লঘু-গুৰু

লিমাৰিক – (ড° বসন্ত কুমাৰ বৰা)

(১)
নিচা তেওঁৰ ৰাজনীতি, পেছা অধ্যাপনা,
পাৰিলে এম এল এ – মন্ত্ৰী হোৱাৰো বাসনা,
দলীয় মিটিং গায়
ক্লাছৰ সময় নাই
এটেণ্ডেন্স মেনেজ কৰে, আছে চিনা-জনা ।
(২)
কাম পালে বেংকত, পঢ়ি তেওঁ হিষ্ট্ৰি,
ঘৰ সাজিবলে’ আনে ছিলেটীয়া মিষ্ট্ৰি,
ষ্টাইল মাৰি ভাল পায়
পত্নীয়ে গালি খায়
নাথাকিলে ছাৰ্টত খাৰা-খাৰা ইষ্ট্ৰি ।
(৩)
চাকৰিলে’ মন নাই, হ’ল ছাত্ৰনেতা,
নিৰীহ মানুহ, নাই চৰিত্ৰত চেকা,
বেয়া নহয় ইনকাম
নকৰে যদিও কাম
আজীৱন ছাত্ৰ তেওঁ, নোহে একা-ছেকা ।

(৪)
পাছ কৰি ডাক্তৰি, কৰি অত কষ্ট,
কেনেকে’ হ’বলে’ দিয়ে সময়বোৰ নষ্ট,
যদিও চাকৰি কৰে
নিজা প্ৰেকটিচো নেৰে
চাকৰিক বাদ দিলে বাকী টাইম ব্যস্ত।
(৫)
দশমলে’ পঢ়ি-শুনি সামৰিলে পঢ়া,
পাৰ্টিৰ অফিচত কৰি ল’লে বহা,
কালৰ টিকনি উৰে
ভাগ্যৰ চকৰি ঘূৰে
মন্ত্ৰী হৈ দিল্লীলৈ কৰে যোৱা-অহা ।
(৬)
লগা ঠাইত ভেটি দি পিছুৱাই জন্মদিন,
চাকৰি বেছিকে’ কৰি দুবছৰ চাৰিদিন,
যি পাৰে লুটি খাই
ওলাল অৱসৰ পাই
তীৰ্থ কৰি কৰিবলে’ পুণ্য, পিন্ধি কৌপিন ।

-০-

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *