মাৰিয়াম মিৰ্জাখানী — পংকজ জ্যোতি মহন্ত

দেশ-বিদেশৰ বিভিন্ন যুদ্ধবোৰে কিমান এন ফ্ৰাংকৰ অলিখিত-অপ্ৰকাশিত ডায়েৰি তৈয়াৰ কৰিছে বা কিমান প্ৰতিভা বিকাশৰ সম্ভাৱনাবোৰ মষিমূৰ কৰি গৈছে তাৰ হয়তো সীমা-সংখ্যা নাই। তাৰোপৰি আছে ইতিহাসৰ শ শ অধ্যায় বিষময় কৰি ৰখা সামাজিক তথা পৰিয়ালকেন্দ্ৰিক বাধাবোৰ। মাৰিয়াম মিৰ্জাখানীয়ে কৈছিল — তেওঁ সৌভাগ্যৱান যে তেওঁ প্ৰাথমিক বিদ্যালয় পাৰ হোৱালৈ ইৰান-ইৰাক যুদ্ধৰ অৱসান ঘটিছিল; দহ বছৰৰ পূৰ্বে যদি তেওঁৰ জন্ম হ’লহেঁতেন তেন্তে তেওঁ লাভ কৰা অতিশয় গুৰুত্বপূৰ্ণ সুবিধাখিনি সমূলি লাভ কৰিব নোৱাৰিলেহেঁতেন।

Maryam-Mirzakhaniমাৰিয়াম মিৰ্জাখানী সম্পৰ্কীয় এটা বাতৰিয়ে ২০১৪ চনৰ আগষ্ট মাহৰ তৃতীয় সপ্তাহটোত বিশ্বৰ প্ৰায়ভাগ ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় কাকতত ৰজনজনাই উঠিছিল। অসামান্য কৃতিত্বৰে তেওঁ বিজ্ঞ-সমাজত বহু পূৰ্বৰেপৰা তাৰকাসদৃশ স্থানত অধিষ্ঠিত আছিল যদিও এইবাৰ অলেখ সাধাৰণ সাংবাদিকৰ মাজতো তেওঁ পৰিচিত হৈ উঠিল; তেওঁ এক ইতিহাস লিপিবদ্ধ কৰিলে। সেই খবৰটো আছিল — ১৯৩৬ চনতে প্ৰদান কৰিবলৈ আৰম্ভ কৰা “ফিল্ডছ মেডেল” সেইবাৰ প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাই লাভ কৰিলে। সাধাৰণতে প্ৰতি চাৰি বছৰৰ মূৰে মূৰে চল্লিশৰ অনূৰ্ধ চাৰিজনকৈ বিশ্বশ্ৰেষ্ঠ গণিতজ্ঞক প্ৰদান কৰা এই বঁটা, সেই বছৰকে ধৰি লাভ কৰা মুঠ ৫৬জনৰ ভিতৰত মিৰ্জাখানীয়েই হ’ল একমাত্ৰ মহিলা। ২০০৩ চনৰপৰা প্ৰদান কৰিবলৈ লোৱা আন এক অতি সন্মানীয় বঁটা “এবেল বঁটা” প্ৰতিষ্ঠাৰ আগলৈকে ফিল্ডছ মেডেলক গণিতৰ ন'বেল বঁটাৰূপে বিবেচনা কৰা হৈছিল।

মিৰ্জাখানীৰ জন্ম হৈছিল ১৯৭৭ চনৰ ১৩ মে’ত ইৰানৰ তেহৰান চহৰত; ইৰান-ইৰাক যুদ্ধই জনজীৱন ভয়াৱহ জটিল কৰি তোলা সময়ৰ আগভাগত। শিশু অৱস্থাত তেওঁ এগৰাকী লেখক হোৱাৰ সপোন দেখিছিল। প্ৰতি নিশা তেওঁ দুঃসাহসিক অভিযান সম্পন্ন কৰা এগৰাকী লেখত ল’বলগীয়া যুৱতীৰ কল্পনা কৰা কৰিছিল, য’ত সেই নায়িকাগৰাকী মেয়ৰ হৈছিল আৰু বিশ্ব বিচৰণ কৰি ফুৰিছিল নতুবা বিৰাট কিছুমান লক্ষ্য সমাপন কৰিছিল। তেতিয়া তেওঁ উপন্যাস পঢ়ি খুব ভাল পাইছিল, আৰু মুঠতে যিকোনো কিতাপ পালেই গোগ্ৰাসে গিলিছিল। তিনিটা ল'ৰা-ছোৱালীৰ পৰিয়ালটোত মাক-দেউতাকে সন্তানৰ নিজৰ হেঁপাহ আৰু সন্তুষ্টিৰ পেছা গ্ৰহণ কৰাৰ দিশে সদায় সহযোগ আৰু উৎসাহ প্ৰদান কৰিছিল। তেওঁলোকে সফলতা বা কৃতিত্ব আহৰণ সম্পৰ্কত বৰ ভ্ৰূক্ষেপ কৰা নাছিল। বাহিৰৰ অস্থিৰতাৰ মাজত ঘৰখনৰ এই পৰিৱেশ মিৰ্জাখানীৰ বাবে আছিল খুব প্ৰেৰণাদায়ক। লাহে লাহে দেশৰ অস্থিৰতা কমি আহিছিল, আৰু তেনে সময়তে তেওঁ এটা প্ৰৱেশ পৰীক্ষাযোগে তীক্ষ্ণধী ছাত্ৰীৰ বাবে বিশেষভাৱে গঠিত এখন বিদ্যালয়ত ভৰ্তি হ’বলৈ পালে। তাৰ প্ৰথমকেইদিনতে আন এগৰাকী ছাত্ৰীৰ সৈতে তেওঁৰ অন্তৰংগ বন্ধুত্ব গঢ়ি উঠিল। তেওঁলোকৰ বিদ্যালয়ৰ ওচৰৰ পথৰ কাষে কাষে গঢ়ি উঠা কিতাপৰ দোকানবিলাকত দুয়ো বান্ধৱী বিচৰণ কৰিবলৈ ল’লে। দোকানবোৰত কিতাপবোৰ বৰকৈ মোকলাই চাবলৈ দিয়া হোৱা নাছিল, কিন্তু কিতাপবোৰ সস্তাত পোৱা গৈছিল বাবে তেওঁলোকে ওপৰে ওপৰে চাই যি পায় তাকেই কিনি নিছিল। আৰু তেওঁ দূৰদৰ্শনত চাবলৈ পাইছিল মাডাম কুৰি, হেলেন কেলাৰ আদিৰ দৰে মহীয়সী মহিলাৰ জীৱন-কাহিনীভিত্তিক অনুষ্ঠান। আজিৰ বন্দিত চিত্ৰশিল্পী ভিনচেণ্ট ভেন গঘৰ জীৱনভিত্তিক উপন্যাস “লাষ্ট ফৰ লাইফ”ও তেওঁ পঢ়িবলৈ পালে। এইসমূহে নিজৰ জীৱনত অসামান্য কিবা এটা কৰাৰ উচ্চাকাংক্ষা তেওঁৰ মনত গঢ়ি তুলিলে।

মজলীয়া বিদ্যালয়ৰ প্ৰথমাৱস্থাত মিৰ্জাখানীয়ে গণিতত ভাল ফল দেখুওৱা নাছিল। তেওঁৰ বিশেষ গাণিতিক দক্ষতা আছে বুলি শিক্ষকেও বিবেচনা নকৰিছিল। মাৰিয়ামে কয় যে তেনে বয়সত আনে আমাক কিধৰণে ভাবে সেইটো অতি গুৰুত্বপূৰ্ণ হৈ পৰে, আৰু ক্ৰমে তেওঁ গণিত বিষয়টোত আগ্ৰহেই হেৰুৱাই পেলাইছিলে।

বিজ্ঞানৰ প্ৰতি মাৰিয়াম আগ্ৰহী হোৱাৰ মূলতে আছিল তেওঁৰ ককায়েক। ককায়েকে স্কুলত বা ক’ৰবাত পঢ়ি শিকি অহা কথাবোৰ ভনীয়েকক প্ৰায়ে কৈ শুনাইছিল। এদিন তেওঁ, ১ৰপৰা ১০০লৈ স্বাভাৱিক সংখ্যাবোৰ যোগ কৰা পদ্ধতি এটাৰ সম্পৰ্কে ভনীয়েকক কৈ শুনালে। ভবা হয়—মহান গণিতজ্ঞ ফ্ৰিডৰিখ গাউছে ছাত্ৰাৱস্থাত কৰা সেই সমাধানৰ কাহিনীটো তেওঁ কোনো জনপ্ৰিয় বিজ্ঞান আলোচনীত পঢ়ি আহিছিল।

কাহিনীটো এনেধৰণৰ—এজন এলেহুৱা শিক্ষকে শ্ৰেণীত এঘুমটি মাৰিবলৈ বুলি বুদ্ধি কৰি কণ কণ ছাত্ৰ-ছাত্ৰীবিলাকক ব্যস্ত কৰি ৰাখিবলৈ ১ৰপৰা ১০০লৈ যোগ কৰিবলৈ দিলে। কিন্তু, শিক্ষকজনে ঘুমটি মাৰিবলৈ নাপাওঁতেই তাৰে এজন ছাত্ৰ গাউছে উত্তৰটো ৫০৫০ বুলি লিখি দেখুৱালে। শিক্ষকজন আচৰিত হ’ল। ইমান সোনকালে কেনেকৈ উত্তৰটো ওলাব পাৰে ! গাউছে চতুৰালি কৰা বুলি ভাবি এফালৰপৰা সংখ্যাবোৰ যোগ কৰি উত্তৰটো উলিয়াবলৈ বাকীসকলক শিক্ষকজনে পুনৰ নিৰ্দেশ দিলে। আৰু সঁচাকৈ, গাউছৰ উত্তৰটো শুদ্ধ হ’ল।

গাউছে অংকটো কৰিবলৈ তলত দেখুওৱা ধৰণে ১ৰপৰা ১০০লৈ লিখি লৈছিল—

১      ২      ৩  . . . .    ৯৯      ১০০

তাৰ পাছত তেওঁ সংখ্যাবোৰ ওলোটা ক্ৰমত তলত দেখুওৱাৰ দৰে লিখি ল’লে—

   ১      ২      ৩  . . . .   ৯৯      ১০০

১০০    ৯৯     ৯৮ . . . . .    ২         ১

এতিয়া প্ৰতিটো স্তম্ভ যোগ কৰি পালে—

১০১    ১০১     ১০১ . . . . .  ১০১     ১০১

ইয়াত ১০১ আছে মুঠতে ১০০টা।

অৰ্থাৎ, ১ৰপৰা ১০০লৈ দুবাৰ যোগ কৰা পোৱা যাব ১০১ X ১০০ = ১০১০০।

গতিকে, ১ৰপৰা ১০০লৈ যোগফল হ’ব ৫০৫০।

ককায়েকে বুজোৱা এই সমাধানটোৰদ্বাৰাই মিৰ্জাখানীয়ে প্ৰথমবাৰৰ বাবে গাণিতিক সমস্যা সমাধানৰ সৌন্দৰ্য উপভোগ কৰাৰ সুযোগ পালে। ইফালে, পাছৰ বছৰত তেওঁ বিদ্যালয়ত শিক্ষকৰো প্ৰেৰণা লাভ কৰিলে। সোনকালেই তেওঁ গণিতত পাৰদৰ্শিতা দেখুৱাবলৈ আৰম্ভ কৰিলে।

উচ্চ মাধ্যমিক বিদ্যালয় পোৱাৰ পাছত, International Olympiad in Informaticsঅত অৱতীৰ্ণ হ’বৰ বাবে যোগ্যতা-নিৰূপক পৰীক্ষাৰ প্ৰশ্নকাকত এখন দুয়ো বান্ধৱীৰ হাতত পৰিল। ই হ’ল কম্পিউটাৰ প্ৰগ্ৰেমিঙৰ এটা পৰীক্ষা। দুয়ো বান্ধৱীয়ে প্ৰশ্নকাকতখনৰ ছ-টা প্ৰশ্নৰ তিনিটাৰ সমাধান উলিয়াবলৈ সক্ষম হ’ল। আৰু ফলত এনেধৰণৰ প্ৰতিযোগিতাৰ বাবে দুয়ো উদগ্ৰীৱ হৈ উঠিল। বালক বিদ্যালয়বোৰত গাণিতিক সমস্যা সমাধানৰ যেনেকুৱা অনুশীলনৰ পাঠদান হয় তেনেধৰণৰ পাঠদান তেওঁলোকৰ বিদ্যালয়তো আয়োজন কৰিবলৈ দুয়োৱে গৈ তেওঁলোকৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীক আহ্বান জনালেগৈ। তেতিয়ালৈকে আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত ভাগ লোৱা ইৰানৰ দলবোৰত কেতিয়াও ছাত্ৰী অন্তৰ্ভুক্ত হোৱা নাছিল। প্ৰধান শিক্ষয়িত্ৰীগৰাকী আছিল খুব যোগাত্মক মনোবৃত্তিৰ আৰু অদম্য দৃঢ়তাৰ অধিকাৰী। ছাত্ৰীসকলে যদি প্ৰকৃততেই কিবা এটা বিচাৰে তেন্তে সেইটো কাৰ্যত পৰিণত কৰিবলৈ তেওঁ পিছ নুহুঁহকিছিল আৰু বিদ্যালয়খন বালক-বিদ্যালয়সমূহৰ পৰ্যায়ৰ কৰি তুলিবলৈ তেওঁ আছিল বদ্ধপৰিকৰ। প্ৰথমবাৰৰ বাবে কাম এটা সমাধা কৰিবলৈ যি শক্তিশালী মনোভংগীৰ প্ৰয়োজন সেয়া তেওঁৰ আছিল। এই কথাটোৱেও মিৰ্জাখানীক খুব অনুপ্ৰাণিত কৰিছিল। তেওঁ খুব শ্ৰদ্ধা আৰু অতি উচ্ছ্বসিত ভাষাৰে শিক্ষয়িত্ৰীগৰাকীক সোঁৱৰে। ১৯৯৪ চনত দুয়ো বান্ধৱীয়ে আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডত ভাগ ল’বলৈ পালে। সেইবাৰেই মিৰ্জাখানীয়ে স্বৰ্ণপদক লাভ কৰিলে। এনে কৃতিত্ব অৰ্জন কৰা তেওঁ হ’ল দেশখনৰ প্ৰথমগৰাকী ছাত্ৰী। ১৯৯৫ চনৰ এশ শতাংশ নম্বৰ লাভ কৰি তেওঁ পুনৰ স্বৰ্ণপদক অৰ্জন কৰিলে। আৰু এনে নম্বৰ লাভ কৰা তেৱেঁই হ’ল দেশখনৰ প্ৰথম।

১৯৯৮ চনত এটা দুৰ্ঘটনাত মিৰ্জাখানী কথমপিহে ৰক্ষা পৰিছিল। গণিত সম্পৰ্কীয় এটা প্ৰতিযোগিতাত ভাগ লৈ উভতি অহা ছাত্ৰ-ছাত্ৰীসকলক কঢ়িয়াই অনা বাছ এখনে নিয়ন্ত্ৰণ হেৰুৱাই এটা হোলাত পৰিছিলগৈ। দুৰ্ঘটনাটোত সাতগৰাকী প্ৰতিভাৱান নৱীন গণিতজ্ঞৰ লগতে বাছখনৰ দুজন কৰ্মীও নিহত হৈছিল।

১৯৯৯ চনত, তেহৰানত অৱস্থিত শ্বৰিফ ইউনিভাৰ্ছিটি অব টেকন’ল’জিৰপৰা গণিতৰ স্নাতক ডিগ্ৰী লৈ মিৰ্জাখানী হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়লৈ যায়। তাত তেওঁ গণিতজ্ঞ কাৰ্টিছ মেকমালেনৰ ছেমিনাৰসমূহত ভাগ লোৱা আৰম্ভ কৰিলে। ছেমিনাৰৰ বিষয়সমূহে মিৰ্জাখানীক বিমোহিত কৰিছিল, কিন্তু কথাবোৰ ভালকৈ সিমান আয়ত্ত কৰিব পৰা নাছিল। আগশাৰীৰ বিশ্ববিদ্যালয়বোৰৰপৰা অহা ছাত্ৰ-ছাত্ৰীসকলে ইতিমধ্যেই জনা বহুতো কথা মিৰ্জাখানীয়ে তেতিয়ালৈকে ভুৱেই পোৱা নাছিল। তেওঁ মেকমালেনক অফিচত লগ কৰি অলেখ প্ৰশ্নেৰে সৈতে বিষয়বোৰ আলোচনা কৰিবলৈ আৰম্ভ কৰিলে। আলোচনা কৰি বিষয়সমূহৰ পৰৱৰ্তী কিছুমান স্তৰ মিৰ্জাখানীয়ে নিজেই কল্পনা কৰি উলিয়ায় আৰু মেকমালেনৰ আগত ব্যাখ্যা কৰি জানিব বিচাৰে সেয়া শুদ্ধ হয় নে নহয়। ফাৰ্চী ভাষাত তেওঁ কিছুমান টুকুৰা-টুকুৰ টোকা লিখি লয় আৰু পুনৰ মেকমালেনৰ লগত চৰ্চা আৰম্ভ কৰে। মেকমালেন নিজেও আছিল ফিল্ডছ মেডেলিষ্ট; তেওঁ ১৯৯৮ চনত সেই বঁটা লাভ কৰিছিল। ২০০৪ চনত মেকমালেনৰ তত্ত্বাৱধানত মিৰ্জাখানীয়ে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ২০০৫ চনত “পপুলাৰ ছায়েন্স” আলোচনীয়ে ১০জন প্ৰতিশ্ৰুতিপূৰ্ণ অসাধাৰণ বিজ্ঞানীৰ তালিকাত মিৰ্জাখানীক অন্তৰ্ভুক্ত কৰিলে। ২০০৪ চনৰপৰা ২০০৮ চনলৈ তেওঁ ক্লে’ গণিত প্ৰতিষ্ঠানৰ গৱেষণা ফেল’শ্বিপ লাভ কৰে আৰু প্ৰিন্সটন বিশ্ববিদ্যালয়ত অধ্যাপনা কৰে। ২০০৮ চনৰপৰা তেওঁ ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি আছে।

মিৰ্জাখানী আৰু মেকমালেনৰ অধ্যয়নৰ বিষয় আছিল অধিবৃত্তীয় জ্যামিতি। মহান গণিতজ্ঞ বাৰ্নহাৰ্ড ৰিমানৰ নামেৰে নামাংকৃত ৰিমান পৃষ্ঠ (Riemann surfaces)ৰ সম্পৰ্কীয় কিছুমান জটিল সমস্যাৰ সমাধান মিৰ্জাখানীয়ে নিৰ্ণয় কৰে। এই পৃষ্ঠবোৰ এনেধৰণৰ যে তাৰ ওপৰত অংকৃত একোটা ত্ৰিভুজৰ কোণ তিনিটাৰ যোগফল ১৮০ ডিগ্ৰী নহয়। পিয়লা বা এমিবা আদিৰ পৃষ্ঠ এনে শ্ৰেণীত পৰে। গোলক বা গাড়ীৰ পাম্পভৰ্তি টিউব একোটা ত্ৰিবিমীয় বস্তু যদিও পৰুৱা এটা যদি তাৰ পৃষ্ঠৰে বগাই যায় তেন্তে পৰুৱাটোৱে কেৱল আগলৈ, পিছলৈ, কাষলৈ — এনেদৰে দ্বিমাত্ৰিকভাৱেহে বিচৰণ কৰিব। গতিকে পৃষ্ঠখনত পৰুৱাটোৰ একেবাৰে সমীপৰ অংশখিনি এখন সমতল বা গোলাকৃতিৰ নতুবা ঘোঁৰাৰ জিনৰ আকৃতি যেন দেখা যাব। আনহাতে, টিউবটোৰ পৃষ্ঠত এটা বিন্দুৰপৰা আন এটা বিন্দুলৈ ন্যূনতম দূৰত্বটো সমতলত পোৱাৰ দৰে এডাল সৰলৰেখা হিচাপে পোৱা নাযায়। এনে ক্ষেত্ৰত ন্যূনতম দূৰত্বটোও এডাল বক্ৰৰেখা হয়। ৰিমান পৃষ্ঠত দুটা বিন্দুৰ মাজৰ ন্যূনতম দূৰত্বটোৰ পথটোক জিঅ’ডেছিক বক্ৰ (geodesic curve) বুলি কোৱা হয়। জিঅ’ডেছিক বক্ৰৰ বহু বিচিত্ৰ ধৰ্ম আছে। যেনে—সৰল ৰেখা এডালে নিজেই নিজক কেতিয়াও স্পৰ্শ নকৰে, কিন্তু জিঅ’ডেছিক বক্ৰই কৰিবও পাৰে। পিছে, এইখিনি আমি অতি সৰল কায়িক বস্তু একোটা লৈ সহজেই বুজি পোৱা সৰলতম কিছুমান ধৰ্মহে। বিমূৰ্ত কিছুমান সংজ্ঞাৰে আগ বাঢ়ি গৈ এনে পৃষ্ঠসমূহৰ ধৰ্মৰ গভীৰ অন্বেষণ কৰা হয়। ৰিমান পৃষ্ঠত এক বিশেষ শ্ৰেণী জিঅ’ডেছিক বক্ৰৰ সংখ্যা জনাৰ সাধাৰণ নিয়ম মিৰ্জাখানীয়ে নিৰ্ণয় কৰিছিল। সেয়া আছিল এটি অসমান্য কাম। কিন্তু সিমানেই নহয়, তেওঁৰ গৱেষণা আন বহুকেইটা দুৰুহ শাখালৈকো বিস্তৃত।

অতিশয় শান্ত, ধীৰ; অথচ প্ৰবল আত্মবিশ্বাসী মিৰ্জাখানী যোগাত্মক চিন্তাৰো যেন এটি ভাণ্ডাৰ। আন বহুতে স্পৰ্শ কৰিবলৈ সাহস নকৰা সমস্যা কিছুমানেই তেওঁ বছৰ বছৰ ধৰি আয়ত্ত কৰাৰ চেষ্টা কৰি থাকে। তেওঁৰ এগৰাকী সহকৰ্মী এলেক্স এস্কিনে কয় যে—তেওঁৰ অপৰ্যাপ্ত যোগাত্মক চিন্তাধাৰা খুবেই সংক্ৰামক; তেওঁৰ সৈতে কামত লাগিলে পূৰ্বতে সমাধানৰ কোনো পথ নেদেখা সমস্যা এটাৰো সমাধানৰ সম্ভাৱনা বাঢ়ি অহা যেন অনুভৱ হ’বলৈ ধৰে। ২০০৬ চনৰপৰা তেওঁলোক দুয়োৱে তেওঁলোকৰ বিষয়ৰ এটি বৃহৎ সমস্যাৰ সামাধানৰ প্ৰচেষ্টা আৰম্ভ কৰে। ২০১২-১৩ত আন এজন সহকৰ্মীৰ সৈতে তেওঁলোক তিনিওৱে সেইটো সম্পূৰ্ণ কৰে। তেওঁলোকে “বিলিয়াৰ্ড টেবুল”(বহুভূজ বিশিষ্ট মেজ আকৃতিৰ এবিধ পৃষ্ঠ)ৰ ওপৰত উফৰি উঠা বল একোটাৰ ধৰ্ম আৰু বিলিয়াৰ্ড টেবুলৰ নিজৰে ৰূপান্তৰ সম্পৰ্কীয় বহু ধৰ্মৰ ব্যাখ্যা আগবঢ়াবলৈ সক্ষম হয়। বীজগণিত, কলন গণিত, জটিল বিশ্লেষণ, সংস্থিতি বিজ্ঞান, ডাইনেমিকেল ছিষ্টেম আদিৰ গভীৰ জ্ঞান আৰু নিৰন্তৰ অনুসন্ধানেৰে মিৰ্জাখানীয়ে জটিলতৰ সমস্যাৰ সমাধান উলিয়াইছে। এইসমূহে গণিতৰ নতুন ধাৰা আৰম্ভণি কৰাৰ লগতে ইয়াৰ প্ৰায়োগিক দিশো ইতিমধ্যেই আৰম্ভ হৈছে। সমস্যাবোৰ সমাধানত ব্যৱহৃত তেওঁৰ গভীৰ ধাৰণাসমূহ ষ্ট্ৰিং থিয়’ৰি, কোৱাণ্টাম ক্ষেত্ৰ তত্ত্ব, গতিবিজ্ঞান, ভূকম্পই ভূ-পৃষ্ঠত ঘটোৱা চ্যুতি-বিচ্যুতিৰ আদি বিবিধ পৰিঘটনা অধ্যয়ন কৰাত প্ৰয়োগ হৈছেগৈ; যিবোৰ তেওঁৰ কৰ্মখিনিৰ পূৰ্বে আয়ত্ত কৰাটো সম্ভৱ হোৱা নাছিল। এতিয়াও তেওঁ ব্যস্ত সেই তাহানিৰ উচ্চাকাংক্ষী নায়িকাৰ পৰৱৰ্তী “গাণিতিক কাহিনী”বোৰ লিখাত।

এইগৰাকী ব্যক্তিৰে সেই খবৰটো কেউপিনে যেতিয়া বিয়পি গৈছিল, এজনো ফিল্ডছ মেডেলিষ্ট নথকা, বিজ্ঞানৰ এজনো ন’বেল বঁটা বিজয়ী নথকা ইৰানত কেনে প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল? অতি ব্যংগৰ কথাটো হ’ল—দেশখনৰ শাসক আৰু সংবাদ-মাধ্যমৰ ঊৰ্ধতন কৰ্তৃপক্ষ তেতিয়া ব্যস্ত হৈছিল তেওঁৰ মূৰত কাপোৰ আছেনে নাই সেই লৈ।

ৰাষ্ট্ৰপতিয়ে টুইট কৰা ছবিখন

ৰাষ্ট্ৰপতিয়ে টুইট কৰা ছবিখন

ৰাজহুৱা স্থানত হিজাব নোলোৱাটো ইৰানৰ আইন মতে দণ্ডনীয়। ইয়াৰ বাবে কেইবাবছৰ পৰ্যন্ত কাৰাদণ্ড হ’ব পাৰে। এগৰাকী ইৰানী অভিনেত্ৰীয়ে হিজাব নোলোৱাকৈ এখন অষ্ট্ৰেলীয় চিনেমাত অভিনয় কৰা বাবে এবছৰ কাৰাদণ্ড আৰু ৯০ বেত খাবলগা হৈছিল। মূৰত কাপোৰবিহীন অৱস্থাত ৰেকৰ্ড কৰা ভিডিঅ’ পোষ্ট কৰা বাবেও কাৰাদণ্ড পোৱাৰ উদাহৰণ ৰাষ্ট্ৰখনত আছে। ইৰানৰ ৰাষ্ট্ৰপতিয়ে ইৰানীসকলক গৌৰৱান্বিত কৰা বুলি অভিনন্দন জনাই মিৰ্জাখানীৰ বৰ্তমানৰ মূৰ মুকলি হৈ থকা ফটো এখনৰ কাষত ছাত্ৰীজীৱনৰ মূৰ ঢাকি থকা আন এখন ফটো একেলগ কৰি টুইট কৰিলে। সংবাদ প্ৰতিষ্ঠানবোৰে মিৰ্জাখানীৰ মূৰ মুকলি ফটো ছফ্টৱেৰৰদ্বাৰা এডিট কৰি কাপোৰেৰে ঢকাৰ নিচিনা কৰি বাতৰি প্ৰচাৰ কৰিলে। কিছুসংখ্যকে মিৰ্জাখানীয়ে হিজাব মাৰি থকা পুৰণি ফটোহে প্ৰকাশ কৰিলে। এখন কাকতে আকৌ এখন ফটোৰ চুলিৰ অংশখিনি ‘ক্ৰপ’ কৰিহে প্ৰকাশ কৰিলে। সৃষ্টি হ’ল বিৰূপ প্ৰতিক্ৰিয়াৰ। ৰাষ্ট্ৰপতিৰ টুইটটোত হিজাববিহীন ফটোখন থকা বাবে, এটি কু-পৰম্পৰা ভংগ কৰি তেওঁ হিজাবতকৈ মগজুৰ তীক্ষ্ণতাক মূল্যাংকন কৰাৰ মানসিকতা অৰ্জন কৰিছে-ধৰণৰ মন্তব্যৰে বহুতে প্ৰশংসা কৰে যদিও আন বহুসংখ্যকে ৰাষ্ট্ৰপতিক ভণ্ড বুলি মুকলি প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কাৰণ, হিজাববিহীন ফটো নিজে আপল’ড কৰি অভিনন্দন জনাইছে যদিও ৰাষ্ট্ৰপতিয়ে নিজেই কিন্তু ৰাষ্ট্ৰখনত মহিলাৰ উচ্চশিক্ষাত বাধা প্ৰদানকে ধৰি বিবিধ দুৰাচাৰ বৰ্তাই ৰাখিছে। ২০১২ চনত ৰাষ্ট্ৰখনৰ ৩৬খন বিশ্ববিদ্যালয়ত নিউক্লীয় পদাৰ্থবিজ্ঞান, অভিযান্ত্ৰিকী আদিকে ধৰি ৭৭টা বিষয়ত মহিলাৰ উচ্চ শিক্ষা নিষিদ্ধ কৰা হয়। আনহাতে, সামান্য অজুহাততেই কাৰাদণ্ড প্ৰদান ৰাষ্ট্ৰখনৰ যেন এক পৰম্পৰা! ইয়াৰ বলি হৈছে উচ্চ প্ৰতিভাৰ অধিকাৰী বহু বিজ্ঞানী। এগৰাকী প্ৰথিতযশা বিজ্ঞানীয়ে কাৰাগাৰৰপৰাই অধ্যয়ন, গৱেষণা-পত্ৰ প্ৰেৰণ আদি চলাই যাব বিচাৰোঁতেও কাৰাগাৰ কৰ্তৃপক্ষই অনুমতি প্ৰদান নকৰিলে। এনে বাধাবোৰৰ বাবেই উচ্চশিক্ষা প্ৰত্যাশী বহু মানুহ ইৰান এৰি গুচি যাবলগা হয়। ইৰানতে থাকি যোৱা হ’লে মিৰ্জাখানীও হেৰাই যাব লাগিলহেঁতেন, যাৰ বাবে এতিয়া ৰাষ্ট্ৰপতিৰ দৰে মানুহবোৰে গৌৰৱ কৰাৰ কোনো নৈতিক অধিকাৰ নাই আদি মন্তব্যও বহুতে প্ৰকাশ কৰে। সম অধিকাৰ, মুক্ত জীৱনপ্ৰত্যাশী অলেখ মানুহৰ মনত নিজৰে ৰাষ্ট্ৰখনৰ শাসন ব্যৱস্থাৰ প্ৰতি কেনে ক্ষোভ গঢ়ি উঠিছে এইবোৰ কথাৰপৰা প্ৰকাশিত হয়।

মিৰ্জাখানী বিবাহপাশত আবদ্ধ হয় তাত্ত্বিক কম্পিউটাৰ বিজ্ঞানী য়ন ভানড্ৰেকৰ (Jan Vondrák) সৈতে। এমআইটি, মাইক্ৰ’ছফ্ট ৰিছাৰ্চ, আইবিএম ৰিছাৰ্চ, প্ৰিন্সটন বিশ্ববিদ্যালয় আদি প্ৰতিষ্ঠানত গৱেষণাৰে অভিজ্ঞ য়ন বৰ্তমান ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ অধ্যাপক। তেওঁ ইৰানী নহয়। তেওঁ চেক প্ৰজাতন্ত্ৰৰ (Czech Republic) নাগৰিক আৰু অমুছলমান। ইৰানত মুছলমান মহিলা অমুছলমানৰ সৈতে বিয়া হোৱাটো নিষিদ্ধ, তাৰ বাবে মিৰ্জাখানী ইৰানলৈ উভতি গ’লে বহু বছৰৰ কাৰাদণ্ড হ’ব পাৰে। আৰু য়ন যদি মুছলমানলৈ পৰিৱৰ্তন নহয় তেন্তে তেওঁলোকৰ সন্তানটিও ইৰানলৈ যাব নোৱাৰে।

এনে বিবিধ সংকীৰ্ণতাত ধ্বংস হৈ নাযাবলৈ বহু মূল্য ভৰি উজলি উঠিবলগা হোৱা প্ৰতিভাবোৰ দেশখনলৈ পুনৰ ঘূৰি যোৱা নহয়গৈ। ব্ৰেইন ড্ৰেইনে ৰাষ্ট্ৰখনৰ বৌদ্ধিক স্তৰৰ বিকাশ স্তিমিত কৰিছে যদিও গোড়ামি আঁতৰাই অধ্যয়নৰ অধিক সুযোগ-সুবিধা গঢ়াৰ চিন্তা কৰাৰ পৰিৱৰ্তে ৰাষ্ট্ৰখনৰ শাসকপক্ষই “পশ্চিমীয়া এই বিজ্ঞান আৰু সভ্যতা আমাক নালাগে, তাৰ অনুৰাগী সেইসকল ভণ্ড” বুলি কোৱা পূৰ্বৰ গোড়া-নেতৃত্বৰ মানসিকতাকে ধৰি ৰাখিছে। মিৰ্জাখানীৰ দৰে প্ৰতিভাবিলাকে কৰা বৈজ্ঞানিক সত্যানুসন্ধানবোৰ যে ভৌগোলিক সীমাত আবদ্ধ হৈ নাথাকি সমগ্ৰ মানৱ জাতিৰে উৎকৰ্ষ সাধনৰ আহিলা হৈ পৰে সেই কথা বুজি পাবলৈ ইৰানী নেতৃত্বৰ কিমান যুগৰ বাকী আছে সেয়া এতিয়া আমাৰ অগোচৰ।

Share Button
Print Friendly, PDF & Email

No Comments : "মাৰিয়াম মিৰ্জাখানী — পংকজ জ্যোতি মহন্ত"

Leave a Comment

Your email address will not be published. Required fields are marked *