তুমি মেজিচিয়ান, তুমিয়েই সলনি কৰিবা সময়

কেলিফ’ৰ্নিয়াৰ ডিজনিলেণ্ডৰ নিয়ন লাইট সদায় ৰাতি নুমাই যায়। তোমাৰ ডিজনিলেণ্ডৰ লাইট কেতিয়াও নুনুমায়। অন্ততঃ নুনুমায় বুলি তোমাক প্ৰতিশ্ৰুতি দিয়া হয়। তুমি বাতৰিকাকতত ক্ৰছৱৰ্ড পাজলৰ বাদে আন একো নোচোৱা। তোমাৰ ৰুমৰ দেৱালত এফালে ছোৱেৰ্জেনগাৰ আনফালে চে’ৰ ইম্প্ৰেচনিষ্ট ছবি। ছান্টা ক্লাৰাৰ চে’ই নিজকে চিনিব নোৱাৰিব। তুমি চে’ৰ টি শ্বাৰ্ট পিন্ধা, কিন্তু ভূমি-সংস্কাৰ কি নাজানা। তুমি এটা নিও লিবাৰেল ক্লাউন। তুমি কটনত ছিট নাপাই দিল্লীৰ কোনো তৃতীয় শ্ৰেণীৰ কলেজৰূপী অট্টালিকা এটাত এডমিচন পালেও ঘৰৰ মানুহ খুছ। তেওঁলোকেও জানে ইয়াত চব গোল্লাই গৈছে, চব মিডিয়োকাৰ। তুমি আকৌ ইয়াত ছিট বঢ়োৱা নহয় কিয়, এইধৰণৰ যা-তা আদি প্ৰশ্ন কৰি টাইম বৰ্বাদ নকৰিবা। তোমাৰ বাবে অপেক্ষা কৰি আছে বাঙ্গালোৰৰ কল চেন্টাৰত ৰাতি পুৱা ৮টাৰপৰা ৰাতি ৮টা লৈ চাকৰি। তাত অন্ততঃ ষ্টেটাছ এটা আছে। এম এন চিত চাকৰি কৰা তোমাৰ মামা বা খুড়াই জীৱনত ডাৰউইন নপঢ়াকৈয়ে তোমাক ছাৰ্ভাইভেল অব দ্যা ফিটেষ্ট বুজাই থৈছে। আনক পদদলিত নকৰাকৈ তুমি ডাঙৰ হ’ব নোৱাৰিবা। অথচ মনত পেলোৱা স্কুলত “নট ছো ছাকচেছফুল” মেম এজনীয়ে শিকাইছিল অমূল্য বৰুৱাৰ কবিতা - মানুহৰ ওপৰত বিশ্বাস হেৰুওৱা পাপ, ছাৰ্ভাইভেল অব দ্যা ফিটেষ্ট জঙ্গলৰ নিয়ম। ভালেই হৈছে, তুমি মানুহ দেখিছা কেবল টি ভিত। তোমাৰ ওচৰত কোনোবা আহি বহিলেই তোমাৰ বুকু ধপধপাব ধৰে। তুমি কাকো বিশ্বাস কৰিব নোৱাৰা। তুমি প্ৰেম আৰু লোভৰ পাৰ্থক্য নাজানা। আশাৰাম বাপুৰ প্ৰতি তোমাৰ ঘৃণা নহয়। কে এফ চিত বহি তুমি তোমাৰ লগৰ ল'ৰাবোৰৰ লগত একমত হোৱা যে ছোৱালীবোৰৰ লগত প্ৰথমৰেপৰা অলপ “হাৰ্ড ডিল”কৰিব লাগে, নহ’লে মূৰত উঠেগৈ। তুমি মন দি চোৱা, কি ক্ৰিম ঘঁহিলে বগা হ’ব পাৰি। তুমি এক প্ৰকাৰৰ ৰবট। হিউমেনয়ড। ব্ৰেণ্ডেড শ্বোৰুমৰ সমুখত তোমাৰ চকু অলপ জলমল কৰি উঠে। তোমাৰ পকেটত নতুন “এণ্ড্ৰয়ড”। তাকো কিটকাট নহয় ল’লিপপ - নিউ ভাৰ্চন। তথাপি তুমি চুচুক-চামাককৈ শনি পূজাৰ খিচিৰি খোৱা। ছাইবাবা মৰাৰ দিনা তোমাৰ মনটো অলপ বেয়া লাগিছিল। তুমি মনে মনে চুলিখিনি মান ৰাখিছা তিৰুপতিত বিশেষ কোনোবা এগৰাকীক পোৱাৰ নামত,যাৰ “এফ বি”ত নাম অমুক এঞ্জেল। তুমি নিজেই এক আজব খিচিৰি। তুমি ‘ডা ভিঞ্চি কোড’ চাইছা দুবাৰ, কিন্তু গাৰ্চিয়া মাৰ্কেজৰ কৰ্নেলক কোনে চিঠি লিখে নাজানা। তুমি শ্বাহৰুখ খানৰ ‘দেৱদাস’ চাইছা, কিন্তু ‘মিৰি জীয়ৰী’ পঢ়া নাই। তুমি পিঙ্কাথন দেখিছা কিন্তু ব্যক্তিগত সম্পত্তি থকালৈকে যে নাৰীমুক্তি নহয় সেই কথা নাজানা। তুমি লোকসঙ্গীত শুনিছা একমাত্ৰ পাপনৰ মুখত।

তোমাৰ বাবে মাত্ৰ এটা কথাতে ভয় লাগে, যদি কোনোবা দিনা ডিজনিলেণ্ডৰ লাইটবোৰ নুমাই থাকে। যদি বুভুক্ষ জানোৱাৰৰ দৰে তোমাৰ ৰিয়েলিটিয়ে তোমাৰ ৰঙীন হাইপাৰ ৰিয়েলিটিৰ মেপখন ফালি-ছিৰি পেলায়, তেতিয়া কি হ'ব। কি সুধিলা? কিয় ছিৰিব? ছুনামি হ’ব পাৰে। ভুল একচেন্টত ইংৰাজী কোৱা বাবে বছে গতিয়াই উলিয়াই দিব পাৰে। মন্দা হ’ব পাৰে। প্ৰেমিকাৰ বিয়াৰ চিঠি আহিব পাৰে। আচল কথা তোমাক কোনেও কোৱা নাই। এদিন নহয় এদিন হ’বই।

ইমান অন্ধকাৰ তুমি জীৱনত দেখা নাই। আকাশত এটা তৰাপৰ্যন্ত নাই। এন্ট্ৰি গেটৰ ওচৰৰ যিটো ঘৰত তুমি বস্তু-বাহানি সকলো জমা থৈ আহিছিলা সেইটোও বন্ধ। ঘৰলৈ উভতি যাবলৈ এটা টকাও নাই তোমাৰ পকেটত। এবাৰ ভাবিলা উভতি গৈ পুৰণি টিভিৰ সমুখতে বহিবা আকৌ,এসময়ত কাৰেন্ট নিশ্চয় আহিব। অন্ধকাৰতে খেপিয়াই তুমি অফিচৰ দৰ্জাত আকৌ খুন্দিয়াব ধৰিলা। কিজানিবা ভিতৰত কোনোবা আছেই যাক মাতি তোমাৰ বস্তুবোৰ ঘূৰাই ল’ব পাৰি। কিন্তু হঠাৎ মনত পৰিল, সেয়া কেনেকৈ সম্ভৱ। তোমাৰতো কোনো পৰিচয়পত্ৰ নাই। কাৰণ তোমাৰ কোনো পৰিচয়েই নাই। তুমি নিজেই ধৰিব পৰা নাই তুমি আচলতে কোন।

‘এন্টাৰ দ্যা ড্ৰেগন’ চিনেমাৰ শেষ দৃশ্যটো মনত আছেনে? এটা ঘৰত অসংখ্য আইনা। কোনটো আচল মানুহ ধৰিবয়ে নোৱাৰি। তোমাৰ অৱস্থাও তেনেকুৱাই। তুমি ছাত্ৰ, তুমি হিন্দু, তুমি কাৰ্বি, তুমি বড়ো, তুমি জিনম ছিকুৱেন্স, তুমি অসমীয়া, তুমি পণ্য। তুমি এটা হ'ম' ছেপিয়েন্সোৰ বাদে আন একো নহয়। কেতিয়াবা তুমি শাসক, কেতিয়বা শাসিত। তুমি কেতিয়াবা শোষক, কেতিয়াবা শোষিত। কেতিয়াবা তুমি নিজৰ প্ৰেমত মছগুল মস্ত নাৰ্ছিছিষ্ট আৰু কেতিয়াবা হাতৰ ধমনীত ব্লেড থৈ নিজৰ হত্যাকৰী। হাইপাৰ ৰিয়েলিটিয়ে তোমাক ভাঙি হাজাৰ টুকুৰা কৰি পেলাইছে। তোমাৰ সমস্ত পৰিচয় বেলেগ বেলেগ, তোমাৰ কোনো সামগ্ৰিকতা নাই। কোনো এডাল সূতাৰে এই প্ৰতিটো পৰিচয়ক গাঁঠি গাঁঠি আকৌ এটা মানুহ সৃষ্টি কৰিব পাৰি। এই সূতাডালৰ নাম স্মৃতি। অতীত ইতিহাস। কিন্তু তুমিতো স্মৃতি জমা থৈ আহিছা ডিজনিলেণ্ডৰ গে’টত। তোমাক কোনেও কোৱা নাই ৫০০০ বছৰৰ সম্মিলিত স্মৃতিৰ নাম জ্ঞান। এই সম্মিলিত স্মৃতিৰ বিজ্ঞানৰ নাম ইতিহাস। অহ,তোমাৰ মতেতো জ্ঞান বা নোলেজ লাখ টকা দি অমুক ইনষ্টিটিউটত কিনিব পোৱা যায়। তুমি নাজানা, এই জ্ঞান হ’ল গোটাফিক্সৰ মেজিক পানীয়,যি খাই এজন খীণ-মীণ মানুহেও মস্ত ডাঙৰ ৰোমান বাহিনীক মাৰি খাস্তাং কৰি দিব পাৰে। গ্লোবেল টেৰোৰিজেমৰ যুগত এই সম্মিলিত স্মৃতি আৰ ডি এক্সৰ দৰেই বিপদজনক। গতিকে অন্ধকাৰ আকাশৰ তলত আত্মপৰিচয়হীন তুমি খুবেই নিসঙ্গ। তোমাৰ স্মৃতি জমা থোৱা আছে ডিজনিলেণ্ডৰ গে’টত। চেষ্টা কৰি চোৱাচোন মোবাইলৰ টক টাইমৰ দৰে স্মৃতিও ধাৰ ল’ব পাৰি নেকি। মেক ইট ছিম্পল ছিলি।

আচলতে লাহে লাহে তুমি বুজিব লাগিব স্মৃতি অপ্ৰয়োজনীয়, ইতিহাস অপ্ৰাসঙ্গিক। ক্ৰেমলিনৰপৰা ৰঙা পতাকা নমোৱাৰ দিনাৰপৰাই আচলতে বিজ্ঞাপন আৰম্ভ হৈছে - ইতিহাস বুলি আৰু একো নাই। কিন্তু ফুকুয়ামা বৰ এটা কামৰ মানুহ নহয়। ফুকুয়ামা বৰ সৰল। তেওঁ ভাবিছিল পুঁজিবাদৰ কোনো বিকল্প নাই বুলি ক'লেই গোটেই পৃথিৱী ভেড়াৰ জাকৰ দৰে তেওঁৰ পিছে পিছে দৌৰিব। কিন্তু চিকাগোৰ ফ্ৰান্সিছ ফুকুয়ামাই নাজানে পেটৰ ভোকে কেৱল খাদ্য বিচাৰিবলৈয়ে নিশিকায়, সেই ভোকৰ সাম্ৰাজ্যৰ অৱসান ক'ত সেই পথ বিচাৰিবলৈও শিকায়। ফুকুয়ামাই আহি ক'ব, “চোৱা ভাই, এই পথ বিচৰা-চিচৰা বেকাৰ কাম। এই দাৰিদ্ৰ, বেকাৰি, অশিক্ষা এই সকলো চিৰস্থায়ী। মানুহে কি এনেই ফিনান্স কেপিটেলৰ প্ৰেমত মছগুল হৈ যাব?” পুঁজিবাদৰ বিজয় উৎসৱ নব্য হেগেলিয়ান ফুকুয়ামাৰদ্বাৰা নহ’ব। বৰং লাগিব মানুহৰ দুখত “কাতৰ”বাঁওপন্থী সুগন্ধী লোৱা বিদ্বৎজন। তেওঁলোকে সকলো দুখ বুজিব, চকুলোৰ নৈ বোৱাব। তাৰ বাবে সংগ্ৰামো কৰিব। বৰং ইমান দিনে কিয় এনে হৈছে বুলি উত্তেজিতও হ'ব। সমালোচনাৰে ভহাই দিব সকলো পুৰণিকলীয়া আন্দোলনক। তুমি পৰুৱাৰ দীঘল লাইন দেখিছানে? এওঁলোকে কয়, চোৱা প্ৰতিটো পৰুৱা, প্ৰতিটো ঘটনাকে ঘূৰাই পকাই, ভাঙি-ছিঙি তাৰ উৎস বিচৰাৰ চেষ্টা কৰা, যিটো আগতে কোনেও কৰা নাই। লক্ষ লক্ষ পৰুৱা লক্ষ লক্ষ দিশে গতি কৰে। প্ৰতিটো পৰুৱা কোনফালে যাব তাৰ কোনো নিৰ্দিষ্ট দিশ নাই। প্ৰতিটোৱে বেলেগ। কাৰো লগত কাৰো সম্পৰ্ক নাই। অতীতৰপৰা ভৱিষ্যতৰ দিশে যোৱাৰ কোনো নিৰ্দেশ নাই। সেইবাবে তোমাৰ কোনো স্মৃতি নাই - কাৰণ ভৱিষ্যতলৈ যোৱাৰ কোনো ৰাস্তা নাই। অথচ গোটেই পৰুৱাৰ শাৰীটো চালেই দেখিলা হয়, মাটিৰ ঢিপ এটা, সামগ্ৰিক দিশ এটা তুমি গমেই নোপোৱা। তোমাৰ দৰে আৰু অসংখ্যজন তৰাহীন অন্ধকাৰৰ তলত স্মৃতিশূন্য হৈ ৰৈ আছে।

তোমাৰ অৱস্থা ক্ৰিস্টোস্ফাৰ নোলানৰ ‘মেমেন্টো’ চিনেমাৰ নায়কৰ দৰে। অলপ আগতে কি হৈছিল তুমি সকলো পাহৰি গৈছা! তোমাৰ বাবে এই মুহূৰ্তটোহে বাস্তৱ। এই মুহূৰ্তটোত তুমি যি দেখিছা সেয়াই তোমাৰ জগত। এই মুহূৰ্তটোত যি দেখিছা তাৰ বিৰুদ্ধে সমস্ত খং উজাৰি দিয়া। ফেচবুকত খঙাল পোস্ট এটা দিয়াত দেৰি নকৰিবা। পৰৱৰ্তী মুহূৰ্ততে ৱালত নতুন আপডেট আহিবয়ে। এই মুহূৰ্তত তোমাৰ চাকৰি নথকাটোহে বাস্তৱ। ভৱিষ্যতে নিবনুৱা সমস্যাৰ কিবা সমাধান আছেনে নাই তুমি নাজানা। এই মুহূৰ্তত তুমি ৰিজাল্ট ভাল কৰিব লাগে। সেয়াই তোমাৰ জগত। শিক্ষাব্যৱস্থাৰ অতীত-ভৱিষ্যতক লৈ মূৰ ঘমাই তুমি কি কৰিবা। নোলানৰ নায়কৰ দৰে তুমিও পাগলৰ দৰে স্মৃতি ঘূৰাই পাব বিচাৰিছা। কিন্তু এই অন্ধকাৰত ৰাস্তা বিচাৰি পোৱা নাই। যদি বৰকৈ বিচাৰা, এডাল মমবাতি পাব পাৰা। কিন্তু পথ দেখুৱাব পৰাকৈ মশাল পাব নোৱাৰা। তুমি বুজিব লাগিব মশালৰ যুগ গ'ল, এই যুগটোৱে মমবাতিৰ। মমবাতিয়ে তোমাৰ চাৰিওকাষটো পোহৰ কৰিব। তুমি সেইখিনিকে সাবটি ধৰা। তুমি দুৰ্নীতি দেখা পোৱা, উদাৰনীতি দেখা নোপোৱা। তুমি শ্বীনা বৰাৰ হত্যা দেখিবা, লোভ দেখা নোপোৱা কাৰণ তোমাৰ স্মৃতিত নাই নিঅ'কলনিয়েলিজিমৰ মাতৃ মাৰ্গাৰেট থেচাৰ – গ্ৰিড ইজ গুড। তুমি তোমাৰ চাৰিওপাশ, তোমাৰ হাতৰ ওচৰত যি পাইছা সেয়াই তোমাৰ দুনিয়া, তাৰ বাহিৰত একো নাই। তোমাক কোনোবাই কেতিয়াবা কৈছেনে - এই সকলো টুকুৰা-টুকুৰ দুখ, টোপাল টোপাল চকুলো, খণ্ড খণ্ড যন্ত্ৰণা সকলো মিলি আছে এক বৃহত্তৰ বঞ্চনা। যাৰ বিৰুদ্ধে যুঁজ কৰিব পাৰি, যাক আঘাত কৰি ভাঙি পেলাব পাৰি? সকলোৰে বাবে এখন আনন্দৰ জগত আছে। দুখহীন এখন সমুদ্ৰ সম্ভৱ। তুমি মায়ক'ভস্কিৰ কবিতা পঢ়া নাই। পঢ়িলে জানিলাহেঁতেন এনে এখন পৃথিৱী তৈয়াৰ কৰিব পাৰি য'ত ব্যক্তিগত দুখো ৰাষ্ট্ৰায়ত্ত হ'ব। কি কৈছা? এয়া স্বপ্ন? নিজৰ যন্ত্ৰণাৰ সৈতে আনৰ যন্ত্ৰণাৰ চামিলকৰণৰ স্বপ্ন?

আচলতে কোনেও সঙ্গ নিদিলে এটা শ্লোগান নহয়। লগত কোনো নাথাকিলে এটা মিছিল হ'ব নোৱাৰে। এটা ৰাইফলেৰে সকলো সলনি কৰিব নোৱাৰি। মই জানো, তোমাৰ চেহেৰা লাহে লাহে সলনি হৈ আহিছে। তুমি সন্দেহ কৰিছা, মই ৰাজনীতিৰ কথা কৈ আছো। হয়, মই ৰাজনীতিৰেই কথা কৈছো। ঘৃণাত তোমাৰ মুখ বিকৃত হৈ উঠিছে। ফেচবুকত তোমাৰ পলিটিকেল ভিউ, আই হেইট দিজ। অথচ ৰাজনীতিৰ হাত ধৰিয়েই আজি স্বাধীন দেশ। তোমাৰ দৰে হাজাৰজনে ৰাজনীতি নকৰিলে আজিও ‘জন গণ মন’ নহয় “দ্য গড ছেভ দ্য কিং” শুনি থিয় দিব লাগিল হয়। কিন্তু সেয়াতো তোমাৰ স্মৃতিৰ টোপোলাত, যি তুমি থৈ আহিছা ডিজনিলেণ্ডৰ গে’টত। তুমি টিভি ত দেখিছা, TOI আৰু Telagraph পঢ়িছা। ৰাজনীতিতকৈ বেয়া বস্তু একো নাই। তোমাৰ হাইপাৰ ৰিয়েলিটিৰ আটাইকেইজন ছুপাৰহিৰো অৰাজনৈতিক। আটাইকেইজন ভিলেইন মন্ত্ৰী, সাংসদ বা ৰাজনীতিক। এনে কোনো বেয়া কাম নাই যি তেওঁলোকে নকৰে। আকৌ গল্পত অলপ টুইস্ট দিবলৈ যদি দুই-এজন ভাল ৰাজনীতিক ওলায়ো, তাৰো বেচেৰা ইমানেই পুতৌজনক অৱস্থা যে অৰাজনৈতিক নায়কে মাৰপিট কৰি নায়িকাৰ লগতে তেখেতকো উদ্ধাৰ কৰিব লগীয়া হয়। ৰাজনীতি মানেই বেয়া বস্তু - লালু, মুলায়ম, এ ৰাজা (অৱশ্যে তোমাৰ হাইপাৰ ৰিয়েলিটিৰপৰা লাহে লাহে মচি দিয়া হৈছে মোডীৰ ইতিহাস)। আগতে অপৰাধীবোৰ জে’লত আছিল। এতিয়া জে’লৰ বাদেও সংসদ আৰু বিধানসভাতো থাকে। তুমি মা-দেউতাৰ ভাল ল'ৰা। তুমি কিয় ৰাজনীতি কৰিবা? ৰাজনীতি থাকক জে’লৰ বাসিন্দাসকলৰ বাবে। তাতেই দেশৰ মঙ্গল, সমাজৰ হিত। কিন্তু যিসকলে তোমাক এইবোৰ শিকালে তেওলোকক ওলোটাই প্ৰশ্ন কৰিব পৰাকৈ স্মৃতিখিনিও তোমাৰ অৱশিষ্ট নাই। ৰাজনীতিয়ে দেশৰ বহু ক্ষতি কৰিলে, কিন্তু যিখিনি ভাল হৈছে সেইখিনি ৰাজনীতি বাদ দি আন কিহেৰে হৈছে? গনতন্ত্ৰ, মত প্ৰকাশৰ স্বাধীনতা, সকলোৰে বাবে প্ৰাথমিক শিক্ষাৰ অধিকাৰ, খেতিয়কৰ বাবে মাটি, আনকি আই আই টি, শোধনাগাৰ, কেন্দ্ৰীয় বিশ্ববিদ্যালয় সকলো ৰাজনীতিৰ বন্ধ্যা লেতেৰা পানীতেই জন্মা। আচলতে ৰাজনীতিয়ে একেলগে কথা ক’বলৈ শিকায়, একেলগে চলিবলৈ শিকায়। গতিকে সেই ৰাস্তাতেই ন’ এন্ট্ৰি লগাব লাগিব।

আইন ভাঙি লুট কৰিলে সেয়া দুৰ্নীতি। সকলোৱে তাৰ বিৰুদ্ধে যুঁজ কৰিব। কিন্তু আইন মানি লুট সেয়া বিশুদ্ধ গান্ধীগিৰি। যি দেশত মানুহে নাখাই মৰে তাত মুকেশ আম্বানিৰ ১ বিলিয়ন ডলাৰৰ বাসভৱন। এয়া দুৰ্নীতি নহয়, দুৰ্ঘোৰ নীতি।

কিন্তু ৰাজনীতি চলিব, এনেকুৱা ৰজনীতি যি অপ্ৰিয় প্ৰশ্ন নোতোলে। ৰাজনীতি হ'ব তাৎক্ষণিক, ইছ্যুভিত্তিক, শূন্যৰপৰাই তাৰ সৃষ্টি হ'ব আৰু শূন্যতে মিলি যাব। যেন আমি সকলো ‘দ্যা এৱেকেনিং’ চিনেমাৰ ৰবিন উইলিয়ামছ। ক'মাৰপৰা এদিন উঠিম, মানুহক ভাল পাবলৈ শিকিম আৰু আকৌ এদিন শুই যাম। এই ৰাজনীতিৰ কোনো সামগ্ৰিকতা নথাকিব, কোনো চূড়ান্ত সমাধানৰ কথা নাথাকিব। ৰাজনীতি হ'ব অণুভিত্তিক। তাৰ কোনো পূৰ্ণাঙ্গ চেহেৰা নাথাকিব। ৰাজনীতি হ’ব দলনিৰেপক, ইছ্যুভিত্তিক থলুৱাৰ নিযুক্তিয়ে হ'ব সৰ্বোচ্চ পৰ্যায়। নিবনুৱা সমস্যাৰ সমাধান - ননছেন্স।

অৰাজনীতিয়েই হব এই মুহূৰ্তৰ ৰাজনীতি। সকলোৱে এতিয়া ইনডিপেণ্ডেন্ট। গ্লেমাৰৰ বাবে তাত এটা বিপ্লৱী-বিপ্লৱী সুগন্ধ থাকিব। এই ৰাজনীতিত কোনটো ভাল কোনটো বেয়া বাছ-বিচাৰ কৰিব নাপায়। দেৱালত নেহৰু-গান্ধীৰ ছবি ৰাখিব পাৰি,আপত্তি ভগত সিঙত। বিষ্ণু ৰাভা দিৱস পালন চলিব, লগত ভুৱা স্বাধীনতাৰ কথা আহিলেই সমস্যা। বিষ্ণু ৰাভাৰো “পৰ জনমৰ শুভ লগন”লৈ ঠিক আছে, ‘স্বাধীনচিতীয়া হালোৱা ডেকা ৰণুৱা’সকল আহিলেই সমস্যা।

আচলতে ৰাজনীতি মানেতো বহুতৰে কথা একে ঠাইতেই অনা। ইয়াৰ অৰ্থ তোমাৰ পৰাধীনতা তোমাৰ ওপৰত প্ৰভুত্ব কৰিব পৰা সকলোৰে কথাই। তোমাৰ কথা তোমাৰ বাদে আনে কি জানে? দিছ ইজ ইওৰ লাইফ, আফটাৰ অল। তোমাৰ জীৱনত আনৰ কথাৰ প্ৰভুত্ব কিয় চলিব। তোমাৰ মুক্তি আহিব শোষণৰপৰা মুক্তিৰ জৰিয়তে। আৰু যিসকলে এই মুক্তি আনিব তুমি তেওঁলোকৰ অধীনলৈ গুচি যাবা বুজিছা ভাই,মুক্তি নাই। মুক্তিৰ ৰাজনীতি মানে শৃংখলা মানি চলা, তাৰ মানে আনৰ কথাও মানি চলা। তুমিতো জন্ম-স্বাধীন ঈশ্বৰৰ কণা, অকলেই ঘূৰি ফুৰা এই অন্ধকাৰ উপগ্ৰহত।

বহুদিন আগতেই শুনিছিলা, মৃদু-মৃদু মনত আছে যুক্তিবোধ, সমান অধিকাৰৰ কথা। তোমাক কোনোবাই ফৰাচী বিপ্লৱৰ গল্প এটা শুনাইছিল। অন্ধকাৰ চিৰস্থায়ী নহয়, সমগ্ৰ মানৱ সভ্যতাৰ মুক্তি আহিব - এয়াই সমাজৰ ক্ষেত্ৰত যুক্তিবাদে প্ৰমাণ কৰে। কিন্তু যুক্তিবাদটো পশ্চিমীয়া বস্তু। ৰেনেছা পশ্চিমীয়া, এনলাইটেনমেন্ট পশ্চিমীয়া। ফৰাচী বিপ্লৱ,নৱেম্বৰ বিপ্লৱ সকলো পশ্চিমীয়া। মাৰ্ক্স পশ্চিমীয়া, জন ষ্টুৱাৰ্ট মিল পশ্চিমীয়া। গণতন্ত্ৰ পশ্চিমীয়া,সমাজতন্ত্ৰ পশ্চিমীয়া -ইমান বছৰে এইবোৰ তোমাৰ ওপৰত জাপি দিয়া হৈছে। কাৰণ পশ্চিমীসকল আছিল বিজয়ী আৰু আমি পৰাভূত। এই পশ্চিমীয়া সভ্যতাৰ আচল চেহেৰা হ'ল ইমান দিনে সাম্ৰাজ্যবাদ, ফেচিবাদ, হিৰোছিমা, চে’ গুৱেভাৰা এই সকলো আমাৰ ওপৰত জাপি দিয়া হৈছে। ইয়াতকৈ ডাঙৰ বিপ্লৱী কথা আৰু কি হ'ব পাৰে। কলমৰ এটা খোঁচনিত সাম্ৰাজ্যবাদ আৰু সমাজবাদ দুয়োটাই বাতিল। আৰু সমাজতন্ত্ৰ বাতিল মানে, বাতিল পুঁজিবাদ তথা সেই সূত্ৰে সাম্ৰাজ্যবাদ পতনৰ সম্ভাৱনাও। এইদৰে সমাজতন্ত্ৰৰ সাপো মৰিব আৰু পুঁজিবাদৰ লাঠীও নাভাঙিব।

কিন্তু সমাজতন্ত্ৰ আহিবয়ে বা কেনেকৈ? এই ইনফৰ্মেচনৰ যুগত মেনুফেকচাৰিঙত মানুহ আছেই বা কেইজন? যি কেইজন আছে তেওঁলোকচোন ধনী মানুহ। সকলোৰে ঘৰত টিভি,ফ্ৰিজ। বিপ্লৱ কৰিব কোনে? গতিকে শ্ৰমিক শ্ৰেণীৰ নেতৃত্বত বিপ্লৱ হোৱাৰ মাৰ্ক্স-লেনিনৰ তত্ত্বও বাতিল। তোমাক কোনে বুজাব বিপ্লৱৰ চৰ্ত সৃষ্টি হয় পুঁজিবাদৰ আভ্যন্তৰীণ দ্বন্দ্বৰ মাজেৰে আৰু শ্ৰমিক শ্ৰেণীৰ বিপ্লৱী চৰিত্ৰ তাৰ আয়ৰ ওপৰত নিৰ্ভৰ নকৰে। ইনফৰ্মেচনৰ যুগত কেৱল হোৱাইট কলাৰ শ্ৰমিকেই সৃষ্টি নহয়, হাজাৰ হাজাৰ অসংগঠিত খণ্ডৰ শ্ৰমিকৰো জন্ম হয়।

পিছে বিপ্লৱৰ দৰকাৰেই বা কি? আগৰ দিনৰ পুঁজিবাদ আৰু নাই। সেই সকলো ব্যক্তি পুঁজিপতি গ’ল, মেৰিট’ক্ৰেটসকল আহিল। মালিক-চালিকে নচলায়। আৰু মালিক ক'ত? পুঁজিতো আছে লাখ লাখ শ্বেয়াৰ হোল্ডাৰৰ হাতত। পুঁজিবাদৰ সামাজিকীকৰণ হৈছে। ৰটন টাটা কোন কুটা, টাটা ষ্টিলৰ চি ই ওসকলেই সৰ্বেসৰ্বা। বেচেৰা পুঁজিপতিকেইটাৰ ওপৰত ইমান খং কিয়? ফোৰ্বছৰ বিলিয়নাৰৰ তালিকাত যাৰ নাম সকলোতো সমাজকৰ্মী। দেখা নাই পেইজ থ্ৰিৰ খবৰ, কিমান দানী তেওঁলোক। তেওঁলোকৰ সম্পদ আনৰ শ্ৰম চুৰ কৰি নহয়, ভিক্ষা কৰি অৰ্জিত।

তোমাক জোৰ কৰি মানিবলৈ বাধ্য কৰোৱা হৈছে যুক্তিবাদ। গতিকে তুমি যি জানা সেয়া সত্য নহয়। অতীতত কি ঘটিছিল কোনে জানে? যিয়ে যেনেকৈ দেখিছে, সি তেনেকৈয়ে কৈছে। প্ৰতিজনেই বেলেগ বেলেগধৰণে ঘটনাটো কৈছে। আচল ঘটনাটো কি সেয়া কোনেও নাজানে। আচল ঘটনাটো জানিবলৈ চেষ্টা কৰাও বৃথা। বৰং তুমি চোৱা, কোনে কি কি কৈছে। যিয়ে যেনেকৈ কৈছে তাৰ বাবে সেয়াই সত্য। কোনোবাই যদি কৈছে অযোধ্যাত মছজিদ আছিল - তাৰ বাবে সেয়াই সত্য। আৰু কোনোবাই যদি কৈছে তাত আচলতে এটা মন্দিৰ আছিল তাৰ বাবে সেয়াই সত্য। আচলতে কি আছিল সেয়া জানিব চেষ্টা কৰা পণ্ডশ্ৰম। পৰম বুলি একো নাই - সকলো আপেক্ষিক। তুমি যদি ফিল’ছফিৰ ছাত্ৰ হ'লা হয় বুজিলা হয় এয়া আচলতে ভাববাদ। ভেটিকানৰ পোপসকলৰ কবৰ, মধ্যযুগৰ ৰাজসভাৰ অন্ধকাৰ কোণত যি ভাববাদৰ জন্ম হৈছিল সি উভতি আহিছে বিশ্বায়নক ৰক্ষা কৰাৰ বাবে।

তোমাৰ হাইপাৰ ৰিয়েল জগততো আছিল এনে সত্যহীন আপেক্ষিকতা। যিহেতু সত্য এটা মিথ তাক বিচাৰিবলৈ গৈ তুমি আশ্ৰয় লোৱা মাৰিজোৱানাৰ গোন্ধ ভৰা এক অৱাস্তব অসত্যৰ জগতত। তেতিয়াই তোমাৰ আপোন যেন লাগে নিহিলিস্ট কাৰ্ট কোবেইনক। তুমি সোমাই পৰা আত্মকেন্দ্ৰিকতাৰ অতল গহ্বৰত। *FO, I don't care what you think, unless that is about me. আৰু তুমি সেই জগত সৃষ্টি নকৰা, সেই জগতেই তোমাক সৃষ্টি কৰে। পুৰণি ফৰ্ম বাদ দি নতুন ফৰ্ম। এটা এক্সপেৰিমেন্টৰপৰা আন এটা এক্সপেৰিমেন্ট। এল চি ডিৰ স্ত্ৰিনত এটাৰ পিছত আন এটা বিজ্ঞাপন। সকলোৱে তোমাক মুগ্ধ কৰে। তুমি বুজিবয়ে পৰা নাই আচল বস্তুতকৈও ব্ৰেণ্ড নেম বিক্ৰী হয় বহু গুণে বেছি টকাত। এই ছুপাৰছ’নিক কমোডিটিৰ যুগত কোনটো প্ৰয়োজন, কোনটো ভাল, কোনটো বেয়া তোমাৰ সেই বোধো যেন অসাৰ হৈ গৈছে।

ইটালীৰ শিল্পী পিয়েৰো ম্যঞ্জিনিয়ে ১৯৬২ চনত টেমাত ভৰাই নিজৰ বিষ্ঠা (গু) “১০০ শতাংশ বিশুদ্ধ শিল্পীৰ বিষ্ঠা” বুলি লেবেল লগাই লৈ আহিছিল। ৯০টা তেনে টেমা বিক্ৰী হৈছিল। সৰ্বশেষ তেনে টেমা এটা বিক্ৰী হৈছে মৰ্কিন মুলুকত ২০০৭ চনত ৮০,০০০ ডলাৰত, শ্লোগান : যি বিক্ৰী হয় সেয়াই শিল্প। পিকাছোৰ ছবিৰপৰা মেৰিলিন মনৰোৰ পেন্টি সকলো বিক্ৰী হয়। আচলতে বজাৰসৰ্বস্ব দিনত অধিক বিক্ৰিত মানে অধিক বিকৃত।

এই তৰাহীন অন্ধকাৰ ৰাতি মহাশূন্যত তুমি থিয় হৈ আছা। তোমাৰ কোনো সঙ্গী নাই। তোমাৰ কোনো গন্তব্য নাই। তোমাৰ কোনো পৰিচয় নাই। তোমাক ভঙা হৈছে হাজাৰটা টুকুৰাত। তোমাৰ হাইপাৰ ৰিয়েলিটি যিমানে ৰঙীন নহওক,দুখ,যন্ত্ৰণা ঘৰ্মাক্ত ৰিয়েলিটিয়ে তোমাক ফালি-ছিৰি পেলাইছে। এই যন্ত্ৰণাৰ যেন অন্ত নাই। আনকি এই যন্ত্ৰণাৰ বিৰুদ্ধে যুঁজ কৰাৰ কোনো পথো তুমি বিচাৰি পোৱা নাই। তুমি অপাৰেচন থিয়েটাৰত শুই থকা এজন মানুহ। এনাস্থেছিয়াই তোমাৰ চলনশক্তিক ৰুদ্ধ কৰি পেলাইছে। এক পৰম শক্তিশালী দিগন্ত বিস্তৃত হতাশাৰ অন্ধকাৰত তুমি ডুবি আছা। হেৰি পটাৰৰ চৰম অন্ধকাৰৰ সম্ৰাট ভলডেমৰ্টৰ সমুখত তুমি অসহায়,উলঙ্গ হৈ থিয় হৈ আছা। কিন্তু তোমাৰ মেজিক দণ্ডডাল তোমাৰ হাতত নাই। এইবাৰ তুমি মৰিবা। আগত শতাব্দীবোৰৰ বাবে তুমি ক্ৰীতদাস হ’বা। এবাৰ শেষ চেষ্টা কৰা বন্ধু।

তোমাৰ মেজিক দণ্ড আছে, তুমি মেজিচিয়ান। সেয়া তুমি পাহৰি গৈছা! তুমিয়ে এই গল্পৰ হিৰো, তুমি বীৰ তুমি হাৰি গ'লে সৰ্বনাশ হ’ব। তোমাৰ স্মৃতিতেই মোজিক দণ্ড আছে। ইতিহাসৰ পৃষ্ঠাত আছে তোমাৰ মেজিক। পাহৰি গ'লা, তোমাৰ মেজিকেই কিমানবাৰ পৃথিৱীখন ওলট-পালট কৰি দিছে? তুমিতো আছিলা স্পৰ্টাকাছৰ সৈতে। তুমিয়েই ঘেৰি ধৰিছিলা পেৰিছ বাস্তিল ১৭৮৯ত। মেনিফেষ্ট’ৰ মেনুস্ক্ৰিপ্টত তুমিয়েই বিনিদ্ৰ ৰজনী কটাইছিলা মাৰ্ক্সৰ সৈতে। তুমি পেট্ৰোগ্ৰাড, তুমি পটেমকিন, তুমি আছিলা চিয়েৰা মায়েণ্ট্ৰাত, তুমি লং মাৰ্চত গৈছিলা। তুমি জনে প্ৰতি ১৮ কেজি নাপাম বোমা গাত লৈও গলি নোযোৱা ভিয়েটনাম, তুমিয়েই কামানডাণ্টে চে’, তুমি ৪০০ টেংকাৰৰ সমুখত অকলে থিয় দিয়া ৰাছেল কোৰি, তুমি ৰক্ত কৰবীৰ ৰঞ্জন।

এবাৰ নিজৰ ভিতৰলৈ চোৱা। চোৱা এই তৰাহীন অন্ধকাৰৰ তলতো বহু হতাশাগ্ৰস্তই ভিৰ কৰিছে তোমাৰ আশে-পাশে। তোমাৰ মেজিক দণ্ডৰ স্পৰ্শত তেওঁলোকেই মানুহ হ'ব, কমৰেড হ’ব। পিছলৈ চাই দেখিবা গোটেই ইতিহাস, যাৰ স্ৰষ্টা তুমি। আশাবাদী মানুহ আমি, এদিন তোমাৰ চকুতেই উদ্ভাসি উঠিব অনাগত কালৰ দিন-বদলৰ ইতিহাস। তুমিয়েই অজস্ৰ মশাল জলাবা। লাহে লাহে গোটেই বাটটো উজলি উঠিব। অৱস্থাক বুজা আৰু অৱস্থাৰ পৰিৱৰ্তন তোমাৰ মেজিক দণ্ডৰেই হ’ব।

তুমিয়েই এনে এক ইতিহাস সৃষ্টি কৰিবা য’ত ৱাল ষ্ট্ৰিট নাই, পেণ্টাগন নাই, হিৰোছিমা নাই, নৰেন্দ্ৰ মোডী নাই, হিমন্ত বিশ্ব নাই, এন জি ও নাই, হতাশা নাই। ব'লা, উঠা, থিয় দিয়া। তোমাক কোনো মেণ্টৰ গ্ৰুপৰ দৰ্কাৰ নাই। তুমিয়েই মেজিচিয়ান, তুমিয়েই সলনি কৰিবা সময়।

লেখক : অংশুমান শৰ্মা

Share Button
Print Friendly, PDF & Email

No Comments : "তুমি মেজিচিয়ান, তুমিয়েই সলনি কৰিবা সময়"

Leave a Comment

Your email address will not be published. Required fields are marked *