কানীন : অনীহাৰ গাঁঠি (এজন সাধাৰণ দৰ্শকৰ অনুভৱ)- (সিদ্ধেশ্বৰ দাস)

অৱশেষত অনুৰাধাত 'কানীন' চালোঁ। জানিছিলোঁ যে শুক্ৰবাৰ আহিলে আকৌ নতুন চিনেমা আৰম্ভ হ’ব। 'কানীন' যদি চাব নেপাওঁ! কিয়নো অসমীয়া চিনেমা হলবোৰত সৰহ দিন নচলে। হলৰ মালিকে লোকচান ভৰি চিনেমা নচলায়। বলিউডত নিৰ্মিত চিনেমাৰ দৰ্শকৰ অভাৱ নাই। পৰিতাপৰ কথা, অসমীয়া চিনেমাৰ দৰ্শক বৰ তাকৰ। ব্যতিক্ৰম আছিল 'ভিলেজ ৰকষ্টাৰ্ছ'। একমাত্ৰ 'ভিলেজ ৰকষ্টাৰ্ছ'খনে দৰ্শক সৰহকৈ পাইছিল। তাৰ এটা কাৰণ আছিল চিনেমাখন অসমৰ হলবোৰত প্ৰদৰ্শন কৰাৰ আগতে ৰাষ্ট্ৰীয় আৰু আন্তৰ্জাতিক স্তৰত পুৰস্কাৰ পাইছিল। জ্যোতিপ্ৰসাদৰ দ্বাৰা ১৯৩৫ চনতে অসমীয়া চিনেমাৰ যি যাত্ৰা আৰম্ভ কৰিছিল তাৰ পৰা এতিয়ালৈকে যিমান চিনেমা নিৰ্মাণ হ'ল সেই সংখ্যা তেনেই তাকৰ নহয়। কিন্তু গুণৰ ফালৰ পৰা সংখ্যাটো বৰ ডাঙৰ নহয় বুলি মোৰ ধাৰণা। কিন্তু সুখৰ কথাটো হ'ল যে আজি কিছু দিন ধৰি নতুন পৰিচালকসকলৰ পৰা আমি কিছু ভাল ছবি লাভ কৰিছোঁ। সাম্প্ৰতিক সময়ত জাহ্নু বৰুৱা, সান্তনা বৰদলৈ বা মঞ্জু বৰাই ৰুচিসন্মত চিনেমা নিৰ্মাণ কৰি আছে। এওঁলোক নিশ্চয় নতুনচামৰ আদৰ্শ। নতুন পৰিচালকৰ তেনে এখন সুন্দৰ চিনেমা আছিল ৰীমা দাস পৰিচালিত "ভিলেজ ৰকষ্টাৰ্ছ"। তাৰ পাছত চালোঁ 'কানীন'। ২০১৭ চনত 'মাজৰাতি কেতেকী' চাওঁতে যিদৰে চকু আৰু মন চিনেমাৰ পৰ্দাত নিৰৱচ্ছিন্নভাৱে নিবদ্ধ আছিল ঠিক একেদৰে কানীন চাই থাকোতে চকু চিনেমাৰ পৰ্দাৰ পৰা আঁতৰাব পৰা নাছিলোঁ। কাহিনীটোৰ মাজলৈ লাহে লাহে সোমাই পৰিছিলোঁ। প্ৰতিজন অভিনেতা আৰু অভিনেত্ৰীয়ে কৰা সুন্দৰ অভিনয়ে চিনেমাখনৰ কাহিনীটোৰ এক বিশেষ মাত্ৰা প্ৰদান কৰিছে। বিশেষকৈ মন্দিৰা বৰুৱাৰ চৰিত্ৰত ডাক্টৰ জাহানাৰা বেগম আৰু ৰাজীৱৰ চৰিত্ৰত পার্থ হাজৰিকাৰ অভিনয় আছিল অনবদ্য আৰু হৃদয়স্পৰ্শী। চকুৰ পানী সামৰিব পৰাটো সহজ নাছিল। কানীন মানে কুমাৰী মাতৃৰ সন্তান। আবিয়ৈ মাতৃৰ সন্তানৰ প্ৰতি যি হেঁপাহ আৰু মৰম সি সমাজৰ আগত প্ৰকাশ কৰাটো সহজ নহয়। লুকুৱাই ৰাখিব লগা হয়। সমাজৰ ভয়ত, সন্মানৰ ভয়ত। কিয়নো সি সমাজত নিষিদ্ধ। আনকি মহাভাৰতৰ কৰ্ণৰ পাছত আৰু কোটি কোটি কৰ্ণৰ জন্ম হ'ল পৃথিৱীত, কিন্তু তেনে কৰ্ণৰ মাতৃ সাহসেৰে ওলাই আহি প্ৰকাশ কৰিব নোৱাৰে যে তেওঁ সেই সন্তানৰ মাতৃ। যাক তেওঁ জন্ম দিব লগা হৈছিল, কিন্তু সমাজৰ গঞ্জনাৰ ভয়ত পৰিত্যাগ কৰিব লগা হয়। মাতৃৰ সেই দুখ বেদনা আৰু অন্তৰ্দাহ মাতৃগৰাকীয়ে বুজে। মন্দিৰা বৰুৱাৰো আছিল সেই বেদনা আৰু অনুশোচনা যে এদিন তেওঁৰ সন্তানো ৰাজপথত পেলাই দিব লগা হৈছিল। মাতৃ সদায়ে মাতৃ। তেওঁ এটা অনুশোচনা আৰু বেদনা কঢ়িয়াই ফুৰিছিল ২৪ বছৰে। তেওঁ বিচাৰিছিল তাৰ পৰা মুক্তি। সেই নিৰন্তৰ জিজ্ঞাসা, হেঁপাহ আৰু আশাসুধীয়া চেষ্টাৰ ফলত এদিন মন্দিৰাই নিজ সন্তানৰ সন্ধান পাই ঘৰলৈ অনাৰ প্ৰস্তুতি কৰে। স্বামী আৰু বিবাহিত জীৱনৰ যি দুই সন্তান আটাইকে আবিয়ৈ জীৱনৰ কাহিনী ক'ব বুলি ঠিৰাং কৰে। তেওঁ এই ক্ষেত্ৰত যে দৃঢ়মনা আছিল তাত সন্দেহ নাছিল। তেওঁ এই কথাটো প্ৰকাশ কৰিবলৈ সুযোগ বিচাৰি আছিল আৰু সচেতনভাৱেই এটা বিপদসংকুল অৱস্থাৰ মুখা মুখি হ'বলৈ আগ বাঢ়িছিল। তেওঁৰ পৰিত্যক্ত পুত্ৰ ৰাজীৱক চিনাক্ত কৰি ঘৰলৈ আনিবলৈ প্ৰস্তুতি চলালে। যিদিনা ৰাজীৱক আনিবৰ ব্যৱস্থা হৈছিল সেইদিনাই তেওঁৰ পুত্ৰৰ মেট্ৰিক পৰীক্ষাৰ ফলাফল প্ৰকাশ হ'ল। তেওঁৰ পুত্ৰই ষ্টেণ্ড কৰিছে। ফূৰ্তিৰ জোৱাৰ বৈছে ঘৰত। টিভিৰ সাংবাদিক আহিছে আৰু অনেক লোকেৰে উৎসৱমুখৰ পৰিবেশ। স্বামী আৰু পুত্ৰই বাৰে বাৰে টেলিফোন কৰি মন্দিৰাক ঘৰলৈ সোনকালে আহিবলৈ কৈছে। অথচ তেওঁ ৰাজীৱক সেইদিনা ঘৰলৈ নিবলৈ আহিব। অদৃষ্টৰ কি পৰিহাস, তেনে এটা আনন্দৰ পৰিবেশত কিদৰে জীৱনৰ এটা ক'লা অধ্যায়ৰ কথা বেকত কৰে মন্দিৰাই। কিদৰে কয় ৰাজীৱ তেওঁৰ সন্তান, আবিয়ৈ জীৱনত কৰা এটা ভুলৰ পৰিচয়। এই মানসিক দ্বন্দ্ব আৰু অসহায় অৱস্থাৰ যি অভিনয় জাহানাৰা বেগমে কৰিলে সি দৰ্শকক কন্দুৱালে। ৰাজীৱক ঘৰলৈ নিয়াৰ পথত হেঙাৰ হ'ল ঘৰৰ আনন্দমুখৰ পৰিবেশ। মন্দিৰাই কি কৰিব। সন্তানৰ সফলতাৰ আনন্দত যোগ দিব, নে ৰাজীৱৰ কথা ভাবিব। এই দ্বন্দ্ব সমাধান কৰা সহজ নাছিল। শেহত ৰাজীৱক মন্দিৰাই ঘৰলৈ আনিব নোৱাৰিলে। ৰাজীৱ কিন্তু অৱশেহত কানীন হৈয়ে ৰ'ব লগা হল। ৰাজীৱ কৰ্ণ হৈ থাকিল। ৰাতিপুৱাৰ পৰা বাট চাই চাই সাজ লগালৈ ৰৈ ৰৈ ৰাজীৱ এন্ধাৰত বিলীন হৈ গল। দৰ্শকো যেন অসহায় হৈ ৰ'ল। সেই দৃশ্য আছিল অসহনীয়। কাৰণ দর্শকেও ভাবিছিল ৰাজীৱে অৱশেহত মাতৃৰ পৰিচয় লাভ কৰিব। অসমত সুস্থ ৰুচিৰ চিনেমা নিৰ্মাণ কৰি পৰিচালক মঞ্জুল বৰুৱাই ইতিমধ্যে দৰ্শকৰ হৃদয়ত এটা স্থান কৰি লৈছে। কানীনে সেই স্থান আৰু নিগাজী কৰিলে। তৰালী শৰ্মাৰ গানো আছিল হৃদয় মন চুই যোৱা। আৰু পোষ্টাৰসমূহো জানো কম নান্দনিক!

পুনৰ আহিছোঁ অনীহাৰ গাঁঠিলৈ। অসমৰ ৰাইজৰ পৰা অনীহাৰ গাঁঠি ভাঙক বুলিয়ে কানীন পৰিয়ালে অসমৰ দিহিঙে-দিপাঙে গৈ প্ৰচাৰ চলালে। দৰ্শকৰ লানি নিছিগা সোঁত ব'ব লাগিছিল। চিনেমা হলবোৰ দৰ্শকৰে উপচি পৰিব লাগিছিল। মোৰ নিজস্ব অভিজ্ঞতা যে কিন্তু সেইদিনা অনুৰাধাত দৰ্শক আছিল তেনেই তাকৰ। সেই বাবে বেজাৰ অনুভৱ কৰিছিলো। নাজানো প্ৰযোজকৰ বিনিয়োগ হোৱা ধন উভতি আহিবনে? অনীহাৰ গাঁঠি খোল খাব লাগিছিল। এইবাবেই লাগিছিল যে কানীন নিঃসন্দেহে এখন ব্যতিক্ৰমী চিনেমা। মানৱীয় সম্পৰ্কৰ এখন অসাধাৰণ আৰু অগতানুগতিক চিনেমা। এনে উচ্চ ৰুচিবোধসম্পন্ন চিনেমা এখন নাচালে প্ৰযোজক-পৰিচালকৰে ক্ষতি নহয়, ক্ষতি দৰ্শকৰো। শেহতীয়া সুখবৰটো হৈছে তেজপুৰ আৰু কাষৰীয়া ঠাইবোৰৰ দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি। তৃতীয় সপ্তাহত ভৰি দিলে। আৰু এটা মন কৰিব লগা কথা হ'ল বহুজনে চিনেমাখন চাই নিজৰ মতামত ব্যক্ত কৰিছে মুখপুথিৰ পাতত। তেনেবোৰ লিখনি ডাক্টৰ জাহানাৰা বেগমে পুনৰ প্ৰকাশ কৰি আমাক মানুহৰ প্ৰতিক্ৰিয়াসমূহ জানিবৰ সুযোগ দিছে। কতজনে কত সুন্দৰ কথা লিখিছে। তেনে feedbackএ চিনেমা নিৰ্মাতা আৰু অভিনেতা-অভিনেত্ৰীক নিশ্চয় উৎসাহিত কৰিব। শেহত দুটা আশা থাকিল, - চলচ্চিত্ৰ সমালোচকৰ দ্বাৰা চলচ্চিত্ৰখনৰ সঠিক মূল্যায়ন হওক আৰু লগতে দেশ-বিদেশত প্ৰদৰ্শিত হৈ পুৰস্কৃত হওক।

Share Button
Print Friendly, PDF & Email

No Comments : "কানীন : অনীহাৰ গাঁঠি (এজন সাধাৰণ দৰ্শকৰ অনুভৱ)- (সিদ্ধেশ্বৰ দাস)"

Leave a Comment

Your email address will not be published. Required fields are marked *