মণিৰাম দেৱান : দেশপ্ৰেমিকনে?

টুনুজ্যোতি গগৈ

মণিৰাম দেৱান প্ৰকৃততে দেশপ্ৰেমিক নে দেশদ্ৰোহী, সেই লৈ মাজে-সময়ে কেতবোৰ বিতৰ্ক কলেজীয়া ছাত্ৰাৱস্থাৰপৰাই প্ৰত্যক্ষ কৰি আহিছোঁ আৰু সেই বিতৰ্কবোৰেই মণিৰাম দেৱানৰ জীৱন আৰু কৰ্মৰাজিৰ নিৰ্মোহ অধ্যয়নৰ প্ৰতি আমাক আগ্ৰহী কৰি তুলিছিল৷ মণিৰাম দেৱান সম্পৰ্কীয় যৎসামান্য খণ্ডিত অধ্যয়নৰ অন্তত তেওঁৰ দেশপ্ৰেমক লৈ মনত জাগি উঠিছে এডাল প্ৰশ্নবোধক চিহ্ন৷ বস্তুনিষ্ঠ ঐতিহাসিক অনুসন্ধানৰ যাত্ৰাৰম্ভ সদায় সংশয় আৰু সন্দিহানক আধাৰ কৰিহে হয় বাবে আমিও মণিৰাম দেৱানৰ দেশপ্ৰেম সম্পৰ্কীয় এক আলোচনা মনত প্ৰশ্নবোধক চিহ্ন এডাল আঁকিয়েই কৰিব বিচাৰিছোঁ৷
মণিৰাম দেৱান হ'ল অসমৰ ইতিহাসৰ এক আকৰ্ষণীয় ঐতিহাসিক চৰিত্ৰ আৰু এই চৰিত্ৰটিৰ সম্পৰ্কত ঐতিহাসিকসকলৰ বিচাৰ-বিশ্লেষণ আৰু ব্যাখ্যাও ভিন্ন৷ এই আপাহতে স্থানীয় ঐতিহাসিকসকলে অসমৰ ইতিহাসত মণিৰাম দেৱানক কেনেদৰে স্থান দি গৈছে, সেই বিষয়ে আলোচনাৰ প্ৰয়োজন নিশ্চয় আছে৷ প্ৰসংগক্ৰমে উল্লেখ্য যে লোকজীৱনৰ দাপোণস্বৰূপ লোকসাহিত্যত সাধাৰণ মানুহৰ সুখ-দুখ, খং-ক্ষোভ, প্ৰাপ্তি-অপ্ৰাপ্তি আদিৰ নিভাঁজ ছবি এখন ফুটি উঠে বাবে কোনো ঐতিহাসিক চৰিত্ৰ অধ্যয়নৰ ক্ষেত্ৰত লোকসাহিত্যৰ সমলেও আমাক প্ৰভূত সহায় কৰিব পাৰে৷ ড: লীলা গগৈয়ে যুগুতাই উলিওৱা ‘মণিৰাম দেৱানৰ গীত'ত সন্নিৱিষ্ট গীতথূপিয়ে মণিৰামৰ জীৱন আৰু কৰ্মৰ বিষয়ে কিছু আভাস নিদিয়া নহয় –
ইয়াতো মণিৰাম সিয়াতো মণিৰাম
মণিৰামে কি কাম কৰে,
ফিৰিঙ্গী বঙালক ভেঁটি সাধি সাধি
ৰজাটি হ'বলৈ পাঙে ৷
..............
দ পানীত বাবৰে নাও মোৰ দেউতা
বকলিয়াত বাবৰে নাও,
মণিৰামৰ খোচনিত খাজনা বাঢ়িলে
ৰাইজে দিলে শাও৷
............
কেলৈ এনেকুৱা হ'লি ঐ মণিৰাম
কেলৈ এনেকুৱা হ'লি,
দেশ পাতিবৰে নহ'ল চাৰিদিনে
ৰাইজৰ দোৰোহী হ'লি৷
উল্লিখিত লোকগীতসমূহে মণিৰাম দেৱানৰ যি চৰিত্ৰাংকন কৰি থৈ গৈছে, সেই চৰিত্ৰ হ'লে দেশপ্ৰেমী বা প্ৰজাপ্ৰেমীৰ চৰিত্ৰ নহয়, বৰং সুবিধাবাদী, প্ৰজাদ্ৰোহী আৰু শোষকৰ চৰিত্ৰহে৷ ব্ৰিটিছ শাসনৰ ছত্ৰছায়াত থকাৰ সময়ছোৱাত মণিৰাম দেৱানে এনে কি কাৰ্যত লিপ্ত হৈছিল, যাৰ বাবে তেওঁক সমসাময়িক জনগণ আৰু কিছুসংখ্যক ঐতিহাসিকে দেশদ্ৰোহী বুলি অভিহিত কৰিছিল? এই বিষয়ে স্থানান্তৰত আলোচনা কৰা হ'ব৷
মণিৰাম দেৱানৰ বিষয়ে বিশদভাৱে জানিবৰ বাবে বেণুধৰ শৰ্মাৰ মণিৰাম দেৱান গ্ৰন্থখনৰ বাহিৰে বিশেষ তথ্য সন্নিৱিষ্ট গ্ৰন্থ পাবলৈ নাই৷ কিন্তু, শৰ্মাৰ এই গ্ৰন্থখনিৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে মনত ৰাখিব লাগিব যে শৰ্মা মূলতঃ এগৰাকী ঐতিহাসিক কথাকাৰহে আছিল, বিশুদ্ধ ঐতিহাসিক নাছিল৷ শৰ্মাৰ ইতিহাস চৰ্চা সম্পৰ্কত সুধীসকলে আগ বঢ়াই থৈ যোৱা মন্তব্যবোৰ হ'ল – [ক] তেওঁ বুৰঞ্জীক উপন্যাসৰ দৰে জীৱন্ত আৰু মনোৰমকৈ পাঠকৰ আগত দাঙি ধৰিব পাৰে, [খ] তেওঁ বুৰঞ্জীক এনে ৰসাত্মক ৰূপত প্ৰকাশ কৰে যে বুৰঞ্জী সাধুকথাধৰ্মী হৈ পৰে, [গ] অসমৰ বুৰঞ্জী ৰচনাক সাহিত্য সৃষ্টিৰ পৰ্যায়লৈ তোলা সৰ্বাধিক কৃতিত্ব বেণুধৰ শৰ্মাৰ প্ৰাপ্য৷ এই মন্তব্যবোৰৰপৰাই বুজিব পাৰি যে শৰ্মাৰ উক্ত গ্ৰন্থখন কিমান দূৰ বস্তুনিষ্ঠ আৰু নিৰপেক্ষ দৃষ্টিভংগীৰ আধাৰত লিখিত৷ বেণুধৰ শৰ্মাই সম্ভৱতঃ প্ৰাক্ স্বাধীনতা কালত পৰাধীন অসমবাসীৰ মাজত স্বদেশপ্ৰেম জাগ্ৰত কৰি তুলিবলৈ মণিৰামক এজন জাতীয় বীৰ হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰিছিল আৰু সেইটো কৰিবলৈ যাওঁতে তেওঁ মণিৰামৰ গাত চেকা পৰিব পৰা বহু তথ্যই পাঠকৰপৰা অন্ধকাৰত ৰাখি থৈ গ'ল৷
বেণুধৰ শৰ্মাই মণিৰাম দেৱান গ্ৰন্থত লিখিছে যে ‘ব্ৰিটিছৰ আমোলত মণিৰাম দেৱানহে পোন প্ৰথম বিদ্ৰোহী' আৰু ‘মুক্তি যুদ্ধৰ প্ৰথম শ্বহীদ'৷ শৰ্মাই এই মন্তব্যৰদ্বাৰা এক ঐতিহাসিক সত্যকে বিকৃত কৰি থৈ গ'ল যেন ভাব হয়৷ ইতিহাসৰ ছাত্ৰ মাত্ৰেই জানে যে ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছত বৃটিছে পূৰ্বৰ প্ৰতিশ্ৰুতি মতে অসম দেশ এজন ৰাজকোঁৱৰৰ হাতত অৰ্পণ কৰি এৰি থৈ নগ'ল৷ বৰং, এদেও দুদেওকৈ অসম দেশক নিজৰ দখললৈহে নিলে৷ ব্ৰিটিছৰ আগ্ৰাসী মনোভাব আৰু কাৰ্যকলাপ প্ৰত্যক্ষ কৰি অসমৰ সম্ভ্ৰান্ত লোকসকলে বুজি পালে যে ব্ৰিটিছৰ মূল উদ্দেশ্য হ'ল, অসম দেশ স্থায়ীভাৱে দখল কৰি শোষণ আৰু শাসন চলাই যোৱাহে৷ ব্ৰিটিছৰ এই শাসন উচ্ছেদ কৰিবলৈ অসমৰ সম্ভ্ৰান্ত শ্ৰেণীটোৱে সংকল্প লৈছিল আৰু সেই উদ্দেশ্য ১৮২৮-৩০ চনৰ ভিতৰত দুটাকৈ বিদ্ৰোহ সংঘটিত হৈছিল৷ প্ৰথমটো বিদ্ৰোহ ১৮২৮ চনত গমধৰ কোঁৱৰৰ নেতৃত্বত আৰু দ্বিতীয়টো ১৮৩০ চনত পিয়লি বৰফুকনৰ নেতৃত্বত৷ ব্ৰিটিছৰ বিৰুদ্ধে হোৱা এই বিদ্ৰোহহে আচলতে অসমৰ প্ৰথম স্বাধীনতা যুদ্ধ৷
গমধৰৰ নেতৃত্বত চলা বিদ্ৰোহত অসম দেশৰ অনেক সম্ভ্ৰান্ত লোকৰ লগতে অনেক প্ৰজায়ো যোগ দিছিল৷ একাংশ জনজাতীয় লোকে এই বিদ্ৰোহৰ প্ৰতি সমৰ্থন আগ বঢ়োৱাৰ উপৰি ব্ৰিটিছৰ তলতীয়া অনেক বিষয়ায়ো এই বিদ্ৰোহক গোপনে সহায় কৰিছিল৷ ইয়াৰপৰা পৰিষ্কাৰ হয় যে গমধৰৰ বিদ্ৰোহ জনবিচ্ছিন্ন নাছিল৷ কিন্তু, সেই বিদ্ৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠাৰ সময়তে শত্ৰুপক্ষৰ যোগেদি বিদ্ৰোহৰ আয়োজনৰ কথা প্ৰকাশ হৈ পৰাত বিদ্ৰোহ ব্যৰ্থ হৈ পৰে৷ বিদ্ৰোহীসকলৰ কিছুমানে আত্মগোপন কৰিলে আৰু কিছুমান ধৰা পৰিল৷ ৰাজদ্ৰোহৰ অপৰাধত এওঁলোকৰ পঞ্চায়তত বিচাৰ হৈছিল আৰু সেই পঞ্চায়তৰ সদস্যসকলৰ ভিতৰত মুখ্য আছিল মণিৰাম বৰুৱা (পাছলৈ দেৱান)৷ বিচাৰত দণ্ড দিয়াৰ ক্ষেত্ৰত মণিৰামে আগভাগ লৈ¸ গমধৰকে ধৰি সকলোকে মৃত্যুদণ্ড বিহিলেও নিউভিল চাহাবৰ হস্তক্ষেপত গমধৰক সাত বছৰ জে’ল দিয়া হৈছিল৷
ব্ৰিটিছৰ বিৰুদ্ধে দ্বিতীয়বাৰৰ বাবে বদন বৰফুকনৰ পুত্ৰ পিয়লি বৰফুকনে বিদ্ৰোহৰ নেতৃত্ব লৈছিল৷ দীৰ্ঘদিন ধৰি চলা এই বিদ্ৰোহৰ আয়োজনত পৰ্বতীয়া আৰু দাঁতিঅলীয়া লোকসকলেও সমৰ্থন আগ বঢ়াইছিল৷ বিদ্ৰোহীসকলে ১৮৩০ চনৰ ২৫ মাৰ্চত ৰংপুৰত থকা চিপাহীৰ ছাউনি আক্ৰমণ কৰিছিল৷ কিন্তু, চিপাহীসকলে উন্নত অস্ত্ৰ-শস্ত্ৰৰে কৰা যুদ্ধৰ সন্মুখত বিদ্ৰোহীসকল টিকিব নোৱৰাটোৱেই স্বাভাৱিক আছিল৷ বিদ্ৰোহীসকলক বন্দী কৰাৰ পাছত পিয়লি বৰফুকন আৰু জিউৰাম দুলীয়া বৰুৱা প্ৰমুখ্যে ছয়জনক পঞ্চায়তৰ সন্মুখত বিচাৰলৈ অনা হ'ল৷ এই পঞ্চায়তৰ বিচাৰতো মণিৰাম বৰুৱাই মুখ্য ভূমিকা লৈছিল৷ পিয়লি বৰফুকন আৰু জিউৰাম দুলীয়া বৰুৱাৰ মৃত্যুদণ্ডৰ আদেশ হ'ল আৰু বাকী অভিযুক্তসকলৰ কেইজনমানক ফাটেক দিলে৷
এই ঐতিহাসিক সত্যক বিকৃত কৰি বেণুধৰ শৰ্মাই অসমৰ প্ৰথম স্বাধীনতা যুদ্ধ দুখনৰ মুক্তিযুঁজাৰুসকলক কঠোৰ শাস্তিৰ বিধান দিয়া মণিৰাম দেৱানকহে কিয় ‘ব্ৰিটিছৰ আমোলত পোনপ্ৰথম বিদ্ৰোহী' বুলি ক'বলৈ গ'ল, সেয়া ৰহস্যজনক৷ এনেকুৱাও নহয় যে শৰ্মাই অসমৰ প্ৰথম স্বাধীনতা যুদ্ধৰ যোদ্ধাসকলৰ ত্যাগ আৰু আত্মবলিদানৰ বিষয়ে নজনাকৈ আছিল৷ তেওঁ মণিৰাম দেৱান গ্ৰন্থখনৰ ক'ৰবাত ১৮২৮-৩০ চনৰ যুদ্ধখনক অসমৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি স্বীকাৰো কৰিছে৷ তাৰ পাছতো তেওঁ লিখিলে – ‘১৮৫৭ ছালৰখনেই ব্ৰিটিছ আমোলত প্ৰথম স্বাধীনতা যুদ্ধ বা ব্ৰিটিছ কবলৰপৰা উদ্ধাৰ পাবলৈ কৰা পৰাধীন প্ৰজাৰ প্ৰথম মুক্তি আন্দোলন৷’ শৰ্মাই আকৌ লিখিছে – ‘পিয়লি বৰফুকনহঁতৰ যুদ্ধ আছিল দখলী স্বত্বৰ, মণিৰাম দেৱানৰখন আছিল দখল উচ্ছেদৰ৷’ কিন্তু, আমাৰ সাধাৰণ জ্ঞানেৰে বুজি পাওঁ যে দখলী স্বত্ব লাভ কৰাৰ অৰ্থই হ'ল, পূৰ্বৰ নিজ জন্মভূমিৰপৰা বিদেশীক উচ্ছেদ কৰি তাত নিজৰ আধিপত্য বাহাল ৰখা৷ দেৱানৰ দখল উচ্ছেদ কৰিবলৈ কৰা যুদ্ধখনৰ উদ্দেশ্যও আছিল, বিদেশীক উচ্ছেদ কৰি তাত স্বদেশীৰ আধিপত্য স্থাপন কৰা৷
কেৱল বেণুধৰ শৰ্মাই নহয়, বহু ঐতিহাসিকেই ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহৰ সৈতে মণিৰাম দেৱানৰ নাম ওতপ্ৰোতভাৱে জড়িত কৰি উক্ত বিদ্ৰোহৰ আঁৰৰ মূল মানুহ মণিৰাম বুলি ক'ব বিচাৰে৷ কিন্তু অসমত চিপাহী বিদ্ৰোহৰ প্ৰস্তুতি পৰ্বৰ কাৰ্যকলাপ লক্ষ্য কৰিলে এয়া পোহৰলৈ আহে যে বিদ্ৰোহৰ কাৰ্যকলাপ চলি থকাৰ সময়ত তেওঁ নিজ জন্মভূমিত নাছিল, কলিকতাতহে আছিল৷ তেওঁ কলিকতাৰপৰা অসমত থকা বিদ্ৰোহীসকললৈ চিঠি লিখি তেওঁলোকক বিদ্ৰোহ কৰিবলৈ উচটনিহে দিছিল৷ গোলোকেশ্বৰ বৰুৱাই এই প্ৰসংগত লিখিছে – ‘মণিৰাম দেৱানে স্বাধীনতাৰ বাবে বিদ্ৰোহ কৰিছে বুলি কোৱাটো এটা ডাঙৰ ফাঁকি৷ তেওঁ নিজ স্বাৰ্থ পূৰণকেই তেওঁৰ স্বাধীনতা বুলি ভাবিছিল৷ তেওঁ অসমৰ স্বাধীনতাৰ বিষয়ে বা জনসাধাৰণৰ মুক্তিৰ বিষয়ে অলপো ভবা নাছিল৷' ড: অমলেন্দু গুহই যথাৰ্থভাৱেই মন্তব্য কৰিছিল – ‘‘He was not the first martyr; nor he was a martyr to the cause of complete independence and to the cause of popular freedom’. অথাৎ তেওঁ প্ৰথম শ্বহীদ নাছিল বা তেওঁ পূৰ্ণ স্বাধীনতাৰ বাবে বা জনসাধাৰণৰ মুক্তিৰ বাবে শ্বহীদ হোৱা নাছিল৷ মণিৰামে চিপাহী বিদ্ৰোহক নিজৰ উচ্চাকাংক্ষা পূৰণৰ এটা সোণালী সুযোগ হিচাপে লৈছিল বুলিহে ক'ব পাৰি৷
2_TUNIJYOTI_moniramপ্ৰথমাৱস্থাত মণিৰাম ব্ৰিটিছৰ পৰম ভক্ত আছিল আৰু তেওঁৰ সকলো কাৰ্য ব্ৰিটিছৰ স্বাৰ্থতেই কৰিছিল৷ ব্ৰিটিছৰ আগমনত তেওঁ অত্যুৎসাহী হৈ মন্তব্য কৰিছিল যে ব্ৰিটিছ শাসন যেন এক কল্প বৰ্তি থাকে৷ কিন্তু পাছলৈ ব্ৰিটিছৰ ৰোষত পৰাত, ব্ৰিটিছৰ ছত্ৰছায়াত আহৰণ কৰা বিস্তৰ ক্ষমতা আৰু প্ৰতিপত্তি হেৰুৱাই মণিৰাম ব্ৰিটিছৰ কটূ সমালোচক হৈ পৰিল৷ হৃত ক্ষমতা আৰু প্ৰতিপত্তি ফিৰাই আনিবলৈ মণিৰামে ব্ৰিটিছৰ বিৰুদ্ধাচৰণ কৰিলেও সেই বিৰুদ্ধাচৰণ এক নিৰাপদ দূৰত্বত অৱস্থান কৰিহে কৰিছিল৷ অসমত ১৬৫৭ চনত চিপাহী বিদ্ৰোহৰ প্ৰস্তুতি চলা সময়ৰপৰা গ্ৰেপ্তাৰ হোৱা সময়লৈকে তেওঁ আছিল কলিকতাত৷
লক্ষণীয় যে ১৮২৮-৩০ চনত গমধৰ-পিয়লিয়ে নিজ জন্মভূমিত থাকি, প্ৰতিক্ষণে মৃত্যুৰ আশংকা নেওচি প্ৰবল প্ৰতাপ আৰু অসীম সাহসেৰে ব্ৰিটিছক প্ৰত্যাহ্বান জনাইছিল৷ তেওঁলোকৰ বিৰুদ্ধে এঘড়ী যুঁজিছিল আৰু যুঁজত পৰাজয় বৰণ কৰাৰ পাছত ৰাজদ্ৰোহত অভিযুক্ত হৈ কঠোৰ দণ্ড ভোগ কৰিছিল৷ কিন্তু মণিৰামে জন্মভূমিত থাকি ব্ৰিটিছক প্ৰত্যাহ্বান জনোৱাৰ বা ব্ৰিটিছৰ বিৰুদ্ধে এঘড়ী যুঁজাৰ সাহস কৰা নাছিল৷ মণিৰামে জন্মভূমিত বিদ্ৰোহীসকলক নেতৃত্বহীন অৱস্থাত এৰি থৈ তেওঁলোকক বলিৰ পঠা সজাই তেওঁলোকৰ ত্যাগৰ ফলহে ভোগ কৰিবলৈ বিচাৰিছিল যেন লাগে৷ মণিৰামে জন্মভূমিত থাকি গমধৰ-পিয়লিৰ দৰে বিদ্ৰোহীসকলৰ নেতৃত্ব দিয়াহেঁতেন আৰু প্ৰকৃত বিদ্ৰোহীৰ দৰে ৰাজদ্ৰোহত গ্ৰেপ্তাৰ হৈ ৰাজদণ্ড ভোগ কৰাহেঁতেন, পৰৱৰ্তী বস্তুনিষ্ঠ ঐতিহাসিকসকলে মণিৰামৰ দেশপ্ৰেমৰ আঁৰত স্বাৰ্থান্বেষণ আৰু ভণ্ডামি আছিল বুলি নক'লেহেঁতেন৷
মণিৰাম দেৱান সম্পৰ্কে ভালেখিনি তথ্য উপেন বৰুৱাৰ Glimpse of Assam গ্ৰন্থখনিতো পোৱা যায়৷ বৰুৱাই এই গ্ৰন্থখনিত মণিৰামৰ যি চৰিত্ৰাংকন কৰিছে, সেয়া বেণুধৰ শৰ্মাৰ গ্ৰন্থৰ মণিৰামৰ চৰিত্ৰতকৈ ভিন্ন৷ শৰ্মাই তেওঁৰ গ্ৰন্থত মণিৰামক অসমৰ প্ৰথম বিদ্ৰোহী আৰু ছহিদৰূপে দেখুৱাৰ বিপৰীতে বৰুৱাই তেওঁৰ গ্ৰন্থত লিখিছে যে মণিৰাম বিদ্ৰোহী নাছিল আৰু বিদ্ৰোহ কৰা নাছিল৷ তদানীন্তন আৰক্ষী বিষয়া হৰনাথ পৰ্বতীয়া বৰুৱাই দেৱানৰ প্ৰতি পোষণ কৰি ৰখা ব্যক্তিগত আখেজ পূৰ্ণ কৰিবলৈহে জিলাধিপতি হলৰয়ড চাহাবক কলিকতাৰপৰা মণিৰামে প্ৰেৰণ কৰা এখন গুপ্ত চিঠিৰ গইনা লৈ তেওঁক দেশদ্ৰোহী সজায় আৰু তেওঁক মৃত্যুদণ্ড দিয়ায়৷ বৰুৱাই আৰু লেখিছে যে মণিৰাম আৰু অন্যান্য বিদ্ৰোহীসকলক গ্ৰেপ্তাৰ কৰাৰ পাছত চলা বিচাৰ প্ৰক্ৰিয়া এক প্ৰহসনহে আছিল৷ বৰুৱাৰ মতে, সেই বিচাৰ আছিল এক ট্ৰেজিক ঘটনা আৰু তেনে ঘটনা বিশ্ব ইতিহাসতে বিৰল৷ বৰুৱাৰ এই গ্ৰন্থখনিতো মণিৰাম দেৱান সম্পৰ্কত সত্যৰ অপব্যাখ্যা হোৱা যেন লাগে৷ কাৰণ, বিচাৰ আৰম্ভ হোৱাৰ পূৰ্বে হলৰইডে মণিৰাম আৰু বিদ্ৰোহীসকলৰ বিৰুদ্ধে যথেষ্ট সাক্ষ্য-প্ৰমাণ সংগ্ৰহ কৰিছিল৷ এনে সাক্ষ্য-প্ৰমাণৰ ওপৰত ভিত্তি কৰি বিদ্ৰোহীসকলৰ বিচাৰ চলোৱা হৈছিল৷ ৰজা কন্দৰ্পেশ্বৰ সিংহৰ ঘৰতো খানাতালাচ কৰা হয় আৰু ৰজাক বন্দী কৰি যোৰহাটৰপৰা আলিপুৰ জে’ললৈ পঠোৱা হয়৷
মণিৰাম দেৱান সম্পৰ্কত চলা পূৰ্বৱৰ্তী অধ্যয়নবোৰৰপৰা এটা কথা স্পষ্ট হয় যে মণিৰাম দেৱানক ভাৰত স্বাধীনতাৰ আগলৈকে ঐতিহাসিকসকলে এজন দেশপ্ৰেমিক আৰু মহান ছহিদৰূপে প্ৰচাৰ চলাই গ'লেও স্বৰাজোত্তৰ কালত কেইবাজনো ঐতিহাসিকে মণিৰামৰ দেশপ্ৰেমৰ সম্পৰ্কত প্ৰশ্ন তুলিছিল আৰু তেওঁক প্ৰকৃত বিদ্ৰোহী নহয় বুলি কোৱাৰ প্ৰয়াস কৰিছিল৷ সেইসকলৰ ভিতৰত ড: অঞ্জন বৰুৱা অন্যতম৷ শেহতীয়াকৈ নৱ গগৈ নামৰ এজন প্ৰচাৰবিমুখ ঐতিহাসিকেও মণিৰাম দেৱান : দেশপ্ৰেমী নে দেশদ্ৰোহী গ্ৰন্থত মণিৰাম দেৱান সম্পৰ্কত নতুন দৃষ্টিভংগীৰে কিছু কথা আলোকপাত কৰিছে৷

(দুই)

মণিৰামৰ প্ৰভাৱ বৃদ্ধি পাইছিল পুৰন্দৰ সিংহৰ ৰাজত্বৰ দিনত৷ গৱৰ্নৰ জেনেৰেলৰ প্ৰতিনিধি ৰবাৰ্টছনৰ সৈতে কৰা চুক্তি অনুসৰি, বছৰি পঞ্চাশ হেজাৰ টকা ব্ৰিটিছক লালবন্দী দিয়াৰ বিনিময়ত ১৮৩৩ চনৰ ২৪ এপ্ৰিলত পুৰন্দৰ সিংহই উজনি অসমৰ (শদিয়া আৰু মটক ৰাজ্য বাদ দি) ৰজা হিচাপে ক্ষমতা লাভ কৰে৷ সেই সময়ত ২৫ বছৰত ভৰি দিয়া ৰজাই ৰাজ্য পৰিচালনা কৰিবলৈ কেতবোৰ জটিল সমস্যাৰ সন্মুখীন হৈছিল৷ এপিনে সম্ভ্ৰান্ত আৰু অভিজাত শ্ৰেণীৰ সমৰ্থন লাভৰ বাবে তেওঁ প্ৰাচীন নীতি-নিয়ম ৰক্ষা কৰিব লাগিছিল আৰু আনপিনে ব্ৰিটিছ চৰকাৰে কৰা নতুন নিয়মবোৰো প্ৰৱৰ্তন কৰিব লাগিছিল৷ পূৰ্বৰ প্ৰথা অনুসৰি তেওঁ পাত্ৰ মন্ত্ৰী আৰু বিষয়াসকলক লৈ চৰকাৰ গঠন কৰিলে আৰু সেই চৰকাৰৰ বৰভাণ্ডাৰ বৰুৱা হ'ল মণিৰাম৷
পুৰন্দৰৰ ৰাজ্য কৰতলীয়া আছিল বাবে ব্ৰিটিছক দিবলগীয়া কৰৰ ধন সংগ্ৰহ কৰাটো তেওঁৰ মুখ্য কৰ্তব্য আছিল৷ সেই কৰ সংগ্ৰহ কৰিবলৈ যাওঁতে পুৰন্দৰে সমস্যাৰ সন্মুখীন হৈছিল৷ মটক ৰাজ্যৰ প্ৰজাই কোনো কৰ দিব নালাগিছিল বা দিলেও সামান্য আছিল বাবে পুৰন্দৰৰ ৰাজ্যৰপৰা মটক ৰাজ্যলৈ ব্যাপক হাৰত প্ৰজাৰ প্ৰব্ৰজন ঘটিছিল৷ দহ হেজাৰ টকা খাজনাৰ উৎস থকা নদুৱাৰ অঞ্চল নামনি অসমত চামিল কৰাৰ বাবেও ৰাজ্যখন ৰাজহৰপৰা বঞ্চিত হৈছিল৷ এনে পৰিস্থিতিতো ৰজাই দুবছৰৰ কৰ অশেষ কষ্টৰে পূৰাই দিছিল৷ কিন্তু ১৮৩৫-৩৬ চনৰপৰা ৰাজহৰ পৰিমাণ কমি আহিবলৈ ধৰে৷ প্ৰতিকূল অৱস্থাত পৰি ৰজাই ব্ৰিটিছক বাকী পৰি থকা কৰ শোধাবলৈ অপাৰগ হোৱাত এই কৰৰপৰা ৰেহাই দিবলৈ কৰ্তৃপক্ষৰ ওচৰত আবেদন জনাইছিল৷ উজনি অসমৰ ৰাজনৈতিক প্ৰতিনিধি কেপ্টেইন হোৱাইটে সেই আবেদনৰ প্ৰতি সঁহাৰি জনাই কৰৰ পৰিমাণ ৫০ হেজাৰৰপৰা ৩৫ হেজাৰ টকালৈ হ্ৰাস কৰাৰপৰামৰ্শ দিয়ে৷ কিন্তু হোৱাইটৰ এনে পৰামৰ্শ জেনকিন্সে গ্ৰহণ নকৰি জনালে যে বুজন পৰিমাণৰ অনুদানৰ বিনিময়ত হ'লেও ৰজাক অব্যাহতি দি ৰাজ্যখন নিজৰ অধীনলৈ আনিব লাগে৷
১৮৩৮ চনৰ প্ৰথমভাগত কেপ্টেইন জেনকিন্সে ৰাজ্যৰ অৱস্থাৰ বুজ ল'বলৈ উজনি অসম ভ্ৰমণ কৰিছিল৷ তেওঁ প্ৰথমতে ৰজাৰ প্ৰতি সহানুভূতি দেখুৱালেও ৰাজ্যখনত চাহ খেতিৰ বিপুল সম্ভাৱনা থকা দেখি আৰু ইংৰাজ বণিকসকলৰ উচটনিত পুৰন্দৰৰ ৰাজ্য ব্ৰিটিছৰ হাতলৈ আনিবলৈ চেষ্টা কৰিলে৷ পদবীৰপৰা বঞ্চিত শ্ৰেণীটোৱে ৰজাৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ দিবলৈ ধৰিলে৷ জেনকিন্সে ৰাজ্যৰ বিভিন্ন অঞ্চল ভ্ৰমণ কৰি ৰজাৰ বিৰুদ্ধে যিমান পাৰে সিমান ওজৰ-আপত্তি সংগ্ৰহ কৰিলে৷ তেওঁ পুৰন্দৰৰ অপশাসনৰ অভিযোগ তুলি উজনি অসমক ব্ৰিটিছ ৰাজ্যত চামিল কৰিবলৈ কৰ্তৃপক্ষলৈ পৰামৰ্শ আগ বঢ়ালে৷ জেনকিন্সৰপৰা এনে প্ৰতিবেদন পোৱাৰ পাছত আৰু বাৰ্ষিক কৰ পৰিশোধ কৰিব নোৱৰাৰ অজুহাতত পুৰন্দৰ সিংহৰ ৰাজ্য ১৮৩৮ চনৰ ২৬ ছেপ্টেম্বৰত ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰা হয়৷
লক্ষণীয় যে ১৮৩৩-৩৭ চনলৈকে মণিৰাম পুৰন্দৰ ৰজাৰ অধীনত বৰভাণ্ডাৰ বৰুৱা হৈ আৰু ৰজাৰ মুখ্য পৰামৰ্শদাতা হৈ আছিল৷ বেণুধৰ শৰ্মাই লিখিছে, বৰভাণ্ডাৰী হৈ থাকোতে মণিৰামে পুৰন্দৰৰ স্বাৰ্থ ক্ষুণ্ণ হ'বলৈ নিদিছিল৷ কিন্তু, জেনকিন্সে তেওঁৰ প্ৰতিবেদনত লিখিছিল যে ৰজাই কু-পৰামৰ্শকাৰীৰ প্ৰভাৱাধীন হৈ কাম কৰিছিল৷ মণিৰামৰ সম্পৰ্কত জেনকিন্সৰ এক মন্তব্য হ'ল – ‘I took the opportunity of being alone for a while to tell him, he had got a very bad name throughout the Country.... my information leads me to have little doubt that he is the Rajah’s counsellor in a very crooked line of policy.’
ইয়াৰপৰা স্পষ্ট হয় যে জেনকিন্সে পুৰন্দৰ সিংহৰ ৰাজ্য ভ্ৰমণ কৰাৰ আগতে দেৱানৰ কাম-কাজৰ বিষয়ে সকলো তথ্য সংগ্ৰহ কৰিছিল৷ জেনকিন্সৰ মতে, মণিৰামে ৰজাৰ অহিত চিন্তি অসৎ পৰামৰ্শ দি আছিল৷ ৰাজ্য ব্ৰিটিছৰ হাতলৈ যোৱাৰ প্ৰধান কাৰণ আছিল ব্ৰিটিছক দিবলগীয়া বছৰেকীয়া লালবন্দীৰ ধন জমা নিদিয়াটো৷ ৰাজহ বিভাগৰ মুৰব্বী হিচাপে আৰু ৰজাৰ মুখ্য পৰামৰ্শদাতা হিচাপে এই ধন পৰিশোধৰ দায়িত্ব আছিল মণিৰামৰ৷ লালবন্দীৰ এই ধন সংগ্ৰেহা হৈছিল আৰু এই ধন কলিকতাত জমা দিবলৈ মণিৰাম নিজেই গৈছিল৷ তেওঁৰ লগত গৈছিল লথৌ খাৰঘৰীয়া ফুকন আৰু কাশীনাথ তামুলী ফুকন৷
এই সম্পৰ্কত ড: লীলা গগৈয়ে লিখিছে – ‘১৮৩৫ চনত যেতিয়া পুৰন্দৰ সিংহই ৫০ হেজাৰ টকাত উজনি অসম লালবন্দীত লয় তেতিয়া মণিৰাম পুৰন্দৰ সিংহৰ বৰভাণ্ডাৰ বৰুৱা হৈছিল ... এই বাবত থাকোঁতে মণিৰাম বৰভাণ্ডাৰ বৰুৱাই লথৌ খাৰঘৰীয়া ফুকন আৰু কাশীনাথ তামুলী ফুকনক লৈ কলিকতাত তিনি বছৰৰ মুঠ এক লাখ ৫০ হেজাৰ টকা লালবন্দী দিবলৈ গৈছিল৷ কিন্তু সেই ধন ৰহস্যজনকভাৱে জমা নিদিলে৷ তাৰেই পৰিণতি ৰূপে পুৰন্দৰ সিংহৰ ৰাজ্য গ'ল৷’ (মাৰ বেণুধৰ, পৃ.৪৮)
বেণুধৰ শৰ্মাই তেওঁৰ মণিৰাম দেৱান গ্ৰন্থত দেৱানে লালবন্দীৰ ধন নিদিয়া আৰু এই ধন আত্মসাৎ কৰাৰ বিষয়ে লিখা নাই৷ ড: গগৈৰ মতে, মণিৰাম দেৱানৰ যিটো আদৰ্শ চৰিত্ৰ আগত লৈ তেওঁ মণিৰাম দেৱান গ্ৰন্থখন লিখিছিল, তেওঁ সেই চৰিত্ৰত চেকা পৰে বুলিয়েই তেওঁ এই কথাকেইটা বুৰঞ্জীসন্মত হ'লেও নিলিখিছিল৷ ড: গগৈয়ে আমাৰ বেণুধৰ গ্ৰন্থত আৰু লিখিছে – লালবন্দী নিদিয়া কথাটোৰ বিষয়ে শৰ্মাক সোধাত ওলোটাই তেওঁক শৰ্মাই সুধিলে ‘তুমি ক'ত পালা?’ ড: গগৈয়ে ‘... লালবন্দীৰ টকাৰ খেলিমেলি কৰাটো হৰকান্ত বৰুৱা সদৰামিনৰ হাতেলিখা ডায়েৰীত পাইছোঁ৷' বুলি কোৱাত শৰ্মাই খন্তেকপৰ তভক মাৰি ৰৈ থাকি ক'লে – ‘পাইছা যদি হ'বও পাৰে, বিচাৰ কৰি চাবা৷ আভুৱা কথাৰ ওজন নাই৷ সঁচাৰ হ'লে ভগন নাই৷' শৰ্মাই এই প্ৰসংগ তেওঁৰ গ্ৰন্থত উল্লেখ কৰা হ'লে পাঠকে হয়তো মণিৰামক দেশপ্ৰেমিকৰূপে গ্ৰহণ নকৰিলেহঁতেন৷
মণিৰাম দেৱানে লালবন্দীৰ ধন সংগৃহীত হোৱাৰ পাছতো ব্ৰিটিছ প্ৰশাসনক জমা নিদিয়াৰ কাৰণ হিচাপে দেৱানৰ উচ্চাকাংক্ষা আৰু স্বাৰ্থান্বেষণৰ কথাই ক'ব পাৰি৷ মণিৰামে ৰজা পুৰন্দৰ সিংহক গুচাই নিজে উজনি অসমৰ ৰজা হ'ব বিচাৰিলেও তেওঁৰ সেই উচ্চাকাংক্ষা পূৰণ নহ'ল৷ এতিয়া চোৱা যাওক, মণিৰামে নিজৰ উচ্চাকাংক্ষা আৰু ব্যক্তিস্বাৰ্থ পূৰণৰ বাবে কেনে পৰিকল্পনাৰে আগ বাঢ়িছিল৷
উজনি অসমৰ ক্ষমতা ব্ৰিটিছ প্ৰশাসনে হস্তগত কৰাত মণিৰাম দেৱানৰ সকলো বিষয়বাব লোপ পালেও তেওঁ বহি নাথাকিল৷ ১৮৩৮ চনত তেওঁ কলিকতালৈ যায়৷ কলিকতালৈ গৈ তেওঁ ডেপুটি গৱৰ্নৰ টি চি ৰবাৰ্টছনক সাক্ষাৎ কৰি পোনতে আহোম ৰাজবংশৰ কোনোবা এজনক ৰজা পাতিবৰ বাবে অনুৰোধ কৰিলেও পাছত কৈছিল – ৰাজবংশৰ কাৰোবাক ৰাজপদ দিব নিবিচাৰিলে তেওঁকে সেই পদ দিয়ক৷ কৰ সংগ্ৰহৰ বিষয়ে আশংকা কৰাৰ প্ৰয়োজন নাই৷ তিনি বছৰৰ কৰ ডেৰ লাখ টকা তেওঁ সেই মুহূৰ্ততে দিবলৈ প্ৰস্তুত৷ ড: লীলা গগৈয়ে লিখিছে – মণিৰামৰ কথা শুনি ‘ৰবাৰ্টছন চাহাব থতমত খাই গৈছিল৷ যিজন বিষয়া ৰাজ্যৰ সৰ্বেসৰ্বা, যিজন বিষয়াই ৰজাৰ লালবন্দীৰ টকা লৈ কলিকতাত জমা দিবলৈ গৈছিল, যিজন লোকে থাউকতে কে'বা লাখ টকা আগধন দি নিজৰ ৰজাক খেদি ৰাজপদ বিচাৰিব পাৰে সেইজন বুদ্ধিমান মানুহৰ তিৰবিৰাই থকা চকুযোৰলৈ চাই থৰ হৈ গৈছিল৷' (বেলি মাৰ ')
মণিৰামৰ সেই অনুৰোধ ব্ৰিটিছ প্ৰশাসনে ৰক্ষা নকৰাটোৱেই স্বাভাৱিক আছিল৷ ইমানদিনে ব্ৰিটিছ শাসনৰ ছত্ৰছায়াত থাকি এক প্ৰভাৱশালী মধ্যবিত্ত হিচাপে পৰিচিত হৈ অহা মণিৰামে নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবে ব্ৰিটিছ-বিৰোধীলৈ ৰূপান্তৰিত হ'ল৷ মৃত্যুৰ আগে আগে মণিৰামে অপ্ৰত্যাশিতভাৱে ৰজা বা তেনে পৰ্যায়ৰ কিবা হোৱাৰ এক সুযোগ পাইছিল৷ সেই সুযোগ আনি দিছিল উত্তৰ ভাৰতত আৰম্ভ হোৱা চিপাহী বিদ্ৰোহে৷
১৮৫৭ চনত উত্তৰ ভাৰতত ধৰ্মীয় আৰু ৰাজনৈতিক কাৰণত চিপাহী বিদ্ৰোহ আৰম্ভ হৈছিল৷ উত্তৰ ভাৰতৰ এই বিদ্ৰোহে সীমামূৰীয়া ৰাজ্য অসমকো স্পৰ্শ কৰিছিল৷ কিন্তু, অসমত প্ৰস্তুতি চলা চিপাহী বিদ্ৰোহৰ পটভূমি ভাৰতৰ অন্যান্য ঠাইত সংঘটিত বিদ্ৰোহৰপৰা সম্পূৰ্ণ পৃথক আছিল৷ আন ঠাইত বিদ্ৰোহ স্বতঃস্ফূৰ্তভাৱে সংঘটিত হোৱাৰ পৰিৱৰ্তে অসমত ইয়াক সংঘটিত কৰিবলৈ পৰিকল্পনাহে কৰা হৈছিল৷ ব্ৰিটিছ প্ৰশাসনৰপৰা উজনি অসমৰ ক্ষমতা হস্তগত কৰিবৰ বাবে বিদ্ৰোহৰ পৰিকল্পনা কৰা ব্যক্তিজন হ'ল মণিৰাম দেৱান৷ ড: মহেন্দ্ৰ বৰাই 1857 in Assamত লিখিছে – ‘A superficial survey gives the impression that 1857 in Assam was a one man show.’
মণিৰামে কলিকতাত বাহৰ পাতি অসমত থকা চিপাহীসকলৰ সহায়ত এক বিদ্ৰোহৰ সূচনা কৰি ব্ৰিটিছক উচ্ছেদ কৰিবৰ বাবে চিন্তা কৰিবলৈ লয়৷ চাৰিং ৰজা কন্দৰ্পেশ্বৰ সিংহ আৰু তেওঁৰ সহযোগী পিয়লি বৰুৱা বা মহেশ চন্দ্ৰ গাভৰুমেলীয়া বৰুৱা, মধুৰাম কোঁচ, মায়াৰাম বৰুৱা, চিত্ৰসেন বৰবৰা, গণেশ চন্দ্ৰ বৰুৱা, কমলা চাৰিঙীয়া বৰুৱা আদিলৈ বিদ্ৰোহৰ আয়োজন কৰিবৰ বাবে ইখনৰ পাছত সিখন উচটনিমূলক চিঠি লিখিছিল৷ চিঠিবোৰ পঠাইছিল বিদ্ৰোহৰ বাতৰি বিলোৱা ‘ভাট' আৰু ব্ৰহ্মচাৰী ফকীৰৰ বেশ ধৰি ফুৰা কিছুমান লোকৰ হাতত৷ বিদ্ৰোহীসকলক সহায় কৰিবলৈ মণিৰামে কলিকতাৰপৰা মধুমল্লিক নামে এজন বঙালী মুক্তিয়াৰকো পঠাইছিল৷ বিদ্ৰোহত অস্ত্ৰ-শস্ত্ৰ বিশেষজ্ঞ বাহাদুৰ গাঁওবুঢ়া আৰু সংগীতজ্ঞ ফৰ্মুদ আলীয়েও যোগ দিছিল৷ মণিৰামৰপৰা চিঠিবোৰ পাই থকাৰ পাছত যোৰহাটৰ কন্দৰ্পেশ্বৰ সিংহৰ কাৰেঙত সঘনে গুপ্ত সভা পতা হৈছিল৷ সেই সময়ত অসমত দুটা হিন্দুস্থানী চিপাহীৰ পল্টন আছিল৷ প্ৰথমটো আছিল ডিব্ৰুগড়ত, আনটো গুৱাহাটীত৷ অৱশ্যে, অন্যান্য ঠাইত চিপাহীৰ ছাউনি আছিল৷ এনে সময়তেই গোলাঘাটত থকা ছাউনিলৈ পিয়ালি আৰু নিৰমল হাজাৰীয়ে কন্দৰ্পেশ্বৰ সিংহৰপৰা পঠোৱা বুলি ধাৰণা কৰা দুখন গোপনীয় চিঠি লৈ আহে৷ চিঠিত চিপাহীৰ প্ৰতি এক লোভনীয় প্ৰস্তাৱ আছিল৷ প্ৰস্তাৱটো হ'ল, যদিহে সকলো চিপাহীয়ে যোগ দি দেশখন ৰজাক গতাই দিব পাৰে, তেতিয়া ৰজাই তেওঁলোকক দুগুণ দৰমহা দিব আৰু দেশীয় বিষয়াক জংগী পল্টনৰ দৰে দৰমহা দিব৷ গোটটোৰ চুবেদাৰ শ্বেখ ভিখনে সেই প্ৰস্তাৱ গ্ৰহণ কৰিছিল৷
ডিব্ৰুগড়ত থকা পল্টনটোৰ চুবেদাৰে মুক্তিকামীসকলক সহায় কৰিবলৈ গাত ল'লে৷ এক নম্বৰ পল্টনটোৰ জামাদাৰ নুৰ মহম্মদে ব্যক্তিগত কাৰণত ছুটী লৈ, ডিব্ৰুগড়ৰপৰা যোৰহাটলৈ আহি কন্দৰ্পেশ্বৰ সিংহক লগ ধৰে৷ ৰুস্তম সিং জামাদাৰেও কন্দৰ্পেশ্বৰ সিংহক লগ ধৰি আলোচনা কৰে৷ আলোচনাত ঠিক হ'ল যে ভিখন সিং চুবেদাৰ দুৰ্গা পূজাৰ সময়ত যোৰহাটলৈ আহিব আৰু মণিৰামো কলিকতাৰপৰা অস্ত্ৰ-শস্ত্ৰ লৈ আহিব৷ বিদ্ৰোহীসকলে একে লগে কে'বাখনো সদৰ ঠাইত বিদ্ৰোহ কৰি অস্ত্ৰাগাৰ আৰু কোষাগাৰবোৰ দখল কৰি ইউৰোপীয়সকলক হত্যা কৰিব আৰু তাৰ পিছত যোৰহাটলৈ ৰাওনা হ'ব৷ দুৰ্গা পূজাৰ মহাষ্টমীৰ দিনা ইংৰাজক দেৱীৰ সন্মুখত বলি দিব আৰু দেৱানৰ সন্মুখত কন্দৰ্পেশ্বৰ সিংহক ৰজা পাতিব৷ প্ৰস্তাৱ লোৱা হ'ল যে ‘মণিৰাম প্ৰধানমন্ত্ৰী হ'ব ... মধুমল্লিকৰ পদমৰ্যাদা আৰু স্থান ঠিক তেওঁৰ তলতে হ'ব৷ পিয়ালি হ'ব বৰভাণ্ডাৰ বৰুৱা৷ লুকীনাথ শেনছোৱা বৰুৱা নাওবৈচা ফুকন হ'ব৷ কমলা চাৰিঙ্গীয়া বৰুৱা যোৰহাটৰ চুবেদাৰ আৰু দাৰোগা হ'ব৷ খাজনা নাথাকিব, কিন্তু লিকচৌ থাকিব৷ ৰুস্তম সিং আৰু নুৰ মহম্মদ চুবেদাৰ হ'ব৷ বুদৰাম চুবেদাৰ চুবেদাৰ বাহাদুৰ হ'ব...৷’ এই পৰিকল্পনাৰ কথা জিলাধিপতি হলৰইডে জানিব পাৰে৷ দেৱানে ‘ভাট'ৰ যোগেদি ৰজালৈ পঠোৱা এখন গুপ্ত চিঠি ‘ভাটে' ভুলক্ৰমে ৰজাৰ হাতত নিদি যোৰহাটৰ পুলিচ দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱাক দিয়ে৷ এডাল লাখুটিৰ ভিতৰত দিয়া চিঠিত লিখা আছিল – ‘হিন্দুস্থানত গোড়া চিপাহীবোৰক নিৰ্মূল কৰা হৈছে৷' চিঠিখনত বিদ্ৰোহক উচটনি দিয়া বুলি সন্দেহ কৰি হৰনাথ তৎক্ষণাৎ শিৱসাগৰলৈ যায় আৰু চিঠিখন¸ জিলাধিপতি হলৰইডক দিয়ে৷ ইয়াৰ পাছত হলৰইডে এই চিঠিৰ গইনা লৈ মণিৰামে লিখা অনেক চিঠি আৰু সঁজুলি ধৰা পেলায়৷ প্ৰথমবাৰৰ বাবে কৰ্তৃপক্ষই বিদ্ৰোহৰ সম্ভেদ পায়৷ কৰ্নেল জেনকিন্স, কৰ্নেল হেনে আৰু হলৰইডে তৎক্ষণাৎ কঠোৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে৷
অসমৰ কমিছনাৰে কন্দৰ্পেশ্বৰ সিংহক ধৰিবৰ বাবে বাৰ্তা পঠায়৷ ৯ ছেপ্টেম্বৰত ৰজা কন্দৰ্পেশ্বৰ সিংহক ৰাজবন্দী কৰি কলিকতালৈ নি আলিপুৰ জেলত ৰাখে৷ তেওঁক বিচাৰৰ আওতালৈ নানি বাৰদোৱাত ১৮৬০ চনলৈকে নজৰবন্দী কৰি ৰাখে৷ পাছত তেওঁক ৫০০ টকা পেঞ্চন মঞ্জুৰ কৰি গুৱাহাটীত থাকিবলৈ দিয়া হয়৷ মণিৰামক কলিকতাত গ্ৰেপ্তাৰ কৰাৰ লগতে অসমত থকা বিদ্ৰোহীসকলকো কৰায়ত্ত কৰা হয়৷ ৰাজদ্ৰোহৰ অপৰাধত বিদ্ৰোহীসকলৰ বিচাৰ কৰি মণিৰাম আৰু পিয়ালিক মৃত্যুদণ্ড দিয়া হয়৷
মণিৰামৰ উচ্চাকাংক্ষা আৰু ব্যক্তিস্বাৰ্থৰ আভাস দিয়ে তেওঁ কলিকতাৰপৰা অসমলৈ লিখা চিঠিবোৰেও৷ মণিৰামে অসমৰ ভিন্নজনলৈ অলেখ চিঠি লেখিলেও চিঠিবোৰৰ আঠখনহে মূল ৰূপত ঐতিহাসিকসকলৰ গ্ৰন্থত উপলব্ধ হৈছে৷ ইয়াৰ চাৰিখন ৰজা কন্দেৰ্পেশ্বৰ সিংহলৈ লিখা, এখন মধুমল্লিকলৈ, এখন ঊৰ্বীধৰ বৰুৱালৈ, এখন কৃষ্ণকান্ত অধিকাৰ গোস্বামীলৈ আৰু আনখন মহীধৰ মুক্তিয়াৰলৈ লিখা৷

মণিৰাম দেৱান আছিল বুধিয়ক ব্যক্তি৷ কালৈ কেনেকৈ লিখিলে উদ্দেশ্য সাধন কৰিব পাৰি, সেয়া ভালদৰে জানিছিল৷ বিদ্ৰোহীলৈ লিখা চিঠিবোৰো সাৱধানে লিখিছিল৷ কিছুমান চিঠি কেঁচুৰ ৰসেৰে লিখিছিল, যি চিঠিবোৰৰ আখৰ দিনত নেদেখি, আন্ধাৰতহে দেখি৷ চিঠিবোৰ যেনেকৈ প্ৰৰোচনামূলক, তেনেকৈ চিঠিবোৰৰ যোগেদি বিদ্ৰোহীসকলক দেশৰ প্ৰতি থকা কৰ্তব্য আৰু দায়িত্বৰ বিষয়ে সোঁৱৰাই দিছিল৷ চিঠিবোৰৰ সাৰাংশ হ'ল–
১. ব্ৰিটিছে প্ৰথমে খোপনি পোতোতেই গমধৰ কোঁৱৰ, পিয়লি বৰফুকন, ধনঞ্জয় বৰগোহাঞি আদিয়ে তেওঁলোকক অসমৰপৰা টালি-টোপোলাৰ সৈতে বাহিৰ কৰি দিবলৈ বিচাৰিছিল যদিও নোৱাৰিলে৷ তাৰ বাবে আমি হতাশ হোৱাৰ কাৰণ নাই৷
২. গমধৰ, পিয়লি আদি বিদ্ৰোহীসকলক কোনে পাহৰিব পাৰিব? দুৰ্ভাগ্যক্ৰমে তেওঁলোকে বতাহৰ গতি চাই পাল তৰিব নোৱাৰিলে৷ আমাৰ কামত সফল হ'বলৈ ছেগ বুজি কাম কৰিব লাগিব৷
৩. এইফালে ঘাঁহ-বনবোৰ কটা হৈছে৷ আমাৰ ফালেও কাঁচি ধৰাই সাজু কৰি ৰখাই ভাল হ'ব৷ ইত্যাদি৷
বিদ্ৰোহীসকলৰ অন্তৰত বিদ্ৰোহৰ ভাব আৰু আত্মবিশ্বাস জাগাই তুলিবলৈ মণিৰামে লিখিছিল –
ক. স্বধৰ্মে নিধনং শ্ৰেয়ঃ পৰধৰ্মো ভয়াৱহঃ – নিজৰ ধৰ্মত থাকি মৃত্যুবৰণ কৰাই শ্ৰেষ্ঠ৷ পৰধৰ্ম ভয়াৱহ৷
খ. এই সুযোগ গ্ৰহণ কৰি আমি যদি ফিৰিঙ্গীহঁতক বাহিৰ কৰি দিব নোৱাৰো, আমি নিজ কাৰ্য অৱহেলা কৰাৰ বাবে নৰকত পচি মৰিব লাগিব৷
স্থানান্তৰত কৈ আহিছো যে গমধৰ-পিয়লিৰ বিদ্ৰোহক মণিৰামে সমৰ্থন কৰা নাছিল, বৰং তেতিয়া ব্ৰিটিছৰ পৰম ভক্ত হিচাপে তেওঁ গমধৰ-পিয়লিক মৃত্যুদণ্ড দিয়াত আগভাগহে লৈছিল৷ এসময়ত এই ব্ৰিটিছৰ ৰোষত পৰি সকলো হেৰুওৱাৰ পিছত নিজৰ স্বাৰ্থৰ কথা ভাবিহে তেওঁ আনক বিদ্ৰোহ কৰিবলৈ উচটাইছিল৷
বিদ্ৰোহৰ কালছোৱাত মণিৰাম কলিকতাতেই থাকিল৷ তেওঁ জানিছিল যে জন্মভূমিত থাকি বিদ্ৰোহৰ নেতৃত্ব দিয়াটো তেওঁৰ পক্ষে অতি বিপদজনক৷ নেতৃত্বত থাকিলে যিকোনো মুহূৰ্তত দেশদ্ৰোহৰ অভিযোগত অভিযুক্ত হোৱাৰ সম্ভাৱনা৷ চাৰিং ৰজালৈ লিখা দ্বিতীয়খন চিঠিত মণিৰামে লিখিছিল – ‘সম্প্ৰতি কলিকতাত বৰ গোলমাল৷ সেই বাবে কাউন্সিল কেতিয়াকৈ বহিব ক'ব নোৱাৰি৷ কাউন্সিল নবহালৈকে মই থাকিব লাগিব৷... কিন্তু আমাৰ উভয়ৰে কাৰ্যসিদ্ধি কৰিবলৈ আৰু দুদিনমান থকাহে ভাল হ'ব৷ দেশৰ গতি ভাল নহয়৷ ভাল হ'লেও আপোনাৰ ভাল, বেয়া হ'লেও আপোনাৰেই ভাল৷ তাত সন্দেহ নাই৷'
মণিৰামে কলিকতাত বাহৰ পাতি থাকি কেৱল বিদ্ৰোহৰ গতি-বিধিহে লক্ষ্য কৰি আছিল, যাতে ভৱিষ্যতে হ'ব পৰা যিকোনো পৰিস্থিতিৰ সুযোগ ল'ব পাৰে৷ মহিধৰ মুক্তিয়াৰলৈ জুলাইৰ প্ৰথমভাগত লিখা চিঠিখনৰ সাৰমৰ্ম হ'ল – তেওঁ ৰজাৰ ৰাজ্য-সম্পত্তিৰ বৰ্তমান অৱস্থাৰ বাতৰি পাই খুবেই বেজাৰ পাইছে আৰু সেইবাবেই নিজ ঘৰলৈ ঘূৰি যাব নোৱৰা হৈছে৷
মণিৰামৰ এই চিঠিবোৰে অন্ততঃ এয়া প্ৰমাণ কৰে যে কলিকতাত থকাৰ সময়ত মণিৰামৰ চিন্তাধাৰাত অসমক ব্ৰিটিছৰ দখলীমুক্ত কৰিবৰ বাবে কোনো নতুন সম্ভাৱনায়ো ভূমুকি মৰা নাছিল বা চিপাহী বিদ্ৰোহৰ অন্যান্য শীৰ্ষ নেতাসকলৰ সৈতে তেওঁ কোনো যোগাযোগ ৰখা নাছিল৷ তেনে সম্ভাৱনাই ভূমুকি মৰা হ'লে বা বিদ্ৰোহৰ শীৰ্ষ নেতাসকলৰ সৈতে সম্পৰ্ক ৰখা হ'লে, তাৰ ইংগিত চিঠিত থাকিলেহঁতেন৷ অসমলৈ যাবলৈ নোৱৰাৰ যি কাৰণ চিঠিত দেখুৱাইছে, সেই কাৰণটোৱে তেওঁৰ পলায়নবাদী মানসিকতাকহে প্ৰকট কৰে৷ কোনো এখন চিঠিত তেওঁ যুদ্ধৰ বাবে অস্ত্ৰ-শস্ত্ৰ যোগাৰ কৰি দুৰ্গা পূজাৰ সময়ত অসমলৈ আহিব বুলি লিখিলেও তেওঁ কলিকতাত অস্ত্ৰ-শস্ত্ৰ গোটাবলৈ চেষ্টা কৰাৰ কোনো প্ৰমাণ পোৱা নাযায়৷
এইখিনিতে প্ৰশ্ন হয়, জানুৱাৰিৰপৰা ছেপ্টেম্বৰ মাহত গ্ৰেপ্তাৰ হোৱালৈকে মণিৰামে কলিকতাত কি কৰি আছিল? তেওঁ শেষবাৰৰ বাবে কলিকতালৈ যাওঁতে লগত বুজন পৰিমাণৰ ধন-সোণৰ উপৰিও দহ-বাৰৰ দল এটা লগত লৈ যোৱাৰ কথা জনা যায়৷ এই দলটোত আছিল এজন পুৰোহিত, চাৰিজন লগুৱা, দুজন ৰান্ধনি, এজন পণ্ডিত আৰু দক্ষিণপাট সত্ৰৰ জনদিয়েক ভকত৷ তেওঁ কলিকতাত ১৮৫৭ চনৰ জানুৱাৰি মাহত উপস্থিত হয় যদিও গৱৰ্নৰ জেনেৰলক আবেদন দিয়ে মে' মাহৰ ছয় তাৰিখেহে৷ এখন আবেদন প্ৰস্তুত কৰোতে এসপ্তাহতকৈ বেছি দিন নালাগে৷ তেন্তে, জানুৱাৰিৰপৰা মে'ৰ প্ৰথম সপ্তাহলৈ তেওঁ কলিকতাত কি কৰিছিল? তেওঁ কলিকতাৰ ধনী বণিক লাটু বাবুৰ ঘৰত উঠিছিল৷ উল্লেখ্য যে পূৰ্বে ১৮৩৬ চনত ৰজা পুৰন্দৰ সিংহৰ হকে আৰ্জি দিবলৈ কলিকতালৈ যাওঁতেও তেওঁ লাটু বাবুৰ ঘৰতে আছিল৷ বেণুধৰ শৰ্মাই লিখিছে – ‘..দেৱানৰ মান, সম্ভ্ৰম, বুদ্ধি আৰু ৰাজনৈতিক নেতৃত্বৰ কথা লাটু বাবুৰ ঘৰলৈ অহা বণিক সম্প্ৰদায়ৰ মুখত পৰি গোটেই কলিকতা বিয়পি গ'ল৷’
বেণুধৰ শৰ্মাই লিখিছিল – ‘বাত বেমাৰৰ চিকিৎসা সম্পূৰ্ণ নোহোৱাৰ বাবেই বোধকৰো তৎকালেই অসমলৈ গুচি আহিব নোৱাৰিছিল৷' উপেন বৰুৱায়ো মণিৰামে নিজৰ চিকিৎসা আৰু ৰজা কন্দৰ্পৰ হৈ আৰ্জি দিবলৈ কলিকতালৈ গৈছিল বুলি লিখিছে৷ অৰ্থাৎ মণিৰামে কেৱল ৰজাৰ কামত কলিকতালৈ যোৱা নাছিল, নিজৰ বাত বেমাৰৰ চিকিৎসাৰ বাবেও গৈছিল৷ ৰজাৰ হৈ কৰ্তৃপক্ষক সাক্ষাৎ পোৱাত ব্যৰ্থ হোৱাত তেওঁৰ কলিকতাত বাত বেমাৰৰ চিকিৎসাৰ বাহিৰে বেলেগ কোনো কাম নাছিল৷ দীৰ্ঘদিনৰ বাতৰোগী মণিৰামে জানিছিল, এই বেমাৰৰ দীঘলীয়া চিকিৎসাৰ প্ৰয়োজন৷ সেয়ে তেওঁ কলিকতাত দীৰ্ঘ দিন থকাৰ পৰিকল্পনা কৰিয়েই লগুৱা-লিকচৌ লৈ সদলবলে কলিকতালৈ গৈছিল৷ কলিকতাত ৰোগৰ চিকিৎসা কৰোৱাৰ উপৰি সোঁহাতে ৰূপৰ ধোঁৱাখোৱাত আৰু বাঁওহাতে সোণৰ ধোঁৱাখোৱাত ধঁপাত হুপি হুপি আৰু অসমলৈ উচটনিমূলক চিঠি লেখি লেখিয়েই তেওঁ দিনবোৰ পাৰ কৰি দিছিল৷

অৱশ্যে দেৱানে ঠিকেই বুজি পাইছিল যে অসমত বিদ্ৰোহৰ উত্থান ঘটাবলৈ এক অনুকূল পৰিবেশ আছিল৷ সেই সময়ত অসমত এজনো ইউৰোপীয় সৈন্য নাছিল আৰু চাহ বাগানৰ ইউৰোপীয় খেতিয়কসকলো বিভিন্ন অঞ্চলত সিঁচৰতি হৈ আছিল৷ তেওঁ ভাবিছিল যে অসমত থকা চিপাহীৰ সহায়ত তেওঁলোকক হত্যা কৰি দেশখন তেওঁলোকৰ কবলৰপৰা মুক্ত কৰিব পাৰিব৷

এই আলোচনাৰপৰা আমি এনেকৈ ভাবিব পাৰো নেকি যে দেৱানে স্বাৰ্থপৰতা আৰু সুবিধাবাদী চৰিত্ৰ ত্যাগ কৰি কলিকতাৰপৰা চিঠি লিখি থকাতকৈ নিজৰ জন্মভূমিত থাকি বিদ্ৰোহৰ নেতৃত্ব লোৱা হ'লে বিদ্ৰোহৰ চক্ৰান্ত ফাদিল নহ'লহেঁতেন আৰু তেতিয়া হয়তো অসমৰ ইতিহাসতে এক নতুন অধ্যায়ৰ সূচনা হ'লহেঁতেন৷ সেইদৰে,ব্ৰিটিছৰ সৈতে প্ৰতিদ্বন্দ্বিতা কৰি চাহ বাগিচা স্থাপনেৰে অসমত এক নতুন অৰ্থনৈতিক ভেটি গঢ়িবৰ বাবে মণিৰাম দেৱানে গ্ৰহণ কৰা সাহসী আৰু দূৰদৰ্শী ভূমিকাক আমি প্ৰশংসা কৰিবই লাগিব৷ এই সম্পৰ্কত পৰৱৰ্তী সংখ্যাত বহলাই আলোচনা কৰা হ'ব৷

গ্ৰন্থপঞ্জী

১. স্বাধীনতা আন্দোলন আৰু অসম,অসম প্ৰকাশন পৰিষদ।

২. চিপাহী বিদ্ৰোহ আৰু পৰ্বতীয়া বৰুৱা, গোলোকেশ্বৰ বৰুৱা৷

৩. হেৰোৱা দিনৰ কথা,ড: লীলা গগৈ।

৪. বেলি মাৰ ',ড: লীলা গগৈ।

৫. মণিৰাম দেৱান,বেণুধৰ শৰ্মা।

৬. আমাৰ বেণুধৰ,বেণুধৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ৷

৭. মণিৰাম দেৱানৰ গীত, ড: লীলা গগৈ৷

  1. A History of Assam – Edward Gait.
  2. A Glinpse of Assam – Upen Barua
  3. A Comprehensive History of Assam – Dr. S. Barua.
  4. Assam in the Days of Company – Dr. H. K. Barpujari.
  5. Politcal History of Assam during the 19th. Century – Dr. B. B. Hazarika.
  6. 1857 in Assam – Dr. Mahendra Bora.
  7. Nationalist Upsurge in Assam – Edited by Dr. A. Barua.
  8. Maniram Dewan and Contemporary Assamese Society – Dr. A. K. Dutta.
  9. Planter Raj to Swaraj – Dr. A. Guha.
Share Button
Print Friendly, PDF & Email

1 Comment : "মণিৰাম দেৱান : দেশপ্ৰেমিকনে?"

  1. Mayuri Baruah

    মনিৰাম দেৱান দৰে ঐতিহাসিক চৰিত্ৰটো ইতিহাস বিষয়ৰ ছাত্ৰই গৱেষণাৰ বিষয়বস্তু হিচাপে ল’ব পৰা সমল আছে ৷লেখাটিৰ পৰা যথেষ্ট নজনা কথা জানিব পাৰিলোঁ ৷

Leave a Comment

Your email address will not be published. Required fields are marked *