লিটিকনৰ সাধু - (অংশুমান শৰ্মা)

এসময়ত ভৰতপুৰ নামেৰে এখন সৰু ৰাজ্য আছিল। ভৰতপুৰৰ ৰজা নৰেন্দ্ৰ প্ৰতাপৰ নাম নুশুনা মানুহ সেই সময়ত ভু-ভাৰস্তত নাছিল বুলিবই পাৰি। তেওঁৰ শৌৰ্যৰ কথাৰে আন সকলো দেশ ৰজনজনাই গৈছিল। সেই ভৰতপুৰতেই লিটিকন নামৰ খেতিয়ক এজনে বাস কৰিছিল। সেই সময়ত ভৰতপুৰত মলিয়া চোৰ নামৰ চোৰ এটাৰ বৰ উপদ্ৰৱ চলিছিল। এই মলিয়া চোৰে এদিন লিটিকনৰ ঘৰটোত সিন্ধি দিলেহি। লিটিকনৰ ঘৈণীয়েকৰ সাঁচতীয়া স্বৰ্ণ মুদ্ৰা বহুত লৈ গ’ল। মাত্ৰ পেৰাত থকাখিনিহে কিবাকৈ ৰক্ষা পৰিল। লিটিকনে গৈ ৰজাৰ ওচৰত গোচৰ দিলে। ৰজা নৰেন্দ্ৰই আদেশ দিলে যে সিদিনাৰপৰা ৰাজ্যত স্বৰ্ণ মুদ্ৰা নিষিদ্ধ কৰা হৈছে। তাৰ সলনি ৰূপৰ মুদ্ৰা প্ৰচলন কৰা হ'ব। ৰাজ্যৰ সকলো মানুহে ৰাজভঁৰাললৈ আহি স্বৰ্ণ মুদ্ৰা দি ৰূপৰ নতুন মুদ্ৰা লৈ যাব লাগিব। ৰজাৰ আদেশ শিলৰ ৰেখা। কথা মতেই কাম। ৰাজ্যৰ সমস্ত মানুহে ৰাজভঁৰাললৈ ঢাপলি মেলিলে। খেতিয়কে হাল বাদ দি, কমাৰে কমাৰশাল এৰি, আনকি গৃহিণীয়েও গৰু-ছাগলী-কুকুৰা আদি চাবলৈ এৰি ৰাজভঁৰালৰ সমুখত শাৰী পাতিলেহি। এটাই ৰাজভঁৰাল, এপিনে মানুহ ঢেৰ। গতিকে লানি নিছিঙা শাৰী। আনফালে, মলিয়া চোৰৰ হাতত ইমান দিনে সিন্ধি দি বহু ধন-বিত গোট খাইছিল। ইমান গভাইত চোৰ সি এনেই হ’ব পৰা নাই। তাৰো মগজ অলপ আছে। সিও জানে, মুদ্ৰা পকেটত সুমুৱাই ৰাখি একো লাভ নাই। আন কোনোবা ৰাজ্যলৈ নি বাণিজ্য আৰম্ভ কৰিলেহে ভৱিষ্যৎ সুৰক্ষিত। সেয়েহে মলিয়া চোৰে ইতিমধ্যে ৰম্বানি নামৰ সদাগৰজনৰ লগত বন্ধুত্ব এটা গঢ়ি তুলিছিলেই। ৰম্বানি সদাগৰ মানুহ, ধন-বিতহে মূল কথা। চোৰ নে কি তাক লৈ তেওঁ বেছি মুৰ নঘমায়। মলিয়া চোৰে তেওঁৰ হাতত তুলি দিয়া ধন-বিতবোৰ তেওঁ নি ইতিমধ্যে দূৰৰ ৰাজ্য এখনত নতুন বাণিজ্য এটা আৰম্ভ কৰিছেই। এতিয়া মলিয়াই দিয়া আৰু তেওঁৰ নিজৰ হাতৰ মিলি সামান্য মুদ্ৰাহে পকেটত আছে। বাকীবোৰ অইন ৰাজ্যত বণিজত লগালেই ইতিমধ্যে। পিছে ৰম্বানিও এলা-পেচা সদাগৰ নহয়। বিশ্বজুৰি তেওঁৰ বণিজ। ৰজা নৰেন্দ্ৰয়েও আনকি তেওঁ অলপ সমীহ কৰি চলে। হঠাৎ ৰজাই স্বৰ্ণ মুদ্ৰা নচলিব বুলি কওঁতে তেওঁ বিশেষ চিন্তিত নহ’ল। তেওঁ নিজে ৰাজপ্ৰসাদলৈ গ'ল। ৰজায়ো তেওঁক আথে-বেথে আপ্যায়ন কৰিলে আৰু চন্তৰি এটা মাতি আনি তেওঁৰ স্বৰ্ণ মুদ্ৰাখিনি সলাই আনিবলৈ দিলে। সদাগৰ ৰম্বানিয়েও কিদৰে দেশে-বিদেশে তেওঁ ৰজা নৰেন্দ্ৰ প্ৰতাপৰ গুণ বখানি ফুৰিছে তাৰ বিৱৰণ দিলে। ৰজায়ো পৰম সন্তোষেৰে ৰম্বানিক দূৰ ৰাজ্যলৈ যাবলৈ দুটা তেজাল ঘোঁৰা দি ৰথ এখনৰ ব্যৱস্থা কৰি দিলে। সিদিনা ৰাতিয়েই ৰম্বানিৰ লগতে মলিয়াও ৰাজ্য এৰি গুচি গ'ল। ইপিনে বহু দিন পিছতো, ঘৰৰ বাকী থকা স্বৰ্ণ মুদ্ৰাকেইটা সলাবলৈ লিটিকন ৰাজভঁৰালৰ সমুখৰ দীঘলীয়া শাৰীত থিয় হৈ আছে। তাৰ খেতিডৰাত ইতিমধ্যে বন এহাত দীঘল হৈছে। তাৰ গৰু দুটাও সময়ত দানা-পানী নেপাই শুকাই-খীণাই গৈছে। তথাপি তাৰ মনত পৰম সন্তোষ। ৰজাই কৈছে, এতিয়াৰপৰা ৰাজ্যত চুৰিকাৰ্য নোহোৱা হ’ব। স্বৰ্ণ মুদ্ৰাই নেথাকিলে চুৰ কৰিব কি? অৱশ্যে আজি শাৰী পাতি থাকোতে ওচৰৰে কণবাপুৱে অদ্ভুত কথা এটা ক’লে। চোৰে যদি এইবাৰ নতুন ৰূপৰ মুদ্ৰা চুৰ কৰিবলৈ ধৰে। সি ক’বলৈহে পালে, সকলোৱে তাৰ ওপৰত জাঙুৰ খাই উঠিল। "ই বেছি জানে নেকি? দেখা নাই, প্ৰবল প্ৰতাপী ৰজা নৰেন্দ্ৰ প্ৰতাপে কৈছে? পৃথিৱীজুৰি তেওঁৰ নাম। তেৱেঁই কৈছে। ই বেছি জনা দেখুৱালে নহ’ব নহয়।" এইবুলি এজনে তাক মাৰিবলৈহে বাকী। তেতিয়াৰপৰা লিটিকনেও "হওক দে, দেশৰ মঙ্গলৰ কাৰণে এইকণ কষ্ট" বুলি নিতৌ আহি শাৰী পাতিয়েই আছে। যদিও ভিতৰি ভিতৰি চিন্তা অলপ হৈছে, যদি এইবেলি খেতিডৰা ভালকৈ নহয় খাবলৈ নুজুৰিবচোন। মাজতে এদিন বাটৰ ওচৰত কেইটামান স্বৰ্ণ মুদ্ৰা আৱিষ্কাৰ হ’ল। লিটিকনে দেখিয়েই ধৰিব পাৰিলে এইকেইটা নকল। অলপ দুষ্ট প্ৰকৃতিৰ গধিৰাম কমাৰে এবাৰ নকল স্বৰ্ণ মুদ্ৰা বনাবলৈ চেষ্টা কৰিছিল। এতিয়া বাটত পেলাই দিছে বোধ হয়। গধিৰামক ৰাইজে মিলি খুব ঔকিল দিলে আৰু এতিয়াৰপৰা ৰাজ্যত আৰু চুৰি-ডকাইতি নহয় বুলি সন্তোষ লভি শাৰী পতা কামত লাগি গ'ল। শুনা যায়, বহু দুৰত ৰম্বানি আৰু মলিয়াই লগ লাগি ডাঙৰ বণিজ গঢ়ি তুলিছে। তেওঁলোকে নতুন ৰাজ্য এখনো গঢ়িব হেনো। ৰজা নৰেন্দ্ৰ প্ৰতাপে হেনো এশ লগুৱা আৰু দুটা হাতী উপহাৰ দি তেওঁলোকৰ লগত ৰাজকীয় সম্পৰ্ক গঢ়িছেই। আনফালে, ৰাজ্যত আৰু শাৰী পাতি পাতি লঘোনে-ভোকে দুই-এজনৰ মৃত্যুও হৈছে। অৱশ্যে লিটিকনে এতিয়াও শাৰী পাতিয়েই আছে। (নামত স্বৰ্ণ মুদ্ৰা। সোণালী ৰঙৰহে। সোণ নহয়।)

Share Button
Print Friendly, PDF & Email

No Comments : "লিটিকনৰ সাধু - (অংশুমান শৰ্মা)"

Leave a Comment

Your email address will not be published. Required fields are marked *