অতিথি সম্পাদকৰ চ'ৰাদ্বিতীয় বছৰষষ্ঠ সংখ্যা (দ্বিতীয় বছৰ)

ক্ষমতা আৰু পুৰুষতন্ত্ৰ- (সন্ধ্যা দেৱী)

 

মানুহ অভ্যাসৰ দাস। কিছুমান ৰীতি-নীতি বা ব্যৱস্থাৰ সৈতে আমি ওতপ্ৰোতভাৱে ইমানেই জড়িত হৈ পৰো বা অভ্যাসৰদ্বাৰা সম্পন্ন কৰোঁ যে সেইবোৰৰ যুক্তিযুক্ততাৰ বিষয়ে আমি প্ৰশ্ন কৰিবলৈ পাহৰি যাওঁ। আমাৰ অভ্যস্ত মানসিকতাৰে আমি ধৰি লওঁ যে এই ব্যৱস্থা বা ৰীতি-নীতিয়েই স্বাভাৱিক, স্মৰণাতীত কালৰপৰা ই এইদৰে চলি আহি আছে। পুৰুষতন্ত্ৰৰ প্ৰসংগতো এই একে কথাই প্ৰযোজ্য। আৱহমান কালৰপৰা চলি অহা এই তন্ত্ৰক আমি এক সন্মানীয় পৰম্পৰা বুলিয়েই মানি লওঁ আৰু তাৰ আঁৰত থকা সামাজিক শক্তিবোৰৰ বা মূল্যবোধবোৰৰ চেহেৰা-চৰিত্ৰ বুজিবলৈ অকণো যত্ন নকৰোঁ।

পুৰুষতন্ত্ৰৰ স্বৰূপ ফঁহিয়াই চালে এটা কথা স্পষ্টভাৱে ওলাই পৰে – ইয়াৰ মূল ভিত্তি হ’ল ক্ষমতা। এই ক্ষমতাৰ বাবেই পুৰুষসকল সমাজত অধিষ্ঠিত। তেওঁলোকৰ এই আধিপত্যক  দৃঢ়তা প্ৰদান কৰে পুৰুষৰ শাৰীৰিক ক্ষমতাই। দৈহিক বল আৰু শৌৰ্য-বীৰ্যৰ প্ৰতীক পুৰুষসকলৰ কৰ্মক্ষমতা তেওঁলোকৰ তৎপৰতাত বিদ্যমান। এই বৈশিষ্ট্যবিলাক অৱশ্যে এনেয়ে অহা নাই। খাদ্য সামগ্ৰীৰ সন্ধানত ঘূৰি ফুৰোতে পুৰুষৰ এই বৈশিষ্ট্যসমূহ বিকশিত হৈছিল। লগতে বহিৰ্বিশ্বৰ সৈতে নানাভাৱে অহৰহ সম্পৰ্কিত হোৱাৰ বাবে তেওঁলোকৰ বুদ্ধি-বৃত্তি আৰু চিন্তা-চৰ্চাৰ পৰিধিও কিছু পৰিমাণে বাঢ়িল। সভ্যতাৰ উন্নতিৰ লগে লগে পুৰুষৰ হাতলৈ আহিল অৰ্থনৈতিক ক্ষমতা আৰু এই নৱলব্ধ অৰ্থনৈতিক ক্ষমতা তেওঁলোকৰ আধিপত্যৰ মূল আধাৰ হৈ পৰিল। অৰ্থনৈতিক আধিপত্যই পুৰুষসকলক দিলে সমাজখনক পৰিচালিত কৰাৰ অবাধ অধিকাৰ। এই অধিকাৰৰ বলত পুৰুষসকল হ’ল নৈতিকতাৰ গুৰিয়াল আৰু এই নৈতিকতাক প্ৰত্যাখ্যান কৰাটো হৈ পৰিল শাস্তিযোগ্য অপৰাধ।

এনেকৈয়ে জন্ম হ’ল আধিপত্যৰ যুগ। লগে লগে অন্য এক শ্ৰেণী দুৰ্বল হৈ পৰিল অথবা পুৰুষৰ বহতীয়া হ’ল। এতিয়া কেৱল ক্ষমতা নহয়, লগতে আছে নিয়ন্ত্ৰণ আৰু দমন। আমি আটায়ে জানো যে ক্ষমতাই আত্মপ্ৰকাশৰ বাট বিচাৰে। কাৰণ প্ৰকাশ নকৰিলে ইয়াৰ মূল্যায়ন বা ইয়াক প্ৰতিপন্ন কৰিব নোৱাৰি। ইয়াক অক্ষুণ্ণ ৰাখিবলৈ ক্ষমতাৱানে নানাধৰণে নিজৰ প্ৰাধান্য জাহিৰ কৰি নিজকে প্ৰতিষ্ঠা কৰে। এই প্ৰয়াস কেতিয়াবা কৰা হয় হিংস্ৰতাৰে অথবা সন্ত্ৰাসেৰে। এইবোৰৰ আমি পৰিচয় পাওঁ পুৰুষতন্ত্ৰৰ ক্ষেত্ৰতো। নিজৰ অহংবোধ, গৌৰৱ বা অধিকাৰ সাব্যস্ত কৰি এওঁলোকে নিজৰ আধিপত্যৰ সাম্ৰাজ্য বিস্তাৰ কৰে। এই আধিপত্যকামী পুৰুষতন্ত্ৰৰ প্ৰকাশ সামাজিক আৰু ব্যক্তিগত – দুয়োটা ক্ষেত্ৰতে দেখা যায়। নাৰীৰ গতি-বিধি নিয়ন্ত্ৰণ (যেনে, নাৰীয়ে কোনবোৰ ঠাইলৈ যাব সেই বিষয়ে অলংঘ্য বা কঠোৰ নিৰ্দেশ) বা পোছাকৰ ওপৰত নিয়ন্ত্ৰণ (পুৰুষৰ নিৰ্দেশত পিন্ধন-উৰণ) হ’ল ক্ষমতাৰ সামাজিক নিয়ন্ত্ৰণ আৰু দাম্পত্য হিংস্ৰতা হ’ল ব্যক্তিগত বা পাৰিবাৰিক ক্ষেত্ৰত পুৰুষতান্ত্ৰিক ক্ষমতাৰ প্ৰকাশ।

পুৰুষতান্ত্ৰিক ক্ষমতাৰ হিংস্ৰতম আৰু জঘন্যতম প্ৰকাশ হ’ল ধৰ্ষণ। ইয়াৰদ্বাৰা পীড়িত (অৰ্থাৎ নাৰীৰ) মনুষ্যত্বক অস্বীকাৰ কৰি ভোগসামগ্ৰীলৈ কেৱল পৰিণত কৰাটোৱেই নহয়, ই আধিপত্যৰ নিৰ্মম প্ৰকাশ আৰু নৃশংস আচৰণৰদ্বাৰা নিৰ্যাতিতাক এই কুন্ধচ অত্যাচাৰ মূৰ পাতি ল’বলৈ বাধ্য কৰায়। এনে পৌৰুষ-প্ৰদৰ্শনে দেখুৱায় ক্ষমতাৰ কদৰ্যতা আৰু নিকৃষ্ট মানসিকতাৰ নিৰ্মম স্বৰূপ। এই ক্ষেত্ৰত পিতৃয়ে নিজৰ দুহিতাক ধৰ্ষণ কৰা বা তিনিবছৰীয়া শিশু কন্যাক শোৱাপাটীৰপৰা তুলি আনি ধৰ্ষণ কৰা আদি কাৰ্যক মানসিক বিকাৰজনিত এক ব্যাধি বুলি প্ৰলেপ দিবলৈ চেষ্টা কৰা হয় যদিও ইয়াৰ অন্তৰালত আছে পুৰুষতান্ত্ৰিক ক্ষমতাৰ এক বিকৃত বাসনা। এনে ক্ষমতাৰ স্থূল স্বৰূপ দলবদ্ধ ধৰ্ষণৰ ক্ষেত্ৰতো দেখা যায়। এনে ঘটনাত একাধিক পুৰুষে অংশ লোৱাৰ কাৰণে ক্ষমতাৰ অভিব্যক্তিয়ে এক বেলেগ ৰূপ লয় : ই আক্ৰান্তা নাৰীৰ ওপৰত আন এক সমূহীয়া আক্ৰমণ য’ত প্ৰতিৰোধৰ সকলো চেষ্টা বিফল হোৱাটো খাটাং। আনহাতে, যৌথ কু-কৰ্ম হোৱা হেতুকে গ্লানিবোধৰ কোনো সম্ভাৱনাই নাথাকে। অৰ্থাৎ, ব্যভিচাৰীয়ে নৈতিক দায়িত্বৰপৰাও ৰেহাই পায়। ৰাজহুৱা ঠাইত এনেবোৰ ঘটনা ঘটিলে বহু ক্ষেত্ৰত নিগৃহীতা নাৰীৰ অসাৱধানতা বা চলন-ফুৰণক জগৰীয়া কৰা হয়।

আজিকালি কাকতে-পত্ৰই ধৰ্ষণৰ ঘটনা সঘনে উল্লেখিত হয়। ধৰ্ষণক লৈ নানা আলোচনা-বিলোচনা, বিস্তৰ অধ্যয়ন অথবা মহিলা আন্দোলন আদিও হৈছে। কিছুমানে বিনাদ্বিধাই ক’বলৈ বিচাৰে যে ই গোলকীকৰণৰ প্ৰভাৱ অৰ্থাৎ ই এক পশ্চিমীয়া ব্যাধি। কিন্তু আমাৰ প্ৰশ্ন হ’ল, প্ৰাচীন ভাৰতত ধৰ্ষণ নাছিলেই নেকি? অহল্যাৰ কাহিনীয়ে স্পষ্টকৈ ইংগিত দিয়ে যে অতীততো এনে হিংস্ৰতাৰ প্ৰচলন আছিল আৰু স্বয়ং দেৱতাসকলো এনে বৰ্বৰধৰণৰ ভ্ৰষ্টাচাৰত লিপ্ত হৈছিল। আচলতে পুৰুষৰ অন্য হিংস্ৰ আচৰণৰ দৰে (যেনে, পাৰিবাৰিক হিংস্ৰতা অথবা সামাজিক দমন) ধৰ্ষণো হ’ল পুৰুষতান্ত্ৰিক ক্ষমতাৰ অভিব্যক্তি। ক্ষমতাৰ এই হিংস্ৰতম অভিব্যক্তি যে নিকৃষ্ট মনুষ্যত্ব-ৰহিত মানসিকতাৰ পৰিচায়ক সেই বিষয়ে সন্দেহৰ কোনো থল নাই।

পুৰুষতন্ত্ৰৰ বেহু অতিক্ৰম কৰা বা কৰিবলৈ বিচৰাসকলৰ জীৱনলৈ নামি আহে বিষম লাঞ্ছনা। কিছু কিছু ক্ষেত্ৰত দুই-একে আনকি মৃত্যুকো সাবটি ল’বলগা হয়। পুৰুষসম সাহস আৰু মনোবল থকাৰ বাবে দেশপ্ৰেমী জোৱান অফ আৰ্কক ডাইনী আখ্যা দি পুৰি মৰা হ’ল। স্বামীৰ প্ৰেমতকৈ ভগৱৎ প্ৰেম শ্ৰেয় বুলি ভবা ভক্তিগীত ৰচা মীৰাবাঈক বিহ খুৱাই হত্যা কৰা হ’ল। পুৰুষৰ দৰেই শাস্ত্ৰত বু্যৎপত্তি থকা ব্যতিক্ৰমী খনাৰ জিভা কাটি দিয়া হ’ল, পাৰ্গত গাৰ্গীক স্বামী যাজ্ঞ্যবল্কই মূৰ খহি পৰিব বুলি হুংকাৰ দি জ্ঞান অৰ্জনৰ পথ ৰুদ্ধ কৰিলে। নাৰীৰ অধিকাৰৰ হকে সাহসেৰে নিজৰ মতামত প্ৰকাশ কৰা মেৰি ওলষ্টনক্ৰাফটক ‘হায়না’ আখ্যা দিয়া হ’ল, ঠিক তেনেকৈ মহাৰাষ্ট্ৰৰ পণ্ডিতা ৰমাবাঈ সৰস্বতী এচামৰ বাবে কুকুৰনেচীয়া বাঘ বুলিয়েই পৰিগণিত হ’ল। কেৱল সেয়েই নহয়, পৃথিৱীৰ ভিতৰত যিখন দেশ সভ্যতাৰ উচ্চ শিখৰত থকা বুলি বহুতে ভাবে – সেইখন দেশৰ মণ্ট্ৰিয়েল চহৰত ১৯৮৯ চনৰ ডিচেম্বৰৰ ৬ তাৰিখে মাৰ্ক লেপাইন নামৰ এক যুৱকে কাৰিকৰী বিদ্যালয় এখনত অতৰ্কিতে সোমাই ১৪গৰাকী ছাত্ৰীক গুলিয়াই হত্যা কৰে। গুলি কৰা অৱস্থাত তেওঁ কেৱল এটি কথাই চিঞৰি চিঞৰি কৈছিল–“তোমালোক সকলোৱেই নাৰীবাদী”। ক্ষমতাৰ অৱক্ষয়ৰ সম্ভাৱনা প্ৰকট হ’লে পুৰুষতন্ত্ৰৰ প্ৰহৰীসকল কিমান নিৰ্মম হ’ব পাৰে ই তাৰেই প্ৰমাণ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *