গল্প-কবিতা

কুলছুমাৰ তেজ-(ৰশ্মিৰেখা বৰা)


কুলছুমাক চোঁচৰাই নিয়াৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ
কুলছুমাক লঠিয়াই মৰাৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ


কুলছুমাক চোঁচৰাই নিয়াৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ
কুলছুমাক লঠিয়াই মৰাৰ দিন ধৰি মই শিল এছটা হৈ বহি আছোঁ

তাইৰ যোনিৰপৰা ওলোৱা তেজৰ সুঁতিটো মোৰ গাৰে বৈ আছে 
মই উশাহ-নিশাহ ল’ব নোৱৰাকে মোৰ নাকে মুখে তেজৰ সুঁতিটো পিয়াপি দি ফুৰিছে

কুলছুমাৰ ঘৰ নাছিল মাটি নাছিল বেংকত পইচা নাছিল জীৱনবীমা নাছিল
কুলছুমাৰ তেজত হিমগ্লবিন নাছিল
কুলছুমাই আইৰনৰ বড়ি খোৱা নাছিল

কুলছুমাৰ ঢেলা তেজ
মৰা মাছৰ চকুৰ দৰে কুলছুমাৰ ঢেলা চকু

এই পৰত মোৰ একো ক’বৰ মন যোৱা নাই একো কৰিবৰ মন যোৱা নাই 
মোৰ বৰ ভাগৰ লাগিছে
গাঁৱত মোৰ মাটি এডোখৰ আছে সাঁচতীয়া পইচা দুটামান আছে
নিশ্চিন্তে শুবলৈ টোপনি অকমান আছে

এই দুপৰ নিশা এনেকৈ অগা-ডেৱা কৰিবলৈ তই কেলেই আহিছ মৰতী

আমাৰ মুখত ছাই এসোপা সানি কুলছুমা মৰিল
আমাৰ চকুৰ আগত গা খহি কুলছুমা মৰিল

কুলছুমাৰ ঢেলা তেজ
মৰা মাছৰ চকুৰ দৰে কুলছুমাৰ ঢেলা চকু


কুলছুমাৰ তেজ পানী
কুলছুমাৰ তেজ বেআইনী
কুলছুমাৰ তেজ আথাউনী

তেজ পানী হৈ পানী তেজ হৈ বৈ আছে বৰনৈ ভৰি গৈ আছে বৈ আছে

তেজৰ পানীগছা ৰৈ ৰৈ

বৰ উদং উদং লাগিছে 
মিছা মিছা লাগিছে
কেনি উৰি গৈছে খং ৰাগ প্ৰতিবাদ জুই ধোঁৱা

সেই দিন ধৰি দৰক লাগি আছে কেচেমাকেচেম গোন্ধটো সেই উছন ভেঁটিত

কুলছুমাৰ তেজ পানী
আমাৰ তেজ পানী মঙহ পানী জীৱন পানী

মই এছটা শিল
তেতিয়াৰেপৰা মই থৰ লাগি কুলছুমাৰ কেঁচুৱাটোলৈ চাই আছোঁ
তেতিয়াৰেপৰা ৰঙা ৰ’দ এজাকৰ হেঁপাহত মই কুলছুমাহঁতৰ কেঁচুৱাবোৰলৈ চাই আছোঁ


প্ৰথমে তাই আগবাৰীত ৰঙা জবা এজোপা হৈ ফুলিল
হাতো নোমেলিবি…

চাউদাঙে তাইক উভালি চুৱা পাতনিত পেলালে
এবেলি তাতে তাই লাও এজোপা হ’ল
অ বোলোঁ ফুলো নিছিঙিবি…

চাউদাঙে তাইক ঢাপত পুতিলে
এইবাৰ তাই পিছবাৰীত জৰা টেঙা এজোপা হ’ল
ক’ৰে গৰখীয়া তই…

চকুচৰহা চাউদাঙে পুলিয়ে পোখাই তাইক নদীত পেলালেগৈ
তেতিয়াৰপৰাই এনদী তেজ
তেতিয়াৰপৰাই এনদী বিহমেটেকা
তেতিয়াৰপৰাই গাঁৱৰ তিৰোতাবোৰৰ খোঁপাত বিহমেটেকাৰ ফুল

তেতিয়াৰপৰাই ৰাতি ৰাতি ৰজাৰ টোপনি ভাঙি
কুলছুমাহে মই…

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *