মানুহজন গ'লগৈ - (পূজা নিৰালা)

শুকান পাগলাদিয়াৰ মাজেৰে
উজাই গ'ল উত্তৰ দিশে
পাৰৰ কঁহুৱা সাক্ষী হৈ ৰ'ল
কঁহুৱাবোৰে টানি ধৰি ৰখাব বিচাৰিছিল মানুহজনক
কিন্তু এক অচিন আকৰ্ষণত
মন্ত্ৰমুগ্ধ হৈ গৈ থাকিল
এটা সময়ত গৈ গৈ নেদেখা হৈ গ'ল মানুহজন
নীলা আকাশ
শুকান বগা নদী
কঁহুৱা বন তেনেকৈ থাকিল
তেতিয়াৰপৰা উভতি অহা নাই মানুহজন
মানুহজনক বিচাৰি একেই নদীয়েদি উজাই গৈ আছো মই
কিমান দূৰ আহিলো নাজানো
মানুহজনৰ উম-ঘাম নাই
এয়া কি ?
ছাঁ !
ছাঁটোৰ পিছে পিছে মই দৌৰিছো
মাথোঁ দৌৰিছো
কিন্তু স্পৰ্শ কৰিব পৰা নাই
অৱশ হৈ পৰিছো
শব্দ এটা ভাহি আহিছে
শব্দটো মোৰ চিনাকি
এৰা, বাট বুলি অহা নৈখনত স্ৰোত
নৈ বৈ যোৱাৰ শব্দ ...
কঁহুৱাবোৰ আকৌ এবাৰ সাক্ষী হৈ ৰ'ল ...

Share Button
Print Friendly, PDF & Email

No Comments : "মানুহজন গ'লগৈ - (পূজা নিৰালা)"

Leave a Comment

Your email address will not be published. Required fields are marked *