ক্ৰীড়াংগন

Lonestar Kashmir FC: ফুটবলেৰে কাশ্মীৰলৈ শান্তি অনাৰ এক প্ৰয়াস (অমিতাভ মহন্ত)

৬ ডিচেম্বৰ, ২০১৫ৰ এটা সেমেকা সন্ধিয়া৷ প্ৰায় ৭৫০০ দৰ্শকে ভিৰ কৰিছিল শ্ৰীনগৰৰ স্থানীয় ছিন্থেটিক ষ্টেডিয়ামত৷ ঠেৰেঙা শীতক নেওচি দৰ্শকৰ মাজত দেখা গৈছিল উৎসাহ-উদ্দীপনা৷ উৎসাহ নহ’বই বা কিয়, প্ৰথমবাৰলৈ এক গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাত স্থানীয় ফুটবল দল ল’নষ্টাৰ কাশ্মীৰ এফ চিয়ে নিজৰ ঘৰুৱা খেলপথাৰত অভিষেক ঘটাবলৈ সাজু হৈছিল৷

ভাৰতীয় ঘৰুৱা ফুটবলৰ দ্বিতীয় ডিভিজন লিগত প্ৰথমবাৰলৈ আত্মপ্ৰকাশ ঘটিছিল ল’নষ্টাৰ কাশ্মীৰ এফ চিৰ৷ এক শ্বাসৰুদ্ধ মুখামুখিত সেইদিনা শক্তিশালী বিপক্ষৰ বিৰুদ্ধে 2-2 গ’লত ড্ৰ খেলি কাশ্মীৰৰ ফুটবলপ্ৰেমীক উৎসাহিত কৰি তোলে ল’নষ্টাৰে৷ আই লিগত খেলাৰ লক্ষ্য লৈ এখোজ দুখোজকৈ আগ বঢ়া ল’নষ্টাৰ কাশ্মীৰ এফ চিৰ বাবে এয়া আছিল আশাপ্ৰদ ফলাফল৷ জিকিবলৈ সক্ষম নহ’লেও, সেইদিনা দলৰ সংঘবদ্ধ প্ৰদৰ্শনে বহুতকে আশাবাদী কৰি তুলিলে৷ কাশ্মীৰ ভেলিত বহুতৰে মনত সেইদিনা এক নতুন আশাৰ সঞ্চাৰ হ’ল৷ তাৰ পিছতেই সমগ্ৰ কাশ্মীৰবাসীৰ বাবে এক সুন্দৰ উপহাৰ আহিল৷ ১০ জানুৱাৰি, ২০১৬ চনত ল’নষ্টাৰ কাশ্মীৰ এফ চি মুখামুখি হ’ল পাঁচবাৰৰ জাতীয় লিগ চেম্পিয়ন ডেম্প’ৰ সৈতে৷ সেইদিনা কোনেও নভবাটোৱেই হ’ল, ল’নষ্টাৰ ১ – ডেম্প’ ০৷ অত্যন্ত শীত আৰু কুঁৱলীৰ মাজতো সেইদিনা খেল চাবলৈ প্ৰায় বিশ হাজাৰ দৰ্শকৰ সমাগম ঘটিছিল৷ এই জয়েৰে ল’নষ্টাৰে লাভ কৰিলে আই লিগত স্থান লাভৰ বাবে পাঁচটা দলৰ সৈতে কোৱালিফাইং ৰাউণ্ডত প্ৰতিযোগিতা কৰাৰ সুযোগ৷ ল’নষ্টাৰ কাশ্মীৰৰ আঁৰৰ ব্যক্তিজন আছিল হিলাল ৰচুল পাৰী৷ এছিয়ান ফুটবল ফেডাৰেচনৰ লাইচেন্সধাৰী পাৰী হৈছে জম্মু-কাশ্মীৰৰ একমাত্ৰ ব্যক্তি৷ ক্লাবটোৰ প্ৰদৰ্শনত সন্তুষ্ট পাৰী এই দলটোক লৈ বহুত আশাবাদী৷ দলটোৰ প্ৰায়সংখ্যক খেলুৱৈয়েই কাশ্মীৰৰ থলুৱা৷ স্থানীয় খেলুৱৈৰে গঠিত এই দলে ডেম্প’ৰ দৰে দলক দুবাৰকৈ পৰাস্ত কৰাৰ পিছত নিশ্চয়কৈ এই দলটোক লৈ আশা কৰাৰ যথেষ্ট থল আছে৷ কিন্তু পাৰীৰ মতে, এয়া কেৱল এক সৰু আৰম্ভণিহে, এইখিনিতেই উটি-ভাহি যোৱা নিশ্চয়কৈ মূৰ্খামি হ’ব৷

এইখিনিতেই কোৱা উচিত হ’ব যে প্ৰতিটো ক্লাবে দুজনকৈ বিদেশী খেলুৱৈ দলত লোৱাৰ সুযোগ থাকিলেও ল’নষ্টাৰে কোনো বিদেশী খেলুৱৈক দলভুক্ত নকৰিলে৷ সকলোৱে এই সিদ্ধান্তত আচৰিত হ’লেও ল’নষ্টাৰৰ মেনেজমেন্টে নিজৰ সিদ্ধান্ত সলনি নকৰিলে আৰু আজি তেওঁলোক নিজৰ সিদ্ধান্তত গৰ্বিত৷ তেওঁলোকৰ মতে, যদি আমি আমাৰ থলুৱা খেলুৱৈসকলক উপযুক্ত পৰিবেশত উপযুক্ত প্ৰশিক্ষণ আৰু সা-সুবিধা দিব পাৰো, তেন্তে তেওঁলোকে বিদেশী খেলুৱৈৰ সমানেই ফলপ্ৰসূ হ’ব পাৰে৷ আৰু আমি আমাৰ থলুৱা খেলুৱৈক ভালকৈ গঢ়িব পৰাটো হ’ব আমাৰ আটাইতকৈ ডাঙৰ সফলতা৷ লক্ষণীয় আৰু কাকতলীয়ভাৱে ল’নষ্টাৰৰ এই সফলতাৰ আগে-পিছে আৰু কিছু ভাল খবৰে কাশ্মীৰৰ ফুটবলপ্ৰেমীক চুই যায়৷ স্থানীয় প্ৰশিক্ষক চাজিদ ডাৰক ভাৰতীয় মহিলা ফুটবল দলৰ প্ৰশিক্ষকৰ দায়িত্ব ন্যস্ত কৰা হয়৷ তাৰোপৰি মনজুৰ ডাৰ আৰু সৎপাল সিঙে নতুনকৈ ফুটবল প্ৰশিক্ষকৰ লাইচেন্স লাভ কৰি ৰাজ্যখনৰ ফুটবলৰ ক্ষেত্ৰখনৰ উন্নতিৰ বাবে উঠি-পৰি লাগিছে৷ এইসকলৰ হাত ধৰি সন্ত্ৰাসজৰ্জৰ জম্মু-কাশ্মীৰে লাহে লাহে ফুটবলৰ জগতখনত ভৰি দিবলৈ আৰম্ভ কৰিছে৷ ল’নষ্টাৰ কাশ্মীৰৰ প্ৰতিষ্ঠাতা ইফটিকাৰ আহমেদ ল’নৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেখেতে কোৱা মতে, ফুটবলৰ প্ৰতি তেওঁৰ ভালপোৱাই তেওঁক ফুটবল ক্লাব গঠনৰ দিশে উৎসাহিত কৰে৷ “মই সদায় খেলত বিনিয়োগ কৰাৰ প্ৰতি আগ্ৰহী আছিলো৷ যেতিয়া মই স্থানীয় খেলসমূহ পৰ্যবেক্ষণ কৰিছিলো, ক্ৰিকেটত বিনিয়োগ কৰাৰ সুযোগ পাইছিলো৷ কিন্তু মই কিছু ব্যতিক্ৰমীভাৱে কাম কৰিব খোজো৷ মই স্কুল-কলেজৰ সময়ছোৱাত ফুটবল খেলিছিলো, অনুভৱ কৰিছিলো যে ফুটবল উদ্যোগটো কিছু পৰিমাণে অৱহেলিত৷ আৰু এই চিন্তাটোৰ আঁত ধৰিয়ে ল’নষ্টাৰৰ জন্ম৷” চালুকীয়া অৱস্থা সত্ত্বেও এই ক্লাবটোৱে বিভিন্ন বয়সৰ গ্ৰুপ পৰিচালনা কৰি আছে৷ ১৮ বছৰৰ অনূৰ্ধ্ব টিমটোৱে অনূৰ্ধ্ব ১৮ৰ আই লিগৰ ফাইনেল খেলাৰ যোগ্যতা অৰ্জন কৰে৷ তাৰোপৰি ক্লাবটোৱে অন্য জুনিয়ৰ টিম কিছুমানো পৰিচালনা কৰি আছে৷ ইয়ে কাশ্মীৰৰ ফুটবলৰ পৰিকাঠামো যথেষ্ট পৰিমাণে উন্নত কৰিবলৈ সক্ষম হৈছে৷ এই বিভিন্ন দলবোৰত বিভিন্ন বয়সৰ, টিমৰ খেলুৱৈ আছে৷ তাৰ ভিতৰত বহুত স্কুলীয়া খেলুৱৈ আছে, যিয়ে এই জাগৰণৰ অংশীদাৰ হৈ কাশ্মীৰৰ উন্নতিৰ হকে খেলে৷ অঞ্চলটোৰ উঠি অহা প্ৰজন্মৰ এইধৰণৰ আৰ্কষণে নিশ্চয়কৈ এক যোগাত্মক ইংগিত বহন কৰে৷

এইখিনিতে প্ৰশ্ন হয়, ফুটবলে অশান্ত কাশ্মীৰত শান্তি স্থাপনৰ বাহক হিচাপে কাম কৰিব পৰাকৈ সক্ষম নে? এইক্ষেত্ৰত এক সাক্ষাৎকাৰত যথেষ্ট আশাবাদী হৈ ইফতিকাৰ ল’নে এইদৰে ক’লে, “আজিকালি কাশ্মীৰ উপত্যকাত যথেষ্ট পৰিৱৰ্তন হ’ব ধৰিছে৷ যেতিয়া আপুনি ২০০০০ মানুহক একগোট হৈ ফুটবল চাবলৈ অহা প্ৰত্যক্ষ কৰিব, ইয়ে এটা শক্তিশালী বাৰ্তা বহন কৰে৷ মই কোনো ৰাজনৈতিক বিশ্লেষক নহয়, কিন্তু নিশ্চিতধৰণে ক’ব পাৰো, কাশ্মীৰৰ জনগণে শান্তি বিচাৰে৷ তেওঁলোকে উন্নতি বিচাৰে, একলগ হৈ থাকিব বিচাৰে, আৰু কথাবোৰ সেই দিশেৰেই গৈ আছে, লাহে লাহে৷ কাশ্মীৰীসকলে নিশ্চিতভাৱে শান্তি বিচাৰে৷ দিনটোৰ শেষত তেওঁলোকেও আন মানুহৰ দৰে জীৱনটো উদ্‌যাপন কৰিব খোজে৷ যদি ফুটবলে ইমানখিনি মানুহক একগোট কৰিব পাৰিছে, মই নিশ্চিত যে ইয়ে ভৱিষ্যতেও এই উপত্যকাত শান্তিবাহক হিচাপে কাম কৰিব পাৰিব৷ আমি, ল’নষ্টাৰ কাশ্মীৰে এই ক্ষেত্ৰত নেতৃত্বস্থানীয় ভূমিকা ল’বলৈ ভাল পাম৷” পাৰী আৰু ল’ন দুয়োজনেই বিশ্বাস কৰে যে কাশ্মীৰত ফুটবলৰ উন্নতিৰ বাবে বহুতেই বিনিয়োগ কৰিব বিচাৰে৷ দুয়ো অন্তঃকৰণেৰে বিশ্বাস কৰে যে কাশ্মীৰত ৰাইজে ফুটবলত বিনিয়োগ কৰিবলৈ ল’নষ্টাৰ আজি এক উদাহৰণ হৈ পৰিছে৷ ইণ্ডিয়ান লিগত যোৱাবছৰ আত্মপ্ৰকাশ কৰিয়েই ল’নষ্টাৰ কাশ্মীৰে বহুত পৰ্যবেক্ষক সমালোচকক আচৰিত কৰি তুলিছে৷ এক নতুন লক্ষ্য সন্মুখত ৰাখি সফলতা আঁজুৰি আনিবলৈ আজি ল’নষ্টাৰ সাজু৷ ল’নষ্টাৰ কাশ্মীৰ এফ চি গঠন হোৱাৰ সময়ত তেওঁলোকে আই লিগৰ সপোন দেখা নাছিল৷ কষ্ট কৰা আৰু ৰাজ্যখনত ফুটবলৰ সামগ্ৰিক উন্নতিৰ প্ৰচেষ্টা কৰা যুৱচামক ফুটবলৰ প্ৰতি আকৰ্ষিত কৰাটোৱেই আছিল ল’নষ্টাৰৰ মুখ্য লক্ষ্য৷ কিন্তু পৰৱৰ্তী সময়ত ৰাইজৰ সমৰ্থন, উৎসাহ আৰু আশাতীত সফলতাই তেওঁলোকক এই সপোন দেখিবলৈ বাধ্য কৰায় আৰু ফলস্বৰূপে এই সপোনৰ পিছে পিছে এতিয়া দৌৰিছে দলটো৷

আগন্তুক সময়ত ল’নষ্টাৰে কিমান দূৰ আগ বাঢ়ে সেয়া সময়ে ক’ব, কিন্তু খেলুৱৈ, সমৰ্থক, প্ৰশিক্ষক সকলোৰে সন্মিলিত উৎসাহ, একাগ্ৰতাই ল’নষ্টাৰক আগুৱাই যাবলৈ প্ৰেৰণা দিছে৷ ফুটবলক লৈ কাশ্মীৰবাসী এনেদৰে একগোট হোৱা ঘটনা আগতে হোৱা নাছিল৷ আশা কৰো, ল’নষ্টাৰ কাশ্মীৰ এফ চিৰ এই জয়যাত্ৰা অব্যাহত থাকিব আৰু ফুটবলে লৈ আনিব অশান্ত কাশ্মীৰলৈ আশাৰ বতৰা৷

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *