কেন্দ্ৰীয় নিবন্ধ

মাৰ্ক্সীয় চিন্তাত মতাদৰ্শ আৰু অন্যান্য কিছু প্ৰশ্ন (জিতেন বেজবৰুৱা)

অসমৰ চহকী বাঁও-গণতান্ত্ৰিক সমাজ-চিন্তাৰ পৰম্পৰাটো শেহতীয়া বছৰসমূহত যিধৰণে নিস্তৰংগ, একঘেয়ে তথা সংকীৰ্ণ হৈ পৰিছে তাৰ তাত্ত্বিক-ৰাজনৈতিক কাৰণসমূহ বিশ্লেষণ কৰাটো অতিকে জৰুৰী হৈ পৰিছে। সমাজ-চিন্তাৰ মাজত যিটো বস্তুৰ আটাইতকৈ অভাৱ পৰিলক্ষিত হৈছে সেইটো হ’ল – সমাজবিজ্ঞান। কিন্তু অসমৰ আত্মতুষ্টিপূৰ্ণ বৌদ্ধিক পৰিসৰৰ ভিতৰত এই বৌদ্ধিক-ৰাজনৈতিক অভাৱ তথা সংকটৰ স্বৰূপ উপলব্ধি কৰাটো অতিকে কঠিন কাম – কিয়নো ইয়াত সমস্যাটোৰ অস্তিত্বই কোনেও স্বীকাৰ নকৰে। এনে সমস্যাৰ কথা উত্থাপন কৰাটোকহে ওলোটাই ভ্ৰান্ত তথা পথভ্ৰষ্ট চিন্তাৰ পৰিচায়ক বুলি প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰা হয়। অৱশ্যে এটা কথা ঠিক যে পৰিবৰ্তিত সামাজিক-ৰাজনৈতিক পৰিস্থিতিত এনে কূপমণ্ডূকতা বৰ বেছি দিনলৈ টিকাই ৰখাটো সম্ভৱ নহ’ব। সি যি নহওক, আমাৰ উপলব্ধি এইটোৱেই যে উক্ত অভাৱ তথা সংকটৰ কথা স্বীকাৰ নকৰালৈকে আৰু তাৰ নিৰ্মোহ বিশ্লেষণৰ প্ৰয়াস নকৰালৈকে সমাজ-চিন্তাই তাত্ত্বিক গভীৰতা আৰু সংগ্ৰামী উদ্যমেৰে ন-কৈ প্ৰাণ পাই উঠাটো সম্ভৱপৰ নহ’ব। দেশৰ সাম্প্ৰতিক প্ৰতিকূল পৰিস্থিতিয়েও বাঁও-গণতান্ত্ৰিক শিবিৰৰপৰা কঠোৰ আত্মসমালোচনাকে দাবী কৰে।

মতাদৰ্শ সম্পৰ্কে সংকীৰ্ণ আৰু যান্ত্ৰিক ধাৰণা (ভিন্নাৰ্থত, অৰ্থনীতিবাদী ধাৰণা) অসমৰ বাঁও-গণতান্ত্ৰিক সমাজ-চিন্তাৰ শেহতীয়া সংকটৰ এটা ঘাই তাত্ত্বিক কাৰণ। মতাদৰ্শ তথা বাগধাৰা সম্পৰ্কীয় আমাৰ এই চেলেকা-চুবুৰা টোকাটো আৰু অন্যত্ৰ এই সম্পৰ্কীয় মন্তব্যৰাজি হ’ল সেই কাৰণটোৰ প্ৰতি আমাৰ অনুসন্ধিৎসাৰে প্ৰকাশ। ইয়াত বাগধাৰা সম্পৰ্কে বিশেষ একো আলোচনা কৰা হোৱা নাই, বৰং মাৰ্ক্সীয় চিন্তাৰ পৰম্পৰাত মতাদৰ্শ ধাৰণাটো কিদৰে ব্যৱহৃত হৈ আহিছে তাৰ কিছু অচিনাকি তথা অৱহেলিত দিশহে দাঙি ধৰিবলৈ যত্ন কৰা হৈছে – যিটোৱে আওপকীয়াকৈ বাগধাৰা ধাৰণাটোৰ ওপৰতো কিছু আলোকপাত কৰিছে। বহুতৰ দৰে মতাদৰ্শ আৰু বাগধাৰা ধাৰণাদুটা সলনাসলনিকৈ ব্যৱহাৰ কৰিব পাৰি বুলি আমাৰ ভাব নহয়; বিশুদ্ধ সমাজতাত্ত্বিক ব্যাখ্যাৰে মতাদৰ্শক বাগধাৰাত পৰিণত কৰাটোও বাঞ্ছনীয় নহয় – সেইটোৱে ঐতিহাসিক বস্তুবাদৰ মৰ্মমূলতে কুঠাৰাঘাত কৰে। আমাৰ ধাৰণা হ’ল, আমাক মতাদৰ্শৰ এনে এটা বহল মাৰ্ক্সীয় ধাৰণাৰ প্ৰয়োজন যি বাগধাৰামূলক বিশ্লেষণে প্ৰদান কৰা অন্তৰ্দৃষ্টিসমূহ গ্ৰহণ কৰে, কিন্তু যিটো একে সময়তে গণসংগ্ৰামৰো অনুকূল। আমি তেনে এটা পূৰ্ণাংগ ধাৰণাৰ উপস্থিতি গ্ৰামশ্চিৰ মাজত দেখা পাওঁ। আমি সেই সম্পৰ্কীয় ধ্যান-ধাৰণাসমূহ বুজাৰ ক্ষেত্ৰত বিভিন্নজনৰ মৌলিক ৰচনাৰাজিৰ উপৰি ঘাইকৈ এইকেইখন ব্যাখ্যামূলক গ্ৰন্থৰ ওপৰত সৰ্বাংশে বা অংশতঃ নিৰ্ভৰ কৰিছো : Terry Eagleton, ‘Ideology: An Introduction’; Jorge Larrain, ‘The Concept of Ideology’ and ‘Marxism and Ideology’; Chantal Mouffe ed., ‘Gramsci and Marxist Theory’.

আলোচনালৈ যোৱাৰ পূৰ্বে দুইটা ধাৰণা সম্পৰ্কে অতি চমুকৈ আৰু সৰলকৈ দুষাৰমান কৈ লওঁ। মতাদৰ্শ ধাৰণাটো ঘাইকৈ মাৰ্ক্সীয় পৰম্পৰাৰ সৈতে জড়িত। প্ৰত্যক্ষ দমনৰ সহায় নোলোৱাকৈ বা ন্যূনতম পৰিমাণে সহায় লৈও কিদৰে সমাজত দমন তথা আধিপত্য বৰ্তাই ৰখা হয় সেই সম্পৰ্কীয় বিশ্লেষণ দাঙি ধৰিবলৈ এই ধাৰণাৰ ব্যৱহাৰ কৰা হয়। আনহাতে, আধুনিক সামাজিক তত্ত্বৰ ভাষিক টাৰ্নটোক প্ৰতিনিধিত্ব কৰে বাগধাৰা ধাৰণাটোৱে। ভাষা আৰু অন্যান্য ৰূপৰ সামাজিক সংকেত-ব্যৱস্থাবিলাকে কেৱল সামাজিক অভিজ্ঞতাকে প্ৰকাশ নকৰে – সিবোৰে বিষয়ীসত্তাৰ নিৰ্মাণত, তেওঁলোকৰ আন্তঃসম্পৰ্কৰ ৰূপ নিৰ্ধাৰণত তথা তেওঁলোকে বসবাস কৰা সামাজিক ক্ষেত্ৰখনৰ গঠনত নিৰ্ণায়ক ভূমিকা পালন কৰে। বিষয়ীসত্তাৰ অস্তিত্ব তথা তেওঁলোকৰ বিভিন্ন সামাজিক পৰিচিতিসমূহৰ উত্থানত ভাষা আৰু আন সংকেত-ব্যৱস্থাবিলাকে কেন্দ্ৰীয় কাৰক হিচাপে কাম কৰে। বাগধাৰা ধাৰণাটোৰ মাধ্যমেৰে সামাজিক বাস্তৱতাৰ এইসমূহ দিশৰ ওপৰত আলোকপাত কৰিব বিচৰা হয়। গতিকে ক’ব পাৰি যে মতাদৰ্শ আৰু বাগধাৰা দুইটা ধাৰণায়েই ভিন্ন দৃষ্টিকোণৰপৰা সামাজিক বাস্তৱতাকে ব্যাখ্যা কৰিব বিচাৰে, আৰু সেই দিশৰপৰা ধাৰণাদুটা ইটো সিটোৰ পৰিপূৰক। তথাপি দুইটাৰ মাজত মৌলিক পাৰ্থক্য আছে। বাগধাৰাই ঘাইকৈ সামাজিক সম্পৰ্ক তথা কৰ্মৰ আভ্যন্তৰীণ আয়তনসমূহৰ ওপৰত আলোকপাত কৰে, বিশেষকৈ ভাষিক আৰু সংকেত-জড়িত (semiotic) আয়তনসমূহৰ ওপৰত। বাগধাৰা একোটা বাহিৰৰ জগতখনৰ সৈতে কিদৰে জড়িত, জীৱন-নিৰ্গত অভিজ্ঞতাৰ বাহিৰত অৱস্থান কৰা শক্তিসমূহে কিদৰে সেই অভিজ্ঞতাসমূহক প্ৰভাৱিত কৰে – সেই সম্পৰ্কে এই ধাৰণাত একপ্ৰকাৰ উদাসীনতা তথা সংশয় অৱলম্বন কৰা দেখা যায়। আনহাতে, মতাদৰ্শৰ ধাৰণাই ঘাইকৈ সামাজিক সম্পৰ্ক তথা কৰ্মৰ বাহ্যিক আয়তনসমূহৰ ওপৰত আলোকপাত কৰে, আৰু সেইবাবে ই বাগধাৰাই অৱজ্ঞা কৰা উক্ত দিশসমূহ সামৰি লয়।

মাৰ্ক্সবাদী পৰম্পৰাত মতাদৰ্শ সম্পৰ্কে ঘাইকৈ দুটা পৰম্পৰা পৰিলক্ষিত হয়। ইগলটনে উক্ত গ্ৰন্থৰ আৰম্ভণিতে সংক্ষেপে এই ধাৰা দুটাক জ্ঞানতাত্ত্বিক আৰু সমাজতাত্ত্বিক বুলি উল্লেখ কৰি লিখিছে : “Roughly speaking, one central lineage, from Hegel and Marx to Georg Lukacs and some later Marxist thinkers, has been much preoccupied with ideas of true and false cognition, with ideology as illusion, distortion and mystification; whereas an alternative tradition of thought has been less epistemological than sociological, concerned more with the function of ideas within social life than their reality or unreality. The Marxist heritage has itself straddled these two intellectual currents, and that both of them have something interesting to tell us will be one of the contentions of the book.” (p. 3)

ইগলটনৰ বক্তব্যটো ইংগিতধৰ্মীহে, তথাপি মাৰ্ক্সবাদী পৰম্পৰাত উক্ত দুইটা ধাৰাৰ তাৎপৰ্যৰ কথা ইয়াত স্পষ্টভাৱে উল্লেখ কৰা হৈছে। (অৱশ্যে লুকাচ্চক লৈ বহুখিনি জটিলতা আছে, সেই জটিলতাখিনি আলোচনা কৰাৰ অন্তত জৰ্জ লেৰেইনে তেওঁক ইগলটনতকৈ কিছু ভিন্নধৰণে উপস্থাপন কৰিছে।) মতাদৰ্শ সম্পৰ্কে প্ৰসিদ্ধ গৱেষক জৰ্জ লেৰেইনে (যাৰ সেই সম্পৰ্কীয় এখন গ্ৰন্থৰ বিষয়ে ইগলটনে কৈছে : “For those looking for an excellent book-length introduction to the topic of ideology, Jorge Larrain’s ‘The Concept of Ideology’ is difficult to match in historical scope and analytic power.” Eagleton, ibid., p. 233) মাৰ্ক্সবাদী পৰম্পৰাত মতাদৰ্শ সম্পৰ্কে দুটা ধাৰাৰ উপস্থিতিৰ কথা বিস্তাৰিতভাৱে আলোচনা কৰিছে – এটা হ’ল ঋণাত্মক ধাৰণা, আনটো হ’ল ধনাত্মক ধাৰণা। এই দুটাক আমি আন ভাষাত ক্ৰমে সমালোচনাত্মক আৰু সমাজতাত্ত্বিক ধাৰণা বুলিও অভিহিত কৰিব পাৰো। খুব সহজকৈ ক’বলৈ হ’লে, ঋণাত্মক ধাৰণাটোৱে মতাদৰ্শক একধৰণৰ বিকৃতিসাধিত চিন্তাৰ ৰূপত উপস্থাপন কৰে, আনহাতে ধনাত্মক ধাৰণাটোৱে ঘাইকৈ সামাজিক চেতনাৰ নিৰ্মাণৰ ওপৰত গুৰুত্বাৰোপ কৰে। বহু সময়ত এই দুটা ধাৰাৰ কোনোবা এটাহে শুদ্ধ আৰু মাৰ্ক্সীয়, আনটো ভ্ৰান্ত তথা অসিদ্ধ – এনে ধাৰণা চলাবলৈ চেষ্টা কৰা হৈছে। কোনোবা এটা প্ৰান্তৰপৰা যদি ধনাত্মক ধাৰণাটোক নস্যাৎ কৰা হৈছে, ওলোটা প্ৰান্তৰপৰা ঋণাত্মক ধাৰণাটোক নস্যাৎ কৰা হৈছে। মতাদৰ্শক কেৱল একধৰণৰ অৰ্থৰ সৈতে সাঙোৰা আৰু কোনো পৰিবৰ্তনকে স্বীকাৰ নকৰা এনেধৰণৰ একশৈলিক ধাৰণাক তেওঁ স্পষ্টভাৱে ভুল বুলি দৰ্শাইছে। তেওঁ দেখুৱাইছে যে মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটো হ’ল স্পষ্টভাৱে ঋণাত্মক আৰু সমালোচনাত্মক। মাৰ্ক্সৰ মাজত ধনাত্মক ধাৰণাৰ আৱিষ্কাৰ কৰা আৰু তাৰ বাবে তেওঁৰ জীৱনৰ দুটা সময়সীমাৰ মাজত কিবা ‘জ্ঞানতাত্ত্বিক বিযুক্তি’ৰ উদ্ভাৱন কৰাৰ প্ৰচেষ্টাক তেওঁ সমালোচনা কৰিছে। সি যি নহওক, মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটো সামাজিক অন্তৰ্দ্বন্দ্বৰ আচ্ছাদনৰ লগত জড়িত। যেতিয়া মানুহে সমাজৰ অন্তৰ্দ্বন্দ্বসমূহ বাস্তৱ ক্ষেত্ৰত প্ৰেক্টিচৰ জৰিয়তে নিৰসন কৰিবলৈ অসমৰ্থ হয়, তেতিয়া তেওঁলোকে সেইসমূহক চেতনাৰ মতাদৰ্শগত ৰূপসমূহৰ মাজেৰে প্ৰকাশ কৰে – মতাদৰ্শগত ৰূপসমূহে অন্তৰ্দ্বন্দ্বসমূহৰ বিশুদ্ধ মানসিক সমাধান দাঙি ধৰি অন্তৰ্দ্বন্দ্বসমূহৰ অস্তিত্ব আৰু চৰিত্ৰক সাৰ্থকভাৱে গোপন কৰি ৰাখে বা ভুলভাৱে উপস্থাপন কৰে। অন্তৰ্দ্বন্দ্বসমূহ গোপন কৰাৰ জৰিয়তে মতাদৰ্শগত বিকৃতিয়ে সেইসমূহৰ পুনৰুৎপাদনত সহায় কৰে আৰু তাৰ মাজেৰেই সি শোষণকাৰী শ্ৰেণীটোৰ স্বাৰ্থ ৰক্ষা কৰে। মাৰ্ক্সৰ এই ধাৰণাৰ পূৰ্ণতম প্ৰকাশ ঘটিছে তেওঁৰ ‘The German Ideology’ গ্ৰন্থত। এই অৰ্থত মতাদৰ্শ হ’ল একে সময়তে এক ঋণাত্মক আৰু সীমিত ধাৰণা। ঋণাত্মক এইবাবেই যে সি সামাজিক অন্তৰ্দ্বন্দ্বৰ বিকৃতিসাধন আৰু ভুল উপস্থাপনক সূচাইছে। সীমিত এইবাবেই যে সি সকলোধৰণৰ ভ্ৰান্তি আৰু বিকৃতিক সামৰি লোৱা নাই। সেইবাবেই স্থূল মাৰ্ক্সবাদে দাঙি ধৰাৰ দৰে মাৰ্ক্সৰ মতাদৰ্শৰ ধাৰণাটোক ভ্ৰান্ত চেতনাৰ ধাৰণাটোৰ সৈতে একাকাৰ কৰিব নোৱাৰি।

ভ্ৰান্ত চেতনাৰ বিপৰীতে গৈ, ধাৰণা বনাম বস্তুৰ সৰল বিভাজনটোক প্ৰতিস্থাপন কৰি এলথুজাৰে মতাদৰ্শৰ পাৰ্থিৱতাৰ বিষয়ে কৈছে। ধাৰণা বস্তুটো কল্পনাপ্ৰসূত নহয়, বস্তুগত – কিয়নো সেইসমূহ খোদিত হৈ থাকে বিভিন্ন সামাজিক গাঁথনি তথা প্ৰেক্টিচৰ মাজত আৰু সেইসমূহে প্ৰকাশ লাভ কৰে ভাষা, আচাৰ-অনুষ্ঠানাদি বস্তুগত সামাজিক ৰূপৰ মাধ্যমেৰে। সেইসমূহৰ নিৰ্দিষ্ট প্ৰভাৱ আছে। কিন্তু ইয়াকে কৰিবলৈ গৈ এলথুজাৰে মতাদৰ্শক বিষয়ীৰ চেতনাৰপৰা স্বাধীন কৰি পেলাইছে। তেওঁৰ মতে, মতাদৰ্শ হ’ল প্ৰতিনিধিত্বকৰণৰ এক ব্যৱস্থা, কিন্তু সৰহ ক্ষেত্ৰতে ইয়াৰ উপস্থাপনাসমূহৰ সৈতে চেতনাৰ কোনো লেনা-দেনা নাই : ইমেজৰ ৰূপত আৰু ধাৰণাৰ ৰূপত, কিন্তু সৰ্বতোপৰি কিছুমান গাঁথনি হিচাপে সেইসমূহ সৰহসংখ্যক মানুহৰ ওপৰত আৰোপিত হয়। বিষয়ীসকলে ধাৰণাৰ সৃষ্টি নকৰে, বৰং মতাদৰ্শইহে বিষয়ীৰ সৃষ্টি কৰে (interpellates)। তেনেহ’লে মতাদৰ্শ বাহিৰৰপৰা মানুহৰ চেতনাত আৰোপিত হয় নেকি? মতাদৰ্শৰ পাৰ্থিৱতা নিশ্চয় শিল এটা বা মানুহৰ শৰীৰটোৰ দৰে নহয়। তেনেহ’লে বিশেষভাৱে দেখুৱাই দিয়া প্ৰয়োজন, এই পাৰ্থিৱতাৰ চৰিত্ৰ কেনেকুৱা। তদুপৰি বাস্তৱতাক কেৱল পাৰ্থিৱতা বা কায়িকতাৰ মাজতে আবদ্ধ ৰাখিব পাৰিনে? স্থূল মাৰ্ক্সবাদে দিয়া যান্ত্ৰিক ব্যাখ্যাত যিদৰে সমস্যা আছে, একেদৰে বিপৰীত মেৰুৰ এই ব্যাখ্যাতো সমস্যা আছে। কিন্তু এই সমস্যাৰ সমাধান মাৰ্ক্সৰ নিজৰ ৰচনাৰ মাজতেই পোৱা যায়। ‘The German Ideology’ গ্ৰন্থত চেতনা সম্পৰ্কে যি জটিল ধাৰণা দাঙি ধৰা হৈছে সেয়া স্থূল মাৰ্ক্সবাদৰ অনুকূল মুঠেই নহয়, বৰং বিপৰীতহে। উদাহৰণস্বৰূপে এটা উদ্ধৃতি ল’ব পাৰি :

“Only now, after having considered four moments, four aspects of the primary historical relationships, do we find that man also possess ‘consciousness’, but, even so, not inherent, not ‘pure’ consciousness. From the start the ‘spirit’ is afflicted with the curse of being ‘burdened’ with matter, which here makes its appearance in the form of agitated layers of air, sounds, in short, of language. Language is as old as consciousness, language is practical consciousness that exists also for other men, and for that reason alone it really exists for me personally as well; language, like consciousness, only arises from the need, the necessity, of intercourse with other men. Where there exists a relationship, it exists for me. . . Consciousness is therefore, from the very beginning a social product, and remains so as long as men exist at all.”

–মাৰ্ক্সৰ এই বক্তব্যই চেতনাৰ সৈতে পাৰ্থিৱতাৰ এক বহু আয়তনবিশিষ্ট সম্পৰ্কৰ কথা কৈছে, যিটো স্থূল মাৰ্ক্সবাদৰ যান্ত্ৰিকতা-সৰলীকৰণবিলাকে স্পৰ্শ কৰিব নোৱাৰে। পোনতে তেওঁ পাৰ্থিৱতাৰপৰা পৃথক এক বিশুদ্ধ চেতনাৰ অস্তিত্ব অস্বীকাৰ কৰিছে। কিন্তু তেওঁ যিটো পাৰ্থিৱতাৰ কথা কৈছে সি প্ৰাকৃতিক বা কায়িক বস্তু এটাৰ পাৰ্থিৱতাতকৈ বেলেগ আৰু জটিল। এটা কথা ঠিক যে চেতনাক এক বাহ্যিক দিশৰো প্ৰয়োজন হয় যিটোৰ জৰিয়তে তাৰ সৈতে সংযোগ সাধন কৰিব পাৰি আৰু বুজিব পাৰি, এই অৰ্থতে ভাষাৰ কথাটো আহিছে। ভাষা হ’ল কাৰ্যকৰী চেতনা, পাৰ্থিৱ ৰূপত ভাষাৰ বস্তুগত ৰূপান্তৰণ। কিন্তু চেতনাক কেৱল তাৰ সেই বস্তুগত উপাদানটোৰ মাজতে সীমাবদ্ধ কৰি ৰাখিব নোৱাৰি – কেৱল বাহ্যিক, বস্তুগত বাস্তৱতাই চেতনাৰ সৰ্বস্ব নহয়। চেতনাৰ আন আন আয়তনো আছে। প্ৰথমতে, পোন প্ৰথমৰপৰাই চেতনা হ’ল এক সামাজিক উৎপন্ন –সামাজিক সম্পৰ্কৰ নেটৱৰ্কসমূহৰ মাজতে চেতনাৰ জন্ম আৰু সেইসমূহৰ মাজতে তাৰ অস্তিত্ব, সামাজিক বিনিময়ৰ প্ৰয়োজনতেই তাৰ উদ্ভৱ হৈছে। দ্বিতীয়তে, মাৰ্ক্সে কৈছে যে য’তেই এটা সামাজিক সম্পৰ্ক আছে সি ব্যক্তিৰ বাবেই আছে – আন ভাষাত, চেতনা আমাৰ নিজৰ মাজতো আছে, ই হ’ল ব্যক্তিৰ অন্তৰ্জীৱনৰ বস্তু। সেইবাবেই চেতনাৰ অস্তিত্ব কেৱল ভাষা আদি বাহ্যিক ৰূপৰ ওপৰতে নিৰ্ভৰ নকৰে, নতুবা ব্যক্তিৰ বাহিৰত অৱস্থান কৰা ই কেৱল সামাজিক বস্তুও নহয় – পোন প্ৰথমৰেপৰাই চেতনা হ’ল ব্যক্তিৰ অন্তৰ্জীৱনৰ বস্তু, বিষয়ীসত্তাৰপৰা অবিভাজ্য বস্তু। গতিকে চেতনা একে সময়তে সামাজিক আৰু ব্যক্তিৰ অন্তৰ্জীৱনৰ সৈতে সম্পৃক্ত। ই বিষয়ীৰ ওপৰত জাপি দিয়া কোনো বাহিৰা বস্তু নহয়, কিয়নো ই ব্যক্তিৰ আভ্যন্তৰীণ। আন কথাত, বাহ্যিক আৰু আভ্যন্তৰীণৰ পানী নসৰকা বিভাজনে আমাক সহায় নকৰে, কাৰণ চেতনা হ’ল একে সময়তে দুয়োটাই। আনহাতে, ‘Theses on Feuerbach’অত স্থূল বস্তুবাদৰ সমালোচনা প্ৰসংগত মাৰ্ক্সে এষাৰ কথা কৈছে এনেকৈ : “The chief defect of all hitherto existing materialism (that of Feuerbach included) is that the thing, reality, sensuousness, is conceived only in the form of the object or of contemplation, but not as sensuous human activity, practice, not subjectively.” ইয়াৰপৰা বুজিব পাৰি যে বাস্তৱ হ’বলৈ বাহ্যিক কায়িকতা বা প্ৰাকৃতিক বস্তু হোৱাটো অপৰিহাৰ্য নহয়। গতিকে চেতনাও বাস্তৱ হ’বলৈ বাহ্যিক বস্তুৰ ৰূপত অৱতীৰ্ণ হোৱাৰ কোনো প্ৰয়োজন নাই। মানৱীয় কৰ্ম নিজেই হ’ল এক বস্তুগত কৰ্ম, আন অৰ্থত – যাক আমি বিষয়ীগত বুলি কওঁ সিও বস্তুগত আৰু বাস্তৱ। (Jorge Larrain, ‘Marxism and Ideology’, p. 103-04) গতিকে স্থূল মাৰ্ক্সবাদৰ ভাব বনাম বস্তুৰ সৰল দ্বৈত ধাৰণাটো ঢোকাত নিটিকে।

কিন্তু এই সৰল দ্বৈত ধাৰণাৰ উদ্ভৱৰো কাৰণ নোহোৱা নহয়। সেই সম্পৰ্কে ৰে’মণ্ড উইলিয়ামছে ‘Marxism and Literature’ গ্ৰন্থৰ সংশ্লিষ্ট পাঠটোত অন্তৰ্ভেদী ব্যাখ্যা দাঙি ধৰিছে। অহৰহ মেটাফিজিক্সৰ বিৰুদ্ধে থিয় দিবলৈ গৈ মাৰ্ক্সে যিটো ভাষাৰ আশ্ৰয় লৈছিল সেই ভাষাটোৱে তেওঁৰ অভিপ্ৰেত গভীৰ অৰ্থটো ঢাকি পেলাইছিল আৰু ফলস্বৰূপে মাৰ্ক্সবাদৰ এক ‘গভীৰ আৰু দেখাত অপূৰণীয় ক্ষতি আৰু বিকৃতি’ ঘটিছিল। ‘reflexes’, ‘echoes’, ‘phantoms’, ‘sublimates’ আদি সৰল পৰিভাষাৰ পুনৰাবৃত্তিৰে গধুৰ মাৰ্ক্সৰ ভাষাটোৱেই সেই ক্ষতিৰ বাট মুকলি কৰি দিছিল। “Consciousness is seen from the beginning as part of the human material social process, and its products in ‘ideas’ are then as much part of this process as material products themselves. This, centrally, was the thrust of Marx’s whole argument, but the point was lost, in this crucial area, by a temporary surrender to the cynicism of ‘practical men’ and, even more, to the abstract empiricism of a version of ‘natural science.’” (p. 60) বাহ্যিক বাস্তৱতা আৰু চেতনাৰ এক অবিভাজ্য প্ৰক্ৰিয়াৰ ধাৰণা দাঙি দিবলৈ যত্ন কৰা মাৰ্ক্সৰ অভিপ্ৰেত অৰ্থটো হেৰাই গৈছিল। ইয়াৰপৰাই স্থূল মাৰ্ক্সবাদী পৰম্পৰাত ভাব বনাম বস্তু, ভাববাদ বনাম বস্তুবাদৰ সৰল দ্বৈত ধাৰণাবিলাকে সাৰ-পানী পাইছিল যাৰ ফলত মাৰ্ক্সবাদৰ চৰ্চাত আহি পৰিছিল যান্ত্ৰিকতা আৰু সংকীৰ্ণতা।

সি যি নহওক, আমি মতাদৰ্শৰ প্ৰশ্নটোলৈ ঘূৰি যাওঁ। মাৰ্ক্সৰ পৰৱৰ্তী সময়ছোৱাত মতাদৰ্শৰ অৰ্থৰ গুণগত পৰিবৰ্তন হয় আৰু সি ঘাইকৈ এক ধনাত্মক অৰ্থ আহৰণ কৰিবলৈ ধৰে। ‘সৰ্বহাৰাৰ মতাদৰ্শ’ – এনে এটা ধাৰণা মাৰ্ক্সৰ চিন্তাৰ কোনোমতেই সম্ভৱ নাছিল, কিন্তু লেনিনে স্পষ্টকৈ তেনে ধাৰণা ব্যৱহাৰ কৰিছিল। ক’বলৈ গ’লে, ধনাত্মক অৰ্থত মতাদৰ্শৰ ধাৰণাৰ প্ৰয়োগ আমি লেনিন আৰু লুকাচ্চৰ মাজত ভালকৈ দেখা পাওঁ। ঊনবিংশ শতিকাৰ শেহৰ দশককেইটাৰপৰা মাৰ্ক্সীয় ৰাজনৈতিক আন্দোলনসমূহ আগ বঢ়াৰ লগে লগে সংঘৰ্ষৰত শ্ৰেণীসমূহৰ ধ্যান-ধাৰণাসমূহে নতুনকৈ গুৰুত্ব লাভ কৰিবলৈ ধৰিলে আৰু তাৰ তত্ত্বায়নৰ প্ৰয়োজনে দেখা দিলে। লেনিনে মতাদৰ্শ ধাৰণাটোৰ সম্প্ৰসাৰণৰ মাজেৰে সেই কাম সমাধা কৰিলে। (এই ক্ষেত্ৰত ‘The German Ideology’ গ্ৰন্থৰ অনুপলব্ধতায়ো হয়তো কিছু প্ৰভাৱ পেলাইছিল, কিয়নো গ্ৰন্থখন প্ৰথম প্ৰকাশ পাইছিল ১৯৩২ চনত।) শ্ৰেণী সংঘৰ্ষৰ পৰিস্থিতি এটাত মতাদৰ্শ উদ্ভাসিত হৈ উঠিল বিভিন্ন শ্ৰেণীৰ শ্ৰেণীস্বাৰ্থৰ সৈতে জড়িত ৰাজনৈতিক চেতনাৰ ৰূপত, আৰু সেই পিনৰপৰা বুৰ্জোৱা আৰু সমাজবাদী মতাদৰ্শৰ মাজত বিৰোধৰ ওপৰত গুৰুত্বাৰোপ কৰা হ’ল। গতিকে সামাজিক অন্তৰ্দ্বন্দ্বক গোপন কৰা এক বিকৃতি ৰূপত মতাদৰ্শৰ ধাৰণাটো লোপ পাই তাৰ এক নিৰপেক্ষ অৰ্থৰ সৃষ্টি হ’ল যিটোৱে যিকোনো শ্ৰেণীৰে ৰাজনৈতিক চেতনাক সূচাব পাৰে – শ্ৰমিক শ্ৰেণীকো ধৰি। লুকাচ্চেও মাৰ্ক্সবাদক ‘সৰ্বহাৰাৰ মতাদৰ্শগত প্ৰকাশ’, ‘যুদ্ধৰত সৰ্বহাৰাৰ মতাদৰ্শ’ ৰূপত চিত্ৰিত কৰিলে। বুৰ্জোৱা মতাদৰ্শ যদি ভ্ৰান্ত তেন্তে সেয়া মতাদৰ্শ হোৱা বাবে নহয়, বুৰ্জোৱা হোৱা বাবেহে। কিন্তু তেওঁলোকৰ ধাৰণাৰ মাজত এটা ডাঙৰ তাত্ত্বিক সমস্যা থাকি গ’ল। লেনিনে ‘What is to be done?’ গ্ৰন্থত স্বতঃস্ফূৰ্ততাৰ আলোচনাৰ মাজেৰে অৰ্থনীতিবাদৰ সমালোচনা দাঙি ধৰিছে। তেওঁৰ মতে, শ্ৰমিক শ্ৰেণীৰ যিটো স্বতঃস্ফূৰ্ত শ্ৰেণীচেতনা সি কেতিয়াও অৰ্থনীতিবাদক অতিক্ৰম কৰিব নোৱাৰে, সি সদায় ট্ৰেড ইউনিয়নবাদী আন্দোলনৰ মাজতে আবদ্ধ থাকিব। অৰ্থাৎ, শ্ৰমিক শ্ৰেণীৰ স্বতঃস্ফূৰ্ত শ্ৰেণীচেতনাই বুৰ্জোৱা মতাদৰ্শৰ গণ্ডী অতিক্ৰম কৰি বৈপ্লৱিক ৰূপ পৰিগ্ৰহ কৰিব নোৱাৰে। তেনেহ’লে বিপ্লৱ আহিব কেনেকৈ? তাৰ বাবে বাহিৰৰপৰা মাৰ্ক্সবাদৰূপী বিজ্ঞানৰ আমদানি কৰিব লাগিব যিটোৰ প্ৰতিনিধিত্ব কৰে সমাজ-গণতান্ত্ৰিক পাৰ্টিয়ে। লেনিনে সমাজবাদী মতাদৰ্শ আৰু স্বতঃস্ফূৰ্ত চেতনাৰ মাজত পাৰ্থক্য দেখুওৱাৰ দৰে লুকাচ্চেও শ্ৰমিক শ্ৰেণীৰ ‘মনস্তাত্ত্বিক শ্ৰেণীচেতনা’ আৰু বাহিৰৰ বিজ্ঞানসন্মত ‘আৰোপিত শ্ৰেণীচেতনা’ৰ মাজত পাৰ্থক্য দেখুৱাইছে। তেওঁলোক দুয়োজনেই এই বিপৰীত ধাৰণাসমূহৰ মাজত, ভিন্নাৰ্থত দৰ্শন আৰু কমন ছেন্সৰ মাজত, তাত্ত্বিক মীমাংসা কৰিবলৈ সক্ষম নহ’ল। এফালে থাকিল নিৰ্ভুল আৰু পূৰ্ণাংগ বিজ্ঞান, আৰু আনফালে থাকিল বিকৃত আৰু খণ্ডিত স্বতঃস্ফূৰ্ত চেতনাৰ পৃথিৱীখন। গতিকে মাৰ্ক্সবাদৰ চৰ্চা থাকিল শ্ৰমিক শ্ৰেণীৰপৰা বাহিৰত অৱস্থান কৰা ইণ্টেলিজেন্সিয়াৰ হাতত। কিন্তু বাহিৰৰপৰা আমদানি কৰা বিজ্ঞানৰ এই ধাৰণাৰ মাজত ভালেমান ক্ষতিকৰ সম্ভাৱনা লুকাই আছে। ট্ৰটস্কিয়ে এই প্ৰসংগত এক ‘substitutism’অৰ কথা কৈছে : শ্ৰমিক শ্ৰেণীয়ে বৈপ্লৱিক শ্ৰেণী হিচাপে নিজৰ চিন্তাৰ ওপৰত নিৰ্ভৰ কৰিব নোৱাৰে, তাৰ বাবে আন এক বাহিৰা গোষ্ঠীৰ ৰূপত এটা বদলিৰ প্ৰয়োজন যিটোৱে শ্ৰমিক শ্ৰেণীক ফ’ৰ্চ হিচাপে কামত লগাব। ইয়াৰ মাজতেই অভিভাৱকত্ববাদ, মেনিপুলেচন আৰু আমোলাতন্ত্ৰৰ বিপদ অন্তৰ্নিহিত হৈ আছে। ইয়াত আন কিছুমান বদলিৰো সম্ভাৱনা আহি পৰে – পাৰ্টিৰ বদলি পাৰ্টি যন্ত্ৰটো, আৰু শেষত, কেন্দ্ৰীয় কমিটিৰ বদলি এজন একনায়ক।

দৰ্শন আৰু কমন ছেন্সৰ মাজৰ এই সমস্যাটোৰ, আৰু সেইবাবে মতাদৰ্শ আৰু বাগধাৰাৰ মাজৰ সমস্যাটোৰ সমাধান আমি পাওঁ গ্ৰামশ্চিৰ মাজত। ইয়াত আমি অতি চমুকৈ দুটামান কথাহে উনুকিয়াব খুজিছো। এটা কথা ঠিক যে মাৰ্ক্সবাদৰ বিকাশ বুদ্ধিজীৱীসকলৰ হাততেই হ’ব, কিন্তু তাৰ সৈতে আন কিছুমান দিশ জড়িত হ’ল। প্ৰথম, জৈৱিক বুদ্ধিজীৱীসকলক সংশ্লিষ্ট শ্ৰেণীটোৱেই জন্ম দিয়ে, আৰু সেই দিশৰপৰা, বুদ্ধিজীৱী আৰু সাধাৰণ জনতাৰ মাজত কোনো চৰম পাৰ্থক্য থাকিব নোৱাৰে। দ্বিতীয়, শ্ৰেণীটোৰ মাজত শূন্যৰপৰা এটা বিজ্ঞান উপস্থিত কৰোৱাৰ প্ৰশ্ন ইয়াত নাই : ইতিমধ্যে প্ৰচলিত ধ্যান-ধাৰণাক সংহত আৰু ক্ৰিটিকেল চৰিত্ৰ দান কৰি নৱৰূপ দান কৰাটোহে মাৰ্ক্সবাদৰ দায়িত্ব। তৃতীয়, মাৰ্ক্সবাদ বা সৰ্বহাৰাৰ মতাদৰ্শ স্বতঃস্ফূৰ্তভাৱে সৰ্বাসাধাৰণৰ মাজত বিশ্বাস হিচাপে, ‘গুড ছেন্স’ হিচাপে জীৱন-অভিজ্ঞতাৰ অংগাংগী হৈ পৰে। সেইবাবে গ্ৰামশ্চিয়ে মাৰ্ক্সবাদৰ ‘সামাজিকীকৰণ’ৰ কথা কৈছে। সৰলীকৃত এই কথাকেইটা গ্ৰামশ্চিৰ গভীৰলৈ প্ৰবেশ কৰিলেহে কংক্ৰিট ৰূপত উদ্ভাসিত হৈ উঠিব।

লেনিনৰপৰা যথেষ্ট উপাদান গ্ৰহণ কৰিলেও মাৰ্ক্সবাদৰ পৰম্পৰাত অৰ্থনীতিবাদ তথা যান্ত্ৰিকতাৰপৰা মুক্ত মতাদৰ্শৰ এক সৃষ্টিশীল সংজ্ঞা দাঙি ধৰি গ্ৰামশ্চিয়ে মৌলিক অৱদান যোগাইছে। মতাদৰ্শ হ’ল এক বিশ্বদৃষ্টি যিটো অন্তৰ্নিহিত হৈ থাকে কলা, আইন, অৰ্থনৈতিক কৰ্ম আদিকে ধৰি ব্যক্তিগত আৰু সমূহীয়া জীৱনৰ সকলোধৰণৰ অভিব্যক্তিৰ মাজত। কিন্তু মতাদৰ্শ কেৱল এটা ধাৰণাগুচ্ছই নহয়, ই মানুহৰ মনোভাবক গঢ় দিয়ে আৰু কৰ্মৰ বাবে প্ৰেৰণা যোগায়। মতাদৰ্শ হ’ল সামাজিকভাৱে সৰ্বব্যাপ্ত। মতাদৰ্শ হ’ল সেইখন ক্ষেত্ৰ য’ত মানুহে ক্ৰিয়াকৰ্ম কৰে, নিজৰ অৱস্থান সম্পৰ্কে চেতনা আহৰণ কৰে, সংগ্ৰাম কৰে। গতিকে মতাদৰ্শগত ক্ষেত্ৰত আৰু মতাদৰ্শৰ জৰিয়তেই এটা শ্ৰেণীয়ে আন শ্ৰেণীসমূহৰ ওপৰত আধিপত্য বিস্তাৰ কৰিব পাৰে। গ্ৰামশ্চিয়ে মতাদৰ্শৰ চাৰিটা স্তৰ চিহ্নিত কৰিছে : দৰ্শন, ধৰ্ম, কমন ছেন্স আৰু লোককৃষ্টি।

দৰ্শন একপ্ৰকাৰ আচহুৱা আৰু জটিল বস্তু যিটো বিশেষজ্ঞ বা প্ৰফেছনেল দাৰ্শনিকসকলেহে চৰ্চা কৰিব পাৰে বুলি থকা বহুলপ্ৰচলিত অন্ধবিশ্বাসটো গ্ৰামশ্চিয়ে খণ্ডন কৰিছে। সমাজৰ প্ৰতিজন মানুহেই এজন দাৰ্শনিক, কাৰণ প্ৰত্যেকৰে মনত এটা ‘স্বতঃস্ফূৰ্ত দৰ্শন’ থাকে। এই দৰ্শনটো কেইবাটাও উপাদানেৰে তৈয়াৰী : প্ৰথম, ভাষা বস্তুটো নিজেই বিভিন্ন স্থিৰীকৃত ভাব আৰু ধাৰণাৰ এক সামগ্ৰিক ৰূপ, কেৱল শব্দৰ সমষ্টি নহয়; দ্বিতীয়, কমন ছেন্স আৰু গুড ছেন্স; তৃতীয়, জনপ্ৰিয় ধৰ্ম, আৰু লগতে – বিশ্বাস, অন্ধবিশ্বাস, মতামত, দৃষ্টিভংগী আৰু ক্ৰিয়াকৰ্মৰ ধৰণ-কৰণৰ সমগ্ৰ ব্যৱস্থাটো যাক লোককৃষ্টি শব্দৰে বুজোৱা হয়। কমন ছেন্স মানে হ’ল এটা যুগত কমন হৈ পৰা বিশ্বখনক চোৱাৰ আৰু বুজাৰ অ-সমালোচনাত্মক আৰু ঘাইকৈ অসচেতন দৃষ্টিভংগী। আনহাতে, গুড ছেন্স হ’ল প্ৰেক্টিকেল-এম্পিৰিকেল কমন ছেন্স। কমন ছেন্সৰ বিষয়ে তেওঁ কৈছে :

“In acquiring one’s conception of the world one always belongs to a particular grouping which is that of all the social elements which share the same mode of thinking and acting. We are all conformists of some conformism or other, always man-in-the-mass or collective man. . . To criticize one’s own conception of the world means therefore to make it a coherent unity and to raise it to the level reached by the most advanced thought in the world. It therefore also means criticism of all previous philosophy, in so far as this has left stratified deposits in popular philosophy. The starting point of critical elaboration is the consciousness of what one really is, and is ‘knowing thyself’ as a product of the historical process to date which has deposited in you an infinity of traces, without leaving an inventory.” (‘Selection from Prison Notebooks’, p. 324)

আনহাতে, ভাষাৰ কেন্দ্ৰীয় গুৰুত্বৰ কথা তেওঁ একাধিক ঠাইত স্বীকাৰ কৰিছে। ইয়াৰ চৰিত্ৰ সম্পৰ্কে তেওঁ কৈছে : “If it is true that every language contains the elements of a conception of the world and of a culture, it could also be true that from anyone’s language one can assess the greater or lesser complexity of his conception of the world.” (p. 325) আন এঠাইত তেওঁ কৈছে : “We have established that philosophy is a conception of the world and that philosophical activity is not to be conceived solely as the ‘individual’ elaboration of systmetically coherent concepts, but also above all as a cultural battle to transform the popular ‘mentality’ and to diffuse the philosophical innovations which will demonstrate themselves to be ‘historically true’ to the extent that they become concretely – i.e. historically and socially – universal. Given all this, the question of language in general and of languages in the technical sense must be put in the forefront of our enquiry.” (p. 348)

–কমন ছেন্স আৰু ভাষাৰ ব্যাখ্যাৰ জৰিয়তে গ্ৰামশ্চিয়ে প্ৰকৃততে বাগধাৰাৰ কথাকেই ভিন্ন ৰূপত উপস্থাপন কৰিছে। অসচেতন মানসিক অভ্যাস গঢ় দিয়াত, বিষয়ীসত্তাৰ নিৰ্মাণত বাগধাৰাৰ ভূমিকাৰ ওপৰত তেওঁ আলোকপাত কৰিছে। বিশ্বাস, দৃষ্টিভংগী, পূৰ্বধাৰণা আদিবোৰ খোদিত হৈ থকা ভাষিক প্ৰেক্টিচ একোটা আমি অসচেতনভাৱেই আয়ত্ত কৰো। সেইসমূহ ইমানেই স্বাভাৱিক আৰু সহজ ৰূপত ধৰা দিয়ে যে পৰীক্ষা কৰাৰ প্ৰয়োজন কেতিয়াও অনুভৱ কৰা নাযায়। কমন ছেন্স বা জনপ্ৰিয় বাগধাৰাই একে সময়তে সামাজিক ক্ৰিয়াকৰ্মৰ মাধ্যমৰূপেও কাম কৰে আৰু সেইসমূহে উৎপাদন কৰা সামাজিক সম্পৰ্কসমূহৰ অংশ হিচাপেও কাম কৰে। কিন্তু কমন ছেন্স সদায়েই একশৈলিক আৰু অপৰিবৰ্তনীয় নহয় – তাৰ মাজত পৰিবৰ্তনৰ সম্ভাৱনা নিহিত থাকে। গুড ছেন্সৰ ধাৰণাটোৱেও সূচায় যে সি সকলো সময়তে প্ৰতিক্ৰিয়াশীল বা পৰম্পৰাগত নহ’বও পাৰে। আনহাতে, তেওঁ কমন ছেন্সৰ বহুত্বৰ কথাও কৈছে। তেওঁ কৈছে :

“Every social stratum has its own ‘common sense’ and its own ‘good sense’, which are basically the most widespread conception of life and of man. Every philosophical current leaves behind a sedimentation of ‘common sense’: this is the document of its historical effectiveness. Common sense is not something rigid and immobile, but is continually transforming itself, enriching itself with scientific ideas and with philosophical opinions which have entered ordinary life. ‘Common sense’ is the folklore of philosophy, and is always half-way between folklore properly speaking and the philosophy, science, and economics of the specialists. Common sense creates the folklore of the future, that is as a relatively rigid phase of popular knowledge at a given place and time.” (p.326)

গ্ৰামশ্চিয়ে কেৱল কমন ছেন্সৰ কেন্দ্ৰীয় গুৰুত্বৰ কথাই কোৱা নাই, তাৰ সমালোচনাৰ কথাও কৈছে, ওপৰৰ বক্তব্যসমূহতে সেইটো স্পষ্ট। কিন্তু কমন ছেন্সৰ সমালোচনা মানে বাহিৰৰপৰা তাৰ ভ্ৰান্ততা বা অসাৰতা উদঙাই দেখুওৱা নহয়। তাৰ বিপৰীতে তেওঁ ‘জনপ্ৰিয় বিশ্বাসসমূহৰ ছলিডিটি’ৰ কথা ভিন ভিন ভাষাত একাধিক ঠাইত কৈছে – যিসমূহৰ কাৰ্যক্ষমতা ‘বস্তুগত শক্তিসমূহৰ ঠিক সমানেই’। সেইবাবে তেওঁ কমন ছেন্সক সৃষ্টিশীলভাৱে পৰিবৰ্তিত ৰূপ দিয়াৰ কথা কৈছে : “. . . every philosophy has a tendency to become the common sense of a fairly limited environment (that of all the intellectuals). It is a matter therefore of starting with a philosophy which already enjoys, or could enjoy, a certain diffusion, because it is connected to and implicit in practical life, and elaborating it so that it becomes a renewed common sense possessing the coherence and the sinew of individual philosophies. But this can only happen if the demands of cultural contact with the ‘simple’ are continually felt.” (p. 330) দৰ্শন আৰু কমন ছেন্সৰ মাজৰ তথা বুদ্ধিজীৱী আৰু সৰ্বসাধাৰণজনৰ মাজৰ সংযোগ সাধনৰ প্ৰশ্নটো অতিশয় গুৰুত্বপূৰ্ণ প্ৰশ্ন, তত্ত্বৰ আৰু প্ৰেক্টিচৰ মাজৰ সংযোগৰ প্ৰশ্নটোৰ দৰেই আৰু তাৰ সৈতে সম্পৰ্কিতও। ওপৰৰ বক্তব্যত গ্ৰামশ্চিয়ে তাৰ ইংগিত দিছে। দাৰ্শনিক আন্দোলন এটাক আমি সাৰ্থক বুলি কেতিয়া ক’ম : যেতিয়া সি এটা সীমিত বৌদ্ধিক গোষ্ঠীৰ মাজত এক বিশেষীকৃত সংস্কৃতিৰ সৃষ্টি কৰাত মনোনিবেশ কৰে, নে কমন ছেন্সতকৈ ওপৰ স্তৰৰ আৰু বৈজ্ঞানিক স্তৰত সুসংহত দাৰ্শনিক চিন্তাৰাজি সম্প্ৰসাৰিত কৰাৰ প্ৰক্ৰিয়াটোত সকলো সময়তে সৰ্বসাধাৰণৰ সৈতে সংযোগ ৰাখে আৰু সেই সংযোগৰ মাজতে অধ্যয়ন কৰিবলগা তথা সমাধান বিচাৰিবলগা সমস্যাৰ উঁহ বিচাৰি পায়? একমাত্ৰ এই সংযোগৰ মাজেৰেহে এটা দৰ্শন ‘ঐতিহাসিক’ হৈ উঠিব পাৰে, সি নিজৰ মাজৰপৰা বুদ্ধিমত্তাসৰ্বস্ব উপাদানসমূহ আঁতৰাই পঠাব পাৰে আৰু সি নিজেই ‘জীৱন’ত পৰিণত হ’ব পাৰে। ইয়াৰ মাজতেই লুকাই আছে কমন ছেন্সৰ অসীম গুৰুত্বৰ কথা। মতাদৰ্শগত বিশুদ্ধতা অৱলম্বন কৰি দৰ্শনৰ চৰ্চা এটা ঘেট’ৰ ভিতৰত সুমুৱাই ৰাখিলে নহ’ব – তেনে বিশুদ্ধতা একপ্ৰকাৰ অৰ্থনীতিবাদ, অৱশ্যে লেনিনীয় অৰ্থত নহয়। বৰং তাৰ বিপৰীতে, সফলকাম হ’বলৈ হ’লে সমাজবাদে নিজেও এক ‘জনপ্ৰিয় ধৰ্ম’লৈ ৰূপান্তৰিত হ’ব পাৰিব লাগিব।

গ্ৰামশ্চিৰ মতাদৰ্শ তথা কমন ছেন্স সম্পৰ্কীয় ধাৰণাৰাজি সম্যক ৰূপত বুজিবলৈ হ’লে আধিপত্যৰ ধাৰণাটোও বুজা প্ৰয়োজন। উৎপাদন সম্পৰ্কৰ যিকোনো এটা মেৰুত অৱস্থান কৰা শ্ৰেণীটোহঁতক তেওঁ মৌলিক শ্ৰেণী বুলি অভিহিত কৰিছে – এফালে বুৰ্জোৱা শ্ৰেণী আৰু আনফালে সৰ্বহাৰা শ্ৰেণী হ’ল মৌলিক শ্ৰেণী। আধিপত্য প্ৰতিষ্ঠা কৰিব পাৰে কেৱল মৌলিক শ্ৰেণীয়েহে। গতিকে আধিপত্য ধাৰণাটো তেওঁ সাধাৰণভাৱে শাসক শ্ৰেণীৰ প্ৰেক্টিচসমূহক বুজাবলৈ আৰু সৰ্বহাৰাৰ ৰণনীতিক বুজাবলৈ – এই দুই অৰ্থতে ব্যৱহাৰ কৰিছে। আধিপত্যই আইনী বৈধতা অৰ্জন বা শ্ৰেণীগত মৈত্ৰীবন্ধন বা জনসাধাৰণৰ মেনিপুলেচনক নুবুজায়। সৰ্বহাৰাৰ ঐতিহাসিক প্ৰজেক্টটো হ’ল এনে এখন সমাজৰ নিৰ্মাণ কৰা য’ত আধিপত্য আৰু নাগৰিক সমাজৰ ক্ষেত্ৰখন, অৰ্থাৎ সন্মতিৰ ক্ষেত্ৰখন সম্প্ৰসাৰিত হ’ব, আৰু তাৰ বিপৰীতে ৰাজনৈতিক সমাজৰ ক্ষেত্ৰখন, অৰ্থাৎ বাধ্যবাধকতাৰ ক্ষেত্ৰখন সংকুচিত হ’ব। ইয়াৰ বাবে সন্মতিৰ ক্ষেত্ৰখনৰ অবিৰত সম্প্ৰসাৰণৰ এক প্ৰক্ৰিয়াৰ সূচনা কৰিব লাগিব যিটোৱে বিভিন্ন সগোত্ৰীয় গোষ্ঠীৰ স্বাৰ্থৰ সমন্বয় সাধন কৰিব এক নতুন ঐতিহাসিক ব্লকৰ ৰূপত। বিভিন্ন জনপ্ৰিয় ধাৰণা আৰু প্ৰেক্টিচৰ প্ৰণালীবদ্ধকৰণ তথা সমালোচনাত্মক ৰূপ প্ৰদান এই ৰণনীতিৰে গুৰুত্বপূৰ্ণ অংশবিশেষ।

চাণ্টাল মুফেই ‘Hegemony and Ideology in Gramsci’ (‘Gramsci and Marxist Theory’) শীৰ্ষক বিখ্যাত ৰচনাখনত বিস্তাৰিতভাৱে দেখুৱাইছে যে গ্ৰামশ্চিয়ে আধিপত্য ধাৰণাটোৰ মাধ্যমেৰে মূলগতভাৱে অৰ্থনীতিবাদৰপৰা মুক্ত মতাদৰ্শৰ এক মৌলিক ধাৰণা দাঙি ধৰিছে। গ্ৰামশ্চিৰ চিন্তাৰ বিভিন্ন অংশৰ মাজত উপযুক্ত সংযোগৰ অভাৱ তথা সেই অংশসমূহ সামগ্ৰিকভাৱে মাৰ্ক্সবাদৰ বৈপ্লৱিক দৰ্শনৰ সৈতে খাপ খোৱাবিধৰ নহয় বুলি থকা ধাৰণাকো তেওঁ খণ্ডন কৰিছে। গ্ৰামশ্চিয়ে মতাদৰ্শক কেন্দ্ৰ কৰি থকা সকলো সমস্যাৰ সমাধান দাঙি ধৰিব পৰা নাই আৰু পৰৱৰ্তী পৰ্যায়ত বিষয়টোৰ আলোচনাৰ বাবে অধিক উন্নত ধাৰণাগত সঁজুলি তথা ব্যাখ্যাৰ প্ৰচলন হৈছে। কিন্তু তিনিটা দিশৰপৰা তেওঁৰ চিন্তাৰ মৌলিক গুৰুত্ব আছে। প্ৰথম, মতাদৰ্শৰ বস্তুগত চৰিত্ৰৰ কথা পূৰ্ণ পৰ্যায়ত কোৱা তেওঁ হ’ল প্ৰথম ব্যক্তি। সকলো সামাজিক গাঁথনিৰ এক আৱশ্যকীয় স্তৰ হিচাপে মতাদৰ্শৰ অস্তিত্বৰ কথা, প্ৰেক্টিচৰ মাজত মতাদৰ্শ খোদিত হৈ থকাৰ কথা আৰু প্ৰাতিষ্ঠানিক সজ্জাৰ মাজেৰে মতাদৰ্শই বস্তুগত ৰূপ পৰিগ্ৰহ কৰাৰ কথা তেওঁ কৈছে। দ্বিতীয়, বাস্তৱৰ বিকৃত উপস্থাপনৰ ৰূপত মতাদৰ্শৰ ধাৰণাটোৰপৰা তেওঁ ৰেডিকেলি আঁতৰি আহিছে, কাৰণ সেইটো উৎপাদন সম্পৰ্কত বিষয়ীৰ অৱস্থানেহে নিৰ্ধাৰণ কৰে। তদুপৰি তেওঁ বিষয়ীসত্তাৰ নিৰ্মাণ কৰা প্ৰেক্টিচ হিচাপে (a practice producing subjects) মতাদৰ্শৰ ধাৰণাটোৰ ইংগিত দিছে। তৃতীয়, তেওঁ reductionism – অৰ্থাৎ, যিটো প্ৰৱণতাই সকলোধৰণৰ মতাদৰ্শগত উপাদানৰে অনিবাৰ্যভাৱে শ্ৰেণী-সংযোগ থাকে বুলি বিশ্বাস কৰে সেই সম্পৰ্কে এটা সামগ্ৰিক ব্যাখ্যা দাঙি ধৰিবলৈ যত্ন কৰিছিল। ইয়াৰে প্ৰথম দুটা পইণ্ট পৰৱৰ্তী কালত বিশেষকৈ এলথুজাৰে বিকশিত কৰিছিল। কিন্তু মুফেইৰ মতে, তৃতীয়টো দিশ সম্পৰ্কে (ৰচনাখন ১৯৭৯ চনৰ) সম্যকধৰণে চিন্তা-চৰ্চা হোৱা নাই আৰু গ্ৰামশ্চিৰ অৱদানকো স্বীকৃতি দিয়া হোৱা নাই। সি যি নহওক, গ্ৰামশ্চিয়ে মতাদৰ্শৰ ধাৰণাৰ মাজেৰে মাৰ্ক্সবাদী ঐতিহ্যৰ এটা গভীৰ সমস্যাৰ সমাধানৰ ইংগিত দাঙি ধৰিছে। সমস্যাটো হ’ল, কেনেকৈ ঐতিহাসিক বস্তুবাদৰ সীমাৰ বাজ নোহোৱাকৈ অৰ্থনীতিবাদক অতিক্ৰম কৰিব পাৰি। মতাদৰ্শগত প্ৰেক্টিচৰ প্ৰকৃত স্বায়ত্ততা আৰু কাৰ্যকৰিতা কিমানখিনি, সেইটোও নিৰ্ণয় কৰা দৰকাৰ আৰু আনহাতে, শেষ অৰ্থত অৰ্থনৈতিক নিৰ্ধাৰণৰ নীতিটোও (determination in the last instance by the economic) ধৰি ৰখা দৰকাৰ। বহুতে অৰ্থনীতিবাদৰপৰা মুক্তিৰ সমাধানটো দিছে ঐতিহাসিক বস্তুবাদৰ পৰিত্যাগৰ মাধ্যমেৰে। তেওঁলোকে শেষ অৰ্থত অৰ্থনৈতিক নিৰ্ধাৰণৰ নীতিটোক অৰ্থনীতিবাদৰ সৈতে একাকাৰ কৰি পেলাইছে আৰু মতাদৰ্শগত প্ৰেক্টিচৰ সম্পূৰ্ণ স্বায়ত্ততাৰ ধাৰণাৰ মাজত সমাধান থকা বুলি কৈছে। গ্ৰামশ্চিৰ আধিপত্যৰ ধাৰণাই এই সমস্যাৰ সমাধানৰ বাবে এক ৰূপৰেখা দাঙি ধৰিছে। (‘Gramsci and Marxist Theory’, p. 200)

মতাদৰ্শ আৰু বাগধাৰাৰ সমস্যাটোক বুজিবৰ বাবে আৰু তাৰ সমাধানৰ বাবে আন ভালেমান পথ থাকিব পাৰে। গ্ৰামশ্চিৰ আলোচনাৰ মাজেৰে আমি তেনে এটা পথৰহে ইংগিত দিবলৈ যত্ন কৰিছো। অৱশ্যে এই ক্ষেত্ৰত বহল আলোচনা তথা বিতৰ্কৰ প্ৰয়োজন আছে, গ্ৰামশ্চিৰ সমস্যা-সম্ভাৱনাসমূহৰো পৰ্যালোচনা হ’ব লাগে, লগতে ভিত্তি আৰু উপৰিসৌধৰ ধাৰণাটোৰো আলোচনাৰ প্ৰয়োজন। কিন্তু মূল প্ৰশ্নটো হ’ল অৰ্থনীতিবাদৰপৰা মুক্ত সৃষ্টিশীল মাৰ্ক্সবাদৰ চৰ্চা – যিটোৱে ন ন তাত্ত্বিক আৱিষ্কাৰ কৰাত আমাক সহায় কৰিব পাৰে আৰু একে সময়তে যিটো গণসংগ্ৰামৰো অনুকূল। লেনিনে কোৱা ট্ৰেড ইউনিয়ন-ধৰ্মী অৰ্থনীতিবাদেই অৰ্থনীতিবাদৰ একমাত্ৰ ৰূপ নহয়, মতাদৰ্শগত বিশুদ্ধতাও এক অৰ্থনীতিবাদ – যিটোৰ প্ৰভাৱ অসমৰ বাঁও-গণতান্ত্ৰিক সমাজ-চিন্তাত ব্যাপক ৰূপত পৰিলক্ষিত হয়।

এইখিনিতে আন এটা কথাও যোগ দিব পাৰি। সংস্কৃতিৰ চিন্তাক জীৱন্তভাৱে সামৰি ল’ব পৰাকৈ তাত্ত্বিক আধাৰৰ সৃষ্টি কৰিব নোৱাৰিলে মাৰ্ক্সবাদৰে ক্ষতি হয়, কিয়নো তেতিয়া তেনে চিন্তাৰ চৰ্চা তাৰ পৰিসৰৰ বাহিৰত হ’ব আৰু সি হয়তো সংস্কৃতিবাদৰ ৰূপ পৰিগ্ৰহ কৰিব। অৰ্থনীতিবাদৰ বিপৰীতে সংস্কৃতিবাদৰ এটা পৃথক ধাৰাৰ সৃষ্টি হ’লে সমাজ-চিন্তাৰ ভৱিষ্যতেই সংকটাপন্ন হ’ব। কিন্তু এনে সমস্যাৰ সমাধান মাৰ্ক্সবাদৰ জীৱন্ত চৰ্চাৰ মাজতে আছে বুলি আমি অনুভৱ কৰো। অসমত ছিৰিয়াছ সমাজ-চিন্তাৰ বিকাশৰ বাবে, মাৰ্ক্সবাদৰ জীৱন্ত চৰ্চাৰ বাবে এই প্ৰশ্নসমূহ নিশ্চয়কৈ অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন।

শেষত গ্ৰামশ্চিৰ বক্তব্য এটাকে উদ্ধৃত কৰিলো : “. . . This revolution also presupposes the formation of a new set of standards, a new psychology, new ways of feeling, thinking and living that must be specific to the working class, that must be created by it, that will become ‘dominant’ when the working class becomes the dominant class.” (‘Selections from Cultural Writings’, p. 41) সেইবাবেই মাৰ্ক্সবাদে প্ৰথমে বিশুদ্ধতাবাদ ত্যাগ কৰি বৰ্তমান সমাজখনৰ মানুহৰ মনস্তত্ত্ব, অনুভৱ, চিন্তা আৰু জীৱন-অভিজ্ঞতাৰ অভ্যন্তৰলৈও প্ৰবেশ কৰিব লাগিব। নহ’লে মাৰ্ক্সে কোৱা সেই পূৰ্ণাংগ মানুহজন কেনেকৈ সৃষ্টি হ’ব? যাৰ বিষয়ে মাৰ্ক্সে কৈছে – “The cultivation of all the qualities of the social human being, production of the same in a form as rich as possible in needs, because rich in qualities and relations—production of this being as the most total and universal social product for, in order to take gratification in a many-sided way, he must be capable of many pleasures, hence cultured to a high degree.” (quoted in Sean Sayers, ‘Marxism and Human Nature’, p. 4-5)
(০৯-০৬-২০১৬)

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *