কৃষিক্ষেত্র উপেক্ষিত কিয়? (দেবিন্দৰ শর্মা)

ভাৰতীয় কৃষকসকল কিয় সদায়  উপেক্ষিত হৈ আহিছে তাৰ কাৰণ জনা নাযায়৷ প্রতি বছৰে বিনিয়োগ কম হয় যদিও ভাৰতীয় কৃষকসকলে প্রচুৰ শস্য উৎপাদন কৰি আহিছে৷ অর্থনৈতিক উন্নয়নৰ আওতাত কৃষিৰ ওপৰত সর্বাধিক গুৰুত্ব দিয়া হ’লে, মই নিশ্চিত যে ভাৰতৰ কৃষকসকলে তেতিয়া খাদ্যশস্য, ফলমূল আৰু শাক-পাচলিৰে দেশখন ওপচাই পেলাব পাৰিলেহেঁতেন৷ ২০১৩-১৪ বর্ষত কৃষকসকলে ২৬৪.৪ মিলিয়ন টন খাদ্যশস্য উৎপাদনেৰে অভিলেখ সৃষ্টি কৰিছে৷ তৈলবীজৰ উৎপাদনো ৪.৮ শতাংশ বৃদ্ধি পাই অভিলেখসংখ্যক ৩৪.৫ মিলিয়ন টন হৈছে৷ গোমধানৰ উৎপাদনো ৮.৫২ শতাংশ বাঢ়ি গৈ ২৪.২ মিলিয়ন টন হৈছে৷ মাহজাতীয় শস্যৰ উৎপাদন পূর্বৰ বছৰতকৈ ৭.১০ শতাংশ বৃদ্ধি পাই সৰ্বোচ্চ ১৯.৬ মিলিয়ন টন হৈছেগৈ৷ কপাহ খেতিয়েও অভিলেখ সৃষ্টি কৰিছে৷

এনেধৰণৰ অভিলেখসংখ্যক উৎপাদনৰ বাবে দেশখন কঠোৰ পৰিশ্রমী কৃষকসকলৰ ওচৰত ঋণী৷ কিন্তু যোৱা বছৰ অর্থাৎ ২০১৩-১৪ বর্ষত কৃষি উৎপাদনে অভিলেখ সৃষ্টি কৰাৰ পাছতো কৃষিৰ বাবে কেন্দ্রীয় বাজেটত ১৯,৩০৭ কোটি টকাহে ধার্য কৰিছিল, যি পৰিমাণ বাজেটৰ সর্বমুঠ বিনিয়োগৰ ১ শতাংশতকৈও কম৷

এইবছৰো বিত্তমন্ত্রী অৰুণ জেটলিয়ে কেন্দ্রীয় বাজেটৰ জৰিয়তে কৃষি আৰু সংলগ্ন বিভাগবোৰৰ বাবে ২২,৬৫২ কোটি টকাহে ধার্য কৰিছে৷ গতিকে কৃষি ক্ষেত্র উপেক্ষিত হৈয়ে আছে৷

১৯৯১ চনত অর্থনৈতিক উদাৰীকৰণ প্রক্রিয়া আৰম্ভ হোৱাৰপৰাই কৃষিৰ প্রতি উদাসীনতা লক্ষণীয় হৈ পৰিছিল৷ মোৰ মনত পৰে, সেই সময়ত মনমোহন সিং বিত্তমন্ত্রী হৈ আছিল আৰু বাজেট ভাষণত তেওঁ উদ্যোগৰ ওপৰতেই সর্বাধিক গুৰুত্ব আৰোপ কৰিছিল৷ দ্বিতীয় দফাতহে তেওঁ কৈছিল যে কৃষিয়েই অর্থনীতিৰ অৱলম্বন৷ যিহেতু কৃষি এটা ৰাজ্যিক অধিকাৰৰ বিষয়, গতিকে তেওঁ ৰাজ্য চৰকাৰক কৃষিৰ ওপৰত অধিক গুৰুত্ব দিবলৈ কৈ বিষয়টো তেওঁলোকলৈ এৰি দিছিল৷ কিন্তু তেওঁ পাহৰি গৈছিল যে উদ্যোগো ৰাজ্যিক অধিকাৰৰ অন্তর্ভুক্ত বিষয় আৰু এই বিষয়টোও ৰাজ্য চৰকাৰকে এৰি দিয়া উচিত আছিল৷ গতিকে পক্ষপাতিত্ব স্পষ্টকৈ প্রকাশ পাইছে৷

একাদশ পঞ্চবার্ষিক পৰিকল্পনা (২০০৭-০৮ৰপৰা ২০১১-১২)ৰ সময়ছোৱাত কৃষিখণ্ডৰ উৎপাদন ৪.১ শতাংশৰ দৰে আকর্ষণীয় হাৰত বৃদ্ধি পোৱা সত্ত্বেও কৃষিখণ্ডই ১ লাখ কোটিৰ হতাশাজনক অর্থনৈতিক সাহায্যহে লাভ কৰিছিল৷ প্রত্যক্ষ আৰু পৰোক্ষভাৱে ৬০ কোটি মানুহ জড়িত থকা এটা খণ্ডৰ বাবে ১ লাখ কোটি টকা পাঁচ বছৰত খৰচ কৰাটো তেনেই নগণ্য পৰিমাণ৷ দ্বাদশ পঞ্চবার্ষিক পৰিকল্পনা (২০১২-১৩ৰপৰা ২০১৭-১৮)ত কৃষিখণ্ডৰ বাবে ১.৫ লাখ কোটি টকা ধার্য কৰা হৈছে৷

এতিয়া তুলনা কৰক, ২০১৪-১৫ বর্ষত কিদৰে উদ্যোগ খণ্ডক ৫.৭৩ লাখ কোটি টকা কৰ ৰেহাই দিয়া হৈছে৷ গতিকে উদ্যোগ খণ্ডকহে অগ্রাধিকাৰ দিয়া হৈছে৷ সেই কাৰণে মই দীর্ঘদিন ধৰি কৈ আহিছোঁ যে কৃষকসকল লাহে লাহে অর্থনৈতিক মাপকাঠীৰপৰা অদৃশ্য হৈ গৈ আছে৷

কৃষিৰ বাবে ইমান কম বাজেটৰ বিতৰণ আৰু গ্রামাঞ্চলত ৰাজহুৱা খণ্ডৰ বিনিয়োগ উল্লেখনীয়ভাৱে কমি যোৱাৰ বিষয়ে জনা সত্ত্বেও এক ভয়াৱহ অর্থনৈতিক সংকটৰ মাজত বর্তি থকা কৃষিখণ্ডক পুনৰুজ্জীৱিত কৰাৰ কোনো উদ্দেশ্য চকুত পৰা নাই৷ টি ভি চেনেলৰ ষ্টুডিঅ’ত খাদ্য সামগ্রী, সাৰ, ডিজেল, ৰন্ধন গেছ আৰু এম এনৰেগাৰ ক্ষেত্রত দুখীয়াৰ বাবে থকা ৰাজ্যসাহায্যসমূহ কর্তন কৰা হৈছে বুলি হুলস্থুল কৰি থকা হৈছে৷ কিন্তু ভাৰতৰ উদ্যোগ খণ্ডক অপ্রয়োজনীয়ভাৱে কৰ ৰেহাই দিয়াৰ প্রতিবাদত তেওঁলোকে টু শব্দ এটাও উচচাৰণ কৰা নাই৷

২০০৪-০৫ চনৰপৰা ভাৰতৰ কপ’র্ৰেট খণ্ডক ৩১ লাখ কোটি টকাৰ কৰ ৰেহাই দিয়া হ’ল৷ ইয়াৰ জৰিয়তে ঔদ্যোগিক খণ্ডৰ উন্নতি আৰু বিনিয়োগ সৃষ্টিৰ আশা কৰা হৈছিল৷ কিন্তু যোৱা দহ বছৰত মাত্র ১.৫ কোটি চাকৰিহে সৃষ্টি কৰা হ’ল আৰু ঔদ্যোগিক উৎপাদনৰ ক্ষেত্রতো কোনো উল্লেখযোগ্য পদক্ষেপ দেখা নগ’ল৷

ভাৰতৰ কর্প’ৰেট খণ্ডৰ হাতত থকা নগদ ধনৰ পৰিমাণ ১০ লাখ কোটিৰ অধিক আৰু বেংকসমূহক দিব লগীয়া অনাদায় ঋণৰ পৰিমাণো প্রায় ১০ লাখ কোটি৷ ইয়াৰপৰা স্পষ্টভাৱে বুজা যায় যে দৰিদ্রসকল ন্যায্য অর্থনৈতিক সুবিধাৰপৰা বঞ্চিত হৈ আহিছে আৰু সম্পদসমূহ সদায় ধনী, ক্ষমতাশালী শ্রেণীটোৰ হাতলৈ সহজেই অপসাৰিত হৈ আছে৷

 প্রায় ৬০ কোটি লোক কৃষিখণ্ডত নিয়োজিত৷ এইসকল কৃষকৰ প্রায় ৮২.২ শতাংশ ক্ষুদ্র আৰু উপান্ত কৃষক৷ কম মাটিৰ অধিকাৰী আৰু আর্থিক সাহায্যবিহীন জনসংখ্যাৰ এই বৃহৎ অংশ এনেদৰেই জীয়াই আছে৷

অধ্যয়নৰপৰা দেখা যায় যে প্রায় ৬০ শতাংশ কৃষকে অনাহাৰেই বিছনালৈ যাব লগীয়া হয়৷ কৃষিয়ে অর্থনৈতিকভাৱে অস্তিত্ব হেৰুওৱাৰ লগে লগে ৪২ শতাংশতকৈও অধিক কৃষকে অন্য ক্ষেত্রৰ সন্ধান পালে কৃষিকার্য এৰিবলৈ ল’ব৷

মূলসুঁতিৰ অর্থনীতিবিদসকলে কৃষিখণ্ডৰ অৱসান ঘটাই কৃষকসকলক চহৰলৈ স্থানান্তৰ কৰোৱাৰ পক্ষপাতী৷ কিন্তু ভাৰতৰ মন্দিৰবোৰ হ’ল দেশৰ সর্ববৃহৎ নিয়োগকর্তা, আকৌ ছিকিউৰিটি গার্ড আৰু লিফট বয় হিচাপেও দেশৰ এক বৃহৎ অংশ নিয়োজিত হৈ আছে৷ কিন্তু এইসমূহে দেশৰ অর্থনৈতিক বিকাশত কিবা অৰিহণা যোগাব পৰিছে জানো?

বিশ্ব বেংকৰ মতে, গ্রাম্য-চহৰীয়া প্রব্রজন হ’ল অর্থনৈতিক বিকাশৰ চূড়ান্ত সূচক৷ ভাৰতীয় অর্থনীতিবিদসকলেও এই যুক্তিতে একমত হৈছে৷ ২০১৩-১৪ চনৰ অর্থনৈতিক সমীক্ষাইও একেটা কথাকে সমর্থন কৰিছে৷ ভাৰতীয় ৰিজার্ভ বেংকৰ গৱর্নৰ ৰঘুৰাম ৰাজনেও একে মতেই প্রকাশ কৰিছে৷ খাদ্যদ্রব্যৰ মূল্য বৃদ্ধি হৈ গৈ থাকিলে কৃষকক নিম্নতম সমর্থন মূল্য প্রদান কৰাতো বাধা আহিব৷

কৃষকসকলক বজাৰ নীতি মানি ল’বলৈ বাধ্য কৰোৱা হৈছে যাৰ জৰিয়তে অনিশ্চয়তা ইয়াৰ এক নীতি হৈ পৰিব৷

বিহাৰত ২০০৭ চনৰপৰা APMC (Agricultural Product Market Committee) নাই আৰু ইয়াত বজাৰ ব্যৱস্থাই অর্থনৈতিক উন্নতিৰ জৰিয়তে আত্মবিশ্বাস সঞ্চাৰ কৰাত ব্যর্থ হৈছে৷ কিন্তু বজাৰ ব্যৱস্থাই ইয়াকে বিচাৰে৷ তেওঁলোকে কম খৰচী কৃষি সামগ্রীৰ উৎপাদনতহে গুৰুত্ব দিয়ে যাতে তেওঁলোকৰ লাভ হয়৷ ইয়াৰ ফলত কৃষকৰ কি অৱস্থা হ’ব সেই বিষয়ে তেওঁলোকৰ কাণসাৰ নাই৷

Share Button
Print Friendly, PDF & Email

No Comments : "কৃষিক্ষেত্র উপেক্ষিত কিয়? (দেবিন্দৰ শর্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *