ক্ৰীড়াংগননিবন্ধ

খেলৰ আঁৰৰ খেল (অমিতাভ মহন্ত)

 

আমি দেখি অহা দিনৰেপৰা ভাৰতত ক্ৰিকেটক কেৱল খেল হিচাপে গণ্য কৰা পৰিলক্ষিত হোৱা নাই৷ ভাৰতবাসীৰ বাবে ক্ৰিকেট এক ধৰ্ম, য’ত অনুৰাগীৰ কোনো সীমা, সংখ্যা নাই৷ ক্ৰিকেটৰ এই অভাবনীয় সফলতা আৰু ভাৰতবাসীৰ ছেন্টিমেন্টক মূলধন হিচাপে লৈ বি চি চি আয়ে আৰম্ভ কৰিছিল ইণ্ডিয়ান প্ৰিমিয়াৰ লিগ বা চমুকৈ ‘আই পি এল’৷ ফ্ৰেঞ্চাইছি আৰ্হিত গঢ় লৈ উঠা এই টুৰ্নামেন্টত দেশী- বিদেশী খেলুৱৈৰ সমাগমে আৰম্ভণিৰ বৰ্ষৰপৰাই ক্ৰিকেটপ্ৰেমীক আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল৷

আজিৰ দিনত আই পি এল, ভাৰতৰ আটাইতকৈ আকৰ্ষণীয় আৰু জনপ্ৰিয় খেলত পৰিণত হৈছে৷ কেৱল ক্ৰিকেটাৰেই নহয়, ক্ৰিকেটৰ স’তে সম্পৰ্ক নথকা বিভিন্ন জনপ্ৰিয় ব্যক্তিয়েও ইয়াৰ সৈতে জড়িত হৈ পৰিছে৷ বলীউড চেলিব্ৰিটি, প্ৰতিষ্ঠিত উদ্যোগপতি, সাংবাদিক কোনোৱেই যেন বাদ পৰা নাই ইয়াৰ কবলৰপৰা৷ বৰ্তমান এয়া হৈ পৰিছে সমগ্ৰ পৃথিৱীৰ আটাইতকৈ বেছি জনপ্ৰিয় খেলৰ ইভেন্টবোৰৰ মাজৰ এটা৷ মুম্বাই ইণ্ডিয়ান, চেন্নাই ছুপাৰ কিং আদি হৈ পৰিছে পৃথিৱীৰ আটাইতকৈ জনপ্ৰিয় খেলৰ দলবোৰৰ মাজৰ এটা৷ ১৯০ মিলিয়ন দৰ্শকে বিভিন্ন মাধ্যমেৰে উপভোগ কৰা আই পি এল নিঃসন্দেহে দেশৰ আটাইতকৈ জনপ্ৰিয় খেলৰ ইভেন্ট৷

সচৰাচৰ কোৱা হয় যে ভাৰতত ক্ৰিকেটৰ সফলতাই বাকীবোৰ খেলত ঋণাত্মক প্ৰভাৱ পেলাইছে৷ আপাতদৃষ্টিত এয়া সঁচা কথা৷ আই পি এলে এই ক্ষেত্ৰত এক বুজনসংখ্যক দৰ্শকক নিজৰ ফালে ঢাল খুৱাইছে৷ কিন্তু যদি আমি ভালদৰে গোটেই ধাৰণাটো চাবলৈ যাওঁ, তেতিয়া কিন্তু এক অন্য ছবিহে সন্মুখলৈ আহে৷ বেডমিন্টন, হকী, কাবাডী আৰু কিছু ক্ষেত্ৰত ফুটবল আদি যিবোৰ খেলে যিদৰে এসময়ত দৰ্শকৰ অভাৱত খেলপ্ৰমীক হতাশ কৰিছিল, আজি কিন্তু সেইবোৰ খেল চাবলৈ দৰ্শকৰ সোঁত বৈছে৷ ভাল-বেয়াৰ বিচাৰ সময়ে কৰিব, কিন্তু এই খেলবোৰৰ উত্তৰণত কোনোবাখিনিত সোমাই আছে আই পি এলেই৷ আই পি এলৰ আৰ্হিত গঢ় লোৱা ইণ্ডিয়ান বেডমিন্টন লিগে ষ্টাৰ স্প’ৰ্টছ চেনেলত ২১·৭ মিলিয়ন দৰ্শকৰ উপস্থিতি আৰু হিৰো ইণ্ডিয়া হকী লিগে ৪১·৪ মিলিয়ন দৰ্শকৰ উপস্থিতি লাভ কৰিবলৈ সক্ষম হৈছে৷ তুলনামূলক বিশ্লেষণ কৰিবলৈ গ’লে, নিঅ’ স্প’ৰ্টছ চেনেলত বেডমিন্টনৰ এক লেখত ল’বলগীয়া টুৰ্নামেন্ট অল ইংলেণ্ড বেডমিন্টন চেম্পিয়নশ্বিপৰ দৰ্শকৰ সংখ্যা ১·৪ মিলিয়ন৷

ইয়াৰপৰা অনুমান কৰিব পাৰি যে ভাৰত এখন ক্ৰিকেটপ্ৰেমী দেশ হ’লেও ইয়াত অন্য খেলৰো আদৰ নোহোৱা নহয়৷ ভাৰতীয় দৰ্শকে অন্য খেলবোৰো উপভোগ কৰিবলৈ সমানেই আগ্ৰহী৷ কিন্তু এয়া বাস্তৱ হ’বলৈ হ’লে এই খেলবোৰক আকৰ্ষণীয় আৰু প্ৰফেছনেলধৰণে দৰ্শকৰ মাজলৈ উলিয়াই দিব লাগিব৷ এই ধাৰণা সন্মুখত লৈ আগ বঢ়া বাবেই আজি হয়তো বেডমিন্টন, ফুটবল, হকী, কাবাডী আদিৰ দলে খেলে দৰ্শকৰ মাজলৈ ওলাই আহিব পাৰিছে, খেলুৱৈ-দৰ্শক উভয়ৰে মুখত হাঁহি বিৰিঙাব পাৰিছে৷ আৰু তাৰ মাজতেই সোমাই আছে খেলৰ আঁৰৰ এখন খেল৷

হিৰ’, ভোডাফোন, পেপছি আদিৰ দৰে কোম্পানিবোৰে ক্ৰিকেটৰ বাহিৰতো টকা খটুৱাবলৈ আগ বাঢ়ি আহিছে, এয়া খেলৰ উত্তৰণৰ বাবে, খেলুৱৈক উৎসাহ যোগোৱাৰ ক্ষেত্ৰত এক ডাঙৰ মাইলষ্ট’ন হিচাপে পৰিগণিত হ’ব পাৰে৷ এই কোম্পানিবোৰে গ্ৰাহকৰ মন অতি সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব পাৰে বুলি কোৱা হয়৷ হয়তো এওঁলোকেও ক্ৰিকেটৰ বাহিৰেও ভাৰতত খেলৰ এখন ডাঙৰ বজাৰ আছে বুলি ঠিকেই অনুমান কৰিছে আৰু সেই বজাৰত খোপনি পুতিবলৈ অগ্ৰসৰ হৈছে৷ মাজতে পেপছিৰ এটা বিজ্ঞাপন খুউব জনপ্ৰিয় হৈছিল, বিজ্ঞাপনটোৰ থিম আছিল “চেঞ্জ দ্যা গেম”৷ বিজ্ঞাপনটোত ভাৰতীয় ক্ৰিকেটাৰসকলে ফুটবল খেলি থকা দেখুওৱা হৈছিল৷ এক সুনিপুণ ব্যৱসায়িক কৌশল৷

এটা সমীক্ষামতে ভাৰতত বিশ্বৰ আটাইতকৈ ডাঙৰ খেলৰ বজাৰখন আছে৷ এই বজাৰখন দখল কৰিবলৈ লাহে লাহে বিভিন্ন গোষ্ঠী উঠি-পৰি লাগিছে৷ সমীক্ষামতে ক্ৰিকেটৰ স্থান সকলোতকৈ ওপৰত৷ কিন্তু বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা যেনে কমনৱেলথ গেমছ, ছাগ, ফৰ্মুলা ৱান গ্ৰাণ্ড প্ৰি আদিৰ সফল পৰিসমাপ্তিয়ে ভাৰতৰ অন্য খেলৰ বজাৰখন লাহে লাহে ডাঙৰ কৰি আনিছে৷

ক্ৰীড়াৰ এই উত্তৰণৰ অচিলা লৈ বিভিন্ন খেলৰ সামগ্ৰী প্ৰস্তুতকাৰী কোম্পানিয়ে ভাৰতৰ বজাৰখনত লাহেকৈ চকু দিছে৷ জাপানী ব্ৰেণ্ড য়’নেক্সে ভাৰতত ৰিটেইল ব্ৰেণ্ড খুলিবলৈ সাজু৷ প্ৰথম অৱস্থাত ২০খন ৰিটেইল ষ্টোৰেৰে আৰম্ভ কৰি এই সংখ্যা এবছৰৰ ভিতৰত ৫০ পাৰ কৰাটোৱেই য়’নেক্সৰ লক্ষ্য৷

ফৰাচী কোম্পানি ডেকাথলনে অসমকে আদি কৰি ভাৰতৰ বিভিন্ন প্ৰধান চহৰত ইতিমধ্যেই নিজৰ শাখা বহলাই আনিছে৷ মুঠ ৭০০ কৌটি টকাৰে ডেকাথলনৰ এয়া এক অভিলাসী আঁচনি৷

এক সমীক্ষামতে খেলৰ সামগ্ৰী আৰু সাজ-পোছাকৰ বজাৰখন বৰ্তমান ১৯০০ কোটি টকাৰ হৈ পৰিছে আৰু প্ৰতি বছৰে এই বজাৰখন ১৪%কৈ বাঢ়ি যোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷

ভাৰতত ১৫-৩৪ বয়সৰ জনসংখ্যা ২০০১ চনত আছিল ৩৫৩ মিলিয়ন৷ ২০১১ চনত এই সংখ্যা বাঢ়ি হ’ল প্ৰায় ৪৩০ মিলিয়ন৷ এই গতিত গৈ থাকিলে ২০২১ চনত এই সংখ্যা হ’বগৈ ৪৬৪ মিলিয়ন, গড় বয়স হ’বগৈ প্ৰায় ২৭ বছৰ৷ এই বৃহৎ যুৱ শক্তিৰ লগে লগে বাট খোল খাইছে স্বাস্থ্য সচেতনতাৰ, খেলা-ধূলাৰ৷ লগে লগে বাট মুকলি হৈছে খেলৰ এখন লোভনীয় বজাৰৰ৷

ক্ৰিকেট, ফুটবল বা অন্য যি খেলেই নহওক কিয়, সঠিক পৰিকল্পনাৰে আগ বাঢ়িলে কেৱল খেলুৱৈসকলেই নহয়, খেলৰ লগত জড়িত বিভিন্ন কোম্পানি, বিজ্ঞাপনত টকা খৰছ কৰিবলৈ সাজু কোম্পানি, ব্যৱসায়ী, বলীউড তাৰকা আদি সকলোবোৰেই নিজৰ কাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ সক্ষম হোৱাটো নিশ্চিত৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *