খাটিখোৱা জনতাৰ ৰাজনৈতিক চেতনা

সৌ সিদিনালৈকে ফেইচবুকৰ প্ৰায়ভাগ বন্ধুৰ প্ৰফাইলত ৰাজনৈতিক দৰ্শনৰ বিপৰীতে ‘আই হেট পলিটিক্স', ‘নট ইণ্টাৰেষ্টেড' জাতীয় বাক্যাংশ লিখা প্ৰত্যক্ষ কৰিছিলো৷ কিন্তু, ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ আগৰপৰা দৃশ্যপট সলনি হৈ পৰিল৷ ৰাজনীতিক ঘৃণা কৰা বা ৰাজনীতিৰ প্ৰতি আগ্ৰহ নোহোৱা যুৱক-যুৱতীৰ সংখ্যাও কমি আহিল৷ হয়তো নৰেন্দ্ৰ মোডীৰ ‘মেজিক’ৰ প্ৰভাৱতে অসমৰ লগতে দেশখনৰ যুৱক-যুৱতীসকল ৰাজনীতিৰ প্ৰতি আকৰ্ষিত হৈ উঠিল! এতিয়াতো ফেইচবুক খোলাৰ লগে লগেই বিভিন্ন দলৰ সমৰ্থকসকলৰ ৰাজনৈতিক মন্তব্য চকুত পৰে৷

ভাল কথা, দেশৰ যুৱক-যুৱতীসকল ৰাজনৈতিকভাৱে সচেতন হৈ উঠাটো ভাল কথা৷ কাৰণ, ৰাজনীতিক বাদ দি এখন সুস্থ-সবল সমাজ বা উন্নত দেশ গঠনৰ বিষয়ে কল্পনা কৰিব নোৱাৰি৷ মানৱ সভ্যতাৰ উত্থান-পতনৰ আঁৰত ৰাজনীতিয়েই বহুলাংশে ক্ৰিয়া কৰি আহিছে৷ কিন্তু, বাস্তৱ ক্ষেত্ৰত দেখা যায় যে সাধাৰণ লোকসকলৰ কথা বাদেই, তথাকথিত শিক্ষিত ব্যক্তিসকলেও ‘ৰাজনীতি দগাবাজৰ শেষ আশ্ৰয়', ‘ৰাজনীতিয়ে সমাজখন এপিনৰপৰা ধ্বংস কৰি আনিছে' আদি নেতিবাচক মত পোষণেৰে ৰাজনীতিৰপৰা দূৰত অৱস্থান কৰিবলৈ চেষ্টা চলায়৷ আমাৰ সমাজ জীৱনত ৰাজনীতি সম্পৰ্কত এনেধৰণৰ নেতিবাচক ধাৰণা প্ৰচলিত হৈ থকাৰ কাৰণ কি?

ইয়াৰ উত্তৰ মূলতঃ এটাই – সুবিধাবাদী শাসক শ্ৰেণীয়ে তেওঁলোকৰ শোষণ-বঞ্চনা দীৰ্ঘম্যাদী কৰি ৰখাৰ স্বাৰ্থতে সৰ্বসাধাৰণক ৰাজনৈতিকভাৱে অসচেতন কৰি ৰাখিব বিচাৰে৷ শাসক-শোষক শ্ৰেণীয়ে এই কথা ভালদৰে জানে যে শোষিত-বঞ্চিত লোকসকল ৰাজনৈতিকভাৱে সচেতন হৈ উঠিলেই তেওঁলোকৰ সান্দহ খোৱা বালি তল পৰিব৷ সেয়ে তেওঁলোকে ৰাজনীতি সম্পৰ্কে কেতবোৰ নেতিবাচক ধাৰণা প্ৰচলন কৰি সৎ আৰু বিবেকৱান শিক্ষিতসকলৰ লগতে সৰ্বসাধাৰণক ৰাজনীতিৰপৰা আঁতৰাই ৰখাৰ অপচেষ্টা কৰি আহিছে৷ এনে স্থলত শোষিত-তোষিত শ্ৰেণীয়ে যৰ্থাৰ্থভাৱে উপলব্ধি কৰা উচিত যে তেওঁলোক প্ৰকৃত ৰাজনৈতিক জ্ঞান আৰু চেতনাৰে সজ্জিত হৈ উঠিলেহে শতিকাজোৰা শোষণ-বঞ্চনা, দুৰ্নীতি-ভ্ৰষ্টাচাৰ আদি অন্ত হ'ব আৰু প্ৰকৃত পৰিৱৰ্তনৰ স্বাদ লাভ কৰিব৷
প্ৰকৃত ৰাজনৈতিক জ্ঞান আৰু চেতনাৰ অৰ্থ হ'ল – এখন বিকশিত, সুস্থ-সবল আৰু শান্তিময় মানৱীয় সমাজ গঢ়ি তুলিবৰ বাবে প্ৰয়োজনীয় বিজ্ঞানসন্মত আৰু প্ৰগতিশীল পদ্ধতিৰ বিষয়ে অৱগত হৈ সেই পদ্ধতিৰ বাস্তৱ প্ৰয়োগৰ বাবে চেষ্টা চলোৱা৷ ৰাজনীতিক অৰ্থনীতিৰ ঘনীভূত ৰূপ বুলি কোৱা হয় বাবে ৰাজনীতিকৰ প্ৰথম কৰণীয় হৈছে–বিভিন্ন প্ৰাকৃতিক আৰু মানৱ সম্পদৰ বিকাশ সাধনেৰে জনগণৰ স্বনিৰ্ভৰশীলতা আৰু সকলোধৰণৰ নিৰাপত্তা নিশ্চিত কৰি তোলা৷ কিন্তু, আমাৰ দেশত অধিকাংশ লোকেই মানৱ জাতিৰ সাৰ্বিক বিকাশৰ প্ৰসংগক আওকাণ কৰি কেৱল ভোট প্ৰদান, নেতা নিৰ্বাচন, বিপক্ষৰ ৰাজনৈতিক দল-কৰ্মীক কটু সমালোচনা কৰা আদিকেই ৰাজনৈতিক জ্ঞান বা সচেতনতা বুলি ভাবে৷ ন্যস্ত স্বাৰ্থান্বেষী একোটা ৰাজনৈতিক দল বা একোজন ৰাজনীতিকে যে কেৱল নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ লক্ষ্যৰে ভোটাৰ ৰাইজক প্ৰলোভিত কৰিবলৈ বিভিন্ন ভাষণ বা প্ৰতিশ্ৰুতি দিয়ে আৰু তেনে ভাষণ বা প্ৰতিশ্ৰুতিৰ আঁৰত যে চতুৰালি লুকাই থাকে, সেয়া প্ৰকৃত ৰাজনৈতিক জ্ঞান অবিহনে উপলব্ধি কৰিব নোৱাৰি৷ সৰ্বসাধাৰণৰ প্ৰকৃত ৰাজনৈতিক জ্ঞান আৰু চেতনাৰ অভাৱৰ বাবেই ভাৰতীয় সংসদীয় নিৰ্বাচনী ব্যৱস্থাত খাটিখোৱা ৰাইজৰ অভাৱ-অভিযোগ দূৰ কৰি তেওঁলোকক মৰ্যাদাসহকাৰে জীয়াই থকাৰ এক পৰিৱেশ সৃষ্টি কৰিব পৰা একোটা প্ৰকৃতাৰ্থত পৰিৱৰ্তনকামী ৰাজনৈতিক দলে ক্ষমতালৈ অহাৰ সুযোগ নাপায়৷ তাৰ পৰিৱৰ্তে ভাৰতত বাৰে বাৰে ক্ষমতালৈ আহে কেৱল পুঁজিপতি আৰু মধ্যবিত্ত শ্ৰেণীৰ স্বাৰ্থক অগ্ৰধিকাৰ দিয়া বা ৰাজনীতিক এক লাভজনক পেছা হিচাপে গ্ৰহণ কৰা পৰিয়ালতন্ত্ৰৰ পৃষ্ঠপোষক ৰাজনৈতিক দলবোৰ৷ এনে ৰাজনৈতিক দলবোৰে ক্ষমতা লাভৰ স্বাৰ্থত ধৰ্মীয়-জাতীয়-সাম্প্ৰদায়িক আৱেগক প্ৰকাশ্যে বা অপ্ৰকাশ্যে হাথিয়াৰ হিচাপে ব্যৱহাৰ কৰে আৰু সৰ্বসাধাৰণৰ অজ্ঞতাৰ সুযোগত সেই ক্ষেত্ৰত সফলো হয়৷

ভাৰতীয় সংসদীয় নিৰ্বাচনী ব্যৱস্থাত অৱতীৰ্ণ হৈ যি ৰাজনৈতিক দলে চৰকাৰ গঠনৰ সুযোগ লাভ কৰে, সেই দলটোৱে পোষণ আৰু প্ৰচাৰ কৰি অহা মতটো সংখ্যাগৰিষ্ঠ লোকক মানিবলৈ বাধ্য কৰায়৷ ক্ষমতাসীন চৰকাৰ এখনে ৰাজহুৱা স্বাৰ্থৰ প্ৰতিকূল নীতিকো প্ৰচাৰ মাধ্যমৰ জৰিয়তে বা অন্য প্ৰকাৰে অনুকূল বুলি প্ৰতিপন্ন কৰাৰ অপচেষ্টা চলোৱা দেখা যায়৷ কিন্তু, সংখ্যাগৰিষ্ঠ ৰাইজৰ বিশ্বাস বা ধাৰণাৰ ওপৰত একোটা বৈজ্ঞানিক সত্য নিৰ্ভৰ নকৰিবও পাৰে৷ উদাহৰণস্বৰূপে, জ্যোতিষশাস্ত্ৰৰ ওপৰত সমীক্ষা চলোৱাৰ পাছত নব্বৈ শতাংশ ৰাইজে জ্যোতিষ-শাস্ত্ৰ বিশ্বাস কৰো বুলি মত পোষণ কৰিলেই সেয়া বৈজ্ঞানিক সত্য হ'ব নোৱাৰে৷ কিন্তু, মধ্যযুগীয় চিন্তা-চৰ্চাৰে পৰিচালিত একোখন ৰক্ষণশীল চৰকাৰে এনে বৈজ্ঞানিক সত্যক অস্বীকাৰ কৰি জ্যোতিষশাস্ত্ৰক পাঠক্ৰমৰ অন্তৰ্ভুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিব পাৰে৷ কোনো সচেতন বা বিজ্ঞানমনস্ক লোকে চৰকাৰৰ এনে হঠকাৰী নীতিৰ প্ৰতিবাদ কৰিবলৈ গ'লে তেওঁক দেশদ্ৰোহী বুলি আখ্যা দিলেও আচৰিত হ'বলৈ একো নাই৷ ক্ষমতাৰ গাদীত বহি সৰ্বসাধাৰণক শোষণ-তোষণ কৰাই যি ৰাজনৈতিক দলৰ একমাত্ৰ লক্ষ্য; সেই দলৰ নেতৃত্বই হয় ইতিহাসৰ অপব্যাখ্যাৰে, নহয় বিভিন্ন কাল্পনিক কহিনী প্ৰচাৰেৰে সৰ্বসাধাৰণৰ মনত সদায়ে ধৰ্মীয়-সাম্প্ৰদায়িক চেতনা বা বিভিন্ন অন্ধবিশ্বাস-মধ্যযুগীয় সংস্কাৰ জাগ্ৰত কৰি ৰাখিব বিচাৰে৷ এনে ন্যস্ত স্বাৰ্থান্বেষী দলে সৰ্বসাধাৰণক প্ৰকৃত ৰাজনৈতিক জ্ঞানেৰে শিক্ষিত কৰি তোলাৰ পৰিৱৰ্তে নিজৰ দলৰ প্ৰতি উগ্ৰ আনুগত্য প্ৰকাশ কৰা এচাম যুক্তি-বিচাৰহীন অন্ধ সমৰ্থক গঢ়ি তোলাৰ চেষ্টাহে চলায়৷ ভাৰতৰ চুবুৰীয়া দেশ ম্যানমাৰৰ জনসাধাৰণক ৰাজনৈতিকভাৱে অসচেতন কৰি ৰাখিবৰ বাবেই এসময়ত ৰেংগুন বিশ্ববিদ্যালয়ত ‘ৰাজনীতিবিজ্ঞান' বিভাগটোৱেই বন্ধ কৰি দিয়া হৈছিল৷

এনে এক প্ৰেক্ষাপটত এজন সমাজ ৰূপান্তৰকামীৰ প্ৰথম দায়িত্বই হ'ল, ৰাজনৈতিক দলবোৰৰ প্ৰকৃত উদ্দেশ্য আৰু চতুৰালি সৰ্বসাধাৰণক পুংখানুপুংখভাৱে বুজাই দি তেওঁলোকৰ মাজত প্ৰকৃত ৰাজনৈতিক চেতনা সৃষ্টি কৰা৷ যুগ যুগ ধৰি শোষিত-বঞ্চিত হৈ অহা সৰ্বসাধাৰণক মুক্তিৰ সেন্দূৰীয়া পথৰ সন্ধান দিবলৈ হ'লে তেওঁলোকক ৰাজনৈতিকভাৱে সচেতন কৰি তুলিবই লাগিব৷ খাটিখোৱা সৰ্বসাধাৰণ ৰাজনৈতিকভাৱে সচেতন নোহোৱালৈকে ভাৰতীয় সংসদীয় নিৰ্বাচনী ব্যৱস্থাত সঁচা অৰ্থত পৰিৱৰ্তনকামী (বাঁওপন্থী?) ৰাজনৈতিক দলবোৰৰ জয়ো নাই, পৰাজয়ো নাই : আছে কেৱল অসীম দায়বদ্ধতা৷

~টুনুজ্যোতি গগৈ

 

Share Button
Print Friendly, PDF & Email

No Comments : "খাটিখোৱা জনতাৰ ৰাজনৈতিক চেতনা"

Leave a Comment

Your email address will not be published. Required fields are marked *