কথানদীৰ কথা : পপকৰ্ন, ক’ল্ড ড্ৰিংকছ আৰু লোকজীৱনৰ ফিউজন - (বৰ্ণালী বৰুৱা দাস)

১) পাতনিতে অলপ ব্যক্তিগত বকলা :

যোৰহাটৰ ইলি হলত এবাৰ জাহ্নু বৰুৱাৰ ‘অজেয়’ চাবলৈ গৈছিলো। টিকট কাউন্টাৰ তেতিয়ালৈকে খোলাই নাই‌। হলৰ ওচৰত মানুহ-দুনুহ নাই‌। ব্যস্ত ফুটপাথ‌। চিনেমাৰ প’ষ্টাৰলৈ চাবলৈ কাৰো আহৰি নাই‌। আমি বাহিৰতে ৰ’লো‌। দৰ্শক নাহিবই নেকি! নাহিলে শ্ব’টো নহ’বই নেকি! ভাল অসমীয়া চিনেমা চাবলৈ গ’লে সদায় হোৱা উৎকণ্ঠাটো বাঢ়ি আহিল‌। তেনেতে দেখিলো, আন এজন মানুহেও হলৰ সন্মুখত বাৰে বাৰে ঘড়ীলৈ চাই একেই উৎকণ্ঠাৰে পায়চাৰি কৰি আছে‌। মই লাহেকৈ গৃহস্থক ক’লো, চোৱা, তেওঁৰো আমাৰ নিচিনাই অৱস্থা‌! আমিতো অন্ততঃ তিনিজন‌। তেওঁৰ তাকো নাই‌। পৰিয়ালৰ মানুহেও তেওঁক লগ দিয়া নাই‌। আই ঐ দেহি, চিনাকি হ’ব লাগিব দেই মানুহজনৰ লগত! কাষ চাপি গ’লো‌। তেৱেঁই আৰম্ভ কৰিলে - “চিনেমা চাবলৈ আহিছে নেকি? মিনিমাম আঠ-দহজন মানুহ নহ’লে শ্ব নহ’ব কিন্তু‌।” তেনেতে আৰু দুহাল ল’ৰা-ছোৱালী ওলালহি‌। মানুহজনে অলপ বিৰক্তিৰেই ‘চুহ’ শব্দ এটা কৰি টিকট কাউন্টাৰ খুলিবলৈ গ’ল‌। আমাৰ ভুল ভাগিল‌। সেইজন ভাল অসমীয়া চিনেমাৰ নিঠৰুৱা দৰ্শক নহয়‌। হলৰ কৰ্মচাৰীহে‌।

যি নহওক, তাৰ পাছতে কোলাত কেঁচুৱা লৈ অহা আৰু এহাল দম্পত্তিৰ আবিৰ্ভাব ঘটিল‌ আৰু আমাৰ তিনিজনক ধৰি মুঠ ন-জন দৰ্শক হোৱাত শ্ব’টো হ’ব বুলি ঘোষণা কৰিলে‌। সেই ছ-জন সহ-দৰ্শকৰ স’তে আমি ‘অজেয়’ চালো‌। জাহ্নু বৰুৱাৰ আন এখন সুন্দৰ ছবি‌। পিছে দৰ্শকৰ খালি আসনবোৰে মনটো হতাশ কৰি ৰাখিলে গোটেই সময়খিনিতে‌। ভাল বুলিব পৰা চিনেমা এখন চালো যদিও অসমীয়া চিনেমাৰ বাবে এটা হতাশা লৈয়েই উভতি আহিলো‌।

ভাল চিনেমাৰ বাবে এনেকুৱা হতাশা লৈ যে কিমানবাৰ হলৰপৰা ঘূৰি আহিছো ঠিক নাই‌। পিছে, এইবাৰ যেতিয়া ‘কথানদী’ চাবলৈ গ’লো, আগৰ সেই চিনাকি উৎকণ্ঠাক চেৰ পেলাই এক নতুন উৎকণ্ঠাই ঠাই ল’লে‌। ইমান ভিৰ‌। টিকট পাম নে? কোনোমতেহে টিকট পালো‌। বেছিভাগেই আগতে অনলাইন বুকিং কৰি থৈছিল‌। হলত সোমাই দেখোঁ, হলভৰ্তি দৰ্শক‌। বিভিন্ন বয়সৰ দৰ্শকৰ বেছিভাগৰেই হাতত পপকৰ্ন আৰু ক’ল্ড-ড্ৰিংকছৰ ট্ৰে‌। উৎকণ্ঠিত দৃষ্টি সন্মুখৰ পৰ্দাত নিবদ্ধ‌। কেতিয়া বৈ যাব ‘কথানদী’‌!

আৰম্ভ হ’ল ‘কথানদী’‌। ভাল অসমীয়া চিনেমা দৰ্শকে নোচোৱাৰ বাবে সততে হোৱা হতাশা এইবাৰ আঁতৰি গ’ল‌। পিছে চিনেমা শেষ কৰি উভতি আহোঁতে এইবাৰ এক নতুন হতাশাই আচ্ছন্ন কৰিলে মন‌। ইমানকৈ সৰ্বত্ৰ প্ৰচাৰ হোৱা ‘ভাল অসমীয়া চিনেমা’ এয়াই? ৰজত কমল বঁটা পোৱাৰ বাবেই, নানান ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শিত হোৱাৰ বাবেই বা হলভৰ্তি দৰ্শক হোৱাৰ বাবেই যদি প্ৰচাৰ কৰা হয়, এয়াই ভাল অসমীয়া চিনেমা, আজিলৈকে এনেকুৱা অসমীয়া চিনেমা নিৰ্মাণ হোৱাই নাই, তেন্তে সিও এক আনধৰণৰ অশুভ সংকেত নহয় নে? কেৱল গায়কৰ শুৱলা কণ্ঠ, উন্নত ৰেকৰ্ডিং আৰু চিনাকি লোক-সংগীতৰ সুৰ এটা সান-মিহলি কৰি গাই দিলেই বেবেৰিবাং কথাৰ গান এটাক ভাল গান বুলিব পাৰি নেকি? সেইবোৰোতো বহু শ্ৰোতাই শুনে‌। ক’বলৈ গ’লে বেছিকৈয়ে শুনে‌। সেইবোৰ গানেও অসমীয়া গানৰ উদ্যোগটোক বচাই ৰাখি ব্যৱসায়িক অভাৱ এটা দূৰ কৰিছে‌। কোনোবাই তথাকথিত ‘বিশ্ব দৰবাৰ’তো ঠাই পাইছে‌। তেন্তে?

হয়, মই হতাশ হৈছো‌। এয়া খুব চিনেমা-বোদ্ধা অভিজ্ঞ চিত্ৰ-সমালোচকৰ হতাশা নহয়‌। এজন নিতান্তই সাধাৰণ দৰ্শকৰ হতাশা‌।

২) ‘কথানদী’ৰ আশাখিনি :

‘কথানদী’য়ে যে কেৱল হতাশাই দিছে, সেইটো ক’লেও একদেশদৰ্শিতাৰ দোষে চুব‌। কাৰণ আন অসমীয়া চিনামাৰ দুৰ্দিনৰ দিনত ই যে দৰ্শকক হললৈ টানিব পাৰিছে সিও এটা ইতিবাচক কথা‌। তাৰ বাবে বিভিন্নধৰণেৰে প্ৰচাৰ কৰা হৈছে‌। কিন্তু প্ৰচাৰৰ জোৰত হললৈ অহা দৰ্শকক ই শেষলৈকে বহাই ৰখাৰ ক্ষমতাও অৰ্জন কৰিছে‌। আৰু এই ক্ষমতা অৰ্জন কৰিছে বলিউডৰ সস্তীয়া মছলা মিহলি নকৰাকৈয়ে‌। অন্ততঃ তেনে মছলাৰ প্ৰতি পৰিচালকৰ অনাগ্ৰহক প্ৰশংসা কৰিবই লাগিব‌। প্ৰথমৰেপৰাই এক মুহূৰ্তৰ বাবেও চিনেমাখনৰ চলচ্চিত্ৰীয় গতিটো ব্যাহত হোৱা নাই‌। অভিনয় শিল্পীসকলেও আন্তৰিকতাৰে অভিনয় কৰিছে‌। বিশেষকৈ তেজীমলাৰ চৰিত্ৰত কাচভি শৰ্মাই মনপৰশা অভিনয় কৰিছে‌। চম্পাৱতীৰ মাহীমাকৰ লোভ, ঈৰ্ষা আৰু দমনমূলক চৰিত্ৰৰ বহিঃপ্ৰকাশ ঘটোৱাত সীমা বিশ্বাসৰ সফলতা দৰ্শকৰ মনত থাকি যাব‌।

অসমৰ লোকজীৱনৰ লগত সংগতি ৰাখি কিছুমান লোক-সংগীত চিনেমাখনত ব্যৱহাৰ কৰা হৈছে‌। ড০ বীৰেন্দ্ৰ নাথ দত্তই আশীৰ দশকত বিভিন্ন ঠাইৰপৰা সংগ্ৰহ কৰি নিৰ্মাণ কৰা অসমৰ লোক-সংগীতৰ আৰ্কাইভৰপৰা সেইখিনি দক্ষতাৰে ব্যৱহাৰ কৰা হৈছে‌। কোনোবা ষ্টাৰ গায়কৰ পৰিশীলিত কৃত্ৰিম কণ্ঠতকৈ এইখিনিয়ে চিনেমাখনলৈ যথেষ্ট সজীৱতা আনি দিছে‌।

অসমীয়া চিনেমাৰ এটা দুৰ্বলতা মন কৰা যায় সংলাপৰ ক্ষেত্ৰত‌। অশিক্ষিত চহা এজনৰ মুখতো চাহ-ভাত খাওঁতে যিধৰণৰ সাহিত্যিক সাহিত্যিক সংলাপ আৰোপ কৰা হয়, সি গোটেই কাৰবাৰটোকেই বিৰক্তিকৰ কৰি পেলায়‌। বহু নামজ্বলা পৰিচালকৰ চিনেমাতো এই দুৰ্বলতা ৰৈ যায়‌। সেই দিশৰপৰা অৰূপা পটংগীয়া কলিতাই ৰচনা কৰা অনাড়ম্বৰ সংলাপে চিনেমাখনক এই দিশত সবল কৰিছে‌। তাৰ বাবেও পৰিচালক ধন্যবাদৰ পাত্ৰ‌।
অৰ্থৰ অভাৱত পৰিবাৰৰ গহনা বন্ধকত থৈ চিনেমা নিৰ্মাণ কৰা পৰিচালকৰ কথা আমি শুনিছিলো‌। পাছত শুনিবলৈ ভাল হ’লেও তেনে ব্যৱস্থাই নিৰ্মাতালৈ কেনে দৈন্যদশা কঢ়িয়াই আনে, তাক বুজাই কোৱাৰ নিশ্চয় প্ৰয়োজন নাই‌। নৱাগত পৰিচালকে তেনে পৰিস্থিতিলৈ নোযোৱাকৈ Crowd fundingঅৰ জৰিয়তে কেনেকৈ পুঁজিৰ জোৰা মাৰিব পাৰি সেই পথো দেখুৱাইছে‌। ইয়ো এক আশাব্যঞ্জক কথা‌।

৩) হতাশা কিয়?

ইমানখিনি আশাব্যঞ্জক কথা থকাৰ পাছতো তেনেহ’লে হতাশা আহিল ক’ৰপৰা? হতাশা আহিল তাৰ মূল বস্তুটোৰপৰাই‌। কাহিনী‌।

অসমীয়া মানুহৰ অতিকে চিনাকি ‘বুঢ়ী আইৰ সাধু’ৰ চাৰিটা কাহিনীৰ অংশ কেইটামানক এটা কাহিনীৰে বন্ধাৰ প্ৰয়াস আছে ‘কথানদী’ত‌। তাকে কৰোঁতে বহু জোৰা-টাপলি মাৰিবলগা হৈছে‌।

লোক-কাহিনীক লৈ চিত্ৰ নিৰ্মাণ কোনো নতুন কথা নহয়‌। কেতিয়াবা কাহিনীবোৰ অবিকৃত ৰূপত উপস্থাপন কৰা হয়, কেতিয়াবা নতুন অভিযোজনো কৰা হয়‌। আকৌ লোক-কাহিনীৰ একোটা চৰিত্ৰক ভিন্ন দৃষ্টিকোণৰপৰা উপস্থাপন কৰি নিৰ্মাণ কৰা কাহিনীও আছে। (উদাহৰণ, তেজীমলাৰ মাহীমাকৰ কথাৰে লিখা কাহিনী।)‌ লোক-কথা আৰু কিংবদন্তীৰ অবাস্তৱ কথাবোৰক সম্ভাব্য বাস্তৱ যুক্তিৰে প্ৰতিপন্ন কৰি বিনিৰ্মাণ কৰা কাহিনীও আছে‌। উদাহৰণস্বৰূপে বিশিষ্ট গল্পকাৰ ইমৰান হুছেইনে অসমীয়া সমাজত প্ৰচলিত ‘বাঁক’ নামৰ ভূতৰ ধাৰণাটোক এক নতুন ধৰণেৰে চাই নিৰ্মাণ কৰিছে ‘বাঁক’ নামৰ গল্পটো‌। সম্ভৱ সেই কাহিনীৰ আলমতেই ‘বাঁকৰ পুতেক’ নামৰ চলচ্চিত্ৰখনো নিৰ্মাণ কৰা হৈছিল‌।

‘কথানদী’ৰ পৰিচালকৰ মূল সমস্যটো হ’ল, তেখেতেনো আচলতে কাহিনীকেইটাৰে কি দেখুৱাব খুজিছে সেইটো তেওঁ নিজৰ ওচৰতে স্পষ্ট নহয়। যদিহে লোক-কথাত থকা অবাস্তৱ অতিকথাবোৰকেই দেখুৱাব খুজিছিল, তেন্তে মাজে মাজে সেইবোৰক আজিৰ বাস্তৱিক যুক্তিৰে উপস্থাপন কৰাৰ চেষ্টা কৰিছিলনো কিয়? আৰু যদি সেইটো কৰাৰ দৰকাৰেই আছিল, সম্পূৰ্ণ বাস্তৱ ভিত্তিৰে কাহিনীবোৰ বিনিৰ্মাণ নকৰিলেনো কিয়? যদিহে লোক-কথাবোৰৰ অংশবিশেষক লৈ এখন ডাৰ্ক-ফেন্টাছি বা হ’ৰৰ চিনেমাই বনাব খুজিছিল, তেন্তে তাকেই বিশ্বাসযোগ্যভাৱে নকৰিলেনো কিয়? সঁচা অৰ্থত লোম-হৰ্ষকভাৱে‌ নিৰ্মাণ নকৰিলে কিয়? এনেই ঘোলা-চকুৰ ভূত এটা উলিয়ালেই মানুহে ভয় খাবনে আৰু? নে হাবিৰ মাজত লৰ-চৰ কৰি থকা প্লাষ্টিকৰ মূৰকেইটা দেখিয়েই হ’ৰৰ বুলি মানি ল’ব লাগিব? এই উচ্চ কাৰিকৰী প্ৰযুক্তিৰ দিনত অজগৰ এডালো ভালকৈ দেখুৱাব নোৱাৰিলেনে? চাদৰ এখনেৰে মেৰোৱা টোপোলা এটা, যিটো প্ৰথমে দুই-তিনিজন মানুহে কোনোমতে কঢ়িয়াই আনিছিল, সেইটোক আকৌ এপাকত এজনেই তপককৈ দাঙি ইফাল-সিফাল কৰি দিয়া দেখিলে মানুহে তাত অজগৰ এডাল আছে বুলি শিহৰিত হ’বই বা কিয়? তাৱৈক কাটিবলৈ এগৰাকীয়ে যিকণ ডাব-কটাৰী লৈ গ’ল, সৰু ল’ৰা-ছোৱালীয়েও হাঁহিব‌। এই পৰ্যায়ৰ চিনেমাকো হ’ৰৰ চিনেমা বুলিব পাৰি নে?

অসমৰ লোক-কাহিনী বাবেই তাক লোক-জীৱনৰ ছবিৰে ফুটাই তোলাৰ প্ৰয়াস কৰা দেখা গ’ল‌। কিন্তু তাৰ বাবে আৱশ্যকীয় অধ্যয়নৰ অনুপস্থিতিয়ে গোটেইখন বিকৃত কৰিহে পেলালে‌। বহু যুগ আগৰ অসমীয়া সমাজত কেনেধৰণেৰে মেখেলা-চাদৰ পিন্ধিছিল, সেইখিনি গুৰুত্ব দিলেও সেই সমাজখনত বিভিন্ন জনগোষ্ঠীয় জীৱনৰ বাস্তৱ ৰূপ দেখা পোৱা যায় নে? দুটামান উদাহৰণ—

১) মূৰত পাগুৰি, চেলেং চাদৰ, চুৰীয়াৰে উপস্থাপন কৰা সদাগৰজনৰ নাম দেৱীনাথ‌। পোছাকে-আচাকে, নামে-ধামে তেওঁক এজন সম্ভ্ৰান্ত অসমীয়া লোক বুলিয়েই উপস্থাপন কৰা হৈছে‌‌। পিছে সেই সম্ভ্ৰান্ত সদাগৰজনৰ ঘৰত কাঁহৰ বাতি-কাঁহী নাথাকে নে? ঘৰৰ ঘৈণীয়ে ঘৰত বাঁহৰ চুঙাত চাহ বা সাঁজ খায়‌ নেকি? কোনখন সেই যুগৰ অসমীয়া ঘৰৰ সন্মুখত ক্লেৰ’ডেন্ড্ৰনৰ হেজ‌ থাকিছিল? আৰু সকলোতকৈ হাঁহি উঠা কথাটো হ’ল দীৰ্ঘদিনীয়া বণিজলৈ সদাগৰ ওলায় এখন চৈ-দিয়া উদং নাৱত‌। তেওঁ নদীৰ সিটো পাৰৰ মিচিং গাঁওখনৰপৰা সংগ্ৰহ কৰে মিচিং কাপোৰ‌। সেই সময়ত আজিৰ দৰে এটা জনগোষ্ঠীৰ পৰম্পৰাগত সাজ-পাৰ আন এটা জনগোষ্ঠীয়ে পিন্ধিছিল নেকি যে সদাগৰে সেই কাপোৰ আনি নিজ ঠাইত বেপাৰ কৰিবহি‌?

২) ঔ-কুৱঁৰীৰ সাধুটোত মিচিং সমাজ এখনৰ ছবি দেখুৱাবলৈ ব্যৰ্থ প্ৰচেষ্টা এটা চলোৱা হৈছে‌, মিচিং চাং, ঐনিতম আৰু মিচিং বিহুৰ দল এটাৰ সংযোজনেৰে‌। মিচিং চাংঘৰ এটাত অকলশৰীয়াকৈ বাস কৰা সমাজচ্যুতা নাৰীগৰাকী (উৰ্মিলা মহন্ত) মিচিং হয় নে নহয় তাৰ কোনো স্পষ্ট আভাস নাই‌। চৰিত্ৰটোৰ মুখাবয়বত মুঠেও মিচিং চাপ নাই‌। পৰিচালকৰ হয়তো তেওঁক অ-মিচিং সম্প্ৰদায়ৰ বুলি দেখুওৱাৰ মন এটাও আছিল‌। সদাগৰক তেওঁৰ বিষয়ে জনোৱা কথাখিনিয়ে তাকেই কয়—“তাইনো ক’ৰপৰা আহি এইখিনি ওলালেহি কোনেও নাজানে‌।”—পিছে এইধৰণেৰে ধৰি ল’লেও বাস্তৱ লোক-জীৱনৰ স’তে খাপ নোখোৱা কথাবোৰ ইটোৰ পাছত সিটোকৈ লানি পাতিব‌। অ-মিচিং ভৈয়ামৰ নাৰী এগৰাকীয়ে কাৰো লগত মিলা-মিচা নকৰাকৈয়ে তলত নোক-নোকাই থকা গাহৰিৰে সৈতে চাংঘৰৰ জীৱনত অভ্যস্ত হৈ গ’ল‌, সকলোতকৈ ডাঙৰ কথা, পৰম্পৰাগত মিচিং মেখেলা-চাদৰ ব’বলৈও নিজে নিজেই শিকি পেলালে‌। আকৌ কৰ’বাৰ সদাগৰ এজনে বিনা দ্বিধাই সেই যুগতেই অকলশৰীয়া নাৰীগৰাকীৰ চাংঘৰত ৰাতি যাপন কৰিলে‌।

৩) বামুণীয়া নিয়মেৰে বিয়া-বাৰু পতা চম্পাৱতীৰ ঘৰখনৰ কথালৈ আহিলে আকৌ দেখোঁ, সেইঘৰত বামুণ সম্প্ৰদায়ৰ লোক এজনে বনুৱাৰ কাম কৰে‌। গৃহস্থনীয়ে (সীমা বিশ্বাসে) আদেশ দিয়ে–“বুদ্ধেশ্বৰ, তই বামুণ নহয় জানো? তয়ে দেউ হ’বি”‌। সেই সময়ৰ অসমীয়া সমাজত শূদিৰৰ ঘৰত বামুণে বন কৰাৰ ৰীতি-নীতি আছিল নেকি?

মূল বুঢ়ী আইৰ সাধুকেইটাৰ সাল-সলনিৰ উদ্দেশ্য কি আছিল সেই কথা চিনেমাখন চাই ধৰিব নোৱাৰি‌। চিনেমাৰ কাহিনীৰ স্বাৰ্থত গোটেইকেইটা কাহিনীৰ মাজত যোসূত্ৰ এটা ৰখাটো বেলেগ কথা‌। কিন্তু নিৰ্বাচিত সাধুকেইটাৰ মাজৰ সাল-সলনিখিনিলৈ এবাৰ চকু দিওঁচোন—

১) তেজীমলাৰ সাধু :

তেজীমলাৰ মাহীমাকে তাইক কিয় অত্যাচাৰ কৰি মাৰিছিল তাক যুক্তিসন্মতভাৱে উপস্থাপন কৰিবলৈকে পৰিচালকে সেই চৰিত্ৰটোক মানসিক বিকাৰগ্ৰস্ত বুলি দেখুওৱাৰ চেষ্টা কৰিছে‌। তাৰ বাবেই জেৰিফা ৱাহিদেও কষ্টকৰ অতিনাটকীয়তাৰ আশ্ৰয় ল’বলগা হৈছে‌। পিছে অবাস্তৱ জগতৰ বাসিন্দা স্কিজ’ফ্ৰেনিয়া ৰোগী এগৰাকীয়ে আকৌ গিৰিয়েক নথকাৰ সুযোগ বুজি সতীয়া জীয়েকৰ ওপৰত অত্যাচাৰ কৰাৰ বাস্তৱ বুদ্ধিও জানে‌। বিয়াৰ নিমন্ত্ৰণ দিবলৈ অহা মানুহক দৰাৰ বিষয়ে খবৰ ল’বও জানে আৰু বেছ বাস্তৱসিদ্ধ তাচ্ছিল্য কৰিবও জানে–“হুঃ অজগৰৰ লগত বিয়া দিয়ে”! এইবোৰে মাহীমাকক ক্সিজ’ফ্ৰেনিক বুলি মানি ল’বলৈ দৰ্শকক অলপো সহায় নকৰে‌। হাস্যকৰভাৱে আকৌ মানসিক বিভ্ৰমৰ প্ৰতীকৰূপে(?) ঘোলা চকুৰ, দীঘলচুলীয়া ভূত এটাৰো আবিৰ্ভাব ঘটাইছিল। সেই চৰিত্ৰটোক বিভিন্ন দৰ্শকে মাহীমাকৰ দুষ্টাত্মা বুলিও ব্যাখ্যা কৰিছে‌। পিছে পৰিচালকে আকৌ তাক উপস্থাপন কৰিব খুজিছিল শিয়াল (the jackal) বুলি‌।

তেজীমলাৰ সাধুটোৰ মূল নিৰ্যাসটো লুকাই আছিল নিৰ্যাতন-নিপীড়নে দমন কৰিব নোৱৰা তেজীমলাৰ সত্তাটোত‌। ঢেঁকীৰে খুন্দিলে, লাউ হৈ গজিলে, লাউও কাটিলে, জৰা হৈ গজিলে, জৰাও কাটিলে, ফুল হৈ ফুলিলে‌, আৰু অবিৰতভাৱে কৰি থাকিল নিজৰ অস্তিত্বৰ ঘোষণা—“হাতো নেমেলিবি, ফুলো নিছিঙিবি ক’ৰে নাৱৰীয়া তই‌। পাট কাপোৰৰ লগতে মাহীআই খুন্দিলে, তেজীমলাহে মই‌।” পিছে মাহীমাকৰ চকুৰ সন্মুখত গজি উঠা গজালি এটাৰেই এই আশাবাদক পৰিচালকে সামৰি থ’লে। যি তেজীমলাৰ কাহিনী নাজানে তেনে মানুহে ইয়াৰ কি প্ৰতীকী অৰ্থ বিচাৰি লয় ঠিক নাই‌। তেনে মানুহৰ বাবে সেইটো মাহীমাকৰ নিষ্পেষণ-স্পৃহাৰ নতুন অংকুৰণো হ’ব পাৰে‌।

২) চম্পাৱতীৰ সাধু :

মূল সাধুত চম্পাৱতী নায়িকা আছিল‌। চিনেমাখনত নহয়‌। ধান ৰখিবলৈ যোৱা চম্পাৱতীক অজগৰৰূপী দেৱপুৰুষে বিয়া কৰাম বুলি জোকাই থকাৰ পাছত, কেনেকৈ অজগৰে চম্পাৱতীক সোণেৰে ভৰাই থৈ গ’ল, তাৰ পাছত লাগী কুঁৱৰীয়ে নিজৰ জীয়েককো কেনেকৈ অজগৰলৈ বিয়া দি সৰ্বনাশ মাতি আনিলে সেইবোৰ সকলো অসমীয়াই জনা কথা‌। পিছে চিনেমাখনত এই কাহিনীটো যি অংশৰপৰা আৰম্ভ হ’ল, হাবিৰপৰা এটা অজগৰ ধৰি অনাৰপৰা, সেইখিনি চাই কাহিনীৰ পূৰ্ব-পৰিচয় নথকা বাহিৰৰ দৰ্শকে কি বুজিব? অসমৰ সমাজত মাকবোৰে নিজ কন্যাক সাপলৈ বিয়া দি শাস্তি দিয়ে‌। এটা নমুনা চাওক–
“Interweaving four stories from the popular bedtime book Burhi Aai’r Xadhu (Grandma’s Tales), he (Bhaskar Hazarika) creates a magical, if highly unsettling, world where mothers kill their daughters in a variety of unbelievable ways.” (Deborah Young, ‘The River of Fables’ (kothanodi): Goa Film Bazzar Review)
এনেকৈ ভবাত এই লিখকজনৰ জানো কিবা দোষ আছে‌? আমিহে জানো লাগী কুঁৱৰীৰ লোভ-লালসাৰ কথা‌। আমিহে জানো চম্পাৱতীৰ বিয়াৰ কথা‌। নজনা দৰ্শকৰ চকুত কি ধৰা পৰে? সিফালে এজনী মাকে জীয়েকক ছলাই-ভুলাই বিয়ালৈ পঠাইছে, তাৰ পাছত ঢেঁকীৰে খুন্দি খুন্দি মাৰিছে, আনফালে এজনী মাকে জীয়েকক ছলাই-ভুলাই অজগৰলৈ বিয়া দি অজগৰৰ পেটত সুমুৱাই মাৰিছে‌। গতিকে নক’লেও হ’ব যে কাহিনীৰ এই আংশিক উপস্থাপনে অসমৰ বাহিৰৰ দৰ্শকক উপৰিউক্ত লেখকৰ দৰেই এক বিকৃত অৰ্থোদ্ধাৰ কৰোৱাটোৱেই স্বাভাৱিক।

৩) তাৱৈয়েকৰ সাধু :

মূল সাধুত আছিল কেনেকৈ তাৱৈয়েকৰ কথামতে সোণৰ মোহৰ পাইও পিতৃহাৰা ল’ৰাজনে নদীত পেলাই দিছিল, সেই সোণ ৰৌ-মাছৰ পেটত আকৌ কেনেকৈ পালে ইত্যাদি কথা‌। অবাস্তৱ ভূত-পিশাচবোৰ উলিয়াবৰ সময়ত কোনোধৰণৰ কুণ্ঠাবোধ নকৰা পৰিচালকে অৱশ্যে এইবাৰ মাছৰ পেটত সোণ ওলোৱা সাধুকথাক বাস্তৱ জগতৰ কথাৰে পুনৰ নিৰ্মাণ কৰাৰ চেষ্টা কৰিলে‌। তেওঁ বৰ্ণনা কৰিলে কেনেকৈ তাৱৈয়েকৰ কথামতে যিফালে মাছ মাৰিবলৈ কয় সেইফালে মৰাৰ ফলত মাছৰ বেপাৰত তেওঁৰ উন্নতি হৈছে‌। মূল সাধুটোত কৰা আৰু এটা পৰিবৰ্তন হ’ল ‘ভাগ্যৱতী’‌, তাৱৈয়েকে বচাই ৰাখিবলৈ কোৱা তৃতীয় সন্তানটি‌। মূল সাধুত পিছে, এইটো পুত্ৰ সন্তানহে আছিল‌। কেঁচুৱাৰ লিংগ পৰিবৰ্তনৰদ্বাৰা ‘কন্যা শিশু হত্যা নিবাৰণ’ৰ মেছেজ এটা দিয়াৰেই প্ৰচেষ্টা চলাইছিল যেন বোধ হয়‌।

৪) ঔ-কুঁৱৰীৰ সাধু :

নৱ-নিৰ্মাণ বা অভিযোজনৰ নামত চূড়ান্তভাৱে বিকৃত হৈছে ‘ঔ-কুঁৱৰীৰ সাধু’টো‌। মূল সাধুত ৰাণীয়ে কেঁচুৱাৰ সলনি ঔ-টেঙা এটাহে পালে‌। মনৰ বেজাৰত ৰজাই ঔ-টেঙাটো চুৱা-পাতনিলৈ দলিয়াই দিলে‌, পিছে সেইটো ৰাণীৰ ওচৰলৈ বাগৰি বাগৰি আকৌ আহিল‌। তাৰ ভিতৰত থকা দিপলিপ ঔ-কুঁৱৰীজনীক যথাসময়ত ৰজাৰ কোঁৱৰ এজনে বিয়াও কৰালে‌। পিছে ‘কথানদী’ত আকৌ ঔ-টেঙা জন্ম দিয়াৰ বাবে ঘৈণীয়েকক গিৰীয়েকে ঘৰৰপৰা খেদিয়েই দিলে‌। তাকো আকৌ গাঁৱৰ মানুহে ‘ডাইনী’ বুলি কোৱাৰ ভয়ত‌। ইফালে ঔ-টেঙাৰ ভিতৰত ‘ঔ-কুঁৱৰী’ নোলাল‌। ওলাল ‘ঔ-কোঁৱৰ’হে‌। ঔ-টেঙাৰ ভিতৰত সূৰ্যৰ পোহৰ নাপাই নাপাই সোমাই থকা ‘ঔ-কোঁৱৰ’ক দৰ্শকৰ আগত বাস্তৱসন্মতভাৱে ফুটাই তোলা যায় কেনেকৈ? তাৰ বাবে পৰিচালকে বিচাৰি আনিলে এজন এলবিন’ (albino child) শিশু‌। অৰ্থাৎ পৰিচালকে নিজেও বিশ্বাস কৰিছে যে ঔ-টেঙাৰ ভিতৰত মানুহ সোমাই থাকিব পাৰে। বাস্তৱ কৰিবলৈ যোৱা এই অপৰিপক্ব কাৰবাৰটোৱে দৰ্শকক যে আন এটা ধাৰণাহে দিব পাৰে সেইটো এবাৰলৈও নাভাবিলে‌। অসমৰ লোক-জীৱনৰ স’তে খাপ খুৱাবলৈ যৎপৰোনাস্তি চেষ্টা কৰা কাহিনীটোলৈ আকৌ বগা চাহাবৰ পোৱালিটো আহিল ক’ৰপৰা? - দৰ্শকৰ মনত চিধাই এই প্ৰশ্ন উদয় নহ’ব নে?

৪) পৰিচালকে দিব খোজা মেছেজ?

অবাস্তৱ কাহিনী কেইটামান লৈ চিনেমা এখন নিৰ্মাণ কৰাৰ পাছত কোনোবাই জানো তাত কিবা মেছেজ বিচাৰে? ভূতৰ চিনেমাত কোনোবাই মেছেজ বিচাৰে নেকি? সেইটো কৰিবলৈ গৈয়েই পৰিচালকে আটাইতকৈ ভুল কৰিছে‌। ‘তাৱৈয়েকৰ সাধু’ত কেঁচুৱাৰ লিংগ পৰিবৰ্তন কৰি যদি মেছেজ দিবলৈ যায়, অবাস্তৱ কথাবোৰক অবাস্তৱ বুলি স্বয়ং পৰিচালকেই মানি ল’ব নোৱাৰি বাস্তৱৰ লগত মিলাবলৈ যায় (উদাহৰণ, ঔ-টেঙাৰ ভিতৰত সোমাই থকা এলবিন’ শিশু) দৰ্শকে কিয় নাভাবিব, ভূতসোপাকো পৰিচালকে বাস্তৱ বুলিয়েই ভাবিছে? এইখনতো সৰু ল’ৰা-ছোৱালীয়ে চাবলৈ নিৰ্মাণ কৰা সাধুকথা হৈ থকা নাই‌? তেন্তে আমি কিয় নক’ম ইয়াৰদ্বাৰা ‘ভূত-প্ৰেত’ৰ অন্ধবিশ্বাসো প্ৰচাৰ কৰা হৈছে? ঔ-কুঁৱৰীক ঔ-কোঁৱৰলৈ পৰিবৰ্তন কিয় কৰা হ’ল? চিনেমাখনত অতি গুৰুত্বসহকাৰে দেখুওৱা এই দৃশ্যলানিলৈ মন কৰক :
১ নং দৃশ্য: তেজীমলাৰ হাতখন খুন্দাৰ পাছত মাহীমাকে মটককৈ সেইখনত গচক এটা মাৰিছে, ভাঙি যোৱা খাৰু পিন্ধা নাৰীৰ হাত এখন‌। তেজীমলাৰ হাত‌।
২ নং দৃশ্য: অজগৰৰ পেট ফালি দাঙি ধৰা হৈছে এখন হাত‌। ভাঙি যোৱা খাৰু পিন্ধা নাৰীৰ হাত এখন‌। বনলতিকাৰ হাত‌।
৩ নং দৃশ্য: পাচি এটাৰপৰা ওলাই আহিছে এখন জীৱন্ত হাত‌। খাৰুবিহীন এখন পুৰুষৰ হাত‌। ঔ-কোঁৱৰৰ হাত‌।
ঔ-কুঁৱৰীৰ লিংগ পৰিবৰ্তন নকৰাহেঁতেন, এই ছিকুৱেঞ্চটোৱে দৰ্শকৰ আগত অৰ্থৱহ ৰূপে ধৰা দিলেহেঁতেন! নিৰ্যাতন আৰু শোষণক নেওচি জী উঠা স্বাধীন নাৰীৰ সত্তা হিচাপে‌। পিছে, পৰিচালকে ঔ-টেঙাৰ ভিতৰত বগা-চাহাব এজনক ভৰাই দি গোটেই ঘটনাটোক বিকৃত কৰি পেলালে‌। জাতীয় সত্তাৰ মৃত্যু আৰু ঔপনিবেশিক শক্তিৰ উত্থান হিচাপেও এতিয়া দৰ্শকে ঘটনাটো বিচাৰ কৰিব পাৰে‌। নাৰীৰ অৱদমন আৰু পুৰুষত্বৰ উত্থানৰ প্ৰতীক হিচাপেও কোনোবাই ল’ব পাৰে‌। কাৰণ ভূতৰ চিনেমাত মেছেজ দিবলৈ গৈ পৰিচালকে সেই বাট নিজেই কাটি দিছে‌।

৫) সামৰণি

কেতিয়াবা ক’ৰবাত অসমীয়া চেলিব্ৰেটিৰ সাক্ষাৎকাৰত আপোনাৰ প্ৰিয় গ্ৰন্থ কি বোলা প্ৰশ্নটো মন কৰিছে নে? বহুজন চেলিব্ৰেটিয়ে একে আষাৰে এই প্ৰশ্নটোৰ উত্তৰত “বুঢ়ী আইৰ সাধু” বুলি দিয়া দেখিছো‌। আচলতে অলপ ফঁহিয়াই চালেই দেখিব, তেখেতে সেইখন যে বৰ ভাল পাই বাৰে বাৰে পঢ়ি উত্তৰ দিছে তেনে নহয়‌। আচলতে আন অসমীয়া সাহিত্যৰ বিষয়ে তেওঁ একো নাজানেই‌। এইটোৱেই তেওঁলোকৰ বাবে একমাত্ৰ চিনাকি অসমীয়া ‘গ্ৰন্থ’ৰ নাম‌।
আশা কৰোঁ, নতুন পৰিচালক ভাস্কৰ হাজৰিকাৰো এই দশা নহওক। অসমীয়া সমাজজীৱনৰ বাস্তৱ কাহিনীৰে এক নতুন অভিযান আৰম্ভ কৰক‌। অসমীয়া দৰ্শকক আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান শুনাওক‌।

**********

(সচেতন মহলত যুক্তিবাদী লেখিকাৰূপে পৰিচিত বৰ্ণালী বৰুৱা দাসে ১৯৯৩ চনত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা ‘খাদ্য আৰু পৰিপুষ্টি’ বিষয়ত স্নাতকোত্তৰ আৰু ২০১৪ চনত ‘খাদ্য বিজ্ঞান আৰু পৰিপুষ্টি’ বিভাগৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে‌। লেখিকা 'যুক্তি বিকাশ সমিতি, অসম'ৰ এগৰাকী সক্ৰিয় কৰ্মী‌। অসমত বিজ্ঞান মনস্কতা আৰু যুক্তিবাদ প্ৰচাৰৰ অৰ্থে বিভিন্ন কাকত আলোচনীত লেখিকাৰ নানা লেখা প্ৰকাশ পাইছে‌।)

Share Button
Print Friendly, PDF & Email

2 Comments : "কথানদীৰ কথা : পপকৰ্ন, ক’ল্ড ড্ৰিংকছ আৰু লোকজীৱনৰ ফিউজন - (বৰ্ণালী বৰুৱা দাস)"

  1. Utpal Datta

    লেখাটো ভাল পালো, মনযোগী লেখা I কথানদী ছবিখনৰ কাহিনীৰ ইমান ভাল অালোচনা পূৰ্বতে পঢ়া মনত নপৰে I ছবিখনক বহুতে উচ্চ পৰ্যায়ৰ শিল্প হিচাপেও অাখ্যা দিয়া চকুত পৰে I মোৰ মনৰ সন্দেহ কেইটামানৰ উত্তৰ ইয়াতেই পালো I
    শেষৰ এই কথাখিনি বৰ ভাল লাগিল - কেতিয়াবা ক’ৰবাত অসমীয়া চেলিব্ৰেটিৰ সাক্ষাৎকাৰত আপোনাৰ প্ৰিয় গ্ৰন্থ কি বোলা প্ৰশ্নটো মন কৰিছে নে? বহুজন চেলিব্ৰেটিয়ে একে আষাৰে এই প্ৰশ্নটোৰ উত্তৰত “বুঢ়ী আইৰ সাধু” বুলি দিয়া দেখিছো‌। আচলতে অলপ ফঁহিয়াই চালেই দেখিব, তেখেতে সেইখন যে বৰ ভাল পাই বাৰে বাৰে পঢ়ি উত্তৰ দিছে তেনে নহয়‌। আচলতে আন অসমীয়া সাহিত্যৰ বিষয়ে তেওঁ একো নাজানেই‌। এইটোৱেই তেওঁলোকৰ বাবে একমাত্ৰ চিনাকি অসমীয়া ‘গ্ৰন্থ’ৰ নাম‌।
    শেষত লেখটিৰ বাবে পুণৰ ধন্যবাদ -

    • বৰ্ণালী বৰুৱা দাস

      প্ৰেৰণাদায়ক মন্তব্যৰ বাবে ধন্যবাদ‌।

Leave a Comment

Your email address will not be published. Required fields are marked *