মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ব্ৰজাৱলী ভাষা, ৰাস ঝুমুৰা আৰু অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ সম্পৰ্ক (সঞ্জয় কুমাৰ তাঁতী)

 মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে দুবাৰকৈ ভাৰত ভ্ৰমণ কৰি অহাৰ পাছত অসমত পঞ্চদশ-ষোড়শ শতিকাত ভক্তি আন্দোলনৰ মাজেৰে বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰিছিল। তেখেতে এই ভক্তিধৰ্মৰ প্ৰচাৰ আৰম্ভ কৰিছিল ব্ৰজবুলি বা ব্ৰজাৱলী ভাষাৰ মাধ্যমেৰে। এই ভাষাতেই ৰচনা কৰিছিল গীত-মাত, ভাওনা, নাটক ইত্যাদি। পৌৰাণিক কালৰপৰাই কামৰূপৰ সীমা আছিল পশ্চিমে কৰতোৱা নদী, ৰাজমহল পাহাৰৰ মগধৰ সীমান্তলৈ। পঞ্চদশ-ষোড়শ শতিকাৰ সময়ছোৱাত সমগ্ৰ মধ্য-পূব ভাৰততেই ব্ৰজবুলি বা ব্ৰজাৱলী ভাষাৰ প্ৰচলন আছিল। জৰ্জ গ্ৰিয়াৰ্ছন, সুনীতি চট্টোপাধ্যায় আদি গৱেষক তথা ভাষাবিদসকলৰ মতে এই ব্ৰজবুলি ভাষাৰ ৰূপটো হ'ল বৰ্তমান অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকলৰ পূৰ্বজসকলৰ সাদৰি আৰু মাগহী আদি ভাষাৰ এক মিশ্ৰিত ৰূপ। এই কথা ইতিমধ্যেই অসমৰো বিভিন্নজন ভাষাবিদ ড: বাণীকান্ত কাকতি, ড: বিৰিঞ্চি কুমাৰ বৰুৱা আদিয়েও কৈ গৈছে। সেই সময়ছোৱাত মধ্য-পূব ভাৰতৰ লগতে অসমৰ একাংশলৈ সমগ্ৰ অঞ্চলতে "কোল সভ্যতা"ই বিৰাজ কৰিছিল। এই "কোল সভ্যতা"ৰ অন্তৰ্গত লোকসকল আছিল আজিৰ অসমৰ আদিবাসী-চাহ জনগোষ্ঠীৰ পূৰ্বজ লোকসকল, যেনে - মুণ্ডা, ওৰাওঁ, মাহলি, চাওতাল, কুৰ্মি, বেডিয়া, ভূঁঞা, চৱৰ, পান, তাঁতী, ভূমিজ, ঘাঁচি, কুমাৰ, কামাৰ, বাউৰী আদি লোকসকল। সমসাময়িক সময়ছোৱাত শ্ৰীমন্ত শঙ্কৰদেৱৰ দৰে শ্ৰীচৈতন্যদেৱেও বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ বাবে পুৰীৰপৰা মথুৰালৈ ঢাপলি মেলিছিল। লগতে সেই সময়ছোৱাতেই অসমৰ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱেও পুৰী, কাশী, মথুৰা, বৃন্দাবন আদি ঠাইসমূহ পৰিভ্ৰমণ কৰিছিল। সেই সমগ্ৰ অঞ্চলসমূহত কোল সভ্যতাৰ ঝুম'ৰ বা ঝুমুৰ গীত-নৃত্য আছিল সৰ্বজন গ্ৰহণযোগ্য এক সাৰ্বজনীন গীত-নৃত্যৰ ধাৰা।

বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকসকলে, বিশেষকৈ শ্ৰীচৈতন্যদেৱে এই অঞ্চলৰ আদিম নিবাসীসকলৰ গীত-নৃত্যৰ উপাদানসমূহক বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ সাংস্কৃতিক উপাদান হিচাপে ব্যৱহাৰ কৰিছিল। সেয়ে ‘শ্ৰীশ্ৰীচৈতন্যামৃত’ত উল্লেখ পোৱা যায় এনেদৰে –

প্ৰসিদ্ধ পথ ছাড়ি প্ৰভু উপপথে চলিলা

কটক ডাহিনে কৰি বনে প্ৰবেশিলা।।

ঝাৰিখণ্ডে স্থাৱৰ জঙ্গম হয় যত

কৃষ্ণ নাম দিয়া প্ৰেমে কৈল উন্মত্ত।।

শ্ৰীচৈতন্যদেৱে আদিবাসী কোল-মুণ্ডা, মাহালি, চাওতাল, চৱৰ, ভূমিজ, কুৰ্মি, বেডিয়া, ওৰাওঁ, ঘাঁচি, কমাৰ, কুমাৰ, পান, তাঁতী, ভূঁঞা, বাউৰী আদি লোকসকলৰ মাজত, তেওঁলোকৰ মাজত প্ৰচলিত গীত-নৃত্য আদিৰ উপাদানসমূহক ব্যৱহাৰ কৰিছিল। যাৰ ফলত বৈঠকখানা, খেমটা তালৰ ৰাধা-কৃষ্ণ বিষয়ক ঝুম'ৰ নৃত্য-গীতৰ জন্ম আৰু প্ৰচাৰ হৈছিল। সমসাময়িকভাৱেই ভাৰত ভ্ৰমণ কালত অসমৰ শ্ৰীমন্ত শঙ্কৰদেৱেও এই অঞ্চলসমূহৰপৰা তেখেতে অসমত প্ৰচলন কৰা "ৰাস ঝুমুৰা"ৰ সাংস্কৃতিক উপাদান আৰু বিষয়বস্তুসমূহো মৌৱে ফুলৰ ৰস সংগ্ৰহ কৰাৰ দৰে সংগ্ৰহ কৰি আনি ভক্তি আন্দোলনৰ বৈষ্ণৱী ধৰ্ম প্ৰচাৰত ব্যৱহাৰ কৰিছিল। আনহাতে, এই অঞ্চলত আদিম নিবাসী কোল-মুণ্ডা আদিৰ মাজত ব্যৱহাৰ হোৱা মাদলৰ এক পৰিশোধিত ৰূপ "খোল" আৰু "মৃদঙ্গ"ৰ ব্যৱহাৰ হৈছিল, আৰু খোলৰ উপৰিও বৌদ্ধ সংস্কৃতিৰপৰা অহা বিভিন্নধৰণৰ তাল (খুঁটিতাল, বৰতাল, ভোৰতাল) আদি অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত ব্যৱহাৰ কৰিছিল। এনে সময়তো সেই অঞ্চলৰ বহু আদিম নিবাসী লোক অসম তথা কামৰূপৰ বিভিন্ন অঞ্চললৈ আহি স্থায়ীভাৱে বসবাস কৰিছিল। সেইসকলৰ বহুতেই সময়ৰ সোঁতত অসমীয়া জাতি-গোষ্ঠীৰ সৈতে বিলীন হৈ গৈছে। ইয়াৰ এক উদাহৰণ হৈছে বৰপেটা তথা তাঁতীকুচিৰ গোপাল তাঁতী ওৰফে মথুৰা দাস বুঢ়া আতাৰ পূৰ্বজসকল। অসমৰ বৃন্দাবনী বস্ত্ৰৰ সৃষ্টিকৰ্তা আছিল এইজনা মহান শিল্পী গোপাল তাঁতী।

এক কথাত ক’বলৈ হ’লে, অসমৰ বৰ্তমানৰ চাহ জনগোষ্ঠী নামধাৰী আদিম নিবাসীসকলৰ অতীতৰপৰাই এই উত্তৰ-পূৰ্বাঞ্চলৰ সৈতে সম্পৰ্ক তথা আহ-যাহ বা এই অঞ্চলত বসতি কৰাৰ কথা জনা যায়। চাহ শ্ৰমিক, চাহ জনগোষ্ঠী, আদিম নিবাসী, আদিবাসী, primitive people আদি নামবোৰ বিশেষকৈ ইংৰাজ ৰাজত্বকালত ইংৰাজ লেখক, গৱেষকসকলৰহে সৃষ্ট। পৌৰাণিক কালৰপৰাই যে উত্তৰ-পূৰ্বাঞ্চল তথা ব্ৰহ্মপুত্ৰ উপত্যকালৈ অসমৰ বৰ্তমানৰ চাহ জনগোষ্ঠী-আদিবাসী নামধাৰী লোকসকলৰ পূৰ্বপুৰুষসকলৰ আহ-যাহ তথা বসতি আছিল, এই কথা নানা ঐতিহাসিক তথ্যৰপৰা জনা যায়।

পৌৰাণিক দিনৰপৰাই অসম তথা কামৰূপৰ সৈতে সম্পৰ্ক থকা, বসতি কৰা বৰ্তমানৰ Tea tribe তথা Adivasi নামৰ লোকসকল খিলঞ্জীয়া তথা Indigeneous People, কোনোবাই খিলঞ্জীয়া নহয় বুলি ক’লেই অ-খিলঞ্জীয়া হ'ব নোৱাৰে।

Share Button
Print Friendly, PDF & Email

No Comments : "মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ ব্ৰজাৱলী ভাষা, ৰাস ঝুমুৰা আৰু অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ সম্পৰ্ক (সঞ্জয় কুমাৰ তাঁতী)"

Leave a Comment

Your email address will not be published. Required fields are marked *