অসমত দেখিবই নালাগিছিল। কিন্তু বাস্তৱটো তেনেকুৱানে?

এতিয়া এখন বাতৰিকাকতৰ যিকোনো এটা ৰাশিৰ ৰাশিফল (১৭ এপ্ৰিল) চোৱা যাওক।

কন্যাঃ পৰিয়ালত বুজাবুজি থাকিব। মানসিক শান্তি। শুভ ৰং নীলা। শুভ সংবাদ প্ৰাপ্তি। বস্ত্ৰ-দ্ৰব্যাদি লাভ হ’ব পাৰে। পেটৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। বিদ্যাত সুনাম। শুভ সংখ্যা ছয়।

আমি ধৰি লোৱা মতে এই ভৱিষ্যতবাণী ২২,২১,২৯৪জন লোকক লৈ কৰা হৈছে। এইসকলৰ মাজত শিশুৰপৰা বৃদ্ধলৈকে সকলো বয়সৰ পুৰুষ আৰু মহিলা সোমাই আছে। এই সকলো লোকৰ বিষয়ে ইমান সাধাৰণভাৱে আৰু সৰলীকৃত ৰূপত ভৱিষ্যতবাণী কৰিব পাৰিনে? ‘পৰিয়ালত বুজাবুজি থাকিব’ কথাটোৱে সকলোকে সামৰি ল’ব পাৰেনে? শিশু, মধ্যবয়সীয়া পুৰুষ-মহিলা, বৃদ্ধ-বৃদ্ধা সকলোৰে বাবে এই কথাষাৰ প্ৰযোজ্য হ’বনে? বা হ’লে সকলোৰে ক্ষেত্ৰত একেই অৰ্থ বহন কৰিবনে? মাক-দেউতাকে ভিতৰি ভিতৰি বহুত দ্বন্দ্ব-খৰিয়াল লাগিলেও শিশুটোৰপৰা লুকুৱাই ৰাখিব আৰু কন্যা ৰাশিৰ শিশুটোৱে ভাবিব যে ‘পৰিয়ালত বুজাবুজি’ আছে। (যদিহে শিশুটোৱে কিবাকৈ পৰিয়ালত বুজাবুজি থকা-নথকাৰ বিষয়ে চিন্তা কৰিব পাৰে, তেতিয়াহে এনে হ’ব। নহ’লেতো একে আষাৰেই ক’ব পাৰি, কথাষাৰ শিশুটোৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়।) একে ৰাশিৰ ভিতৰুৱা এজন ভিক্ষাৰীৰ বাবে বা এজন বিকাৰগ্ৰস্ত লোকৰ বাবে ‘পৰিয়ালত বুজাবুজি থাকিব’ কথাষাৰ কিদৰে প্ৰযোজ্য হ’ব? যদি সকলোৰে বাবে প্ৰযোজ্য নহয় আৰু প্ৰযোজ্য হ’লেও বেলেগ বেলেগ পৰিমাণেহে হয়, কাৰ ক্ষেত্ৰত কেনেকৈ প্ৰযোজ্য সেই কথা স্পষ্টকৈ উল্লেখ নকৰিলে আমি কিদৰে বুজি পাম? নে একেটা ৰাশিৰে অন্তৰ্ভুক্ত বিভিন্ন স্তৰ আৰু ধৰণৰ সমূহ লোকৰ মাজৰ কিছুমানক ৰাখি আন কিছুমানক (ধৰক, শিশু, ভিক্ষাৰী, বিকাৰগ্ৰস্ত আদি) বিবেচনাৰপৰা বাহিৰ কৰি বৈষম্যৰ পৰিচয় দিম? আমি ভাবো, বাস্তৱ সমাজখনত নহ’লেও অন্ততঃ ‘ৰাশিধাৰী’ হিচাপে দৈৱদৃষ্টিত সকলোৱে সমান মৰ্যাদা পাব লাগে। দ্বিতীয়তে, লিখা হৈছে যে পৰিয়ালত বুজাবুজি ‘থাকিব’। ‘থাকিব’ শব্দৰপৰা বুজিব পাৰি যে উক্ত দিনটোৰ পূৰ্বৰেপৰাই ‘বুজাবুজি’ ‘আছে’, থাকিব বুলি কোৱা ‘বুজাবুজি’খিনি এই দিনটোত নতুনকৈ সৃষ্টি হোৱা নাই। কালি দিনটোত যদি আমাৰ পৰিয়ালত বুজাবুজি আছিল, তেন্তে হঠাতে কিবা এটা অঘটন নঘটিলে আজিৰ দিনটোতো সেয়া অটুট থাকিব বুলি মোক বাহিৰৰ কোনোবাই কৈ দিব লাগিছেনে? কালি গধূলি যদি পৰিয়ালৰ মাজৰ দ্বন্দ্ব-কাজিয়া হৈছিল তেন্তে আজি যে ভাল পৰিবেশ বিৰাজ নকৰিব, সেয়া ফুকলীয়া ল’ৰা এটায়ো ক’ব পাৰিব। ২২,২১,২৯৪জন লোকৰ ভিতৰত একাংশ লোকৰ পৰিয়ালত বুজাবুজিৰ পৰিবেশ বিৰাজ কৰিব বুলি নিশ্চয় কম কাণ্ডজ্ঞানেৰেই কৈ দিব পাৰি। যিসমূহ পৰিয়ালত বুজাবুজি থাকিব সেইসমূহৰ সকলোবোৰ সদস্যই কন্যা ৰাশিৰ নেকি? সেইসমূহত নিশ্চয় কন্যাৰ উপৰি আন বিভিন্ন ৰাশিৰ লোকো আছে। এতিয়া প্ৰশ্ন হ’ল, গ্ৰহ-নক্ষত্ৰৰদ্বাৰা নিৰ্ধাৰিত কন্যা ৰাশিয়ে লাভ কৰিবলগা এই ‘বিশেষ সুবিধা’, মানে ‘পৰিয়ালত বুজাবুজি’খিনি আন ৰাশিৰ লোকে ওপৰতে (মানে ফ্ৰি-তে) কিয় লাভ কৰিব? সমাজৰ সকলো পৰিয়ালতেই মাজে-সময়ে খুটখাট থাকেই। পৰিয়ালটোৰ আৰ্থ-সামাজিক অৱস্থান, সদস্যসকলৰ ব্যক্তিত্বৰ চৰিত্ৰ অনুযায়ী ইয়াৰে বহুতো পৰিয়ালত দ্বন্দ্ব-সংঘাত বেছি। এনে ভালেমান দ্বন্দ্ব-সংঘাতে গভীৰ আৰু উৎকট ৰূপ ধাৰণ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে, সংবাদপত্ৰৰ পৃষ্ঠা দখল কৰে। আন সকলোদিনাৰ দৰেই এই দিনটোতো বহু পৰিয়ালত দ্বন্দ্ব-সংঘাত হৈছেই। (পিছদিনাৰ বাতৰিকাকত মেলি চালেই প্ৰমাণ পোৱা যাব।) আমি কেনেকৈ ক’ব পাৰিম যে দ্বন্দ্ব-সংঘাত হোৱা এই পৰিয়ালসমূহত কন্যা ৰাশিৰ লোক নাই বুলি?

আন এটা কথা হ’ল ‘মানসিক শান্তি’ : আমি সৰহভাগ মানুহেই সৰু-বৰ বিভিন্ন অশান্তিৰ মাজেৰেই দিন পাৰ কৰো, তথাপি তাৰ মাজতেই কেতিয়াবা প্ৰশান্তিৰ মুহূৰ্তও দেখা দিয়েহি। এই বিশেষ দিনটোতো এই কথা প্ৰযোজ্য। আজি বিভিন্ন কাৰণত অশান্ত হৈ থকা সকলো লোকেই অ-কন্যা ৰাশিৰনে? বা, শান্তি অনুভৱ কৰা সকলো লোকেই কন্যা ৰাশিৰনে? কথা হ’ল, মানসিক শান্তি কোনো বিচ্ছিন্ন, এদিনীয়া অৱস্থা নহয়। আজিৰ মানসিক শান্তিৰ লগত কালিৰ দিনটোৰ এৰাব নোৱৰা সম্পৰ্ক আছে, ব্যক্তিৰ মানসিক গঠনৰ ওপৰতো ই বহু পৰিমাণে নিৰ্ভৰ কৰে। কালি অনুভৱ কৰি থকা অশান্তি নিৰাময় হোৱাকৈ কিবা ঘটনা কালিৰ দিনটোতে ঘটিলে আজিৰ দিনটোত শান্তি অনুভৱ কৰিব পাৰিম। একেদৰে কাইলৈ দিনটোৰ মানসিক শান্তি-অশান্তিও আজিৰ দিনটোৰ ওপৰত সমানে নিৰ্ভৰশীল। ইয়াৰ মাজতো, আমাৰ মনৰ ভিতৰত সকলো ঠিকে থকা সত্ত্বেও প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হ’লে মানসিক অশান্তি হ’ব পাৰে, অতীতৰ কিবা দুখজনক ঘটনাৰ স্মৃতি মনলৈ আহিলেও মানসিক অশান্তি হ’ব পাৰে। গতিকে সংশ্লিষ্ট ব্যক্তিজনৰ জীৱনত প্ৰবেশ নকৰাকৈ আগ-গুৰি নোহোৱাকৈ হঠাতে ‘আজি আপোনাৰ মানসিক শান্তি বিৰাজ কৰিব’ বুলি কেনেকৈ ক’ব পাৰি? যদি বিৰাজ কৰিব বুলি কিবাকৈ নিশ্চিত হ’ব পাৰিও, তেন্তে কি কি কাৰকৰ বাবে শান্তি বিৰাজ কৰিব সেই কাৰকবোৰ উল্লেখ কৰাহে গুৰুত্বপূৰ্ণ, কাৰণ সেই কাৰকবোৰ বা তেনে কাৰকৰ উপস্থিতি থাকিলে মানুহৰ মানসিক অৱস্থা স্বয়ংক্ৰিয়ভাৱে শান্তিপূৰ্ণ বা অশান্তিপূৰ্ণ হৈ উঠিব। আৰু সংশ্লিষ্ট ব্যক্তিজনৰ জীৱনত প্ৰবেশ কৰি যিজনে সেই কাৰকসমূহ বিচাৰি উলিয়াবলৈ সক্ষম হ’ব তেওঁ কোনো গ্ৰহ-নক্ষত্ৰৰ সহায় অবিহনেই ব্যক্তিজনৰ মানসিক অৱস্থাৰ বিষয়ে জ্যোতিষে কৰাতকৈ বহুত স্পষ্টভাৱে ভৱিষ্যতবাণী কৰিব পাৰিব।

‘শুভ ৰং নীলা’ : এই দিনটোত বাইক লৈ ওলাই যোৱা ডেকাজনে যদি নীলা ছাৰ্ট পিন্ধি যায় বা বাইকখনেই যদি নীলা ৰঙৰ হয়, তেন্তে হয়তো হেলমেট নিপিন্ধিলেও হ’ব। একেদৰে ‘শুভ সংখ্যা ছয়’ : মই ছয়মাইলত থাকো। মোৰ যদি কন্যা ৰাশি হ’লহেঁতেন, তেন্তে মই সেই বিশেষ দিনটোত আন ক’লৈকো নগৈ ‘ছয়’মাইলতে থাকিলোহেঁতেন কিবা শুভ ঘটনা ঘটাৰ আশাৰে! কিন্তু দুৰ্ভাগ্যজনকভাৱে মোৰ ৰাশি বৃশ্চিক। তথাপি বৃশ্চিক ৰাশিৰো নিশ্চয় কোনোবা এদিন শুভ সংখ্যা ছয় হ’ব, এই আশাৰে বাট চাই আছো।

‘পেটৰ ৰোগত আক্ৰান্ত হ’ব পাৰে।’ মেডিকেল আৰু হাস্পতাললৈ গৈ এই বিশেষ দিনটোত ডাক্তৰক দেখুৱাবলৈ অহা পেটৰ ৰোগীসকলৰ মাজত অনুসন্ধান চলাই চাব পাৰি, কিমানসংখ্যক কন্যা ৰাশিৰ আৰু কিমানসংখ্যক আন ৰাশিৰ। গ্ৰহ-নক্ষত্ৰৰ বিধান মতে বিশেষভাৱে কন্যা ৰাশিৰ লোকসকলে ভুগিবলগা ৰোগটোত আন ৰাশিৰ লোকেও ভুগিলে সেয়া দেখদেখকৈ গ্ৰহ-নক্ষত্ৰবিলাকৰ মাজৰ কিবা আভ্যন্তৰীণ খেলিমেলি বুলি প্ৰমাণিত হ’ব। সেয়া ইটো গ্ৰহ আৰু সিটো গ্ৰহৰ মাজৰ অৰিয়াঅৰিৰ বাবেও হ’ব পাৰে। তদুপৰি কন্যা ৰাশিৰ লোকৰ যদি পেটৰ ৰোগ-ভিন্ন আন ৰোগ হয় তেতিয়াও সমতা ৰক্ষা নপৰিব। আৰু এটা কথা, ৰাশিফলত প্ৰায়েই ‘অমুকৰপৰা বা অমুকৰপৰা সতৰ্ক হৈ থাকক’-ধৰণৰ সাৱধানবাণী পোৱা যায়। আজি যদি পেটৰ ৰোগ হ’ব তেন্তে কালিৰ ৰাশিফলত কিয় লিখা নাছিল ‘কাইলৈ আপোনাৰ পেটৰ ৰোগ, গতিকে আজি পেটৰ ৰোগ সৃষ্টি কৰিব পৰা কোনোধৰণৰ খাদ্য গ্ৰহণ নকৰিব’ বুলি??

ওপৰৰ বিশ্লেষণৰ মাধ্যমেৰে আমি বুজাব খোজা কথা এয়ে যে বাস্তৱৰ লগত সম্পৰ্ক নথকা কিছুমান কাল্পনিক ভাগত অন্তৰ্ভুক্ত কৰি অগণন মানুহৰ বিষয়ে এনেদৰে সাধাৰণভাৱে ভৱিষ্যতবাণী কৰাটো অসম্ভৱ। গধূলিবেলিকা দিনটোৰ কাকতখনৰ ৰাশিফল চকুৰ আগত দাঙি ধৰি কোনোবা জ্যোতিষবিশ্বাসীয়ে যদি ক’ব পাৰে, ‘তই ৰাশিফল বিশ্বাস নকৰহে, এতিয়া চা, দিনটোৰ ৰাশিফল কেনেকৈ তোৰ ক্ষেত্ৰত আখৰে আখৰে ফলিয়াই গ’ল’, তেন্তে আমাৰ নিচিনা কুতৰ্কীৰ মুখ একেকোবে বন্ধ হ’ব। (সকলোকে কওঁ, ৰাশিফল ৰাতিপুৱা নহয়, গধূলি চোৱা উচিত।) জ্যোতিষে অলেখজনৰ বিষয়েহে অতি সাধাৰণ আৰু অস্পষ্ট ভৱিষ্যতবাণী কৰিব পাৰে, ই কাৰো বিষয়ে স্পষ্টকৈ আৰু নিশ্চিতকৈ একোকে ভৱিষ্যতবাণী কৰিব নোৱাৰে।

এতিয়া আমি চকু ফুৰাওঁ সেই একেদিনাই (১৭ এপ্ৰিল) আন বিভিন্ন কাকতত প্ৰকাশ পোৱা কন্যা ৰাশিৰ ৰাশিফলত। কাকতসমূহৰ নামোল্লেখ নকৰি সংখ্যাৰে চিহ্নিত কৰা যাওক।

১ নং কাকতঃ কৰ্মত বাধা। দূৰ ভ্ৰমণৰ যোগ। বিবাহপ্ৰাৰ্থীৰ বিবাহৰ যোগ।

২ নং কাকতঃ কৰ্মক্ষেত্ৰৰ সাফল্যই মনোবল বৃদ্ধি কৰিব। আৰ্থিক সফলতা লাভৰ যোগ পৰিলক্ষিত হয়। পাৰিবাৰিক শান্তি বিঘ্নিত নহয়।

৩ নং কাকতঃ কৰ্মত অগ্ৰগতি কৰিব। কিন্তু আপোনাক কিছুমান পাৰিবাৰিক বা বাহিৰা বাধাই আমনি কৰিব। আৰ্থিকত কিছু উন্নতি কৰিব। প্ৰতিশ্ৰুতি পৰাখিনি ৰখাৰ চেষ্টা কৰা ভাল। বিদ্যাত ভালেই।

৪ নং কাকতঃ আস্থা থকাটো পূৰ্ণভাৱে ধৰ্মত মন দিয়াটো টান। (?) মনৰ শান্তি ঘূৰাই অনাৰ চেষ্টা অৱশ্যেই থাকিব। শৰীৰ মধ্যম। আৰ্থিক আয়-ব্যয় সমান। অৱশ্যে সাধাৰণ ধাৰ-সুত হ’ব।

৫ নং কাকতঃ ভাগ্য অনুকূলে থাকিব। গৃহত প্ৰিয় লোকৰ আগমন ঘটিব। আমোদ-প্ৰমোদ বৃদ্ধি হ’ব। আধ্যাত্মিক কাৰ্যত সফলতা লাভ কৰাৰ সম্ভাৱনা। ভ্ৰমণৰ যোগ।

ইয়াৰ লগতে ইতিমধ্যে আলোচিত কাকতখনো যোগ কৰি দিয়া যাওক।

৬ নং কাকতঃ পৰিয়ালত বুজাবুজি থাকিব। মানসিক শান্তি। শুভ ৰং নীলা। শুভ সংবাদপ্ৰাপ্তি। দ্ৰব্য-বস্ত্ৰাদি লাভ হ’ব পাৰে। পেটৰ ৰোগত আক্ৰান্ত হ’ব পাৰে। বিদ্যাত সুনাম। শুভ সংখ্যা ছয়।

এই তালিকাখন চাই ন্যূনতম কাণ্ডজ্ঞান ব্যৱহাৰ কৰিয়েই জ্যোতিষৰ ফাঁকি স্পষ্টকৈ বুজিব পাৰি। কন্যা ৰাশিৰ লোক এজনে ‘দিনটোৰ ভৱিষ্যতটো আৰু অলপ বেছিকৈ জানি লওঁ’ বুলি গোটেইকেইখন কাকত চাবলৈ হ’লে তেওঁ কোনখনক বিশ্বাস কৰিব? গ্ৰহ-নক্ষত্ৰই যদি মানুহৰ জীৱন সঁচাকৈয়ে নিৰ্ধাৰিত কৰি দিছে, তেনেহ’লে সকলোৱে গণনা কৰি একেটাকে পাব লাগে। কিন্তু ইখন কাকতৰ লগত সিখনৰ ইমান অমিল কিয়? এতিয়া আচল প্ৰশ্ন এইটোহে হ’লগৈ, গ্ৰহ-নক্ষত্ৰবিলাকে কোনখন কাকতৰ মতে কাম কৰে? কোনটো কাকতগোষ্ঠীৰ লগত ‘তেওঁলোক’ৰ ঘনিষ্ঠতা বেছি? ১ নং কাকতত আছে ‘কৰ্মত বাধা’, ২ নং কাকতত আছে ‘কৰ্মক্ষেত্ৰত সাফল্যই মনোবল বৃদ্ধি কৰিব’, ৩ নং কাকতত আছে ‘কৰ্মত অগ্ৰগতি কৰিব’: কোনটো সত্য? নে গণতান্ত্ৰিক পদ্ধতিৰে অধিক কাকতত কোৱাটোকে সত্য বুলি গণ্য কৰিম? ৬ নং কাকতত আছে ‘পৰিয়ালত বুজাবুজি থাকিব’, ৩ নং কাকতত আছে ‘কিছুমান পাৰিবাৰিক বা বাহিৰা বাধাই আমনি কৰিব’, ইত্যাদি ইত্যাদি।

আচল কথা হ’ল, জ্যোতিষে মানুহৰ দৈনন্দিন জীৱনৰ সাধাৰণ ঘটনা কিছুমানৰ কথাকে অদল-বদল কৰি ভৱিষ্যতবাণীৰূপে প্ৰকাশ কৰি থাকে। ছয়োখন কাকতৰ ৰাশিফলৰ তুলনাই তাকে প্ৰমাণ কৰে। এইবোৰ ভৱিষ্যতবাণী কৰিবলৈকে জ্যোতিষে গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰ বহুতো হিচাপ-নিকাচ কৰিবলগা হয়। কিন্তু একো গণনা নকৰাকৈয়ে, জ্যোতিষৰ অ-আ-ক-খ নজনা মানুহেও এনে ভৱিষ্যতবাণী অনায়াসে কৰিব পাৰে। মই যদি এশজন মানুহক কওঁ, ‘কাইলৈ আপোনাৰ জ্বৰ হ’ব’, তাৰে দহজনৰ ক্ষেত্ৰত সেয়া ফলিয়ালে আচৰিত হ’বলগীয়া একো নাই, কাৰণ এয়া দৈনন্দিন জীৱনৰ সাধাৰণ পৰিস্থিতি এটা। একেটা কাৰণতে জ্যোতিষৰ ভৱিষ্যতবাণীও ভালেমান লোকৰ ক্ষেত্ৰত মিলি যায়। ইয়াৰ অৰ্থ হ’ল, বাকী সৰহসংখ্যক লোকৰ ক্ষেত্ৰতে নিমিলে। কিন্তু সৰহসংখ্যকৰ ক্ষেত্ৰত জ্যোতিষৰ ভৱিষ্যতবাণী নফলিওৱাটোৱে নিশ্ছিদ্ৰ অন্ধবিশ্বাসী লোকৰ মনত জ্যোতিষৰ প্ৰতি কোনো সন্দেহৰ উন্মেষ নঘটায়, গণনাৰ ভুল বুলি বা আন কিবা কাৰণত তেওঁলোকে জ্যোতিষৰ এই বিফলতাৰ প্ৰতি চকু মুদি ইয়াৰ নগণ্য ‘সাফল্য’কে জ্যোতিষৰ অভ্ৰান্ততা বুলি অন্তঃকৰণে বিশ্বাস কৰে আৰু বহলভাৱে প্ৰচাৰ কৰে। ‘কাইলৈ আবেলি তিনি বজাত গণেশগুৰিত আপোনাক পিছফালৰপৰা গাড়ীয়ে খুন্দিয়াই বাঁওভৰিত আঘাতপ্ৰাপ্ত কৰিব।’ -এনেকুৱা ভৱিষ্যতবাণী জ্যোতিষ নজনা ময়ো কৰিব নোৱাৰো আৰু জ্যোতিষেও কৰিব নোৱাৰে, যদিহে ময়েই গাড়ী এখন চলাই নি আপোনাক খুন্দিওৱাৰ আঁচনি কৰি নথওঁ বা আনে কৰি থোৱা তেনে আঁচনিৰ বিষয়ে মই আগতীয়াকৈ জানিব নোৱাৰো। দৈনন্দিন জীৱনৰ শাক-ভাত খোৱা, জ্বৰ-কাহ হোৱা ঘটনাবোৰতো ঘটিয়েই থাকে, এইবোৰত আমাৰ কোনো ভৱিষ্যতবাণীৰ দৰকাৰ নাই। আমাক অগতানুগতিক ডাঙৰ ঘটনা বা দুৰ্ঘটনাবোৰৰহে ভৱিষ্যতবাণী লাগে। (ভাল লগা ঘটনাবোৰ যিমানেই অনাকাংক্ষিতভাৱে ঘটে সিমানেই বেছি ভাল লগা হয়।) আৰু লাগিলে পূৰা স্পষ্টভাৱে লাগে যাতে সিবোৰক বাধা দিব পাৰি। কিন্তু জ্যোতিষৰ কথাবোৰ ধুঁৱলি-কুঁৱলি আৰু বিমূৰ্ত। জ্যোতিষে যে স্পষ্টভাৱে একো ক’ব নোৱাৰে এই ব্যৰ্থতা ঢাকিবৰ বাবেই অস্পষ্টতা আৰু বিমূৰ্ততাৰ আৱৰণৰ আশ্ৰয় লয়। বছৰৰ আৰম্ভণিতে অসমৰ ডাঙৰ ডাঙৰ জ্যোতিষীসকলে অসমখনৰ বিষয়ে ভৱিষ্যতবাণী কৰে বৰ হাস্যকৰ ৰূপতঃ ‘শনিৰ প্ৰভাৱত বছৰটোৰ শেষৰফালে সন্ত্ৰাসবাদ, ৰাজনৈতিক অস্থিৰতা আদিয়ে ৰাজ্যবাসীক জুৰুলা কৰিব’, ‘প্ৰাকৃতিক দুৰ্যোগে ধন-জনৰ ক্ষতি কৰিব’ আদি। চৌপাশৰ খা-খবৰ ৰখা যিকোনো কাণ্ডজ্ঞান থকা লোকেই এইকেইটা কথা ক’ব পাৰিব। সন্ত্ৰাসবাদ-ৰাজনৈতিক অস্থিৰতাই জুৰুলা কৰা, প্ৰাকৃতিক দুৰ্যোগে জনসাধাৰণক বিপৰ্যস্ত কৰা, এইবোৰ কথা অসমৰ ক্ষেত্ৰত কোনোবা হাইপ্ৰফাইল জ্যোতিষীয়ে ‘ভৱিষ্যতবাণী’ কৰিব লাগিছে নেকি?

এতিয়া জ্যোতিষৰ গ্ৰহ-নক্ষত্ৰৰ তালিকাখনত চকু ফুৰাব পাৰি। ইয়াত শনি, বুধ, শুক্ৰ আদিৰ লগতে চন্দ্ৰ, সূৰ্য, ৰাহু, কেতুকো অন্তৰ্ভুক্ত কৰা হৈছে। চন্দ্ৰ এটা উপগ্ৰহ, সূৰ্য এটা নক্ষত্ৰ – এই দুয়োটাকে কেনেকৈ একে শাৰীতে থ’ব পাৰি? ধৰি লৈছো যে গ্ৰহ-নক্ষত্ৰৰ চৰকাৰখন সৌৰজগতক লৈয়েই গঠিত। চন্দ্ৰক যদি অন্তৰ্ভুক্ত কৰা হ’ল, বাকী গ্ৰহবিলাকৰ উপগ্ৰহবিলাককনো কিয় বাদ দিয়া হ’ল? সৰ্বাধিকসংখ্যক উপগ্ৰহ থকা বৃহস্পতিয়ে বাৰু অন্ততঃ আপত্তি কৰিব নালাগেনে? ইফালে ইউৰেনাছ, নেপছুন আদিক কিয় বাদ দিয়া হ’ল? ৰাহু আৰু কেতু বুলি দুটা বস্তুৰ ভূমিকা জ্যোতিষত গুৰুত্বপূৰ্ণ। কিন্তু সেইদুটাৰ কোনো বাস্তৱ অস্তিত্ব নাই। অসম বা ভাৰতত হোৱাৰ দৰে ইউৰেনাছ-নেপছুনেও অস্তিত্বহীন ৰাহু-কেতুক অন্তৰ্ভুক্ত কৰি ‘তেওঁলোক’ক বঞ্চিত কৰা ঈশ্বৰ (?)ৰ বৈষম্যমূলক নীতিৰ বিৰুদ্ধে ‘আপোচবিহীন’ আন্দোলন গঢ়ি তুলিব নালাগেনে?

জ্যোতিষৰ মতে এই গ্ৰহ-নক্ষত্ৰবোৰ মানুহৰ দৰে মগজুসম্পন্ন চেতন সত্তা যি পৃথিৱীৰ মানুহৰ আপদ-বিপদ, বিয়া-বাৰুক লৈ ব্যস্ত হৈ থাকে। কিন্তু বিজ্ঞানৰ দৃষ্টিত এইবোৰ জড় পদাৰ্থপিণ্ড। বিজ্ঞানৰ নিয়মানুযায়ী সেইবাবে এইবোৰে ঈৰ্ষাকাতৰ মানুহৰ দৰে কাৰোবাৰ বিয়াখন ভাঙি দিয়া, কাৰোবাৰ দুৰ্ঘটনা ঘটাই দিয়াৰ নিচিনা কাম কৰিব পৰাৰ কল্পনা কৰাটোৱেই অবান্তৰ। যাৰ চেতনাই নাই সি কাৰোবাৰ উপকাৰ-অপকাৰ কৰাৰ ‘চিন্তা’ কৰিব পাৰিব কেনেকৈ? পৃথিৱীৰ ওপৰত এইবোৰ গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ নিশ্চয় আছে, যেনে, চন্দ্ৰৰ প্ৰভাৱতে সাগৰত জোৱাৰ-ভাটা হয়। কিন্তু সেয়া জ্যোতিষীয় প্ৰভাৱৰপৰা সম্পূৰ্ণ পৃথক কথা। যিটো সূৰ্যৰ বাবেই পৃথিৱীত জীৱনৰ সৃষ্টি হৈ আজি আমি পোৱা বিশাল মানৱ সভ্যতাৰ সৃষ্টি হোৱা সম্ভৱ হ’ল, সেই সূৰ্যই আপোনাৰ-মোৰ দৈনন্দিন জীৱনটোও চোৱা-চিতা কৰি দিব লাগিব নেকি? বিজ্ঞানৰ সকলো জ্ঞান জলাঞ্জলি দি আমি ভাবি ল’লো যে গ্ৰহ-নক্ষত্ৰবোৰে বিশেষ বিশেষ ব্যক্তিৰ ওপৰত শুভ-অশুভ প্ৰভাৱ পেলাব পাৰে। কিন্তু প্ৰশ্ন হ’ব, অত দূৰৰ সাধাৰণ নৰ-মনিচৰ দৈনন্দিন জীৱনৰ লগত মূৰ ঘমাই থাকিবলৈ ইমান ডাঙৰ গ্ৰহ-নক্ষত্ৰবোৰৰ আন একো ডাঙৰ ‘কাম’ নাই নেকি? ‘তেওঁলোক’ ইমান সংকীৰ্ণমনা নে? ধৰক, মোৰ ওপৰত শনিয়ে অশুভ প্ৰভাৱ পেলাই মোৰ দুৰ্ঘটনা এটাকে ঘটাই দিলে। কিন্তু কিয়? মোৰ নিচিনা সাধাৰণ মনিচৰ প্ৰতি শনিৰ কি আখেজ থাকিব পাৰে? পৃথিৱীৰ অকণমান ঠাই এডোখৰত যিমানকণ সীমাবদ্ধ শক্তিৰে মই কেইটামান বছৰমাত্ৰ জীৱন নিৰ্বাহ কৰিছো, যিকোনো উপায়েৰেই যিকোনো কামেৰেই মই শনিগ্ৰহৰ ‘অপকাৰ’ হ’ব পৰা কোনো কাম কৰা সম্ভৱ নহয়। নে মই পূৰ্বজন্মত শনিৰ লগৰে কিবা গ্ৰহ-চ্ৰহ আছিলো যে তেতিয়া ‘তেওঁ’ৰ কিবা অপকাৰ কৰিছিলো! উদ্ভট হ’লেও এনে প্ৰশ্ন এৰাই চলিব পৰা নাযায়। নহ’লে কিয় তেওঁ মোৰ ওপৰত অশুভ প্ৰভাৱ পেলাবলৈ আহিব? তাতোকৈ ডাঙৰ কথা, শনি বা আন যিকোনো গ্ৰহ-নক্ষত্ৰৰ অশুভ প্ৰভাৱ আঁতৰাবলৈ জ্যোতিষীৰ হাতত সহজ সমাধান দেধাৰ আছে। যেনে ধৰক, অমুকক অমুকটো (ৰঙা কাপোৰ, ছাতি এটা) দান দিয়া, বিশেষধৰণৰ মুক্তা বা তাবিজ-ৰুদ্ৰাক্ষ আদি পৰিধান কৰা, ইত্যাদি। যদি ৰঙা কাপোৰ এটুকুৰা দান দিলেই গ্ৰহ-নক্ষত্ৰৰ অশুভ প্ৰভাৱ পলাই ফাট মাৰে, তেন্তে সিমানকণ লজ্জাজনকভাৱে নগণ্য শক্তি লৈ সেই গ্ৰহ-নক্ষত্ৰবোৰে মানুহৰ ওপৰত টেম্পাৰ দেখুৱাবলৈ আহে কিয়? ৰুদ্ৰাক্ষ গুটি এটাৰ ওচৰত পৰাজয় স্বীকাৰ কৰিও ইমান ডাঙৰ গ্ৰহ-নক্ষত্ৰবোৰে বাৰু অলপো লাজ নাপায়নে? সেইবোৰ বাৰু বাদ, মোৰ নিজৰ ওপৰত তেনেকুৱা গ্ৰহ-নক্ষত্ৰৰ কিবা প্ৰভাৱ পৰিছে বুলি যদি সঁচাকৈয়ে নিশ্চিত হওঁ, তেন্তে মোৰ জীৱন ধন্য হোৱা বুলিহে ভাবিম। পৃথিৱীৰ বাহিৰৰ ইমান ডাঙৰ গ্ৰহ এটাই পৃথিৱীৰ ৬০০ কোটি মানুহৰ মাজৰপৰা যে মোক বাছি-বিচাৰি উলিয়াই মোৰ কথা চিন্তা কৰিছে, তাতকৈ গৌৰৱৰ কথা কি হ’ব পাৰে?

জ্যোতিষ বোলে বিজ্ঞান, কাৰণ তাত গণনা কৰা হয় আৰু কম্পিউটাৰকে আদি কৰি বিভিন্ন বৈজ্ঞানিক সা-সঁজুলিৰ ব্যৱহাৰ কৰা হয়। এয়া কেনে উদ্ভট যুক্তি! বৈজ্ঞানিক পদ্ধতিৰে পিষ্টলটো নিৰ্মাণ কৰা হ’ল বুলিয়েই পিষ্টলেৰে ঘটোৱা হত্যাকাণ্ডটোও বিজ্ঞান হৈ যাবনে? আনহাতে, মানুহে জ্যোতিষ আৰু জ্যোতিৰ্বিজ্ঞানক একে বুলি সততে ভুল কৰে। আচলতে জ্যোতিষ (Astrology) আৰু জ্যোতিৰ্বিজ্ঞান (Astronomy) দুটা বেলেগ বিষয় –প্ৰথমটো অন্ধবিশ্বাস, দ্বিতীয়টো বিজ্ঞান। মহাকাশৰ গ্ৰহ-নক্ষত্ৰৰ অৱস্থান, গতি-বিধি আদিৰ পৰ্যবেক্ষণ আৰু বস্তুনিষ্ঠ অধ্যয়নেই জ্যোতিৰ্বিজ্ঞান। আনহাতে, কিছুমান গ্ৰহ-নক্ষত্ৰৰ (তাৰো দুটা অস্তিত্বহীন) গতি-বিধিৰ ভিত্তিত মানুহৰ ভৱিষ্যত শুভাশুভ বিচাৰ কৰাই জ্যোতিষ, ইয়াৰ সৈতে বিজ্ঞানৰ কোনো সম্পৰ্ক নাই।

অতীতৰ ঘটনাৰাজি যিহেতু ঘটি গ’ল, গতিকে আমি সিবোৰৰ যিকোনোধৰণে বিচাৰ-বিশ্লেষণ কৰিব পাৰো। আনহাতে, বৰ্তমানটো আমি যাপন কৰি আছো। যাপন কৰি শেষ হ’লেই বৰ্তমানৰ প্ৰতিটো মুহূৰ্ত অতীতত বিলীন হৈ যায়। ইয়াৰ বিপৰীতে ভৱিষ্যত সম্পৰ্কে আমি সকলো অজ্ঞ। বৰ্তমানৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি আমি ভৱিষ্যতে কেনেকুৱাধৰণৰ ঘটনা ঘটিব পাৰে তাৰ যুক্তিভিত্তিক অনুমান কৰিব পাৰো। কিন্তু সেয়াও অনুমানহে, ভৱিষ্যতটো সম্পূৰ্ণৰূপে জানি পেলোৱা অসম্ভৱ কথা। জ্যোতিষে আমাৰ ভৱিষ্যতবাণী কৰিব পাৰে বুলি দাবী কৰে। ভৱিষ্যতে কি ‘ঘটিবলগা’ আছে সেয়া ক’ব পৰাৰ অৰ্থই হ’ল ভৱিষ্যতটো আগতীয়াকৈ নিৰ্ধাৰিত হৈ থকা। জ্যোতিষৰ মতে, শিশু এটাৰ জন্মৰ মুহূৰ্ততেই গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰদ্বাৰা শিশুটোৰ গোটেই জীৱনটোৰ বাবে ‘ভৱিষ্যত’ ঠিক হৈ যায়। দৈনিকভাৱে ৰাশিফল গণনা কৰি উলিওৱাটোৱে বুজায় যে সামগ্ৰিকভাৱে জীৱনটোৱেই নহয়, আমাৰ জীৱনৰ প্ৰতিটো দিনেই গ্ৰহ-নক্ষত্ৰৰ অৱস্থানৰদ্বাৰা পূৰ্বনিৰ্ধাৰিত। জীৱনৰ প্ৰতিটো মুহূৰ্ত আন কোনো শক্তিৰদ্বাৰা পূৰ্বনিৰ্ধাৰিত হোৱাৰ মানে হ’ল মানুহে নিজৰ চিন্তা আৰু কৰ্মপ্ৰচেষ্টাৰে একোকে সলনি কৰিব নোৱৰা। মই ক’লৈ যাম, কি কৰিম, মোৰ শাৰীৰিক-মানসিক অৱস্থা কেনে হ’ব, আন মানুহৰ সৈতে মোৰ সম্পৰ্ক কেনে থাকিব, ইত্যাদি ইত্যাদি সকলোবোৰ কথা যদি ইতিমধ্যে ঠিক কৰা হৈ আছে, তেন্তে মই জীয়াই থকাই অৰ্থহীন হ’ব, কাৰণ মই যন্ত্ৰৰ দৰে বিধিৰ বিধান পালন কৰাৰ বাদে নিজাকৈ একোকে কৰিবই নোৱাৰিম। কিন্তু বাস্তৱত তেনে নহয়, মানুহে নিজৰ প্ৰতিভা আৰু সামৰ্থ অনুসৰি জীৱনটো নিজাধৰণে যাপন কৰিব পাৰে। আৰ্থ-সামাজিক পৰিস্থিতিয়ে প্ৰতিবন্ধকৰূপে থিয় দিব পাৰে, কিন্তু মানুহে সংগ্ৰামৰ মাজেৰে তাকো বহু দূৰলৈ অতিক্ৰম কৰিব পাৰে। চমুকৈ ক’বলৈ গ’লে, জ্যোতিষৰ মতে আমাৰ জীৱনৰ সকলো কথা পূৰ্বনিৰ্ধাৰিত হৈ থাকে। কিন্তু আমি জানো যে নিজৰ প্ৰচেষ্টাৰে আমি জীৱনটো ইচ্ছানুসৰি যাপন কৰিব পাৰো। গতিকে জ্যোতিষ এক ফাঁকি। আচলতে জীৱনৰ কোনো কথাই আগতীয়াকৈ ঠিক হৈ নাথাকে। ভৱিষ্যত সম্পৰ্কে মানুহৰ এই অজ্ঞতা মানুহৰ বাবে আশীৰ্বাদস্বৰূপ, কাৰণ ইয়েই মানুহক বৰ্তমানৰ মহৎ কামেৰে ভৱিষ্যতটো মহত্ত্বপূৰ্ণ কৰি তুলিবলৈ অনুপ্ৰেৰণা যোগায়। গতিকে আমি আগতীয়াকৈ ভৱিষ্যতৰ বিষয়ে জানিবলৈ বৃথা চেষ্টা নকৰি সুন্দৰ ভৱিষ্যত এটা গঢ়ি তুলিবলৈ বৰ্তমানত কৰিবলগীয়াখিনি কৰাতহে মন দিব লাগে। আমাৰ জীৱনত আমাৰ মনৰ ভিতৰৰ আৰু পৃথিৱীখনৰ বিভিন্ন কাৰকৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ মাজেৰে বিভিন্ন ঘটনাবোৰ ঘটি গৈ থাকে। যিকোনো ঘটনা ঘটি যোৱাৰ পাছতহে আমি ক’ব পাৰো, ‘অমুকটো ঘটিল’, ‘তমুকটো বেয়া ঘটনা ঘটিল’ বা ‘মোৰ জীৱনটো দুখৰ মাজেৰে পাৰ হৈ আহিছে’ বুলি। ঘটনাটো ঘটাৰ পাছতহে ক’ব পাৰিম, ‘কালি গাড়ীৰ চেপাত মোৰ ভৰি এটা ছিগি থাকিল’ বুলি, কিন্তু ‘কাইলৈ গাড়ীৰ চেপাত মোৰ ভৰি এটা ছিগি যাব’ বুলি ক’ব কোনোমতেই নোৱাৰো। মুঠতে ভৱিষ্যত সম্পৰ্কে আমি সঠিকভাৱে জানিব পৰাটো অসম্ভৱ আৰু সেইবাবেই জ্যোতিষ মিছা কথাৰ ফুলজাৰিৰ বাদে আন একো নহয়।

আনহাতে, মানুহৰ জীৱন পূৰ্বনিৰ্ধাৰিত বুলি কোৱা জ্যোতিষেই আকৌ কয় যে দান-দক্ষিণা দিয়া আদি জ্যোতিষীয় বিধানেৰে এই পূৰ্বনিৰ্ধাৰিত ভাগ্য সলনি কৰিব পাৰি। ইয়াতকৈ ডাঙৰ স্ববিৰোধ আৰু কি থাকিব পাৰে? আচল কথাটো হ’ল, মানুহৰ জীৱন পূৰ্বনিৰ্ধাৰিত নহয় বুলি ক’লে জ্যোতিষৰ ভিত্তিয়েই নোহোৱা হৈ যাব আৰু কঠোৰভাৱে পূৰ্বনিৰ্ধাৰিত বুলি ক’লেও জ্যোতিষীসকলৰ উপাৰ্জনৰ মুদা মৰিব। (পূৰ্বনিৰ্ধাৰিত ভাগ্য সলনি কৰাৰ জ্যোতিষীয় উপায় নথকা হ’লে ‘একোকে যদি সলনি কৰিব নোৱাৰাই, তেন্তে কিয় অমংগলীয়া ভৱিষ্যতবাণী কৰি মিছাতে মেজাজ গৰম কৰিছা?’ বুলি বহুতে জ্যোতিষীক ধমকিও দিলেহেঁতেন কিজানি।)

১৯৭৫ চনত নিউয়ৰ্কৰ The Humanist পত্ৰিকাত জ্যোতিষ সম্পৰ্কীয় এক বিবৃতি প্ৰকাশ পাইছিল। বিবৃতিটোত ১৯২জন স্বনামধন্য বিজ্ঞানীয়ে চহী কৰিছিল, ইয়াৰ ভিতৰত ন’বেল বঁটা বিজয়ী বিজ্ঞানীও আছে। সেই বিবৃতিটোৰেই আমি আলোচনাটোৰ সামৰণি মাৰিলো।

“Scientists in a variety of fields have become concerned about the increase acceptance of astrology in many parts of the world. We, the undersigned – astronomers, astrophysicists, and scientists in other fields – wish to caution the public against the unquestioning acceptance of the predictions and advice given privately and publicly by astrologers. Those who wish to believe in astrology should realize that there is no scientific foundation for its tenets.

“In ancient times, people believed in the predictions and advice of astrologers because astrology was part and parcel of their magical worldview. They look upon celestial objects as abodes and omens of the Gods and thus, intimately connected with events here on earth, they had no concept of the vast distances from the earth to the planets and stars. Now that these distances can and have been calculated, we can how infinitesimally small are the gravitational and other effects produced by the distant planets and the far more distant stars. It is simply a mistake to imagine that the forces exerted by stars and planets at the moment of birth can in any way shape our futures. Neither is it true that the position of distant heavenly bodies make certain days or periods more favourable to particular kinds of action, or that the sign under which one has born determines one’s compatibility or incompatibility with other people.

“Why do people believe in astrology? In these uncertain times many long for the comfort of having guidance in making decisions. They would like to believe in a destiny predetermined by astral forces beyond their control. However, we must all face the world, and we must realize that our futures lie in ourselves, and not in the stars.

“One would imagine in this day of widespread enlightenment and education, that it would be unnecessary to debunk beliefs based on magic and superstition. Yet, acceptance of astrology pervades modern society. We are specially disturbed by the continued uncritical dissemination of astrological charts, forecasts, and horoscopes by the media and by otherwise reputable newspapers, magazines, and book publishers. This can only contribute to the growth of irrationalism and obscurantism. We believe that the time has come to challenge directly and forcefully, any pretentious claims of astrological charlatans.

“It should be apparent that those individuals who continue to have faith in astrology do so in spite of the fact that there is no verified scientific basis for their beliefs, and indeed that there is strong evidence in the contrary.”

(‘জনসাধাৰণ’ কাকতৰ সাপ্তাহিক ‘ইত্যাদি’ৰ ২২ আগষ্ট আৰু ২৯ আগষ্ট, ২০১০ সংখ্যাত ছোৱা ছোৱাকৈ প্ৰকাশিত)

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিষ : এক অনুসন্ধান- (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *