মানুহৰ বাবে এটা গদ্য - (নিকু দুৱৰা)

 

(১)
ল’ৰাবোৰ ক’লৈ গ’ল?

ভিতৰপকীয়া নাওবৈচা গাঁও। তিনি বজাতে মানুহবোৰে দুৱাৰ-ঘৰ মাৰি ভাত খাইছে। দুই-এক খুব সাহসী আদহীয়াই গৰু বিচাৰি এতিয়াও পথাৰতে আছে। পঢ়া-শুনা কৰা ল’ৰাবোৰ ক’ৰবাৰ বাঁহতল-ধাননি পথাৰত লেপেটা লাগি পৰি আছেগৈ। ছোৱালীবোৰ ঘৰৰ ভিতৰতে পেঁপুৱা লাগি চুপচাপ হৈ বহি আছে। দেশৰ দিন-কাল বেয়া। মিলিটেৰি আহিছে। পিঠিত দীঘল দীঘল বন্দুক লৈ আহিছে। ল’ৰাবোৰক কোবাইছে আৰু বুটজোতাৰে গুৰিয়াইছে। ডাঙৰ-দীঘল মিলিটেৰি। ছোৱালীবোৰৰ ওপৰত জঁপিয়াই পৰিছে। মানুহৰ মুখে মুখে খবৰ আহিছে, বৰনৈৰ সিপাৰে বোলে ৰাস্তাত ৰৈ থকা ছোৱালীবোৰকো সিঁহতে টানি নিছে! হয় মিলিটেৰি আহিছে। দেচোৱালী মিলিটেৰি। সিঁহতে অসমীয়া বুজি নাপায়। সিঁহতে ৰাতি জোৰকৈ মানুহৰ ঘৰৰ ভিতৰত সোমায়। শুই থকা মতা মানুহবোৰক ধৰি লৈ পিটে আৰু জোৰকৈ চিঞৰে -“চাল্লা হাৰামজাদা, লৰকা কিধৰ হেই?”। বুঢ়া-বুঢ়ী মানুহকো সিঁহতে গৰুৰ পঘাৰে বান্ধে আৰু জোৰকৈ গুৰিয়ায়।
সঁচাকৈ ল’ৰাবোৰ ক’লৈ গ’ল?

(২)
মিলিটেৰিবোৰ আগতেও আহিছিল

হয় মিলিটেৰিবোৰ আগতেও আহিছিল। বগা-ক’লা মিলিটেৰি। মাজে মাজে দেচোৱালী দুটামানো আছিল। সিঁহতে গাঁওবোৰ লুট-পাত কৰিছিল। গাভৰু ছোৱালীবোৰ ডুলিৰ মাজত লুকাই আছিল। তাৰ মাজতো কেতিয়াবা ভাগ্য বেয়া থাকিলে কোনোবা একোজনীহঁতক কেম্পলৈ লৈ গৈছিল। উস, সেই দিনবোৰ!! শুনা গৈছিল সিফালৰপৰা বোলে জাপানীবোৰ আহিছিল। সৰুফুটীয়া জাপানী সেনা। কেতিয়াবা শুনা গৈছিল নেতাজী আহি আছে বোলে স্বাধীনতা লৈ। সিফালে গান্ধীজীৰ আহ্বান অসহযোগৰ। তাৰ মাজতে গাঁওবোৰত চেপা আতঙ্ক কিছুমান ঘূৰি ফুৰিছিল। মাজে মাজে কেইটামান কাষৰ গাঁৱৰ টুটকীয়া আহিছিল— সিঁহতবোৰ মিলিটেৰিৰ স্পাই আছিল। মিলিটেৰিবোৰক মদ, গাহৰি আৰু ছোৱালী লাগে - গৰম তেজৰ ছোৱালী।

(৩)
আমি নাজানো বন্দুকবোৰ কোনে চলাইছে

বুঢ়া মানুহবোৰে, গৰম তেজৰ ছোৱালীবোৰে, হোজা নৱ যুৱকবোৰে বুজি নাপায় বন্দুকবোৰ কালৈ টোঁৱাই ৰখা হৈছে। মাজে মাজে চাৰিওফালে হট্টগোল লাগে। বৰুৱাৰ তিনিআলিত কোনোবা ডেকা ল’ৰাক বোলে মিলিটেৰিয়ে ফুটবল খেলিছে বা কলিতাৰ দোকানখন বোলে কোনোবাই জ্বলাই দিছে। মানুহবোৰ ভয়ত পেঁপুৱা লাগে। গোহালিত কুকুৰাই ডাক দিলেও মানুহবোৰ উচপ খাই উঠে। দুৱাৰ-খিৰিকিবোৰ দিনটোত কাৎচিতহে খোল খায় বা কেতিয়াবা খোল নাখায়েই। কিজানি খিৰিকিখন খুলিলেই বন্দুক এটা গৰজি উঠিব বা এটা চিঞৰ ভাহি আহিব - “চাল্লা হাৰামজাদা, লৰকা কিধৰ হেই?”

বুঢ়াবোৰে বুজি নাপায় বন্দুকবোৰ কোনে চলাই আছে। গান্ধী ৰজাইতো কৈছিল, আমি বোলে স্বাধীন হ’লো। এতিয়া সেই আগৰ দৰে মিলিটেৰিবোৰ নাহে, আমাক কোনেও ‘ব্লাডি পিপুল’ বুলি হাঁহিব নোৱাৰে আৰু কোনেও কাঢ়ি নিব নোৱাৰে ভঁৰালৰ ধানমুঠি। সঁচাকৈ গাঁৱৰ বুঢ়াবোৰে বুজি নাপায় গান্ধীয়ে মিছা কথা কিয় কৈছিল!

(৪)
ভনীমাই দত্তই ভুল কৰা নাছিল

ভনীমাই দত্তই ৰাজনীতি বুজি পোৱা নাছিল। জন্মৰপৰা তাই কেতিয়াও শুনা নাছিল নেশ্যনিলিজম, ৰিজিঅনেলিজিম আদি জিভাত নুফুটা শব্দবোৰ। কোনোবা এটাই তাইক চোঁচৰাই আনিছিল বিছনাখনৰ এটা চুকৰপৰা। এজাক মিলিটেৰিয়ে তাইক থেকেচি থেকেচি চোবাইছিল।
তাই হাতত বন্দুক লোৱা নাছিল। হাবিলৈও যোৱা নাছিল। তাই ভুল কৰা নাছিল।... সঁচাকৈ ল’ৰাবোৰ ক’লৈ গ’ল?

(৫)
মধ্যপ্ৰাচ্যৰ এটা গলি

সিঁহতেও বুজি পোৱা নাই মিছাইলবোৰ ক’লৈ আহিছে। সিঁহতে স্কুলবোৰ ভাঙিছে, হস্পিতেলবোৰ বোমাৰে উৰুৱাইছে আৰু মানুহবোৰক মাৰিছে। সৰু সৰু ল’ৰা-ছোৱালীবোৰো মৰিছে। এবাৰ এখন স্কুলত মিছাইল পৰিছিল। ল’ৰা-ছোৱালীবোৰৰ হাঁহি থকা মুখবোৰ মুহূৰ্ততে নাইকিয়া হৈ পৰিছিল। কেতিয়াবা এটা এটা চেপা চিঞৰ ভাহি আহিছিল। ঠিক কান্দোনো নহয়, কিন্তু একোটাহঁত বিকট চিঞৰ।

এজনী ছোৱালীয়ে বেগ এটাত সাবট মাৰি ধৰি শুই আছিল। পুতলা বান্দৰ এটা বেগটোৰ ওপৰতে ওলমি আছিল। সিফালে ছবিৰ ডৰিমন এটা শুই আছিল কাৰোবাৰ বেগত। সিঁহতবোৰ অকলশৰীয়া হৈ পৰিছিল। সেই পুতলা বান্দৰবোৰ আৰু ডৰিমনবোৰ।

(৬)
আৰু কিছুমান ডুখৰীয়া ছবি

খেতিয়কবোৰ এটা এটাকৈ ওলমি গৈছে। কোনোবা ঘৰৰ চ’তিত, কোনোবা বৰগছৰ ডালত বা কোনোবা ফেনৰ পাংখাত। পাঁছ বছৰৰ আগলৈকে ধানে জকমকাই থকা মাটিবোৰ কেইটামান বছৰৰ ভিতৰতে বালিময় হৈ পৰিল। তাতে আকৌ ভূতৰ ওপৰত দানহ পৰাদি ঋণবোৰৰ বোজাটোও গধুৰ হৈ গৈ আছে। পোৱাতীৰ গা বঢ়াদি বাঢ়িছে ঋণৰ অংকবোৰ। সুতত সুত লাগি বাঢ়িছে। তাৰ মাজতে কেতিয়াবা খবৰ ওলায় - “আজি চুইছ এৰিব, গাঁওবাসী হুচিয়াৰ হৈ থাকিব।”...... হুচিয়াৰ হ’বলৈ গাঁওবাসীবোৰ লাহে লাহে নাইকিয়া হৈ গৈ আছে। বাকী ৰৈছেগৈ বাহিৰত কাম কৰিবলৈ যোৱা ডেকাবোৰৰ ঘৰকেইটা আৰু চৰকাৰী চাকৰিয়ালৰ ঘৰবোৰ। তাৰ বাহিৰে সকলো খেতিয়ক এটা এটাকৈ ওলমি গৈছে।

(৭)
মানুহৰ বাবে এটা গদ্য

মানুহবোৰ এতিয়া নাই। কেতিয়াবাই শেষ হ’ল। কিছুমানক দেচোৱালী মিলিটেৰিয়ে মাৰিলে, কিছুমানক হাবিৰ ল’ৰাই মাৰিলে, কিছুমান য’তে-ত’তে ওলমিল আৰু কিছুমান বোমাত পৰিল। বাকী ৰ’লগৈ কিছুমান নপুংসক, দগাবাজ আৰু কিছুমান বেশ্যা। মানুহবোৰৰ বাবে কোনেও নিলিখিলে এটাও গদ্য। হয় মানুহবোৰৰ বাবে এটাও গদ্য...।

 

Share Button
Print Friendly, PDF & Email

No Comments : "মানুহৰ বাবে এটা গদ্য - (নিকু দুৱৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *