গল্প-কবিতা

লিমাৰিক-(ড০ বসন্ত কুমাৰ বৰা)



বয়স পৰিল, নুবুজোঁ নতুন যুগৰ নতুন ঢং,
আশীবছৰীয়া আইতাও ওলায় সানিহে মুখত ৰং,

দামী ফ’ন হাতে হাতে
টিপি ফুৰে পথে বাটে

ফটা পেণ্ট পিন্ধি ডেকা-গাভৰুৱে দিয়ে পশ্চিমীয়া চং ।



গীতা-ভাগৱত জিভাৰ আগত, ডিঙিত ৰুদ্ৰাক্ষৰ মালা,
তিনিবেলা কৰে নিৰামিষ ভোজন জ্বলাই নিজেই চুলা,

গেৰুৱা বস্ত্ৰ গাত
সুমিষ্ট মুখৰ মাত

ভকতৰ বাবে পিছ-চোতালতে ৰাখিছে গাঞ্জাৰ খোলা ।



মন্ত্ৰীয়ে পুতিলে আধাৰশিলা গান্ধী-নেহৰুৰ নামত,
পানীত বুৰিব খৰাং পথাৰ, শালি খেতি হ’ব বামত,

মন্ত্ৰীয়ে ধৰিলে নিজৰ খেপ
ঠিকাদাৰৰো ভৰিল জেপ

পানী নোলাওঁতেও ফুটিল নলী – আঁচনি ধোঁৱাচাঙত ।



ৰাতিপুৱা-সন্ধ্যা লোহা দাঙি দাঙি বঢ়ালো বুকুৰ পেশী,
লাগিছে প্ৰেমৰ বতাহ, লক্ষ্য এগৰাকী দীৰ্ঘকেশী,

সুবিধা পালেই দিলো মিঠা-হাঁহি
সিদিনাহে বোলো হৰি হৰি ত্ৰাহি

দেখিলো যিদিনা ল’ৰা-গৃহস্থৰে হ’ল আহি প্ৰতিবেশী ।



কলেজ কেণ্টিনত হাফ-চাহ লৈ আদৰ্শৰ মাৰিলো লেকচাৰ,
চিগাৰেট নাখাওঁ বিদেশী ক’ম্পেনীৰ, হুঁপিলো দেশীয় মিক্সাৰ,

পুঁজিবাদক থুৱালো ঘিণত
কাৰ্ল মাৰ্ক্সৰ জন্ম-দিনত

লাল পতাকাৰে মিছিল কৰোঁতে পৰি হ’ল ভৰিত ফ্ৰেকচাৰ ।



ধন-মায়া-মোহ-বিষয় ত্যাগি পিন্ধিলো সন্ন্যাসীৰ বেশ,
ডিঙিত পিন্ধিলো ৰুদ্ৰাক্ষৰ মালা, দীঘল কৰিলো কেশ,

গোটালো প্ৰতাপী ভক্ত
অৰিহণা পালো শক্ত

ফটিকা, নাৰীৰে গঢ়িলো আশ্ৰম, স্বৰ্গীয় পৰিৱেশ ।
Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *