কৃষকৰ অধিকাৰ আৰু সাম্প্রতিক অৱস্থা (কিশোৰ কুমাৰ কলিতা)

২০১২ চনৰ ২৪ ফেব্রুৱাৰিত ৰাষ্ট্রসংঘৰ সাধাৰণ সভাত আন্তর্জাতিক মানৱাধিকাৰ সংস্থাই  গ্রামাঞ্চলৰ কৃষিজীৱী আৰু অন্যান্য কামত নিয়োজিত লোকসকলৰ বাবে তৈয়াৰ কৰা এক আন্তর্জাতিক ঘোষণা-পত্রৰ বিষয়ে আলোচনা কৰা হয়৷ আন্তর্জাতিক মানৱাধিকাৰ সংস্থাৰদ্বাৰা গঠিত এখন উপদেষ্টা কমিটিয়ে গ্রামাঞ্চলৰ অসুৰক্ষিত জনগোষ্ঠী, যেনে– খাৰিফ খেতিয়ক, ভূমিহীন মজুৰ, চিকাৰী আৰু বনাঞ্চলৰপৰা খাদ্য সংগ্রহকাৰী, মাছমৰীয়া আদিক লৈ কৰা সমীক্ষাৰ আধাৰত এই ঘোষণা-পত্র প্রস্তুত কৰা হৈছিল৷  উপদেষ্টা কমিটিয়ে স্বীকাৰ কৰিছিল যে সার্বজনীন মানৱাধিকাৰ ঘোষণা-পত্র (The Universal Declaration of Human Rights), আর্থিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰৰ আন্তর্জাতিক অংগীকাৰ-পত্র (The International Covenant of Economic, Social and Cultural Rights), মানৱাধিকাৰ বিষয়ক আৰু এই সংক্রান্তীয় কার্যক্রম বিষয়ক ভিয়েনা ঘোষণা-পত্র (The Viena Declaration and Programme of Action) আদি আন্তর্জাতিক যিবোৰ ঘোষণাই মানুহক কিছুমান গুৰুত্বপূর্ণ অধিকাৰ প্রদান কৰিছে সেইসমূহ অখণ্ডনীয় আৰু এই ধৰাৰ সকলোধৰণৰ মানুহৰ ক্ষেত্রত সমভাৱে প্রযোজ্য৷

এই কমিটিয়ে কৃষিজীৱীৰ মানৱাধিকাৰৰ প্রসংগত উল্লেখ কৰিছিল যে স্বাধীন সমাজ আৰু সাম্যৰ অধিকাৰ প্রতিষ্ঠাৰ ক্ষেত্রত বহু যুগ ধৰি কৃষিজীৱী মানুহে সমগ্র পৃথিৱীজুৰি সংগ্রাম কৰি আহিছে৷ কমিটিয়ে এই সংগ্রামৰ কথা স্মৰণ কৰি লগতে কয় যে বিশ্বৰ বিভিন্ন প্রান্তত কৃষিক্ষেত্রত আৰোপ কৰা উন্নয়ন, খাদ্যক লৈ কৰা ফটকাবাজি, বিশাল বিশাল ভূমি অধিগ্রহণ আদি প্রক্রিয়াই কোটি কোটি কৃষিজীৱীৰ জীৱন-জীৱিকাক ক্ষতিগ্রস্ত কৰি তুলিছে আৰু সমান্তৰালভাৱে সমগ্র খাদ্যব্যৱস্থাটো কেইটামান বহুজাতিক কোম্পানিৰ হাতত কেন্দ্রীভূত হৈছে৷ এনে এক প্রেক্ষাপটত সমগ্র পৃথিৱীৰ কৃষিজীৱীসকল এটা নির্দিষ্ট সামাজিক গোষ্ঠীলৈ ৰূপান্তৰিত হৈছে, যাৰ অৱস্থা খুব বিপদাপন্ন৷ এই শ্রেণীটোৰ অধিকাৰ ৰক্ষা আৰু সেই অধিকাৰ অর্জনৰ বাবে বিশেষ ৰক্ষাকৱচ গঢ়ি তুলিবলৈ আন্তর্জাতিক মানৱাধিকাৰ সংস্থাৰ উপদেষ্টা কমিটিয়ে কৃষিজীৱীৰ অধিকাৰৰ ঘোষণা-পত্র গ্রহণ কৰে৷ অধিকাৰসমূহ বিতংভাৱে সন্নিৱিষ্ট কৰা উক্ত ঘোষণা-পত্রত কৃষিজীৱীৰ অধিকাৰক সংজ্ঞায়িত কৰা হৈছিল এইবুলি – কৃষিজীৱীসকল অন্যান্য মানুহৰ দৰেই স্বাধীন আৰু সমান অধিকাৰৰ অধিকাৰী৷ এই অধিকাৰ প্রয়োগৰ সময়ত তেওঁলোকৰ প্রতি কোনোধৰণৰ বৈষম্য কৰিব নোৱাৰিব৷ নির্দিষ্টভাৱে ক’বলৈ গ’লে, আর্থিক, সামাজিক আৰু পাৰম্পৰিক সাংস্কৃতিক অৱস্থানৰ প্রেক্ষাপটতো তেওঁলোকৰ প্রতি কোনো বৈষম্য কৰিব নোৱাৰিব ৷ (অনুচ্ছেদ-২)

ঘোষণা-পত্রত উল্লেখ কৰা আন অধিকাৰ সন্নিৱিষ্ট অনুচ্ছেদবোৰ হৈছে নিম্নোক্তধৰণৰ – অনুচ্ছেদ -৩ : জীৱন আৰু জীয়াই থকাৰ পর্যাপ্ত মানৰ অধিকাৰ, অনুচ্ছেদ- ৪ : ভূমি আৰু অঞ্চলৰ ওপৰত অধিকাৰ, অনুচ্ছেদ-৫ : বীজ, কৃষি বিষয়ক পাৰম্পৰিক জ্ঞান আৰু তাৰ প্রয়োগৰ অধিকাৰ, অনুচ্ছেদ-৬ : কৃষি উৎপাদনৰ বাবে প্রয়োজনীয় সামগ্রী আৰু ব্যৱস্থাৰ অধিকাৰ, অনুচ্ছেদ-৭: তথ্যৰ অধিকাৰ, অনুচ্ছেদ-৮ : কৃষি উৎপাদনৰ বজাৰ আৰু দাম নির্ধাৰণৰ স্বাধীনতা, অনুছেদ-৯ : কৃষি মূল্যবোধ প্রতিপালনৰ অধিকাৰ, অনুচ্ছেদ-১০ : জৈৱ বৈচিত্র্যৰ অধিকাৰ, অনুচ্ছেদ-১১ : পৰিৱেশ সংৰক্ষণৰ অধিকাৰ, অনুচ্ছেদ- ১২ : সংস্থা গঠন, মতামত সৃষ্টি আৰু তাৰ প্রকাশৰ অধিকাৰ আৰু অনুচ্ছেদ-১৩ : বিচাৰ পোৱাৰ অধিকাৰ৷

অনুচ্ছেদ-২ত উল্লেখ কৰা হৈছে যে কৃষিজীৱীসকলৰ ভূমি আৰু অঞ্চলৰ ওপৰত প্রভাৱ পেলাব পৰা যিকোনো নীতি-পদ্ধতি, সিদ্ধান্ত গ্রহণ প্রক্রিয়া, প্রকল্প তথা কর্মসূচী, নীতি প্রয়োগ আৰু এইবোৰৰ তদাৰকী কার্যত কৃষকসকলে অংশ গ্রহণ কৰাৰ অধিকাৰ লাভ কৰিব৷  অনুচ্ছেদ ৪-ত কোৱা হৈছে যে কৃষিজীৱীসকলে বসবাস আৰু খেতিৰ বাবে একক বা যৌথভাৱে মাটিৰ মালিকীস্বত্ব লাভ কৰিব৷ কৃষিজীৱীৰ ভূমিৰ ভোগ-দখলৰ নিশ্চয়তা থাকিব আৰু তেওঁলোকক জোৰ কৰি উচ্ছেদ কৰিব পৰা নাযাব৷ কৃষিজীৱীসকলক স্থানান্তৰ কৰিবলগা হ’লেও এক স্বচ্ছ প্রক্রিয়াৰে আগৰপৰাই সমস্ত তথ্য প্রকাশ কৰি আৰু উপযুক্ত ক্ষতিপূৰণ দি এই কাম কৰিব লাগিব৷ কৃষিজীৱীসকলে স্থানান্তৰৰ বাবে পূর্ণ সন্মতি জনাব লাগিব আৰু তেওঁলোকে সকলোধৰণৰ ভূমি সংস্কাৰৰ সুফল পোৱাৰ অধিকাৰ পাব৷ বৃহৎ জমিদাৰী অনুমোদন কৰা নাযাব আৰু ভূমি মাথোঁ সামাজিক কর্মসূচীৰ স্বার্থতহে ব্যৱহূত হ’ব৷ কৃষিজীৱীৰ মাটিৰ ঊৰ্ধ্বসীমা কিমান হ’ব তাকো নির্ধাৰণ কৰাৰ দায়িত্ব ৰাষ্ট্রৰহে৷ অনুচ্ছেদ ৬-ত কৃষিজীৱীসকলে বীজ আৰু তাৰ প্রজাতি নির্বাচন কৰাৰ তথা সেই  বীজেৰে খেতি কৰাৰ অধিকাৰৰ কথা কোৱা হৈছে৷ এই অনুচ্ছেদ অনুযায়ী আর্থিক-প্রাকৃতিক দিশৰপৰা কোনো উদ্ভিদক যদি ক্ষতিকাৰক বুলি বিবেচনা কৰা হয় তেন্তে তাক নাকচ কৰাৰ অধিকাৰ কৃষিজীৱীসকলৰ থাকিব৷ কৃষিজীৱীসকলৰ নিজা প্রযুক্তি বা মানুহৰ স্বাস্থ্য আৰু পৰিৱেশ সংৰক্ষণৰ বাবে হিতকাৰী প্রযুক্তি ব্যৱহাৰৰ অধিকাৰ থাকিব৷ কৃষিজীৱীসকলে নিজে ৰখা বা উন্নয়ন কৰা প্রজাতিৰ বীজৰ খেতি কৰাৰ লগতে সেইবোৰ বিনিময় বা বিক্রী কৰাৰ অধিকাৰো লাভ কৰিব৷ (উৎস : Final Study at Human Rights Council Advisory Committee on the Advancement of the Rights of Peasants and other People in Rural Areas : Document Published in Human Right Council of General Assembly of UN)

আন্তর্জাতিক পর্যায়ত গৃহীত হোৱা কৃষকৰ এনে সার্বজনীন অধিকাৰসমূহৰ বিষয়ে আলোচনা কৰিবলৈ অলপতে গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত শিল্পগ্রামত উত্তৰ-পূব ভাৰতৰ কেইবাখনো ৰাজ্যৰ কৃষকসকল সমবেত হয়হি৷ এই দুদিনীয়া সভাত কৃষকৰ অধিকাৰ সন্দর্ভত বিতংভাৱে আলোচনা কৰা হয় আৰু উক্ত সভাই কৃষকৰ অধিকাৰ সন্দর্ভত ভালেমান দাবী উত্থাপন কৰে৷ উত্তৰ-পূব ভাৰতৰ কৃষকসকলে সন্মিলিতভাৱে প্রথমবাৰলৈ মিলিত হোৱা এই কৃষক সভাখনৰ এক ঐতিহাসিক তাৎপর্য আছে বাবে সভাই উত্থাপন কৰা কেইটামান গুৰুত্বপূর্ণ দাবী এই ছেগতে উল্লেখ কৰিলোঁ–

১. চৰকাৰে কৃষিখণ্ডত হোৱা ব্যক্তিগতকৰণ আৰু বহুজাতিকৰণ Corporatisation) প্রক্রিয়া বন্ধ কৰিব লাগে৷ বহুজাতিক কোম্পানিসমূহৰ স্বার্থ সুৰক্ষা কৰা কৃষি আঁচনিৰ সলনি যিবোৰ আঁচনিয়ে সুষম কৃষিকার্যক (Sustainable Agriculture) উৎসাহিত কৰে তথা প্রকৃতপক্ষে ক্ষুদ্র খেতিয়কৰ স্বার্থক  ৰক্ষণাবেক্ষণ দিয়ে, তেনে আঁচনিকহে চৰকাৰে অগ্রাধিকাৰ প্রদান কৰিব লাগে৷

২. দেখা গৈছে যে চৰকাৰৰদ্বাৰা গ্রহণ কৰা সেউজ বিপ্লৱ আঁচনিয়ে কেৱল বীজ, সাৰ আৰু কীটনাশক উৎপাদনকাৰী কোম্পানিসমূহকে লাভান্বিত কৰিছে আৰু একে সময়তে এই প্রক্রিয়াই পৰম্পৰাগত কৃষি পদ্ধতি, থলুৱা বীজ, পাৰম্পৰিক জলসিঞ্চন ব্যৱস্থা আদিক চূড়ান্ত বিপর্যয়ৰ পিনে ঠেলি দিছে৷ কোম্পানিৰ স্বার্থ পূৰণৰ বাবে গ্রহণ কৰা এনে আঁচনি প্রত্যাহাৰ কৰি চৰকাৰে থলুৱা, উদ্ভাৱনীমূলক কৃষি প্রক্রিয়াক উদগনি যোগাব লাগে যাতে খেতিয়কসকলে পৰমুখাপেক্ষী নহৈ নিজাববীয়াকৈ বীজ, সাৰ আৰু কীটনাশক সংৰক্ষণ কৰিব পাৰে তথা সেইসমূহৰ বিকাশ সাধন কৰিব পাৰে৷ এই ব্যৱস্থা মাছ পালন, গো-পালন আৰু অন্যান্য কৃষি উৎপাদন ক্ষেত্রসমূহতো প্রযোজ্য হোৱা উচিত৷

৩. কৃষকসকলে যাতে বৈজ্ঞানিক ভিত্তিত থলুৱা বীজ সংৰক্ষণ কৰিব পাৰে তাৰ বাবে চৰকাৰে উপযুক্ত আন্তঃগাঁথনি গঢ়ি তুলিব লাগে৷ চৰকাৰে বীজৰ আকাল তথা চৰা দামৰপৰা কৃষকক সকাহ দিবলৈ পঞ্চায়ত পর্যায়ত ‘সুৰক্ষিত ৰাজহুৱা বীজ ভঁৰাল’ (Protected Public Seed Storage) নির্মাণৰ ব্যৱস্থা গ্রহণ কৰিব লাগে৷ পঞ্চায়ত পর্যায়ত থলুৱা বীজৰ সংৰক্ষণ আৰু লিপিবদ্ধকৰণ (Documentation) এক গুৰুত্বপূর্ণ পদক্ষেপ বুলি কৃষক সভাই অনুভৱ কৰি চৰকাৰে এনে জ্ঞান কেন্দ্র (Knowledge Hub) স্থানীয় পর্যায়ত স্থানীয় কৃষকৰদ্বাৰা গঢ়ি তোলাত মূল পৃষ্ঠপোষকৰ ভূমিকা ল’ব লাগে বুলি কয়৷ আইনগত জৈৱ বৈচিত্র্য পঞ্জীয়ন পদ্ধতিৰে এই কার্য চৰকাৰে বাস্তৱায়িত কৰিব লাগে৷

৪. বর্ণসংকৰ আৰু জি এম অ’ (Genetic Modified Organism) বীজৰ বাদে চৰকাৰে উন্নত মানৰ বীজ সময়মতে যোগান ধৰাৰ এক স্বচ্ছ ব্যৱস্থা গঢ়ি তুলিব লাগে৷ কোনবিধ বীজ কিমান পৰিমাণত, কোনটো অঞ্চলত কি প্রক্রিয়াৰে কৃষকে লাভ কৰিব তাৰো এক ৰাজহুৱা ঘোষণা হ’ব লাগে৷ কৃষকৰ প্রয়োজন অনুসৰিহে চৰকাৰে বীজ নির্ধাৰণ আৰু যোগান ধৰা উচিত৷ চৰকাৰৰদ্বাৰা ঘোষিত সকলো কৃষি আঁচনিত থলুৱা বীজে প্রাধান্য পোৱা উচিত৷

৫. চৰকাৰে ‘গৱেষণাগাৰৰপৰা কৃষিখণ্ডলৈ’ (Lab to Land) পদ্ধতিৰ অধীনত গৱেষণা আৰু উদ্ভাৱনীমূলক কার্যসূচী গ্রহণ কৰিব লাগে৷ কৃষিজাত সামগ্রী সংৰক্ষণৰ জৰিয়তে বজাৰ মূল্য অক্ষুণ্ণ ৰখাৰ বাবে সংমণ্ডল পর্যায়ত ‘শীতল গৃহ’ (Cold Storage) নির্মাণৰ ব্যৱস্থা কৰক আৰু এনে গৃহসমূহ কৃষকসকলৰ বাবে সহজলভ্য কৰি তোলক৷ এনে শীতল গৃহৰ পৰিচালনা কেৱল চৰকাৰেহে কৰিব৷ এই পৰিচালনাত কৃষক আৰু সামাজিক কর্মীৰ প্রতিনিধিত্ব থকাটো জৰুৰী৷

দেখা গৈছে যে সম্প্রতি চৰকাৰী গৱেষণা প্রতিষ্ঠান, শৈক্ষিক প্রতিষ্ঠান আদিয়ে প্রকৃত খেতিয়কৰ সলনি কোম্পানিসমূহৰহে স্বার্থ পূৰণ কৰিছে৷ তদুপৰি, সেইবোৰ প্রতিষ্ঠানে থলুৱা বা দেশীয় উদ্ভাৱনৰ জৰিয়তে থলুৱা কৃষিৰ উন্নয়ন কৰাৰ সলনি দেশী-বিদেশী বহুজাতিক কোম্পানিৰদ্বাৰা প্রস্তুত কৰা উদ্ভাৱনসমূহকে কৃষক সমাজৰ ওপৰত আৰোপ কৰাত মূল ভূমিকা গ্রহণ কৰিছে৷ এনে আৰোপণ (Imposition) বন্ধ হ’ব লাগে আৰু উল্লিখিত প্রতিষ্ঠানসমূহে কেৱল কৃষকৰ স্বার্থ সুৰক্ষিত কৰিব পৰা গৱেষণা আৰু উদ্ভাৱনতহে মনোনিৱেশ কৰিব লাগে৷

৬. প্রতিজন কৃষক আৰু কৃষক পৰিয়ালক ৫৫ বছৰ অতিক্রম কৰাৰ পাছত মাহিলি পেঞ্চনৰ ব্যৱস্থা কৰক যাতে পৰিয়ালটোৱে সেই অর্থৰে চলি থাকিব পাৰে৷ এই ব্যৱস্থা কৃষিৰ আনুষংগিক ক্ষেত্র, যেনে– শিপিনী, বাঁহ শিল্প, মৎস্য শিল্প, হস্তশিল্প আদিৰ ক্ষেত্রত প্রযোজ্য কৰা হওক৷ কৃষি তথা এইবোৰ ক্ষেত্রৰ বিকাশৰ বাবে প্রকৃত কৃষক পৰিয়ালক স্বচ্ছ আৰু সহজ পদ্ধতিৰে Kishan Credit Card আদিৰ যোগান ধৰা হওক৷ তদুপৰি, যিকোনো দুযোর্গৰ মুখামুখি হোৱা কৃষকক চৰকাৰে কৃষিকর্মৰ ব্যয় অনুসৰি ক্ষতিপূৰণ দিয়াৰ লগতে পুনৰ সংস্থাপনৰ দিহা কৰক৷ উত্তৰ-পূবৰ ৰাজ্যসমূহে দীর্ঘদিন ধৰি ভুগি অহা বানপানী আৰু গৰাখহনীয়া সমস্যাৰো এক স্থায়ী সমাধান এই সভাই দাবী কৰে৷

৭. চৰকাৰে সকলোধৰণৰ উৎপাদিত শস্যৰে যথার্থ মূল্য (Fair Price) ঘোষণা কৰক আৰু তাক কার্যকৰী কৰক৷ যথার্থ মূল্য নির্ধাৰণ প্রক্রিয়াত কৃষকৰ প্রতিনিধি থকাটো বাধ্যতামূলক কৰা হওক৷

৮. কৃষিজাত সামগ্রীৰ বিক্রী প্রক্রিয়াৰ ওপৰত প্রকৃত খেতিয়কৰ অধিকাৰ সু-নিশ্চিত কৰিবলৈ পঞ্চায়ত পর্যায়ত ক্রয়-বিক্রয়ৰ বাবে নিয়ন্ত্রিত বজাৰ ব্যৱস্থা গঢ়ি তোলা হওক৷

৯. কৃষিভূমি অন্যান্য খণ্ডলৈ হস্তান্তৰিত হোৱাটো বন্ধ হ’ব লাগে৷ শেহতীয়াভাৱে ভাৰত চৰকাৰে ভূমি অধিগ্রহণৰ বাবে গ্রহণ কৰা অধ্যাদেশখন (Ordinance) বাতিল কৰিবলৈ সভাই দাবী জনায়৷

১০. কৃষকসকলে যাতে নিজৰ উৎপাদনৰ জৰিয়তে এক মর্যাদাসম্পন্ন জীৱন অতিবাহিত কৰিব পাৰে তাক চৰকাৰে নিশ্চিত কৰিব লাগে৷ আন্তর্জাতিক স্তৰত ঘোষিত কৃষিজীৱীৰ মানৱাধিকাৰ ভাৰতবর্ষৰ কৃষকে লাভ কৰাৰ স্বার্থত ৰাষ্ট্রীয় বা ৰাজ্যিক স্তৰত বিধি-বিধান প্রস্তুত কৰিব লাগে৷ দেশীয় বাজেটত কৃষকৰ সামাজিক সুৰক্ষাৰ বাবে পর্যাপ্ত ধনৰ অনুমোদন হ’ব লাগে৷ যিসকল খেতিয়কে কৃষিকার্যত জড়িত হৈ সর্বস্বান্ত হৈছে বা আত্মহত্যা কৰিছে তাৰ নৈতিক দায়িত্ব চৰকাৰে গ্রহণ কৰি তেনে কৃষক পৰিয়ালক ক্ষতিপূৰণ আৰু সংস্থাপন দিব লাগে৷

১১. উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ জৈৱ-বৈচিত্র্য সংৰক্ষণ কৰাৰ স্বার্থত একক বা বাণিজ্যিক কৃষি (monoculture) বন্ধ হ’ব লাগে আৰু এনে ৰাজ্যসমূহৰ কৃষকসকলে পাৰম্পৰিকভাৱে গ্রহণ কৰি অহা কৃষিকার্যৰ সংৰক্ষণ আৰু বিকাশ সাধন কৰিব লাগে৷

১২. যিবোৰ বিকাশমুখী প্রকল্পই উত্তৰ-পূবৰ কৃষকসমাজক প্রত্যক্ষভাৱে ক্ষতি কৰিছে বা ক্ষতি কৰাৰ আশংকা আছে তেনে প্রকল্পবোৰ বাতিল কৰিব লাগে আৰু এনে প্রকল্প গ্রহণ আৰু তাৰ ৰূপায়ণত কৃষকসমাজৰ অংশগ্রহণ নিশ্চিত কৰিব লাগে৷

কৃষকৰ সাম্প্রতিক অৱস্থা

আটাইতকৈ গুৰুত্বপূর্ণ প্রশ্নটোৱেই হৈছে আন্তর্জাতিকভাৱে কৃষকৰ বাবে নির্ধাৰণ কৰা এনে অধিকাৰসমূহ কার্যকৰী কৰাৰ ক্ষেত্রত ভাৰতবর্ষৰ নিচিনা কৃষিপ্রধান দেশ এখন কিমানদূৰ কৃতকার্য হৈছে? নে বিগত তিনিটা দশকত, বিশেষকৈ আর্থিক উদাৰীকৰণ প্রক্রিয়াক দেশখনে আঁকোৱালি লোৱাৰ পাছত ভাৰতবর্ষৰ কৃষকসকলৰ অধিকাৰসমূহ ক্রমাগতভাৱে সংকুচিতহে হ’ব লাগিছে? সম্প্রতি নৰেন্দ্র মোদী নেতৃত্বাধীন বিজেপি চৰকাৰখনে গ্রহণ কৰা ভূমি অধিগ্রহণৰ অধ্যাদেশ, খাদ্য শস্যৰ সলনি বিক্রীযোগ্য শস্যৰ প্রতি আগ বঢ়োৱা চৰকাৰী পৃষ্ঠপোষকতা, বৃহৎ পৰিসৰৰ  কর্প’ৰেট ফার্মিঙৰ শ্রীবৃদ্ধি, উৎপাদিত শস্য বিক্রীৰ ক্ষেত্রখনত চৰকাৰী নিয়ন্ত্রণ প্রত্যাহাৰ কৰা, কৃষিখণ্ডত ব্যয় সংকোচন, বীজ আৰু সাৰৰ ক্ষেত্রত ৰাজসাহায্য কমোৱা আদি প্রক্রিয়াবোৰে প্রকৃতপক্ষে অধিকাৰ সংকোচনৰ প্রৱণতাসমূহকে নির্দেশ কৰে নেকি?

দেখা যায় যে ভাৰতবর্ষৰ স্বাধীনতাৰ পাছত জৱাহৰলাল নেহৰু আৰু প্রখ্যাত অর্থনীতিবিদ পি চি  মহলানৱীশৰদ্বাৰা নিৰূপিত আর্থিক নীতিয়ে দেশখনৰ খাদ্য সুৰক্ষাৰ স্বার্থত কৃষিভূমিৰ সংকোচন যাতে ঘটিব নোৱাৰে তাৰ বাবে বৃহৎ উদ্যোগৰ সলনি কেন্দ্রীয় চৰকাৰৰ দৃষ্টি খনি আৰু খনি-ভিত্তিক উদ্যোগতে সীমাবদ্ধ কৰি ৰাখিব বিচাৰিছিল৷ যিহেতু ভাৰতবর্ষৰ নিচিনা ঔদোগিক প্রযুক্তিৰ ক্ষেত্রত পিছপৰা দেশ এখনত ঔদ্যোগিক ক্ষেত্রৰ সম্প্রসাৰণৰ অর্থই আছিল আমদানি-নির্ভৰশীল হোৱা, সেয়েহে ৰপ্তানিৰদ্বাৰা আহৰিত বৃহৎ পৰিমাণৰ বিদেশী মুদ্রা খৰচ হৈছিল আমদানিকৃত যন্ত্রাংশত৷ আমদানি আৰু ৰপ্তানিৰ ক্ষেত্রত দেখা দিয়া এনে ভাৰসাম্যহীনতালৈ লক্ষ্য ৰাখি স্বাধীনতাৰ সময়ত মূল আর্থিক ক্ষেত্র বুলি স্বীকৃত কৃষি আৰু কৃষি-ভিত্তিক উদ্যোগৰ ক্ষেত্রত ভাৰত চৰকাৰে কোনোধৰণৰ আপোচ কৰিব খোজা নাছিল৷

Share Button
Print Friendly, PDF & Email

1 Comment : "কৃষকৰ অধিকাৰ আৰু সাম্প্রতিক অৱস্থা (কিশোৰ কুমাৰ কলিতা)"

  1. Hirak das

    বৰ দুখজনক কৃষকৰ লগতে আমাৰ কৃষি ব্যৱস্থাটো !!

Leave a Comment

Your email address will not be published. Required fields are marked *