মাষ্টৰণী (এণ্টন চেখভৰ গল্প; অনুবাদ : বসন্ত কুমাৰ বৰা)

(অনুবাদকৰ টোকা : এণ্টন চেখভৰ “The Schoolmistress” নামৰ গল্পটো চেখভৰ বিখ্যাত গল্পসমূহৰ অন্যতম। গল্পটোত চেখভে এখন দুৰ্গম গাঁৱত একঘেয়ামি চাকৰি কৰা এগৰাকী অবান্ধৱ, জীৱনৰ প্ৰতি বীতশ্ৰদ্ধ শিক্ষয়িত্ৰীৰ কথা বৰ্ণনা কৰিছে । দুঃস্থ জীৱনৰ মাজতো শিক্ষয়িত্ৰীগৰাকীয়ে অৱশ্যেই বিচাৰে এজন সমভাগী, এজন মৰমিয়াল বন্ধু – শেষপৰ্যন্ত তেওঁ সেয়া বিচাৰি পাইছে হানভ নামৰ এজন চুবুৰীয়াৰ মাজত ।)

চাৰে আঠ বজাত তেওঁলোক নগৰৰ বাহিৰলৈ ওলাল ।

ৰাস্তাটো শুকান, ওপৰত উমাল এপ্ৰিলৰ ৰ’দ; অৱশ্যে, লিক্‌বিলাক আৰু কাষৰ জংঘলবোৰত অলপ-অচৰপ বৰফ তেতিয়াও নগলাকৈ আছিল। দীঘলীয়া আমনি-লগা শীতকালিটো যোৱাই নাই, হঠাতে বসন্ত আহি পালেহিয়েই ! পিছে এই উমলগা ৰ’দজাকেই হওক, বসন্তৰ পৰশ-লগা উদাস হাবিখনেই হওক, বহল জলাহনিবোৰৰ ওপৰত উৰি ফুৰা চৰাইজাকেই হওক অথবা নিমেঘ ফৰকাল আকাশখনেই হওক, গাড়ীখনত বহি যোৱা মেৰিয়া ভাছিলিয়েভনাই একোতেই নতুনত্ব বিচাৰি পোৱা নাছিল, তাইৰ একোৱেই ভাল লগা নাছিল। যোৱা তেৰ বছৰে তাই এই মাষ্টৰণীৰ চাকৰি কৰিছে; আৰু কিমানবাৰ যে দৰমহা আনিবলৈ তাই নগৰখনলৈ আহিছে, তাৰ হিচাপ নাই – কোনোদিনা হয়তো আজিৰ দৰে বসন্ত, কেতিয়াবা হেমন্তৰ সেমেকা আবেলি, আৰু কেতিয়াবা হয়তো শীতকালি। তাইৰ বাবে সেইবোৰ নিতান্তই অপ্ৰয়োজনীয় কথা; তাইৰ বাবে একমাত্ৰ গুৰুত্বপূৰ্ণ কথা হ’ল যিমান সোনকালে পাৰি এই অস্বস্তিৰপৰা ঘৰ গৈ পোৱাটোহে ।

তাইৰ এনেকুৱা লাগে যেন তাই এই একেখিনি ঠাইতে কেইবাযুগ ধৰি বাস কৰি আছে, থাকি থাকি নগৰৰপৰা তাইৰ স্কুললৈ প্ৰত্যেকটো শিল, প্ৰতিজোপা গছ তাই চিনি পোৱা হৈছে। তাইৰ অতীত আৰু বৰ্তমান - সকলো ইয়াতেই পাৰ হৈ গৈছে আৰু এই স্কুল, স্কুলৰপৰা নগৰ, নগৰৰপৰা স্কুল – এয়াই যেন তাইৰ ভৱিষ্যতো ...

অতীতৰ বিষয়ে তাই চাকৰি কৰিবলৈ লোৱাৰ আগৰেপৰাই ভাবিবলৈ এৰি দিছে – অতীতটো প্ৰায় তাই পাহৰিয়েই পেলাইছে । এসময়ত তাইৰ মাক-দেউতাক আছিল, তেওঁলোকৰ লগত তাই মস্কোৰ ৰে’ড-গেইটৰ ওচৰৰ এটা ডাঙৰ ফ্লেটত বাস কৰিছিল – এইবোৰ কথা তাইৰ মনত ৰিণিকি ৰিণিকি আধা-পাহৰা সপোন এটাৰ দৰেহে মনত আছে । তাইৰ দহ বছৰ বয়সত দেউতাকৰ আৰু তাৰ পিছতেই মাকৰ মৃত্যু হৈছিল ... তাইৰ ভায়েক আছিল এজন চৰকাৰী বিষয়া, প্ৰথমে সিহঁতে ইটোৱে সিটোলৈ চিঠি লিখিছিল । লাহে লাহে ভায়েকে তাইৰ চিঠিৰ উত্তৰ নিদিয়া হ’ল, একেবাৰে নিলিখাই হ’ল । এতিয়া তাইৰ পুৰণি বস্তু বুলি মাকৰ ফটো এখনহে মাথোঁ ন আছেগৈ, – সেইখনো স্কুলৰ সেমেকা পৰিবেশত ধৰিব নোৱৰা হৈ পৰিছে, এতিয়া মাত্ৰ তাত মাকৰ চুলিখিনি আৰু চেলাউৰিখিনিহে ধৰিব পাৰি ।

কেইমাইলমান আগুৱাই যোৱাৰ পিছত বুঢ়া চালক চেমিয়নে মাত লগালে, “চৰকাৰী কেৰাণী এজন ধৰা পৰিল নহয় । পুলিছে ধৰি নিছে তাক । শুনিছো বোলে কোনোবা জাৰ্মান কিছুমানৰ লগ লাগি সি মস্কোৰ মেয়ৰ আলেক্সেয়েভক হত্যা কৰিছিল ।”

“কোনে ক’লে তোমাক?”

“ইভান ইভানভৰ চৰাইখানাত কাকতত পঢ়ি থকা শুনিছিলো ।”

আকৌ বহু সময়ৰ বাবে দুয়ো নিৰৱ হৈ পৰিল । মেৰিয়া ভাছিলিয়েভনাই তাইৰ স্কুলখনৰ কথা ভাবিবলৈ ধৰিলে; পৰীক্ষা আহিছে, তাইৰ স্কুলৰপৰা এজনী ছোৱালী আৰু চাৰিটা ল’ৰাই পৰীক্ষা দিব । ঠিক তেনেতে, তাই পৰীক্ষাৰ কথা ভাবি থাকোঁতেই তাইৰ চুবুৰীয়া হানভ চাৰিটা ঘোঁৰাই টনা গাড়ী এখনত তাইক পিছ পেলাই আগ বাঢ়ি গ’ল । তেৱেঁই তাইৰ স্কুলৰ যোৱা বছৰৰ পৰীক্ষক আছিল । তাইক চিনি পাই তেওঁ অভিবাদন জনালে ।

“সু-প্ৰভাত । ঘৰলৈ যায় চাগে’ ?” হানভে ক’লে ।

হানভৰ বয়স প্ৰায় চল্লিছ, মুখত এক অচিন অভিব্যক্তি আৰু বাঢ়ি অহা বয়সৰ সামান্য চাপ; কিন্তু এতিয়াও আকৰ্ষণীয় চেহেৰাৰে তেওঁ যিকোনো নাৰীৰে মনোযোগ আকৰ্ষণ কৰিব পাৰে । তেওঁ নিজৰ ডাঙৰ ঘৰ-বাৰীত অকলশৰে বাস কৰে । তেওঁ চাকৰিৰপৰা অৱসৰ লৈছে, আৰু মানুহে কোৱা-কুই কৰে বোলে তেওঁ ঘৰত একোৱে কৰিব নালাগে, তেওঁ মাথোঁ ঘৰটোত ইফালৰপৰা সিফাললৈ সুহুৰি বজাই বজাই অহা যোৱা কৰি থাকে আৰু তেওঁৰ পুৰণি লগুৱাজনৰ লগত দবা খেলে । মানুহে কোৱা মতে তেওঁ মদে-মাংসই যথেষ্ট আৰামেৰে জীৱন কটায় । সঁচাকৈয়ে, যোৱাবছৰ পৰীক্ষাৰ দিনা তেওঁ লৈ অহা প্ৰশ্ন-কাকতবোৰৰপৰা দামী মদ আৰু আঁতৰৰ গোন্ধ ভাহি আহিছিল । সেইদিনা তেওঁ এযোৰ সম্পূৰ্ণ নতুন পোছাক পিন্ধি আহিছিল আৰু মেৰিয়া ভাছিলিয়েভনাই তেওঁৰ প্ৰতি এক গভীৰ আকৰ্ষণ অনুভৱ কৰিছিল; তেওঁৰ ওচৰত বহি থকা সময়খিনি তাই বৰ ইতস্ততঃ কৰি কটাইছিল । সাধাৰণতে পৰীক্ষা ল’বলৈ অহা পৰীক্ষকসকল যথেষ্ট গহীন-গম্ভীৰ হোৱা দেখা যায়, কিন্তু এইজন পৰীক্ষক বেলেগধৰণৰ আছিল; তেওঁ প্ৰাৰ্থনাবিলাকো মনত ৰখা নাছিল আৰু প্ৰশ্ন সোধোতে মুকলি-মূৰীয়াকৈ সুধিছিল; তাৰোপৰি তেওঁ সাংঘাতিক ধৰণে মৰমিয়াল আৰু অমায়িক হৈ আছিল আৰু ল’ৰা-ছোৱালীহঁতক বহুত বহুত নম্বৰ দিছিল ।

“মই বাক্‌ভিষ্টৰ ঘৰলৈ যাওঁ,” হানভে ক’লে, “পিছে সি ঘৰত নাই বুলিহে শুনিছোঁ দেখোন ।”

সিহঁত ঘাইপথৰপৰা এইবাৰ ফালৰি কাটি এটা সৰু পথেৰে যাবলৈ ধৰিলে, হানভ আগে আগে আৰু চেমিয়ন পিছে পিছে । ঘোঁৰাটোৱে গাড়ীখন বোকাৰ মাজে মাজে লাহে লাহে টানি নিলে । চেমিয়নে গাড়ীখন অকাই-পকাই চলাই নিলে, এবাৰ যদি ৰাস্তাৰ দাঁতিয়েদি, এবাৰ হয়তো বৰফৰ দ’ম এটাৰ মাজেৰে, আকৌ এবাৰ হয়তো পানী এডোঙাৰ মাজেৰে – মাজে মাজে সি নামি ঘোঁৰাটোক সহায়ো কৰি গ’ল । মেৰিয়া ভাছিলিয়েভনাই তেতিয়াও স্কুলৰ কথাই ভাবি আছিল, ভাবি আছিল পৰীক্ষাত দিয়া পাটী-গণিতৰ প্ৰশ্নটো সহজ হ’বনে টান হ’ব । তৰোপৰি তাইৰ পঞ্চায়তৰ ওপৰতো খং উঠি আছিল, তাত তাই আগদিনা কাকো বিচাৰি নাপালেগৈ । ইমান গা-এৰা মনোভাব! ইফালে তাই যোৱা দুবছৰ ধৰি চকীদাৰজনক খেদিবলৈ কৈ আছে; সি একো নকৰে, তাইক অভদ্ৰ ব্যৱহাৰ কৰে আৰু ল’ৰাহঁতক মাৰ-পিট কৰে; কিন্তু তালৈ কাৰোৱে কাণসাৰ নাই। সভাপতিজনক কাৰ্যালয়ত পোৱাই নাযায়; আৰু পালেও তেওঁ নানা অজুহাত দেখুৱাই হৈ ক’ব যে তেওঁৰ একেবাৰে সময় নাই । ইফালে ইন্সপেক্টৰজন স্কুললৈ তিনি বছৰ মানৰ মূৰতহে এবাৰ আহে; ইফালে তেওঁ নিজৰ কৰণীয়খিনিও নাজানে; কাৰণ তেওঁ আছিল আবকাৰী বিভাগত, নানা প্ৰভাৱ খটুৱাই তেওঁ এই চাকৰিটোত সোমাইছে । স্কুলৰ পৰিচালনা-পৰিষদৰ সভাও কেতিয়াবাহে বহে, তাকো কোনেও নাজানে ক’ত বহে । স্কুলখনৰ অধীক্ষকো এজন অশিক্ষিত খেতিয়ক, তেওঁ এজন চামৰা কোমল কৰা ব্যৱসায়ৰ মালিক, মূৰ্খ, অভদ্ৰ আৰু চকীদাৰজনৰ লগৰীয়া ... ভগৱানেহে জানে, তাইৰ কিবা সুধিবলগা থাকিলে বা অভিযোগ থাকিলে কাৰ ওচৰলৈ যে যাব !

“তেওঁ সঁচাই সুদৰ্শন ।” হানভলৈ চাই ভাবিলে তাই ।

ৰাস্তা আৰু বেয়া হৈ আহিল, সিহঁত হাবিৰ মাজেদি যাবলৈ ধৰিলে । ইয়াত ঘূৰিবলৈকে ঠাই নাই, চকাবোৰ মাটিত দ-কৈ সোমাই গৈছে, পানীৰ চিটিকনি উফৰি গাত পৰিছেহি আৰু গছৰ ঠেঙুলিবোৰে মাজে মাজে মুখত আঘাত কৰিছে ।

“কি যে ৰাস্তা !” কৈ হানভে হাঁহি উঠিল ।

মেৰিয়াই তালৈ চাই বুজিবলৈ চেষ্টা কৰিলে, এই অদ্ভূত মানুহজন কিয় এই ভিতৰুৱা গাঁওখনত বাস কৰে ! তেওঁৰ ইমান টকা-পইচা, এই সুদৰ্শন চেহেৰা, এই মনোমোহা চাল-চলন – এইবোৰ লৈ তেওঁ এই বোকাৰ মাজত এই অগম্য ঠাইত কি কৰি আছে ! এনেহেন দুৰ্গম ৰাস্তাৰে চেমিয়নৰ লগত শামুকীয়া গতিৰে ঘোঁৰা-গাড়ী চলাই ইমান কষ্ট কেলেই ভুগিছে বাৰু ! তেওঁতো পিটাৰ্ছবাৰ্গ বা আনকি বিদেশতো আৰামেৰে থাকিবগৈ পাৰে ! তেওঁৰ দৰে ধনী মানুহ এজনৰ বাবে ৰাস্তাটো ভালকৈ বনাই লোৱাটোও সাধাৰণ কথা; সেই ফালৰপৰা চাবলৈ গ’লে তেওঁৰ নিজৰ আৰু চেমিয়নৰ দুৰ্দশা দেখি তেওঁৰ দেখোন খঙেই উঠিব লাগিছিল । তথাপিও আচৰিত ধৰণে তেওঁ শান্তভাৱে হাঁহিছেহে; যেন তেওঁক ইয়াতকৈ সুখী জীৱনৰ দৰ্কাৰ নাই ! তেওঁ মৰমিয়াল, কোমল আৰু নিৰীহ; সেইবাবে সেইদিনা পৰীক্ষাত প্ৰাৰ্থনাবোৰ পাহৰি যোৱাৰে দৰেই যেন তেওঁ যেন জীৱনৰ কঠিনতাখিনিও বুজি পোৱা নাই ! তেওঁ স্কুলৰ বাবে লগা কিছুমান সা-সামগ্ৰী দান কৰে, আৰু অঞ্চলটোত শিক্ষাৰ জনপ্ৰিয়কৰণৰ বাবে আত্মনিয়োগ কৰিছে । পিছে তেওঁৰ অত কষ্টৰ কিনো ফল পাইছে হৈছে ইয়াত !

“ভালকৈ ধৰি ল’বা, ভাছিলিয়েভনা ।” চেমিয়নে কৈ উঠিল ।

গড়ীখনে জাঁপ মাৰি উঠিল আৰু লুটি খাওঁ খাওঁ হ’ল; কিবা এটা মেৰিয়া ভাছিলিয়েভনাৰ ভৰিলৈ বাগৰি আহিল – তাই বজাৰৰ টোপোলাটো । বোকাৰ মাজে মাজে ইয়াত ৰাস্তাটো থিয়কৈ উঠি গৈছে, আৰু ৰাস্তাৰ লিকবোৰেৰে পানী বৈ আহিছে । পানীয়ে ৰাস্তাটো প্ৰায় খহাই লৈ গৈছে; মানুহ কেনেকৈ থাকিব পাৰে বাৰু ইয়াত ! ঘোঁৰাকেইটাই ফোঁপাই উঠিল । হানভ গাড়ীৰপৰা নামি তেওঁৰ অ’ভাৰকোটটো পিন্ধি ৰাস্তাৰ কাষে কাষে খোজ কাঢ়ি যাবলৈ ধৰিলে । তাৰ গৰম উঠিছিল চাগে’ ।

“কি যে ৰাস্তা !”, হানভে আকৌ হাঁহি উঠিল, “কেতিয়াবা কাৰোবাৰ গাড়ীয়েই ভাঙিব দেই।”

“কোনেনো তোমাক এই ৰাস্তাত ওলাই আহিবলৈ কৈছে !” চেমিয়নে তিক্ততাৰে কৈ উঠিল, “এনেকুৱা বতৰত ঘৰতেই থাকিব লাগে ।”

“ঘৰত মোৰ আমনি লাগে, ককা । থাকি ভাল নালাগে ।”

বুঢ়া চেমিয়নৰ কাষত তেওঁক সুন্দৰ আৰু ডেকা দেখা গৈছিল, হ’লেও তেওঁৰ খোজ-কাটলত তেওঁৰ মাজ-বয়সীয়া শৰীৰটোৰ দুৰ্বলতা একেবাৰে লুকাই থকা নাছিল । হাবিৰপৰা কিবা এটা গোন্ধ নাকত লাগিলহি। মেৰিয়া ভাছিলিয়েভনা চিন্তান্বিত হ’ল আৰু হানভ মানুহজনৰ বাবে মৰম জাগিল, তাইৰ লাগিল যেন অনাহকতে তেওঁ লাহে লাহে জীৱনটো শেষ কৰিবলৈ ওলাইছে । তাইৰ মনলৈ আহিল যে তাই তেওঁৰ পত্নী বা ভনীয়েক হোৱা হ’লে গোটেই জীৱনটো তাই তেওঁক কষ্টৰপৰা বচাই ৰাখিলেহেঁতেন । – তেওঁৰ পত্নী ! বিধিৰ কি লিখন যে তেওঁ অকলশৰে তেওঁৰ ডাঙৰ ঘৰটোত বাস কৰিছে আৰু তাই অকলে পৰি আছে এই দেৱতাৰো অগম্য গাঁওখনত । তাইৰ তেওঁৰ লগত একেলগে বাস কৰা কথাটো ভবাটোৱেই কিবা অসম্ভৱ যেন লাগিল । আচলতে, মানুহৰ জীৱনৰ সকলো কথা নিৰ্দিষ্ট নিয়মমতেহে হয় আৰু মানুহৰ সম্পৰ্ক অতি জটিল আৰু অবোধগম্য – কিছুমান কথা ভাবি ভাল লাগিলেও মনটো দেখোন কোঁচ খাই আহে ।

“হয়, কথাবোৰ সঁচাই অবোধগম্য,” তাই ভাবিলে, “ভগৱানে এই সুন্দৰ, গহীন আৰু নিষ্পাপ, মিঠা চকুযোৰ কিয় বাৰু দুঃস্থ, দুৰ্ভগীয়া মানুহবোৰক দিয়ে – আৰু তেনেবোৰ মানুহ কিয় ইমান আনন্দমনা হয় বাৰু!”

“ইয়াৰপৰা মই সোঁহাতে ঘূৰিব লাগিব ।” হানভে গাড়ীত উঠি ক’লে, “বিদায় ! শুভেচ্ছা থাকিল ।”

তাই পুনৰ তাইৰ ছাত্ৰবিলাক, পৰীক্ষা, চকীদাৰজন, স্কুলৰ পৰিচালনা পৰিষদ আদিৰ কথা ভাবিবলৈ ধৰিলে । লাহে লাহে গাড়ীখনৰ শব্দৰ লগত চিন্তাবিলাক পাক-ঘূৰণি খাবলৈ ধৰিলে । তাই হানভৰ সুন্দৰ চকুযোৰ, আৰু তেওঁৰ মৰম-ভালপোৱাৰ অলীক সুখৰ কল্পনাত উটি গ’ল ...

তেওঁৰ পত্নী ? ৰাতিপুৱা সাধাৰণতে বৰ ঠাণ্ডা পৰিছিল, পিছে ষ্ট’ভটো জ্বলাবলৈ কোনো নাথাকে; চকীদাৰজনৰতো দেখা-দেখিয়েই নাথাকে । পোহৰ হোৱাৰ লগে লগে ল’ৰা-ছোৱালীবিলাক পায়হি আৰু হুলস্থূল আৰম্ভ কৰেই নহয়, ইফালে সিহঁতৰ ভৰিত লাগি আহে বৰফবোৰ । মুঠতে বৰ অস্বস্তিকৰ আৰু অশান্তিকৰ পৰিৱেশ । তাইৰ ঘৰ মানে হ’ল ওচৰৰ সৰু কোঠাটো আৰু পাকঘৰটো । প্ৰায়েই স্কুলৰ পাছত তাইৰ মূৰ টিংটিঙাইছিল আৰু ৰাতিৰ আহাৰ খোৱাৰ পিছত পেট পুৰিছিল । তাই ল’ৰা-ছোৱালীবিলাকৰপৰা খৰি আৰু চকীদাৰজনৰ বাবে পইচা সংগ্ৰহ কৰিব লাগে আৰু স্কুলৰ অধীক্ষকক দিব লাগে; আৰু সেই চাউলপুৰীয়া, নিষ্কৰ্মা মানুহটোক খৰি যোগাৰ দিবলৈ বাৰে বাৰে খাতিৰ কৰিবও লাগে । আৰু ৰাতি ৰাতি তাই মাথোঁ  পৰীক্ষা, খেতিয়কবিলাক আৰু বৰফত পিছলাৰ সপোন দেখে । এই জীৱনটোৱে তাইক বুঢ়ী আৰু কঠিন কৰি পেলাইছে – তাই দেখিবলৈও সীহৰ দৰে অশুৱনি, আৰু কুন্ধচ হৈ পৰিছে । তাই সদায় এক আতংকত কটায়; স্কুল অধীক্ষক বা ব’ৰ্ডৰ কোনো সদস্যৰ আগত তাই থিয় হোৱাৰ পিছত পুনৰায় বহিবলৈ সাহস নহয় । তেওঁলোকৰ লগত কথা পাতোতে তাই সদায় মাথোঁ আনুষ্ঠানিকভাৱেই পাতে । তাইক কোনোৱে ভাল নাপায় আৰু জীৱনটো পাৰ হৈ যায় নীৰস-মৰমবিহীনভাবেই; কাৰোপৰা অকণো বন্ধুত্বপূৰ্ণ সমবেদনা নোহোৱাকৈ অথবা কোনো অন্তৰংগ বন্ধু অবিহনেই । এনেকুৱা অৱস্থাত হানভৰ সৈতে প্ৰেমত পৰিলেও যে কি অস্বস্তিকৰ কথা হ’লহেঁতেন !

“কাষত ধৰি ল’বা, ভাছিলিয়েভনা ।” আকৌ এটা থিয় গৰা উঠিব লাগে ।

তাই প্ৰয়োজনৰ খাতিৰত শিক্ষয়িত্ৰী হৈছে, ভাল লাগে কাৰণে নহয় । আচলতে তাই কেতিয়াও ভাল লগাৰ কথা বা শিক্ষাদানৰ কথা ভবাই নাছিল; আৰু চাকৰি কৰি তাই এনে লাগিছে যেন ল’ৰা-ছোৱালীহঁত বা শিক্ষাদানতকৈ তাইৰ বাবে বেছি দৰ্কাৰী কথা হ’ল পৰীক্ষাবিলাক । আৰু ভাল-লগা বেয়া-লগাৰ কথা বা শিক্ষাদানৰ কথা ভাবিবলৈনো তাইৰ সময় ক’ত ? শিক্ষকসকলেই হওক, পইচা নোপোৱা ডাক্তৰবিলাকেই হওক অথবা তেওঁলোকৰ সহকাৰীসকলে হওক – তেওঁলোকৰ কঠোৰ শ্ৰমৰ মাজত তেওঁলোকে যে মানুহৰ কিবা সেৱা কৰিছে, সেই কথা ভবাৰ অৱকাশেই নাপায়; কাৰণ তেওঁলোকৰ মগজু সদায় তেওঁলোকৰ দুবেলা দুসাঁজ, জুইৰ বাবে খৰি, দুৰ্গম ৰাস্তা আৰু কাৰোবাৰ অসুখৰ কথাৰেই ভৰি থাকে । এয়া হ’ল এটা ক্লান্তিকৰ, আমনি লগা জীৱন, আৰু মেৰিয়া ভাছিলিয়েভনাৰ দৰে গাড়ী টনা ঘোঁৰাইহে ইমান দিন এনেকুৱা জীৱন কটাব পাৰে । ফূৰ্তিবাজ সপ্ৰতিভ মানুহেও, যি মানৱ-সেৱাৰ দৰে ডাঙৰ কথা কয়, – তেনে মানুহেও অচিৰেই এনেকুৱা জীৱনত অতিষ্ঠ হৈ কাম এৰি গুচি যায় ।

চেমিয়নে শুকান আৰু চুটি চাই চাই ৰাস্তা ধৰি ধৰি গৈ থাকিল, প্ৰথমতে ঘাঁহনি এডৰাৰ মাজেৰে, তাৰ পিছত গাঁৱৰ ঘৰবোৰৰ পিছফালেৰে; এঠাইত খেতিয়কবোৰে সিহঁতক পাৰ হ’বলৈ নিদিলে, এঠাইত আছিল পুৰোহিতৰ মাটি – মাজেদি কাকো যাবলৈ নিদিয়ে, আন এঠাইত আকৌ আছিল ইভান ইভানভে কিনা মাটি – চাৰিওফালে সীমাত নৰ্দমা খান্দি ৰাখিছে । কেইবাঠাইতো সিহঁত ঘূৰি আহিব লগীয়া হ’ল ।

সিহঁত নিঝনেইয়ে গ’ৰ’দষ্ট্‌ছেত থকা চাৰাইখানাখন পালেহি । চৰাইখানাৰ চোতালখনৰ কেউফালে গোবৰ সিঁচৰতি হৈ আছিল আৰু তাতে অশোধিত ছালফিউৰিক এছিড কঢ়িয়াই অনা গাড়ী কেইখনমান থিয় হৈ আছিল । চৰাইখানাখনত বহুতো মানুহ আছিল – গোটেইবিলাকেই আছিল গাড়ীচালক; আৰু কেউফালে ভদ্‌কা, ধঁপাত আৰু ভেড়া-ছালৰ গোন্ধ বিয়পি আছিল । কথা-বতৰা আৰু ঘূৰা-দৰ্জাখনৰ শব্দেৰে গোটেইখন হৈ-হাল্লা হৈ আছিল । দোকানত বজাই থকা কন্‌ছাৰ্টিনাৰ শব্দটো বিৰতিবিহীনভাৱে দেৱালৰ মাজেৰে ভাহি আহিছিল । মেৰীয়া ভাছিলিয়েভনাই বহি অলপ চাহ খালে, ওচৰৰ টেবুলখনত খেতিয়কবিলাকে ভদ্‌কা আৰু বিয়েৰ খাই আছিল । চাহ আৰু জুইকুৰাৰ ধোঁৱাই কোঠাটো অসহ্যকৰ কৰি তুলিছিল ।

“মোৰ কথা শুনা, কুজমা”, হুলস্থূলবোৰ আহি আছিল, “হেই, চোৱা”, “হে ভগৱান, ৰাখিবা আৰু”, “ইভান দেমেনতিয়িটচ্, মই কওঁ, শুনা”, “চাবাহে, ককাই” ইত্যাদি ।

মুখত আই-দাগ থকা ক’লা-দড়ীয়া আৰু সৰুফুটীয়া মানুহ এটাৰ বাৰুকৈ নিচা লাগিছিল আৰু কিবা কথাত খং খাই বেয়া কথা ক’বলৈ আৰম্ভ কৰিলে ।

“হে’ৰা, কি গালি-গালাজ কৰি আছাহে?” অলপ দূৰত বহি থকা চেমিয়নে খঙেৰে কৈ উঠিল, “গাভৰু মানুহগৰাকী বহি আছে দেখা নাই?”

“গাভৰু মানুহগৰাকী”, কোনোবাই আন এটা চুকত কৈ উঠিল ।

“গাহৰি চব ।”

“অ’, অ’; মানে...”, সৰুফুটীয়া মানুহটোৱে খেলিমেলিকৈ কৈ উঠিল, “ক্ষমা কৰিব । আমি যেনেকৈ পইচা দি খাইছো, মানুহগৰাকীয়েও দিছেতো । সু-প্ৰভাত দেই ।”

“সু-প্ৰভাত ।”, মেৰিয়া ভাছিলিয়েভনাই উত্তৰ দিলে ।

“আপোনাক বহুত ধন্যবাদ ।”

মেৰিয়া ভাছিলিয়েভনাই সন্তুষ্টিৰেই চাহখিনি খালে, খেতিয়কবিলাকৰ দৰেই ৰঙা হৈ উঠিল, আৰু আকৌ খৰি, চকীদাৰ ... এইবোৰ কথাই ভাবিবলৈ ধৰিলে ।

“ৰ’বা, ককাই”, আনখন টেবুলৰপৰা কোনোবাই কোৱা শুনা গ’ল, “এওঁ ভ্যাঝভিয়েৰ শিক্ষয়িত্ৰীগৰাকী, আমি চিনি পাওঁ নহয় । তেওঁ এগৰাকী ভাল মহিলা ।”

“হয় হয়, ভাল মহিলা তেওঁ ।”

ঘূৰা-দৰ্জাখনে বাৰে বাৰে কেৰ্‌কেৰাই আছিল; কোনোবা বাহিৰলৈ গৈছিল, কোনোবা আহিছিল ভিতৰলৈ । কনচাৰ্টিনাখন বাজিয়েই আছিল; মেৰিয়া ভাছিলিয়েভনাও বহি আছিল – একেবোৰ কথাই ভাবি ভাবি । বাহিৰৰপৰা এচেৰেঙা ৰ’দ মজিয়াত পৰিছিলহি, তাৰপৰা ৰ’দচেৰেঙা কাউণ্টাৰ পাইছিলগৈ আৰু দেৱালখনত পৰি শেষ হৈছিলগৈ । ৰ’দচেৰেঙাৰপৰা বুজিব পৰা গৈছিল, প্ৰায় দুপৰীয়া হৈছিলহি । দাঁতিৰ মেজখনত বহি থকা খেতিয়ককেইজনে যাবলৈ সাজু হৈছিল । সৰুফুটীয়া মানুহজন অলপ ঢলং-পলংকৈ মেৰিয়া ভাছিলিয়েভনাৰ ওচৰলৈ আগ বাঢ়ি গ’ল আৰু কৰমৰ্দনৰ বাবে হাতখন আগ বঢ়াই দিলে; তেওঁক দেখি বাকীকেইজনেও আহি মেৰিয়াৰ লগত হাত মিলালে আৰু এজন এজনকৈ ওলাই গ’ল – ঘূৰা-দৰ্জাখন এবাৰ এবাৰকৈ ন-বাৰ কেৰ্‌কেৰাই উঠিল ।

“ভাছিলিয়েভনা, যাবলৈ সাজু হোৱা,” চেমিয়নে মাতিলে ।

সিহঁত ওলাই আহিল । আৰু আগৰ দৰেই শামুকীয়া গতিৰে আগ বাঢ়িল ।

“কিছুদিনৰ আগেয়ে ইয়াত, নিঝনেইয়ে গ’ৰ’দষ্ট্‌ছেত, এখন বিদ্যালয় সজা হৈছিল,” চেমিয়নে মূৰ ঘূৰাই ক’লে, “বৰ বেয়া কাম কৰিছিল !”

“কিয়, কি হৈছিলনো ?”

“মানুহে কয়, বিদ্যালয়ৰ সভাপতিজনে এহেজাৰ জেপত ভৰালে, অধীক্ষকজনে ভৰালে এহেজাৰ আৰু শিক্ষকজনে জেপত ভৰালে পাঁচশ ।”

“গোটেই বিদ্যালয়খন সাজোঁতেহে এহেজাৰ খৰছ হয় দেখোন । মানুহক এনেই বদনাম কৰা উচিত নহয়, ককাই । বৰ বেয়া কথা ।”

“মই গম নাপাওঁ… মই খালী শুনা কথাহে কৈছোঁ ।”

কথাৰ সুৰৰপৰা স্পষ্টকৈ বুজা গৈছিল যে চেমিয়নে মেৰিয়াক বিশ্বাস কৰা নাছিল । স্কুলৰ ওচৰৰ খেতিয়কবিলাকেও তাইৰ কথা বিশ্বাস নকৰে । তেওঁলোকে সদায় ভাবে, তাই বহুত দৰমহা পায়, মাহে প্ৰায় একৈছ ৰুবল (যদিও পাঁচ ৰুবলমানেই যথেষ্ট হ’লহেঁতেন); আৰু ল’ৰা-ছোৱালীবিলাকৰপৰা যে তাই খৰি আৰু চকীদাৰৰ দৰমহাৰ বাবে মাছুল লয়, তাৰ বেছিখিনিয়েই তাই আত্মসাৎ কৰে । বিদ্যালয়ৰ অধীক্ষকেও তেনেকৈয়ে ভাবে; আনহাতে তেওঁ নিজেই খৰিৰ পইছাৰপৰা এটা অংশ নিজেতো ৰাখেই, কৰ্তৃপক্ষই গম নোপোৱাকৈ অভিভাৱকসকলৰপৰা বিদ্যালয়ৰ অধীক্ষক হোৱাৰ বাবদো পইচা লয় ।

ভগৱানক ধন্যবাদ, ইতিমধ্যে জংঘল শেষ হৈছিল । এতিয়া ভ্যাঝভিয়ে পোৱালৈকে সমান মুকলি ঠাই, তাৰোপৰি সিহঁত গৈ পাবলৈ বেছি দূৰ নাই আৰু । নদীখন পাৰ হ’বলৈ আছে আৰু তাৰ পিছত ৰে’লৰ আলিতো পাৰ হ’লেই ভ্যাঝভিয়ে চকুত পৰিবই ।

“ক’ত গৈ আছা?”, মেৰিয়া ভাছিলিয়েভনাই চেমিয়নক সুধিলে, “চিধা দলংখন পোৱাকৈ ব’লা ।”

“কেলেই, আমি দেখোন এইফালেদিও যাব পাৰো । পানী তেনেকৈ দ নহয় নহয় ।”

“চাবা কিন্তু, ঘোঁৰাটো নিতিতাবা ।”

“কি ?”

“চোৱা, হানভ দলঙৰ ফালেদি গৈ আছে,” মেৰিয়া ভাছিলিয়েভনাই সোঁফালে কিছু দূৰৈত চাৰিটা ঘোঁৰাৰ বাগীখন দেখি ক’লে, “সেয়া তেৱেঁই হ’ব লাগে ।”

“তেৱেঁই । তাৰ মানে তেওঁ বাক্‌ভিষ্টক ঘৰত নাপালে … কি যে বুৰ্বক মানুহ । হে’ ভগৱান ! তেওঁ কেলেই যে ইমান দূৰেৰে ঘূৰিবলৈ গৈছে ! এইফালেদি গ’লেচোন পূৰা-পূৰি দুমাইল চমু হয় ।”

সিহঁত নদীখন পালেগৈ । গৰমৰ দিনত নদীখন সৰু সুঁতি এটাৰে বৈ থাকে, পানী ভাঙি খোজ কাঢ়িয়েই পাৰ হ’ব পাৰি । যোৱা আগষ্ট মাহত প্ৰায় শুকায়ে গৈছিল । কিন্তু এতিয়া, বসন্তৰ বানৰ পিছত, নদীখন হৈ পৰিছে প্ৰায় চল্লিছ ফুট বহল, বেগী, ঘোলা আৰু ঠাণ্ডা । পাৰৰপৰা পানীৰ কাষৰিলৈকে গাড়ীৰ চকাৰ নতুনকৈ বহা চিন – তাৰ মানে কোনোবাই এইফালে পাৰ হৈছে নিশ্চয় ।

“ব’ল !” চেমিয়নে খঙেৰে লেকামডাল জোকাৰি আৰু লগে লগে নিজৰো কিলাকুটি দুটা চৰায়ে ডেউকা কোবোৱাৰ দৰে কোবাই কোবাই চিঞৰি উঠিল, “ব’ল !”

ঘোঁৰাটো তাৰ পেটলৈকে পানীত নামি গ’ল আৰু এক মুহূৰ্তৰ বাবে থমকি ৰ’ল । কিন্তু পিছ মুহূৰ্ততে আকৌ গাড়ীখন টান মাৰি আগ বাঢ়ি গ’ল; আৰু মেৰিয়া ভাছিলিয়েভনাই ভৰিৰ তলত শীতল পানীৰ স্পৰ্শ অনুভৱ কৰিলে ।

“ব’ল !” তায়ো থিয় হৈ চিঞৰি উঠিল, ‘ব’ল !”

কোনোমতে সিহঁত পানীৰপৰা উঠি আহিল ।

“অহ্ হ … হে’ ভগৱান । জঞ্জালত পৰিছিলোৱেই আৰু ।” লেকামডাল ঠিক কৰি কৰি চেমিয়নে ভোৰভোৰাই উঠিল, “এই পঞ্চায়তখন একদম ৰসাতলে গ’ল আ…“

মেৰিয়াৰ চেণ্ডেল আৰু ৰবৰৰ জোতাযোৰৰ ভিতৰত গোটেই পানী সোমাইছিল; তাইৰ পোছাক আৰু কোটৰ তলৰ অংশ, আৰু এখন হাত তিতি গৈছিল, তাৰপৰা টোপটোপকৈ পানী পৰি আছিল । আটাইতকৈ দুৰ্ভাগ্যৰ কথা আছিল যে চেনি আৰু আটাখিনিও পানীত তিতি গৈছিল । মেৰিয়া ভাছিলিয়েভনাই তীব্ৰ হতাশাত হাত দুখন মুঠি মাৰি কৈ উঠিল,

“অ’হ’ চেমিয়ন । তুমি সঁচাই কি যে অপদাৰ্থ মানুহ…“

ইফালে ৰে’ল গেইট বন্ধ আছিল, ষ্টেচনৰপৰা ৰে’ল এখন ওলাই আহিছিল । ৰে’লখন পাৰ হৈ যোৱালৈকে মেৰিয়া ভাছিলিয়েভনাত গেইটতে ঠাণ্ডাত ঠকঠকাই কঁপি কঁপি থিয় হৈ থাকিল । ভ্যাঝভিয়ে ইয়াৰপৰা দেখা পোৱা গৈছিল; সেউজীয়া ছালৰে স্কুলখন, আবেলিৰ ৰ’দত চিকমিকাই থকা ক্ৰছডালেৰে সৈতে গীৰ্জাটো আৰু ষ্টেচনৰ খিৰিকীবিলাকো দেখা পোৱা গৈছিল; – ইঞ্জিনৰপৰা গুলপীয়া ধোঁৱা অলপ ওলাই আহিছিল … তাইৰ এনেকুৱা লাগিছিল যেন এই সকলোবিলাকেই ঠাণ্ডাত ঠকঠকাই কঁপি আছিল ।

ৰে’লখন পালেহি; গীৰ্জাটোৰ ক্ৰছডালৰ দৰে ৰে’লখনৰ খিৰিকীবিলাকেও চিকমিকোৱা ৰ’দখিনি প্ৰতিফলিত কৰিছিল – তালৈ চাই চাই তাইৰ চকুকেইটা চাট মাৰি ধৰিছিল । দুটা প্ৰথম শ্ৰেণীৰ দবাৰ মাজৰ সৰু ঠাইডোখৰত এগৰাকী সৰুফুটীয়া মহিলা থিয় হৈ গৈছিল; পাৰ হৈ যোৱাৰ সময়ত মেৰিয়া ভাছিলিয়েভনাই তেওঁলৈ চাই পঠাইছিল । আৰু অত্যন্ত আশ্চৰ্যজনকভাৱে তাই লক্ষ্য কৰিছিল, মহিলাগৰাকীৰ লগত তাইৰ মাকৰ এক সাংঘাতিক সাদৃশ্য । তাইৰ মাকৰো আছিল ঠিক এনেকুৱাই একোছা ধুনীয়া চুলি, ঠিক এনেকুৱাই এযোৰ চেলাউৰি আৰু মুখৰ গঠন । আৰু এক আচৰিতধৰণৰ স্পষ্টতাৰে, যোৱা তেৰ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে তাইৰ মনত ভাহি উঠিল মাক, তাইৰ দেউতাক, তাইৰ ভায়েক, সিহঁতৰ মস্কোৰ ফ্লেটটো, তাত থকা সৰু মাছটোৰে সৈতে একুৱাৰিয়ামটো – সকলোবিলাকৰ এক সূক্ষ্মাতিসূক্ষ্ম প্ৰতিবিম্ব ! তাই পিয়ান’খনৰ সুৰো শুনিবলৈ পালে, আৰু শুনা পালে তাইৰ দেউতাকৰ মাত; তাইৰ এনেকুৱা লাগিল যেন তাই তাইৰ সেই আপোন মানুহবোৰৰ লগত এটা উজ্জ্বল উমাল কোঠাত সেই ধুনীয়া কণমানিজনী হৈ সাজি-কাচি উমলি আছে । তাইৰ সিৰাই সিৰাই হঠাতে যেন এক সুখানুভূতি, এক আনন্দৰ জোৱাৰ পাৰ হৈ গ’ল; পৰম এক উলাহত তাই হাতদুখনত দুই কুমত হেঁচি ধৰিলে আৰু কোমল উত্তেজনাৰে আহ্বান কৰি উঠিল,

“মা !”

একো নুবুজাকৈয়ে তাই কান্দি উঠিল । ঠিক সেই মুহূৰ্ততে হানভে তেওঁৰ চাৰিটা ঘোঁৰাৰ গাড়ীখনৰে সৈতে সেইখিনিত উপস্থিত হ’লহি । তেওঁক দেখা পাই আজি তাই আগতে কেতিয়াও অনুভৱ নকৰা এক বিমল আনন্দ অনুভৱ কৰিলে, আৰু তেওঁৰ ফালে বন্ধুত্বৰ দৃষ্টিৰে চাই মূৰ দুপিয়ালে আৰু মিচিকিয়ালে । তাইৰ এনেকুৱা লাগিল যেন তাইৰ আনন্দখিনি, তাইৰ উল্লাসখিনি যেন আকাশখনত, তাইৰ চাৰিউফালে, ষ্টেচনৰ খিৰিকীবিলাকত, ইফালে-সিফালে থিয় হৈ থকা গছবিলাকত পাৰ ভাঙি উজলি উঠিছে । তাইৰ দেউতাক আৰু মাকৰ কেতিয়াও মৃত্যু হোৱা নাই, তাই কেতিয়াও স্কুলৰ শিক্ষয়িত্ৰী হোৱা নাই, – এই সকলোবোৰ যেন এটা দীঘলীয়া, ক্লান্তিকৰ, আচৰিত সপোন – আৰু এইমাত্ৰ যেন তাই সপোনৰপৰা সাৰ পাই উঠিল …

“ভাছিলিয়েভনা, সোমাই আহা !”

মুহূৰ্ততে এই সকলোবোৰ নোহোৱা হৈ গ’ল । ৰে’ল গেইটখন লাহে লাহে খোল খালে । মেৰিয়া ভাছিলিয়েভনা, ঠাণ্ডাত ঠকঠকাই কঁপি কঁপি, অসাৰ হৈ গাড়ীখনলৈ উঠি আহিল । চাৰিটা ঘোঁৰাৰ গাড়ীখন ৰে’লৰ আলিটো পাৰ হৈ আগ বাঢ়িল; চেমিয়নো পিছে পিছে যাবলৈ ধৰিলে । ৰে’ল গেইটৰ ৰখীয়াজনে টুপিটো গুচাই পেলালে ।

“আৰু এয়া ভ্যাঝভিয়ে । এয়া, আমি আহি পালোহি ।”

 

Share Button
Print Friendly, PDF & Email

No Comments : "মাষ্টৰণী (এণ্টন চেখভৰ গল্প; অনুবাদ : বসন্ত কুমাৰ বৰা)"

Leave a Comment

Your email address will not be published. Required fields are marked *