নিবন্ধশিল্প-কলা-সংস্কৃতি

মইনা চৰাইটি, মাত মাত মাত মিঠা মাতটি…

মেডমেক্স-ফিউৰি ৰ’ড’ৰ মাতৃতান্ত্ৰিকতা

 

ভাৰতবৰ্ষৰ চৰকাৰে দুদিনমানৰ আগত জাপান চৰকাৰৰ লগত পৰমাণুৰ শক্তিৰ এখন চুক্তি কৰিছে। সেই জাপান, যি জাপানে পৰমাণু শক্তিৰ ধ্বংসাত্মক ৰূপৰ অভিজ্ঞতা নাগাছাকি আৰু হিৰোছিমাৰ জৰিয়তে বাৰুকৈয়ে লাভ কৰিছিল। তাৰ পিছতো বোধহয় ফুকুশ্বিমাৰ বিভীষিকা জাপানৰ লগতে পৃথিৱীৰ সকলোৰে অৱগত। তাৰ পাছতো কিয় এই চুক্তি? বোধহয় আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ কথা আহে। বা টকা-পইচাৰ আদান-প্ৰদানৰ কথা আহে। এই পৰমাণু শক্তিৰ নাৰকীয় বিভীষিকাৰ কথা তল পৰি যায়‌। ‘মেডমেক্স-ফিউৰি ৰড’ নামৰ চলচ্চিত্ৰখনৰ পটভূমি পৰমাণু শক্তিৰ নাৰকীয় বিভীষিকা। অৰ্থাৎ ইয়াৰ পটভূমি তৈয়াৰ হৈছে পৰমাণু শক্তিৰ ভুল ব্যৱহাৰৰ পাছত পৃথিৱীত হোৱা অপায়-অমংগলসমূহৰদ্বাৰা। ইতিমধ্যে সমগ্ৰ পৃথিৱী মৰুভূমিলৈ ৰূপান্তৰিত হৈছে। গছ-লতা আদি নোহোৱা হৈ গৈছে। যিবোৰ স্থানত প্ৰাকৃতিক সম্পদসমূহ আছে সেয়া কিছুমান যুদ্ধবাজ গোটৰ কবলত আছে। তেনে এটা যুদ্ধবাজ গোটৰ দলপতি হ’ল ইমৰটান জ’। তেওঁ এজন নিষ্ঠুৰ দলপতি।

তেওঁৰ প্ৰজাগণ অভাৱী, অনাখৰী আৰু ভোকাতুৰ ৷ অলপ পানীৰ বাবে তেওঁলোকৰ হাহাকাৰ ৷ এনে সময়ত পানী, মাতৃদুগ্ধ, মানুহৰ তেজ আৰু পেট্ৰল হ’ল আটাইতকৈ মূল্যৱান পণ্য ৷ ইমৰটান জ’ৱে পানীৰ সমস্ত ভাণ্ডাৰ তেওঁৰ কবলত ৰাখিছে ৷

চিনেমাখন আৰম্ভ হৈছে আৰু চলচ্চিত্ৰখনৰ এজন মূল চৰিত্ৰ মেক্স ৰকাটানন্ধিৰ এটা মনলগৰদ্বাৰা৷ তেওঁৰ বৰ্তমান সময়ৰ দুৰ্দশাৰ কথা বৰ্ণনা কৰিছে ৷ তেওঁক ইতিমধ্যে ইমৰটান জ’ৰ যুদ্ধবাজ সেনানীসকলে কৰায়ত্ত কৰিছে আৰু যুদ্ধবাজ এজন সেনা “নাক্স”ৰ বাবে জীৱন্ত তেজৰ যোগান হিচাপে ব্যৱহাৰ হৈছে ৷

আৰু আন এটা প্ৰধান চৰিত্ৰ ইমৰটান জ’ৰ এজন সেনাপতি “ইপ্ৰেৰেটৰ ফিউৰিচা”ই এখন পানীৰ টেংকাৰ লৈ পানীৰ বিনিময়ত গেছলিন আনিবলৈ যাত্ৰা কৰিছে ৷ ইয়াৰ পিছৰপৰাই সমগ্ৰ চলচ্চিত্ৰখন এখন এক্সনধৰ্মী চলচ্চিত্ৰ হিচাপে দেখিবলৈ পাওঁ ৷ কাৰণ ফিউৰিচাই ইমৰটানে জ’ৰ পাঁচগৰাকী পত্নীক পলুৱাই লৈ গৈছে নতুন জীৱনৰ সন্ধানত ৷ আৰু এই বিষয়টোক লৈয়ে ইমৰটান জ’ৰ ক্ৰমাগত অনুসৰণ আৰু যুদ্ধ ঘোষণা ৷

ইতিমধ্যে Sight and sound নামৰ এখন চিনেমা সম্পৰ্কীয় সন্মানীয় পত্ৰিকাই লোৱা পৃথিৱীৰ বিভিন্ন দেশৰ ১৬৮ জন শীৰ্ষ চিনেমা সমালোচকৰ ভোট অনুসৰি ২০১৫ চনৰ ২০ খন শ্ৰেষ্ঠ চিনেমাৰ ভিতৰত “Madmax-Fury road” ৰ স্থান হৈছে তৃতীয়৷

বহু দিনৰ আগতে ‘Terminator – Judgement day’ নামৰ এক্সনধৰ্মী চলচ্চিত্ৰ এখন চাই ভাল লাগিছিল তাত থকা সাংগীতিক লয়ৰ গাঁথনিৰ বাবে৷ এই গাঁথনি অপূৰ্ব আছিল আৰু গাণিতিকভাৱে মাপ-জোখ কৰি লোৱাৰ দৰে নিখুঁটভাৱে বহুৱাই দিয়া হৈছিল বিভিন্ন শ্বটসমূহ , বিভিন্ন শ্বটসমূহৰ পৰ্দাত স্থায়িত্ব আছিল সঠিক অনুপাতত৷ কোনো এটা শ্বটেই অবাবত দীঘল নহয় তথা চুটিও নহয়, যেন প্ৰয়োজনীয়ভাৱে খাপ খাই পৰা আৰু ফলত লয়টো অনুভৱ কৰিব পাৰি বা বাৰে বাৰে চালেও নতুনত্ব এটা থাকে। যিকোনো চলচ্চিত্ৰ পৰিচালকৰ বাবে ইয়াক আয়ত্ব কৰিব পৰাটো ইমান সহজ নহয়৷ কেমেৰাৰ অৱস্থান, এংগল আদিৰ সৈতে বিষয়বস্তু তথা পৰিচালকৰ মনোজগতৰ এক আত্মিক সম্পৰ্ক স্থাপন কৰিব নোৱাৰিলে চলচ্চিত্ৰ এখনৰ সেই ভাল লগাটো হৈ নুঠে৷ (সচৰাচৰ বলিউদী মচলা-ধৰ্মী চলচ্চিত্ৰ সমূহে সাধাৰণ দশৰ্কৰ wish fulfillmentঅৰ দ্বাৰা তেওঁলোকৰ জীৱনৰ পোৱা-নোপোৱাবোৰৰ আৰু সহজাত আবেগৰ শোষণ চলাই যোৱা পৰিলক্ষিত হয় আৰু কেমেৰাই তেনে অৱস্থানেই লয়৷ আমি এখন অসমীয়া চিনেমা কিয় নচলে বুলি কাৰণবোৰৰ কথাও ভাৱোঁ, তেনেহ’লে উপৰোক্ত চলচ্চিত্ৰৰ গাঠনিৰ কথাটোও এটা অন্যতম কাৰণ, আৰু ইয়াক যে সকলো অসমৰ চলচ্চিত্ৰ পৰিচালকে তেওঁলোকৰ প্ৰচন্দ “ভাল এখন চিৰিয়াচ ছবি বা মচালা-ধৰ্মী চিনেমা” বনোৱাৰ অভিপ্ৰায় সত্বেও আয়ত্ব কৰিব পাৰিচেনে নাই সেইটো লক্ষ ৰাখিব লাগিব, ফলশ্ৰুতিত উপযুক্ত গাঠনিবিহীন তেনে চিনেমা এখন দশৰ্কে নাকচ কৰি দিয়ে৷ দশৰ্কেও বোধহয় কাৰণটো ফহিয়াই নাচায়, তেওঁলোকৰ ভাল নালাগিল “কিবা কাৰণত” আৰু চিনেমাখন নচলিল৷ কিন্তু সেই অন্তৰ্গত কাৰণটোৰ বাবে পৰিচালকৰ দক্ষতাৰ কথাটোও আমি এক অন্তৰ্গত অন্যতম কাৰণ বুলি ভাবি চোৱাৰ অৱকাশ আছে, পোনচাতেই দশৰ্কক “অসমীয়া চিনেমা নাচায়” বুলি অভিমান কৰি দোষ দিয়াতকৈ৷)

‘Madmax – Fury road’তো তেনে এটা অনুভৱ হয় ৷ বিভিন্ন শ্বটসমূহ আমি প্ৰতিনিয়ত গতিশীল ৰূপত অৱলোকন কৰোঁ আৰু সমগ্ৰ এক্সন দৃশ্য গাণিতিকভাৱে খাপ খুৱাই দিয়া হৈছে ৷ এয়া মূলতঃ পৰিচালকৰ কৃতিত্ব ৷ আমি এটা ছিম্ফনি বা সাংগীতিক লয়ৰ আৰোহণ, অৱৰোহণ, আৱাহন, সুৰ, ক’ৰাছ আদিৰ গাঁথনি এটা মনেৰে গঠন কৰি লওঁ অজানিতে ৷ এনে সাংগীতিক কাঠামোৰ যদি আমি উদাহৰণ লওঁ, তেন্তে আমি দেখোঁ – প্ৰথম শ্বটটোত মেক্সে মনলগত কথা কৈ আছে, স্থিৰ দৃশ্য, কেমেৰাৰ অৱস্থান স্থিৰ ৷ শান্ত সময় ৷ হঠাত উত্থান আৰু কলৰৱ, আকৌ শান্ত সময় পৰ্দাত৷ তাৰ পিছত আকৌ গাড়ী কিছুমান জঁপিয়াই আহে কেমেৰাৰ ওপৰেৰে ৷ পুনৰ এক আৰোহণ৷ তীব্ৰ গতিৰ গাড়ীসমূহ , long shot, কিন্তু এটি সাংগীতিক moveঅৰ দৰে ৷ ইয়াৰ পিছত তীব্ৰ গতিৰ গতিশীল চলন কেমেৰাৰ, ইমৰটান জ’ৰ থলিত পূৰ্ণ ব্যস্ততা ৷ এক সাংগীতিক লহৰ ৷ সেয়া শান্ত হয়, আকৌ ফিউৰিচাৰ ফ্ৰেমত প্ৰৱেশত ৷ পিছত আমি দেখো মৰুভূমিৰ ধুমুহাত ফিউৰিচাৰ পিছে পিছে ইমৰটান জ’ৰ সেনাসমূহ, এই দৃশ্যটো যেন উচ্চহাৰত সমস্বৰত ক্ৰমাত শিৰ্ষগামী সুৰৰ ঐকতান৷

কিন্তু মূলতঃ ইয়াকো ক’ব লাগিব যে ‘Madmax – Fury Road’ এখন এক্সনধৰ্মী চলচ্চিত্ৰ ৷ পৰিচালক জৰ্জ মিলাৰে এই চলচ্চিত্ৰখনৰ জৰিয়তে কিছুমান সামাজিক বিষয়ো গুৰুত্বপূৰ্ণভাৱে উপস্থাপন কৰিছে আৰু দশৰ্কৰ মাজলৈ প্ৰেৰণ কৰিছে ৷ সেয়া হ’ল পৃথিৱীৰ মানৱজীৱনৰ প্ৰাচীন মাতৃতান্ত্ৰিকতা আৰু ইয়াৰ ঐতিহাসিক ভূমিকা ৷ গতিকে এই চলচ্চিত্ৰখন নায়ক বা পুৰুষপ্ৰধান হোৱা সত্ত্বেও ই মূলতঃ এখন মাতৃতান্ত্ৰিক চলচ্চিত্ৰ, কিন্তু নাৰীবাদী নহয় ৷

‘Madmax – Fury road’অৰ যিটো বিষয় চকুত লগা বা মনত চাপ পৰিব পৰা বিষয় সেইটো হ’ল – ইয়াৰ নিৰ্মাণশৈলী, ইয়াৰ চিনেমাট’গ্ৰাফি, চৰিত্ৰসমূহৰ বেশ-ভূষা, গাড়ীসমূহৰ বিভিন্নধৰণৰ ডিজাইন, যুদ্ধৰ দৃশ্যসমূহ আৰু stuntmenসকলৰ বিভিন্ন কলাকৌশল আৰু অভিনয় ৷ বিশেষকৈ ফিউৰিচাৰ ৰূপত অভিনয় কৰা হলিউডৰ এগৰাকী প্ৰতিভাশালী অভিনেত্ৰী চাৰ্লি থেৰনৰ অভিনয় ৷ লাস্যময়ী এই অভিনেত্ৰীগৰাকীয়ে কঠোৰ, প্ৰবল নেতৃত্ব দিয়া এগৰাকী সেনাৰ ভূমিকাত বাস্তৱসন্মত ৰূপত অৱতীৰ্ণ হৈছে ৷

উপৰিউক্ত সকলোবোৰ উপাদানক অতি সুচাৰুৰূপে পৰিচালকে মূল বিষয়বস্তুৰ সৈতে বাংময় ৰূপত প্ৰকাশ কৰিছে, ইয়াতেই চলচ্চিত্ৰখনৰ কৃতিত্ব ৷ ই যিটো বিষয় উপস্থাপন কৰিব বিচাৰিছে ইয়াক আন কাৰুকৌশলে ঢাক খাই পেলোৱা নাই, যিটো হলিউডৰ চলচ্চিত্ৰত সচৰাচৰ ঘটে ৷ মূল চৰিত্ৰত আমি মেক্সক দেখোঁ যদিও লাহে লাহে ই প্ৰতিফলিত হয় যে তেওঁ চলচ্চিত্ৰখনত আহি পৰা এক সংযোজিত চৰিত্ৰহে ৷ বৰং সময়ৰ লগে লগে বেছি দীপ্ত হৈ উঠে ফিউৰিচা চৰিত্ৰটোহে ৷

এই ফিউৰিচাই ইমৰটান জ’ৰ পাঁচ পত্নী এংহাৰেড, কেপেবল, টষ্ট, দাগ আৰু চিব’ক পলুৱাই লৈ আহে জ’ৰ কবলৰপৰা আৰু বিদ্ৰোহৰ সূচনা কৰি দিয়ে ৷ এংহাৰেড হ’ল গৰ্ভৱতী, তেওঁ ইমৰটান জ’ৰ সন্তান ধাৰণ কৰি আছে ৷ ইমৰটান জ’ৱে তেওঁলোকক ভল্টৰ দৰে কোঠা এটাত আবদ্ধ কৰি ৰাখে ৷ এই পাঁচগৰাকী পত্নীৰ তাৎপৰ্য কেৱল সন্তান ধাৰণ কৰা, জ’ৰ ঔৰসত ৷

ইমৰটান জৰ প্ৰতিনিধিত্ব :

ইমৰটান জ’ এজন পুৰুষতান্ত্ৰিক যুদ্ধবাজ cult leader ৷ তেও নিজাববীয়া সেনা আছে, পানীকে আদি কৰি পেট্ৰ’ল আদি প্ৰাকৃতিক সম্পদৰ ওপৰত সম্পূৰ্ণ দখল ৰাখি তেওঁৰ প্ৰজাগণক নিয়ন্ত্ৰণত ৰাখে ৷ নাৰী তেওঁৰ বাবে ভোগ আৰু সন্তান জন্ম দিয়াৰ আহিলা ৷ তেওঁ নাৰীসকলক দুগ্ধ উৎপাদনৰ বাবেও ব্যৱহাৰ কৰে ৷ এটি দৃশ্যত দেখা যায় যে বৰ্তমান সময়ৰ কোনো এক মটৰ কাৰখানাৰ Assembly lineঅৰ দৰে মাতৃদুগ্ধ উৎপাদনৰ বাবে মহিলাসকলক বহাই দুগ্ধ উৎপাদন কৰি থকা হৈছে ৷ ইমৰটান জ’ বৃদ্ধ, দেহত যৌন ৰোগৰ চাপ আৰু তেও উশাহ ল’বৰ বাবে লাওখোলা আকৃতিৰ এটা মুখা ব্যৱহাৰ কৰে ৷ পৰিচালকে এই চলচ্চিত্ৰখনৰদ্বাৰা বৰ্তমান সময়ৰ পৃথিৱীৰ বহু ঠাইত সংঘটিত হৈ থকা যুদ্ধ-বিগ্ৰহ আৰু যুদ্ধবাজ নেতাসমূহৰ কথাও অৱচেতনভাৱে ৰূপায়িত কৰিছে ৷ ধৰ্মীয় মৌলবাদীসকলৰ মানসিক গঠন তথা নাৰীবিদ্বেষী মনোভাব, দৃষ্টিভংগী এই চলচ্চিত্ৰখনত প্ৰতিফলিত হৈছে ৷ ইমৰটান জ’ৰ আচল মুখখন দেখুওৱা নহয় ৷ তেওঁ লাওখোলাসদৃশ এখন মুখা পিন্ধি থাকে, যাৰদ্বাৰা তেওঁ উশাহো লয় ৷ গতিকে এনেকৈ মুখহীন চানেকিৰদ্বাৰা ই বিভিন্ন ধৰ্মীয় যুদ্ধবাজসকলৰ নাৰীবিদ্বষী মনোভাব একত্ৰিতভাৱে প্ৰকাশ কৰে ৷ দৰ্শক হিচাপেও আমাৰ এনে অনুভৱেই আহে যে তেওঁ বৰ্তমানৰ সকলো প্ৰতিক্ৰিয়াশীল, কট্টৰ পুৰুষতান্ত্ৰিক, নাৰীবিদ্বেষী চেতনা তথা কাৰ্যাৱলীকেই প্ৰতিনিধিত্ব কৰিছে ৷

ফিউৰিচাৰ পৃথিৱীখন :

ফিউৰিচাই যেতিয়া ইমৰটান জ’ৰ পাঁচগৰাকী পত্নীক পলুৱাই লৈ আহিছিল তেওঁ সেই চন্দুকসদৃশ আবদ্ধ কোঠালিত ইমৰটান জ’ৰ প্ৰতি বাৰ্তা দি আহিছিল – “Our babbies will not be war lords”, “We are not things” আদি ৷

এই ফিউৰিচাকেই ইমৰটান জ’ই অপহৰণ কৰি আনিছিল য়ুৱালিনী মাতৃসকলৰ এটা ফৈদৰপৰা শিশু অৱস্থাত ৷ আৰু শিশু অৱস্থাৰপৰা বিভিন্ন অত্যাচাৰত ডাঙৰ-দীঘল হোৱা ফিউৰিচাৰ মনত এটা প্ৰচণ্ড ঘৃণা হৈছিল ইমৰটান জ’ৰ পুৰুষতান্ত্ৰিকতাৰ প্ৰতি। ইতিমধ্যে তেওঁ এখন হাতো হেৰুৱাইছিল যুদ্ধক্ষেত্ৰত। ফিউৰিচাই এই পাঁচগৰাকী পত্নীক লৈ যাব বিচাৰিছিল এখন ‘সেউজীয়া ঠাই’লৈ। যি ঠাইত তেওঁ ডাঙৰ হৈছিল আৰু সেই যুৱালিনী মাতৃসকলক বিচাৰি উলিয়াইছিল যাতে তেওঁ পুৰণা ফৈদৰ সৈতে মিলিত হ’ব পাৰে। ইতিমধ্যে দক্ষ শ্বুটাৰ বুলি জনাজাত ফিউৰিচাই বহু বীৰত্বৰ প্ৰমাণ দিছিল। মেক্সৰ কান্ধত বন্দুক ৰাখি বুলেট ফাৰ্মাৰ বুলি নেতাজনক ফিউৰিচাই অন্ধ কৰি দিছিল। কিন্তু যেতিয়া ফিউৰিচাই সেই যুৱালিনী মাতৃসকলক লগ পালে, তেওঁলোকৰপৰা গম পালে যে ‘সেউজীয়া ঠাই’খন নাই। ইতিমধ্যেই সেই ঠাই পাৰমাণৱিক যুদ্ধত নষ্ট হৈ গৈছে। সেই ঠাইৰ মাটি বিষাক্ত। আৰু ফিউৰিচা ভাগি পৰিছে। এই যুৱালিনী মাতৃসকলে যাতায়াতৰ বাবে মটৰ বাইক ব্যৱহাৰ কৰে আৰু সকলো প্ৰায় ষাঠি বছৰৰ ঊৰ্ধ্বৰ। তেওঁলোকেই সেই বিভিন্ন প্ৰজাতিৰ গছ-গছনিৰ বীজবোৰ লগত লৈ ফুৰে। ক’ৰবাত কোনো ঠাইত ৰুই সেই আগৰ পৃথিৱী ঘূৰাই পাবৰ বাবে।

যুদ্ধযুৱক নাক্স :

এই চলচ্চিত্ৰখনত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰ আছে, সেয়া হ’ল “নাক্স” ৷ নাক্স হ’ল এজন যুদ্ধৰ সেনানী যাক সৰুৰেপৰা যুদ্ধবাজ হিচাপেই পালন কৰা হৈছে, সেই অনুসৰি অনুশীলন কৰোৱা হৈছে ৷ নাক্সৰ শৰীৰ ঠিক নহয়, গতিকে বন্দী মেক্সক নাক্সে blood bank হিচাপে ব্যৱহাৰ কৰে ৷ ইমৰটান জ’ৱে যেতিয়া ফিউৰিচাৰ বিপক্ষে যুদ্ধ ঘোষণা কৰে নাক্স উদ্বাউল হয় আৰু যুদ্ধত অংশ ল’ব বিচাৰে ৷ কিন্তু তেওঁৰ আবেদনক নাকচ কৰি দিয়া হয়, কিয়নো নাক্স হ’ল এজন বেমাৰী যোদ্ধা ৷ কিন্তু শেষত মেক্সৰ গাড়ীত বান্ধি লৈ নিৰন্তৰ তেজৰ যোগান লৈ যুদ্ধত নমাৰ প্ৰতিশ্ৰুতি দিয়াত নাক্সক অনুমতি প্ৰদান কৰা হয় ৷

নাক্সকে ধৰি যিসকল যুদ্ধযুৱক সকলোৰে এটাই সপোন – ইমৰটান জ’ৰ বাবে জীৱন আত্মোৎসৰ্গ কৰা, যুদ্ধক্ষেত্ৰত যাতে তেওঁলোকে ছহিদ হয় আৰু মৃত্যুৰ পিছত “Valhalla”লৈ যাব পাৰে, যি পশ্চিমীয়া সংস্কৃতিৰ এটা মিথ ৷ যেনেকৈ ইছলামিক ধৰ্মযোদ্ধাসকলৰ বাবে “জন্নৎ” আৰু হিন্দুসকলৰ বাবে “স্বৰ্গ” ৷ এই “ছুইছাইড” আক্ৰমণ তথা ছহিদি বৰণৰদ্বাৰা স্বৰ্গপ্ৰাপ্তি, এই ধাৰণাটোৱেই আজিৰ সময়ৰ বিভিন্ন ধৰ্মীয় যুদ্ধবাজ মৌলবাদীসকলৰ প্ৰপাগাণ্ডা তথা মগজ ধুলাই কৰা প্ৰক্ৰিয়াটোৰ বিষয়ে সম্যক ধাৰণা দাঙি ধৰে, যে ই কি ধৰণেৰে এজন সেনাৰ মনত ক্ৰিয়া কৰে , কেনেকৈ তেওঁ ইয়াৰদ্বাৰা উদ্বুদ্ধ হয়। তেনে এটা দৃশ্যত যেতিয়া দেখোঁ ইমৰটান জ’ৱে নাক্সক কয়, “ফিউৰিচা আৰু সংগীবোৰক হত্যা কৰ্ আৰু মই তোক নিজ হাতেৰে দাঙি লৈ Valhallaলৈ লৈ যাম”৷

আমি দেখোঁ, নাক্সৰ মুখৰ ক্ৰমাৎ ভাবালেশ সলনি হৈছে আৰু এক মানসিক সন্তুষ্টি, দীপ্তি লৈ “ছুইছাড” আক্ৰমণৰ বাবে সাজু হৈছে ৷ তিনিবাৰ সুযোগ পায়ো মৃত্যুবৰণ কৰিব নোৱাৰি কেপেবলৰ ওচৰত দুখত ভাগি পৰিছে ৷

শেষৰ ফালে আমি দেখো, নাক্সৰ মনোভাব ক্ৰমান্বয়ে সলনি হৈছে ইমৰটান জ’ৰ এগৰাকী ষোড়শী পত্নী তথা breeding wife কেপেবলৰ সান্নিধ্যত ৷ কেপেবলে নাক্সৰ প্ৰতি সহমৰ্মিতা দেখুৱাইছে আৰু দুয়োৰে মাজত এটা আত্মিক সংযোগ প্ৰকৃতিৰ নিয়মৰ ফলতেই স্থাপিত হৈছে ৷ শেষত নাক্সে ফিউৰিচা আৰু ফিউৰিচাৰ সংগীসকলৰ প্ৰাণ বচাবৰ বাবে নিজৰ প্ৰাণ উৎসৰ্গা কৰিছে ৷

মেক্স ৰকটানক্সিৰ সহযোগিতা :

এই মেক্সক নিজৰ জীৱনৰ পুৰণি দুঃস্বপ্নই খেদি ফুৰে ৷ কাৰণ তেওঁৰ পত্নী, জীয়াৰী আৰু সমন্ধীয় লোকসকলক মেক্সে ৰক্ষা কৰিব নোৱাৰিলে ৷ এই দুঃস্বপ্নৰ বাবে মেক্স প্ৰতিনিয়ত এঠাইৰপৰা সিঠাইলৈ পলাই ফুৰে ৷ এনে এটি যাত্ৰাতেই মেক্সৰ ফিউৰিচাৰ লগত আকষ্মিক যোগাযোগ হয় আৰু দুয়ো নিজা নিজা কাৰণত ইমৰটান জ’ৰ বিৰুদ্ধে থিয় হয়, দুয়ো তেওঁৰ সহযোদ্ধালৈ পিছত ৰূপান্তৰিত হয়‌। ইমৰটান জ’ৰ বন্দিত্বৰপৰা মুক্ত হ’বলৈ আপ্ৰাণ চেষ্টা চলোৱা মেক্সৰ নিজৰ স্বাৰ্থৰ বাবেই ফিউৰিচাৰ সৈতে একেলগে আগ বাঢ়িবলগা হয় এক নিৰ্দিষ্ট পৰিকল্পনা মতে‌ ক্ৰমান্বয়ে এটি দীঘলীয়া পৰিভ্ৰমণৰ অন্তত। একেলগে কৰা সংগ্ৰামৰ অন্তত দুয়োৰে মাজত আন্তৰিকতা আৰু স্বাভাৱিক সহমৰ্মিতা প্ৰতিষ্ঠা হয় ৷ মূলতঃ কমকৈ হোৱা কথা-বতৰা কিন্তু বিভিন্ন মুহূৰ্তত সহযোগিতা তথা যুদ্ধক্ষেত্ৰত হোৱা camaraderieৰ ফলত এক নিৰৱ বিশ্বাসৰ বান্ধোন গঠন হয় ৷ য়ুৱালিনী মাতৃসকলক লগ পোৱাৰ পিছত “সেউজীয়া ঠাই”খন ধ্বংস হৈ যোৱাৰ কথা জানিব পাৰি ফিউৰিচা ভাগি পৰিছিল, সেই মুহূৰ্তত কেমেৰাই মেক্সৰ মুখৰ ভাবালেশৰ ক্ল’জ শ্বট লয়৷ আমি দেখো মেক্সৰ মুখৰ ভাবান্তৰ তথা চেপি ৰখা আৱেগ৷

ফিউৰিচা আৰু য়ুৱালিনী মাতৃসকল যেতিয়া নতুন ঠাইলৈ যাবলৈ সাজু হয়, মেক্সেই প্ৰস্তাৱ দিয়ে ইমৰটান জ’ৰ সৈতে পোনপটীয়া যুদ্ধত লিপ্ত হ’বৰ বাবে৷ য়ুৱালিনী মাতৃসকল আৰু ফিউৰিচা মান্তি হয় ৷ তেওলোকে ইমৰটান জ’ৰ প্ৰাকৃতিক ভাণ্ডাৰসমূহ দখল কৰি প্ৰজাসকলক মুক্তি দিবৰ বাবে নিজকে যুদ্ধৰ বাবে প্ৰস্তুতি চলাবলৈ সাজু হয়৷ বোধহয় চলচ্চিত্ৰখনত শেষলৈ আমি নাৰীবাদী দৃষ্টিভংগীতকৈ এটা মানৱীয় সংগ্ৰামৰ আভাস পাওঁ৷ কিন্তু এই ক্ষেত্ৰত য়ুৱালিনী মাতৃসকলৰ ভূমিকা নিৰ্ণায়ক, কাৰণ পৃথিৱীৰ ধ্বংসাত্মক পৰিস্থিতিত তেওলোকেই বিভিন্ন গছ-লতাৰ বীজসমূহ লগত কঢ়িয়াই লৈ ফুৰিছে৷

সেই মইনা চৰাইৰ মাত বিচাৰি ফুৰিছে উদং ধূসৰ বিষাক্ত পৃথিৱীত৷

ননি

 

 

ফিউৰিচা আৰু মেক্সৰ মাজত প্ৰথমবাৰৰ বাবে লগপোৱাৰ সময়ত যুদ্ধ, তেওঁলোকৰ পাৰস্পৰিক অনাস্থা, ভয় আৰু জীৱন সংগ্ৰামৰ অভিলাস৷ এই চলচ্চিত্ৰখন মূলতঃ ছেপিয়া ৰঙৰ প্ৰধান্যৰে নিৰ্মাণ কৰা হৈছে৷ যাৰ বাবে গোটেই চিনেমাখনত এটা ৰুক্ষ ভাৱ ফুটি উঠে। ‘টাৰমানেটৰ – জাজমেন্ট দে’ৰ মূল ৰঙৰ আধাৰ আছিল নীলা, “মেট্ৰিক্স” যি সকলে চাইছে তেওঁলোকে জানিব সেই চলচ্চিত্ৰখনত সেউজীয়া মূল ৰঙেৰে বুলোৱা হৈছিল৷ ‘মেদ মেক্স – ফিউৰি ৰ’দ’ এই চলচ্চিত্ৰখনক মূলতঃ কমলা ৰঙেৰে ধৌৱাই পেলোৱা হৈছে৷
মেক্স আৰু ফিউৰিচাৰ মাজত ভৰসা, সহমৰ্মিতা, সহযোগ আৰু আন্তৰিকতা প্ৰতিষ্ঠাপিত হৈছে৷ সেইয়া হৈছে সময়ৰ পৰিমাপত দুয়োৰে এখন উমৈহতীয়া যুদ্ধৰ মাজেদি৷ মেক্সে সহায়ৰ হাত আগবঢ়াইছে৷ আমি দেখোঁ মেক্সৰ কান্ধত বন্দুক থৈ ফিউৰিচাই যুদ্ধবাজ ‘বুলেট খেতিয়ক’ক দূৰৈৰ পৰা নিখুটভাৱে নিচানা লগাই অন্ধ কৰি পেলাইছে৷ এই আন্তৰিকতা সহযুদ্ধ নাৰী আৰু পুৰুষ এখন উমৈহতীয়া সংগ্ৰামলৈ পৰিণত হৈছে৷
মেক্স আৰু ফিউৰিচাৰ মাজত ভৰসা, সহমৰ্মিতা, সহযোগ আৰু আন্তৰিকতা প্ৰতিষ্ঠাপিত হৈছে৷ সেইয়া হৈছে সময়ৰ পৰিমাপত দুয়োৰে এখন উমৈহতীয়া যুদ্ধৰ মাজেদি৷ মেক্সে সহায়ৰ হাত আগবঢ়াইছে৷ আমি দেখোঁ মেক্সৰ কান্ধত বন্দুক থৈ ফিউৰিচাই যুদ্ধবাজ ‘বুলেট খেতিয়ক’ক দূৰৈৰ পৰা নিখুটভাৱে নিচানা লগাই অন্ধ কৰি পেলাইছে৷ এই আন্তৰিকতা সহযুদ্ধ নাৰী আৰু পুৰুষ এখন উমৈহতীয়া সংগ্ৰামলৈ পৰিণত হৈছে৷
ইমৰটান জ’ৱে নিজৰ লাওখোলাসদৃশ মুখা পৰিধান কৰিছে৷ এওঁ এনে এজন নেতা যাৰ আচল মুখখন দেখা নাযায়৷ অতি নিষ্ঠুৰ, নিৰ্দয় এজন যুদ্ধবাজ দলপতি, ইমৰটান জ’ৰ যোগেদি বৰ্তমান সময়ৰ যুদ্ধবাজসকলৰ প্ৰতিছবি এখন পাব পাৰি৷
ইমৰটান জ’ৱে নিজৰ লাওখোলাসদৃশ মুখা পৰিধান কৰিছে৷ এওঁ এনে এজন নেতা যাৰ আচল মুখখন দেখা নাযায়৷ অতি নিষ্ঠুৰ, নিৰ্দয় এজন যুদ্ধবাজ দলপতি, ইমৰটান জ’ৰ যোগেদি বৰ্তমান সময়ৰ যুদ্ধবাজসকলৰ প্ৰতিছবি এখন পাব পাৰি৷
বৰ্তমানৰ বাস্তৱ সময়ৰ এজন যুদ্ধবাজ নেতা, যিয়ে একে লাওখোলাসদৃশ মুখা পৰিধান কৰি আছে৷
বৰ্তমানৰ বাস্তৱ সময়ৰ এজন যুদ্ধবাজ নেতা, যিয়ে একে লাওখোলাসদৃশ মুখা পৰিধান কৰি আছে৷
ইমৰটান জ আৰু তেওঁৰ যুদ্ধবাজ সেনানী৷ আজিৰ পৃথিৱীৰ এক পৰিচিত দৃশ্য, সেইয়া আফ্ৰিকা, দক্ষিণ আমেৰিকা, মধ্যপ্ৰাচ্য আদি সকলোতে বিৰাজমান৷
ইমৰটান জ আৰু তেওঁৰ যুদ্ধবাজ সেনানী৷ আজিৰ পৃথিৱীৰ এক পৰিচিত দৃশ্য, সেইয়া আফ্ৰিকা, দক্ষিণ আমেৰিকা, মধ্যপ্ৰাচ্য আদি সকলোতে বিৰাজমান৷
ইমৰটান জ’ৰ পানীৰ ভাণ্ডাৰ৷ সকলো প্ৰাপ্ত প্ৰাকৃতিক সম্পদ ইমৰটান জ’ৱে নিজৰ দখলত ৰাখে এটা যুদ্ধবাজ সেনাৰ যোগেদি৷ বোধহয় বৰ্তমান সময়ৰ তেল, পানী আদি খনিজ-পণ্যসমূহৰ ওপৰত হোৱা অধিকাৰৰ এটা ৰিজনী পোৱা যায়৷ তেল, পানী, ৰক্ত আৰু মাতৃ দুগ্ধৰ দ্বাৰা শাসন৷
ইমৰটান জ’ৰ পানীৰ ভাণ্ডাৰ৷ সকলো প্ৰাপ্ত প্ৰাকৃতিক সম্পদ ইমৰটান জ’ৱে নিজৰ দখলত ৰাখে এটা যুদ্ধবাজ সেনাৰ যোগেদি৷ বোধহয় বৰ্তমান সময়ৰ তেল, পানী আদি খনিজ-পণ্যসমূহৰ ওপৰত হোৱা অধিকাৰৰ এটা ৰিজনী পোৱা যায়৷ তেল, পানী, ৰক্ত আৰু মাতৃ দুগ্ধৰ দ্বাৰা শাসন৷
ইমৰটান জ’ৰ ভোকাতুৰ, অতৃপ্ত, এটোপা পানীৰ বাবে আতুৰ প্ৰজাগণ৷
ইমৰটান জ’ৰ ভোকাতুৰ, অতৃপ্ত, এটোপা পানীৰ বাবে আতুৰ প্ৰজাগণ৷
ইমৰটান জ’ৰ আত্মহত্যাৰ যোগেদি শ্বহীদবৰণ কৰিব বিচৰা এজন সেনা, যি সেই ধৰণৰ এক আক্ৰমণ শত্ৰুৰ ওপৰত চলাবলৈ লৈছে৷ তেওঁক এনেদৰে মগজ-ধোলাই কৰা হৈছে যে এনেদৰে যুদ্ধত আত্মৎৰ্সগৰ দ্বাৰা মৃত্যু হ’লে তেওঁৰ ‘ভালহাল্লা’ প্ৰাপ্তি হ’ব৷ এই বাইবেলিকেল মিথ - যাৰ সমাৰ্থক হিচাপে আমি পাওঁ আন দুটা ধৰ্মত ‘জন্নত’ আৰু ‘স্বৰ্গ’৷ সেই একেই প্ৰৰোচনা-ত্যাগৰ বিনিময়ত স্বৰ্গত বৈষয়িক সুখ লাভ৷
ইমৰটান জ’ৰ আত্মহত্যাৰ যোগেদি শ্বহীদবৰণ কৰিব বিচৰা এজন সেনা, যি সেই ধৰণৰ এক আক্ৰমণ শত্ৰুৰ ওপৰত চলাবলৈ লৈছে৷ তেওঁক এনেদৰে মগজ-ধোলাই কৰা হৈছে যে এনেদৰে যুদ্ধত আত্মৎৰ্সগৰ দ্বাৰা মৃত্যু হ’লে তেওঁৰ ‘ভালহাল্লা’ প্ৰাপ্তি হ’ব৷ এই বাইবেলিকেল মিথ – যাৰ সমাৰ্থক হিচাপে আমি পাওঁ আন দুটা ধৰ্মত ‘জন্নত’ আৰু ‘স্বৰ্গ’৷ সেই একেই প্ৰৰোচনা-ত্যাগৰ বিনিময়ত স্বৰ্গত বৈষয়িক সুখ লাভ৷
শিশু যুদ্ধবাজ সকল৷ শিশু অৱস্থাত তেওঁলোকক মগজু-প্ৰক্ষালণ কৰি যুদ্ধবাজ বনোৱা হয়৷ গাত একে ৰং একে পোচাক৷
শিশু যুদ্ধবাজ সকল৷ শিশু অৱস্থাত তেওঁলোকক মগজু-প্ৰক্ষালণ কৰি যুদ্ধবাজ বনোৱা হয়৷ গাত একে ৰং একে পোচাক৷
বৰ্তমান সময়ৰ বাস্তৱিক শিশু যুদ্ধবাজসকল৷ যাৰ শৈশৱ এক দুঃস্বপ্ন৷
বৰ্তমান সময়ৰ বাস্তৱিক শিশু যুদ্ধবাজসকল৷ যাৰ শৈশৱ এক দুঃস্বপ্ন৷
যুদ্ধৰ দৃশ্য৷ এটা সুন্দৰ কৰিঅ’গ্ৰাফী আৰু মিউটেণ্ট যুদ্ধ-গাড়ীসমূহ৷ এইখন চলচ্চিত্ৰত প্ৰায় ২০০০ Visual Effects Shot ব্যৱহাৰ কৰা হৈছে৷ Conceptual design আদিৰ বাবে পাঁচজন শিল্পীক লৈ প্ৰায় ৩৫০০ পেনেলৰ ছবি আঁকি পেলাই storyboard প্ৰস্তুত কৰা হৈছিল৷
যুদ্ধৰ দৃশ্য৷ এটা সুন্দৰ কৰিঅ’গ্ৰাফী আৰু মিউটেণ্ট যুদ্ধ-গাড়ীসমূহ৷ এইখন চলচ্চিত্ৰত প্ৰায় ২০০০ Visual Effects Shot ব্যৱহাৰ কৰা হৈছে৷ Conceptual design আদিৰ বাবে পাঁচজন শিল্পীক লৈ প্ৰায় ৩৫০০ পেনেলৰ ছবি আঁকি পেলাই storyboard প্ৰস্তুত কৰা হৈছিল৷
এটা যুদ্ধদৃশ্যৰ সুন্দৰ composition ৷ শ্বটটোৰ এটা আৱয়িক সামগ্ৰিকতা৷ আগ্ৰাসী শত্ৰুপক্ষৰ সেনা, সংগ্ৰামী মেক্স, গাড়ীচালক তথা নিয়ন্ত্ৰণত ফিউৰিচা আৰু ফিউৰিচাৰ তত্বাৱধানত ইমৰটান জ’ৰ পাচ পত্নী৷
এটা যুদ্ধদৃশ্যৰ সুন্দৰ composition ৷ শ্বটটোৰ এটা আৱয়িক সামগ্ৰিকতা৷ আগ্ৰাসী শত্ৰুপক্ষৰ সেনা, সংগ্ৰামী মেক্স, গাড়ীচালক তথা নিয়ন্ত্ৰণত ফিউৰিচা আৰু ফিউৰিচাৰ তত্বাৱধানত ইমৰটান জ’ৰ পাচ পত্নী৷
ইমৰটান জ’ৰ পাঁচ পত্নী৷ পত্নী মানে ইমৰটান জ’ৰ বাবে তেওঁৰ সন্তান জন্ম দিয়াবৰ বাবে মাধ্যম৷ পানী, তেল আদিৰ দৰেও নাৰী তেওঁৰ বাবে পণ্য সামগ্ৰী তথা উৎপাদনৰ বাবে ব্যৱহৃত মেচিন৷ তলত পৰি থকা লোহাৰ ত্ৰিকোণ বন্ধনি কেইডাল হ’ল এই পাঁচ পত্নীৰ যৌনাংগসমূহ তলাবন্ধ কৰি থ’ব পৰা ব্যৱস্থা, যাতে ইমৰটান জ' নিশ্চিন্ত হ’ব পাৰে যে তেওঁলোকৰ দ্বাৰা উৎপাদিত সন্তান কেৱল তেওঁৰেই৷ যি সচৰাচৰ পুৰুষতান্ত্ৰিকতাৰ এক মূল উপাদান৷
ইমৰটান জ’ৰ পাঁচ পত্নী৷ পত্নী মানে ইমৰটান জ’ৰ বাবে তেওঁৰ সন্তান জন্ম দিয়াবৰ বাবে মাধ্যম৷ পানী, তেল আদিৰ দৰেও নাৰী তেওঁৰ বাবে পণ্য সামগ্ৰী তথা উৎপাদনৰ বাবে ব্যৱহৃত মেচিন৷
তলত পৰি থকা লোহাৰ ত্ৰিকোণ বন্ধনি কেইডাল হ’ল এই পাঁচ পত্নীৰ যৌনাংগসমূহ তলাবন্ধ কৰি থ’ব পৰা ব্যৱস্থা, যাতে ইমৰটান জ’ নিশ্চিন্ত হ’ব পাৰে যে তেওঁলোকৰ দ্বাৰা উৎপাদিত সন্তান কেৱল তেওঁৰেই৷ যি সচৰাচৰ পুৰুষতান্ত্ৰিকতাৰ এক মূল উপাদান৷
‘য়ুৱালিনি’ ফৈদৰ মাতৃসকল৷ পৰিস্থিতিয়ে এওঁলোকক যুজাৰু হিচাপে পৰিগণিত কৰিছে৷ এই মাতৃসকলে বিভিন্ন গছলতাৰ বীজ কঢ়িয়াই লৈ যাযাবৰী জীৱন যাপন কৰে৷
‘য়ুৱালিনি’ ফৈদৰ মাতৃসকল৷ পৰিস্থিতিয়ে এওঁলোকক যুজাৰু হিচাপে পৰিগণিত কৰিছে৷ এই মাতৃসকলে বিভিন্ন গছলতাৰ বীজ কঢ়িয়াই লৈ যাযাবৰী জীৱন যাপন কৰে৷
বাস্তৱ পৃথিৱীৰ কুৰদিশ নাৰী যোদ্ধাসকল ৷ এখেত সকলে ISIS মৌলবাদী সকলৰ বিৰুদ্ধ অস্ত্ৰ তুলি লৈছে আৰু এক মৰণপণ যুদ্ধত লিপ্ত হৈছে৷
বাস্তৱ পৃথিৱীৰ কুৰদিশ নাৰী যোদ্ধাসকল ৷ এখেত সকলে ISIS মৌলবাদী সকলৰ বিৰুদ্ধ অস্ত্ৰ তুলি লৈছে আৰু এক মৰণপণ যুদ্ধত লিপ্ত হৈছে৷
ফিউৰিচাই তেওঁৰ ফৈদৰ সৈতে মিলিত হৈছে৷ সেই সহমৰ্মিতা, সেই একেই যান্ত্ৰণা— মানসিক শাৰীৰিক৷ দুয়ো সেই প্ৰাচীন দুখত ভাগি পৰিছে৷ এক সংঘাত আৰু মিলনৰ দৃশ্য৷
ফিউৰিচাই তেওঁৰ ফৈদৰ সৈতে মিলিত হৈছে৷ সেই সহমৰ্মিতা, সেই একেই যান্ত্ৰণা— মানসিক শাৰীৰিক৷ দুয়ো সেই প্ৰাচীন দুখত ভাগি পৰিছে৷ এক সংঘাত আৰু মিলনৰ দৃশ্য৷
ফিউৰিচা, "সেউজীয়া ঠাই" খন পাৰমানৱিক যুদ্ধত তথা পাৰমানৱিক শক্তিৰ অপপ্ৰয়োগত হেৰাই যোৱাৰ দুখত ভাগি পৰিছে ৷
ফিউৰিচা, ‘সেউজীয়া ঠাই’খন পাৰমানৱিক যুদ্ধত তথা পাৰমানৱিক শক্তিৰ অপপ্ৰয়োগত হেৰাই যোৱাৰ দুখত ভাগি পৰিছে৷
এটা ব্যৱহাৰ নোহোৱা শ্বট৷ ইয়াৰ দ্বাৰা যুদ্ধকালীন বিভীষিকা ধৰিব পৰা যায়৷
এটা ব্যৱহাৰ নোহোৱা শ্বট৷ ইয়াৰ দ্বাৰা যুদ্ধকালীন বিভীষিকা ধৰিব পৰা যায়৷
এটা বাস্তৱিক দৃশ্য৷ দ্ৰোণৰ দ্বাৰা আক্ৰমণত নিহত এটি শিশু৷
এটা বাস্তৱিক দৃশ্য৷ দ্ৰোণৰ দ্বাৰা আক্ৰমণত নিহত এটি শিশু৷
ফিউৰিচা আৰু পাঁচ পত্নীয়ে ইমৰটান জ’ৰ বাবে দি যোৱা বাৰ্তা - "Our babies will not be warlords."
ফিউৰিচা আৰু পাঁচ পত্নীয়ে ইমৰটান জ’ৰ বাবে দি যোৱা বাৰ্তা – “Our babies will not be warlords.”
বিদ্ৰোহী পত্নী আংহাৰেদে নিজৰ গৰ্ভৱতী অৱস্থাটোক ইমৰটান জ'ৰ বিপক্ষে ঢাল হিচাপে ব্যৱহাৰ কৰিছে তেওঁৰ সহযোগীসকলৰ নিৰাপত্তাৰ বাবে৷ নিজৰ সন্তান আংহাৰেদৰ গৰ্ভত স্থিত বাবেই ইমৰটান জ'য়ে আক্ৰমণ চলাব পৰা নাই৷ ই এটা অতি শক্তিশালী আৰু তাৎপয্যপূৰ্ন শ্বট৷
বিদ্ৰোহী পত্নী আংহাৰেদে নিজৰ গৰ্ভৱতী অৱস্থাটোক ইমৰটান জ’ৰ বিপক্ষে ঢাল হিচাপে ব্যৱহাৰ কৰিছে তেওঁৰ সহযোগীসকলৰ নিৰাপত্তাৰ বাবে৷ নিজৰ সন্তান আংহাৰেদৰ গৰ্ভত স্থিত বাবেই ইমৰটান জ’য়ে আক্ৰমণ চলাব পৰা নাই৷ ই এটা অতি শক্তিশালী আৰু তাৎপয্যপূৰ্ন শ্বট৷
নাক্স আৰু কেপেবল৷ দুয়োৰে মাজৰ এটা আন্তৰিক সহমৰ্মিতাৰ দৃশ্য৷ নাক্সৰ জীৱনবোধ সলনি কৰাত কেপেবলৰ ভূমিকা উল্লেখযোগ্য৷ এই চলচ্চিত্ৰখনিত সচৰাচৰ চিনেমাত ব্যৱহাৰ হোৱা voyeuristic নাৰী দেহৰ তেনে প্ৰদৰ্শনকামিতা নাই৷ এটা আন্তৰিক সন্মান সহ নাৰীসম্বলিত দৃশ্যসমূহ ফ্ৰেমত আৱদ্ধ কৰা হৈছে৷ এইয়া পৰিচালকৰ এক অনন্য অৱলোকন আৰু প্ৰজ্ঞাৰ পৰিচয়৷
নাক্স আৰু কেপেবল৷ দুয়োৰে মাজৰ এটা আন্তৰিক সহমৰ্মিতাৰ দৃশ্য৷ নাক্সৰ জীৱনবোধ সলনি কৰাত কেপেবলৰ ভূমিকা উল্লেখযোগ্য৷ এই চলচ্চিত্ৰখনিত সচৰাচৰ চিনেমাত ব্যৱহাৰ হোৱা voyeuristic নাৰী দেহৰ তেনে প্ৰদৰ্শনকামিতা নাই৷ এটা আন্তৰিক সন্মান সহ নাৰীসম্বলিত দৃশ্যসমূহ ফ্ৰেমত আৱদ্ধ কৰা হৈছে৷ এইয়া পৰিচালকৰ এক অনন্য অৱলোকন আৰু প্ৰজ্ঞাৰ পৰিচয়৷
নাক্স আৰু কেপেবল, নাক্স নিজৰ দুদল্যমান অৱস্থাৰ পৰা মুক্ত হৈছে ৷ ইতিমধ্যে ফিউৰিচাৰ পক্ষ লৈছে ৷ কেপেবলৰ মৰমী সান্নিধ্যই নাক্সত জীৱনবোধত উজ্বিৱীত কৰিছে ৷
নাক্স আৰু কেপেবল, নাক্স নিজৰ দুদল্যমান অৱস্থাৰ পৰা মুক্ত হৈছে৷ ইতিমধ্যে ফিউৰিচাৰ পক্ষ লৈছে৷ কেপেবলৰ মৰমী সান্নিধ্যই নাক্সৰ জীৱনবোধ উজ্বিৱীত কৰিছে৷
ফিউৰিচা জয়ী হৈ ঘূৰি আহিছে৷ প্ৰজাসকলে অভিবাদন জনাইছে৷
ফিউৰিচা জয়ী হৈ ঘূৰি আহিছে৷ প্ৰজাসকলে অভিবাদন জনাইছে৷
ৰাইজৰ জয়ধ্বনীৰ মাজেৰে যুদ্ধত বাৰুকৈয়ে আঘাত প্ৰাপ্ত ফিউৰিচা মঞ্চত উপৱিষ্ট হৈছে৷ কাষত ‘টোষ্টে’ তেওঁক এগৰাকী য়ুৱালিনি মাতৃয়ে দিয়া ‘বীজ’ৰ বাকচটো লৈ আছে৷ জীৱনৰ বীজ এগৰাকী নাৰীৰ পৰা আন এগৰাকী নাৰীয়ে উত্তৰাধিকাৰসূত্ৰে গ্ৰহণ কৰিছে৷
ৰাইজৰ জয়ধ্বনীৰ মাজেৰে যুদ্ধত বাৰুকৈয়ে আঘাত প্ৰাপ্ত ফিউৰিচা মঞ্চত উপৱিষ্ট হৈছে৷ কাষত ‘টোষ্টে’ তেওঁক এগৰাকী য়ুৱালিনি মাতৃয়ে দিয়া ‘বীজ’ৰ বাকচটো লৈ আছে৷ জীৱনৰ বীজ এগৰাকী নাৰীৰ পৰা আন এগৰাকী নাৰীয়ে উত্তৰাধিকাৰসূত্ৰে গ্ৰহণ কৰিছে৷
ফিউৰিচাৰ শৈশৱকালীন অভিজ্ঞতাৰ ‘সেউজীয়া ঠাই’৷ যি ইতিমধ্যে পাৰমানৱিক শক্তিৰ ধ্বংসকামী ব্যৱহাৰত নষ্ট হৈ গৈছে৷ এক বিষাক্ত পৰিবেশ৷
ফিউৰিচাৰ শৈশৱকালীন অভিজ্ঞতাৰ ‘সেউজীয়া ঠাই’৷ যি ইতিমধ্যে পাৰমানৱিক শক্তিৰ ধ্বংসকামী ব্যৱহাৰত নষ্ট হৈ গৈছে৷ এক বিষাক্ত পৰিবেশ৷
ইমৰটান জ’ৰ কৱলত থকা মাতৃসকল যাক মাতৃদুগ্ধ উৎপাদনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ জীৱনদায়িনী দুগ্ধ দিয়া এই নাৰী সকলেই প্ৰজাৰ বাবে ইমৰটান জ’ৰ পানীৰ ভাণ্ডাৰ ৰাইজৰ বাবে খুলি দিছে৷
ইমৰটান জ’ৰ কৱলত থকা মাতৃসকল যাক মাতৃদুগ্ধ উৎপাদনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা হৈছিল৷ জীৱনদায়িনী দুগ্ধ দিয়া এই নাৰী সকলেই প্ৰজাৰ বাবে ইমৰটান জ’ৰ পানীৰ ভাণ্ডাৰ ৰাইজৰ বাবে খুলি দিছে৷
য়ুৱালিনি বাইক৷ বিভিন্ন গছলতাৰ বীজৰ উপৰিও জীৱন ধাৰণৰ প্ৰায় সামগ্ৰীয়ে এই মটৰ বাইকখনত উপলব্ধ৷ শেষত য়ুৱালিনি মাতৃসকলে মেক্সক এনে এখন বাইক উপহাৰ দিয়ে৷
য়ুৱালিনি বাইক৷ বিভিন্ন গছলতাৰ বীজৰ উপৰিও জীৱন ধাৰণৰ প্ৰায় সামগ্ৰীয়ে এই মটৰ বাইকখনত উপলব্ধ৷ শেষত য়ুৱালিনি মাতৃসকলে মেক্সক এনে এখন বাইক উপহাৰ দিয়ে৷
ইলেক্ট্ৰিক গীটাৰ বজাই থকা এজন যুদ্ধবাজসকলক প্ৰমোদ দিয়া সেনা৷ এটি চৰিত্ৰটিৰ অন্তভুক্তিয়ে চলচ্চিত্ৰখনত এক কমিক অনউষংগৰ সৃষ্টি কৰে ইয়াৰ মোহময় উপস্থাপনৰ দ্বাৰা৷ ইমৰটান জ’ৰ সেনা বাহিনীত এনে এটা hard rock, heavy metal band ও থাকে৷ তেওঁলোকে অনবৰত সংগীত বজাই থাকে, যুদ্ধ চলি থকা সময়তো৷
ইলেক্ট্ৰিক গীটাৰ বজাই থকা এজন যুদ্ধবাজসকলক প্ৰমোদ দিয়া সেনা৷ এটি চৰিত্ৰটিৰ অন্তভুক্তিয়ে চলচ্চিত্ৰখনত এক কমিক অনুষংগৰ সৃষ্টি কৰে ইয়াৰ মোহময় উপস্থাপনৰ দ্বাৰা৷ ইমৰটান জ’ৰ সেনা বাহিনীত এনে এটা hard rock, heavy metal band ও থাকে৷ তেওঁলোকে অনবৰত সংগীত বজাই থাকে, যুদ্ধ চলি থকা সময়তো৷
পৰিচালক জৰ্জ মিলাৰ, এখেতৰ সজীৱ, প্ৰাণৱন্ত আৰু প্ৰজ্ঞাৰ ফলশ্ৰুতিতেই ‘Mad max- Fury road’ এখন বাংময় তথা বিশিষ্ট চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে৷ লগত প্ৰখ্যাত চিনেমাট'গ্ৰাফাৰ জন চিল, যিয়ে কমলা ৰঙৰ প্ৰাধান্য দি চলচ্চিত্ৰখনৰ দৃশ্য সমূহ জীৱন্ত আৰু বহল কেনভাচত মৰুভূমিৰ ৰুক্ষতা প্ৰকট কৰি তুলিছে ৷
পৰিচালক জৰ্জ মিলাৰ (সোঁফালে), এখেতৰ সজীৱ, প্ৰাণৱন্ত আৰু প্ৰজ্ঞাৰ ফলশ্ৰুতিতেই ‘Mad max- Fury road’ এখন বাংময় তথা বিশিষ্ট চলচ্চিত্ৰ হিচাপে পৰিগণিত হৈছে৷ লগত প্ৰখ্যাত চিনেমাট’গ্ৰাফাৰ জন চিল (বাওঁফালে), যিয়ে কমলা ৰঙৰ প্ৰাধান্য দি চলচ্চিত্ৰখনৰ দৃশ্যসমূহ জীৱন্ত আৰু বহল কেনভাচত মৰুভূমিৰ ৰুক্ষতা প্ৰকট কৰি তুলিছে৷

 

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *