অনুবাদগল্প

জমাখৰচ (মূল: মনোজ বসু; অনুবাদ: বৰ্ণালী বৰুৱা দাস)

 

সৰু জীয়াৰীৰ বিয়াৰ ৰাতি ৰসময় ডাঙৰীয়া হঠাৎ ঢুকাই থাকিল‌। হোম পোৰা, সম্প্ৰদান দিয়া ইত্যাদি হৈ গৈছিল, সেয়ে ৰক্ষা‌। হঠাৎ কি হ’ল, কোনো ডাক্তৰেও ধৰিব নোৱাৰিলে‌।

মৃতদেহ জ্বলাই, জুইত হাত-ভৰি সেকি, নিমপাত চোবাই, লোহা চুই পাছদিনা দুপৰীয়া তেওঁলোকৰ চ’ৰাঘৰত বহিছোঁ‌। সদ্যবিধৱা যোগমায়া দেৱীয়ে ফেঁকুৰি ফেঁকুৰি কান্দিবলৈ ধৰিলে‌। সম্পৰ্কত তেওঁ মোৰ বাইদেউ‌। গিৰীয়েক ৰসময়ৰ কিমান যে গুণ গালে‌! তাৰ পাছত আঁচলেৰে চকু মচি ক’লে, চোৱাচোন ধাৰ-বাকী কি ক’ত দিব-পাবলগা আছে? সমস্ত জমাখৰচ ৰাখিছিল তেওঁ‌। মই চকুৰে ভালকৈ নমনো‌, তুমিয়েই চাই দিয়াচোন ভালকৈ!

চকুৰে ভালকৈ মনিব পাৰিলেও তেওঁ পঢ়িব নোৱাৰে‌। আখৰ চিনি নাপায়, সেইটো মই জানো‌। কিন্তু, কি বিপুল কাণ্ড কৰি থৈ গৈছে ৰসময় ডাঙৰীয়াই! পকা-বন্ধা ডাঙৰ ডাঙৰ বহীৰে প্ৰকাণ্ড এটা আলমাৰি ভৰা‌। প্ৰথম জীৱনৰপৰা প্ৰতিটো দিনৰ প্ৰত্যেকটো পা-পইচাৰ হিচাপ থৈ গৈছে‌। কোন মালিক ক’ত আছে, তেওঁৰ ওচৰত দিব পৰাকৈ পাই পাইকৈ হিচাপ সাজু‌। পাবলগা টকাৰ সন্ধান নাপালো‌, কিন্তু ৰসময় ডাঙৰীয়া কি ৰোগত মৰিল, সেইটো যেন ধৰোঁ ধৰোঁ কৰি পেলালো‌। জমাখৰচৰপৰা ৰোগৰ নিদান-নিৰ্ণয়‌! অ’ৰ-ত’ৰপৰা কেইটামান হিচাপ তুলি দিছোঁ, আপোনালোকেও চাওকচোন—

২৮ ব’হাগ—

ডাঙৰ ছোৱালী কুন্তীয়ে ছবি আঁকিব‌। সেই বাবদ শিক্ষকৰ বাবে বিজ্ঞাপন দিয়া হয় – ৪ টকা

কুন্তীৰ চাবোন, গোন্ধ-তেল, স্ন’-ক্ৰিম-পাউদাৰ আৰু ছেণ্ডেল ইত্যাদি – ১৩ টকা ৬ অনা

১২ জেঠ –

চাহ এক পাউণ্ড – ২ টকা

বিস্কুট এক টিন – ২ টকা ১০ অনা

মাখন এক বাটি – ২ টকা ১২ অনা

ময়দা আঢ়ৈ সেৰ – ১ টকা ১২ অনা

ঘিঁউ  ১ পোৱা – ৪ টকা ১২ অনা

২ আহাৰ

চিত্ৰলেখাৰ মাষ্টৰৰ এমাহৰ দৰমহা – ২৫ টকা

চিত্ৰলেখা আৰু মাষ্টৰ মহাশয়ৰ চিনেমাৰ টিকট – ২ টকা আঠ অনা

সেই বাবদ টেক্সি ভাড়া ইত্যাদি – ৩ টকা ৭ অনা

( কুন্তীৰ নাম চিত্ৰলেখা হ’ল হ’বলা!! ছবি আঁকে সেইকাৰণে?)

৪ শাওণ

চিত্ৰলেখাৰ দৰা ঘৰৰ মানুহে বিয়া বন্দবস্ত কৰিবলৈ অহাৰ খৰচ – ২০ টকা ৭ অনা

শুভবিবাহৰ নিমন্ত্ৰণী পত্ৰৰ ছপা খৰচ – ৪ টকা ৮ অনা

২২ শাওণ

শুভবিবাহৰ মুঠ খৰচ (খাদ্য নিয়ন্ত্ৰণৰ বাবে নিমন্ত্ৰিতসকলক বাদাম ভজা খুওৱা হৈছিল) – ১২৭ টকা ৯ অনা

২৪ শাওণ

মাজু ছোৱালী খুন্তীয়ে গান শিকিব‌। সেই বাবদ গানৰ স্কুলত নামভৰ্তিৰ খৰচ – ২৫ টকা‌।

হাৰমোনিয়াম – ৬৫ টকা

(বিয়াৰ হুলস্থূল শাম কাটোঁতে-নাকাটোঁতেই ! অকাৰণে সময় খৰচ ৰসময়ৰ সহ্য নহয়‌।)

১৫ ভাদ

গানৰ মাষ্টৰসকলক ঘৰলৈ কৰা নিমন্ত্ৰণ আৰু জলসা আদিৰ খৰচ – ৫০ টকা ৬ অনা

১৬ ভাদ

গীতিলেখাৰ বাবে চেতাৰ কিনাৰ খৰচ – ১০২ টকা

(খুন্তী হৈ গ’ল গীতিলেখা! ৰসময় ৰসিক আছিল নিঃসন্দেহে‌।)

১৯ ভাদ

চেতাৰ শিক্ষকৰ চাহ-তামোলৰ বাবে মাকৰ ওচৰত জমা থোৱা হয় – ৩ টকা ৮ অনা

তেখেতৰ চিগাৰেট আদিৰ বাবে গীতিলেখাৰ ওচৰত জমা ৰখা হয় – ৫ টকা

৩০ ভাদ

সুৰঞ্জনৰ দেউতাকৰ ওচৰলৈ যোৱা বাছ ভাড়া – ৩ অনা ১০ পইচা

টিঞ্চাৰ আয়’ডিন, বেণ্ডেজ ইত্যাদি – ১৪ অনা

ঘূৰি আহিবলৈ টেক্সি – ৩ টকা

( বিয়াৰ প্ৰস্তাৱ দিবলৈ গৈ এই দুৰ্গতি? কি সৰ্বনাশ!)

২ কাতি

সুৰঞ্জন আৰু গীতিলেখাৰ পৰিণয়ত ৰেজিষ্ট্ৰেচন ফীজ আৰু অন্যান্য – ৩৩ টকা ৭ অনা

(শেষ ৰক্ষা যে হ’ল, সেয়ে বহুত!)

৩ কাতি

খেঁদীৰ ঘৰুৱা শিক্ষকৰ বাবে বিজ্ঞাপন – ৪ টকা

খেঁদীৰ ছেণ্ডেল, চাবোন, পাউদাৰ-স্ন’ ইত্যাদি ছেলটেক্সসহ – ১৮ টকা ৭ অনা ১০ পইচা

কিতাপ-বহী – ১২ টকা ১৩ অনা

১৭ আঘোণ

ঘৰুৱা শিক্ষকৰ নৱেম্বৰৰ ফীজ – ২৫ টকা

মঞ্জুশ্ৰী আৰু মাষ্টৰৰ চিনেমাৰ টিকট – ২ টকা ৮ অনা

সেই বাবদ টেক্সি ভাড়া আৰু অন্যান্য – ৩ টকা ১০ অনা

১৯ পুহ

মাষ্টৰৰ ডিচেম্বৰৰ ফীজ – ২৫ টকা

এক পাউন্ড চাহ – ২ টকা ৮ অনা

বিস্কুট এক টিন – ৩ টকা ১৪ অনা

মাখন এক বাটি – ৪ টকা

ময়দা – ২ টকা ৮ অনা

জানুৱাৰি মাহৰ বাবে মাষ্টৰৰ মিঠাই আদিৰ বাবে মাকৰ ওচৰত জমা ৰখা হয় – ১৫ টকা

২২ মাঘ

মাষ্টৰৰ জানুৱাৰিৰ ফীজ – ২৬ টকা

২০ ফাগুন

মাষ্টৰৰ ফেব্ৰুৱাৰিৰ ফীজ – ২৫ টকা

৩০ কাতি

মাৰ্চৰপৰা আগষ্টলৈকে সুদসহ মাষ্টৰৰ পিতৃ শ্ৰী নকুল চন্দ্ৰ ধাড়াৰ ওচৰত পৰিশোধ – ২২৭ টকা

(মুঠ আঠ মাহৰ ফীজ লৈ গ’ল, গালত চৰ মাৰি! উস্!)

৩ আঘোণ

খেঁদীৰ দৰা ঘৰৰ মানুহে বিয়া বন্দবস্ত কৰিবলৈ অহাৰ খৰচ – ২৩ টকা ৭ অনা

বৰপণ, মাৰাফৎ শ্ৰী নকুল চন্দ্ৰ ধাড়া – ৩০০১ টকা

(আৰু মঞ্জুশ্ৰী নহয়, পুনশ্চ খেঁদী)

৭ আঘোণ

ঘৰ বন্ধকৰ দলিল সম্পাদনৰ খৰচ মুঠ – ৩৩৫ টকা ৮ অনা

২১ আঘোণ

খেঁদীৰ বিয়াৰ গহনাৰ মূল্য পৰিশোধ, মাৰাফৎ শ্ৰী ঋষিভূষণ মালাকাৰ – ১৭১০৮ টকা

শ্ৰীমতী খেঁদীৰ বিয়াৰ তাৰিখ ২৪ আঘোণ‌। ৰসময় ডাঙৰীয়াই সেই ৰাতিয়েই দেহত্যাগ কৰে‌। বিয়াৰ আনুষংগিক খৰচ-পাতি জমাখৰচৰ বহীত তেওঁ লিখি থৈ যাব নোৱাৰিলে‌।

অনুবাদিকাৰ টোকা : মনোজ বসুৰ এই গল্পটোৰ সময়ত ১০০ পইচাত এটকাৰ‌ যুগ আৰম্ভ হোৱা নাছিল। নয়া পইচাৰ যুগৰ গল্পটোৰ হিচাপবোৰ সেয়েহে তেনেকৈয়ে ৰখা হ’ল‌। গল্পটোৰ ফৰ্মটোৱে আগ্ৰহী পাঠকক এক অদ্ভূত সোৱাদ দিব‌। পঢ়ি চাওকচোন!

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *