প্ৰতাৰক (অণু-গল্প)

ঢকুৱাখনা চাৰিআলি।
চিঁচাৰ বৈয়াম এটাত তিনিটা গজা। এইখন কেতেকীৰ হোটেল।
খালী ৰঙা চাহ একাপ খাই মই ৰাস্তা পাওঁহি।

"অ ককাইদ'।"- কেতেকীয়ে চিঞৰি মাতে।
"হেঁ:!"-
মই ৰৈ ঘূৰি দিওঁ।
জোৰেৰে ব্ৰেক টানি কোবাল সৰু গাড়ী এখন সশব্দে মোৰপৰা চাৰি হাত দূৰত ৰৈ যায়হি।
মানুহজনীলৈ কিনা ষাঠিটকীয়া পেটিকোটটো মোৰ হাতৰপৰা সৰি পৰে ভয়তে ।
"অ'ই বুঢ়া কে... ! মৰিবলৈ মন গৈছে হাঁ...! কে... মৰিয়াই...!" --
ডেকা ল'ৰা এটাই খিৰিকিৰে মূৰ উলিয়াই চিঞৰি উঠে খঙত ।

মই হোজা অলপধতুৱা মানুহ। গাড়ীখন যোৱাৰ পিছতো অলপ সময় জোপোকা মাৰি ভয়তে ৰৈ থাকোঁ।

এসময়ত পেটিকোটটো বুটলি আকৌ কেতেকীৰ হোটেল পাওঁহি।
"বাকী টকা সাতটা লৈ যা ককাইদ'। তিনি টকাহে হ'ল তোৰ।"

ঘৰলৈ আহি মোৰ ল'ৰা সৰুটোক কেতেকীৰ কথা কওঁহি। গাড়ীখনৰ কথা তাক নকওঁ পিছে।
সি ফাইভলৈ গৈছেহে এইবাৰ!

পৃথিৱীখন সি ধুনীয়া বুলিয়েই ভাবি থাকক।

পাপুলজ্যোতি বৰগোহাঁই

Share Button
Print Friendly, PDF & Email

No Comments : "প্ৰতাৰক (অণু-গল্প)"

Leave a Comment

Your email address will not be published. Required fields are marked *