লেনিন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম-(ভবেশ নাথ)

যোৱা ৬ মাৰ্চ তাৰিখে স্বাধীন ভাৰতৰ অংগ ৰাজ্য ত্ৰিপুৰাত বিশ্ব ৰাজনীতিৰ জনক, মহান অক্টোবৰ বিপ্লৱৰ জৰিয়তে মাৰ্ক্সবাদৰ প্ৰথম সফল প্ৰয়োগেৰে পৃথিৱীত প্ৰথমখন সমাজবাদী অৰ্থনীতিৰ দেশ গঢ়া, পৃথিৱীৰ কোটি কোটি মুক্তি পিয়াসী জনতাৰ আজিও প্ৰেৰণাৰ উৎস হৈ ৰোৱা মহান বিপ্লৱী মহামতি লেনিনৰ প্ৰতিমূৰ্তি এটি ভাঙি দিয়া হৈছিল কিছুমান দুষ্কৃতিকাৰীৰ দ্বাৰা। উক্ত ঘটনাটোৱে ৰাজ্য খনৰ লগতে সমগ্র ভাৰতবৰ্ষত এনে এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল যে ভাৰতবৰ্ষৰ বাহিৰেও ৰাছিয়াকে আদি কৰি পৃথিৱীৰ অন্যান্য দেশতো ইয়াৰ প্ৰতিবাদ হৈছিল। আনকি বৰ্তমানেও এই ঘটনাৰ প্ৰতিক্ৰিয়া স্তিমিত হোৱা নাই। প্ৰশ্ন হ'য়, প্ৰতিমূৰ্তি এটা ভাঙি দিলেই জানোঁ প্ৰতিমূৰ্তি থকা সেই নিৰ্দিষ্ট ব্যক্তিজনৰ আদৰ্শ, দৰ্শন তথা কৰ্মৰাজীক নসাৎ কৰিব পৰা যায়? নিশ্চয় নাযায়। যাৰ বাবে কোৱা হয় প্ৰতিমূৰ্তিক ধ্বংস কৰিব পাৰি , কিন্তু আদৰ্শক  নোৱাৰি।

সাধাৰণতে দেখা যায় যে পৃথিৱীৰ বিভিন্ন দেশত সেইসকল মহান ব্যক্তিৰ প্ৰতিমূৰ্তি স্থাপিত হৈছে, যি সকলে তেওঁলোকৰ আদৰ্শ, দৰ্শন, চিন্তা তথা কৰ্মৰে এই বিশাল পৃথিৱীৰ সৰ্বসাধাৰণ মানুহলৈ নিজস্ব অৱদান আগবঢ়াই থৈ গৈছে। লেনিনো হৈছে তেনে এক ব্যক্তি যিয়ে প্ৰথম বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত এছিয়া , ইউৰোপকে আদি কৰি ঔপনিৱেশিক শাসনৰ কবলত থকা বিশ্বৰ বিভিন্ন দেশৰ স্বাধীনতা পিয়াসী সংগ্ৰামী জনতাক মুক্তিৰ প্ৰেৰণা যোগাইছিল। ১৯১৭ চনত ৰাছিয়াত সংঘটিত হোৱা মহান "অক্টোবৰ বিপ্লৱ"ৰ জনক আছিল এইজন লেনিন। যি অক্টোবৰ বিপ্লৱ তথা ৰুছ বিপ্লৱে সেই সময়ত পৃথিৱীৰ বিভিন্ন দেশত চলি থকা স্বাধীনতা সংগ্ৰামক যোগাইছিল অফুৰন্ত প্ৰেৰণা আৰু সাহস। যাৰ বাবে এইজনা মহান বিপ্লৱীৰ প্ৰতিমূৰ্তি আজিও পৃথিৱীৰ বিভিন্ন দেশত সদম্ভে থিয় দি আছে। আনকি সমাজবাদী ধাৰণাৰ সম্পূৰ্ণ বিপৰীত মেৰুত অৱস্থান কৰা পূজিবাদী দেশ আমেৰিকাতো আছে লেনিনৰ প্ৰতিমূৰ্তি।

এছিয়া আৰু ইউৰোপ সহিতে পৃথিৱীৰ আন আন দেশত ক্ৰমশঃ উত্থান হোৱা স্বাধীনতা সংগ্ৰামবোৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই লেনিনে ৰাছিয়ান বিপ্লৱৰ এটা দশক পূৰ্বেই সমগ্র পৃথিৱীৰ বিপ্লৱীসকলৰ বাবে এক আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ প্ৰয়োজনীয়তা সজোৰে উত্থাপন কৰিছিল। ১৯০৮ চনত তেখেতে লিখা " Inflammable material in world politics" ত গোটেই বিশ্বৰ বিপ্লৱী পৰিস্থিতিবোৰক পুংখানুপুংখ ভাৱে বিশ্লেষণ কৰিছিল। এছিয়া আৰু ইউৰোপৰ স্বাধীনতা সংগ্ৰাম সম্পৰ্কত ১৯১৩ চনৰ ৯ মে ত তেখেতে লিখিছিল -- " ..... বিশ্ব পুজিবাদ আৰু ৰাছিয়াৰ ১৯০৫ চনৰ আন্দোলনে অৱশেষত এছিয়া জগাই তুলিছে। মধ্যযুগীয় জড়তা-নিশ্চলতাৰপৰা কোটি কোটি পদদলিত আৰু অন্ধকাৰাচ্ছন্ন মানুহ নতুন জীৱনৰ অভিমুখে জাগি উঠিছে, আৰু সেই জনতাই প্ৰাথমিক মানৱিক অধিকাৰসমূহৰ আৰু গণতন্ত্ৰৰ কাৰণে সংগ্ৰামত দৃঢ় ভাৱে থিয় দিছে। পৃথিৱীৰ প্ৰত্যেক অংশতে বিভিন্ন ৰূপত মুক্তি আন্দোলনৰ এই প্ৰবল বিকাশৰ প্ৰতি অগ্ৰসৰ দেশসমূহৰ শ্ৰমিকসকলে আগ্ৰহ আৰু উদ্দীপনাৰে লক্ষ্য ৰাখিছে। ......  এছিয়াৰ জাগৰণ আৰু ইউৰোপৰ অগ্ৰগামী প্ৰলিতাৰিয়েতৰ ক্ষমতা লাভৰ কাৰণে সংগ্ৰামৰ আৰম্ভণি হৈছে বিশ্ব ইতিহাসৰ নতুন পৰ্যায়ৰ এক প্ৰতীক, যি ইতিহাস এই শতিকাৰ জোৰণিত আৰম্ভ হৈছে ।"

আনহাতে ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ কথা যদি আমি আলোচনালৈ আনো তেতিয়া দেখিম যে ভাৰতৰ স্বাধীনতা সংগ্ৰামক প্ৰত্যক্ষ বা পৰোক্ষভাৱে আটাইতকৈ বেছি পৰিমাণে প্ৰভাৱিত কাৰকটোৱেই আছিল লেনিনৰ ৰুছ বিপ্লৱ। লেনিনে ভাৰতত কমিউনিষ্ট আন্দোলনৰ উত্থানৰ লগে লগে ঔপনিবেশিক বিৰোধী সংগ্ৰামৰ উত্থানৰো পোষকতা কৰিছিল যিটোৱে পৰৱৰ্তী পৰ্যায়ত এখন স্বাধীন ভাৰত ৰাষ্ট্ৰৰ জন্ম দিছিল। ১৯২০ চনৰ ১৭ ফেব্ৰুৱাৰীত কেইজনমান  ভাৰতীয় বিপ্লৱীয়ে কাবুলত মিলিত হৈ লেনিনৰ নেতৃত্বত গঢ় লৈ উঠা ৰাছিয়ান বিপ্লৱৰ সফলতাক শুভেচ্ছা  প্ৰদানৰ উদ্দেশ্য  লেনিনলৈ বুলি এক প্ৰস্তাৱ প্ৰেৰণ কৰিছিল। উক্ত প্ৰস্তাৱ লেনিনে পোৱাৰ পিছত ভাৰতীয় বিপ্লৱী সংঘলৈ বুলি লেনিনে লিখিছিল এইদৰে --- " বিদেশী আৰু স্বদেশী পুজপতিবিলাকৰ শোষণৰ পৰা নিপীড়িত জনসাধাৰণৰ আত্মনিয়ন্ত্ৰণ আৰু মুক্তিৰ যি নীতি শ্ৰমিক কৃষক প্ৰজাতন্ত্ৰ ই ঘোষণা কৰিছে তাৰ প্ৰতি স্বাধীনতাৰ কাৰণে বীৰত্বপূৰ্ণ সংগ্ৰাম চলাই যোৱা প্ৰগতিশীল ভাৰতীয়সকলৰ মাজত অতি দ্ৰুত সহাৰি জাগি উঠা বুলি শুনি পৰম সন্তোষ পাইছোঁ ( I am glad to hear that the principales of self determination and the liberation of oppressed nations from exploitation by foreign and native capitalists , proclaimed by the worker's and peasant's Republic, have met with such a ready response among progressive Indians , who are waging a heroic fight for freedom -- Lenin.) ব্যক্তিগত ভাৱেও লেনিনে ভাৰতৰ নেতৃস্থানীয় স্বাধীনতা সংগ্ৰামী সকললৈ ব্যক্ত কৰিছিল মুকলি সমৰ্থন। উদাহৰণস্বৰূপে উনৈছ শতিকাৰ আৰম্ভণিতে লৰ্ড কাৰ্জনৰ বংগ বিভাজনৰ সময়ছোৱাত বাল গংগাধৰ তিলকৰ নেতৃত্বত স্বদেশী আন্দোলনে এক নতুন জোৱাৰ তুলিছিল সমগ্র ভাৰতত যাৰ বাবে লোকমান্য তিলক ব্ৰিটিছৰ প্ৰধান লক্ষ্য হৈ পৰিছিল। পৰৱৰ্তী পৰ্যায়ত ১৯০৯ চনত দেশদ্ৰোহৰ অপৰাধত লোকমান্য তিলকক ছয়বছৰৰ বাবে বাৰ্মালৈ নিৰ্বাসন দিয়া হৈছিল। সেই সময়তে নিজে নিৰ্বাসিত হৈ থকা লেনিনে লোকমান্য তিলকৰ বিৰুদ্ধে বৃটিছ সকলে কৰা অন্যায়ৰ বিৰোধিতা কৰি ব্ৰিটিছ সকলক ব্ৰুটিছ হিচাপে উপহাস কৰি কৈছিল ---" "The most liberal and radical personalities of free Britain…become regular Genghis Khans when appointed to govern India, and are capable of sanctioning every means of 'pacifying' the population in their charge, even to the extent of flogging political protestors!” লগতে  --- ভাৰতীয় গণতন্ত্ৰৰ সমৰ্থক তিলকৰ বিষয়ে ন শিকাৰু বৃটিছ সকলে কৰা  বক্তব্যৰ বিৰোধিতা কৰি লেনিনে কৈছিল যে " ভাৰতীয় সকলৰ সৈতে ৰাজনৈতিক গণ সংগ্ৰামৰ সোৱাদ লৈয়েই বৃটিছ শাসন ভাৰতবৰ্ষত ধ্বংস হ'ব(  “infamous sentence pronounced by the British jackals on the INDIAN DEMOCRAT TILAK”, Lenin predicted that with the Indians having got a taste of political mass struggle, the “British regime in India is doomed")

উল্লেখযোগ্য যে ভাৰতৰ স্বাধীনতা আন্দোলনৰ মহান সংগ্ৰামী ভগৎ সিং , সুখদেৱ, চন্দ্ৰশেখৰ আজাদ, আচফাকুল্লাহ আদিবোৰ আছিল লেনিনৰ ঘোৰ সমৰ্থক। যিবোৰে লেনিনৰ নেতৃত্বত গঢ় লৈ উঠা সমাজতান্ত্ৰিক ছোভিয়েট ৰাছিয়াৰ দৰে ভাৰতবৰ্ষকো এখন স্বাধীন সমাজতান্ত্ৰিক দেশ হিচাপে গঢ়াৰ সপোন দেখিয়েই মৃত্যুবৰণ কৰিছিল। মৌলানা হাছৰাত মহানিৰ দ্বাৰা আৰোপিত আৰু ভগৎ সিং ৰ দ্বাৰা জনপ্ৰিয় হোৱা " ইনকিলাৱ জিন্দাবাদ" সংলাপটিও ৰাছিয়ান বিপ্লৱৰ অনুপ্ৰেৰণাতে গঢ় লৈ উঠা। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ ভৰপক সময়তেই ১৯২০ চনত উত্তৰ ভাৰতত Hindustan Republic Army নামৰ সশস্ত্ৰ সংগঠনটো শক্তিশালী হৈ উঠিছিল। ভগৎ সিং আৰু আজাদৰ নেতৃত্বত গঢ় লৈ উঠা HRA ক পিছলৈ S-Socialist শব্দটো সংযোগ কৰি HSRA কৰা হয়। ভগৎ সিং আৰু আজাদ ক লেনিনৰ সমাজতান্ত্ৰিক ৰাছিয়াই আকৰ্ষিত কৰিছিল বাবেই তেওলোকে তেওঁলোকৰ সংগঠনকো ছছিয়েলিষ্ট আদৰ্শৰে গঢ়ি সমাজতান্ত্ৰিক ভাৰতবৰ্ষ গঢ়াৰ সপোন দেখিছিল। আনকি ১৯৩০ চনৰ ২১ জানুৱাৰীত ভগৎ সিং আৰু তেওঁৰ সতীৰ্থ বৃন্দই বৃটিছ কৰ্টৰ পৰা লেনিনৰ মৃত্যু বাৰ্ষিকী উপলক্ষে ৰাছিয়ালৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছিল। তাৰোপৰি ১৯২৯ চনত লেনিনৰ সমৰ্থক যতীন্দ্ৰ নাথৰ ভগৎ সিং হতে জেইলত থকা সময়ত আমৰণ অনশনত মৃত্যু বৰণ কৰিছিল। উল্লেখযোগ্য যে ভগৎ সিঙে তেওঁক ফাচী দিব অনা সময়ত পঢ়ি থকা কিতাপ খন আছিল লেনিনৰ।

আনহাতে লেনিনৰ ৰুছ বিপ্লৱে  প্ৰভাৱিত কৰিছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মূল নেতৃত্ব বহন কৰা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু আদিকে কৰি ভালেমান মূলসূতিৰ স্বাধীনতা সংগ্ৰামীক। ৰুছ বিপ্লৱ সম্পৰ্কত মহাত্মা গান্ধীৰ বক্তব্য আছিল এনেধৰণৰ -- “nations have progressed both by evolution and revolution”, and that "history is more a record of wonderful revolution than of so-called ordered progress”. অৰ্থাৎ " ৰাষ্ট্ৰ সদায় ক্ৰমবিৱৰ্তন আৰু বিপ্লৱৰ দ্বাৰা আগবাঢ়ে আৰু সেইবাবেই ইতিহাস হৈছে তথাকথিত প্ৰগতিতকৈ আটাইতকৈ গুৰুত্বপূৰ্ণ বিপ্লৱ।" একেই প্ৰসংগত জৱাহৰলাল নেহৰুদেৱে কৈছিল -- " ৰাছিয়াত লেনিনৰ নেতৃত্বত অক্টোবৰ বিপ্লৱ চলি থকা সময়ত, আমিও আমাৰ ভাৰতবৰ্ষত স্বাধীনতা আন্দোলনৰ এক নতুন ধাৰা আৰম্ভ কৰিছোঁ। আমাৰ  জনতাই বহু বছৰ ধৰি নিষ্ঠা আৰু সাহসেৰে এই সংগ্ৰামত জড়িত হৈ আছে। যদিও মহাত্মা গান্ধীৰ নেতৃত্বত আমি অন্য এক পথ বাছি লৈছোঁ, তথাপি আমি লেনিনে দি থৈ যোৱা বলছেভিক বিপ্লৱৰ উদাহৰণৰে প্ৰভাৱিত (almost at the same time as the October Revolution led by the great Lenin, we in India began a new phase in our struggle for freedom. Our people for many years were engaged in this struggle with courage and patience. And although under the leadership of Gandhi we followed another path, WE WERE INFLUENCED BY THE EXAMPLE OF LENIN. )" উল্লেখযোগ্য যে জৱাহৰলাল নেহৰুৱে স্বাধীন ভাৰত ছোভিয়েট ৰাছিয়াৰ আৰ্হিতে গঠন কৰিব বিচাৰিছিল । ৰুছ বিপ্লৱৰ প্ৰেৰণাত ক্ৰমশ শক্তিশালী হৈ উঠিব ধৰা ভাৰতৰ স্বাধীনতা আন্দোলনৰ উত্থানত ত্ৰস্তমান হৈ ব্ৰিটিছ ইণ্ডিয়ান অথ'ৰিটিয়ে লেনিনৰ বিৰুদ্ধে অপপ্ৰচাৰত নামি পৰিছিল। কিন্তু স্বাধীনতা সংগ্ৰামী লোকমান্য তিলকে লেনিনৰ এই অপপ্ৰচাৰৰ বিৰুদ্ধে মুকলিকৈ তেওৰ সংবাদ পত্ৰ 'কেশৰী'ত লেনিনৰ প্ৰতি সমৰ্থন ব্যক্ত কৰি লিখিছিল --- "LENIN WAS IN FAVOUR OF PEACE...he only wants justice for oppressed...he is popular among the people and the army because he distributed land amongst the peasantry".

তাৰোপৰি লেনিনৰ ছোভিয়েট ৰাছিয়া হৈছে পৃথিৱীৰ ভিতৰতে প্ৰথম দেশ যিখন দেশে শ্ৰমিকৰ আঠ ঘণ্টা কামৰ মৰ্যদাক পোন প্ৰথম বাৰৰ বাবে প্ৰৱৰ্তন কৰিছিল। মহিলা সকলক পোন প্ৰথমবাৰৰ বাবে ভোটাধিকাৰ প্ৰদান কৰা দেশখনো আছিল লেনিনৰ ছোভিয়েট ৰাছিয়া। তাৰ পৰৱৰ্তী পৰ্যায়ত হে পৃথিৱীৰ অন্যান্য দেশবোৰে লেনিনৰ ছোভিয়েট ৰাছিয়াৰ এই পদক্ষেপ সমূহক গ্ৰহণ কৰিছিল। আটাইতকৈ উল্লেখযোগ্য দিশটো হৈছে স্বাধীন ভাৰতবৰ্ষৰ প্ৰথমটো তীখা উদ্যোগ গঢ় লৈ উঠিছিল লেনিনে গঢ়ি থৈ যোৱা ছোভিয়েট ৰাছিয়াৰ সহযোগত। পৃথিৱীত ফেচিজিমক পৰাস্ত কৰোৱাৰ ক্ষেত্ৰত লেনিনৰ ছোভিয়েট ৰাছিয়াৰ ভূমিকাক সচেতন আৰু গণতন্ত্ৰপ্ৰেমী ব্যক্তিমাত্ৰেই জানে। গতিকে লেনিনৰ প্ৰতিমূৰ্তি যিসকলে ভাঙিব বিচাৰিছে তেওলোকে জনা উচিত যে কেৱল প্ৰতিমূৰ্তি এটা ভাঙিলেই লেনিনৰ আদৰ্শ আৰু কৰ্মৰাজীক নসাৎ কৰিব পৰা নাযায়। লেনিনে যিটো মতবাদক বাস্তৱত ছোভিয়েট ৰাছিয়াত প্ৰয়োগ কৰি দেখুওৱালে সেই মাৰ্ক্সবাদৰ প্ৰাসংগিকতা আজিও পৃথিৱীত হেৰাই যোৱা নাই। যাৰ বাবে মাৰ্ক্সবাদক বাস্তৱত প্ৰয়োগ কৰি দেখুওৱা লেনিনৰ প্ৰতিমূৰ্তিলৈ প্ৰতিক্ৰিয়াশীল চক্ৰৰ ইমান ভয়। লেনিনৰ বোকোচাত নতুনকৈ গঢ় লৈ লৈ উঠা মাৰ্ক্সবাদৰ প্ৰাসংগিকতা যেতিয়ালৈকে পৃথিৱীত থাকিব , তেতিয়ালৈকে দেশে দেশে লেনিনৰ প্ৰতিমূৰ্তি সদম্ভে থিয় হৈ থাকিব।

Share Button
Print Friendly, PDF & Email

No Comments : "লেনিন আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম-(ভবেশ নাথ)"

Leave a Comment

Your email address will not be published. Required fields are marked *