মণিৰাম দেৱান আৰু জাতীয় পুঁজি

পূৰ্বৱৰ্তী লেখা : মণিৰাম দেৱান : দেশপ্ৰেমিক নে? »

ফেইচবুকৰ ‘মুক্ত চিন্তা'ৰ গোটৰ ‘দেৱাল'তে আমি ১৫ জুলাই,২০১৫ তাৰিখে অসম ইতিহাসৰ এক আকৰ্ষণীয় চৰিত্ৰ মণিৰাম দেৱানক লৈ দিয়া এটা প'ষ্টক কেন্দ্ৰ কৰি এক গভীৰ পৰ্যায়ৰ¸ নতুন চিন্তা-চেতনা উদ্ৰেককাৰী বিতৰ্ক চলিছিল৷ উক্ত বিতৰ্কত ভাগ লৈ দুগৰাকীমান সন্মানীয় আলোচকে মণিৰাম দেৱানক জাতীয় পুঁজিৰ নিৰ্মাতা হিচাপে অভিহিত কৰিছিল৷ এই আলোচনাত অসমৰ জাতীয় পুঁজি নিৰ্মাণৰ ক্ষেত্ৰত মণিৰাম দেৱানৰ ভূমিকা কেনে আছিল, সেই সম্পৰ্কত কিছু আলোচনা কৰিব বিচৰা হৈছে৷

পূৰ্বৰ আলোচনাত উল্লেখ কৰা হৈছিল যে মণিৰাম দেৱান প্ৰকৃতাৰ্থত দেশপ্ৰেমিক নাছিল, তেওঁৰ দেশপ্ৰেমৰ আঁৰত প্ৰচ্ছন্ন হৈ আছিল আত্মস্বাৰ্থ আৰু সুবিধাবাদ৷ ঐতিহাসিকসকলে স্বাধীনতা আন্দোলনৰ সময়ছোৱাত এক জাতীয় বীৰসত্তা নিৰ্মাণৰ স্বাৰ্থতেই হওক বা অন্য কোনো কাৰণতেই হওক, মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ চৰিত্ৰৰ নেতিবাচক দিশবোৰ (যিয়ে অসমৰ স্বাধীনতাৰ ৰবি অস্তমিত কৰি তোলাত অৰিহণা যোগাইছিল) ঢাকোন দি ৰাখি তেওঁক অসম বা ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামীৰূপে বন্দিত কৰি থৈ গ'ল৷ সেই ঐতিহাসিকসকলৰ ভিতৰত বেণুধৰ শৰ্মা আছিল অগ্ৰণী৷ শৰ্মাই ‘পূৰ্বৰ লিখিত কথাবিলাকৰ সত্যাসত্য নিৰ্ণয় কৰি, অতিৰিক্ত বা অতিৰঞ্জিতখিনি বাদ দি খাপখোৱাখিনি জোখত ৰাখি আৱেগশূন্য হৈ নিৰপেক্ষভাৱে ঘটনাৰ যি ইতিবৃত্ত লিখা হয় সিয়েই সঞ্জাত যাব পৰা বুৰঞ্জী' (‘জয়মতী কুঁৱৰী : বুৰঞ্জীৰ মৰণোত্তৰ পৰীক্ষা', মণিদীপ, সপ্তম বছৰ, প্ৰথম সংখ্যা, পৃঃ ৫১) বুলি ক'লেও মণিৰাম দেৱান গ্ৰন্থ ৰচনাৰ বেলিকা তেওঁ নিজেই সেই ৰচনা বিধি মানি নচলিল৷ এই সম্পৰ্কত প্ৰসিদ্ধ ঐতিহাসিক ডঃ হেৰম্বকান্ত বৰপূজাৰীয়ে লেখিছে– ‘ ১৯৬৩ চনত প্ৰকাশিত আমাৰ ৰচিত Assam In the Days of the Company গ্ৰন্থত মণিৰামৰ চৰিত্ৰ নতুনকৈ মূল্যায়ন হোৱাত বিদ্বত সমাজত কিছু খু-দুৱনি হ'ল, বীৰ বন্দনাত ব্যাঘাত জন্মিল৷ “নানা সাজ-পোছাক আৰু মণি-মুক্তাৰে সুশোভিত মণিৰামক নঙঠা কৰাত কোনো কোনো মহল বিতুষ্টও হ'ল৷ ...এদিন পুৱা লাখুটিডাল লৈ শৰ্মায়ো আমাৰ উজান বজাৰৰ ঘৰ পায়হি৷ ...ওপৰে ওপৰে চাই তেখেতে সেইদিনা কিতাপ লৈ যায় আৰু কেদিনমানৰ পিছত ফিৰত দি কয়হি, তোমাৰ তথ্যৰ ভালেখিনি ছিলঙৰ অফিচত আছে, ময়ো জানো, কিন্তু সেইখিনি সংযোগ কৰিবলৈ হ'লে মণিৰামৰ আমূল পৰিৱৰ্তন হ'ব৷' (‘বেণুধৰ শৰ্মা : সাহিত্যিক নে ঐতিহাসিক?', গৰীয়সী, তৃতীয় বছৰ, অষ্টম সংখ্যা, মে', ১৯৯৬)৷ বৰপূজাৰীৰ দৰে দুগৰাকীমান নিৰপেক্ষ, তথ্যসচেতন আৰু যুক্তিনিষ্ঠ ঐতিহাসিকে নিৰ্মোহ আৰু নিৰপেক্ষ ইতিহাস চৰ্চাৰে এই সত্য পোহৰলৈ আনে যে মণিৰাম দেৱান প্ৰকৃতাৰ্থত স্বাধীনতা সংগ্ৰামী নাছিল, তেওঁ আছিল বুৰ্জোৱা পুঁজিপতি হোৱাৰ স্বপ্ন দেখা এজন অগ্ৰণী থলুৱা চাহ খেতিয়কহে৷

অন্তৰ্কন্দলত জৰ্জৰিত আহোম ৰাজতন্ত্ৰৰ শাসনাধীন অসম ভূমিৰপৰা মানক খেদিবলৈ আহি ব্ৰিটিছ প্ৰশাসনে প্ৰথমাৱস্থাত অসমৰ সাৰ্বভৌমত্বত কোনোধৰণৰ হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিছিল৷ অথচ, দেশখনত বিপুল প্ৰাকৃতিক সম্পদ প্ৰত্যক্ষ কৰি আৰু সেই সম্পদ লুন্ঠনেৰে ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ আশা দেখি পূৰ্বৰ প্ৰতিশ্ৰুতি আওকাণ কৰিলে৷ ব্ৰিটিছ প্ৰশাসনে অসমত চাহখেতিৰ প্ৰচুৰ সম্ভাৱনাৰ বিষয়ে অৱগত হৈ চাহ বাগিছা পাতিবলৈ পৰম তৎপৰতাৰে উদ্যোগ ল'লেও তৎকালীন অসমৰ দুৰ্গম আৰু বহু পৰিমাণে আচহুৱা অঞ্চলবোৰত বিভিন্ন দিশৰপৰা কেতবোৰ অসুবিধাৰ সন্মুখীন হৈছিল৷ তেনে অসুবিধাবোৰৰ পৰিপ্ৰেক্ষিততে ব্ৰিটিছ প্ৰশাসনে সদ্য ক্ষমতা-অপসাৰিত আহোম ৰাজতন্ত্ৰৰ এচাম আমোলা আৰু সামন্তীয় প্ৰভুৰ সন্ধান কৰিছিল, যিয়ে ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত সহায়-সহযোগ কৰিব পাৰে৷ অৱশ্যে, ব্ৰিটিছ বিষয়াসকলে আহোম ৰাজবংশৰ বিষয়ববীয়াসকলক বিশ্বাসত ল'ব পৰা নাছিল৷ তেওঁলোকে ভালদৰেই বুজিছিল যে আহোম ৰাজবংশৰ স্বাধীনমনা বিষয়ববীয়াসকলে তেওঁলোকক বিশেষ সহায়-সহযোগ নকৰে, বৰং হৃত স্বাধীনতা আৰু মান-মৰ্যাদা উদ্ধাৰৰ বাবে বিদ্ৰোহ কৰি তেওঁলোকৰ স্বাৰ্থ পূৰণত বিধি-পথালিহে দিব৷ সেয়ে তেওঁলোকে আহোম ৰাজতন্ত্ৰৰ প্ৰভাৱশালী অনা-আহোম বিষয়া, কলিতা ৰজা হিচাপে খ্যাত মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ কাষ চাপিছিল আৰু তেওঁক চাহ বাগিছা পাতিবৰ বাবে আৰম্ভ কৰা আসাম কোম্পানিৰ দেৱানৰূপে নিযুক্তি দিছিল৷

দেৱানৰূপে নিযুক্ত হোৱাৰ পূৰ্বেই মণিৰাম বৰভাণ্ডাৰ বৰুৱাৰ উজনি অসমত ইমানেই প্ৰভাৱ-প্ৰতিপত্তি আছিল যে ব্ৰিটিছসকলে তেওঁৰ স্থান আহোম ৰজাৰ পিছতে বুলি গণ্য কৰিছিল৷ মণিৰামৰ এনেদৰে প্ৰভাৱ-প্ৰতিপত্তি বৃদ্ধি পোৱাৰ কাৰণ হ'ল, তেওঁ উত্তৰাধিকাৰী সূত্ৰে পিতৃ পৰিয়ালৰপৰা বৃহৎ পৰিমাণৰ মাটি-বাৰী, ধন-সোণ লাভ কৰাৰ উপৰি আহোম ৰজাৰ আশিসধন্য হৈও বিস্তৰ ভূ-সম্পত্তি, প্ৰায় তিনি হেজাৰ গৰু-ম'হৰ গৰাকী হৈছিল৷ মণিৰামে মৌজাদাৰী লাভ কৰাৰ লগতে নিজাববীয়াকৈ পাম, খাত আদি পাতিছিল৷ চাৰিগৰাকী পত্নীৰ স্বামীত্ব অৰ্জন কৰি যোৰহাট, অৰ্জুনগুৰি, নাজিৰা, বিশ্বনাথ, চাৰিং আদিত আঠটা বাসগৃহ নিৰ্মাণ কৰিছিল৷ মণিৰামে কাঠ, কয়লা, হাতী, আবকাৰী মহল আদি ব্যৱসায়ত জড়িত হোৱাৰ লগতে আহোম ৰাজত্বকালত সাধাৰণ প্ৰজাৰপৰা কৰ হিচাপে সংগৃহীত ৰাজকোষৰ ধন আত্মসাৎ কৰিও নিজৰ ওচৰত অলপীয়াকৈ থলুৱা পুঁজি সঞ্চয় কৰি ৰাখিছিল৷

ব্ৰিটিছ প্ৰশাসন আৰু তেওঁলোকৰ সহযোগী ঔপনিৱেশিক পুঁজিপতিসকলে স্থানীয়ভাৱে এনে এগৰাকী লোকক সাৰথি হিচাপে পাই দুগুণ উৎসাহেৰে চাহ বাগিছা পতা কাৰ্যত মনোনিবেশ কৰিবলৈ ল'লে৷ প্ৰথমাৱস্থাত তেওঁলোক মণিৰামৰ সামাজিক প্ৰভাৱ, বুদ্ধিবৃত্তি আৰু কৰ্মনিষ্ঠাত খুবেই মুগ্ধ হৈছিল৷ তেওঁৰ সহায়-সহযোগে সাম্ৰাজ্য বিস্তাৰৰ গতি ত্বৰান্বিত কৰিব বুলিও পতিয়ন গৈছিল৷ আসাম কোম্পানিৰ ইতিহাসত উল্লেখ আছে –‘The services of Muneeram, the Dewan, appointed on the recommendation of Captain Jenkins, who is a man of wealth and consideration and a native of Upper Assam would be of greatest utility in completing these arrangements.’ (History of the Assam Company)৷ এই মন্তব্যই এয়াই প্ৰতীয়মান কৰে যে আসাম কোম্পানিৰ আস্থা আৰু বিশ্বাসভাজন হোৱা মণিৰাম হৈ পৰিছিল আসাম কোম্পানিৰ সৰ্বময় কৰ্তা৷ নিজৰ যোগ্যতা আৰু বিচক্ষণতাৰ গুণত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ ঘনিষ্ঠ সহযোগী হৈ পৰা মণিৰামক আসাম কোম্পানিয়ে আন ব্ৰিটিছ বিষয়াসকলতকৈ বেছি দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰিছিল৷ এই কাৰ্যত এচাম ব্ৰিটিছ কৰ্মচাৰী অসন্তুষ্ট হ'লেও তেওঁলোকে কোম্পানিৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰতে নীৰৱে আছিল৷ কাৰণ মণিৰামৰ সহায়-সাৰথি আৰু প্ৰতিপত্তিক অৱলম্বন হিচাপে লৈয়ে কোম্পানিয়ে লিগিৰীপুখুৰী আৰু গাভৰু পৰ্বতত চাহ বাগিছা পাতিছিল৷

প্ৰথমাৱস্থাত মণিৰামে ব্ৰিটিছ প্ৰশাসনৰ প্ৰতি চৰম আনুগত্য স্বীকাৰ কৰাই নহয়, ব্ৰিটিছসকলক অমৰাৱতীৰ ৰজা ইন্দ্ৰৰ দৰে শক্তিমন্ত আৰু প্ৰিয়ব্ৰত ৰজাৰ দৰে চিৰগৌৰৱময় হোৱাৰ বাবে ‘ভগৱান'ৰ ওচৰত প্ৰাৰ্থনা জনাইছিল৷ ব্ৰিটিছ প্ৰশাসনৰ বিৰুদ্ধে সময়ে সময়ে স্থানীয় স্বাধীনমনা ব্যক্তিসকলে সূচনা কৰা বিদ্ৰোহবোৰ দমনৰ ক্ষেত্ৰত মণিৰামে আগভাগ লৈছিল৷ কেৱল সেয়াই নহয়, ব্ৰিটিছ সাম্ৰাজ্যবাদীসকলে আহোমৰ ৰাজধানী গড়গাঁৱৰ পুৰণি কীৰ্তিস্তম্ভ আদি ধ্বংস কৰি তাত চাহ বাগিছা পতা আৰু চাওফাসকলৰ মৈদাম খান্দি তাত পোত খাই থকা বহু মূল্যৱান মণি-মুকুতা আদি নিজ দেশলৈ নিয়া কাৰ্যৰ প্ৰতিও মণিৰামে নীৰৱে সমৰ্থন আগ বঢ়াইছিল৷

সেই একেজন মণিৰাম দেৱানৰ ব্ৰিটিছ প্ৰশাসনৰ সৈতে কিয় সংঘাত আৰম্ভ হ'ল, সেয়া অসম ইতিহাসৰে এক কৌতূহলোদ্দীপক বিষয়৷ সেই সংঘাতৰ আঁৰত কেনেধৰণৰ কথাই ক্ৰিয়া কৰিছিল, তাৰ সঠিক বিশ্লেষণ নহ'লে মণিৰামৰ চৰিত্ৰটিৰ অধ্যয়ন সম্পূৰ্ণ নহয়৷ মণিৰাম চৰিত্ৰৰ পুংখানুপংখ অধ্যয়নে এয়া স্পষ্ট কৰে যে অসমীয়া অভিজাত সম্প্ৰদায়ৰ এই বিচক্ষণ প্ৰতিভূজনে কোম্পানিক সহায় কৰিছিল ঠিকেই, কিন্তু তাৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল অসমৰ ভৌগোলিক অৱয়ব আৰু সমাজ জীৱনৰ সৈতে প্ৰায় অপৰিচিত ব্ৰিটিছসকলক শ'লঠেকত পেলাই নিজৰ সুবিধাবাদ আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰি ৰখাহে৷ ইউৰোপীয় বুৰ্জোৱা পুঁজিবাদীৰ সংস্পৰ্শলৈ আহি মণিৰামে কম সময়তে বুজি পাইছিল যে চাহ খেতি এক লাভজনক ব্যৱসায় আৰু ৰাজ্যখনত এই খেতিৰ প্ৰচুৰ সম্ভাৱনা আছে৷ সেয়ে নিজাববীয়াকৈ সঞ্চয় কৰি ৰখা পুঁজিখিনি তেওঁ চাহ খেতিত বিনিয়োগ কৰিবৰ বাবে পৰিকল্পনা কৰিছিল৷ এই পৰিকল্পনা বাস্তৱায়িত কৰাৰ পূৰ্বে চাহ খেতি কৰিবৰ বাবে প্ৰয়োজনীয় কিটিপ-কৌশলবোৰ আয়ত্ত কৰি লোৱাটো তেওঁৰ বাবে প্ৰয়োজন হৈ পৰিছিল আৰু সেই উদ্দেশ্যৰে তেওঁ ইংৰাজৰ লগত মিতিৰালিও প্ৰগাঢ় কৰি তুলিছিল৷

মণিৰামে ‘ব্ৰিটিছতে শিকা ব্ৰিটিছতে বিকা'ৰ পাং পাতিলেও তেওঁৰ সেই গোপন অভিপ্ৰায় ব্ৰিটিছসকলে পাছলৈ নুবুজাকৈ থকা নাছিল৷ ব্ৰিটিছসকলে সুযোগসন্ধানী আৰু উচ্চাকাংক্ষী মণিৰামে একচেটিয়াকৈ তেওঁলোকৰ সমকক্ষ হৈ চাহ খেতিত পুঁজি বিনিয়োগ কৰাটো কোনোপধ্যে মানি ল'ব পৰা নাছিল৷ মণিৰামে নিজৰ সঞ্চিত পুঁজিৰ স্বাধীন বিকাশৰ উদ্যোগ লৈ ব্ৰিটিছৰ ঔপনিৱেশিক স্বাৰ্থত বিধি-পথালি দিয়াৰ বাবেই বিলৈ-বিপত্তিৰো সন্মুখীন হ'বলগীয়া হ'ল৷ ব্ৰিটিছ প্ৰশাসনে মণিৰামৰ পৰিকল্পনা কলিতে ব্যৰ্থ কৰিবৰ বাবে তেওঁৰ ওপৰত অৰ্থনৈতিক হেঁচা প্ৰয়োগ কৰিবলৈ ধৰিলে৷ সেই উদ্দেশ্যৰে প্ৰশাসনে মাটিৰ খাজনা বৃদ্ধি কৰাত তেওঁ খাজনা হিচাপে ভৰিবলগীয়া পৰিমাণ পাঁচশ টকালৈ বৃদ্ধি পালে৷ অথচ, সেই সময়ত প্ৰতি পুৰা ৰূপিত মাটিৰ খাজনা আছিল এটকা চাৰি অনা৷ অবিভক্ত শিৱসাগৰ জিলাৰ দায়িত্বত থকা ব্ৰডি চাহাবে মণিৰামৰ বিৰুদ্ধে বিভিন্ন প্ৰশাসনীয় কূট-কৌশল প্ৰয়োগ কৰাৰ ফলত দেৱানৰ হাতত অৱশিষ্ট হিচাপে ৰ'লগৈ মাথোন তিনিখন মৌজা আৰু পঞ্চাশ টকীয়া মাহিলি বেতনৰ চিৰস্তাদাৰিটোহে৷ ব্ৰডিৰ পাছত প্ৰশাসনৰ দায়িত্বত থকা হলৰইড চাহাবেও একে উদ্দেশ্যৰে মণিৰাম দেৱানক পুৰন্দৰ সিংহই বন্দোবস্তি দিয়া তিনিওখন মৌজা সামান্য অজুহাততে বাজেয়াপ্ত কৰি মণিৰামতকৈ সামাজিকভাৱে নিম্ন স্তৰৰ লোকক গতাই দিলে৷ এনেদৰে মণিৰামৰ পূৰ্বৰ মান-যশ আৰু প্ৰভাৱ-প্ৰতিপত্তি হ্ৰাস কৰা হৈছিল৷

সন্দেহ নাই যে মণিৰাম দেৱানে ব্ৰিটিছ প্ৰশাসনৰ ছত্ৰছায়াত তেওঁৰ ব্যক্তিগত উচ্চাকাংক্ষা আৰু সুবিধাবাদ পূৰণ হোৱাটো অসম্ভৱ বুলি নিশ্চিত হৈ পৰাৰ পাছতেই সাম্ৰাজ্যবাদী ব্ৰিটিছৰ দখলৰপৰা অসমক মুক্ত কৰিবলৈ আৰু আহোম শাসনৰ পুনৰুদ্ধাৰেৰে নিজৰ প্ৰতিপত্তি পুনৰ প্ৰতিষ্ঠা কৰিবলৈ তৎপৰ হৈ উঠিল৷ এই উদ্দেশ্যৰে তেওঁ অসমৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা ব্ৰিটিছ বিষয়া মফট মিলছৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰিছিল৷ স্মাৰকপত্ৰত মণিৰামে দেখাত কন্দৰ্পেশ্বৰ সিংহৰ সপক্ষে ওকালতি কৰিলেও তেওঁৰ গোপন উদ্দেশ্য আছিল নিজৰ হৃত প্ৰভাৱ-প্ৰতিপত্তি পুনৰুদ্ধাৰ কৰাহে৷ অৱশ্যে, উক্ত স্মাৰকপত্ৰত মণিৰাম দেৱানৰ অসমৰ আৰ্থ-সামাজিক, ৰাজনৈতিক আৰু প্ৰশাসনিক দিশত থকা গভীৰ জ্ঞানৰ পৰিচয় ফুটি ওলাইছিল৷

মণিৰাম দেৱানৰ আৰ্জিখন পাই মফট মিলছে উপলব্ধি কৰিছিল যে যিগৰাকী লোকক কমিছনাৰ জেনকিনছে প্ৰখৰ বুদ্ধিসম্পন্ন আৰু প্ৰতিপত্তিশীল ৰূপে বিবেচনা কৰি আসাম কোম্পানিৰ দেৱান হিচাপে নিযুক্তি দিছিল, তেনে এজন লোকৰ প্ৰভাৱ আৰু প্ৰতিপত্তি হ্ৰাস নকৰিলে অদূৰ ভৱিষ্যতে ঔপনিৱেশিক স্বাৰ্থ পূৰণৰ ক্ষেত্ৰত পদে পদে বাধাৰ সন্মুখীন হ'ব৷ ব্ৰিটিছে উপনিৱেশিক স্বাৰ্থ পূৰণৰ পথ মসৃণ কৰি ৰাখিবৰ বাবে মণিৰামৰ বিৰুদ্ধে নানা কূট-কৌশল ৰচনা কৰিবলৈ ধৰাত মণিৰামে এইবাৰ আবেদন-নিবেদনেৰে কাম নিসিজিব বুলি ভাবি অসমৰ একাংশ স্বাধীনতাকামী ব্যক্তিৰ সহযোগত ব্ৰিটিছবিৰোধী সশস্ত্ৰ অভিযানৰ পৰিকল্পনা কৰিলে৷ উক্ত অভিযানত মণিৰামে হ'লে এক নিৰাপদ দূৰত্বতহে অৱস্থান কৰিছিল৷ অৰ্থাৎ কলিকতাত আশ্ৰয় লৈ অসমৰ বিদ্ৰোহীসকললৈ উচটনিমূলক চিঠি লেখিয়েই তেওঁ বিদ্ৰোহী ভূমিকা পালন কৰিছিল৷ দুৰ্ভাগ্যবশতঃ মণিৰামৰ সেই পৰিকল্পনা ব্যৰ্থ হ'ল৷ মণিৰামে ‘ভাট'ৰ যোগেদি ৰজালৈ পঠোৱা এখন গোপন চিঠি যোৰহাটৰ আৰক্ষী দাৰোগা হৰনাথ পৰ্বতীয়া বৰুৱাৰ হাতত ভুলক্ৰমে পৰাৰ পাছতে কৰ্নেল জেনকিন্স, কৰ্নেল হেনে আৰু হলৰইডে বিদ্ৰোহ মষিমূৰ কৰিবলৈ তৎক্ষণাৎ কঠোৰ প্ৰতিৰোধমূলক ব্যৱস্থা গ্ৰহণ কৰে৷ মণিৰামক কলিকতাত গ্ৰেপ্তাৰ কৰাৰ লগতে অসমত থকা বিদ্ৰোহীসকলকো কৰায়ত্ত কৰা হয়৷ ৰাজদ্ৰোহৰ অপৰাধত বিদ্ৰোহীসকলৰ বিচাৰ কৰি মণিৰামক মৃত্যুদণ্ড দিয়া হয়৷

মণিৰাম চৰিত্ৰটিৰ অধ্যয়নৰ অন্তত এই সিদ্ধান্তত উপনীত হ'ব পাৰি যে মণিৰামক প্ৰকৃতাৰ্থত স্বাধীনতা সংগ্ৰামী বুলি অভিহিত কৰিব নোৱাৰিলেও তেওঁ আছিল থলুৱা পুঁজি (সেই পুঁজি যি উপায়েৰেই সংগ্ৰহ নকৰক)ৰ বিকাশ বিচৰা এজন ভৱিষ্যদৰ্শী অসমীয়া উদ্যোগপতি৷ প্ৰচণ্ড উচ্চাকাংক্ষী আৰু আত্মবিশ্বাসী মণিৰাম দেৱানে আসাম কোম্পানি ত্যাগ কৰাৰ পাছত আপোন চেষ্টা আৰু অধ্যৱসায়ৰ গুণত ব্ৰিটিছৰ অলেখ প্ৰতিবন্ধকতা নেওচিও চিনামৰা আৰু চেংলুঙত দুখনকৈ চাহ বাগিছা স্থাপন কৰি কম সময়ৰ ভিতৰতে নদন-বদন কৰি তুলিছিল৷ উল্লেখ্য যে ১৮৫২ চনলৈকে শিৱসাগৰত গাইগুটীয়াকৈ পতা তিনিখন বাগিছাৰ দুখনেই আছিল মণিৰাম দেৱানৰ, এখনহে চাহাবৰ৷ ব্ৰিটিছ পুঁজিপতিসকলৰ লগত সমানে ফেৰ মাৰিবলৈ মণিৰামে সুদূৰ চীন দেশৰপৰাও চাহ খেতিত অভিজ্ঞ লোক অনাৰ বন্দবস্ত কৰিছিল৷ সেইদৰে, নিজৰ বাগিছা দুখনত উৎপাদিত চাহপাত স্থানীয় বজাৰতে বিক্ৰী কৰাৰ বাবে সকলো প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাত থলুৱা বাসিন্দাসকলৰ মাজত প্ৰয়োজনীয় পানীয় হিচাপে চাহৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিছিল৷ এনেদৰেই মণিৰাম দেৱানে চাহ বাগিছাৰ স্বত্বাধিকাৰীৰূপে প্ৰথমগৰাকী অসমীয়া তথা ভাৰতীয় হোৱাৰ খ্যাতি অৰ্জন কৰিবলৈ সমৰ্থ হৈছিল৷

ব্ৰিটিছ ঔপনিবেশিক চৰিত্ৰৰ প্ৰশাসন আৰু বিনিয়োগৰ ধাৰাটিৰ লগত সমানে ফেৰ মাৰিবলৈ মৰসাহ কৰা মণিৰাম দেৱানে পৰিকল্পনা কৰা মতে আগ বাঢ়িবলৈ সুবিধা লাভ কৰা হ'লে অসমত নিঃসন্দেহে থলুৱা পুঁজিৰ অৱলম্বনত অৰ্থনৈতিক উদগতিৰ এক নতুন ধাৰা প্ৰৱৰ্তন হ'লেহঁতেন৷ সেইদৰে, তেওঁ আত্মস্বাৰ্থ আৰু সুবিধাবাদী মানসতাৰপৰা মুক্ত হৈ থাকিব পৰা হ'লে তেওঁৰ বিচক্ষণতা, প্ৰতিভা আৰু দূৰদৰ্শিতাৰ জোৰত অসমৰ ইতিহাসৰ গতিয়েই সলনি হৈ পৰিলহেঁতেন৷

টুনুজ্যোতি গগৈ

গ্ৰন্থপঞ্জী

১. স্বাধীনতা আন্দোলন আৰু অসম, অসম প্ৰকাশন পৰিষদ।

২. চিপাহী বিদ্ৰোহ আৰু পৰ্বতীয়া বৰুৱা, গোলোকেশ্বৰ বৰুৱা৷

৩. হেৰোৱা দিনৰ কথা, ডঃ লীলা গগৈ।

৪. বেলি মাৰ গ', ডঃ লীলা গগৈ।

৫. মণিৰাম দেৱান, বেণুধৰ শৰ্মা৷

৬. আমাৰ বেণুধৰ, বেণুধৰ শৰ্মাৰ সোঁৱৰণী গ্ৰন্থ৷

৭. মণিৰাম দেৱানৰ গীত, ডঃ লীলা গগৈ৷

  1. A History of Assam – Edward Gait.
  2. A Glimpse of Assam– Upen Barua.
  3. Report on Assam­– A. J. M. Mills.
  4. A Comprehensive History of Assam– Dr. S. Barua.
  5. Assam in the Days of Company– Dr. H. K. Barpujari.
  6. Politcal History of Assam during the 19th. Century- Dr. B. B. Hazarika.
  7. 1857 in Assam – Dr. Mahendra Bora.
  8. Nationalist Upsurge in Assam– Edited by Dr. A. Barua.
  9. Maniram Dewan and Contemporary Assamese Society– Dr. A. K. Dutta.
  10. Planter Raj to Swaraj– Dr. A. Guha.

আলোচনী

১.মণিদীপ, সম্পাদক : মহেন্দ্ৰ বৰা।

২. গৰীয়সী, সম্পাদক : চন্দ্ৰপ্ৰসাদ শইকীয়া৷

Share Button
Print Friendly, PDF & Email

1 Comment : "মণিৰাম দেৱান আৰু জাতীয় পুঁজি"

  1. Kharkhua

    " এই উদ্দেশ্যৰে তেওঁ অসমৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে অনুসন্ধান কৰিবলৈ অহা ব্ৰিটিছ বিষয়া মফট মিলছৰ ওচৰত এখন স্মাৰকপত্ৰ দাখিল কৰিছিল৷ স্মাৰকপত্ৰত মণিৰামে দেখাত কন্দৰ্পেশ্বৰ সিংহৰ সপক্ষে ওকালতি কৰিলেও তেওঁৰ গোপন উদ্দেশ্য আছিল নিজৰ হৃত প্ৰভাৱ-প্ৰতিপত্তি পুনৰুদ্ধাৰ কৰাহে৷"

    I agree that Maniram's character is in a grey zone. Rather than making him the saint or devil I will accept him as he was. But could the writer of the article please explain how he got the idea of "গোপন উদ্দেশ্য" as mentioned above? Are there any sources? Or is it just your own interpretation/guess based on a personal bias?

Leave a Comment

Your email address will not be published. Required fields are marked *