খ্ৰিষ্টমাছৰ সময়ত (মূল ৰুছিয়ান: এণ্টন চেখভ ; ইংৰাজীৰ পৰা অনুবাদ: বসন্ত কুমাৰ বৰা)

[অনুবাদকৰ টোকা: ১৯০০ চনত এণ্টন চেখভে লিখা ‘At Christmas Time’ নামৰ গল্পটোত দুজন চহা, বৃদ্ধ মাক-দেউতাকৰ কাষৰপৰা বিয়া হৈ চহৰলৈ আঁতৰি যাবলৈ বাধ্য হোৱা এগৰাকী নাৰীৰ মানসিক অৱস্থাটো ফুটাই তুলিবলৈ চেষ্টা কৰিছে । বাৰে বাৰে তাই মাক-দেউতাকৈ লিখা চিঠিবিলাক গিৰিয়েকে গাঁৱলৈ পঠিয়াবলৈ পাহৰি গৈছে । শেষত, খ্ৰিষ্টমাছৰ সময়ত মাক-দেউতাকে অন্য এজনৰ হতুৱাই লিখা এখন খহটা ভাষা, খেলি-মেলিৰ কথাৰ এখন চিঠি (যিখন আৱেগবিহীন লিখোঁতাজনে প্ৰায় নিজৰ মতেই লিখিছে) তাইৰ ওচৰ পাইছেগৈ । গল্পটোৰ শেষৰ শাৰীত চেখভে এক দ্ব্যৰ্থবোধক বাক্য ব্যৱহাৰ কৰিছে, “সঞ্জীৱনী স্নান, মহাশয় (Charcot douche, Your Excellency!)” । ভাগৰুৱা শৰীৰৰ সিৰা-উপসিৰাবিলাকক সঞ্জীৱিত কৰি শৰীৰক সঞ্জীৱিত কৰা প্ৰাচীন ছোভিয়েট ৰুছিয়াত প্ৰচলিত এইধৰণৰ ব্যৱসায়িক স্নানক Charcot douche বুলি কোৱা হৈছিল । এই বাক্যটোৰদ্বাৰা চেখভে দুঃস্থ জীয়েকৰ গাঁৱৰ মাক-দেউতাকৰ লগত অচিৰেই মিলন হোৱাৰ সম্ভাৱনীয়তা প্ৰকাশ কৰিবলৈ বিচাৰিছে ।]

(১)

“কি লিখোঁ?” কৈ কৈ য়েগৰে কলমটো চিঞাহীত ডুবাই ল’লে । ভাছিলিছাই জীয়েকক চাৰি বছৰ ধৰি দেখা নাই । জীয়েক য়েফিম্যা বিয়াৰ পিছত পিটাৰ্ছবুৰ্গলৈ গ’লগৈ, তেওঁলোকলৈ দুখন চিঠি লিখিলে; আৰু তাৰ পিছত সিহঁত যেন তেওঁলোকৰ জীৱনৰপৰা অদৃশ্য হৈ পৰিল ! তাইৰ আৰু দেখা-দেখিও নাই, চিঠি-পত্ৰও নাই । ইফালে বুঢ়ীজনীয়ে পুৱা গাইকেইজনীকে খীৰাওক, চৌকাটোকে জ্বলাওক, ৰাতি ৰাতি কলমটি্য়ায়ে থাকক –  তেওঁ অনবৰতে সেই একেটা কথাই ভাবি থাকে – য়েফিম্যাৰ বা কেনেকুৱা, সিহঁত চকুৰে নেদেখা দূৰণিত ভালে-কুশলে আছেনে নাই বা ! তেওঁলোকে চিঠি এখনকে লিখা উচিত আছিল, কিন্তু বুঢ়া বাপেকে লিখিব নাজানে আৰু লিখি দিবলৈ যে ঘৰত কোনো নায়ো ।

পিছে যেতিয়া খ্ৰিষ্টমাছ পালেহি, ভাছিলিছাই আৰু সহ্য কৰিব নোৱাৰিলে । তেওঁ গৈ ঘৰৰ মালিকনীৰ ভায়েক য়েগৰৰ চৰাইখানা পালেগৈ । য়েগৰে সেনাবাহিনীৰপৰা উভতি অহাৰ পিছৰপৰা চৰাইখানাটোত বহি থকাৰ বাহিৰে একো নকৰে; মানুহে কোৱা-কুই কৰে, ভাল পইচা দিলে সি ধুনীয়া চিঠি লিখিব পাৰে । ভাছিলিছাই চৰাইখানাৰ ৰান্ধনিজনৰ লগত, তাৰ পিছত ঘৰৰ মালিকনীৰ লগত আৰু শেষত য়েগৰৰ লগতে কথা পাতি পোন্ধৰ কোপেকত চিঠি লিখা বন্দৱস্ত কৰিলে ।

আৰু আজি এয়া বন্ধৰ দ্বিতীয় দিনা – চৰাইখানাৰ ৰান্ধনি ঘৰত  - য়েগৰ কলমটো লৈ মেজত বহি আছে । ভাছিলিছাই মুখত এক আশংকা আৰু হতাশাৰ অভিব্যক্তিৰে তাৰ সমুখত থিয় দি আছে । তাইৰ গিৰিহঁত পিয়’ট্‌ৰ – মুগা বৰণৰ তপা মূৰটোৰে অতি ক্ষীণকায় মানুহজন – তাইৰ লগতে আহিছে; তেওঁ সমুখলৈ অন্ধ মানুহ এজনৰ দৰে দৃষ্টি পেলাই ৰৈ আছে । ষ্ট’ভটোত এডোখৰ গাহৰিৰ মঙহ চছ্‌পেন এটাত সিজি আছে; মঙহডোখৰ বক্‌বক্‌কৈ উতলিছে, ষ্ট’ভটো চি-চিয়াই বাজিছে, আৰু যেন মাজে মাজে ফু-ফুকৈ শব্দহে কৰি আছে । বন্ধ ঢাকনিখনে উঠা-নমা কৰি আছে ।

“কি লিখোঁ?”, য়েগৰে আকৌ সুধিলে ।

“আঁ ?”, ভাছিলিছাই তালৈ খঙেৰে আৰু সন্দেহেৰে চাই সুধিলে ।

“মোক চিন্তাত নেপেলাবা ! তুমি এনেই লিখা নাই নহয়; চিন্তা নকৰিবা, তোমাক পইচা ঠিকেই দিম । লিখা, ‘আমাৰ মৰমৰ জোঁৱাই, আন্দ্ৰেই হৃচানফিট্‌ছ আৰু আমাৰ একমাত্ৰ মৰমৰ জী, য়েফিম্যা পেট্ৰ’ভ্‌নালৈ । তোমালোকৰ মংগলৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো আৰু আমাৰ চিৰকলীয়া পিতৃ-মাতৃৰ আশীষ প্ৰেৰণ কৰিছো’ ।”

“হৈ গ’ল, কৈ যোৱা ।”

“আৰু আমি তেওঁলোকক খ্ৰিষ্টমাছৰ শুভেচ্ছা জনাইছো । আমি ভালে ভালেই আছো, তোমালোকৰো নেদেখাজন ভগৱানৰ কৃপাত আশা কৰো ভালেই ।”

ভাছিলিছাই খন্তেক ৰ’ল আৰু গিৰিয়েকৰ ফালে চালে ।

“তোমালোকৰো নেদেখাজন ভগৱানৰ কৃপাত আশা কৰো ভালেই ।”, তাই দোহাৰিলে আৰু উচুপিবলৈ ধৰিলে ।

তাই আৰু একো ক’ব নোৱাৰিলে । কিন্তু আগতে, যেতিয়া তাই ৰাতি ৰাতি কথাবিলাক ভাবি ভাবি বিছনাত পৰি থাকে, তেতিয়া তাইৰ এনেকুৱা লাগে যেন তাইৰ ইমানবিলাক কথা আছে, সেয়া যেন এক ডজন চিঠিত লিখিও শেষ নহ’ব ! তাইৰ ছোৱালীজনী জোঁৱায়েকৰ লগত গুচি যোৱাৰ দিন ধৰি বহু পানী সাগৰলৈ বৈ গ’ল, বুঢ়া-বুঢ়ীয়ে তেওঁলোক যেন পৃথিৱীত অকলশৰীয়া হৈ পৰিল, আৰু ৰাতি ৰাতি হুমুনিয়াহ কাঢ়ি কাঢ়ি কটালে যেন তেওঁলোকৰ জীয়েকে যেন পৃথিৱীখনেই এৰি গ’ল । গাঁৱত তেতিয়াৰপৰা কিমান উৎসৱ পালিত হ’ল, কিমানজনৰ মৃত্যু ঘটিল, কিমানখন বিয়া হৈ গ’ল ! জাৰকালিবিলাক কিমান দীঘলীয়া হৈ পৰিল – নিশাবিলাক কিমান নাযায়-নুপুৱায় হৈ থাকিল !

“বৰ গৰম”, য়েগৰে তাৰ হাত-কটা কোটটোৰ বুটাম খুলি খুলি ক’লে, “সত্তৰ ডিগ্ৰীমানলৈ উঠিছে হ’বপায় ! আৰু …?”, সি সুধিলে ।

বুঢ়া-বুঢ়ী নিৰৱেই থাকিল ।

“তোমালোকৰ জোঁৱায়ে পিটাৰ্ছবুৰ্গত কি কৰে?”, য়েগৰে সুধিলে ।

“তেওঁ সৈনিক আছিল, দোস্ত”, বুঢ়াই দুৰ্বলভাবে ক’লে, “তোমাৰ সময়তেই প্ৰায় সিও চাকৰি বাদ দিলে । তেওঁ সৈনিক আছিল হয়, পিছে এতিয়া ক’বলৈ গ’লে তেওঁ পিটাৰ্ছবুৰ্গত এটা জল-চিকিৎসা কেন্দ্ৰত থাকে । তাত চিকিৎসকে ৰোগীক পানীৰে চিকিৎসা কৰে আৰু জোঁৱাই তাৰ এজন সহায়কাৰী।”

“ইয়াতে লিখা আছে এয়া”, বুঢ়ীয়ে জেপৰপৰা চিঠি এখন উলিয়াই ক’লে, “ভগৱানেহে জানে কেতিয়া য়েফিম্যাৰ এই চিঠিখন পাইছিলো । সিহঁত ইমানদিনে জীয়াই আছেনে নাই বা !”

য়েগৰে খন্তেক ভাবি খৰখেদাকৈ লিখিবলৈ ধৰিলে, “বৰ্তমান”, সি লিখি গ’ল, “ঈশ্বৰৰ ইচ্ছাত তুমি যিহেতু মিলিটেৰিত চাকৰি কৰিব লগীয়া হ’ল, আমি তোমাক নিয়মানুৱৰ্তিতাৰ অপৰাধ আৰু প্ৰাথমিক আইনখন চাবলৈ পৰামৰ্শ দিওঁ; সেইখন আইনত তুমি যুদ্ধ-কাৰ্যালয়ৰ বিষয়াসকলৰ আচৰণৰ বিষয়ে পাবা ।”

লিখি উঠি সি ডাঙৰ ডাঙৰকৈ লিখাখিনি পঢ়ি গ’ল, ভাছিলিছাই ভাবি থাকিল আৰু কি লিখা উচিত হ’ব - যোৱাবছৰ সিহঁতৰ খৰছ কিছুমান কিমান বাঢ়ি গৈছিল, কেনেকৈ সিহঁতৰ মাকৈবিলাক খ্ৰিষ্টমাছৰ আগতেই শেষ হৈ গৈছিল, কেনেকৈ সিহঁতে গৰুজনী বেচিব লগীয়া হৈছিল ইত্যাদি । তাই পইচা অলপো খোজা উচিত, তাই আৰু লিখা উচিত যে সিহঁতৰ দেউতাক ৰুগীয়া হৈ আহিছে আৰু সন্দেহ নাই, সোনকালেই তেওঁ সিপুৰীলৈ যাবগৈ … কিন্তু কথাবিলাক কিদৰে শব্দেৰে প্ৰকাশ কৰা যায় ? কোনটো কথা আগতে আৰু কোনটো কথা পিছত কোৱা উচিত হ’ব ?”

“মন কৰিবা”, য়েগৰে লিখি গ’ল, “সৈনিক আইনখনৰ পঞ্চম খণ্ডত, সৈনিক এটা সাধাৰণ নামবাচক বিশেষ্য, প্ৰথম খাপৰ সৈনিকসকলক কোৱা হয় জেনেৰেল, আৰু শেষৰ খাপৰসকলক কোৱা হয় ব্যক্তিগত …”

বুঢ়াই ওঁঠকেইটা লৰালে আৰু লাহেকৈ ক’লে, “নাতিহঁতক এবাৰ চাবলৈ পালে ভাল হ’লহেঁতেন ।”

“কি নাতিহঁত ?”, বুঢ়ীয়ে বুঢ়ালৈ খঙেৰে চাই সুধিলে, “কিজানি নাতি হোৱাই নাই !”

“অঁ; পিছে হ’বওতো পাৰে, কোনে জানে !”

“আৰু তাৰপৰা তুমি বিচাৰ কৰিব পাৰিবা”, য়েগৰে ফটাফট লিখি গ’ল, “বাহিৰৰ শত্ৰু কোন আৰু ভিতৰৰ শত্ৰু কোন । আমাৰ প্ৰথম শত্ৰু হ’ল বাখ্‌খচ* ।” কলমটোৱে ঘঁহনিৰ শব্দ কৰিলে আৰু কাগজৰ ওপৰত বৰশীৰ দৰে দাগবিলাক মাৰি গ’ল । য়েগৰে লৰালৰি কৰিলে আৰু প্ৰত্যেকটো শাৰীয়েই কেইবাবাৰো পঢ়িলে । সি মেজখনৰ তলত বহল স্বাস্থ্যৱান ভৰিকেইটা সুমুৱাই টুল এখনত বহি আছিল, তাৰ মুখখন আছিল পশুৰ দৰে খহটা আৰু ডিঙিটো আছিল ষাঁড়ৰ দৰে শকত-আবত । প্ৰকৃততে সি নিজেই আছিল একধৰণৰ জান্তৱ চেহেৰা; খহটা, অহংকাৰী, শক্তিশালী আৰু সৰু চৰাইখানা এখনত জন্ম হোৱা গৌৰৱেৰে গৌৰৱান্বিত; আৰু ভাছিলিছাই সেই জান্তৱ মানসিকতাক শব্দেৰে প্ৰকাশ কৰিব নাজানিলেও ঠিকেই বুজি পাইছিল, তাই মাথোঁ বিৰাগ আৰু সন্দেহেৰে য়েগৰলৈ চাই আছিল । তাইৰ মূৰটো বিষাবলৈ আৰম্ভ কৰিছিল; তাইৰ ভাববিলাক য়েগৰৰ কণ্ঠ আৰু অবুজ শব্দবিলাকে, কোঠাটোৰ উত্তাপ আৰু বন্ধ পৰিবেশে খেলি-মেলি কৰি পেলাইছিল । তাই আৰু একো নক’লে, একো নাভাবিলে, মাথোঁ য়েগৰে লিখা শেষ কৰালৈ ৰৈ থাকিল । কিন্তু বুঢ়াই সম্পূৰ্ণ বিশ্বাসেৰে য়েগৰলৈ চাই থাকিল । তেওঁ তাৰ ঘৈণীয়েকক পূৰা বিশ্বাস কৰে, যি তাক ইয়ালৈ লৈ আহিছে; তেওঁ য়েগৰকো বিশ্বাস কৰে । আৰু যেতিয়া তেওঁ জল-চিকিৎসালয়খনৰ কথা কৈছিল, এইটো স্পষ্ট দেখা গৈছিল যে তেওঁ জল-চিকিৎসা পদ্ধতি আৰু পানীৰ ৰোগ-নিৰাময় শক্তিকো বিশ্বাস কৰে ।

লিখা শেষ কৰি য়েগৰে চিঠিখন প্ৰথমৰপৰা শেষলৈ পঢ়িলে । বুঢ়াই একো বুজি নাপালে, কিন্তু প্ৰত্যয়েৰে মূৰ দুপিয়াই গ’ল ।

“ঠিক আছে; ভাল হৈছে …”, তেওঁ ক’লে, “ভগৱানে তোমাক সুস্বাস্থ্য দিয়ক । ঠিক আছে …”

তেওঁলোকে মেজৰ ওপৰত তিনিটা পাঁচ কোপেকৰ মুদ্ৰা ৰাখিলে আৰু চৰাইখানাৰপৰা ওলাই আহিল । বুঢ়াই লৰ-চৰ নোহোৱাকৈ অন্ধ মানুহৰ দৰে সমুখলৈ চাই গ’ল; তেওঁৰ মুখত প্ৰতিফলিত হৈ উঠিছিল এক প্ৰত্যয়ৰ ছবি । কিন্তু ভাছিলিছাই ওলাই আহোঁতেই খঙেৰে কুকুৰটোলৈ টোঁৱাই গালি পাৰিলে, “হেৰ’ জহনী ।”

বুঢ়ী গোটেই ৰাতি সাৰে থাকিল; বিভিন্ন চিন্তাই তাইক জুমুৰি দি ধৰিলে । দোকমোকালিতে তাই উঠিল, নৈমিত্তিক প্ৰাৰ্থনা কৰিলে আৰু চিঠিখন পঠাবলৈ ষ্টেচন পালেগৈ ।

ষ্টেচনলৈ বাট আছিল আঠৰপৰা ন-মাইল ।

(২)

ডাক্তৰ বি অ’ মৎছেলভাইজাৰৰ জল-চিকিৎসা কেন্দ্ৰটো অন্য সাধাৰণ দিনৰ দৰে নৱবৰ্ষৰ দিনাও খোলা আছিল; একমাত্ৰ পাৰ্থক্য আছিল যে সহায়কাৰী আন্দ্ৰেই হৃচানফিট্‌ছৰ সমাবেশযোৰত আছিল নতুনকৈ বেণী লগোৱা, তাৰ বুটযোৰত আছিল নতুন পলিছ আৰু সি প্ৰত্যেকজন দৰ্শনাৰ্থীকে কৈ আছিল, “নৱবৰ্ষৰ শুভেচ্ছা জনালো ।”

ৰাতিপুৱা আন্দ্ৰেই হৃচানফিট্‌ছ দুৱাৰমুখত থিয় হৈ বাতৰি-কাকত পঢ়ি আছিল । দহ বজামানতে আহিল এজন জেনেৰেল, তেওঁ আছিল এজন নিয়মীয়া দৰ্শনাৰ্থী । তেওঁৰ পিছতে আহিল পিয়নজন । আন্দ্ৰেই হৃচানফিট্‌ছে জেনেৰেলজনক কোটটো খুলিবলৈ সহায় কৰি দিলে আৰু ক’লে, “নৱবৰ্ষৰ শুভেচ্ছা জনালো, মহাশয় !”

“ধন্যবাদ । তোমালৈও শুভেচ্ছা থাকিল ।”

আৰু খট্‌খটীৰ ওপৰৰপৰা জেনেৰেলে দুৱাৰখনলৈ দেখুৱাই সুধিলে (তেওঁ একেটা প্ৰশ্নই সদায় সোধে আৰু সদায় উত্তৰটো পাহৰি যায়), “এইটো কোঠাত কি আছে ?”

“সেইটো বাৰ্তা-বাহকৰ কোঠালি, মহাশয় ।”

জেনেৰেলৰ ভৰিৰ শব্দ নুশুনা হোৱাৰ পিছত আন্দ্ৰেয়ে চিঠিবিলাক চালে, তাৰে এখনত নিজৰে ঠিকনা দেখিবলৈ পালে। চিঠিখন সি খুলি পেলালে, কেইটামান শাৰী পঢ়িলে আৰু বাতৰিকাকতখন চাই চাই লাহে ধীৰে নিজৰ কোঠালৈ আগ বাঢ়ি গ’ল । তাৰ কোঠাটো আছিল তলৰ মহলাৰ বাৰাণ্ডাখনৰ মূৰত । তাৰ ঘৈণীয়েক য়েফিম্যা বিছনাত বহি কেঁচুৱাটোক খুৱাই আছিল, আটাইতকৈ ডাঙৰটোৱে কেঁকোৰা চুলিৰ মূৰটো তাইৰ আঁঠুত পেলাই থিয় হৈ আছিল আৰু তৃতীয়টো বিছনাত শুই আছিল । কোঠাটোলৈ সোমাই আন্দ্ৰেয়ে চিঠিখন য়েফিম্যাক দিলে আৰু ক’লে, “গাঁৱৰপৰা আহিছে চাগৈ ।”

তাৰ পিছত সি বাতৰিকাকতখনৰপৰা মূৰ নোতোলাকৈয়ে বাহিৰলৈ ওলাই গ’ল । কঁপা কঁপা মাতেৰে য়েফিম্যাই চিঠিখনৰ প্ৰথম শাৰীকেইটা পঢ়া সি শুনা পালে । তাৰ পিছত তাই আৰু আগ বাঢ়িব নোৱাৰিলে, সিমানখিনিয়েই আছিল তাইৰ বাবে যথেষ্ট । তাই ফেঁকুৰি উঠিল, ডাঙৰ ল’ৰাটোক সাবটি ধৰিলে, তাক চুমা খালে আৰু ক’বলৈ ধৰিলে – তাই হাঁহিছে নে কান্দিছে সেয়া বুজি পাবলৈ দিগদাৰ হ’ল -, “ককা-আইতাৰপৰা আহিছে”, তাই ক’লে, “গাঁৱৰপৰা … হে’ ঈশ্বৰ, হে’ দেৱতাসকল; তাত এতিয়া মূধচৰ তলত দ’মে দ’মে বৰফ পৰে … গছবিলাক হৈ পৰে ধকধকীয়া বগা । ল’ৰাবিলাক সৰু সৰু শ্লেজবিলাকত পিছলি পিছলি ঘূৰি ফুৰে … আৰু মৰমৰ ককাদেউতা জুহালৰ ওচৰত বহি থাকে । আৰু থাকে মোৰ অকণমানি মৰমলগা কুকুৰটো ।”

কথাখিনি শুনি আন্দ্ৰেই হৃচানফিট্‌ছৰ মনত পৰিল, ঘৈণীয়েকে তাক তিনি-চাৰিবাৰমান কেইবাখনো চিঠি লিখি গাঁৱলৈ পঠিয়াবলৈ দিছিল, কিন্তু কিছুমান দৰকাৰী কামে তাক সদায় বাধা দিছিল; তাৰ চিঠিবিলাক পঠোৱা হোৱা নাছিল আৰু শেষত চিঠিবিলাক ক’ৰবাত হেৰাই গৈছিল ।

“অকণ অকণ বনৰীয়া শহাবিলাক পথাৰত দৌৰি ফুৰে”, য়েফিম্যাই ল’ৰাটোক চুমা খাই খাই আৰু চকুলো টুকি টুকি বিৰবিৰাই কৈ গ’ল, “ককা ইমান মৰমিয়াল আৰু ভাল, আইতাও ইমান ভাল – ইমান মৰম কৰে । সকলোকে তেওঁলোকে মৰম কৰে, ভগৱানকো ভক্তি কৰে … গাঁৱৰ সৰু গিৰ্জাটোত সকলোৱে প্ৰাৰ্থনা কৰে । স্বৰ্গৰ অধিপতি, হে দেৱী মা, আমাৰ পৰম পিতা, আমাক ইয়াৰপৰা তালৈ লৈ যোৱাচোন !”

আন্দ্ৰেই হৃচানফিট্‌ছ কোঠালৈ এবাৰ অকণমান ধোঁৱা খাবলৈ বুলি উভতি গ’ল, য়েফিম্যাই কথা বন্ধ কৰিলে, একাষৰীয়া হৈ গ’ল; তাইৰ ওঁঠ দুখন কঁপি থাকিল যদিও চকুপানীখিনি মচি পেলালে । তাই তাক সাংঘাতিক ভয় কৰিছিল – তাৰ ভয়ত তাই কম্পমান আছিল । তাৰ ভৰিৰ শব্দ শুনিয়েই তাই ভয়-শংকাত আতংকিত হৈ পৰিছিল, ভৰি কঁপিবলৈ ধৰিছিল আৰু সি থকা অৱস্থাত এটা শব্দও উচ্চাৰণ নকৰিছিল । আন্দ্ৰেই হৃচানফিট্‌ছে এটা চিগাৰেট জ্বলালে আৰু সেই সময়তে ওপৰৰ মহলাৰপৰা ঘণ্টা বাজি উঠিল । চিগাৰেটটো নুমুৱাই, গহীন মুখেৰে সি দুৱাৰৰ ফালে খৰধৰকৈ আগ বাঢ়িল ।

জেনেৰেলজন তললৈ আহি আছিল, গা ধুই তেওঁ সপ্ৰতিভ আৰু ৰঙামুৱাটো হৈ আহিছিল ।

“আৰু এই কোঠাটোত কি আছেনো?” দুৱাৰখনলৈ দেখুৱাই তেওঁ সুধিলে ।

আন্দ্ৰেই হৃচানফিট্‌ছে লৰালৰিকৈ তাৰ পেণ্টৰ দুফালে হাত দুখন দি চিধাকৈ থিয় হ’ল আৰু গৌৰৱেৰে কৈ উঠিল,

“সঞ্জীৱনী স্নান, মহাশয় !”

----------------------------------------------------------------------------------

*বাখ্খচ (আন এটা নাম ডায়নিছা) গ্ৰীক-সভ্যতাৰ মদিৰা আৰু উৰ্বৰতাৰ দেৱতা তেওঁক বহুসময়ত চ্ছৃংখলতা আৰু নিচাৰ লগত জড়িত বুলিবেয়া দেৱতাবুলিও গণ্য কৰা হয়

Share Button
Print Friendly, PDF & Email

No Comments : "খ্ৰিষ্টমাছৰ সময়ত (মূল ৰুছিয়ান: এণ্টন চেখভ ; ইংৰাজীৰ পৰা অনুবাদ: বসন্ত কুমাৰ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *