মই আৰু কাফকা- (প্ৰবাল কুমাৰ কলিতা)

মই জানো বেয়া মানুহ?

শেলুৱৈ এন্ধাৰে মোৰ ফালে ঘোপাকৈ চালে
শালিকীজনীয়ে ডেও দি দি চোতালৰপৰা গুচি গ’ল
যা, একেখিনি কথায়ে পেঘেনিয়াই থাকে ৷

মই জানো বেয়া মানুহ?
তেন্তে মানুহে কিয় ইমান মোক বেয়া পায়?
বান্দৰটোৱে খেকখেকাই উঠিল৷
সি চব জানে, আমাৰ আজোককাহঁত যে৷ মাথোঁ নকয় ৷ উফ্

থাপনাত মুৰুলীধৰ নাই,
কাফকা বিদ্যামান৷

সুধিলে মোক

গ্ৰেগৰ চামছাক চিনি পাৱ ?
মূৰ দুপিয়ালো ৷
সেই কীটৰ বিষাক্ত দংশন
ৰক্তাক্ত পিঠিখন ৷

জীৱন, দৰ্শন,
কাল মহাকাল ৷

Share Button
Print Friendly, PDF & Email

No Comments : "মই আৰু কাফকা- (প্ৰবাল কুমাৰ কলিতা)"

Leave a Comment

Your email address will not be published. Required fields are marked *