কলেৰা ডাক্তৰ, মৰূদ্যান আৰু আশীৰ দশকৰ এজন গল্পকাৰ (বিপাশা বৰা)

 

প্ৰাক-কথন :

সমকালীন অসমীয়া গদ্য সাহিত্যত উল্লেখনীয় পৰিৱৰ্তন আহিছে বিশ্বায়ন আৰু উদাৰীকৰণৰ পিছত। সাম্প্ৰতিক ঘটনাবহুল সময়ত সামাজিক পৰিস্থিতিসমূহৰ সহজ ব্যাখ্যা অসম্ভৱ যেন বোধ হয়। বিশ্বায়নে ক্ৰমাৎ জটিল কৰি অনা আৰ্থ-সামাজিক পৰিস্থিতিসমূহৰ পৰিপ্ৰেক্ষিতত আজিৰ নতুন গল্পকাৰসকলে এনে বিষয়সমূহক প্ৰত্যাহ্বানৰূপে গ্ৰহণ কৰি সাম্প্ৰতিক গল্পৰ ক্ষেত্ৰখনত অনেক পৰীক্ষা-নিৰীক্ষা চলাইছে আৰু বহু ক্ষেত্ৰত সফলো হৈছে। ইয়াৰ বিপৰীতে সত্তৰ আৰু আশীৰ দশকৰ গল্পকাৰসকলৰ মূল উপজীব্য আছিল নিম্ন মধ্যবিত্তীয় সমাজখন। তেওঁলোকৰ লিখাৰ শৈলী-ঠাঁচ আছিল নিভাঁজ আৰু সহজ-সৰল।

এনে সময়তে আত্মপ্ৰকাশ কৰিছিল জেহিৰুল হুছেইন নামৰ গল্পকাৰজনে। জেহিৰুল হুছেইনৰ গল্পৰ বিষয়ে বিশেষ চৰ্চা আজিকোপতি হোৱা দেখা নাযায়। মাথোঁ কেইজনমান মুষ্টিমেয় প্ৰগতিশীল সমালোচকেহে তেওঁৰ গল্পৰ বিষয়ে সময়ে সময়ে দুই-এশাৰী লিখি আহিছে। খেদ হয় - বহু প্ৰান্তীয় চহৰৰ লেখকৰ দৰে তেৱোঁ আন্ধাৰতে ৰৈ গ'ল।

যিদৰে বিষ্ণু ৰাভাক 'কলাগুৰু' উপাধিৰে তেওঁৰ বিপ্লৱী সত্তাটো ঢাকি ৰাখিবলৈ চেষ্টা কৰা হ'ল, ঠিক একেদৰে গল্পকাৰ পৰিচয়টোৰ বাহিৰেও জেহিৰুল হুছেইনৰ বিপ্লৱী সত্তাটোৰো সঠিক মূল্যায়ন হোৱাটো বাঞ্ছনীয়।

জেহিৰুল হুছেইন আছিল এটি বামপন্থী ৰাজনৈতিক দলৰ সক্ৰিয় কৰ্মী। দৈয়াঙৰ কৃষক আন্দোলনতো তেখেত জড়িত আছিল। কিন্তু দৈয়াঙৰ আন্দোলন স্তিমিত হৈ অহাৰ লগে লগে জেহিৰুল হুছেইনো সেই বাটৰপৰা আঁতৰি আহিছিল। হয়তো তেওঁ নিজৰ ক'বলগীয়াখিনি মানুহৰ ওচৰলৈ লৈ যোৱাৰ বাবে আন এক বাট বিচাৰি লৈছিল – যি বাটেৰে তেওঁ নিপীড়িত মানুহৰ মুক্তিৰ সপোন দেখিছিল। সেই বাট আছিল গল্প-কথনৰ বাট। সেইবাবেই তেখেতৰ গল্প নিম্নবৰ্গীয় সমাজ-চেতনা, সমাজবাস্তৱতা, প্ৰান্তীয় আৰু উদ্বাস্তুসকলৰ জীৱনগাথাৰে পৰিপূৰ্ণ।

কলেৰা ডাক্তৰ :

 “ধৰণী ডাক্তৰ ঢুকাল !

কংক্ৰিটৰ মহাভৰত কুঁজা হোৱা মাতাল চহৰখনত বাতৰিটোৱে সামান্য ঢৌ এটাৰো সৃষ্টি নকৰিলে স্পেচিয়েলিষ্ট, এম ডি, নামী- দামী অভিজাত নাৰ্ছিং হোমৰ দিনত একালৰ সৰ্বজনপ্ৰিয় ধৰণী ডাক্তৰ হেৰাই '

গল্পটোৰ প্ৰথম শাৰীকেইটাই আমাৰ মনত ধৰণী ডাক্তৰ সম্পৰ্কে কৰুণাৰ উদ্ৰেক কৰে। এসময়ৰ জনপ্ৰিয় ডাক্তৰজন সময়ৰ লগে লগে অপাংক্তেয় হৈ পৰিছে।  ইয়াৰ পিছত গল্পকাৰে আমাক লৈ গৈছে দুকুৰি বছৰৰ আগৰ চহৰখনলৈ। সেই সময়ত এম. বি. বি. এচ. ডাক্তৰৰ সংখ্যা আছিল তেনেই নগণ্য। গাঁৱে-ভূঁয়ে সেই এল. এম. পি ডাক্তৰকেইজনেই সাৰথি। ডাক্তৰ ধৰণী শৰ্মাও এল. এম. পি ডাক্তৰ। গল্পটোৰ আৰম্ভণিতে এটি চৰিত্ৰই কয় -

- এল. এম. পি. সম্পূৰ্ণ অৰ্থটো কি জান? এল. এম. পি. মানে ' লাষ্ট মানৱতাবাদী প্ৰেকটিচনাৰ

কথাটো বহুলাংশে সঁচা বুলি আমি মানি ল'লোঁ। কিয়নো পঢ়ি যাওঁতে লাষ্ট মানৱতাবাদী প্ৰেকটিচনাৰ ধৰণী ডাক্তৰৰ কাৰ্য-কলাপে আমাক তেনে আভাসেই দিয়ে। গল্পকাৰৰ ভাষাতেই –

কাহটো মাৰিলে ধৰণী ডাক্তৰ, পেট চলিলেও ধৰণী ডাক্তৰ চেৰাশলীয়া তিৰোতাৰপৰা চিপ টনাক পৰ দিবলৈও ধৰণী ডাক্তৰ

উচ্চবৰ্গৰ প্ৰতিভূ হৈও প্ৰ'টাগ'নিষ্ট চৰিত্ৰটোৱে ৰোগীক আৰোগ্য কৰি তোলাৰ বাবে দেহে-কেহে খাটে। চৰকাৰী চাকৰি পোৱাৰ পিছতো কলেৰা-মহামাৰীৰ খবৰ পালেই ডাক্তৰে বেগত দৰব-বেজী ভৰাই চিধাই চাইকেল চলাই দিয়ে। খাৱন-শোৱন নোহোৱাকৈ দহ মাইল চাইকেল মাৰিও তেওঁ ভেকচিন দি ফুৰে। বিৰাম নাই। বিৰক্তি নাই। ভাগৰ নাই।

জেনিভা ' গ্ৰহণ কৰি হৰিজন 'লনি ৰোগী চাবলৈ অমান্তি হোৱা আজিৰ ডাক্তৰে য়কৰ উচ্চ ব্ৰাহ্মণ পৰিয়ালৰ সন্তান ধৰণী শৰ্মাই সেই একে হৰিজন 'লনিতে মহামাৰীৰ সময়ত দিনে-নিশাই ৰোগী শুশ্ৰষা কৰা দেখাহেঁতেন থিতাতে সংজ্ঞা হেৰুৱাই পেলালেহেঁতেন

এনে ডাক্তৰ আজিৰ দিনত বিৰল। জেহিৰুল হুছেইনৰ গল্পত কথকতাৰ প্ৰয়োগো মন কৰিবলগীয়া। তেওঁ সেই সময়ৰ সমাজত প্ৰচলিত লোকভাষা তথা শব্দসমূহৰ উচিত প্ৰয়োগ কৰিছিল। উদাহৰণস্বৰূপে, ডাক্তৰে দিয়া কলেৰা ভেকচিনে ৰাতিলৈ উঠোৱা জ্বৰত কেঁকাই থকা গাঁৱৰ বুঢ়ীবোৰে ডাক্তৰক শাওপাত দিয়ে – 'জহৰা ধৰণী অই'। এনেদৰে ৰোগীক সুস্থ কৰি তুলিবলৈ দেহে-কেহে লগা, নিজলৈ কেৰেপ নকৰা ডাক্তৰজনৰ শেষৰ অৱস্থাই পাঠকৰ চকু সেমেকাই তোলে। এদিন বেমাৰী দেহাৰে ঢলং-পলঙকৈ তেওঁ চাইকেলখন নি বাহিৰ পোৱায়গৈ, ডিঙিত ষ্টেথিছক'প - হাতত পুৰণি ডাক্তৰী বেগটো। পৰিয়ালৰ মানুহখিনিয়ে ক'লৈ যাবলৈ ওলাইছে বুলি সোধাত তেওঁ কৈ উঠে,

- কেলেই 'ৰবাত কলেৰা হৈছে বুলিছিলি নহয় ? ছিয়াটিক কলেৰা

- কলেৰা নহয় দেউতা কমিউনেল ৰায়টিং সাম্প্ৰদায়িক সংঘৰ্ষ বৰপেটাত হিন্দু মুছলমানৰ দাঙ্গা লাগিছিল তাৰ কথাহে পাতিছিলো

কৰুণ শেতা হাঁহি এটা মাৰি ধৰণী ডাক্তৰে লাহে লাহে 'লে

- সিয়ো এবিধ এপিডেমিকেই আৰম্ভ 'লেই বিয়পি পৰে ৰক্ষা নাই মোক তহঁতে তালৈ যাবলৈ দে মোৰ ভেকচিন 'লে সকলো ঠাণ্ডা হৈ যাব মোক যাবলৈ দে তহঁতে '

ধৰণী ডাক্তৰৰ পৰিণতিয়ে আমাক সন্মুখীন কৰায় কিছু নিৰ্মম সত্যৰ। গল্পটোৰ শেষৰ ফাললৈ ধৰণী ডাক্তৰে বাস কৰা পৃথিৱীখনৰ অলেখ পৰিৱৰ্তন হৈছে। অশীতিপৰ অৱস্থাত সমাজৰ হকে একো কৰিব নোৱৰাৰ অসমৰ্থতাৰ দুখে তেওঁক দহিছে। আৰু এই ঘটনাৰ পিছতে মাতবোল নকৰাকৈ, অনাহাৰে থাকি 'লাষ্ট মানৱতাবাদী প্ৰেকটিচনাৰ'জনে চকু মুদিছে। যিখন সমাজৰ বাবে তেওঁ গোটেই জীৱন নিজৰ সমস্ত উজাৰি সেৱা কৰিলে, সেই সমাজত তেওঁৰ মৃত্যুৰ বাতৰিয়ে সামান্য ঢৌ এটাৰো সৃষ্টি নকৰিলে !!!

মৰূদ্যান :

জেহিৰুল হুছেইন প্ৰকৃতাৰ্থতেই নিষ্পেষিত-নিপীড়িতৰ গল্পকাৰ। তেওঁ এনে কিছু জীৱন্ত যেন লগা চৰিত্ৰ গল্পলৈ তুলি আনে, যি সহজেই আমাৰ মনত ৰেখাপাত কৰে। 'মৰূদ্যান' শীৰ্ষক গল্পটিৰ পুতলীও তেনে এটি চৰিত্ৰ। কথাই কথাই নিজৰ বাৰভূঞা বংশৰ গুণ গোৱা প্ৰচণ্ড জাত্যভিমানী গিৰিয়েক বাবুল ভূঞাৰ মৃত্যুৰ পিছত জীৱিকা আৰ্জনৰ বাবে কোনো উৱাদিহ নোপোৱা পুতলীয়ে দুটি ল'ৰা-ছোৱালী বুকুত বান্ধি কৰা জীৱন-সংগ্ৰামক অতি মৰ্মস্পৰ্শী ৰূপত দাঙি ধৰিছে। তদুপৰি প্ৰচলিত জাতপাত প্ৰথাৰ প্ৰকৃত চৰিত্ৰ উন্মোচন কৰিবলৈও সক্ষম হৈছে গল্পকাৰ। অসমৰ গ্ৰাম্য সমাজৰ গাঁথনিত জাতপাত প্ৰথা গভীৰভাৱে প্ৰোথিত হৈ আছে। এই সমাজ-বাস্তৱতাক সুন্দৰভাৱে উপস্থাপন কৰিছে গল্পকাৰে। জেহিৰুল হুছেইনে লোকসমাজৰ কথা-বতৰা, গালি-গালাজ হুবহু তুলি আনে গল্পলৈ। নিজকে বাৰভূঞাৰ সঁচ বুলি যহ মাৰি ভাল পোৱা বাবুল ভূঞাৰ মুখেৰে গ্ৰাম্য সমাজত প্ৰচলিত এনে দুটিমান সংলাপ উদ্ধৃত কৰিলোঁ।

- চালা চোট জাতৰ সঁচ ' চাল্লা, ডেকা পুতেকহঁতৰ ডিঙিত ডাকু লগা চুঁৱৰৰ বাচ্চাকেইটাৰ তাপত লোকৰ ঘৰৰ মাইকীয়ে গা ধুব নোৱৰা ' জহৰা নে ভাল মানুহৰ পোৱালি হো

- ডেকা 'ৰাক গা দেখুৱাবলৈ যায় নাটেশৰীয়ে গা ধোওতে ভালকৈ চাই-চিতি ' নোৱাৰিলি ? নাজান নেকি সেইবোৰ চোট জাত বুলি ? চোট জাতৰ আক্কলত কুকুৰে মূতি থয়

- আমাৰ কমাণ্ডেন্টটো একদম নীচ জাতৰ বুইছ সেইবাবেহে সি মোৰ চাকৰিটো খালে

- তহঁত মাইকীবোৰে অফিচৰ কথা একো নুবুজ অফিচত কমাণ্ডেন্টটোৰ জাতৰ চকীদাৰ এটা আছে তাক দিব আকৌ মোৰ ঠাইত আমাৰ অফিচটো নীচ জাতৰ মানুহেৰে ভৰিল মোৰ দৰে  উচ্চ জাতৰ মানুহলৈ সিহতৰ বৰ হিংসা ছল পালেই বাগী কুঠাৰ মাৰে

- বুইছ, আমি তাতে খাচ বাৰভূঞা বংশৰ উলামূলা নহয় গুৰুজনাৰ বংশ সিহতৰ লগত উঠ-বহ কৰাটোৱেই শোভা নাপায় চাকৰি ' ভালেই ' দে

সেই বুবুলৰ মৃত্যুৰ পিছত সীমা ঠেলা চুবুৰীয়া আৰু বৰজনাক, গাভৰু বিধৱা দেখি সুবিধা ল'বলৈ অহা শাসকীয় দলৰ দালাল মাণিক আলি, সুবিধাবাদী গজেন শইকীয়া আদিৰ পাকচক্ৰত পৰা পুতুলীৰ জীৱনত আহি সামান্য সকাহ দিয়ে নতুনকৈ নিৰ্মাণ কৰিবলৈ লোৱা নেচনেল হাইৱে’ত কাম কৰিবলৈ অহা বনুৱা গাভৰুকেইজনীয়ে। লচপচী গাভৰুকেইজনীৰ ওচৰত চাহ-ফুলৰি বিক্ৰী কৰি তাই কিছু উপাৰ্জন কৰিবলৈ লয়। পিছে গল্পকাৰে জাত-পাতক লৈ সমাজৰ প্ৰকৃত মনোভাব মুকলিকৈ দেখুৱাইছে বুবুলৰ ছোৱালী গীতাৰ মুখেদি। তাইৰ ভাগৰ পানী খোৱা গিলাচত বনুৱা ছোৱালীহঁতক পানী খাবলৈ দিয়াত তাই আপত্তি দৰ্শাওঁতে মাক জকজকাই উঠিছে -

- আই ' এইজনী সাইলাখ বাপেকটোৰ ফুটতে উঠিছে তাই ফুকলীয়া ছোৱালীজনীৰ কথা শুনা এদিন পানী খালে তোৰ বৰজাতটো নাযায় দে

        আৰু এনেদৰেই এদিন বাৰভূঞা বংশৰ বুবুল ভূঞাৰ ঘৰ লাহে লাহে বনুৱাৰ চাহৰ খোলালৈ ৰূপান্তৰিত হৈছে আৰু এদিন গ্ৰাহক বেছি হোৱাত পুতুলীয়ে গিৰিয়েকৰ ভূঞা বংশাৱলী থকা ডাঙৰ টিঙৰ বাকচটো আনি অতিৰিক্ত গ্ৰাহকক বহুৱাইছে। ই যেন পুতুলীহঁতৰ সমাজখনৰ প্ৰতি এক ভেঙুচালি। এফালে সমাজে সিহঁতক এঘৰীয়া কৰাৰ ভাবুকি দিছে, আনহাতে ৰাতি ৰাতি দুৱাৰত ঢকিয়াই সেই সমাজৰে মানুহে অশ্লীল ইংগিত দিবলৈ লৈছে। এফালে সম্পৰ্কীয় বৰজনাকে সীমা ঠেলে, আনফালে যতীন দাসৰ ঘৰৰ ডেকাহঁতৰ তাইৰ উঠি অহা জীয়েকৰ প্ৰতি কু-দৃষ্টি।

 এসময়ত সমাজ তাইৰ বাবে গৌণ হৈ পৰিছে আৰু অৱশিষ্ট, অদৰকাৰী সামাজিক সংস্কাৰকণো জলাঞ্জলি দি তাইৰ মাটিত ঘৰ সাজি থাকিবলৈ বিচৰা বনুৱা ছোৱালীকেইজনীৰ ওচৰলৈকে তাই সকাহ বিচাৰি গৈছে। পুতুলীয়ে মানৱীয় সম্পৰ্কবোৰৰ উমাল উত্তাপ অনুভৱ কৰিছে - সেই হেমা, ছন্দাহঁতৰ ওচৰতহে। সামাজিক সন্মানতকৈও তাইৰ বাবে সেই সময়ত বেছি গুৰুত্বপূৰ্ণ হৈ পৰিছে তিনিটা পেটৰ ক্ষুধা আৰু নিৰাপত্তা।

জেহিৰুল হুছেইনৰ গল্পৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল মহাবিদ্যালয়ৰ প্ৰথম দুটা বছৰত। আজি বহু বছৰৰ বিৰতিত তেখেতৰ গল্পৰ পুনঃপঠনত এক অনন্য অনুভৱ হ'ল। উপৰোক্ত গল্প দুটি তেখেতৰ 'চিলিকন ভেলীৰ মানুহ' শীৰ্ষক সংকলনটিত সংকলিত হৈছিল। দুয়োটি গল্পতে মানৱীয় সম্পৰ্কসমূহক উদ্ভাসিত কৰি তুলিবলৈ চেষ্টা কৰা হৈছে। তেওঁ যি জাতিহীন-বৰ্ণহীন সমাজ এখনৰ সপোন দেখিছিল, সেই সমাজখনকেই গল্পকাৰে তেওঁৰ গল্পবোৰত কম-বেছি পৰিমাণে প্ৰতিষ্ঠা কৰিবলৈ প্ৰচেষ্টা চলাইছে।

গল্পবোৰত কিছু স্ব-বিৰোধৰ সমস্যাও নথকা নহয়। তদুপৰি আজিও তেওঁৰ গল্পৰ নিম্নবৰ্গীয় চৰিত্ৰসমূহৰ 'টিপিকেলিটি'য়ে আমাক ভাবিবলৈ বাধ্য কৰায় যে বহু ক্ষেত্ৰত নিপীড়িত, শোষিত শ্ৰেণীটোৰ অৱস্থানৰপৰাই গল্পকাৰজনে সমাজখন চোৱাৰ বাবেই বহু সময়ত তেওঁৰ গল্পসমূহ একমাত্ৰিক। সেইবাবেই চাগে জেহিৰুল হুছেইনৰ বেছিভাগ গল্প পঢ়িবলৈ আৰম্ভ কৰোঁতেই সেইসমূহৰ পৰিণতি সম্পৰ্কে পূৰ্বানুমান কৰিব পাৰি।

জেহিৰুল হুছেইনৰ পূৰ্বে সৌৰভ কুমাৰ চলিহা, মহিম বৰা আদি বিশিষ্ট গল্পকাৰসকলে চমৎকাৰী ভাব আৰু অপূৰ্ব ভাষাৰে অসমীয়া পাঠকক মোহাচ্ছন্ন কৰি ৰাখিছিল। পঞ্চাছৰ দশকতে আত্মপ্ৰকাশ কৰা সৌৰভ কুমাৰ চলিহাৰ গল্পৰ বেছিভাগেই হৈছে আধুনিক নাগৰিক জীৱনৰ মৰ্মস্পৰ্শী বিৱৰণ আৰু কথন - অথচ সেইসমূহ গল্পত নাই কোনো শিপাৰ গোন্ধ। তাৰ বিপৰীতে জেহিৰুল হুছেইনৰ গল্পসমূহে আমাক লৈ যায় আমাৰ আজন্ম চিনাকি গাঁওবোৰলৈ, চিনাকি চিনাকি যেন লগা চৰিত্ৰসমূহৰ ওচৰলৈ। জটিলতাহীন ভাব-ভাষাৰ বাবে জেহিৰুল হুছেইনৰ গল্প সকলো শ্ৰেণীৰ পাঠকৰ বাবেই সুখপাঠ্য হৈ ৰয়।

Share Button
Print Friendly, PDF & Email

No Comments : "কলেৰা ডাক্তৰ, মৰূদ্যান আৰু আশীৰ দশকৰ এজন গল্পকাৰ (বিপাশা বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *