গল্প-কবিতা

খোজ

(প্ৰেক্ষাপট – ভূটানৰপৰা শোণিতপুৰৰ গুপ্তেশ্বৰ দেৱালয়লৈ বৌদ্ধ লামাসকলৰ নিৰৱচ্ছিন্ন আহ-যাহ)

বাৰশ টা বছৰ
ৰিণপ’চেৰ হাতত ঘূৰি আছে
আমোঘ মণিচক্ৰ

থিম্পুৰপৰা টাকটচাং,
ট্ৰাশ্বিগাং হৈ ওৰাং ৷
ডাংমেচুৰ শিলে শিলে
ধনশ্ৰীৰ পাৰে পাৰে

ঘূৰি আছে, ঘূৰি আছে মণিচক্ৰ

দ্ৰুক্-পা কাগ্-য়ুপাৰপৰা চেঁকুৰ মেলা
লুং-টাৰ পিঠিৰ তিৰবিৰ ঘাম
ৰিণপ’চেৰ খোজে খোজে সৰক ৷
সৰি ৰওক
বাণৰ শিৰত অষ্টপত্ৰ বোধিদ্ৰূম

অহ্ ৰিণপ’চে !
এই বতাহ,এই পদপথ আৰু ধূলিৰ চহৰ
হে তেজাল লুং-টা…
এই ক’লা সময় আৰু বলিয়া প্ৰহৰ

ঘূৰিব দিয়া ঘূৰিব দিয়া সকলো

মণিচক্ৰ সাবটি শেষ হ’ব দিয়া
অন্তিম প্ৰদক্ষিণা

শব্দাৰ্থ :
ৰিণপ’চে – ভূটানৰ বৌদ্ধ গুৰু
মণিচক্ৰ – হস্তচালিত প্ৰাৰ্থনা চক্ৰ
ডাংমেচু – ভূটানৰ পৱিত্ৰ নৈ
লুং-টা – পৱিত্ৰ বৌদ্ধ ঘোঁৰা

ৰাজীৱ শৰ্মা

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *