অতিথি সম্পাদকৰ চ'ৰাতৃতীয় বছৰতৃতীয় বছৰ (দ্বিতীয় সংখ্যা)

মাৰ্ক্সবাদ, পৰিবেশ, ধাৰণক্ষম কৃষি ইত্যাদি (কমল নয়ন মিশ্ৰ)

আমাৰ পৃথিৱীৰপৰা 1.2 বিলিয়ন কিঃমিঃ দূৰৈত থকা শনি গ্ৰহ অভিমুখে 1997 চনত প্ৰেৰণ কৰা কেছিনি নামৰ ক্ষুদ্ৰ যন্ত্ৰটোৰ কাৰ্যকালৰ এইবাৰ অৰ্থাৎ 2017 চনত এক অভাৱনীয় পৰিসমাপ্তি ঘটোৱা হ’ল । প্ৰায় দুই দশক জুৰি কেছিনিয়ে শনি তথা ইয়াৰ উপগ্ৰহসমূহৰ বায়ুমণ্ডল অধ্যয়ন কৰি বহুতো যুগান্তকাৰী তথ্য প্ৰেৰণ কৰিছিল । অৱশেষত শনি গ্ৰহৰ বায়ুমণ্ডলেৰে তীব্ৰ বেগত প্ৰবেশ কৰাই কেছিনিক গ্ৰহটোৰ গেছীয় পৃষ্ঠতেই সমাধিস্থ কৰা হ’ল । ইয়াৰ কাৰণ এটাই আছিল, কেছিনিয়ে ইয়াৰ সৈতে আমাৰ প্ৰদূষিত পৃথিৱীৰপৰা বহুতো বিপজ্জনক ৰাসায়নিক ধাতৱ কণা,বেক্টেৰিয়াৰ দৰে অণুজীৱ কঢ়িয়াই নিছিল । বিজ্ঞানীসকলে সন্দেহ কৰিছিল যে অদূৰ ভৱিষ্যতে কেছিনিৰ সৈতে শনিৰ ঠুনুকা (fragile) কোনো উপগ্ৰহৰ সম্ভাব্য সংঘাতৰ ফলস্বৰূপে সেই উপগ্ৰহত থকা জৈৱ গেছ তথা বৰফৰ সাগৰসমূহ প্ৰদূষিত হৈ পৰিব । যোৱাটো শতিকাৰ শেষৰ দশকসমূহত প্ৰবল হৈ উঠা মহাকাশীয় চেতনাৰ সৈতে পৰিবেশ চেতনাৰ এনে যোগসূত্ৰই যে এক বিশ্বজনীন নৈতিকতাৰ পৰিমণ্ডল সৃষ্টিত অৰিহণা যোগাইছে,সেয়া অৱশ্যেই উল্লেখনীয় । কিন্তু এনে নৈতিকতাৰ দৰ্শন কাৰ্যতঃ গুৰুত্বহীন আৰু অসাৰ ৰূপে পৰিগণিত হৈছে, বিশেষকৈ সমগ্ৰ মানৱজাতিয়ে যেতিয়া বিশ্বজোৰা পুঁজিবাদী উৎপাদন ব্যৱস্থাৰ গ্ৰাসত পৰিবেশ, কৃষি আৰু খাদ্যৰ ক্ষেত্ৰত এক ভয়াৱহ সংকটৰ মুখামুখি হ’ব লগাত পৰিছে । ঊনবিংশ শতিকাত মাৰ্ক্সে প্ৰত্যক্ষ কৰা ধ্ৰুপদী ঔদ্যোগিক শ্ৰমিক শ্ৰেণীৰ পৰিৱৰ্তে মাৰ্ক্সে অনুমান কৰাৰ লেখীয়াকৈ একবিংশ শতিকাত পুঁজিবাদে নিৰন্তৰ সৃষ্টি কৰিছে কৰ্মহীন বা অস্থায়ী শ্ৰমিকৰ বিশালাকায় বাহিনী (Reserve army of labour) । আনফালে আধুনিক ব্যৱসায়িক কৃষি তথা উদ্যোগ স্থাপন আৰু নগৰায়নৰ নামত ব্যাপক মাত্ৰাত কৃষিযোগ্য ভূমি কুক্ষিগত হৈ পৰিছে বৃহৎ বহুজাতিক নিগমৰ হাতত । আমাজ’ন বৰ্ষাৰণ্য,ভাৰতৰ পশ্চিমঘাটৰ দৰে জৈৱবৈচিত্ৰ্যৰ বিশ্বপ্ৰসিদ্ধ অঞ্চলসমূহত দ্ৰুত গতিত এনে ধ্বংসযজ্ঞ অব্যাহত আছে । শেহতীয়াভাৱে আদানিৰ দৰে বৃহৎ পুঁজিপতিৰ হাতোৰাত সোমাই পৰাৰ উপক্ৰম হৈছে অষ্ট্ৰেলিয়াৰ কুইন্সলেণ্ডৰ The Great Barrier Reefঅৰ দৰে সাগৰীয় জৈৱ বৈচিত্ৰ্যঘন অঞ্চল । এনে সৰ্বাত্মক সংকটৰ বিপৰীতে আধুনিকতাৰ প্ৰমূল্যসমূহ তথা বৈজ্ঞানিক গৱেষণা পদ্ধতিৰ বিৰুদ্ধে থিয় দিছে ভুৱা বিজ্ঞানবাদী (pseudoscientist) তথা মৌলবাদী শক্তিসমূহ । দীৰ্ঘদিন ধৰি উত্তৰাধুনিকতাৰ প্ৰবক্তাসকলে বৈজ্ঞানিক যৌক্তিকতাৰ ভেটি তথা বিজ্ঞান পাঠৰ সংৰচনাক নাকচ কৰি আহিছে । এই শিবিৰটো মাৰ্ক্সীয় যৌক্তিক পৰিগঠনৰো প্ৰচণ্ড বিৰোধী । সেয়েহে উৎপাদিকা শক্তিৰ বিকাশৰ কথা কোৱা মাৰ্ক্সৰ চিন্তাধাৰাত এওঁলোকে প্ৰমিথিউজবাদী, অন্ধ প্ৰযুক্তিকেন্দ্ৰিক, প্ৰকৃতি ধ্বংসৰ নিদান আৱিষ্কাৰ কৰিছে । কিন্তু ইয়াৰ বিপৰীতে মাৰ্ক্সৰ ৰচনাসমূহত সিঁচৰতি হৈ থকা তেওঁৰ বিভিন্ন উক্তিৰ মাজেদি আধুনিক পুঁজিবাদী কৃষি পদ্ধতি,কৃষিভূমিৰ উৰ্বৰতা হ্ৰাস,মানুহ আৰু প্ৰকৃতিৰ মাজত সৃষ্টি হোৱা এক বিপাকীয় সংঘাত (Metabolic rift) তথা ধাৰণক্ষম উন্নয়ন আদি সমকালৰ অনেক প্ৰাসংগিক বিষয়ৰ ওপৰত তেওঁৰ সুস্পষ্ট অৱস্থান তথা ভৱিষ্যমুখী এক বিশ্বজনীন সংশয়ৰ প্ৰতিচ্ছবিহে প্ৰকাশিত হৈ উঠা দেখা যায় । মানুহৰ ব্যক্তিগত সম্পত্তিৰ অধিকাৰ হৰণকাৰী আখ্যাৰে মাৰ্ক্সক অপযশ দিয়া চেলেপু,তৰল সোঁপন্থীয়ে তেওঁৰ চিন্তাত থকা ভৱিষ্যমুখী অৰ্থাৎ কেইটিমান বৃহৎ বহুজাতিক নিগমৰ পৰিৱৰ্তে সমগ্র মানৱজাতিৰ হাতত এক উন্নততৰ আৰু বাসোপযোগী পৃথিৱী এখন তুলি দিব খোজাৰ দাৰ্শনিকতাক উপলব্ধি কৰিব নোৱৰাই স্বাভাৱিক ।

From the standpoint of a higher economic form of society, private ownership of the globe by single individuals will appear quite as absurd as private ownership of one man by another. Even a whole society,a nation,or even all simultaneously existing societies together,are not the owners of the globe. They are only its possessors,its usufructuaries,and like boni patres familias (good fathers of families), they must hand it down to succeeding generations in an improved condition.(1 ) ভৱিষ্যতৰ প্ৰজন্মৰ প্ৰয়োজনৰ সৈতে আপোচ নকৰাকৈ বৰ্তমানৰ উন্নয়নক আগ বঢ়াই নিয়াৰ আধুনিক ধাৰণক্ষম উন্নয়নৰ ধাৰণাৰ সৈতে মাৰ্ক্সৰ উপৰোক্ত উক্তিৰ তাৎপৰ্য হুবহু মিলি যায় । মাৰ্ক্সৰ চিন্তাত থকা পৰিবেশ সম্পৰ্কীয় এনে সংবেদনশীলতাক নেওচা দিয়াৰ পৰিণামস্বৰূপে সমাজতান্ত্ৰিক আন্দোলনে পৰিবেশ সম্পৰ্কীয় বিষয়সমূহত এক বিকল্প বৈজ্ঞানিক সহমতৰ সৃষ্টি কৰাত ব্যৰ্থতাৰ সন্মুখীন হ’বলগীয়া হৈছে । পুঁজিবাদী ঔদ্যোগীকৰণে সৃষ্টি কৰা ভূমিৰ অৱক্ষয় সম্পৰ্কে মাৰ্ক্সৰ তলৰ উক্তি প্ৰণিধানযোগ্য ।

All progress in capitalist agriculture is a progress in the art,not only of robbing the worker,but of robbing the soil, all progress in increasing the fertility of the soil for a given time is progress towards ruining the long lasting sources of that fertility. The more a country proceeds from large scale industry as the background of its development,as in the case of US,the more rapid is this process of destruction.(2)

আধুনিক ভূমি ৰসায়নবিদ্যাৰ জনকস্বৰূপ জাৰ্মান ৰসায়নবিদ Justus von Liebigঅৰ লিখনিৰদ্বাৰা প্ৰভাৱিত হৈ মাৰ্ক্সে Capital খণ্ড-3 ত ‘Genesis of Capitalist Ground Rent’ শীৰ্ষক বিখ্যাত আলোচনা আগ বঢ়াইছে । বাণিজ্যৰ স্বাৰ্থত পুঁজিবাদে সৃষ্টি কৰা ভূমি সম্পত্তিৰ ঘনীভৱনৰ ফলত উদ্ভূত প্ৰাকৃতিক নিয়মাৱলীৰ পৰিপন্থী ধ্বংসমুখী সামাজিক আদান-প্ৰদানৰ প্ৰক্ৰিয়াই কিদৰে অপৰিহাৰ্য কৃষিভূমিক চুড়ান্ত অপব্যৱহাৰ আৰু অৱক্ষয়ৰ গৰাহলৈ ঠেলি দিব তাক দ্ব্যৰ্থহীন ভাষাত মাৰ্ক্সে প্ৰকাশ কৰিছে উক্ত ৰচনাত ।

Marx’s Ecology: Materialism and Nature গ্ৰন্থৰ প্ৰণেতা জন বেলামি ফ’ষ্টাৰে সঠিকভাৱেই উল্লেখ কৰিছে –

Such ecological insights, so unusual among nineteenth century thinkers, all derive from Marx & Engel’s early recognition of the essential point that sustainability must lie at the core of human relation to nature in any future society.(3)

প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ অসমৰ দৰে ৰাজ্য এখনত ধাৰণক্ষম আৰু কল্যাণকামী কৃষি ব্যৱস্থা এটা গঢ়ি তোলাৰ ক্ষেত্ৰত কৃষিভূমিৰ লুণ্ঠন,মাত্ৰাধিক বাণিজ্যিক কৃষিনিৰ্ভৰশীলতা,পৰিবেশৰ ভাৰসাম্য বিনষ্টকাৰী উন্নয়ন আৰু দুৰ্নীতিগ্ৰস্ত আমোলাতন্ত্ৰৰ পাকচক্ৰৰপৰা মুক্ত হ’ব পৰাটো এক বৃহৎ প্ৰত্যাহ্বান । স্বাভাৱিকতে প্ৰগতিশীল কৃষক সংগঠনসমূহৰ ক্ষেত্ৰত জৈৱ সম্পদৰ উৎপাদন জড়িত সমবায় কৃষি তথা স্বনিৰ্ভৰশীল বজাৰ ব্যৱস্থা এটিৰ উদ্ভাৱনো সংগ্ৰামৰ অন্যতম কৰ্মসূচী হৈ উঠিব পাৰে । মাৰ্ক্সীয় পৰিস্থিতিবিদ্যাৰ অধ্যয়ন,সঠিক সূত্ৰায়ন আৰু সৃষ্টিশীল সচেতনতাই এনে সংগ্ৰামক নতুন বাট দেখুৱাব বুলি আশা কৰিব পাৰি ।

Reference.

1.Marx, Capital,vol.III,p.776

2.Marx,Capital,vol.I,p.637.

3.J.B.Foster& E.M.Wood, In Defense of History: Marxism and The Postmodern Agenda, p.156.

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *