অতিথি সম্পাদকৰ চ'ৰাপঞ্চম বছৰপঞ্চম বছৰ (প্ৰথম সংখ্যা)

বাস্তৱ নে বিভ্ৰম? উচ্চবৰ্ণৰ পুনঃপ্ৰতিষ্ঠাৰ সংগ্ৰামৰ আহিলা মনুসংহিতা — (ড°ভূপেন্দ্ৰ নাথ গোস্বামী)

লোকানাং তু ৱিবৃদ্ধ্যৰ্থ মুখ বাহুৰুপাদতঃ।

ব্ৰাহ্মণং ক্ষত্ৰিয়ং ৱৈশ্যং শূদ্ৰং চ নিৰৱৰ্ত্তয়ৎ॥ (মনুসংহিতা, ৩১)

সংসাৰ বৃদ্ধিৰ বাবে মুখৰ পৰা ব্ৰাহ্মণক, বাহুৰ পৰা ক্ষত্ৰিয়ক, উৰুৰ পৰা বৈশ্যক আৰু ভৰিৰ পৰা শূদ্ৰক উৎপন্ন কৰিলে৷ মহৰ্ষি মনুৰ কথা শুনি ৰজাই সুধিলে – “ঋষিবৰ, ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য এইসকলৰ কৰ্ম আৰু প্ৰাপ্য সম্পৰ্কে বুজিলোঁ, কিন্তু শূদ্ৰ কোনবোৰ আৰু তেওঁলোকৰ প্ৰাপ্য কি মোক কওক৷” তেতিয়া ৰজাৰ পিনে চাই মনুৱে উত্তৰ দিছে – এই ভূ-ভাৰস্তৰ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্যৰ বাহিৰে আন যিবোৰ পশ্চাদপদ জাতি, বৰ্ণৰ, সম্প্ৰদায়ৰ মানুহ আছে সেই সকলোবোৰ শূদ্ৰ সম্প্ৰদায়ৰ অন্তৰ্ভুক্ত আৰু শূদ্ৰসকলৰ প্ৰাপ্য হ’ল-

উচ্ছিষ্টমন্নং দাতৱ্যং জীৰ্ণানি বসনানিস।

পুলকাশ্চৈৱ ধানন্যাং জীৰ্ণাশ্চৈৱ পৰিচ্ছদাঃ॥

(মনুসংহিতা, ১২৫)

অৰ্থাৎ উচ্ছিষ্ট অন্ন, ফটাছিটা কাপোৰ, পতান ধান আৰু ভগাছিগা জৰাজীৰ্ণ গৃহই হ’ল শূদ্ৰৰ প্ৰাপ্য৷ শূদ্ৰৰ কোনো সংস্কাৰৰ বিধি নাই আৰু ধৰ্মকাৰ্যৰো অধিকাৰ নাই৷ আৰু মহাৰাজ শুনক, শূদ্ৰৰ কৰ্ম সম্পৰ্কেও কৈ থওঁ –

ৱিপ্রসেৱৈব শূদ্ৰস্য ৱিশিষ্টং কৰ্ম কীৰ্ত্যতে।

য়দতোৎন্যদ্ধি কুৰুতে তদ্ভৱত্যস্য নিস্ফলম্॥

(মনুসংহিতা, ১২৩)

অৰ্থাৎ ব্ৰাহ্মণক সেৱা কৰাটো শূদ্ৰৰ বিশিষ্ট কৰ্ম৷ এই কৰ্মৰ বাহিৰে তেওঁ যি কামেই নকৰক সকলো নিষ্ফল হয়৷ ৰাজন আপোনাৰ জ্ঞাতাৰ্থে কৈ থওঁ –

ব্ৰাহ্মণো জায়মানো হি পৃথিৱ্যামধি জায়তে।

ঈশ্বৰঃ সৰ্ৱভূতানাং ধৰ্মকোশষ্য গুপ্তয়ে॥

সৰ্ৱস্বং ব্ৰাহ্মণস্যেদং য়ৎকিং চিঞ্জগভীগতম্।

শ্ৰেষ্ঠ্যে নাভিজনেনেদং সৰ্ৱৱৈ ব্ৰাহ্মণোঃৰ্হতি॥

(মনুসংহিতা, ৯৯, ১০০)

ইয়াৰ অৰ্থ হ’ল – পৃথিৱীত সকলোতকৈ শ্ৰেষ্ঠ হিচাপে ব্ৰাহ্মণেই উৎপন্ন হৈছে৷ তেওঁ সকলো প্ৰাণীৰ ধৰ্ম ৰক্ষা কৰিবলৈ সমৰ্থ৷ এই সংসাৰত যিবোৰ সিদ্ধান্ত আছে সকলো ব্ৰাহ্মণৰ, কাৰণ সকলোতকৈ শ্ৰেষ্ঠ উৎপত্তি হিচাবে তেওঁ সকলো সম্পত্তিৰ অধিকাৰী৷

এইখিনিৰ উপৰিও মনু সংহিতাত সংখ্যাতীতভাৱে আছে জীৱৰ উৎপত্তিৰ পৰা আদি কৰি মানুহৰ প্ৰাপ্তি, কৰ্ম, চিন্তা, ভৱিতব্য আদি সকলোবোৰ সামৰি ২৭৭৯ টা শ্লোক৷ এই আটাইবোৰ শ্লোক বা নীতি কথাৰ সাৰবস্তু হ’ল হিন্দু ধৰ্মৰ নীতি, নিয়ম, বিধি, বিধান সম্পৰ্কীয়৷ বহুতে মনুস্মৃতিকে প্ৰাচীনতম বুলি ক’ব খোজে৷ তেনে ধাৰণাৰো ভিত্তি হ’ল চাৰি বেদৰ ভিতৰৰ প্ৰাচীন বেদ ঋক বেদৰ কেবা ঠাইতো মনুৰ উল্লেখ থকা বিষয়টো৷ অৱশ্যে উল্লেখযোগ্য যে বেদ বা অন্যান্য স্মৃতি শাস্ত্ৰবোৰত পৰৱৰ্তী কালত বিভিন্ন পণ্ডিত, শাস্ত্ৰকাৰে নতুন নতুন কথা সংযোজন কৰি আহিছে। মনুসংহিতাতো পৰৱৰ্তী সময়ত তেনে বহু নতুন কথাৰ সংযোজন হৈছে বাবেই ধাৰণা কৰাটো সংগত নহ’ব যে মনুস্মৃতি বেদৰো পূৰ্বৰ ৰচনা হ’ব পাৰে বুলি। সি যিয়েই নহওক, মনুসংহিতাত উল্লেখিত বিষয়বোৰৰ আধাৰত বাস্তৱটো বিচাৰ কৰাটোহে সমীচিন। সংহিতাত লিপিবদ্ধ কথাবোৰৰ সাৰ্বজনীন ভিত্তি আছেনে? সামগ্ৰিক বিষয়বোৰ বিশ্বজনীন সত্যৰ আধাৰত প্ৰতিষ্ঠিত নে? নিৰ্দেশনাবোৰ এখন দেশ বা সমাজক সঠিক পথ নিৰ্দেশনাৰে সৰ্বাত্মক বিকাশ নিশ্চিত কৰিবলৈ যথেষ্ট আৰু সমৰ্থ নে? ইত্যাদি এনে এশ এবুৰি প্ৰশ্ন সচৰাচৰ উত্থাপন হ’বই। বাস্তৱবোধ আৰু দূৰদৰ্শী মনবোৰত ভুমুকি মৰা প্ৰশ্নবোৰৰ উত্তৰ সাম্প্রতিক বিশ্বৰ বাস্তৱতাৰ মাজতেই যে ৰৈ আছে আৰু চকু, কাণ, মগজু থকা প্রতিজন মানসিকভাৱে সুস্থ মানুহক সেইখিনি চকু ঘুকটিয়াই, কাণমলা দি বুজাই কোৱাৰ যে প্ৰয়োজন নাই সেই কথা সমুচিত জ্ঞান কৰোঁ। তৎসত্ত্বেও বিষয়টোৰ কিঞ্চিৎ আলোচনা কৰাৰ লোভত ওলোৱা জিভাৰ পানীখিনিৰ সদগতি হওক মনোভাৱেৰে চৰ্বিত চৰ্বন অকণ কৰিলোঁ।

সিন্ধু উপত্যকাৰ সভ্যতা আনুমানিক ছয়-সাত হাজাৰ বছৰৰ পুৰণি সভ্যতা। সিন্ধু উপত্যকাৰ সভ্যতাৰ ধ্বংসাৱশেষৰ খনন কাৰ্যৰ দায়িত্বত থকা জন মাৰ্শ্বালৰো এই একেই ধাৰণা। ভাৰতলৈ আৰ্যসকলৰ প্ৰব্রজন সিন্ধু উপত্যকাৰ সভ্যতাৰ সময়ৰ পৰা প্ৰায় এহেজাৰমান বছৰ পিছত ঘটিছিল বুলি অনুমান কৰা হৈছে। আৰ্যসকল আহিছিল মধ্য এছিয়াৰ পৰা। ভালেমান দেশ আৰু মানুহৰ সৈতে সাক্ষাতো হৈছিল পথ পৰিক্ৰমণৰ সময়ছোৱাত। গতিকে ভাৰতবৰ্ষকে কেৱল মানুহ বসবাস কৰা একমাত্ৰ অঞ্চল বা দেশ বুলি ভাবি ধৰ্মশাস্ত্ৰত অহেতুক মানুহ সৃষ্টিৰ কল্প কাহিনী সন্নিৱিষ্ট কৰাটো যে উদ্দেশ্য প্ৰণোদিত তাক বহলাই বুজাই কোৱাৰ প্ৰয়োজন নাই। মনুসংহিতাত সন্নিৱিষ্ট শ্লোকবোৰে তেনে এক উদ্দেশ্যমূলক ভাবনাকে নিৰ্দেশ কৰে বুলি ক’লে নিশ্চয় অত্যুক্তি কৰা নহ’ব। মনুসংহিতাত সবিস্তাৰে এই ধৰাধামত মানুহ সৃষ্টিৰ উল্লেখ কৰা হৈছে এনেদৰে

তপস্তপ্তাসৃজদ্যং তু স স্বয়ং পুৰুষো ৱিৰাট্।

তং মাং ৱিত্তাস্য সৰ্ৱস্য স্ৰষ্টাৰং দ্বিজোকৃমাঃ॥ ৩৩

অহং প্ৰজাঃ সিসৃক্ষুস্তু তপস্তপ্তা সুদুশ্চৰম্।

পতীন্ প্ৰজানামসসৃজং মহৰ্ষীনাদিতো দশঃ॥ ৩৪

হে দ্বিজশ্ৰেষ্ঠ ৷ সেই বিৰাট পুৰুষে তপস্যা কৰি সম্পুৰ্ণ সংসাৰ সৃজন কৰিব পৰা মোক (মনুক) সৃষ্টি কৰিছে৷ মই সৃষ্টিৰ ইচ্ছাৰে অত্যন্ত কঠোৰ তপস্যা কৰি দহজন মহৰ্ষি প্ৰজাপতি উৎপন্ন কৰিলোঁ৷ বিশ্বত মানুহ সৃষ্টিৰ ব্যাখ্যা মনুসংহিতাত এনেদৰে বিবৃত হৈছে৷ সেই দহজন মহৰ্ষিৰ নাম হ’ল – মৰীচি, অত্রি, অঙ্গিৰা, পুলস্ত্য, পুলহ , ক্ৰতু, প্রচেতস, বশিষ্ঠ, ভৃগু আৰু নাৰদ৷ এই দহজন মহৰ্ষিয়ে যক্ষ, ৰাক্ষস, পিশাচ, গন্ধৰ্ব, অপ্সৰা, অসুৰ, নাগ, সৰ্প, সুপৰ্ণ আৰু বহু পিতৃৰ লগতে সৃষ্টি কৰিলে বিদ্যুৎ, বজ্ৰ, মেঘ, ৰোহিত, ইন্দ্ৰধনু, উল্কা, নিৰ্ঘাত (গাজনি), কেতু (তৰা) আৰু সৰু ডাঙৰ নক্ষত্ৰবোৰ৷ লগতে আন আন প্ৰানীবোৰৰো সৃষ্টি কৰিলে৷ অত্যন্ত সৰল আৰু সহজভাৱে প্ৰতিপন্ন হোৱা বিষয়টো আনুমানিকভাৱে ক’ব পৰা যায় যে সেই সময়ৰ সমাজ আৰু মানুহৰ অজ্ঞতাক আশ্ৰয় কৰি কিছুমান কল্পকাহিনীৰ দ্বাৰা সমাজ জীৱনৰ চিন্তন আৰু মননক প্ৰভাৱিত কৰা আৰু তাৰ জৰিয়তে এটা শ্ৰেণীৰ শ্ৰেষ্ঠত্ব প্ৰতিষ্ঠাৰ প্ৰয়াসেই যে একমাত্ৰ উদ্দেশ্য আছিল সেই কথা সাধাৰণ বোধ-বুদ্ধি থকা মানুহৰ পক্ষেও বুজাটো মুঠেই কঠিন নহয় ৷

ইয়াৰ বিপৰীতে বিজ্ঞানৰ ভাষ্য কিন্তু সম্পূৰ্ণ বিপৰীত আৰু সি হ’ল তথ্য প্ৰমাণৰ ভেটিত প্ৰতিষ্ঠিত৷ বিশ্বৰ বিভিন্ন ঠাইত পোৱা শিলীভূত নৰকংকাল অৰ্থাৎ জীৱাশ্মৰ অধ্যয়ন আৰু বিশ্লেষণে প্ৰমাণ কৰিছে যে মানৱ সদৃশ বনমানুহৰ আৱিৰ্ভাৱৰ সময় প্লায়চিন পুৰাকল্প৷ প্লায়চিন পুৰাকল্পৰ বিস্তৃতি আছিল ১৩ ৰ পৰা প্ৰায় ১ নিযুত বছৰ আগলৈ৷ এই ১-১৩ নিযুত বছৰ পূৰ্বৰ সময়তে জীৱৰ ক্ৰমবিকাশৰ বোকোচাত বগুৱা বাই বন মানুহে এই মৰ্ত্যত ভুমুকি মাৰিছিল৷ সেই আদিম বন মানুহক কোৱা হৈছিল প্ৰ-প্লায়পিথেকাচ৷ পৰৱৰ্তী অনুসন্ধানত বিশ্বৰ বিভিন্ন প্ৰান্তত বহুবোৰ বিশেষ বৈশিষ্ট্য সম্বলিত প্ৰাচীন যুগৰ শিলীভূত নৰকংকাল পোৱা গৈছিল৷ সেইবোৰ নৰকংকালৰ বৈশিষ্ট্য আৰু সময়ৰ ওপৰত ভিত্তি কৰি মানুহ নামৰ প্ৰাণীবিধৰ ক্ৰমবিকাশৰ পৰ্যায়বোৰ নিৰূপণ কৰা হৈছে ৷ দুই ভৰিৰ ওপৰত থিয় দিব পৰা বনমানুহক কোৱা হৈছিল চাহেলানথ্ৰপাছ৷ এই চাহেলানথ্ৰপাছৰ ক্ৰমবিকাশৰ সময় নিৰ্দ্ধাৰিত হৈছে ৫.৬ নিযুত বছৰ পূৰ্বে৷ ক্ৰমবিকাশৰ বিভিন্ন পৰ্যায়ক নামকৰণ কৰা হৈছে এনেদৰে – আৰ্দিপিথেকাছ, অষ্ট্ৰালোপিথেকাছ, ৰামোপিথেকাছ, চিনানথ্ৰপাছ ইত্যাদি নামেৰে৷ অষ্ট্ৰালোপিথেকাছৰ পৰা নিয়েনডাৰথেললৈ বিকাশ পৰ্বৰ সময় আছিল ৩.৫ ৰ পৰা ২.০ নিযুত বছৰ৷ নিয়েনডাৰথেলৰ পৰা হোমোইৰেক্টাছ অৰ্থাৎ মেৰুদণ্ড পোন কৰি থিয় দিব পৰা অৱস্থা আৰু তাৰ পৰা হোমোচেপিয়েনচ অৰ্থাৎ জ্ঞানলব্ধ অৱস্থাপ্ৰাপ্ত আদিম মানুহ৷ মানুহৰ ক্ৰমবিকাশৰ এই দীঘলীয়া পৰিক্ৰমাক নিশ্চিত কৰিছে বহুবোৰ বৈজ্ঞানিক পৰীক্ষা-নিৰীক্ষাই৷ প্ৰায় এক নিযুত বছৰ পূৰ্বে জ্ঞানলব্ধ পৰিপূৰ্ণ মানুহৰ আৱিৰ্ভাৱ হোৱাৰ পিছত আজিৰ পৰা প্ৰায় ৩৫০০ বছৰ পূৰ্বে (আনুমানিক) ব্ৰহ্মাই মনুৰ সৃষ্টি কৰা, মনুৱে দহজন মহৰ্ষিৰ সৃষ্টি কৰা আৰু সেইসকলেই জীৱ-জন্তু, গ্ৰহ-নক্ষত্ৰৰ সৃষ্টি কৰা কথাবোৰ হাস্যাস্পদ নহয় নে? তাতোকৈ ভয়ংকৰ আৰু হাস্যাস্পদ বিষয়টো হ’ল –

অগ্নি বায়ুৰৱিভ্যস্তু ত্ৰয়ং ব্ৰহ্মসনাতনম্।

দুদোহ য়জ্ঞ সিদ্ধ্যৰ্থমৃগয়জুঃ সামলক্ষণম্॥২৩

ব্ৰহ্মাই যজ্ঞাদি কৰিবৰ বাবে অগ্নি, বায়ু আৰু সূৰ্যৰ পৰা সনাতন ঋগ্বেদ, যজুৰ্বেদ, সামবেদ দোহন কৰি প্ৰকট কৰিলে৷ এনেধৰণৰ বহু আজগুৱি কথাই মনুসংহিতাত উল্লেখিত বিষয়বোৰৰ সামগ্ৰিক সত্যতাকে পংকিল গহ্বৰত নিক্ষেপ কৰা নাই নে? এনেবোৰ বিষয়ৰ ওপৰত আৰোপিত আস্থা আৰু বিশ্বাসে সত্য অন্বেষণৰ নাভিমূলকে ধ্বংস কৰিব বিচৰা নাই নে? নাভূত-নাশ্ৰুত কিছুমান বিষয়বস্তুৰে পৰিপূৰ্ণ এখন গ্ৰন্থক মান্যতা প্ৰদানৰ কাৰ্যত কিবা প্ৰকাৰৰ সাংঘাটিক স্বাৰ্থ জড়িত থাকিবই লাগিব ৷ নহ’লে যুগৰ পিছত যুগ ধৰি সত্য অন্বেষণৰ বাবে বিজ্ঞানীসকলে কৰি অহা অহোপুৰুষাৰ্থক মূলোচ্ছেদ কৰি কল্প কাহিনীক কিয় বৰপীৰা পাৰি বহুৱাবলৈ উদ্যত হ’ব।

আনহাতে মনুসংহিতাক হিন্দু ধৰ্মাৱলম্বী সকলে পৰম সত্য বুলি মানি লয়৷ কিন্তু পৃথিৱীৰ সকলো মানুহ হিন্দু ধৰ্মাৱলম্বী নহয়৷ অন্যান্য বহু ধৰ্মৰ মানুহো এই বিশ্বত গিজগিজাই আছে৷ সেই সকলে মনুসংহিতাত উল্লেখিত বিষয় আৰু নীতিবোৰ গ্ৰহণ কৰিব নে? গ্ৰহণ নকৰাসকলক ব্যভিচাৰী, পাপীষ্ঠ, দুৰাচাৰী বুলি মনু সমন্ৱিতে মনুৰ অনুগামী পালি পহৰীয়াবোৰে অভিহিত কৰিছে৷ এতিয়া এই বিশ্বত তেনে দুৰাত্মা, ব্যভিচাৰীসকলৰ পৰিসংখ্যা বিচাৰ কৰোঁচোন, যি সকলৰ সৰহভাগেই বিজ্ঞান উপলব্ধ সকলোবোৰ সত্যকে নতশিৰে মানি চলে৷

সমগ্ৰ বিশ্বত বৰ্তমান জনসংখ্যা ৭৫০ কোটি৷ এই সৰ্বমুঠ জনসংখ্যাৰ ২০১২ চনৰ পৰিসংখ্যা অনুযায়ী খৃষ্টান ধৰ্মাৱলম্বীৰ সংখ্যা ৩৩.৫১%, ইছলাম ধৰ্মাৱলম্বীৰ সংখ্যা ২২.৩২%, হিন্দু ধৰ্মাৱলম্বীৰ সংখ্যা ১৬.০৬% আৰু অন্যান্য অপ্ৰধান ধৰ্মাৱলম্বীৰ সংখ্যা ২৮.১১%৷ সমগ্ৰ বিশ্বৰ মুঠ জনসংখ্যাৰ কেৱল ১৬.০৬% মানুহেই সত্য-শুদ্ধৰ অনুগামী নে? বাকী ৮৩.৯৪% ই বিপথগামী, অসত্য আৰু ভুলৰ প্ৰতিনিধি নে? সমগ্ৰ বিশ্ৱৰ কেৱল ১৬.০৬% মানুহেই শ্ৰেষ্ঠতম মৰ্যাদাৰে জিলিকি আছে আৰু বাকী ৮৩.৯৪% মানুহেই নিকৃষ্টতম অৱস্থানত থকা বুলি ক’ব লাগিব যদিহে মনুসংহিতাৰ সকলোবোৰ এশ শতাংশ শুদ্ধ আৰু সত্য বুলি গ্ৰহণ কৰা হয়৷ ক্ষমতাৰ বলত বলীয়ান হৈ ভাৰতবৰ্ষৰ কেইকোটিমান মানুহক ভয়, ভাবুকি, প্ৰলোভনৰে তেনে আজগুৰি ধাৰণাবোৰক গ্ৰহণ কৰোৱাৰ প্ৰয়াস দুৰ্ভাগ্যক্ৰমে ফলৱতী হ’লেও জানি থোৱা ভাল যে মনুসংহিতাৰ গ্ৰহণযোগ্যতাৰ বিষয়টো আজিলৈকে কোনেও মানি লোৱা নাই আৰু ভৱিষ্যতেও ই সম্ভৱ নহয়৷ প্ৰৱল অধ্যাত্মবাদৰ আশীষপুষ্ট ধৰ্মীয় সংগঠনে সামৰিক বিদ্যালয় মুকলি কৰাৰ অন্তৰালতো যে এক ভয়ংকৰ দুৰভিসন্ধি নিহিত হৈ আছে সেই কথা সাধাৰণ বোধ-বুদ্ধি থকা বাস্তৱবাদী মানুহে উপলব্ধি কৰিবই৷ সীমান্তত দেশ ৰক্ষাৰ বাবে শত্ৰু সৈন্যৰ সৈতে যুঁজিবলৈ নহয়, দেশৰ অভ্যন্তৰত সন্মুখীন হোৱা সকলোবোৰ বাধা অতিক্ৰমণৰ যে ই এক প্ৰস্তুতি সেই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট৷ মনুবাদৰ অনুগামী দুৰাচাৰীবোৰে দেশত ধৰ্মৰ নামত এক ঘোৰ অমানিশাক অবগাহন কৰিবলৈকে যে প্ৰস্তুতি চলাইছে সেয়াও দিনৰ পোহৰৰ দৰে স্পষ্ট৷ সেয়ে সকলো প্ৰগতিশীল, যুক্তিবাদী, মানৱতাবাদী মানুহে আহিব ধৰা দিনবোৰৰ ভয়ংকৰ, বিধ্বংসক প্ৰতিৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিবই লাগিব৷ এয়া সময়ৰ অহ্বান; সভ্যতাৰ আহ্বান৷Top of Form

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *