জ্যোতিষ কিয় বিজ্ঞান নহয়?-(ভাৰ্গৱ বৰঠাকুৰ)

জ্যোতিষশাস্ত্ৰ আৰু জ্যোৰ্তিবিজ্ঞানক লৈ বহু মানুহৰ মনত বিভ্ৰান্তিমূলক স্থিতি প্ৰতিফলিত হোৱা দেখা যায়৷ 'জ্যোতিষবিদ্যা' আৰু ‌'জ্যোতিৰ্বিদ্যা' উচ্চাৰণৰ ফালৰ পৰা ওচৰাউচৰি হ'লেও, ইহঁতৰ অৰ্থ কিন্তু ওলোটা৷ জ্যোতিষবিদ্যা আৰু জ্যোৰ্তিবিজ্ঞান সম্পূৰ্ণ দুটা বেলেগ বিষয়৷ কিয় বিষয় দুয়োটা সম্পূৰ্ণ বেলেগ এই বিষয়ে আমি অলপ পাছলৈ আলোচনা কৰিম৷ জ্যোতিষশাস্ত্ৰ বা জ্যোতিষবিদ্যাক ইংৰাজীত Astrology বুলি কোৱা হয় আৰু জ্যোতিৰ্বিদ্যা বা জ্যোৰ্তিবিজ্ঞানক কোৱা হয় Astronomy বুলি৷ প্ৰাচীন কালত কথা দুটাৰ ইমান পাৰ্থক্য নাছিল ৷ বহুতে জ্যোৰ্তিবিদ্যাৰ কথা ক'বলৈ গৈ 'জ্যোতিষ'ৰ কথা কোৱাৰো উদাহৰণ দেখা যায় ৷

জ্যোতিষৰ ধাৰণা আদিম কালৰ পৰাই মানুহৰ মন-মগজুত বিশেষ ধৰণে সোমাই বৰ্তমানৰ ৰূপ পাইছেহি৷ বিজ্ঞানৰ বলত আজি আমি ভূমিকম্প, আগ্নেয়গিৰি, ধুমুহা আদি প্ৰাকৃতিক পৰিঘটনাসমূহৰ বিষয়ে সঠিক ৰূপত জানিবলৈ সক্ষম হৈছোঁ৷ কিন্তু প্ৰাচীন কালত ধুমুহা, ভূম্পিকম্প, আগ্নেয়গিৰি আদি প্ৰাকৃতিক পৰিঘটনাসমূহৰ সম্পৰ্কত মানুহৰ কোনো স্পষ্ট ধাৰণা নাছিল৷ সেই সময়ত মানুহে এনে পৰিঘটনাৰ কাৰক কোনো কল্পিত দেৱ-দেৱীৰ ৰুষ্ট আচৰণৰ প্ৰতিক্ৰিয়া হিচাপে ধাৰণা কৰি লৈছিল৷ফলত সেইবিলাকক সন্তুষ্ট কৰাৰ নামত বিভিন্ন পূজা-অৰ্চনা, প্ৰাৰ্থনা কৰিছিল৷ পৃথিৱীৰ প্ৰায়বোৰ সভ্যতাতেই এইবোৰ ঘটিছিল৷ কাৰণ সেই সময়ত গ্ৰহ-নক্ষত্ৰৰ গঠন, অৱস্থান তথা সৃষ্টি সম্পৰ্কে তেওঁলোক আছিল সম্পূৰ্ণ অজ্ঞ৷ ভাবি লৈছিল, আকাশত জিকমিকাই থকা গ্ৰহ-নক্ষত্ৰবোৰৰ প্ৰভাৱে তেওঁলোকৰ জীৱন প্ৰক্ৰিয়াক সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰে! আৰু জীৱনৰ ভাল-বেয়া সকলো আকাশৰ সেই গ্ৰহ-নক্ষত্ৰবোৰেই নিৰ্ণয় কৰি দিয়ে৷ গতিকে সেইবোৰক তুষ্ট কৰিব পাৰিলেই সকলো ঠিকে ঠাকে থাকিব৷ এনেকৈয়ে গ্ৰহ-নক্ষত্ৰক সন্তুষ্ট কৰাৰ নামত আৰম্ভ হ'ল বিভিন্ন পূজা-পাতল, নানান উপচাৰ-উপকৰণ দিয়া নিয়ম-নীতি৷ সমান্তৰালকৈ সভ্যতাৰ ক্ৰমবৰ্ধমান সোতঁত এনেকৈয়ে এদল মানুহৰ সৃষ্টি হৈ হ'ল সমাজত যি গ্ৰহ-নক্ষত্ৰৰ গতিবিধি বিচাৰ কৰিব, আৰু মানুহৰ জীৱন-যাপনৰ লগত গ্ৰহ-নক্ষত্ৰৰ সম্পৰ্ক বিবেচনা কৰি গ্ৰহ-নক্ষত্ৰৰ কোপদৃষ্টিৰপৰা বাচিবলৈ বিভিন্ন বিধান দিব পাৰে৷ যাক আমি জ্যোতিষী বুলি কওঁ৷ গতিকে জ্যোতিষৰ আৰম্ভণি আছিল মানুহৰ অজ্ঞানতা, ভয় তথা চিন্তা-বুদ্ধিৰ সীমাবদ্ধতা ৷সেইবাবে মানুহৰ বাহিৰে জ্যোতিষে জীৱ-জন্তুৰ ভৱিষ্যত চাব নোৱাৰে অথবা বিধান দিব নোৱাৰে৷ জ্যোতিষৰ কাম গ্ৰহ-নক্ষত্ৰৰ অৱস্থান চাই মানুহৰ ভৱিষ্যত বাণী দিয়া৷ কোষ্ঠী তৈয়াৰ কৰা, পঞ্জিকা তৈয়াৰ কৰা, সোঁৱৰণি প্ৰস্তুত কৰা, হাতৰ ৰেখা চোৱা, গ্ৰহৰ কোপদৃষ্টিৰ পৰা বাচিব গ্ৰহৰত্ন, তাবিজ আদিৰে বৈজ্ঞানিক দৃষ্টিভংগীৰ বিপৰীতে ভাববাদী চিন্তাধাৰাৰে ভাগ্য ব্যৱসায়ীৰ বজাৰখনক প্ৰতিষ্ঠিত কৰা৷

আনহাতে জ্যোতিৰ্বিজ্ঞান, বিজ্ঞানৰ এনে এটা বিস্তৃত বিষয় য'ত বিশ্বব্ৰহ্মাণ্ডৰ বিভিন্ন গ্ৰহ-নক্ষত্ৰৰ লগতে মহাবিশ্বৰ সকলো মহাজাগতিক পৰিঘটনাৰ, বাস্তৱসন্মত জ্ঞান অন্বেষণৰ প্ৰচেষ্টাত মনোনিবেশ কৰা হয়৷ জ্যোৰ্তিবিজ্ঞান এইবাবেই কোৱা হয় কাৰণ ইয়াত তথ্য-প্ৰমাণ, পৰীক্ষা,যুক্তি আৰু পৰ্যবেক্ষণৰ জৰিয়তে বস্তুনিষ্ঠভাৱে সত্যৰ স্বৰূপ অনুধাৱন কৰা হয় ৷ কিন্তু জ্যোতিষশাস্ত্ৰত তেনেধৰণৰ তথ্য-প্ৰমাণ, প্ৰণালীবদ্ধ পৰ্যবেক্ষণৰ কোনো স্থান নাই৷ বহু মানুহে ক'ব খোজে জ্যোতিষবিদ্যা যদি বিজ্ঞান নহয় তেন্তে ই কেনেকৈ চন্দ্ৰগ্ৰহণ, সূৰ্যগ্ৰহণৰ সঠিন সময় বহু আগতেই নিৰ্ধাৰণ কৰে ? আমি আগতেই কৈ আহিছোঁ, প্ৰাচীন কালত জ্যোতিষশাস্ত্ৰ আৰু জ্যোৰ্তিবিজ্ঞান দুয়োটাৰে সিমান পাৰ্থক্য নাছিল৷ প্ৰাচীন কালত গণিতৰ চৰ্চাই আকাশৰ গ্ৰহ-নক্ষত্ৰৰ অধ্যয়নত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ কালক্ৰমত এচাম মানুহৰ গাণিতিক চিন্তাধাৰাই মানুহৰ জীৱনৰ লগত গ্ৰহ-নক্ষত্ৰৰ প্ৰভাৱ সম্পৰ্কে চিন্তা-চৰ্চা চলিল, আনফালে আন এচামৰ অনুসন্ধিৎসু গাণিতিক পৰ্যাবেক্ষণে গ্ৰহ-নক্ষত্ৰৰ সৃষ্টি, অৱস্থানৰ লগতে মহাবিশ্বৰ মহাজাগতিক পৰিঘটনাসমূহৰ সম্পৰ্কে বাস্তৱসন্মত অধ্যয়ন চলিল ৷ যাৰ বাবেই 'সূৰ্যকেন্দ্ৰিক বিশ্ব' (Heliocentric universe) ধাৰণাৰে জ্যোতিৰ্বিজ্ঞান ৰূপে বিজ্ঞানৰ এটা নতুন আৰু সুকীয়া শাখাৰ সৃষ্টি হৈছিল৷ জ্যোতিষত কিন্তু 'সূৰ্যকেন্দ্ৰিক বিশ্ব' ধাৰণাৰ গুৰুত্ব নাই৷ গতিকে জ্যোতিষত গণিতৰ কিছু ক্ষুদ্ৰ প্ৰভাৱ আছে যাৰ বাবে গ্ৰহ-নক্ষত্ৰৰ অৱস্থান,গ্ৰহণৰ সময়, তিথি-বাৰ আদি সম্পৰ্কে কিছু আগতীয়া তথ্য দিব পাৰে৷ কিন্তু সেইবুলিয়ে আমি জ্যোতিষক বিজ্ঞান বুলিব নোৱাৰো৷ সেইবাবে জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানৰ পাৰ্থক্য দেখুৱালৈ গৈ বিজ্ঞানী নাৰ্লিকাৰে কৈছে, “Astronomy follows the rigorous discipline of science but astrology does not. There is no unique set of basic rules for astrology or a logical set of rules for interpreting data that is fully objective and independent of a specific astrologer…” (Jayant V. Narlikar, The Scientific edge, p. 152 )

গুৰুত্বপূৰ্ণ কথাটো হ'ল বিজ্ঞানৰ পদ্ধতিত শুদ্ধিকৰণ ব্যৱস্থাটো অন্তৰ্নিহিত হৈ থাকে যাৰ বাবে যিকোনো লোকেই উপনীত হোৱা সিদ্ধান্তটো পুনৰবাৰ পৰীক্ষা কৰি চাব পাৰে৷ কাৰণ বিজ্ঞানৰ দুৱাৰ পৃথিৱীৰ সকলো মানুহৰ বাবে খোলা৷ জ্যোতিষত তেনে কোনো ব্যৱস্থা নাই যাৰ বাবেই আজিও সৌৰজগতত অস্তিত্বহীন ৰাহু আৰু কেতুক গ্ৰহ বনাই বিধানৰ নামত অবৈজ্ঞানিক কাৰ্যকলাপ অব্যাহত ৰাখিছে৷ বিজ্ঞান সঁচা অৰ্থত আন্তৰ্জাতিক, পৃথিৱীৰ সকলো বিজ্ঞানীয়ে একে পদ্ধতি, একে প্ৰয়োগ-কৌশল প্ৰয়োগ কৰে আৰু গৱেষণাৰ সিদ্ধান্তসমূহ একেখন আন্তৰ্জাতিক জাৰ্নেলত প্ৰকাশ কৰাৰো সুবিধা থাকে৷ নিউটনৰ সূত্ৰ ভাৰততো যেনেকুৱা, আমেৰিকাতো একেই৷ অৰ্থাৎ বিজ্ঞানৰ সত্য পৃথিৱীৰ সকলো ঠাইতে একেই৷ কিন্তু জ্যোতিষত? জ্যোতিষী বেলেগ মানে বিধানো বেলেগ হয়! তদুপৰি বিজ্ঞান সদায় গতিশীল৷ সীমাবদ্ধতাৰ দেউল ভঙা বিজ্ঞানৰ গতিশীলতাৰ বাবেই বৰ্তমান জ্যোতিষীসকলে হাতেৰে সোঁৱৰণি বনোৱা কাম এৰি “কম্পিউটাৰাইজড” সোঁৱৰণি বনোৱা হয় বুলি বিজ্ঞাপন দিব পৰাৰ সুবিধা আহিল৷ বিজ্ঞানত শাস্ত্ৰৰ ৰেখা শিলৰ খুঁটি বুলি একো কথা নাই৷ বিজ্ঞানৰ প্ৰতিটো তত্ত্ব বাস্তৱ অভিজ্ঞতাৰ সুদৃঢ় ভেটিৰ ওপৰত প্ৰতিষ্ঠিত ৷ বিজ্ঞানৰ সিদ্ধান্তবোৰৰ ওপৰত আপুনি, মই সকলোৱে প্ৰশ্ন তুলিব পাৰোঁ, নতুন সিদ্ধান্তও দিব পাৰো, কিন্তু প্ৰণালীবদ্ধ পৰীক্ষাৰ দ্বাৰা সত্যতা প্ৰমাণিত নোহোৱা পৰ্যন্ত বিজ্ঞানত কোনো তত্ত্বই তাৰ প্ৰতিদ্বন্দ্বী তত্ত্বসমূহৰ ওপৰত বিজয় সাব্যস্ত কৰিব নোৱাৰে৷ গতিকে জ্যোতিষ কিয় বিজ্ঞান নহয় এনেবোৰ কথাই পৰাই বহুখিনি স্পষ্ট হয় ৷

১৯৭৫ চনত ‘দি হিউমেনিষ্ট' পত্ৰিকাত বিশ্বৰ ১৮৬ জন বিজ্ঞানীয়ে (সেইসকলৰ ১৮ জন নবেল বঁটা বিজয়ী) বহু গৱেষণাৰ অন্তত জ্যোতিষশাস্ত্ৰৰ সাৰশূন্যতাৰ বিষয়ে ঘোষণা কৰি এখন প্ৰতিবাদ পত্ৰ উলিয়াইছিল৷ তেওঁলোকৰ বিবৃতিটো আছিল এনেধৰণৰ - “আমি নিম্ন স্বাক্ষৰকাৰী জ্যোতিৰ্বিদ, জ্যোতিপদাৰ্থবিদ আৰু অন্যান্য বিজ্ঞানীসকলে ক'বলৈ বিচাৰিছো, জ্যোতিষীসকলৰ উপদেশ আৰু ভৱিষ্যবাণী কোনেও বিচাৰ-বিবেচনা নকৰাকৈ গ্ৰহণ নকৰিব যিসকলে জ্যোতিষবিদ্যাত বিশ্বাস কৰে তেওঁলোকক জনাওঁ, এই বিদ্যাত আস্থা ৰখাৰ বিন্দুমাত্ৰাও কাৰণ নাই… ৷” তদুপৰি ভাৰতৰ বিশিষ্ট বিজ্ঞানী তথা পদ্মবিভূষণ জয়ন্ত ভি নাৰ্লিকাৰে জ্যোতিষীবোৰক 'চেলেঞ্জ' কৰি এটা Statistical test পাতিছিল, অনুষ্ঠানটোত বিভিন্ন বিদ্যালয়ৰ পৰা সংগ্ৰহ কৰা এশজন ভাল ছাত্ৰ-ছাত্ৰীৰ জন্মকুণ্ডলী আৰু এশজন মানসিকভাৱে কিছু অক্ষম ছাত্ৰ-ছাত্ৰীৰ জন্মকুণ্ডলীক একেলগ কৰি তাত উপস্থিত থকা ২৭ জন জ্যোতিষীক দিয়া হৈছিল ৷ প্ৰতিজনকে Randomly চল্লিছখনকে জন্মকুণ্ডলী দিয়া হৈছিল, আৰু খেলিমেলিকৈ থকা জন্মকুণ্ডলীবোৰৰ পৰা কোনখন ভাল ছাত্ৰ-ছাত্ৰীৰ জন্মকুণ্ডলী আৰু কোনখন মানসিকভাৱে অক্ষম ছাত্ৰ-ছাত্ৰীৰ জন্মকুণ্ডলী বিচাৰিব দিয়া হৈছিল৷ য'ত নব্বৈ শতাংশই জ্যোতিষীবোৰৰ গণনা ভুল প্ৰমাণিত হৈছিল ৷ সেই সময়ত কৰ্ণাটকৰ চৰকাৰে টেলিভিছন প্ৰগ্ৰামত জ্যোতিষৰ প্ৰচাৰ সম্পূৰ্ণ ৰূপে বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল ৷ (সম্পাদকীয়, Madhyaman, ১৯ ডিচেম্বৰ,২০১৫)

ইমানখিনিৰ পাছতো জ্যোতিষক বিজ্ঞান বুলি ভাবিব পৰাৰ কিবা অৱকাশ থাকে নে? কিন্তু আমাৰ দেশৰ কথাতো সুকীয়া ! কিন্তু কিয় সুকীয়া এইখিনি জনাৰ আগতে আমাৰ দেশৰ সংবিধানে প্ৰদান কৰা এটা বিশেষ দফাক উল্লেখ কৰিব বিচাৰিছোঁ ৷ ভাৰতৰ সংবিধানে ৫১(ক) দফা অনুসৰি কৈছে, ‘To develop scientific temper, humanism and the spirit of inquiry and reform’ অৰ্থাৎ বৈজ্ঞানিক মানসিকতা গঢ়াৰ সাপেক্ষে সংবিধানে বিশেষ গুৰুত্ব প্ৰদান কৰিছে৷ এইখিনি সংবিধানৰ কথা৷ কিন্তু সংবিধানৰ শপত লোৱা চৰকাৰবোৰে কাৰ্যক্ষেত্ৰত ইয়াৰ প্ৰয়োগ কিমান কৰিছে এটা বিশেষ উদাহৰণৰ পৰাই বুজিব পাৰি৷ যদু-মধুৰ দৰে সাধাৰণ মানুহৰ কথা নহয়, বৰঞ্চ বিশ্বৰ স্বনামধন্য বিজ্ঞানীসকলে 'জ্যোতিষ'ৰ সাৰশূন্যতাৰ বিষয়ে প্ৰতিবাদ কৰাৰ পাছতো কিন্তু আমাৰ দেশত জ্যোতিষ শাস্ত্ৰক (২০০১-২০০২ চনত) ‘হিন্দুত্ববাদী' কেন্দ্ৰীয় চৰকাৰৰ ৰাজনৈতিক পৃষ্ঠপোষকতাতেই UGCত অন্তৰ্ভুক্ত কৰা হৈছিল৷ সেয়াই নহয়, ‘বৈদিক জ্যোতিষ বিদ্যা'ত ডিগ্ৰী,ডিপ্ল'মা, চাৰ্টিফিকেট দিব লাগিব আৰু আটাইতকৈ ডাঙৰ কথাটো আছিল সকলোকেইটাই হ'ব বিজ্ঞানৰ ডিগ্ৰী৷ কেৱল বিজ্ঞানীসকলেই নহয়, যুক্তিবাদী চিন্তা আৰু বৈজ্ঞানিক মানসিকতাৰে চলা দেশৰ বৌদ্ধিক মহলে চৰকাৰ আৰু UGCৰ এই কাৰ্যক তীব্ৰ বিৰোধিতা কৰিছিল৷ তেতিয়া সিদ্ধান্তৰ সাপেক্ষে ইউ জি চি ৰ এটা যুক্তি হ’ল, “আজিৰ যুৱক-যুৱতীয়ে যেতিয়া জানিব পাৰিব তেওঁলোকৰ পূৰ্বপুৰুষে কি অসামান্য মৌলিক কাম কৰি গৈছে, তেওঁলোকৰ আত্মমৰ্যাদাবোধ বাঢ়িব ৷” কিন্তু দেখা যায় আমাৰ চাৰিখন বেদৰ ক'তো জ্যোতিষৰ কথা নাই৷ বৈদিক সাহিত্যৰ ক'তো জ্যোতিষী, কোষ্ঠি,জন্ম-পত্ৰিকা আদিৰ কথা নাই৷ বহু গৱেষকৰ মতে গ্ৰীকসকলৰ ৰাজত্ব কালৰ পৰাই ভাৰতলৈ জ্যোতিষৰ আমদানি ঘটিছিল৷ গ্ৰীকসকলৰ ৰাজত্বকালতেই আমাৰ দেশত জন্মপত্ৰিকা লিখাৰো সূচনা ঘটে৷ সেইহে বিজ্ঞানী জয়ন্ত ভি. নাৰলিকাৰে জ্যোতিষ সম্পৰ্কত লিখা এটা নিবন্ধত কৈছে, “…Vedic astrology is neither Vedic nor Vigyan” (Jayant V. Narlikar, The scientific edge, P-148)৷ গতিকে চৰকাৰী পৃষ্ঠপোষকতেই যদি যধেমধে কিছুমান বিষয়ত ‘বিজ্ঞান'ৰ লেবেল লগাই অপবিজ্ঞানৰ প্ৰচাৰ কৰা হয় তেন্তে সেই দেশৰ অলিয়ে-গলিয়ে, টেলিভিছন,কাকত-মেগাজিনত স্বৰ্ণপদকপ্ৰাপ্ত, পি .এইছ. ডি ডিগ্ৰীধাৰী জ্যোতিষীৰ বিজ্ঞাপন দেখাটোও যিদৰে আশ্চৰ্যকৰ নহয়, ঠিক সেইদৰে দেশৰ 90% নাগৰিকৰ হাতত গ্ৰহৰত্ন দেখাটো কোনো আচৰ্যকৰ কথা নহয় ৷

বিজ্ঞান আৰু জ্যোতিষৰ মাজত থকা ভৱিষ্যতৱাণীসমূহৰ মাজতো আকাশ-পাতাল পাৰ্থক্য আছে৷ জ্যোতিষে গ্ৰহ-নক্ষত্ৰৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি মানুহৰ ভৱিষ্যত বা ভাগ্য নিৰ্ধাৰণ কৰিব পাৰে, য’ত বিজ্ঞানৰ দৰে কঠিন পৰীক্ষা-নিৰিক্ষা তথা গভীৰ বিশ্লেষণৰ ঢাপবোৰ অতিক্ৰম কৰি সত্যক প্ৰতিষ্ঠা নকৰে৷ কিন্তু বিজ্ঞানে মানুহক প্ৰমাণ কৰি চাব পৰা ভৱিষ্যতবাণীহে দিয়ে৷ বিজ্ঞানীৰ এই ক্ষমতাৰ বাবে চন্দ্ৰত মানুহে খোজ পেলাব পাৰিলে,আইনষ্টাইনে এশ বছৰৰ আগতেই দাবী কৰা মহাকৰ্ষণিক তৰংগৰ বিষয়ে প্ৰমাণিত হ'ল, জ্যোতিষত অমংগলৰ কাৰক হিচাপে বিশ্বাস কৰা শনি, মংগল আদি গ্ৰহলৈ ব্যয়বহুল বৈজ্ঞানিক অভিযান কৰিব পাৰিলে৷ জ্যোতিষৰ ইতিহাসত এনে কোনো ভৱিষত্যবাণী সঁচা হোৱা নাই৷ ব্যক্তিগত জীৱনৰ দুই-এটা কথা আকস্মিকভাৱে মিলি গ'লেই কোনো যুক্তিবাদী, বিজ্ঞানমনস্ক মানুহে জ্যোতিষক বিজ্ঞানৰ লগত ৰিজোৱাৰ চেষ্টা নকৰে৷ সেইহে বিজ্ঞানী Venkatraman Ramakriahnan-এ বৈজ্ঞানিক মানসিকতাৰ ওপৰত দিয়া এক বক্তৃতা অনুষ্ঠানত জ্যোতিষৰ ওপৰত দিয়া মন্তৱ্য এনেধৰণৰ - “There is no basis for how movements of stars or planets can influence our fate. Moreover, there is no reason why the time of birth should influence something decades later, this is complete nonsense.”

জ্যোতিষীয়ে শনি, মংগল, ৰাহু, কেতু আদিৰ বিকিৰণৰ পৰা ৰক্ষা পাবলৈ বিভিন্ন গ্ৰহৰত্ন পৰিধানৰ উপদেশ দিয়া দেখা যায়৷ কিন্তু ইয়াৰ বৈজ্ঞানিক ভিত্তি আছেনে? আমি জানো বিজ্ঞানৰ আৱিষ্কাৰে পোহৰলৈ অনা পৃথিৱীৰ ‘চুম্বকীয় ক্ষেত্ৰ’ আৰু ‘অজ’ন স্তৰ’-এ পৃথিৱীক সৌৰজগতৰ আন গ্ৰহতকৈ বেলেগ কৰিছে৷ মহাজাগতিক পৰিঘটনাৰ দ্বাৰা সৃষ্টি হোৱা এই দুই ৰক্ষাকৱচে পৃথিৱীক জীৱকুলৰ বাবে উপযোগী কৰি তুলিছে৷অৰ্থাৎ সূৰ্যৰ ‘নিউক্লিয়াৰ ফিউজন'ৰ ফলত উৎপন্ন হোৱা আধানযুক্ত ধুমুহা যাক সৌৰ বতাহ (‘solar wind’) বোলা হয়, তাৰ পৰা জীৱকুলক ৰক্ষা কৰি আছে পৃথিৱীৰ এই চুম্বকীয় ক্ষেত্ৰখনে৷ দ্বিতীয়তে পৃথিৱীৰ ‘অজ’ন স্তৰ’-এ সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মিৰ পৰা জীৱকুলক ৰক্ষা কৰি আছে৷ এই চুম্বকীয় ক্ষেত্ৰ আৰু অজ’ন স্তৰৰ সৃষ্টি এক প্ৰাকৃতিক পৰিঘটনা৷ এতিয়া অনুসন্ধিৎসু মনৰ সকলোৰে প্ৰশ্ন আহিব, তেন্তে জ্যোতিষীয়ে মানুহক বিভিন্ন গ্ৰহৰ Radiation, ৰশ্মিৰ পৰা হাত সাৰিব দিয়া ‘গ্ৰহৰত্ন’সমূহৰ কাম কি? গ্ৰহবোৰ বিভিন্ন গেছ, শিল, বৰফ আদিৰে গঠিত৷ নক্ষত্ৰসমূহৰ দৰে গ্ৰহবোৰত কোনো ‘নিউক্লিয়াৰ ফিউজন’ বিক্ৰিয়া নহয়, যাৰ বাবে গ্ৰহৰ নিজা পোহৰো নাই৷ ‘নিউক্লিয়াৰ ফিউজন ‘ নোহোৱা মানে গ্ৰহৰ পৰা কোনো ধৰণৰ আধানযুক্ত কণিকাৰো সৃষ্টি নহয়৷ এয়া বিজ্ঞানৰ সত্য৷ গতিকে বিভিন্ন গেছেৰে গঠিত এই পদাৰ্থপিণ্ডবোৰক তুষ্ট কৰিব পাথৰৰ (ৰত্নৰ)কাম কি ? কাৰ্যকাৰী হোৱাহেঁতেন মহাকাশ গৱেষণাৰ বাবে নিৰ্ভয়ে পাথৰযুক্ত আঙুঠি, ৰঙাসূতা ,ক'লাসূতা পিন্ধিয়েচোন সৌৰজগতৰ আন গ্ৰহবোৰত ইমান দিনে যাব পৰা গ'লহেঁতেন! আমি যাক ‘গ্ৰহৰত্ন’ হিচাপে মহাজাগতিক পৰিঘটনাৰ পৰা সৃষ্টি হোৱা জড় পদাৰ্থপিণ্ড কিছুমানক তুষ্ট কৰিব পাথৰযুক্ত আঙুঠি পিন্ধো, ভূ-বিজ্ঞানৰ মতে সি আচলতে সাধাৰণ পাথৰেই৷ ৰাসায়নিক পৰীক্ষাৰ পৰা জনা গৈছে যে এইবিলাক অক্সাইড হিচাপে গঢ়ি উঠা কিছুমান মিশ্ৰ পদাৰ্থৰ বাহিৰে একো নহয়৷ গতিকে এই গ্ৰহৰ ৰঙৰ লগত একে পাথৰ আৰু তাৰ পৰা মানুহৰ জীৱনত হ’ব পৰা শুভ-অশুভ কাৰকসমূহক নিয়ন্ত্ৰণত আনিব যোৱা ব্যৱস্থাটো অন্ধবিশ্বাসৰ বাদে একো নহয়৷

জ্যোতিষত মঙল, বুধ,বৃহস্পতি, শুক্ৰ,শনি, ৰাহু, কেতু, চন্দ্ৰৰ লগতে সূৰ্যকো এটা গ্ৰহ হিচাপে ধৰা হয়৷ জ্যোতিষত এই ন-টা গ্ৰহৰে দৰব বেলেগ বেলেগ৷ উদাহৰণস্বৰূপে মঙলৰ দৰব হ'ল প্ৰবাল ৷প্ৰবালৰ ৰং গাঢ় ৰঙা৷প্ৰকৃততে প্ৰবাল হ'ল কেলছিয়াম কাৰ্বনেট৷ জ্যোতিষীয়ে মঙলৰ বিধান হিচাপে কিয় প্ৰবালক বাছি ল'লে? কাৰণ মংগল গ্ৰহৰ ৰঙা ৰঙৰ লগত প্ৰবালৰ ৰঙো একেই৷বিজ্ঞানৰ মতে মঙল গ্ৰহৰ পৃষ্ঠভাগত আইৰন অক্সাইডৰ উপস্থিতিয়ে গ্ৰহটোৰ ৰং ৰঙা কৰিছে৷কিন্তু বহু লাখ দূৰত্বত থকা মঙল গ্ৰহৰ ৰঙা ৰং আৰু পৃথিৱীত প্ৰবাল পিন্ধা মানুহ এজনৰ মাজত সম্পৰ্ক কি ? জ্যোতিষীয়ে ক'ব বিচাৰে মংগল গ্ৰহে ৰঙা ৰঙৰ পোহৰ ছটিয়াই থাকে, হাতত যদি ৰঙা ৰঙৰ প্ৰবাল থাকে তেতিয়া সি সেই সকলোবোৰ লাল দৈত্য-দানৱক খাই পেলাব৷ এই কথাটোকে 'আৰ্বান জ্যোতিষী' এজনে অলপ 'ষ্টেন্ডাৰ্ড (Standard)'কে ক'ব৷ তেওঁলোকে ৰঙা দৈত্য-দানৱক খাই পেলাব বুলি নকয়, তেওঁলোকে বিজ্ঞানৰ গোন্ধ থকা শব্দৰে মানুহক বিশ্বাস জন্মাবলৈ ক'ব গ্ৰহৰত্নটোৱে, মঙলৰ ৰঙা Radiation বোৰ শোষণ(Absorbed) কৰি ৰাখিব৷কিন্তু বিজ্ঞানৰ মতে এনেকুৱা কেতিয়াও নহয়৷ তেজৰ ৰং কিয় দেখিবলৈ ৰঙা কিয়? কাৰণ ‘বৰ্ণালী' বুলি ক'লে আমি যি সাতোটা ৰঙৰ কথা বুজো, তেজে তাৰ ছয়টা ৰঙেই শোষণ কৰিব পাৰে, মাত্ৰ ৰঙা ৰঙটোকহে নোৱাৰে, গতিকে সেই ৰংক প্ৰতিফলিত কৰে যাৰ বাবে তেজক আমি ৰঙা দেখো ৷ অৰ্থাৎ প্ৰবাল পাথৰটোৱে ৰঙা ৰং শোষণ কৰিব নোৱাৰে ই ৰঙাটোক প্ৰতিফলিতহে কৰে যাৰ বাবেই ইয়াক ৰঙা দেখি ৷ গতিকে দেখা গ'ল জ্যোতিষৰ বিধানবোৰত বৈজ্ঞানিক ভিত্তি কিমান সুস্পষ্ট! বিজ্ঞানৰ উচ্চডিগ্ৰীধাৰী নহ'লেও, সাধাৰণ যুক্তিবাদী মানুহ এজনৰ বাবেও কথাবোৰ অযুক্তিকৰ নহয় নে? সুযোগ পালেই আধুনিক বুলি জাহিৰ কৰা, বিশেষকৈ উচ্চশিক্ষাৰ পোহৰ পোৱা লোকসকলে এইবোৰ বিষয়ৰ ওপৰত নিজৰ উদ্ভট বিশ্বাস আৰু আচৰণৰ যৌক্তিকতাক ফঁহিয়াই নোচোৱাটো সঁচাকৈ চিন্তনীয় বিষয়৷

বিজ্ঞান-প্ৰযুক্তিৰ আকাশলংঘী সফলতাৰ পাছতো জ্যোতিষ জনমানসৰ মাজত ইমান দকৈ কিয় বিয়পি আছে ? জ্যোতিষ জনপ্ৰিয়তাৰ মূলতে হ’ল জ্যোতিষে ভৱিষ্যতৰ কথা কয় আৰু চমৎকাৰী বিধান দিব পাৰে৷ সকলো মানুহৰে ভৱিষ্যতৰ বিষয়ে জানিবলৈ আগ্ৰহ থাকে৷ মানুহৰ ই এক দুৰ্বল মানসিক অৱস্হা৷ যাৰ কাৰণেই বৰ্তমান বিজ্ঞান-প্ৰযুক্তিৰ চূয়ান্ত উন্নতিৰ সময়তো ‘জ্যোতিষ’ এক প্ৰভাৱশালী অন্ধবিশ্বাস৷ দেখা যায় জ্যোতিষীৰ বজাৰত সাধাৰনতে সমস্যা-পীড়িত দুৰ্বল মানুহৰ ভিৰ বেছি৷ জ্যোতিষীৰ নিৰ্দেশ আৰু আশ্বাসৰ সাৰুৱা কথাই তেনে লোকৰ অস্হিৰ মনটোক সানি দিব পাৰে শান্ত্বনা এক শীতল প্ৰলেপ৷ জ্যেতিষীৰ এনে কিছুমান আশ্বাসে অস্হিৰ হৈ থকা মন এটাক কিছু সকাহে দিব পাৰে৷ মনোবিজ্ঞানী সকলৰ মতে মানুহজনৰ মনত ই এক “placebo effect” ৰ সৃষ্টি কৰে৷ কিন্তু সেইবুলিয়েই মানুহে মাছ বুলি নাখাই, জিজি বুলি খালেও, জোতিষৰ দৰে অন্ধবিশ্বাসে মানুহৰ আত্মপ্ৰত্যয় কমাই সকলো গ্ৰহ-নক্ষত্ৰৰে মায়া বুলি ভাবিবলৈ বাধ্য কৰাব আৰু বস্তুনিষ্ঠ হোৱাত আপোনাক মানসিকভাৱে বাধা জন্মাব৷ গতিকে গ্ৰহ-নক্ষত্ৰৰ অৱস্হান চাই নহয়, জীৱনটোক উপভোগ কৰক যুক্তিবাদী চিন্তাধাৰা তথা বৈজ্ঞানিক দৃষ্টিভংগীৰে৷

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিষ কিয় বিজ্ঞান নহয়?-(ভাৰ্গৱ বৰঠাকুৰ)"

Leave a Comment

Your email address will not be published. Required fields are marked *