কবিতা (ৰশ্মিৰেখা বৰা)

কথাবোৰ তই শুনগৈ মানে বেলি লহিয়াবগৈ
গৰু-ছাগলীবোৰ ঘূৰি অহাৰ পৰ হ’ব
কিনকিন নিয়ৰত তিতা গধূলিগোপালে ছটিয়াব সন্ধিয়াৰ এধানমান পোহৰ

বহুদিনৰ পিছত উলটি আহিছোঁ
চিনাকি মানুহবোৰৰ কেইবাটাও আদবয়সতে নোহাৱা হ’ল
আবেলি বেলিতকৈও দীঘল হৈ আহিল দুটামানৰ ছাঁ

লেঙেৰী বুঢ়ীৰ জীউটো হেনো লেকাট ভুঞ্জি আছিল
ৰাইজে সেৱা এভাগ পাতি কোনোমতেহে পাৰ কৰালে বৈতৰণী
বুঢ়ীয়ে হেনো যাবলে মনেই কৰা নাছিল
নাজানো কিহৰ টানে অথৰ্ব শৰীৰ এটাকো বান্ধি ৰাখিব খোজে পৃথিৱীৰ মায়াত
কোন অজানাৰ ভয়ত দৰক লাগি ৰয় উশাহ ইপাৰ-সিপাৰৰ নমনা সীমাত

বিধৱা মাকনীৰ পেটটো ওফন্দা
মথাউৰিপাৰত বাঁহৰ চালি এখনৰ তলত এঘৰীয়াকৈ আছে তাই
সোধাত ক’লে মোহন দোকানীৰ মতগজ পুতেকটোৰ স’তে যুঁজেনো কেনেকৈ
যোৱাটো শংকৰ উছৱত ভাওনা এভাগ পাতি ৰাইজখনকে নিজৰ ফলীয়া কৰি থৈছে
এতিয়া অতখন ৰাইজৰ আগত তাই থিয়ই বা হয় কোন সতে
মাতেই বা মাতে কোন সাহে

গাঁৱৰ ল’ছালীবোৰো ইমান সলনি হ’ল
নতুন ৰঙৰ বতাহজাক বাৰুকৈয়ে লাগিছে সিহঁতৰ গাত
পাৰভঙা দেশপ্ৰেমৰ এৰালছিগা উছাহে ধুই পেলাইছে পুৰণা সমধৰ আটাইবোৰ ৰং

তোৰ মানুহজনী আছেনে কুশলে
আৰু ল’ৰা-ছোৱালী দুটা
মোৰ কথা ওলালে তাই এতিয়াও গৰজি উঠেনে
তাইক ভুলাবলে এতিয়াও তই তিনিআলিমূৰৰ চানাচুৰৰ দোকানলে ঢাপলি মেলনে
তাইক ক’বি এই সৰু-ডাঙৰ খং-ৰাগবোৰ ক’ব নোৱৰাকৈয়ে এদিন নোহোৱা হ’বগৈ
কোনোবা গোবাট এটাৰ দাঁতিত থমথমকৈ বহি থাকিব এডাল শীৰ্ণ তৰুৱা কদমৰ এন্ধাৰ
আৰু তাৰ পাহৰা গোন্ধ

কথাবোৰ তই শুন মানে বেলি লহিয়াবগৈ
সোঁৱৰণিৰ দুই-এটি জোনাকী অকলশৰে ফুটিব আনমনা চোতাল এখনত
ভোগালীৰ সপোনত শূৰপোকৰ কথা পাহৰি মানুহে আকৌ এবাৰ সিঁচিব সুৱাগমণি সঁচ

নিবেদন, ২০১৮

 

Share Button
Print Friendly, PDF & Email

No Comments : "কবিতা (ৰশ্মিৰেখা বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *