বিবিধ চিন্তা

মধ্যাহ্ন ভোজন আঁচনিৰ বেচৰকাৰীকৰণৰ ঘোষণা আৰু শিশুৰ পুষ্টিহীনতা – (ভবেশ নাথ)

          যোৱা  ৯ মে’, ২০১৭ তাৰিখে সদ্যসমাপ্ত অসম বিধান সভাৰ বিশেষ অধিবেশনত মাননীয় স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান অসম চৰকাৰৰ উদ্যোগত পৰিচালিত হৈ থকা মধ্যাহ্ন ভোজন আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব অক্ষয় পাত্ৰ ফাউণ্ডেচন নামৰ ব্যক্তিগত সংস্থা এটাৰ হাতত অৰ্পণ কৰা হ’ব বুলি ঘোষণা কৰিছিল। এই ঘোষণাটোৰ অন্তৰালত নিহিত থকা প্ৰধান উদ্দেশ্যটো হ’ল পৰোক্ষভাৱে  অসম চৰকাৰে আঁচনিখনৰ বেচৰকাৰীকৰণৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে। ইতিমধ্যে এই ঘোষণাৰ বিৰোধিতা কৰি “সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন” তথা সমগ্ৰ অসমৰ ৰন্ধন কৰ্মীসকলে কেইবালানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এই পৰ্যন্ত বিষয়টো সন্দৰ্ভত চৰকাৰৰ ফালৰপৰা কোনোধৰণৰ স্পষ্টীকৰণ প্ৰকাশ কৰা হোৱা নাই। উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত সমগ্ৰ ভাৰতবৰ্ষত ১ লাখ ২৬ হাজাৰ ৫০০খন বিদ্যালয়ত প্ৰায় ১২ কোটি ছাত্ৰ- ছাত্ৰীক সেৱা আগ বঢ়াই থকাৰ বিপৰীতে অসমত প্ৰায় ৫৬  হাজাৰখন প্ৰাথমিক বিদ্যালয়ত এই আঁচনিখনে সেৱা আগ বঢ়াই আছে। তদুপৰি  সমগ্ৰ ভাৰতবৰ্ষত এই আঁচনিখনৰ লগত প্ৰায় ২.৫৩ মিলিয়ন কৰ্মচাৰী জড়িত থকাৰ বিপৰীতে অসমত অসম চৰকাৰৰ অধীনত প্ৰায়  ১ লাখ ১৪ হাজাৰজন কৰ্মচাৰী এই আঁচনিখনৰ লগত জড়িত হৈ আছে। ভাৰতীয় প্ৰেক্ষাপটৰপৰা আঁতৰি আহি অসমৰ প্ৰেক্ষাপটত যদি আঁচনিখনৰ কথা বিবেচনা কৰা যায়, তেতিয়াহ’লে এই আঁচনিখনে অসমৰ প্ৰায় ১ লাখ ১৪ হাজাৰটা পৰিয়ালক কিছু হ’লেও আৰ্থিক সকাহ দিব পাৰিছে বা দি আছে। কিন্তু মাননীয় স্বাস্থ্য আৰু বিত্ত মন্ত্ৰীৰ ঘোষণা অনুসৰি যদি এই আঁচনিখনৰ ৰূপায়ণৰ দায়িত্ব বেচৰকাৰী ব্যক্তিগত সংস্থা অক্ষয় ফাউণ্ডেচনৰ হাতত অৰ্পণ কৰা হয় , তেতিয়াহ’লে এই বৃহৎসংখ্যক ৰন্ধন কৰ্মচাৰীৰ কামৰ নিশ্চয়তা সন্দৰ্ভত এক ডাঙৰ প্ৰশ্নবোধক আহি পৰিব। এনে প্ৰক্ৰিয়াই ভৱিষ্যতে ৰন্ধন কৰ্মীসকলক তেওঁলোকৰ কামৰপৰা অব্যাহতি দিয়াৰ সম্ভাৱনাও হয়তো প্ৰকট কৰি তুলিব। প্ৰশ্ন হয়, চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ কণ কণ শিশুসকলক আজি দহ-বাৰ বছৰ ধৰি একেবাৰে সামান্যতম পাৰিশ্ৰমিকত সুস্বাদু আহাৰৰ আপ্যায়েনেৰে শিশুসকলৰ পুষ্টিহীনতা দূৰ কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি থকা ৰন্ধন কৰ্মীসকলৰ প্ৰতি চৰকাৰে হঠাতে কৰা এনে ঘোষণা কিমানদূৰ যুক্তিসংগত।

        উল্লেখযোগ্য যে মূলতঃ পুষ্টিহীনতাৰ সমস্যাৰপৰা শিশুসকলক মুক্ত কৰাৰ প্ৰয়াসেৰেই সমগ্ৰ ভাৰতবৰ্ষত পোন প্ৰথমবাৰৰ বাবে ১৯৯৫ চনতেই “National Programme of Nutritional Support to Primary Education” চমুকৈ ‘ NP- NSPE ‘ নামেৰে মধ্যাহ্ন ভোজন আঁচনিখনৰ শুভাৰম্ভ কৰা হৈছিল। ২০০৭ চনতহে এই আঁচনিখন       ” National Programme of mid day meal in school” আঁচনিলৈ পৰিৱৰ্তন কৰা হয়। এইখিনিতে উল্লেখযোগ্য যে শিশুৰ অধিকাৰ সম্পৰ্কীয় আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ ২৪ নং অধ্যায়ৰ 2 (গ)  দফাত কোৱা  হৈছে যে ” ভাৰতে সকলো শিশুকে পুষ্টিকৰ আহাৰ যোগান ধৰিবলৈ দায়বদ্ধ” । তাৰ পৰৱৰ্তী পৰ্যায়ত ভাৰতবৰ্ষৰ শিশুসকলৰ পুষ্টিহীনতাজনিত সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি মহামান্য উচ্চতম ন্যায়ালয়ে ২৮ নৱেম্বৰ, ২০০১ চনত এক নিৰ্দেশনা জাৰি কৰিছিল যে – “‘ Every child in every government and government-assisted primary schools with a prepared mid day meal with a minimum content of 300 calories and 8-12 grams of protein each day of school for a minimum of 200 days” অৰ্থাৎ প্ৰত্যেকখন চৰকাৰী আৰু চৰকাৰী সাহায্যপ্ৰাপ্ত বিদ্যালয়ে প্ৰত্যেকজন শিশুৰ বাবে শৈক্ষিক দিনৰ কমেও ২০০ দিন ৩০০ কেলৰিযুক্ত শক্তিদায়ক আৰু ৮-১২ গ্ৰাম প্ৰ’টিনযুক্ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰিব লাগিব। তাৰোপৰি আঁচনিখনৰ পুঁজি যোগান সংক্ৰান্তত উচ্চতম ন্যায়ালয়ৰ ২০০৪ চনৰ ২০ এপ্ৰিলৰ নিৰ্দেশনা মৰ্মে – ” Government shall also allocate funds to meet with the conversion costs of food grains into cooked mid day meals.” অৰ্থাৎ আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে মধ্যাহ্ন ভোজনৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ খৰচৰ বাবদ যাৱতীয় পুঁজি আবণ্টন দিয়াৰ ব্যৱস্থা কৰিব লাগিব। উচ্চতম ন্যায়ালয়ৰ এনেবোৰ নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় চৰকাৰেও বৰ্তমানে আঁচনিখনৰ নামত অসম, মেঘালয়, জম্মূ কাশ্মীৰসহ কেইখনমান ৰাজ্যক বাদ দি অন্যান্য ৰাজ্যবোৰৰ ক্ষেত্ৰত ৬০:৪০ অনুপাতে পুঁজি যোগান ধৰি আহিছে । অসম চৰকাৰে বৰ্তমানে ৯০:১০ অনুপাতত আঁচনিখনৰ অধীনত পুঁজি লাভ কৰি আহিছে। উল্লেখযোগ্য যে ২০০৯ চনতেই ৰন্ধন কৰ্মীসকলৰ মাহিলি পাৰিশ্ৰমিক ১০০০ টকা নিৰ্ধাৰণ কৰা হৈছিল । অসম চৰকাৰৰ অধীনৰ ৰন্ধন কৰ্মীসকলে এই নিৰ্ধাৰিত পাৰিশ্ৰমিকৰ ৯০০ টকাই কেন্দ্ৰীয় চৰকাৰৰপৰা লাভ কৰি অহাৰ বিপৰীতে অসম চৰকাৰৰপৰা মাত্ৰ ১০০ টকাহে লাভ কৰি আহিছে।

অসমৰ বাহিৰে ভাৰতৰ ১২খন ৰাজ্য ই ৰান্ধনীসকলক নিজাববীয়াকৈ অতিৰিক্তভাৱে কিছু পাৰিশ্ৰমিক দিয়াৰ ব্যৱস্থা কৰিছে যদিও অসম চৰকাৰে এতিয়ালৈকে তেনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই যদিওবা সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নে তেওঁলোকৰ পাৰিশ্ৰমিক ৪০০০ টকালৈ বৃদ্ধি কৰাৰ বাবে দাবী জনাই আহিছে। বৰ্তমানৰ পৰিস্থিতিত ১০০০ টকাৰে এটা পৰিয়াল পৰিচালনা কৰা তেনেই অসম্ভৱ কথা, গতিকে সেই দিশেৰে মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়নৰ পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীটো নিতান্তই যুক্তিসংগত। তাৰোপৰি অসমে যিহেতু ৯০:১০ অনুপাতত পুঁজি লাভ কৰি আহিছে, সেয়েহে ৰন্ধন কৰ্মচাৰীসকলৰ পাৰিশ্ৰমিক অসম চৰকাৰে আন ৰাজ্যবোৰতকৈ আৰু বেছিকৈহে দিয়াৰ ব্যৱস্থা কৰিব পাৰিলেহেঁতেন।

    মধ্যাহ্ন ভোজন আঁচনিখন মূলতঃ শিশুৰ পুষ্টিহীনতাজনিত বিষয়ৰ লগত সম্পৰ্কিত। সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ শিশুসকলৰ পুষ্টিহীনতাৰ ছবিখন যিটো সময়ত তেনেই হতাশাজনক সেই সময়ত শিশুৰ পুষ্টিহীনতা দূৰ কৰাৰ লগত জড়িত এনেকুৱা এখন বৃহৎ আঁচনি ৰূপায়ণৰ দায়িত্ব অসম চৰকাৰে ব্যক্তিগত সংস্থাক গতাক বিচৰাৰ ঘোষণা সঁচাকৈয়ে দুখজনক। আজি কেইদিনমান আগত সংবাদ মাধ্যমত “Save the Children” নামৰ আন্তঃৰাষ্ট্ৰীয় বেচৰকাৰী সংস্থাটোৱে প্ৰকাশ কৰা তথ্যমতে ভাৰতবৰ্ষত  পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা প্ৰায় ৪৮.২ নিযুত যিটো কলম্বিয়াৰ জনসংখ্যাৰ সমান। সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনমতে শিশুৰ অধিকাৰ সম্পৰ্কীয় বিভিন্ন বিষয়ত ভাৰতৰ স্থান বিশ্বৰ ১৭২খন দেশৰ ভিতৰত ১১৬ নম্বৰত। ” ইণ্ডিয়া স্পেন” নামৰ সংস্থা এটাই প্ৰকাশ কৰা তথ্যমতে ভাৰতত প্ৰতি ১০টা শিশুৰ ভিতৰত এটি শিশুৱে পুষ্টিকৰ খাদ্যৰ অভাৱত ভোগে। তাৰোপৰি বিশ্ব ক্ষুধা সূচাংকত ১১৮খন দেশৰ ভিতৰত ভাৰতৰ স্থান ৯৭। এই সূচাংকত চুবুৰীয়া নেপাল, ম্যানমাৰ আৰু বাংলাদেশে ভাৰততকৈ ওপৰত স্থান পাইছে। তাৰোপৰি ৫ বছৰৰ তলৰ প্ৰায় ৪০% শিশু ভাৰতবৰ্ষত অপুষ্টিত ভোগে। সৰ্বভাৰতীয় প্ৰেক্ষাপটত শিশুৰ পুষ্টিহীনতাৰ এনে ভয়ানক ছবিখনৰ বিপৰীতে অসমৰ ক্ষেত্ৰত এই অৱস্থা আৰু অধিক দুখজনক। Assam Human Development Report, 2014 ত প্ৰকাশ পোৱা তথ্যমতে –“In the state 54 percent children are in the condition of stunting and 17 percent are wasting and 37 percent children are underweight” (AHDR, p. 108 ) অসমৰ প্ৰায় ৫৪% শিশু বয়স অনুপাতে উচ্চতাৰ, প্ৰায় ১৭%  শিশু বয়স অনুপাতে ওজনৰ আৰু ৩৭% শিশু ওজন সম্পৰ্কীয় পুষ্টিহীনতাত ভোগে। তাৰোপৰি সমগ্ৰ ভাৰতবৰ্ষত প্ৰাথমিক পৰ্যায়ত শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ হাৰ ৪.৬৭% হোৱাৰ বিপৰীতে অসমত এই হাৰ ৬.২৪% (Assam HDR, 2014) । অসমত প্ৰথম শ্ৰেণীত শিক্ষাৰ্থীৰ ড্ৰপ আউটৰ হাৰ প্ৰায় ১১.৯% , তদুপৰি ৬-১৬ বছৰৰ প্ৰায় ৬.৪৫% শিশু স্কুলীয়া শিক্ষাৰ পৰা বাহিৰত থাকে (Assam HDR , 2014)। তাৰোপৰি Assam HDR , 2014 ত প্ৰকাশ পোৱা তথ্যমতে অসমত গ্ৰাম্য দৰিদ্ৰতাৰ হাৰ প্ৰায় ৩৩.৯% ।

        মধ্যাহ্ন ভোজন আঁচনিখনৰ মূল উদ্দেশ্য যদিও শিশুৰ পুষ্টিহীনতাজনিত সমস্যা ৰোধ কৰা, তাৰ লগে লগে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা বৃদ্ধি তথা শেণীকোঠাত ছাত্ৰ-ছাত্ৰীৰ  উপস্থিতি নিয়মীয়া তথা শিশুসকলক স্কুলীয়া শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিবলৈকো এই আঁচনিখনে উদ্দেশ্য নিৰ্ধাৰণ কৰি লৈছিল। গতিকে উপৰোক্ত তথ্যসমূহৰ ভিত্তিত এইটো কথাই প্ৰমাণিত হয় যে  অসমৰ দৰে অনগ্ৰসৰ ৰাজ্য এখনৰ ক্ষেত্ৰত এনেকুৱা এখন আঁচনি ব্যক্তিগত সংস্থাৰদ্বাৰা পৰিচালিত হোৱাতকৈ চৰকাৰৰ উদ্যোগত চৰকাৰী দায়বদ্ধতাৰে পৰিচালিত হোৱাৰ প্ৰয়োজনীয়তা ভাৰতৰ অন্যান্য ৰাজ্যৰ তুলনাত আৰু বেছি অধিকহে। তেতিয়াহে হয়তো শিশুসকলক পুষ্টিহীনতাজনিত সমস্যাৰপৰা মুক্ত কৰোৱাৰ উপৰিও স্কুলীয়া শিক্ষাৰ প্ৰতি আকৰ্ষিত কৰিব পৰা যাব। তদুপৰি এই আঁচনিখনৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে অসমৰ প্ৰায় ১ লাখ ১৪ হাজাৰটা পৰিয়ালৰ জীৱন-জীৱিকাৰ প্ৰশ্ন জড়িত হৈ আছে। কমকৈ হ’লেও এই আঁচনিখনে ৰন্ধন কৰ্মীসকলক আৰ্থিকভাৱে স্বাৱলম্বী হোৱাত সহায় কৰিছে। কিন্তু আঁচনিখনৰ বেচৰকাৰীকৰণ প্ৰক্ৰিয়াই এই বৃহৎসংখ্যক ৰন্ধনৰ কাম হেৰুওৱাৰ বাট প্ৰশস্ত কৰি তুলিব, যিটো নেকি এখন কল্যাণকামী চৰকাৰৰ শুভ লক্ষণ নহয়। সেয়ে চৰকাৰে এনেকুৱা এখন আঁচনি ব্যক্তিগত সংস্থাক গতোৱাতকৈ নিজৰ উদ্যোগত পৰিচালিত কৰি ৰন্ধন কৰ্মীসকলক তেওঁলোকৰ কামৰ নিশ্চয়তা প্ৰদান কৰিলেহে মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ অধিকাৰৰ প্ৰতি সন্মান জনোৱা হ’ব। তাৰোপৰি মধ্যাহ্ন ভোজন কৰ্মচাৰীসকলৰ মাহিলি পাৰিশ্ৰমিক বৃদ্ধিৰ দাবীকে ধৰি অন্যান্য যিবোৰ দাবী  ৰন্ধন কৰ্মীসকলে চৰকাৰৰ ওচৰত উত্থাপন কৰিছে, সেইবোৰ দাবী চৰকাৰে পৰ্যায়ক্ৰমে পূৰণৰ ব্যৱস্থা কৰি ৰন্ধন কৰ্মীসকলক তেওঁলোকৰ ন্যায্য অধিকাৰসমূহ দিয়াৰ ব্যৱস্থা কৰিব লাগে। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতিৰে শাসনত বহা চৰকাৰখনলৈ এয়ে মোৰ বিনম্ৰ অনুৰোধ।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *