গল্প-কবিতা

কিলোগ্ৰাম-(কৃষক কন্যা)

(১)
পঞ্চাছ কিলোগ্ৰামৰ সৌন্দৰ্য্যবোধ
আৰু নব্বৈ কিলোগ্ৰামৰ অপৰাধ
একেখনেই হৃদয় : নাকান্দে- তেজ কঢ়িয়াই
অপৰাধে বগা টুপী পিন্ধে

(২)
জটিল আপেক্ষিক ধাৰণাবোৰ সৰলীকৰণৰ সূত্ৰত বন্ধ
সান্ত্বনা এঘটি কলেৰাদায়ক পানী

(৩)
আফচোচ অন্তহীন
চিলিকনে নিদিয়ে কামনাক শান্তি
মঙহত দুচকুৰ অশান্তি
‘শেষ ভাল’ চলচ্চিত্ৰৰ নায়িকাই দি যায়
শেষ বেয়া উচপিচনি

(৪)
আইনাৰ চকুত চানি পৰিছে
ময়লাহীন গলত জিলিকি আছে বালি
হীৰা এটুকুৰাৰ বিনিময়ত কাটি দিব পাৰি দুডাল কামিহাড়

(৫)
শৰীৰ এটা সিজাই আছো
ৰান্ধি বাঢ়ি সজাই দিছো
চকু ভৰি উঠে…মন নভৰে
সকলো হৃদয়ত যে গছ নগজে…
মন ভৰাবলৈকে অৰণ্য থকা হৃদয় এখন কিনি ল’ব নেৱাৰি কিলোগ্ৰামৰ বজাৰত
নথি-পত্ৰ অৱশ্যেই বন্ধকত

(৬)
ৰত্নাকৰ বাল্মিকী হ’লেই জানো
শুকাই যাব চুৰীৰৰ তেজ?
যি তেজত দুখন জৰায়ু ছাই হৈছিল!

(৭)
মিছাতে উত্তৰণৰ ইমান আন্দোলন
চাপৰি বজাই পাৰ হ’ল সমদল
তেজ এতিয়াও বিক্ৰী যায় কিলোগ্ৰামত হিচাপত
পানীৰ দৰত…

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *