মন দোলে ফাগুনৰে বা-ত - (প্ৰদ্যুম্ন কুমাৰ গগৈ)

এটা চৰম ৰোমাণ্টিক অনুভূতি হৈছিল যেতিয়া দেওপাহাৰটোৰ কাষেৰে বাছখন মধ্যম গতিৰে পুৰণা বাবাথান পাৰ হৈ গৈছিল। অৱশ্যে কেতিয়া পুৰণা বাবাথানৰ খটখটী পাৰ হৈ বাছখনে কালিয়নি দলং পালেহি নাজানো, মই চকু মুদি আছিলো, কাৰণ বাছখনত গান এটা লগাই আহিছিল, যিটো গান সৰুতে মিয়ানদাৰ গেলামালৰ দোকানত শুনিছিলো। যিহেতু দেওপাহাৰৰ পথছোৱা চকু মুদি আহিছিলো, সেয়ে অনুমান কৰি লৈছো যে পুৰণা বাবাথানৰ খটখটীৰ ওচৰ পাওঁতে গানটোৰ এই শাৰীকেইটাই যে বাজিছিল খাটাং -

সৰাপাতবোৰ যেন সোঁৱৰণি
আকাশে বতাহে তাৰ আগমনি

পুৰণা বাবাথানৰ ভাস্কৰ্যবিলাকত ইমানেই সৰাপাত পোৱা যায় যে পাতবোৰৰ গছবিলাকৰ কাহানিও কেঞ্চাৰ নহয়।

গানটোৰ কথাংশ একেবাৰে সৰু - কেইটামান শাৰীৰ বাদে বাকীবিলাক গতানুগতিক ৰোমাণ্টিকতা, ফাগুনক লৈ যিবোৰ ৰোমাণ্টিকতা প্ৰকাশ পায় তেনেকুৱাই, কিন্তু জুবিন গাৰ্গৰ সংগীতে সুকীয়া মাদকতা দিছে। গানটোৰ ৰচক কোন নাজানো কিন্তু এই শাৰীকেইটা ভাল লাগে -

অ' মই ৰূপহী নাজিতৰা
অ' মই চুপহী মনোহৰা

এনেকুৱাধৰণৰ শাৰীবিলাকে বনগীতসুৰীয়া ভাব এটা আনি দিয়ে।

অসমীয়া গীতিকবিতাৰ বাবে গানটোত বিশেষ নতুনত্ব নাই, কিন্তু ইয়াৰ সুৰ আৰু সংগীতে আমনি লগা এলেহুৱা ফাগুনৰ দুপৰীয়াবোৰত এক refreshment দি যায়, এইটো সম্পূৰ্ণ journey music, বিশেষকৈ ফাগুনৰ দিনবোৰত কেনিবা গৈ  থাকোতে গানটো শুনিবলৈ যিমান ভাল লাগে, ফাগুন যোৱাৰ পাছত গানটো শুনিলে বিশেষ একো ভাবাবেগ নাথাকে। গানটো ঋতুভিত্তিক। জুবিন গাৰ্গৰ গায়কী ইয়াত সৰলৰৈখিক আৰু নিভাঁজ, ভূপেন হাজৰিকাই পাৰ্বতীপ্ৰসাদৰ 'আজি ফাগুনৰ পুৱা বেলাতেই'ত প্ৰয়োগ কৰা গায়কীৰ ভাস্কৰ্য ইয়াত নাই -

দেহি ঐ খৰিকাজাঁইৰ
উঠন বুকুৰ গোপন বেথা
কোনেও নাজানিলে

- ওপৰৰ 'কোনেও নাজানিলে' শব্দ দুটা ভূপেন হাজৰিকাই এনেদৰে উচ্চাৰণ কৰিছে যেন কথাটোত গোপনীয়তা অৱলম্বন কৰি কাৰোবাক ফুচফুচাইহে কৈছে! ঠিক একেদৰে 'কোন বাউলীৰ কান্দোনৰ যেন কৰুণ ধ্বনি'ত সঁচাকৈয়ে কাৰুণ্য প্ৰকাশ পাইছে।

জুবিন গাৰ্গৰ 'মন দোলে ফাগুনৰে বা'টো ফাগুন উদযাপনৰ বাবে ভালৰো ভালৰো ভাল গান, কিন্তু পাৰ্বতীপ্ৰসাদৰ গীতিকবিতাটোৰ লগত ফাগুন থকা বাবেই ৰিজনি দিয়াটো অত্যুৎসাহৰ কথা আৰু ভূপেন হাজৰিকাৰ গায়কীত শব্দ আৰু ভাববিশেষে যিটো expression পোৱা যায়, সেয়া তেওঁৰ নিজা। তদুপৰি পাৰ্বতীপ্ৰসাদৰ গানটোত ফাগুন আছে, অথচ সচৰাচৰ য'তে-ত'তে ফুলি উঠা পলাশ-শিমলু নাই, কবিক আনকি ফাগুনৰ বতাহেও উৰুৱাই নিয়া নাই, এইবোৰৰ সলনি সৰাপাতৰ কৰুণ ঝৰঝৰনি, নপতাকৈ থকা বাসন্তী উছৱ, আধাকোৱা কথা আদিবিলাকতহে নিমগ্ন আছে। গানটো সম্পূৰ্ণ অন্তৰ্মুখী, আপুনি গাড়ী চলাই যাওঁতে শুনি গ'লে ব্ৰেক ফেইল হৈ বাটৰ কাষৰ পলাশ-শিমলুৰ গছতো খুন্দা খাই পৰিব পাৰে। ভূপেন হাজৰিকাই গোৱা গানটো প্লে' কৰিলেই কিছুমান সৰু সৰু ফুলগছত ইজোপাৰপৰা সিজোপালৈ উৰি ফুৰা মৌ-মাখি, ভোমোৰা আদিৰ চিত্ৰকল্পহে মনলৈ আহে।

কেশৱ মহন্তই ৰচনা কৰি থৈ যোৱা 'মন মোৰ উৰি গুচি যায়' অংগৰাগ মহন্তৰ কণ্ঠত শুনাৰ তিনি-চাৰি বছৰমানৰ আগতে 'মন দোলে' ওলাইছিল, কিন্ত প্ৰথম শাৰীকেইটা একে হ'লেও অংগৰাগ মহন্তৰ সুৰ আৰু কণ্ঠত এক আকুলতা বিচাৰি পোৱা যায় - ক'ৰবাত সৰাপাত এগালৰ মাজত যেন গানটোৰ চৰিত্ৰটো অকলে অকলে বহি ইমানদিনে বান্ধি ৰখা মনটোক ফাগুনৰ বাউলী বতাহক উৰুৱাই নিবলৈ কৈছে আৰু নেৰানেপেৰাকৈ নিজকে যেন কিবা-কিবি সুধি আছে -
কলিজাৰ বেথা ঢালি ক'ব পাৰিবনে বাৰু
ক'ব পাৰিবনে সেই কথা!

প্ৰচণ্ড ৰোমাণ্টিক ভাবাবেগ আৰু expression - বাৰে বাৰে একেবিলাক কথাকে সুধি আছে নিজকে। অংগৰাগ মহন্তৰ প্ৰথম গানবিলাকৰ আৰম্ভণিৰ শব্দ তথা সংগীত আছিল অনন্য। গানটোৰ বাঁহীৰ ধ্বনি, কণ্ঠৰ ভাস্কৰ্য আৰু ইয়াৰ সুৰে এটা সৰাপাতৰ আকুল উদাসী সন্ধিয়া নমাই আনে। কেশৱ মহন্তৰ মনত যদি পূৰ্বৰাগ ঘটিছে, পাৰ্বতীপ্ৰসাদ একেটা ফাগুনতে বিৰহ-বেদনাৰে ভাৰাক্ৰান্ত হৈ ফাগুনৰ আবতৰীয়া ডাৱৰীয়া ৰূপটোৰ স'তেহে একাত্ম হৈছে - কিন্তু একেধৰণৰেই অন্তৰ্মুখী অৱস্থা। আনহাতে, জুবিন গাৰ্গে আক' পলাশ-শিমলুৰ ৰঙা ৰং দেখি ফাগুনৰ বতাহত নিজকে উৰুৱাই যিহকে মন যায় তাকে কৈছে -

অ' মই লাজুকী ৰূপেশ্বৰা
ঐ মোক নেচাবি দূৰৰপৰা !

'ঐ মোক নাচাবি দূৰৰপৰা' শাৰীটো সৰলৰৈখিকভাৱে লৈ যোৱাত কণ্ঠৰ ভাস্কৰ্য ম্লান হৈ পৰিছে, কিন্তু গানটোত যিমানকেইটা 'শিমলু' আছে, আটাইকেউটাই ৰঙা ফুল একোপাহ মনত আঁকিব পাৰিছে। জুবিন গাৰ্গক দোষ দিও লাভ নাই, কাৰণ আৰম্ভণিতেই কৈ লৈছে যে মনটো তেওঁৰ ফাগুনৰ বা-ত দুলি থাকে, কিয় দোলে নাজানে!

এইবিলাকৰ বাবেই ভাল লাগে!

Share Button
Print Friendly, PDF & Email

No Comments : "মন দোলে ফাগুনৰে বা-ত - (প্ৰদ্যুম্ন কুমাৰ গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *