জ্যোতিষশাস্ত্ৰ: এক অপবিজ্ঞান,শাসকৰ শোষণৰ হাতিয়াৰ-(দুলাল পূজাৰী)

প্ৰাক-স্বাধীনতা কালতে জৱাহৰলাল নেহৰুৱে কৈছিল :বিজ্ঞানসুলভ মানসিকতা থাকিবলৈ হ'লে সমালোচনাত্মক দৃষ্টিভংগীৰ আৱশ্যক।আমি ৰাজনৈতিক আৰু অৰ্থনৈতিকভাৱে স্বাধীন হ'লেহে আমাৰ মনটোৱে স্বাভাৱিক বিচাৰ ক্ষমতাৰে কাম কৰিব।ৰবীন্দ্ৰনাথ ঠাকুৰে কোৱা "where mind is without fear""ভয়ৰ পৰা মুক্তি"বিজ্ঞানমনস্কতাৰ আচল চাবিকাঠি।আদিম মানৱে সাপ, শিল আৰু জুইৰ পৰা ভয় খাই পূজিবলৈ লৈছিল।ঠিক যেন আপ্তবাক্যটিৰ দৰে,"বলে নোৱাৰা শিলক পৰি নমস্কাৰ"! কিন্তু লাহে লাহে অভিজ্ঞতাৰ পৰা বুজি পালে - শিল কিয়,কেতিয়া পাহাৰৰ পৰা খহি পৰে।জুইক নিয়ন্ত্ৰণ কৰিব পৰা হ'ল।সাপ, শিল আৰু জুইৰ ভয়ৰ পৰা মানুহ মুক্ত হ'ল। জ্ঞানৰ পোহৰে আলোকিত হৈ ভূত-প্ৰেত বিশ্বাসক মনৰ পৰা আঁতৰাই পঠালে।যিবিলাক সমাজ আধুনিক বিকাশৰ লগত খোজ মিলাব নোৱাৰি ফচিল হৈ আছে, সেই সমাজতে অন্ধবিশ্বাস,কুসংস্কাৰ,ভূত-প্ৰেত,ডাইনীয়ে বাহ লৈছে।

সমাজত প্ৰচলিত এই অন্ধকাৰসমূহ আঁতৰাই পোহৰৰ আৱিৰ্ভাব হ'ল।এই পোহৰৰ নামেই বিজ্ঞান।বিজ্ঞানৰনো কেতিয়া জন্ম হ'ল? বিখ্যাত দাৰ্শনিক দেৱীপ্ৰসাদ চট্টোপাধ্যায়ে তেওঁৰ গ্ৰন্থ "আৱিষ্কাৰেৰ অভিযান"গ্ৰন্থত এই প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰয়াস কৰিছে।আজিৰ পৰা আঢ়ৈ হাজাৰ বছৰ আগতে মিলেটাছ নামে গ্ৰীকসকলৰ এটা ব্যৱসায় বাণিজ্যৰ ঘাটি আছিল। সেই চহৰতে থ্যলিছ নামে এজন পণ্ডিতে ঘোষণা কৰিলে এটা নিৰ্দিষ্ট দিনত এই নগৰৰ পৰা সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব।মানুহক আশ্চৰ্যচকিত কৰি সেইদিনা নিৰ্দিষ্ট সময়ত সূৰ্যক এটা ক'লা ছায়াই আৱৰি ধৰিলে।অৱশ্যে সেই সময়ৰ অৰ্থাৎ খ্ৰীঃপূঃ 585ৰ আগতে এনেকুৱা ভৱিষ্যৎবাণী কোনেও কৰা নাছিল,এনে কথাও নহয়। থ্যলিছৰ জন্মৰ বহু আগতেই ব্যবিলনৰ অনেকেই সঠিক ভৱিষ্যৎবাণী কৰি সূৰ্যগ্ৰহণৰ আগতীয়া বতৰা দিছিল।কিন্তু তথাপিও থ্যলিছক প্ৰথম বৈজ্ঞানিক হোৱাৰ গৌৰৱ ইতিহাসে দিয়ে।সূৰ্য গ্ৰহণ কেতিয়া হ'ব, এইটো কোনো পুৰোহিতে আন্দাজ কৰিব পাৰিলেও সূৰ্য গ্ৰহণ কিয় হয় সেই কথা বুজিব পৰা নাছিল।তেওঁলোকে ধাৰণা কৰিছিল - পৃথিৱীৰ সকলোতে দেৱতা-অপদেৱতাই টিঘিলঘিলাই আছে।সেয়েহে য'তেই যি আচৰিত ঘটনা নঘটক লাগিলে-সেয়া আন কোনো নহয়,কোনোবা নহয় কোনোবা এজন অপদেৱতাৰে কাণ্ড!সূৰ্য গ্ৰহণ মানে? অন্ধকাৰৰ এক ভয়ংকৰ অপদেৱতা সূৰ্য দেৱতাৰ ওপৰত জঁপিয়াই পৰিল আৰু সূৰ্য দেৱতাক গ্ৰাস কৰিলে! অন্ধকাৰৰ এই শক্তিশালী দৈত্যটো যেতিয়া সূৰ্যদেৱতাৰ ওপৰতে জঁপিয়াই পৰিব পাৰিছে - তেনেহ'লে মানুহ কোন কুটা?এই কথা ভাবিয়েই মানুহবোৰৰ বুকু কঁপি যায়! সেয়ে পুৰোহিতৰ মুখত এনেধৰণৰ কথা শুনি পুৰণি কালৰ সেই শিক্ষাৰ পোহৰ নোপোৱা সমাজৰ মানুহ ভয়তে অস্থিৰ হৈ ধূপ-ধুনা,নৈবেদ্য আগ বঢ়াই, ডবা-কাঁহ-শঙ্খ বা তেনেধৰণৰ বাদ্য বজাই,উৰুলি দি, মন্ত্ৰ পাঠ কৰি, উপবাসে থাকি এই অপদেৱতা বা দৈত্যটোক সন্তুষ্ট কৰিব বিচাৰে! নহ'লে বা আৰু কি ভয়ানক অঘটন ঘটায়!

থ্যলিছে যিদিনা মিলেটাছ চহৰত সূৰ্যগ্ৰহণ দেখিবলৈ পোৱা যাব বুলি ঘোষণা কৰিছিল সেইদিনা তাত গোট খোৱা অগণন লোকে আনকি শিশুসকলেও সূৰ্যগ্ৰহণ চাবলৈ অকণো ভয় খোৱা নাছিল।তেওঁলোকে শঙ্খ-ঘণ্টা বজোৱা, মন্ত্ৰ উচ্চাৰণ একো কৰা নাছিল।কাৰণ থ্যলিচে হিচাপ-পত্ৰ কৰি কেৱল সূৰ্যগ্ৰহণৰ সঠিক সময়েই কোৱা নাছিল, সূৰ্যগ্ৰহণ কিয় হয়,গ্ৰহণ বুলি কোৱা বস্তুটোনো আচলতে কি - এইবিলাক কথাও মিলেটবাসীক বুজাই কৈছিল।তেওঁ বুজাই কৈছিল যে আকাশৰ জোনবাইটো সূৰ্য আৰু পৃথিৱীৰ মাজত যেতিয়া আহি পৰে,তেতিয়াই পৃথিৱীত থকা আমাৰ চকুৰ পৰা সূৰ্যটো আঁৰ হৈ পৰে।এই গ্ৰহণ কোনো অলৌকিক ঘটনা নহয়,ইয়াৰ সৈতে দেৱতা,অপদেৱতা,ৰাহু-কেতু বা এনেধৰণৰ কোনো দৈত্যৰ কোনো সম্পৰ্ক নাই।এয়া লৌকিক ঘটনা। গ্ৰহণ চাই ভয় খোৱাৰ কোনো কাৰণ নাই।এইদৰে অলৌকিক বুলি ভবা ঘটনা একোটাৰ হাবি-বন পৰিষ্কাৰ কৰি ফটফটীয়াকৈ বুজাবলৈ ইয়াৰ আগতে কোনেও চেষ্টা কৰা নাছিল। ইয়াৰ আগেয়ে ধৰিত্ৰীক বুজিবলৈ কৰা চেষ্টাবোৰ ধৰ্মৰ ইন্দ্ৰজালেৰে আৱৰা আছিল।সেইবাবেই থ্যলিচ কেৱল পুৰোহিতেই নাছিল, তেওঁ আছিল পৃথিৱীক ধৰ্মৰ মোহৰ পৰা,অন্ধবিশ্বাসৰ পৰা মুক্ত কৰিবলৈ চেষ্টা কৰা প্ৰথমজন বৈজ্ঞানিক।জ্যোতিৰ্বিজ্ঞানী।অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ বিৰুদ্ধে বিজ্ঞান মানসিকতাৰ যুঁজখন মধ্যযুগত চলি আছিল৷ ছেক্সপিয়েৰৰ নাটক "জুলিয়াছ চিজাৰ"ত কেচিয়াচে ব্ৰুটাছক কৈছিল, "Men at sometime are masters of their fates.The fault, dear Brutus,is not in our stars.But in ourselves,that we are underlings".মানুহ নিজৰ ভাগ্যৰ নিজে নিয়ন্ত্ৰক।আমাৰ ভাগ্য গ্ৰহ-নক্ষত্ৰৰ ওপৰত নিৰ্ভৰ নকৰে,আমাৰ প্ৰকৃতি,আমাৰ কৰ্মৰ ওপৰতহে নিৰ্ভৰ কৰে।আমাৰ দেশৰ দৰে ইউৰোপতো মধ্যযুগত ডাইনী হত্যা,ভূত-প্ৰেত আদি অন্ধবিশ্বাস বৰ্তি আছিল।

প্ৰাচীন কামৰূপ পুৰণি কালৰে পৰা তন্ত্ৰ-মন্ত্ৰৰ দেশ আছিল।মীৰজুমলাই অসম জয় কৰিলেও প্ৰকৃতিৰ ৰুষ্ট অৱস্হাই তেওঁক পশ্চাদগমন কৰিবলৈ বাধ্য কৰিছিল।অসমৰ যাদু-মন্ত্ৰৰ পৰা বাচিবলৈ ৰামসিংহই তেওঁৰ লগত পীৰ,ফকীৰ লৈ আহিছিল।আহোম ৰজাই বুজনসংখ্যক দৈৱজ্ঞক ৰজাঘৰীয়াৰ পৃষ্ঠপোষকতাত পোহপাল দিছিল।তেওঁলোকৰ লগত স্বৰ্গদেৱৰ সম্পৰ্ক আছিল অম্ল-মধুৰ।কেতিয়াবা বঁটা পাইছিল, কেতিয়াবা গটা খাইছিল।দৈৱজ্ঞৰ কথা শুনি কেইবাজনো ফুকনে ৰজাৰ আজ্ঞা নমনাত দেওধাই অসম বুৰঞ্জীৰ মতে, গুৱাহাটীৰ সকলো দলৈক স্বৰ্গদেৱে বোলে, “ইহঁতৰ লগৰ গণক বিচাৰি দিয়ক,নহ'লে কাটিম”, এইবুলি লোৱা লগালে,ৰুদ্ৰখৰি নামৰ এজন দৈৱজ্ঞক নাক-কাণ,চকু এটা কাঢ়িলে।স্বৰ্গদেৱে গণকসকলক বৰ আস্থাত নলৈছিল - “শৰাইঘাটত গণক থাকিবকে নালাগে, ইহঁতক বুদ্ধি দিহে সিহঁতকো বেয়া কৰে।“সাধাৰণতে যুদ্ধ ক্ষেত্ৰত গণকসকল থাকি বিপক্ষৰ সৈন্যবাহিনীক আক্ৰমণৰ শুভক্ষণ গণনা কৰে।

জ্যোতিষৰ নিচিনা অপবিজ্ঞানক স্বামী বিবেকানন্দ, গুৰু নানকেও বিশ্বাস কৰা নাছিল।বিবেকানন্দই কৈছিল : যদি নক্ষত্ৰই আমাৰ জীৱনত প্ৰভাৱ পেলায় পেলাওক,তাত কোনো ক্ষতি নাই।...আপোনালোকে এটা কথা জানি থওক।জ্যোতিষত বিশ্বাস সাধাৰণতঃ দুৰ্বল মনৰ লক্ষণ।গতিকে মনলৈ কোনো দুৰ্বলতা আহিলেই সুচিকিৎসাক দেখুৱাই ভালদৰে ঔষধ খোৱা।ভাল পথ্য খোৱা আৰু বিশ্ৰাম কৰা।“ কিন্তু পৰিতাপৰ কথা স্বামীজীৰ ভক্তসকলেই আমাৰ দেশৰ বিশ্ববিদ্যালয়বোৰত জ্যোতিষশাস্ত্ৰৰ বিভাগ খুলিব বিচাৰে।আগৰখন বিজেপি চৰকাৰৰ দিনত মুৰুলী মনোহৰ যোশী শিক্ষামন্ত্ৰী হৈ থাকোঁতে ২০০১ চনত এই প্ৰচেষ্টা চলাইছিল।তেওঁলোকে জ্যোতিষশাস্ত্ৰ আৰু জ্যোতিৰ্বিজ্ঞানক একাকাৰ কৰিব বিচাৰে।কিন্তু দিনৰ পোহৰৰ দৰেই এই কথা স্পষ্ট যে জ্যোতিষ বিজ্ঞান নহয়,বিজ্ঞানৰ কোনো বৈশিষ্ট্য, নিয়ম ই মানি নচলে।প্ৰাচীন কালত ৰজাক ভগৱানৰ সন্তান,ভগৱানৰ অৱতাৰ বা দেৱতা বুলি পূজা কৰিছিল।মান্ধাতা যুগৰ এই চিন্তা শাসক শ্ৰেণীয়ে জনমানসত প্ৰোথিত কৰিবলৈ এতিয়াও চেষ্টা কৰি আছে।তেওঁলোকৰ মনত গংগা, গোদাবৰী, বৰাক, ব্ৰহ্মপুত্ৰ নদ-নদী নহয়, দেৱী বা দেৱতা!প্লাষ্টিক চাৰ্জাৰী আধুনিক নহয়,বুৰঞ্জীয়ে ঢুকি নোপোৱা কালতে আমাৰ দেশত প্ৰচলিত আছিল! আগৰ জন্মৰ পাপৰ ফলতহে কেঞ্চাৰ হয়।পুহমাহ শুভ নহয়।ইয়াৰ বাবেই সম্পূৰ্ণ হোৱাৰ পাছতো শৰাইঘাটৰ দ্বিতীয় দলং ৰাইজৰ বাবে মুকলি কৰি নিদি ৰাইজক জীয়াতু ভুগোৱাৰ কথা নিশ্চয় কোনেও পাহৰা নাই।এতিয়া বগীবিল দলঙৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো বোধহয় শুভক্ষণ বিচাৰি আছে!

‘আৱিষ্কাৰেৰ অভিযান’ গ্ৰন্থখনতে দেৱীপ্ৰসাদ চট্ৰোপাধ্যায়ে উল্লেখ কৰিছে, "প্ৰাচীন কালত গ্ৰীচ দেশত ইচোক্ৰেটিচ নামৰ এজন বহুত নামজ্বলা ৰজা আছিল।তেওঁ প্ৰাচীন মিচৰৰ ধৰ্ম-বিশ্বাসক লৈ আলোচনা কৰিবলৈ গৈ মজাকৈ কৈছে - দেশ শাসনৰ বাবে ধৰ্ম বিশ্বাস,অন্ধবিশ্বাস,জ্যোতিষ বিশ্বাস অতি জৰুৰী।যি সকলে মিচৰৰ আইন ৰচনা কৰিছিল,তেওঁলোকে চেষ্টা কৰিছে কুসংস্কাৰবিলাকক ভালদৰে জীয়াই ৰাখিবলৈ।তেওঁৰ মতে, ইয়াৰ পৰা দুটা লাভ হয়।প্ৰথমতে, সাধাৰণ মানুহৰ পক্ষে কাণ-মূৰ পেলাই ওপৰৱালাৰ সকলো ধৰণৰ আদেশ পালন কৰাৰ অভ্যাসটো শাসকৰ পক্ষে বৰ মংগলজনক।দ্বিতীয়তে,যিসকলে ভগৱানৰ দয়াৰ ওপৰতে বাচিবলৈ শিকে,তেওঁলোকে জ্যোতিষ,ভাগ্য,আঙুঠিৰ ওপৰত, সাধাৰণভাবে সকলো কথাতে অদৃষ্টৰ দয়াৰ ওপৰত নিৰ্ভৰ কৰিব - অৰ্থাৎ জোৰ কৰি, প্ৰতিবাদ, সংগ্ৰাম কৰি তেওঁলোকৰ ন্যায্য প্ৰাপ্য আদায় কৰিবলৈ কোনো দিনে নিবিচাৰিব।হাতযোৰ কৰি কেৱল প্ৰাৰ্থনাহে কৰিব।ঐক্যবদ্ধ হৈ সংগ্ৰাম কৰিবলৈ কোনোদিনেই সক্ষম নহ’ব।দয়াৰ দান হিচাবে উচ্ছিষ্ট খাই,জীৰ্ণবস্ত্ৰ পিন্ধিয়েই আনন্দৰে জীৱন পাত কৰিব।সেইকাৰণেই আজিও আমি দেখিবলৈ পাওঁ, ৰজা বা শাসক গোষ্ঠীয়ে সদায় বিজ্ঞান,বিজ্ঞানমনস্কতাক নহয়, অন্ধবিশ্বাস-কুসংস্কাৰকহে প্ৰশ্ৰয় দি আহিছে।বৰ্তমানৰ শাসক দলটোৱে এসময়ত সতীদাহ প্ৰথাক উৎসাহ দিছিল।অতি সম্প্ৰতি উচ্চতম ন্যায়ালয়ে কেৰালাৰ সবৰীমালা মন্দিৰত দহৰ পৰা পঞ্চাশ বছৰ বয়সৰ মহিলাৰ প্ৰৱেশত থকা নিষেধাজ্ঞা উঠাই দি যি ঐতিহাসিক ৰায় দিছে,তাৰো বিৰোধিতা কৰিছে বিজেপি, কংগ্ৰেছৰ দৰে দল আৰু হিন্দুত্ববাদী সংগঠনবোৰে।দেৱীপ্ৰসাদে সেয়েহে এনে দলৰ দ্বাৰা গঠিত শাসকশ্ৰেণীটোক কাটল মাছ (Cuttle fish)ৰ লগত তুলনা কৰিছে।অন্য প্ৰাণীৰ দ্বাৰা আক্ৰমণৰ সম্ভাৱনা দেখিলে এই প্ৰাণীবিধে শৰীৰৰ ভিতৰৰ পৰা ক’লা চিয়াঁহীৰ নিচিনা পদাৰ্থ নিৰ্গত কৰি চাৰিওফালে অন্ধকাৰৰ সৃষ্টি কৰে।এই অন্ধকাৰৰ মাজত সোমায়ে ই বাচে।শাসকশ্ৰেণীয়েও এই কৌশলেই ব্যৱহাৰ কৰে।ধৰ্মান্ধতাৰ অন্ধকাৰ সৃষ্টি কৰি নিজৰ স্বাৰ্থৰ লগতে পাণ্ডা-পুৰোহিত, জ্যোতিষী আদিৰো স্বাৰ্থ ৰক্ষা কৰে।শাসকশ্ৰেণীৰ শাসন বৰ্তাই ৰখাৰ এয়া কৌশল, হাতিয়াৰ।

Share Button
Print Friendly, PDF & Email

No Comments : "জ্যোতিষশাস্ত্ৰ: এক অপবিজ্ঞান,শাসকৰ শোষণৰ হাতিয়াৰ-(দুলাল পূজাৰী)"

Leave a Comment

Your email address will not be published. Required fields are marked *