কেম'থেৰাপী-(ৰশ্মিৰেখা বৰা)

(১)

মোৰ সৰু কোঠাটোৰ একমাত্ৰ খিৰিকীখনৰ সিপাৰে থিয় পাহাৰ এটা আছে
কুঁৱলীত আধাফাল ঢাক খাই থকা পাহাৰটোৰ সিপাৰে কি আছে মই নাজানো
থৰ লাগি পুৱাৰপৰা গধূলিলৈ মই সেইফাললৈকে চাই থাকোঁ

সেইখিনি পালেই উৰি যোৱা চৰাইবোৰ হেৰাই যায়
চিলাবোৰ মুকলি হয় বান্ধোনৰপৰা
জোনাকী পৰুৱা এজাক দপকৈ জ্বলি নোহোৱা হয়
হেমন্তৰ পকাপাতবোৰৰ স'তে জিলীবোৰো
এইপাৰৰপৰা মই আকুল হৈ চাই থাকোঁ অজানা সিপাৰ
এইপাৰৰ নিশ্চয়তাতকৈও তীব্ৰ সিপাৰৰ মাত
আধা টোপনিত মোৰ সৰি যোৱা চুলিবোৰেৰে মই তালৈ সাকো এডাল সাজোঁ
খিৰিকীখন খুলি ৰাখিবা
সিপাৰে কিজানি কোনোবাই গান গাইছে
কিজানি মেঘৰ মাজত উপচি ফুলিছে নীলাভেঁটবোৰো

(২)

আমি আকৌ লগ হ'লোঁ আৰু দুয়ো দুয়োলৈ চাই মিচিকিয়ালোঁ
প্ৰথম দেখাৰ দিনা তেওঁৰ মূৰটো সেউজীয়া চাদৰ এখনেৰে ঢকা আছিল
আজি বগা বিছনাখনত তেওঁক এটা প্ৰাচীন মঠৰ ভিক্ষুণীৰ দৰে লাগিছে

ডাক্তৰৰ সৈতে কথা হ’ল, মোৰ কাষৰ বিছনাখনৰপৰা তেওঁ ফুচফুচালে
অস্ত্ৰোপচাৰৰ পিছত বিশৰপৰা পঁচিশ শতাংশ সম্ভাৱনা
লৈ লওঁ চাঞ্চটো নে কি কোৱা — তেওঁৰ চকুদুটা ক্ষণিকৰ বাবে যেন তিৰবিৰাই উঠিল
ওলমি থকা বটলটোৰপৰা তেওঁৰ শৰীৰলৈ গৈ থকা ৰঙা তৰল পদাৰ্থখিনিলৈ চাই মই শিল হৈ ৰ’লোঁ
বৰষুণ দিছে নেকি কিয় জানো পুৱাৰপৰাই অহৰহ কাণত বাজি আছে বৰষুণৰ শব্দ— তেওঁ সুধিলে
আজিৰ ইমাৰ্জেঞ্চী দীঘলীয়া কোঠাটোত এখনেই খিৰিকী মোৰ বিছনাৰ কাষত
খিৰিকীৰ সিপাৰেই এক আকাশচোৱা আধাসজা অট্টালিকা তাৰ বাহিৰে আন একোকে নেদেখি
এৰা পিঠাগুৰীয়া বৰষুণ পৰিছে
যোৱা ৰাতি নসৰা শেৱালিকেইপাহমানে নাচিছে আহিনৰ কোমল বতাহত
গছজোপাত এটা চৰাইৰ বাহ, দুটা নুফুটা কণীও আছে তাত
সৌৱা আধাপকা কমলা এসোপা হোৰাত লৈ
পাহাৰটোৰপৰা নামি আহিছে জনজাতীয় মহিলাদুজনী
ৰামধেনুবৰণৰ ছাতি লৈ এজাক কিশোৰীয়ে দুডলীয়া বেণীবোৰ
জোকাৰি জোকাৰি স্কুললৈ গৈছে
আৰু জানে কণমানি এটাৰ হয়তো মুঠেও যাবলৈ মন নাই
মাকে তাক টানি-আঁজুৰি নি আছে
তেওঁ হঠাত উদাস হৈ পৰিল আৰু ক’লে
হস্পিতেল ঘৰ হস্পিতেল ঘৰ কৰোঁতে কৰোঁতে পথাৰবোৰলৈ চাবলৈকে আহৰি পোৱা নাই
ধানে চাগে থোৰ মেলিলে নহয়নে
নীলা পোছাক পিন্ধা বালিমাহী চৰাইজনীৰ দৰে নাৰ্ছজনী আহিল
আমাৰ দুয়োৰে শেষ হ’ব ধৰা চেলাইনদুটা খুলি নতুন দুটা আঁৰি দিলে
পৃথিৱীৰ সকলো দুৰ্ভাৱনা কঢ়িয়াই ফুৰা গোমাঠা মুখৰ আন এগৰাকী নাৰ্ছে উদাস চকুদুটাৰে আমাক লেহন কৰি গ’ল
এই বেচেৰীৰ বৰ দুখ যেন পাওঁ — তেওঁ আকৌ এবাৰ ফুচফুচালে
এবাৰ অকাৰণতে হাঁহিলে আৰু ক’লে
জানানে বিয়াৰ পাছতে আমাৰ তেওঁক কৈছিলোঁ এটা সৰু ঘৰ
বাঁহনি, পথাৰ আৰু পুখুৰী এটাৰ সৈতে
দুয়ো লাগি-ভাগি মন যোৱা আটাইবোৰকে গোটালোঁ
আগবাৰীৰ ফুলনি পিছবাৰীৰ শাকনি ল’ৰা-ছোৱালী নাতি-নাতিনী
এতিয়া জীৱনটো বিশ-পঁচিশ শতাংশত ৰৈ যোৱাৰ পৰত
ইমান চিন্তা কৰিবলগা কি নো হয়নে
হ’ল যদি হ’ল নহ’ল যদি নহ’ল আৰু
মোৰ বৰ দোষী দোষী লাগিল অকস্মাত
ডাক্তৰৰ মতে মোৰ চাঞ্চ এশ শতাংশ
এইবোৰ শেষ হওক বুজিছা
এদিন মোৰ তালে আহিবা বাৰীৰ শাক আৰু পুখুৰীৰ মাছেৰে ভাত খুৱাম
আমি দুয়ো হাঁহিলোঁ
খিৰিকীৰ সিপাৰে সময়বোৰ পাৰ হৈ গৈ থাকিল
দুডলীয়া বেণীৰ ছোৱালীবোৰ কেতিয়াবাই ঘৰলৈ ঘূৰি গ’ল
আজিৰ বাবে আমাৰো শেষ হ’ল
বালিমাহীয়ে দেহৰপৰা নলবোৰ আঁতৰালে
আমি ইজনীয়ে সিজনীৰপৰা বিদায় ল'লোঁ
মই কিন্তু অহাবাৰলে তোমাৰ বিছনাখন ল’ম দেই
এই আপদীয়া সময়খিনি মই বেণীগোঁঠা ছোৱালীবোৰ চাম
স্কুললৈ যাবলৈ মন নকৰা ল’ৰাটো
আৰু দূৰৈৰ পাহাৰটোৰপৰা নামি অহা তিৰোতাবোৰ
মই তেওঁক নক’লোঁ সেই খিৰিকীখন আছিল মৃত
আৰু বাকী আটাইখিনি ‘চলিহাৰ কল্পনাৰ জাল’
Share Button
Print Friendly, PDF & Email

No Comments : "কেম'থেৰাপী-(ৰশ্মিৰেখা বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *