মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী: ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা-৪  (মূল: প্রভাত পাটনায়ক, ভাবানুবাদ: ময়ূৰ চেতিয়া)

(ৰুছ বিপ্লৱৰ শতবর্ষ উপলক্ষে প্রদান কৰা ভাষণাৱলীৰ চতুর্থ তথা অন্তিমটো ভাষণৰ মুকলি অনুবাদ। ইতিমধ্যেই “অক্টোবৰ বিপ্লৱ আৰু মার্ক্সীয় তত্ত্ব”, “লেনিনীয় সন্ধিক্ষণ”, তথা “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” শীর্ষক প্রথম তিনিটা ভাষণৰ অনুবাদ আগবঢ়োৱা হৈছে – অনুবাদক)।

পূর্বৰ ভাষণটোত মই “পুঁজিবাদৰ স্বতঃস্ফূর্ততা” সম্পর্কে আলোচনা কৰিছিলো। এই স্বতঃস্ফূর্ততাক চিনাক্ত কৰিব পৰাৰ মাজতেই মার্ক্সবাদ তথা উদাৰবাদৰ মূল পার্থক্য লুকাই আছে। মই ভাবো যে ইয়েই মার্ক্সবাদৰ স্বকীয়তাও প্রদর্শন কৰে; ৰিকার্ডো আৰু স্মিথৰ পৰা মার্ক্স কিমানখিনিলৈ আগুৱাই গৈছিল, ই আমাক তাৰো সন্ধান দিয়ে। এই পার্থক্যৰ কথা সাধাৰণতেই মানি লোৱা নহয়। কেৱল পল চেমুৱেলচনৰ দৰে উদাৰবাদীয়েই নহয় - যি মার্ক্সক এজন “সৰু সুৰা উত্তৰ ৰিকার্ডোবাদী” বুলি কৈছিল- আনকি বহুতো মার্ক্সবাদীয়েও এই কথাষাৰৰ ওপৰত গুৰুত্ব নিদিয়ে। এনে বহুতো মার্ক্সবাদীৰ মতে মার্ক্সৰ অৱদান এইখিনিতেই আছিল যে তেওঁ ধ্রুপদী ৰাজনৈতিক অর্থনীতিক এক ঐতিহাসিক দৃষ্টি প্রদান কৰিছিল (বা “ৰিকার্ডোৰ ঐতিহাসিকীকৰণ” কৰিছিল)। কিন্তু কেনেদৰে মার্ক্সে ব্যৱস্থাটোৰ “স্বতঃস্ফূর্ততা”ৰ দিশটোৰ ওপৰত আলোকপাত কৰি সমস্ত ধ্রুপদী ৰাজনৈতিক অর্থনীতিৰ ধাৰাটোকেই ওলট-পালট কৰি দিছিল, সেয়া তেওঁলোকে মন নকৰে।

পুঁজিবাদী ব্যৱস্থাটোক যদি “স্বতঃস্ফূর্ত” ব্যৱস্থা বুলি মানি লোৱা হয়, ই উদাৰবাদী ৰাজনৈতিক দর্শনৰ বাবে এটা তাত্ত্বিক সমস্যা সৃষ্টি কৰে। উদাৰবাদী দার্শনিক ইজায়া বার্লিনে মার্ক্সৰ “স্বাধীনতাৰ ধনাত্মক ধাৰণা”টোৰ বিপৰীতে “স্বাধীনতাৰ ঋণাত্মক ধাৰণা”টো বিকশিত কৰিছিল। বার্লিনৰ মতে মার্ক্সৰ “স্বাধীনতাৰ ধনাত্মক ধাৰণা”টোৰ মাজতেই কর্তৃত্ববাদৰ শিপাদাল লুকাই আছে। সহজ ভাষাত কবলৈ গলে “স্বাধীনতাৰ ঋণাত্মক ধাৰণা”টোৰ অর্থ হৈছে – মানৱ এজেণ্টৰ ওপৰত কোনো বাহ্যিক হেঁচা বা বলপ্রয়োগৰ অনুপস্থিতি। কিন্তু এইখিনিতে এটা প্রশ্ন উত্থাপিত হয়ঃ পুঁজিবাদী ব্যৱস্থাটোৰ স্বতঃস্ফূর্ততাই এজেণ্টৰ ওপৰত প্রয়োগ কৰা হেঁচাক “বাহ্যিক হেঁচা” বুলি স্বীকাৰ কৰা হবনে? যিহেতু এনে “স্বতঃস্ফূর্ততা”ৰ ৰাজনৈতিক ফলাফল থাকে, যি বাস্তৱিকতে এজেণ্টৰ ওপৰত বাহ্যিকভাৱে হেঁচা প্রয়োগ কৰে, তেনেহলে প্রশ্ন উঠিব – পুঁজিবাদৰ অধীনত “ঋণাত্মক স্বাধীনতা” লাভ কৰাটো সম্ভৱপৰনে? তদুপৰি এই স্বতঃস্ফূর্ততাক আঁতৰাবলৈ মার্ক্সে কোৱাৰ দৰে “ধনাত্মক স্বাধীনতা”ৰ প্রয়োগ প্রয়োজনীয় নহবনে?

উদাৰবাদী দর্শনৰ এটা বিশাল অংশই ব্যৱস্থাটোৰ স্বতঃস্ফূর্ততাৰ কথাটোকেই মানি নলয় যাতে এই আপদীয়া প্রশ্নবোৰৰ সৈতে মুখামুখি হব লগা নহয়। সেয়েহে ফ্রেডৰিক ভন হায়েকে হেঁচা প্রয়োগৰ ধাৰণাটোক এক সংকীর্ণ অর্থ প্রদান কৰিছে, তেওঁৰ মতে “ঋণাত্মক স্বাধীনতা”ৰ ধাৰণাটো ইচ্ছাপূর্বক হেঁচা প্রয়োগৰ প্রসংগতহে প্রাসংগিক। এইদৰেই পুঁজিবাদী ব্যৱস্থাটোৱে সৃষ্টি কৰা স্বতঃস্ফূর্ত তথা ব্যৱস্থাগত হেঁচা প্রয়োগৰ প্রসংগটোক তেওঁ গাপ দিছে। যদিহে ব্যৱস্থাগত হেঁচা প্রয়োগৰ কথাটো মানি লবলৈ হয়, তেনেহলে “স্বাধীনতাৰ ঋণাত্মক ধাৰণা”টোৰ সংজ্ঞাও সলনি কৰিব লাগিব। গতিকেই এয়া আশ্বর্যকৰ নহয় যে সৰহভাগ উদাৰবাদী অর্থশাস্ত্রই ব্যৱস্থাটোৰ স্বতঃস্ফূর্ততাৰ কথাটো মানি নলয়। আন কথাত কবলৈ গলে, আপাত দৃষ্টিত যিটো বস্তু দার্শনিক মতভেদ যেন প্রতীয়মান হয়, সূক্ষ্মভাৱে চালে সি আর্থিক বিশ্লেষণৰ ক্ষেত্রত দেখা পোৱা ভিন্নতা বুলি বুজিব পাৰি।

স্বতঃস্ফূর্ত ব্যৱস্থা বুলি কলে এনে এক ব্যৱস্থাক বুজা যায় যি নিজৰ কেতবোৰ অন্তর্নিহিত প্রৱণতাৰ দ্বাৰা চালিত হয়। অর্থাৎ কেৱল পুঁজিবাদেই একমাত্র স্বতঃস্ফূর্ত ব্যৱস্থা নহয়। বৰং পণ্য উৎপাদনমূলক ব্যৱস্থা মাত্রেই স্বতঃস্ফূর্ত ব্যৱস্থা বুলি কব পাৰি। পণ্য উৎপাদনৰ পৰাই পুঁজিবাদৰ জন্ম হৈছে। পিছে মন কৰা ভাল যে বজাৰৰ বাবে সামগ্রী উৎপাদন কৰা মানেই পণ্য উৎপাদন নহয়। “পণ্য উৎপাদন” নামটো পাবলৈ হলে ই এক বিশেষ প্রকাৰৰ উৎপাদন ব্যৱস্থা হব লাগিব। এইখিনিতে আডাম স্মিথ আৰু মার্ক্সৰ পার্থক্যবোৰ আৰম্ভ হৈছে।

মার্ক্সৰ মতে উৎপাদন প্রক্রিয়া একোটাক “পণ্য উৎপাদন” বুলি তেতিয়াহে কব পাৰি যেতিয়া ক্রেতাজনৰ বাবে পণ্যটোৰ ব্যৱহাৰ মূল্য তথা বিনিময় মূল্য থাকে কিন্তু বিক্রেতাজনৰ বাবে পণ্যটোৰ মাথো বিনিময় মূল্যহে থাকে। অর্থাৎ পণ্যটোক বিক্রী কৰি বিক্রেতাজনে কিছু ধন লাভ কৰাৰ আশা কৰে। ইয়াত সৈতে যুক্ত আন এটা দিশ হৈছে যে ইয়াত ক্রেতা আৰু বিক্রেতাজনৰ মাজত কোনো ব্যক্তিগত সম্পর্ক নাথাকে; বৰং বজাৰৰ জৰিয়তেহে তেওঁলোকৰ সম্পর্ক স্থাপন হয়। ক্রেতা-বিক্রেতাৰ মাজত এই ব্যক্তিগত সম্পর্কৰ বিধ্বংসকৰণ হৈছে প্রকৃত পণ্য উৎপাদনৰ অন্যতম দিশ।

এই বিধ্বংসকৰণৰ আটাইতকৈ স্পষ্ট উদাহৰণ পোৱা যায় দূৰণিবটীয়া বাণিজ্যৰ মাজত। এই যে মার্ক্সবাদীসকলে কয় যে পণ্য উৎপাদনে উৎপাদকসকলৰ মাজত শ্রেণী পৃথকীকৰণ সৃষ্টি কৰে – এই কথাষাৰ কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে প্রযোজ্য। উদাহৰণস্বৰূপে আপোনাৰ ঘৰৰ কাষৰ মিঠাই দোকানীজন বা পান-তামোলৰ দোকানীজনৰ সৈতে আপোনাৰ এক ঘৰুৱা বিধৰ সম্বন্ধ থাকে যি অনন্ত কাললৈ চলি থাকিব পাৰে। এইজাতীয় পৰিস্থিতি শ্রেণী পৃথকীকৰণ কৰিব পৰাকৈ যথেষ্ঠ নহয়। শ্রেণী পৃথকীকৰণৰ বাবে ক্রেতা আৰু বিক্রেতাৰ মাজৰ সম্পর্কটো বিনিময়ৰ যোগেৰে স্থাপিত নির্ব্যক্তিক(impersonal) বিধৰ সম্পর্কলৈ ৰূপান্তৰিত হব লাগিব। দূৰণিবটীয়া বাণিজ্যৰ ক্ষেত্রত দেখা যায় যে বিক্রেতাসকলে এনে এখন বজাৰৰ বাবে পণ্য উৎপাদন কৰে য’ত তেওঁলোকে ব্যক্তিগতভাৱে চিনি নোপোৱা অন্যান্য উৎপাদকৰ সৈতে প্রতিযোগিতাত নামিব লগা হয়। বজাৰখনৰ দূৰত্ব তথা নৈর্ব্যক্তিত্বই সুনিশ্চিত কৰে যে বিক্রেতাজনৰ ওচৰত বজাৰখনৰ উত্থান-পতন সম্পর্কে পর্যাপ্ত জ্ঞান নাথাকিব। ইয়াৰ ফলত বিক্রেতাজনৰ উৎপাদনমূলক সিদ্ধান্তবোৰ প্রায়েই ভুল বুলি প্রমাণিত হব পাৰে আৰু অৱশেষত তেওঁ সংকটতো পৰিব পাৰে। এইজাতীয় সংকটেই ক্ষুদ্র পণ্য উৎপাদকসকলৰ মাজত শ্রেণী পৃথকীকৰণ সৃষ্টি কৰে।

ইতিহাসৰ পাত লুটিয়াই চালে দেখা যাব যে আমাৰ দেশত বিগত হেজাৰ হেজাৰ বছৰ ধৰি বিনিময় তথা বজাৰৰ বাবে সামগ্রী উৎপাদন অস্তিত্বমান হৈ আহিছে। অথচ এনে উৎপাদনক পুঁজিবাদৰ অগ্রদূত বুলি কব পৰা নাযায়। আচলতে এনে উৎপাদনক পণ্য উৎপাদন বুলিয়েই কব নোৱাৰি। বিনিময়ৰ বাবে কৰা সকলো উৎপাদনকে পণ্য উৎপাদন তথা পুঁজিবাদৰ অগ্রদূত বুলি গণ্য কৰা প্রৱণতাটো চীনৰ সাংস্কৃতিক বিপ্লৱৰ সময়ত দেখা পোৱা গৈছিল যাক এক উগ্র-বাওঁ বিভ্রান্তি বুলি কব পাৰি।

প্রকৃত পণ্য উৎপাদন – যি সঁচাকৈয়ে শ্রেণী পৃথকীকৰণ সৃষ্টি কৰে আৰু যাক পুঁজিবাদৰ অগ্রদূত বুলি কব পৰা যায় – কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে অস্তিত্বলৈ আহে। যেনে দূৰণিবটীয়া বাণিজ্যই য়ুৰোপত এনে এক পণ্য উৎপাদন প্রক্রিয়াৰ জন্ম দিছিল। স্মৰণীয় যে মার্ক্সবাদী ইতিহাসবিদ হেনৰী পাইৰেনিয়ে ভূমধ্যসাগৰীয় বেপাৰৰ মুকলিকৰণক য়ুৰোপীয় পুঁজিবাদৰ আৱির্ভাৱৰ আঁৰৰ মূল উপাদান বুলি গণ্য কৰিছিল।

ইয়াৰ অর্থ হৈছে – প্রকৃত পণ্য উৎপাদনে পণ্য উৎপাদকসকলৰ ওপৰত এক বাহ্যিক হেঁচা প্রয়োগ কৰে। ই উৎপাদকসকলক হেঁচা দিয়ে যে প্রতিযোগিতা তথা সংকটৰ সমুখত তিস্থি থাকিবলৈ হলে তেওঁলোকে উৎপাদনৰ আয়তন অহৰহভাৱে বৃদ্ধি কৰি যাবই লাগিব। অর্থাৎ পণ্য উৎপাদন বিষয়ক মার্ক্সীয় দৃষ্টিভংগীৰ সৈতে পুঁজিবাদী ব্যৱস্থাৰ উত্থান বিষয়ক মার্ক্সৰ বিশ্লেষণৰ এক ওচৰ সম্পর্ক আছে।

এইখিনিতে পণ্য উৎপাদন সম্পর্কে আডাম স্মিথৰ দৃষ্টিভংগী মার্ক্সতকৈ কিমান পৃথক আছিল তাৰো উমান পোৱা যায়। স্মিথৰ মতে পণ্য উৎপাদনৰ জন্ম মানৱ চৰিত্রৰ মাজতেই লুকাই আছে যি প্রাকৃতিকভাবেই “পণ্যৰ বেচা-কিনা তথা বিনিময় কৰিব বিচাৰে”। স্মিথৰ মতে বাণিজ্যত ব্যক্তিৰ যোগদান হৈছে এটা সম্পূর্ণভাৱে ব্যক্তিয়ে নিজে লোৱা সিদ্ধান্ত, ইয়াত ব্যক্তিজনে কোনোধৰণৰ হেঁচাৰ অধীনত (যেনে বজাৰৰ হেঁচাৰ অধীনত) সিদ্ধান্ত লব লগা হোৱা নাই। স্মিথৰ বিশ্লেষণত পণ্য উৎপাদনৰ কার্যপদ্ধতিৰ বৈশিষ্ট্যৰ কোনো বিবৰণ পোৱা নাযায়। কেনেকৈ কেতবোৰ বিশেষ পৰিস্থিতিৰ অধীনতহে পণ্য উৎপাদনৰ জন্ম হল, কেনেকৈ পণ্য উৎপাদনকাৰীসকলে কেতবোৰ নৈর্ব্যক্তিক হেঁচাৰ অধীনত ক্রিয়া কৰিব লগা হয়, তাৰো বিশ্লেষণ স্মিথৰ লেখনীত পোৱা নাযায়। কাজেই কেনেদৰে পণ্য উৎপাদনকাৰীসকলৰ মাজত শ্রেণী-পৃথকীকৰণৰ এটা অন্তর্নিহিত প্রৱণতা সক্রিয় হৈ থাকে, সেয়া স্মিথে বুজিব নোৱাৰে।

“পুঁজিবাদৰ স্বতঃস্ফূর্ততা” বিষয়ক মার্ক্সীয় ধাৰণাটোৰ বিপৰীতে উদাৰবাদে দুটা বিপৰীত ধাৰণা প্রক্ষেপ কৰে। তাৰে প্রথমটো হৈছে – “optimality of capitalism” – ইয়াৰ অর্থ হৈছে - পুঁজিবাদে সমগ্র জনগণৰে জীৱন পৰিস্থিতি এনে এটা পর্যায়লৈকে ভাললৈ আনে যিমানখিনি অন্যান্য ব্যৱস্থাৰ অধীনত সম্ভৱপৰ নহলহেঁতেন (পাছলৈ ইয়াকে “Pareto-optimality” বুলিও কোৱা হ’ল)। এই যে স্মিথৰ মতে মানুহে নিজ ইচ্ছাৰেই তথা নিজ মানৱ চৰিত্র অনুসৰিয়েই একেলগে মিলিত হয় আৰু বিনিময় আধাৰিত পুঁজিবাদী অর্থনীতি একোখন গঠন কৰে – ই এই “optimality”কেই সূচীত কৰে। উদাৰবাদে প্রক্ষেপ কৰা দ্বিতীয়টো ধাৰণা হৈছে – পুঁজিবাদৰ নমনীয়তা (malleability of capitalism); অর্থাৎ ব্যৱস্থাটোৰ কার্যপদ্ধতিক বিপদত নেপেলোৱাকৈও ৰাজ্যৰ হস্তক্ষেপৰ জৰিয়তে ব্যৱস্থাটো উন্নততৰ কৰিব পৰা যায় (পাছলৈ ইয়েই কেনইচীয় চাহিদা মেনেজমেণ্ট নীতিৰ ৰূপ গ্রহণ কৰিলে)। মার্ক্সবাদে এই দুয়োটা ধাৰণাকে নাকচ কৰে।

ৰাজনৈতিক অর্থনীতি বিষয়ক এই দুই বিপৰীত দৃষ্টিভংগী সম্পর্কে প্রথমেই কিছু বহলাই কৈ লোৱা হল কিয়নো পুঁজিবাদী সংকটৰ বিশ্লেষণৰ ক্ষেত্রত ই বিশেষভাৱে প্রাসংগিক। কিছুমান উদাৰবাদী অর্থনীতিবিদে সংকটৰ সম্ভাৱনাটোকেই নাকচ কৰে; ইয়াৰ আধাৰ হৈছে Say’s Lawৰ ওপৰত থকা তেওঁলোকৰ অগাধ বিশ্বাস। Say’s Lawৰ মতে যোগানে স্বয়ংক্রিয়ভাৱে তাৰ নিজস্ব চাহিদাও গঠন কৰি লয় আৰু সেয়েহে পণ্য বিক্রী নোহোৱাকৈ থকা পৰিস্থিতি সৃষ্টি হবই নোৱাৰে (পাছলৈ ইয়াৰ পৰাই Walrasian equilibrium ৰো জন্ম হল যাক ফ্রেডৰিক হায়েকেও গ্রহণ কৰি ললে)। আনহাতে আন কিছুমান উদাৰবাদী অর্থনীতিবিদে সংকটক এক ক্ষণস্থায়ী পৰিঘটনা হিচাপে গণ্য কৰে (যেনে যোচেফ স্কুমপিটাৰ)। কেইনচীয়ান উদাৰবাদীসকলে আকৌ বিশ্বাস কৰে যে ব্যৱস্থাটোৱে নিজে সংকটৰ ওৰ পেলাব নোৱাৰিলেও ৰাজ্যৰ হস্তক্ষেপৰ জৰিয়তে তাৰ সমাধান কৰিব পৰা যায়। এনে সমস্ত পজিচনৰ বিপৰীতে মার্ক্সবাদে বিশ্বাস কৰে যে সংকটৰ কাৰণ পুঁজিবাদৰ অন্তর্নিহিত প্রৱণতাবোৰৰ মাজতেই লুকাই থাকে যি শ্রেণী সংগ্রামৰ একো একোটা নতুন সন্ধিক্ষণৰ জন্ম দিয়ে আৰু যি বৈপ্লৱীক ফলাফলৰ সম্ভাৱনা সৃষ্টি কৰে।

এই মার্ক্সীয় দৃষ্টিভংগীৰ পৰাই বর্তমানৰ পুঁজিবাদী সংকটৰো এক বিশ্লেষণ আগবঢ়োৱা যাওঁক। এটা কথা স্পষ্ট যে গোলকীকৰণৰ প্রক্রিয়াটোৰ পৰাই এই সংকটৰ জন্ম হৈছে আৰু ইয়াৰ আঁৰত দুটা কাৰণ আছে। ইয়াৰে প্রথমটোৰ বিষয়ে আলোচনা কৰাৰ আগেয়ে মন কৰক যে পূর্বৰ অর্থনীতিবিদসকলৰ বিপৰীতে কেইনচে প্রমাণিত কৰি গৈছে যে কেতবোৰ পৰিস্থিতিত মুঠ চাহিদাৰ অভাৱ সম্ভৱপৰ হব পাৰে, মার্ক্সেও দর্শাই থৈ গৈছে যে পুঁজিবাদ সংকটৰ পৰা কেতিয়াও সম্পূর্ণভাৱে মুক্ত হব নোৱাৰে; ইয়াৰ লগতে আজি আমি এই কথাটোও মানি লোৱা উচিত যে পুঁজিবাদৰ স্বতঃস্ফূর্ততাই একোটা সময়সীমাৰ ভিতৰত এই সমস্যাবোৰ সাময়িকভাৱে সমাধান কৰে। পিছে এনে এখন পৃথিৱী – য’ত তৃতীয় বিশ্বৰ ঔপনিবেশিক আৱদ্ধ বজাৰবোৰ মেট্রপলিটান পুঁজিৰ বাবে পূর্বৰ দৰে মজুত নাই, বা থাকিলেও সিবিলাক পর্যাপ্ত নহয় – এনে পৰিস্থিতিত চাহিদা সৃষ্টিকাৰী ৰাজ্যিক হস্তক্ষেপেই সংকট অতিক্রমৰ বাবে জৰুৰী স্থিতি সৃষ্টি কৰিব পাৰে। পিছে সমস্যাটো হৈছে যে বিত্ত পুঁজিয়ে তাৰ সামাজিক স্বীকার্যতাক প্রশ্ন কৰা যিকোনো ধৰণৰে ৰাজ্যিক হস্তক্ষেপৰ বিৰোধিতা কৰে আৰু ঠিক এই কাৰণটোৰ বাবেই ই ৰাজ্যৰ দ্বাৰা চাহিদা মেনেজমেণ্টৰো তীব্র বিৰোধিতা কৰে। গোলকীকৰণৰ যুগলৈ আহি বিত্ত পুঁজিৰ ক্ষমতা ভীষণভাৱে বৃদ্ধি হৈছে আৰু তাৰ তীব্র বিৰোধিতাৰ ফলত ৰাজ্যিক হস্তক্ষেপৰ সম্ভাৱনাও হ্রাসমান হৈ পৰিছে। ৰাজ্যৰ এই হ্রাসমান ক্ষমতাৰ কাৰণ হৈছে যে ৰাজ্যবোৰ আজিও জাতি-ৰাজ্যৰ পৰিসীমাতেই আৱদ্ধ হৈ আছে, কোনো গোলকীয় ৰাজ্যৰ সম্ভাৱনা আজিও সৃষ্টি হোৱা নাই। ইয়াৰ বিপৰীতে বিত্ত পুঁজি হৈ পৰিছে আন্তর্জাতিক বা গোলকীয় আৰু সেয়েহে একোখন জাতি-ৰাজ্যৰ বিপৰীতে তাৰ ক্ষমতাও ভীষণভাৱে বৃদ্ধি হৈছে। অর্থাৎ সংকট অতিক্রমৰ বাবে পুঁজিবাদৰ ওচৰত পূর্বে যিপাত মূল অস্ত্র (অর্থাৎ ৰাজ্যৰ দ্বাৰা চাহিদা মেনেজমেণ্ট) আছিল, আজি আৰু সেইপাত অস্ত্র তাৰ ওচৰত মজুত নাই।

তাত্ত্বিক দৃষ্টিৰে চাবলৈ গলে সমগ্র বিশ্বতে এখন গোলকীয় ৰাজ্য নির্মাণ সম্ভৱপৰ হোৱা হলে ই গোলকীয় বিত্ত পুঁজিৰ বিৰোধিতা আওকান কৰি চাহিদা মেনেজমেণ্টত হাত দিব পাৰিলেঁহেতেন, কিন্তু অদূৰ ভৱিষ্যতে এনে কোনো গোলকীয় ৰাজ্য নির্মাণৰ সম্ভাৱনা দেখিবলৈ পোৱা নাযায়। এনে স্থিতিত গোলকীয় পুঁজিবাদী অর্থনীতিয়ে কেৱল এটা উপায়ৰ দ্বাৰাই বর্তমান সংকটৰ পৰা মূৰ দাঙি উঠিবলৈ চেষ্টা কৰিব পাৰে – সেয়া হৈছে বিশ্বৰ সবাটোকৈ বৃহত্তম অর্থনীতি অর্থাৎ আমেৰিকান অর্থনীতিখনত ইটোৰ পাছত সিটোলৈ নতুন নতুন বেলুন(bubble)সৃষ্টি কৰা। পিছে এনে বেলুন লাগ বুলিলেই সৃষ্টি কৰিব নোৱাৰি আৰু সৃষ্টি হোৱাৰ পাছত ই যেতিয়া অৱধাৰিতভাৱে ফুটি যাব, ই পুণৰ গোলকীয় পুঁজিবাদী অর্থনীতিখনক নতুন সংকটৰ গৰাহলৈ ঠেলি দিব। অর্থাৎ গোলকীকৰণে পুঁজিবাদৰ সংকট পৰিত্রাণৰ মূল পদ্ধতিটোকেই (অর্থাৎ ৰাজ্যিক চাহিদা মেনেজমেণ্টক) নাইকীয়া কৰি পেলালে।

দ্বিতীয়তে, গোলকীকৰণে মুঠ বিশ্ব উৎপাদনৰ অংশ হিচাপে "আর্থিক উদ্বৃত্ত"[1]ৰ অনুপাত যথেষ্ঠ বৃদ্ধি কৰিলে আৰু ইয়ো বর্তমানৰ সঙ্কট সৃষ্টি কৰাৰ ক্ষেত্রত অৰিহণা যোগালে। এই আর্থিক উদ্বৃত্তৰ অনুপাত বৃদ্ধি হোৱাৰ আঁৰৰ কাৰণটো হৈছে – মেট্রপলিটান দেশবোৰৰ পৰা তৃতীয় বিশ্বৰ দেশবোৰলৈ বিশেষকৈ এছিয়াৰ দেশবোৰলৈ সস্তা শ্রমৰ সন্ধানত পুঁজিৰ স্থানান্তৰণ। এই স্থানান্তৰণৰ ফলত প্রথম বিশ্বৰ শ্রম বজাৰখনৰ সৈতে তৃতীয় বিশ্বৰ শ্রমবজাৰখনো যুক্ত হৈ পৰিল আৰু তৃতীয় বিশ্বৰ বিশাল সংৰক্ষিত শ্রমবাহিনীৰ উপস্থিতিৰ ফলত মুঠ মজুৰীৰ দৰ হ্রাসমান হৈ পৰিল। এইদৰেই গোলকীকৰণে সমগ্র বিশ্বৰে শ্রমিকসকলক কম মজুৰী লবলৈ বাধ্য কৰিলে।

একে সময়তে কিন্তু উৎপাদন ক্ষেত্রৰ এই স্থানান্তৰণে তৃতীয় বিশ্বৰ শ্রম ভাণ্ডাৰক শেষ কৰিব পৰা নাই। ইয়াৰ আঁৰত দুটা কাৰণ আছেঃ প্রথম, নিয়োগ সৃষ্টিৰ হাৰ এতিয়াও বেছ মন্থৰ হৈয়েই আছে (আর্থিক উদ্বৃত্তৰ অনুপাত তৃতীয় বিশ্বতো বৃদ্ধি পোৱাৰ ফলত ইয়ো নিয়োগ সৃষ্টিৰ হাৰ কম কৰি ৰখাত অৰিহণা যোগাই আহিছে)। দ্বিতীয়তে, তৃতীয় বিশ্বৰ পৰম্পৰাগত ক্ষুদ্র উৎপাদনকাৰীসকলৰ এটা লেখত লবলগীয়া অংশই কল্যাণকামী ৰাজ্যৰ পৰা dirigiste যুগত লাভ কৰি অহা বিভিন্ন ৰক্ষাকৱচ নব্য উদাৰবাদৰ যুগলৈ আহি হেৰুৱাই পেলাইছে আৰু “পুঁজিৰ আদিম সঞ্চয়ন”ৰ চিকাৰ হৈ পৰিছে। ই তেওঁলোকৰ উপার্জন নিম্নতৰ কৰি ৰাখিছে আৰু এইদৰেই ইয়ো আর্থিক উদ্বৃত্তৰ অনুপাত বৃদ্ধি হোৱাত অৱদান আগবঢ়াইছে। নিজৰ পৰম্পৰাগত জীৱিকা হেৰুৱাই ক্ষুদ্র উৎপাদকসকলে চহৰলৈ ঢাপলি মেলিছে আৰু এইদৰেই সংৰক্ষিত শ্রম বাহিনীৰ আকাৰো বৃদ্ধি পাইছে।

এই সমস্ত পৰিঘটনাবোৰৰ ফলত এফালে মজুৰী সকলোতে স্থবিৰ হৈ ৰৈছে কিন্তু আনফালে শ্রমৰ উৎপাদনশীলতা কিন্তু সকলোতে বৃদ্ধি পাইছে। ইয়াৰ ফলত বিভিন্ন দেশৰ অন্তর্ভাগত তথা গোলকীয়ভাৱেও আর্থিক উদ্বৃত্তৰ পৰিমাণ ভীষণভাৱে বৃদ্ধি পাইছে। যিহেতু শ্রমজীৱী শ্রেণীবোৰৰ তুলনাত উদ্বৃত্ত হস্তগতকর্তা শ্রেণীবিলাকৰ উপার্জনৰ এটা সৰু অংশহে উপভোগৰ বাবে ব্যয় কৰা হয়[2], এনে স্থিতিত আর্থিক উদ্বৃত্তৰ অনুপাত বৃদ্ধিয়ে বিশ্ব অর্থনীতিখনত অতি-উৎপাদন(over-production)ৰ প্রৱণতা বৃদ্ধি কৰে। এই প্রৱণতাটো ডট কম, হাউছিং আদি বিভিন্ন “বেলুন” সৃষ্টিৰ কালত উহ্য হৈ থাকিব পাৰে, কিন্তু বেলুন ফুটি পৰাৰ পাছতেই সি প্রকাশ্যমান হৈ পৰে। মূল কথাটো হৈছে গোলকীকৰণৰ অন্তর্ভাগতে অতি-উৎপাদনৰ সঙ্কট সৃষ্টি কৰিব পৰাৰ প্রৱণতা লুকাই আছে, যিটো বর্তমানৰ সংকটৰ সময়ত ভালকৈয়ে বুজিব পৰা গৈছে।

এফালে গোলকীকৰণে অতি-উৎপাদনৰ সঙ্কট সৃষ্টি হোৱাৰ সম্ভাৱনা বৃদ্ধি কৰিলে, আনফালে আকৌ সঙ্কট নিৰাময়ৰ বাবে পূর্বে পুঁজিৰ ওচৰত থকা একমাত্র অস্ত্রপাত – অর্থাৎ ৰাজ্যৰ হস্তক্ষেপকো আঁতৰাই পেলালে। এইদৰেই আজি গোলকীকৰণে পুঁজিবাদক এক দীর্ঘকালীন সংকটৰ গৰাহলৈ ঠেলি দিছে। এই দীর্ঘকালীন সঙ্কট সাময়িকভাৱে সম্পত্তি-দামৰ বেলুন ওফন্দি উঠাৰ ফলত মাজেসময়ে শাম কাটিব পাৰে; কিন্তু এইদৰে সাময়িকভাৱে সংকটৰ শাম কাটিলেও ই সংকটৰ দীর্ঘকালীন বৈশিষ্ট্যটোক নস্যাৎ নকৰে। আজি আমি পুঁজিবাদৰ বিষয়ে আলোচনা কৰোঁতে এই দীর্ঘকালীন সংকটৰ দিশটোৰ প্রতিও মন দিব লাগিব যাৰ আঁৰৰ কাৰণবোৰ উদাৰবাদে বুজিব নোৱাৰে। উদাৰবাদৰ এই অক্ষমতাই বুর্জোৱাৰ সঙ্কট আৰু অধিক সঘন কৰি পেলাইছে আৰু এইদৰেই সমস্ত ব্যৱস্থাটোক অতিক্রম কৰিব পৰাকৈ এক নতুন সন্ধিক্ষণ নির্মিত হব ধৰিছে।

এই কথাখিনিৰ বুজ লবলৈ বর্তমান আর্থিক সংকটে গ্রহণ কৰা ৰাজনৈতিক ৰূপবোৰলৈ মন কৰক। আমি ইতিমধ্যেই আলোচনা কৰিছো যে বর্তমানৰ সঙ্কটটো আৰম্ভ হোৱাৰ পূর্বেই বিশ্বৰ শ্রমজীৱী জনগণৰ পৰা বিশ্বৰ উদ্বৃত্ত হস্তগতকর্তাসকলৰ হাতলৈ উপার্জন স্থানান্তৰণৰ এটা প্রক্রিয়া সক্রিয় হৈ আছিল। এই স্থানান্তৰণৰ পৰা আটাইতকৈ ক্ষতিগ্রস্ত হৈছিল আমেৰিকাকে আদি কৰি বিশ্বৰ উন্নত পুঁজিবাদী দেশবোৰৰ শ্রমিকসকল। যোচেফ ষ্টিগলিজৰ মতে ২০১১ চনত আমেৰিকান শ্রমিক এজনে লাভ কৰা প্রকৃত মজুৰীৰ পৰিমাণ ১৯৬৮ চনত লাভ কৰা পৰিমাণতকৈ বিশেষ বৃদ্ধি হোৱা নাই; আনকি কবলৈ গলে ই নিম্নগামীহে হৈছে। একেটা কথাই বৃটিছ শ্রমিকসকলৰ ক্ষেত্রতো কব পাৰি। এনে পৰিস্থিতিত আর্থিক সংকটে তেওঁলোকৰ স্থিতি আৰু অধিক শোচনীয় কৰি পেলালে। আমি পূর্বেই আলোচনা কৰিছো যে কিদৰে তৃতীয় বিশ্বৰ শ্রমিক, কৃষক তথা পৰম্পৰাগত ক্ষুদ্র উৎপাদকসকলৰ স্থিতিও প্রথম বিশ্বৰ শ্রমিকসকলৰ দৰেই শোচনীয় হৈ গৈ আছে। সংকটে তেওঁলোকৰো স্থিতি আৰু অধিক বেয়ালৈ ঢাল খোৱালে। ইয়াৰ ফলস্বৰূপে সমগ্র বিশ্বতে গোলকীকৰণৰ বিৰুদ্ধে শ্রমজীৱী জনগণৰ প্রতিৰোধ সংগ্রাম বৃদ্ধি হৈছে।

পিছে মন কৰিবলগীয়া যে কোনো ঠাইতেই বাওঁপন্থীসকলে এই প্রতিৰোধ সংগ্রামৰ নেতৃত্ব প্রদান কৰা নাই। আনকি লেটিন আমেৰিকাতো দেখা গৈছে যে বাওঁপন্থীসকলৰ স্থিতি সম্প্রতি দুর্বল হৈ পৰিছে (আচলতে পুঁজিবাদী গোলকীকৰণৰ বিৰোধিতা লেটিন আমেৰিকান বাওঁ চৰকাৰবোৰৰ এজেণ্ডাৰ মূল অংগ নাছিল। বৰং তেলকে আদি কৰি primary commodity কেতবোৰৰ ভীষণ মূল্যবৃদ্ধিৰ ফলত স্ফীত হৈ পৰা চৰকাৰী উপার্জনৰ অংশ জনগণৰ মাজত সমানুপাতিকভাৱে বিতৰণ কৰাৰ প্রতিশ্রুতি দিয়েই বাওঁপন্থীসকল মহাদেশখনত জনপ্রিয় হৈ পৰিছিল আৰু বহুতো ঠাইত চৰকাৰো গঠন কৰিছিল। এতিয়া primary commodity বিলাকৰ দাম হ্রাস হৈ পৰাৰ ফলত এই বাওঁ চৰকাৰবোৰো বিপদত পৰিছে)। পশ্চিম এছিয়াৰ গণ্ডগোলবোৰৰ পৰা সাময়িকভাৱে নিষ্কৃতি পোৱাৰ পাছত এতিয়া আমেৰিকায়েও লেটিন আমেৰিকাৰ বাওঁ চৰকাৰবোৰক ওফৰাবলৈ প্রকাশ্য তথা গুপ্ত পদ্ধতিৰে বিভিন্ন অভিযান আৰম্ভ কৰিছে। অৱশ্যে আমাৰ বিশ্বাস যে লেটিন আমেৰিকাৰ বাওঁপন্থীসকলে এই প্রত্যাহবানৰ উচিত প্রত্যুত্তৰ দিবলৈ সক্ষম হব, কিন্তু তথাপিও এই কথা মানি লবই লাগিব যে সাম্রাজ্যবাদী আক্রমণ আৰু primary commodity বিলাকৰ নিম্ন দামে এই অঞ্চলটোত বাওঁপন্থীসকলক সম্প্রতি পশ্চাদপসৰণ কৰিবলৈ বাধ্য কৰিছে।

এইক্ষেত্রত এটাই ব্যতিক্রম দেখিবলৈ পোৱা গৈছে – সেয়া হৈছে চীন। সম্প্রতি দেশখনত আনুষ্ঠানিক কমিউনিষ্ট পার্টিৰ বিপৰীতে এটা শক্তিশালী নব্য মাওবাদী আন্দোলন গঢ় লৈ উঠিছে যি শ্রমিকৰ অধিকাৰ হনন তথা ক্রমবর্ধমান আয়ৰ অসমতাৰ ভিত্তিত গঠিত “ৰপ্তানি-আধাৰিত বিকাশ”ৰ বাগধাৰাটোক প্রত্যাহবান জনাইছে।

বাওঁপন্থীসকলে গোলকীকৰণ বিৰোধী আন্দোলনবোৰত কিয় নেতৃত্ব দিব পৰা নাই, এইবিষয়ে কিছু ভবা চিন্তা কৰা উচিত। ইয়াৰ এক আংশিক কাৰণ নিশ্চিতভাৱে ছোভিয়েট সমাজবাদৰ পতন তথা সি প্রদান কৰা আঘাটৰ মাজত লুকাই আছে। আনকি যিসকল বাওঁপন্থীয়ে ছোভিয়েট ইউনিয়ন জীয়াই থাকোঁতে দেশখনৰ তীব্র সমালোচনা কৰিছিল, সেইসকল বাওঁপন্থীকো ছোভিয়েটৰ পতনে গভীৰভাৱে প্রভাৱিত কৰি পেলাইছিল। কিন্তু কেৱল ইয়েই একমাত্র কাৰণ হব নোৱাৰে। ইয়াৰ আন এটা কাৰণ হৈছে - পুঁজিবাদী গোলকীকৰণৰ বিষয়ে বাওঁপন্থীসকলৰ দৃষ্টিভংগীৰ মাজত এতিয়াও বহুখিনি দোদুদ্যমানতা আছে।

ইউৰোপীয় বাওঁপন্থীসকলৰ মাজত এই দোদুদ্যমানতাৰ কিছু কাৰণো নথকা নহয়। ইউৰোপত গোলকীকৰণৰ এক অভিন্ন অংশ হৈছে ইউৰোপিয়ান য়ুনিয়নৰ গঠন যি পূর্বৰ আন্তঃসাম্রাজ্যবাদী বৈৰীতা তথা সংঘাতৰ বিপৰীতে এখন একক ইউৰোপ নির্মান কৰিলে। এইক্ষেত্রত বহুতো ইউৰোপীয় বাওঁপন্থীয়ে ভয় কৰে যে গোলকীকৰণৰ বিৰোধিতাৰ ফলত ইউৰোপখন যদি পুণৰ পূর্বৰ জাতীয় অর্থনীতি তথা জাতি-ৰাজ্যৰ স্থিতিলৈ ঘূৰি যাবলৈ হয়, ই পুণৰ জাতীয়তাবাদ তথা জাতীয় অঁৰিয়াঅৰিৰ সৃষ্টি কৰিব। ইউৰোপত আজিও “জাতীয়তাবাদ” হৈছে এক ঘৃণ্য শব্দ। বেছিভাগ ইউৰোপীয় বাওঁপন্থীয়েই এই কথাটো মানি লবলৈ অস্বীকাৰ কৰে যে বাওঁপন্থীসকলৰ নেতৃত্বত যদি গোলকীকৰণৰ বিৰোধিতা কৰি জাতীয় অর্থনীতিবোৰ delinking কৰা হয়, তেতিয়া তেওঁলোকে ভয় কৰাৰ দৰে সোঁ-পন্থী জাতীয়তাবাদ আধিপত্যশালী হৈ নুঠিবও পাৰে। যি কি নহওঁক, গোলকীকৰণৰ বিৰোধিতা তথা ইউৰোপিয়ান ইউনিয়নৰ পৰা পশ্চাদপসৰণ – এইজাতীয় দাবী উত্থাপন কৰা বাওঁপন্থীৰ সংখ্যা ইউৰোপত তেনেই কম।

এইখিনিতেই গ্রীচৰ চিৰিজা পার্টিৰ পৰাজয়-স্বীকাৰৰ কথাটোও আলোচনা কৰিব পৰা যায়। ইউৰোপিয়ান ইউনিয়নৰ পৰা বহিষ্কৃত হোৱাৰ ভয়ত অৱশেষত তেওঁলোকে “ব্যয়-কর্তন”(austerity) নীতিকেই মানি ললে। বৃটেইনৰ ক্ষেত্রতো দেখা গল যে অধিকাংশ শ্রমিকে “Brexit” সমর্থন কৰাৰ পাছতো লেবাৰ পার্টিৰ বাওঁপন্থী নেতা জেৰেমি কৰবিনে তাৰ বিৰোধিতা কৰি গল। অর্থাৎ ইউৰোপীয় বাওঁপন্থীসকল এতিয়াও বহুতো শ্রমিকে বিচৰাৰ দৰে গোলকীকৰণ বিৰোধী আন্দোলনৰ নেতৃত্ব দিবলৈ প্রস্তুত নহয়।

বাওঁপন্থীসকলৰ এই দোদুল্যমানতাৰ ফলত ইউৰোপৰ ফেচিষ্ট দল-সংগঠনবোৰে জনগণৰ সমুখত নিজকে পৰিত্রাণকর্তা হিচাপে প্রক্ষেপ কৰিবলৈ বেছ সুবিধা পাইছে। মন কৰিবলগীয়া যে এক বুজন সংখ্যক শ্রমিক জনগণৰ মাজতো এই ফেচিষ্ট দলবোৰৰ গণআধাৰ গঠিত হৈছে। অৱশ্যে সাম্প্রতিক ফেচিবাদে যিমানেই চিঞৰ বাখৰ নকৰক কিয়, অৱশেষত ই আন্তর্জাতিক বিত্ত পুঁজিৰ সৈতে বুজা পৰালৈ আহিবই। খুউব বেছি সিহঁতে কিছুমান protectionist পদক্ষেপ হাতত লব ( ইতিমধ্যেই সিবিলাকৰ আৱির্ভাৱ হৈছে)। পিছে এনে সৰু-সুৰা পদক্ষেপে পুঁজিবাদৰ সংকটৰ নিৰাময় কৰিব নোৱাৰে, আনকি “জাতীয়” অর্থনীতিৰ স্তৰতো আজি সেয়া সম্ভৱপৰ নহয়। ঠিক এইখিনিতেই ১৯৩০ৰ ফেচিবাদৰ সৈতে বর্তমানৰ ফেচিবাদৰ মূল পার্থক্যটো লুকাই আছে। ত্রিশৰ দশকৰ ফেচিবাদে পুণঃসশস্ত্রকৰণ(rearmament) নীতিৰ জৰিয়তে নিজৰ দেশৰ পৰিসীমাৰ ভিতৰত আর্থিক মহামন্দা সমাপ্ত কৰিবলৈ সক্ষম হৈছিল (উদাহৰণঃ জার্মানী আৰু জাপান)। কিন্তু সেইসময়ত বিত্ত পুঁজি জাতি-ৰাজ্য আধাৰিত আছিল আৰু আজিৰ দৰে গোলকীকৃত হৈ পৰা নাছিল। ফলত সেইসময়ত ফেচিবাদী জাতীয়তাবাদ আৰু জাতি-ৰাজ্য আধাৰিত বিত্ত পুঁজিৰ স্বার্থৰ মাজত সমাপতন(coincidence) ঘটিছিল। পিছে আজিৰ দিনত বিত্ত পুঁজি গোলকীকৃত হৈ পৰিছে আৰু সেয়েহে ফেচিবাদী জাতীয়তাবাদৰ সৈতে তাৰ স্বার্থৰ সমাপতন ঘটাৰ সম্ভাৱনা নাই। যিহেতু বিত্ত পুঁজিৰ আধিপত্যক প্রত্যাহবান জনাব পৰাকৈ ফেচিবাদৰ সাহস নাই, সেয়েহে উদাৰবাদৰ দৰেই দেশৰ অর্থনীতিখনক আর্থিক সংকটৰ পৰা উদ্ধাৰ কৰাৰো কোনো ৰণনীতি তাৰ ওচৰত নাই।

আমোদজনকভাৱে, ১৯৩০ৰ দশকত উদাৰবাদ আৰু ফেচিবাদ দুয়োয়েই ৰাজ্যৰ খৰছৰ জৰিয়তে আর্থিক সংকটৰ ওৰ পেলোৱাৰ কার্যসূচী গ্রহণ কৰিছিল; অৱশ্যেই এই খৰছৰ ধৰণ আৰু লক্ষ্য দুয়োৰে ক্ষেত্রত ভিন ভিন আছিল। আজিৰ দিনতো দেখা যায় যে ফেচিবাদ আৰু উদাৰবাদৰ মাজত এটা সাদৃশ্য আছেঃ সেয়া হৈছে বর্তমানৰ সংকটৰ পৰা অর্থনীতিবিলাকক উদ্ধাৰ কৰিব পৰাকৈ দুয়োৰে ওচৰত কোনো ফলপ্রসূ কার্যসূচী নাই। ঠিক এইখিনিতেই বাওঁপন্থীসকলে নিজৰ স্থিতি সুদৃঢ় কৰিবলৈ সুযোগ গ্রহণ কৰিব পাৰে; পিছে তাৰ বাবে তেওঁলোকে পুঁজিবাদী গোলকীকৰণ সম্পর্কে নিজৰ স্থিতি স্পষ্ট কৰিব লাগিব আৰু গোলকীকৰণ বিৰোধী শ্রমিক প্রতিৰোধবিলাকৰ নেতৃত্ব প্রদান কৰিব লাগিব।

বর্তমান সঙ্কটৰ পটভূমিত বিভিন্ন বর্ণবাদী, সংখ্যাগুৰুবাদী তথা ফেচিবাদী শক্তিৰ উত্থানে স্পষ্টকৈ দর্শাই দিছে যে পুঁজিবাদৰ স্বতঃস্ফূর্ততাৰ ফলত আজি ইজায়া বার্লিনে উল্লেখ কৰা ঋণাত্মক স্বাধীনতাবোৰো বিপদৰ সমুখীন হৈছে। এই কথাটোও প্রতিপন্ন হৈছে যে উদাৰবাদে দাবী কৰাৰ দৰে পুঁজিবাদ ইমান নমনীয় নহয় যে প্রতিবাৰেই উদাৰবাদে আর্থিক সঙ্কটৰ পৰা উদ্ধাৰৰ পথ বিকশিত কৰিব পাৰিব।

সি যি কি নহওঁক, মেট্রপলিটান বাওঁপন্থীসকলৰ দৰেই তৃতীয় বিশ্বৰ বাওঁপন্থীসকলৰ মাজতো গোলকীকৰণ সম্পর্কে কিছু দোদুল্যমানতা দেখা পোৱা যায়; অৱশ্যে ইয়াৰ কিছু সুকীয়া কাৰণ আছে। কথা হৈছে যে গোলকীকৰণৰ লগে লগে তৃতীয় বিশ্বৰ অর্থনীতিবোৰলৈ ঔদ্যোগিক তথা সেৱা উৎপাদনৰ বহুতো খণ্ডৰ স্থানান্তৰণ ঘটিছে। ই শ্রমজীৱী জনগণৰ অৱস্থা বিশেষ উন্নত কৰিব নোৱাৰিলেও তৃতীয় বিশ্বৰ এটা উদীয়মান “মধ্যবিত্ত শ্রেণী” নিশ্চিতভাৱে লাভাৱাম্বিত হৈছে। ব্রানক’ মিলান’ভিকৰ এখন শেহতীয়া গ্রন্থই স্পষ্টকৈ দর্শাইছে যে ভাৰত, চীন আদি দেশবোৰত উদীয়মান মধ্যবিত্ত শ্রেণীটোৰ এটা লেখত লবলগীয়া অংশ গোলকীকৰণৰ পৰা বিশেষভাৱে উপকৃত হৈছে।

এইখিনিতেই উল্লেখ কৰা দৰকাৰ যে মার্ক্সবাদী মহলসমূহত এতিয়াও প্রায়েই “উৎপাদনবাদ”ৰ প্রতি এক মতাদর্শগত আস্থা দেখিবলৈ পোৱা যায়; মার্ক্সবাদৰ এই উৎপাদনবাদী সংস্কৰণটোৰ মতে পুঁজিবাদক তেতিয়াহে মৰণোন্মুখ বুলি কব পৰা যায় যেতিয়া ই উৎপাদিকা শক্তিবোৰক আৰু অধিক বিকশিত কৰিবলৈ অসমর্থ হয় (আমি ইতিমধ্যেই আলোচনা কৰিছোঁ যে লেনিনে মার্ক্সবাদৰ এই উৎপাদনবাদী সংস্কৰণটোক নাকচ কৰিছিল)। যি কি নহওঁক, এই উৎপাদনবাদী মার্ক্সবাদৰ প্রতি থকা আস্থাৰ বাবেই হওঁক বা উদীয়মান মধ্যবিত্ত শ্রেণীটোৰ সামাজিক তথা ৰাজনৈতিক ওজনৰ বাবেই হওঁক, তৃতীয় বিশ্বৰ বহুতো বাওঁপন্থী দল-সংগঠনে গোলকীকৰণ-বিৰোধী শ্রমিক প্রতিৰোধৰ নেতৃত্ব দিবলৈ অনিচ্ছা প্রকাশ কৰি আহিছে।

পিছে এইখিনিতে মেট্রপলিচৰ বিপৰীতে তৃতীয় বিশ্বৰ এটা গুৰুত্বপূর্ণ পার্থক্য আছে। মেট্রপলিছত আজিৰ দিনত ফেচিবাদী শক্তিবোৰে গোলকীকৰণৰ বিৰুদ্ধে অৱস্থান লৈছে আৰু এইদৰেই সিবিলাকে জনগণৰ কিছু আস্থাও হাছিল কৰিবলৈ সক্ষম হৈছে। পিছে তৃতীয় বিশ্বৰ ফেচিবাদী তথা অর্ধ-ফেচিবাদী শক্তিবোৰ সম্পূর্ণভাৱে গোলকীকৰণৰ সমর্থক। সিহঁতে ৰাজ্যযন্ত্রটোক ফেচিবাদী ৰাজ্যযন্ত্রলৈ পৰিণত কৰাৰ প্রকল্পটোৰ বাবে আন্তর্জাতিক বিত্ত পুঁজিৰ সমর্থন আশা কৰে (যেনে ভাৰতৰ হিন্দুত্ববাদীসকল)। ইয়াৰ অর্থ হৈছে, গোলকীকৰণ-বিৰোধী শ্রমিক সংগ্রামখনত তৃতীয় বিশ্বৰ বাওঁপন্থীসকলে ফেচিবাদী শক্তিবোৰৰ সৈতে মিলিত হোৱাৰ প্রয়োজন নাই। আন কথাত, তৃতীয় বিশ্বৰ দেশবোৰত ৰাজনৈতিক গণতন্ত্র ৰক্ষাৰ সংগ্রামখনৰ সৈতে গোলকীকৰণ বিৰোধী সংগ্রামখনৰ কোনো অন্তর্বিৰোধ নাই; বৰং দুয়োখন সংগ্রাম ইখন সিখনৰ পৰিপূৰক।

বিশ্ব পুঁজিবাদৰ এক নতুন সন্ধিক্ষণৰ আৱির্ভাৱ হৈছে আৰু ই লেনিনীয় সন্ধিক্ষণৰ সৈতে একে নহলেও লেনিনীয় সন্ধিক্ষণৰ দৰেই গোলকীয় পুঁজিবাদৰ বিপৰীতে এটা বিপ্লৱী প্রত্যাহবানৰ সম্ভাৱনা সৃষ্টি কৰিছে। অৱশ্যে এই বিষয়ে কোনো সন্দেহ নাই যে ভাৰত, চীন আদি দেশবোৰত উদীয়মান মধ্যবিত্ত শ্রেণীটোৱে এক বিশাল ৰক্ষণশীল শক্তিৰ ৰূপ লৈছে যি ব্যৱস্থা বিৰোধী সংগ্রামখনৰ বাবে এক বাধাৰ সৃষ্টি কৰিছে। কিন্তু লাহে লাহে যেতিয়া সঙ্কট এই দেশবোৰলৈও বিয়পি যাব, তেতিয়া এই মধ্যবিত্ত শ্রেণীটোও গোলকীকৰণৰ প্রতি বিতুষ্ট হৈ পৰিব বুলি আশা কৰিব পাৰি।

আমাৰ দৰে সমাজবোৰত পুঁজিবাদ বিৰোধী সংগ্রামখনে এক দীর্ঘকালীন ৰূপ লবলৈ বাধ্য, যি প্রথমে কর্পৰেট-বিত্তীয় কুলীনতন্ত্র (যাৰ বন্ধু হৈছে দেশী জমিদাৰ তথা আন্তর্জাতিক বিত্ত পুঁজি) বিৰোধী এক গণতান্ত্রিক বিপ্লৱৰ ৰূপ লব। কিন্তু এই গণতান্ত্রিক বিপ্লৱে প্রাক-অক্টোবৰ বলছেভিক কার্যসূচীতকৈ আৰু অধিক আগবাঢ়ি যাব লাগিব। ই কেৱল ভূমি-বিতৰণৰ দাবী কৰিলেই নহব, লগতে ই অন্যান্য বহুতো পদক্ষেপ লব লাগিব যিবোৰ নব্য-উদাৰবাদী ৰাজ্যৰ বিপৰীতে এক শ্রমিক-কৃষকৰ মিত্র ৰাজ্যই লব বুলি আশা কৰা হয়। এফালে ক্ষুদ্র উৎপাদনৰ ৰক্ষণাৱেক্ষণ তথা উদগনি সুনিশ্চিত কৰা হব, আনফালে অর্থনীতিৰ ‘কমাণ্ডিং হাইট’ অর্থাৎ আটাইতকৈ গুৰুত্বপূর্ণ ক্ষেত্রবোৰক ৰাজ্যই নিজৰ হাতলৈ আনিব। ৰাজ্যৰ দ্বাৰা দেশৰ বিভিন্ন প্রাকৃতিক সম্পদৰ নিয়ন্ত্রণ, বিনামূলীয়াকৈ সকলোকে সার্বজনীন শিক্ষা তথা স্বাস্থ্যসেৱা প্রদান, সমাজৰ সকলো অংশৰে গণতান্ত্রিক অধিকাৰবোৰৰ ৰক্ষণাৱেক্ষণ এই কার্যসূচীৰ অংশবিশেষ হব।

এইখিনিতে কার্যসূচীৰ কেতবোৰ বিশিষ্ট উপাদান – যি কেতবোৰ বিশেষ লক্ষ্য গঠন কৰে আৰু এই লক্ষ্যবোৰ হাছিল কৰিবলৈ হাতত লোৱা আন কেতবোৰ বিশেষ উপাদান – এই দুয়োৰে মাজত কিছু পার্থক্য সূচীত কৰা উচিত হব। এই কার্যসূচীৰ অন্যতম লক্ষ্য হোৱা উচিত সকলো নাগৰিকৰ বাবে কেতবোৰ সংবিধান প্রদত্ত, ন্যায়পূর্ণ তথা সার্বজনীন মৌলিক আর্থিক অধিকাৰ গঠন কৰা। সিবিলাকৰ ভিতৰত অন্যতম হব খাদ্যৰ অধিকাৰ, নিয়োগৰ অধিকাৰ, বিনামূলীয়া উচ্চমানৰ শিক্ষাৰ অধিকাৰ, আবাসগৃহৰ অধিকাৰ, পর্যাপ্ত পৰিমানে বৃদ্ধপেঞ্চন তথা প্রতিবন্ধী সাহার্যৰ অধিকাৰ।

আর্থিক অধিকাৰবোৰৰ প্রতি উদাৰবাদৰ দৃষ্টিভংগী বেছ আমোদজনক। এফালে উদাৰবাদী অর্থশাস্ত্রই পুঁজিবাদক এক নমনীয় ব্যৱস্থা ৰূপে প্রক্ষেপ কৰে আৰু দাবী কৰে যে বর্তমানৰ সমাজখনৰ আয় তথা সম্পত্তিৰ পৰাই আর্থিক অধিকাৰ কেতবোৰ গঠন কৰিব পৰাকৈ বিত্তীয় সম্পদ উলিয়াব পৰা যায়, আনফালে উদাৰবাদী দর্শনে নিজে কিন্তু কেতিয়াও এনে আর্থিক অধিকাৰৰ দাবী কৰা নাই (সামাজিক সুৰক্ষাকৱচ বা safety-netৰ কথাটো সুকীয়া)। কিছুমান উদাৰবাদী দার্শনিকে আনকি এনে আর্থিক অধিকাৰ গঠনৰ ন্যায্যতাকো প্রশ্ন কৰে কিয়নো তেওঁলোকৰ মতে যিবোৰ অধিকাৰক সুনিশ্চিত কৰিব পৰা নাযায়, তেনেবোৰ অধিকাৰ গঠন কৰাৰ কোনো অর্থ নাই। যিহেতু আর্থিক অধিকাৰবোৰ সুনিশ্চিত কৰিব নোৱাৰি, সেয়েহে আর্থিক অধিকাৰ গঠন বা দাবী কৰাৰো কোনো অর্থ নাই। পিছে কিয়নো এই আর্থিক অধিকাৰবোৰ সুনিশ্চিত কৰিব নোৱাৰি, তাৰ কোনো উত্তৰ কিন্তু উদাৰবাদে আজিলৈকে দিয়া নাই।

এইক্ষেত্রত উদাৰবাদৰ দুটা তত্ত্বগত দুর্বলতা পৰিলক্ষিত হয়। প্রথমঃ যদিহে পুঁজিবাদ সঁচাকৈয়ে এটা নমনীয়(malleable) ব্যৱস্থা, তেনেহলে এনে অধিকাৰবোৰ সুনিশ্চিত কৰিব পৰাকৈ ব্যৱস্থাটোৰ ক্ষমতা থাকিব লাগিছিল। দ্বিতীয়তে, যদিহে পুঁজিবাদে এনে কোনো অধিকাৰ সুনিশ্চিত কৰিব নোৱাৰেই, তেনেহলে উদাৰবাদে পুঁজিবাদক অতিক্রমি এক বিকল্প ব্যৱস্থা নির্মাণৰ পোষকতাহে কৰা উচিত; পুঁজিবাদে সুনিশ্চিত কৰিব নোৱাৰে বুলি নিজৰ দাবীবোৰক সীমাৱদ্ধ কৰি পেলোৱা অনুচিত। যিকোনো নিষ্ঠাবান উদাৰবাদীয়ে এই প্রশ্নবোৰৰ সমুখীন হবই লাগিব।

আন কথাত কবলৈ গলে, এই অধিকাৰবোৰে কোনো বিশেষ আর্থিক ব্যৱস্থাপনাৰ আগলৈ গৈয়ো অগ্রাধিকাৰ পাব লাগিব; বা আর্থিক ব্যৱস্থাপনা এনেকৈ গঠন কৰিব লাগিব যাতে এই অধিকাৰবোৰক সাব্যস্ত কৰিব পৰা যায়। যিহেতু পুঁজিবাদ হৈছে এক স্বতঃস্ফূর্ত ব্যৱস্থা আৰু ই সম্পূর্ণ নিয়োগ সুনিশ্চিত কৰিব নোৱাৰে, সেয়েহে মোৰ বিশ্বাস যে কেৱল সমাজবাদৰ অধীনতহে এই অধিকাৰবোৰক ফলপ্রসূভাবে সাব্যস্ত কৰিব পৰা যাব। সেয়েহে লেনিনৰ ভাষাত কবলৈ গলে বর্তমানৰ প্রসংগত এই দাবীবোৰ হব “সংক্রমণকালীন দাবী”। পিছে সেয়া হৈছে আন এক প্রসংগ। আমি এই দাবীবোৰৰ প্রতি সর্বাধিক দায়বদ্ধতা দাবী কৰিব লাগিব আৰু উদাৰবাদে যদি দায়বদ্ধ হবলৈ অস্বীকাৰ কৰে, সি তাৰ দ্বি-চৰিত্রকেই প্রমাণিত কৰিব। বাওঁপন্থীসকলে কিন্তু এই অধিকাবোৰৰ প্রতি সার্বজনীন দায়বদ্ধতা দাবী কৰি সংগ্রাম কৰিব লাগিব যাতে নাগৰিকত্বৰ ধাৰণাটোক এক বলিষ্ঠ অর্থ প্রদান কৰিব পৰা যায়।

এইখিনিতে কোনোবাই কব পাৰে যে সার্বজনীন আর্থিক অধিকাৰৰ দাবী হৈছে “অমার্ক্সীয়” কিয়নো মার্ক্সে ব্যক্তিগত অধিকাৰৰ দাবীটোক গম্ভীৰভাৱে লোৱা নাছিল। এই প্রসংগত তিনিটা কথা কব পাৰি। প্রথমঃ মই গণতান্ত্রিক বিপ্লৱৰ এজেণ্ডাৰ কথাহে আলোচনা কৰিছোঁ। যিদৰে গণতান্ত্রিক বিপ্লৱৰ অংশ হিচাপে ভূমি-বিতৰণৰ দাবী কৰিলে তাক ব্যক্তিগত সম্পত্তিৰ প্রতিৰক্ষা বুলি কব নোৱাৰি, ঠিক তেনেকৈয়ে ব্যক্তিৰ বাবে আর্থিক অধিকাৰৰ দাবী কৰাৰ অর্থ এইটো নহয় যে আমি সীমাহীন ব্যক্তিবাদৰ ওচৰত আত্মসমর্পন কৰিব লাগিব। দ্বিতীয়তে ব্যক্তি আৰু সমষ্টিৰ দ্বন্দ্বৰ প্রসংগত ব্যক্তিক আওকান কৰিব লাগিব বুলি মই বিশ্বাস নকৰোঁ। আচলতে ইয়াৰ বিপৰীতে সমষ্টিৰ অংশবিশেষ হৈয়েই ব্যক্তিয়ে নিজৰ স্ব-বিকাশ সম্পূর্ণ কৰিব পাৰে। তৃতীয়তে, আমাৰ নিচিনা সমাজ এখনত য’ত হেজাৰ হেজাৰ বছৰ ধৰি জাতি ব্যৱস্থাই সমতাৰ প্রশ্নটোৰ ক্ষেত্রত বাধা সৃষ্টি কৰি আহিছে, তেনে এখন সমাজত আর্থিক অধিকাৰ প্রাপ্ত নাগৰিকৰ ধাৰণাটোৱে সমাজখনক বহু আগলৈ আগুৱাই লৈ যাব পাৰিব। এইবোৰ প্রসংগক আওকান কৰি কেৱল সমষ্টি নির্মাণৰ কথা কোৱাৰ অর্থ হৈছে – দীর্ঘকালীন লক্ষ্যৰ কথা কবলৈ গৈ হ্রস্রকালীন লক্ষ্যবোৰ পাহৰি যোৱা।

মই প্রথমটো বক্তৃতাতে উল্লেখ কৰিছোঁ যে মার্ক্সৰ মতে প্রলেটাৰিয় বিপ্লৱ বুর্জোৱা বিপ্লৱৰ দৰে চমক সৃষ্টি কৰা বস্তু হব নোৱাৰে; বৰং ই হব এক দীঘলীয়া, কষ্টসাধ্য তথা সাধাৰণ যেন লগা এটা প্রক্রিয়া। মই বিশ্বাস কৰোঁ যে পূর্বৰ লেনিনীয় সন্ধিক্ষণৰ দৰেই এটা নতুন সন্ধিক্ষণৰ আৱির্ভাৱ হৈছে যি উপস্থিত পুঁজিবাদী ব্যৱস্থাটোক অতিক্রম কৰি যাব পৰাকৈ নতুন জোঁৱাৰৰ সম্ভাৱনা সৃষ্টি কৰিছে। পিছে অক্টোবৰ বিপ্লৱৰ বিপৰীতে এইবাৰৰ প্রক্রিয়াটো হব অতিশয় মন্থৰ, দীঘলীয়া তথা কষ্টসাধ্য, য’ত আগবাঢ়ি যোৱাৰ পূর্বচর্তই হব যে বলিষ্ঠভাৱে জনগণৰ অধিকাৰ তথা স্বাধীনতাবোৰক ৰক্ষা কৰা, সিবিলাকৰ পৰিসৰ বৃদ্ধি কৰা। গণতন্ত্র ৰক্ষাৰ সংগ্রাম আৰু পুঁজিবাদী গোলকীকৰণ বিৰোধী সংগ্রাম এই নতুন সন্ধিক্ষণৰ দুটা মূল লাইখুটা হ’ব। সমষ্টি নির্মাণৰ প্রক্রিয়াটোও ব্যক্তিৰ অধিকাৰৰ ৰক্ষণাৱেক্ষণ তথা সম্প্রসাৰণৰ বাটেৰেই আগবাঢ়ি যাব।

...............

[1] মার্ক্সবাদী পরম্পৰাৰ অধীনত “আর্থিক উদ্বৃত্ত”ৰ ধাৰণাটো জনপ্রিয় কৰি তুলিছিল পল চুইজিয়ে। ই মার্ক্সৰ “উদ্বৃত্ত মূল্য”ৰ ধারণাটোতকৈ কিছু পৃথক। সহজ ভাষাত কবলৈ গলে – আর্থিক উদ্বৃত্ত হৈছে সমাজখনে উৎপাদন কৰা সমস্ত সামগ্রী তথা সামগ্রীখিনিৰ নির্মাণত হোৱা খৰছখিনিৰ মাজৰ পার্থক্য। - অনুবাদক

[2] ইয়াৰ বিপৰীতে কিন্তু শ্রমজীৱী শ্রেণীবিলাকৰ উপার্জনৰ সৰহ অংশই উপভোগৰ বাবে ব্যয় কৰা হয়।

 

Share Button
Print Friendly, PDF & Email

No Comments : "মার্ক্সবাদ, উদাৰবাদ আৰু সমকালীন পৃথিৱী: ৰুছ বিপ্লৱৰ শতবার্ষিকী বক্তৃতা-৪  (মূল: প্রভাত পাটনায়ক, ভাবানুবাদ: ময়ূৰ চেতিয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *