বিজ্ঞান-প্ৰযুক্তি

দেশবাসীক গৌৰৱান্বিত কৰা ইছৰোৰ মংগলযান মিছনৰ কিছু আঁৰৰ কাহিনী-(ভাৰ্গৱ বৰঠাকুৰ)

বিশ্বৰ মুষ্টিমেয় কেইখনমান দেশেহে মহাকাশ অভিযানত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ তাৰ ভিতৰত অন্যতম আমাৰ দেশ ভাৰতবৰ্ষ৷ মহাকাশ গৱেষণাৰ ক্ষেত্ৰত  ভাৰতৰো আছে এটা সোণালী ইতিহাস৷ কিছু বছৰৰ আগতে ভাৰতবাসীক গৌৰৱান্বিত কৰা ইছৰোৰ (ISRO) “মংগলযান”(Mangalyaan) মিছনৰ কথা আমি সকলোৱে জানো৷  মংগলযান মিছনৰ গুৰুত্বপূৰ্ণ দিশটো আছিল ইছৰোৱে অত্যন্ত কম বাজেটৰে প্ৰথমবাৰতেই লাভ কৰা সফলতা! এই  “মংগলযান”ৰ সফলতাই ইছৰোক বিশ্ববাসীৰ আগত এক নতুন আৰু সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছিল৷ সাধাৰণতে মহাকাশ অভিযানসমূহ অত্যন্ত ব্যয়বহুল হয়  যাৰ বাবে সকলো দেশে ইয়াত আগ বাঢ়িব নোৱাৰে৷  বিগত কেইবছৰত ইছৰোৱে  নাছা আৰু ইউৰোপিয়ান ‘স্পেচ  এজেঞ্চিত’ (ESA)কৈও কম বাজেটৰ দ্বাৰা কেইবাটাও মহাকাশ অভিযান  সফল কৰি দেখুৱাইছে ৷ তেনে এটা বিশ্ব আলোড়নকাৰী মহাকাশ অভিযান আছিল ”মাৰ্চ অৰ্বিটাৰ মিছন“ বা “মংগলযান”৷ কিন্তু আনবোৰ দেশতকৈ ইমান কম খৰচতে ইছৰোৱে এনে এটা দুঃসাহসী অভিযান কেনেকৈ সম্পন্ন কৰিছিল আজি আমি তাৰ বিষয়ে কিছু আলোচনা কৰিম৷

মংগলযানতকৈ প্ৰায় দুদিনৰ অগা-পিছাকৈ মংগল গ্ৰহৰ কক্ষপথত অৱতৰণ কৰা নাছাৰ  MAVEN (Mars atmosphere and volatile Evolution) মহাকাশ যানখনৰ খৰচ আছিল প্ৰায় ৬৭২ মিলিয়ন মাৰ্কিন ডলাৰ৷ হলিউডৰ ইনটেছটেলাৰ (Interstellar), ‘গ্ৰেভিটি’ (Gravity) আদি ছবিবোৰৰ ব্যয়ো প্ৰায় এশ মিলিয়ন ডলাৰতকৈও অধিক হয় ৷  সেই হিচাপে ইছৰোৰ মংগলযান মিছনৰ সৰ্বমুঠ ব্যয় আছিল মাত্ৰ ৭৪ মিলিয়ন ডলাৰ৷ এনেক্ষেত্ৰত ইছৰোৱে পৃথিৱীৰ পৰা প্ৰায় ২২৫ মিলিয়ন কিলোমিটাৰ গড় দূৰত্বত অৱস্থিত মংগল গ্ৰহলৈ পঠোৱা মিছন এটাক কিদৰে সফল কৰিছিল?

মংগল গ্ৰহলৈ মহাকাশযান এখন পৃথিৱীৰ পৰা উৎক্ষেপ কৰিবলৈ, প্ৰথমে  ইয়াক পৃথিৱীৰ নিজৰ মহাকৰ্ষণ শক্তিৰ পৰা মুক্ত কৰাব লাগিব৷ এই কামটো ৰকেটৰ দ্বাৰা কৰা হয়৷ মহাকাশযান এখন যিমান গধুৰ হয় তাক পৃথিৱীৰ মহাকৰ্ষণ শক্তিৰ পৰা বাহিৰ কৰিবলৈ  সিমানেই শক্তিশালী ৰকেটৰ প্ৰয়োজন হয়৷ শক্তিশালী ৰকেট মানে আকৌ ব্যয়বহুল অভিযান৷ এই সকলোবোৰ পৰিকল্পনা কৰাৰ পাছত বিজ্ঞানীসকলে ৰ’ব লাগে এটা বিশেষ দিনৰ বাবে৷ যিহেতু মংগলগ্ৰহ আৰু পৃথিৱীয়ে অসমান বেগত দুটা পৃথক কক্ষপথেৰে সূৰ্যক প্ৰদক্ষিণ কৰে৷ এনে হোৱাৰ ফলত কোনো এক সময়ত পৃথিৱী  পৰা মংগল গ্ৰহ বহুদূৰ আঁতৰি যায় আৰু কোনো এক সময়ত একেবাৰে কাষেৰে পাৰ হৈ যায় ৷ প্ৰতি চাব্বিশ মাহৰ অন্তত এনেদৰে পৃথিৱী মংগল গ্ৰহৰ কাষ চাপে৷ বিজ্ঞানীসকলৰ বাবে এই দিনটো অতি গুৰুত্বপূৰ্ণ কাৰণ এনে সময়ত  তুলনামূলকভাৱে কম ইন্ধনৰ দহনেৰেও  মহাকাশযান এখন মংগলগ্ৰহলৈ প্ৰেৰণ কৰিব পৰা হয়৷ ইছৰো-এ “মংগলযান“ মহাকাশযানখনৰ সফল উৎক্ষেপণৰ বাবে সেই বিশেষ দিনটোলৈ অপেক্ষা কৰিবলগীয়া হৈছিল৷ ইয়াৰ পাছতো মহাকাশযান এখন পৃথিৱীৰ পৰা পোনে পোনেই মংগল গ্ৰহলৈ পঠাব নোৱাৰে৷ মহাকাশযান এখন পঠাবলৈ ইয়াৰ পাছৰ গুৰুত্বপূৰ্ণ পৰিকল্পনাটো হ’ল পথ প্ৰদৰ্শন৷ যিহেতু মংগল আৰু পৃথিৱী দুটা গ্ৰহেই অসমান বেগত দুটা পৃথক কক্ষপথত সূৰ্যক প্ৰদক্ষিণ কৰি আছে, গতিকে পৃথিৱীৰ পৰা মহাকাশযান এখন উৎক্ষেপ কৰিবলৈ হ’লে  মহাকাশযানখনৰ ‘টাৰ্গেট পজিছন’ (target position) এনে এটা অৱস্থানত গণনা কৰিব লাগিব, যিটো অৱস্থানত মংগল গ্ৰহে কিছু মাহৰ পাছত অৱস্থান কৰিব যাক Home and Transfer Orbit বোলা হয়৷ কথা বুজিবলৈ এটা সাধাৰণ উদাহৰণ লোৱা যাওক৷ যেনেকৈ তীব্ৰবেগী  যুঁজাৰু বিমানবোৰক ‘টাৰ্গেট’ কৰিবলৈ তাৰ বৰ্তমান অৱস্থানত গুলি  কৰা নহয়৷ কাৰণ গুলিটো গৈ বিমানখনক আঘাত কৰিবলৈ যিমান সময় লাগিব সেই সময়ত বিমানখন  বহুদূৰ আগ বাঢ়ি যাব৷ গতিকে তীব্ৰবেগী বিমানখনক এনেকুৱা অৱস্থানত টাৰ্গেট কৰা হয় যিটো অৱস্থান বিমানখনে কিছু ছেকেণ্ডৰ পাছত  অতিক্ৰম কৰিব অৰ্থাৎ গতিশীল বিমানখনক ধ্বংস কৰিবলৈ কিছু আগত গুলি কৰিব লাগিব৷ “মংগলযান” মিছনতো মহাকাশযানখনক এই পদ্ধতিৰ দ্বাৰাই মংগল গ্ৰহৰ কক্ষপথত অৱস্থান কৰোৱা হৈছিল৷ তদুপৰি মহাকাশত মহাকাশযানবোৰৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ নিউটনৰ তৃতীয় গতি সূত্ৰৰ নিয়ম অনুসৰি ‘কৃত্ৰিম বলৰ’ (Thrust) প্ৰয়োগ কৰা হয়৷ যাতে মহাকাশযানখনৰ পৰিকল্পিত কক্ষপথৰ পৰা বিচ্যুতি ঘটিলেও বাহ্যিক বলৰ (Thrust)ৰ দ্বাৰা পুনৰ নিয়ন্ত্ৰণ কৰিব পাৰে৷

মংগলযান মিছনৰ কিছুদিনৰ পাছত উৎক্ষেপ কৰা নাছাৰ MAVEN মহাকাশযানখন আমাৰ মংগলযানৰ বাজেটতকৈ প্ৰায় দহগু বেছি আছিল ৷MAVENত গৱেষণাৰ বাবে কঢ়িওৱা বৈজ্ঞানিক সঁজুলিবোৰ আছিল মংগলযানতকৈ বহু উচ্চ প্ৰযুক্তিৰ ৷ সেইসমূহ অত্যধুনিক সঁজুলিৰে MAVENৰ ওজন হৈছিলগৈ প্ৰায় ২৫০০ কেজি, সেই হিচাপে মংগলযানৰ ওজন আছিল মাত্ৰ  ১৩৩৭ কেজি৷ MAVEN মিছন মংগলযানতকৈ ব্যয়বহুল হোৱাৰ সেইটো এটা ডাঙৰ কাৰণ আছিল৷ MAVEN মহাকাশযানখনক  ৭০০০ কিলোগ্ৰাম বহন ক্ষমতাৰ Atlas V ৰকেটেৰে পোনপটীয়াকৈ trans-mars orbit (সাধাৰণতে এটা হেলিঅ’ছেন্ট্ৰিক কক্ষপথ য’ত মহাকাশযান এখনক  বাহ্যিক বলৰ দ্বাৰা গতিপথ দেখুৱাই মংগল গ্ৰহৰ কক্ষপথলৈ পঠোৱা হয়)লৈকে কঢ়িওৱা হৈছিল যাৰ বাবে উৎক্ষেপৰ কিছুদিনৰ পাছতেই অৰ্থাৎ মংগলযানৰ দুদিনৰ আগতেই পৃথিৱীৰ মহাকৰ্ষণ শক্তিৰ পৰা মুক্ত হৈ মংগল গ্ৰহৰ কক্ষপথত সোমাবলৈ সক্ষম হৈছিল৷

নাছাৰ MAVEN মিছনটো ব্যয়বহুল হোৱাৰ  আন এটা কাৰণ আছিল ATLAS Vৰ দৰে শক্তিশালী ৰকেট ব্যৱহাৰ৷ এটা দিশত ইছৰোৱে বহু খৰচ কমাবলৈ সক্ষম হৈছিল, সেইটো আছিল ৰকেট ইন্ধনৰ নামত হোৱা খৰচ৷ ইছৰোৰ PSLV C25ৰ দ্বাৰা মংগলযানৰ উৎক্ষেপণ কৰা হৈছিল৷ PSLV C25ৰ বহন ক্ষমতা আছিল মাত্ৰ ১৩০০ কেজি অৰ্থাৎ ই কেৱল ১৩০০ কেজি ওজনৰ মহাকাশযান এখনকহে পোনপটীয়াকৈ Geo stationary  ‘অৰবিট’লৈ কঢ়িয়াই নিব পাৰে৷ যিহেতু মংগলযানৰ ওজন আছিল প্ৰায় ১৩৩৭ কেজিৰ,  গতিকে ইছৰোৰ বিজ্ঞানীসকলে সিদ্ধান্ত লৈছিল যে ইয়াক পোনপটীয়াকৈ Trans-mars অৰবিটলৈ পঠোৱাৰ সলনি প্ৰথমতে পৃথিৱীৰ কক্ষপথত এৰি দিয়া হ’ব আৰু ইয়াৰ পাছত Multi step transaction কৌশলৰ দ্বাৰা এই কক্ষপথটোক  ক্ৰমাৎ ডাঙৰ কৰি নি শেষত মংগল গ্ৰহলৈ যোৱা পথটোত এৰি দিয়া হ’ব৷ ২০১৩ চনৰ ৫ নম্বেৱৰৰ দিনা  ছটিজধবন (Chatisdhaban space Centre)ৰ পৰা PSLV C25ৰ কেটেৰে মংগলযান যানখনক পৃথিৱীৰ একেবাৰে ওচৰৰ উপবৃত্তকাৰ কক্ষপথ (lower elliptical orbit)ত এৰি দিয়া হৈছিল৷ অৰ্থাৎ মংগলযানে পৃথিৱীক প্ৰদক্ষিণ কৰিবলৈ এটা উপবৃত্তকাৰ পথত ঘূৰিবলৈ বাধ্য ৷ যিহেতু  কক্ষপথটো এটা উপবৃত্তাকাৰ পথ গতিকে এনেধৰণৰ কক্ষপথত কোনো এটা অৱস্থান পৃথিৱীৰ পৰা একেবাৰে ওচৰত হয় আৰু আন এটা অৱস্থান পৃথিৱীৰ পৰা বহু দূৰত হয়৷ পৃথিৱীৰ পৰা একেবাৰে ওচৰৰ অৱস্থানক Perigee আৰু পৃথিৱীৰ পৰা আটাইতকৈ দূৰৰ অৱস্থানক Apogee বোলা হয় ৷ যেতিয়া এটা উপগ্ৰহ এই উপবৃত্তকাৰ কক্ষপথত এৰি দিয়া হয় ই কোনো বাহিৰা শক্তি বা ইন্ধনৰ অবিহনে নিজে নিজেই পৃথিৱীৰ চাৰিওফালে ঘূৰিবলৈ লয়৷ যেনেদৰে কোনো বাহ্যিক বলৰ অবিহনেই পৃথিৱী সূৰ্যৰ চাৰিওফালে নিৰন্তৰভাৱে ঘূৰি আছে৷ এই বিশেষ কক্ষপথটোত উপগ্ৰহ এটাৰ গতিবেগো সকলো অৱস্থানতে একে নাথাকে৷ অৰ্থাৎ পৃথিৱীৰ পৰা দীৰ্ঘতম অৱস্থানত (Apogee) উপগ্ৰহ এটাৰ গতিবেগ সৰ্বনিম্ন হয়৷ ঠিক সেইদৰে পৃথিৱীৰ পৰা একেবাৰে নিকটতম অৱস্থানত (Perigee)  উপগ্ৰহ এটাৰ গতিবেগ সৰ্বাধিক হয়, কাৰণ এই স্থানত পৃথিৱীৰ মহাকৰ্ষণ শক্তিয়েও উপগ্ৰহটোক নিজৰ ফালে টানিব বিচাৰে৷ যাৰ বাবে উপগ্ৰহটোৰ গতিবেগ পূৰ্বতকৈ বহুখিনি বৃদ্ধি পায়৷ গতিকে কক্ষপথ এটা যিমানেই উপবৃত্তাকাৰ হ’ব উপগ্ৰহ এটাৰ গতিবেগো সিমানেই বাঢ়ি যাব৷ ইছৰোৰ বিজ্ঞানী সকলে প্ৰকৃতিৰ এই কৌশলক সুপ্ৰয়োগ কৰিছিল মংগলযানৰ ক্ষেত্ৰত৷

মংগলযান যেতিয়া perigeeত অৱস্থান কৰিছিল, সেই সময়ত তাৰ ইঞ্জিনটো চলাই দি  Trustদ্বাৰা মংগলযানক কিছুদূৰ আগুৱাই লৈ যোৱা হৈছিল৷ যাৰ ফলত উপবৃত্তাকাৰ কক্ষপথটো  আগতকৈ ডাঙৰ হৈ গৈছিল৷ যিহেতু উপবৃত্তাকাৰ কক্ষপথটো যিমান ডাঙৰ হ’ব, Perigeeত উপগ্ৰহটোৰো গতিবেগো আগৰ তুলনাত বহু পৰিমাণে বৃদ্ধি হ’ব যাৰ বাবে ৫ নৱেম্বৰ পৰা ১৬ নৱেম্বৰলৈ ইছৰোৱে পাঁচবাৰ এই প্ৰক্ৰিয়াটো সংঘটিত কৰি মংগলযানৰ কক্ষপথটো ডাঙৰ কৰি আনিছিল৷ যাৰ ফলত মংগলযানৰ গতিবেগ ক্ৰমানে বাঢ়ি আহিবলৈ ধৰিছিল আৰু এটা নিৰ্দিষ্ট সময়ত মংগলযানৰ গতিবেগ প্ৰতি ছেকেণ্ডত ১১ কিলোমিটাৰ হৈছিলগৈ৷ যিটো পৃথিৱীৰ পলায়ন বেগৰ ( প্ৰতি ছেকেণ্ডত ১১.২ কিলোমিটাৰ) প্ৰায় ওচৰ চাপিছিলগৈ৷ গতিকে মংগলযানক পৃথিৱীৰ মহাকৰ্ষণ গোলকটোৰ (Sphere of gravity)ৰ পৰা মুক্ত হ’বলৈ দৰকাৰ হৈছিল মাত্ৰ এটা ঠেলা ( Thrust)৷  

ইছৰোৰ শেষৰটো ঠেলাত (Thrust) মংগলযানে Trans mars trajectoryত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷  এই স্থানত ‘মংগলযান’খন আগ বাঢ়িবলৈ কোনো বাহ্যিক বলৰ প্ৰয়োজন হোৱা নাছিল৷ কাৰণ সূৰ্যৰ মহাকৰ্ষণ শক্তিয়ে মংগলযানক মংগল গ্ৰহৰ দিশে  লৈ যোৱাত সহায় কৰিছিল৷ তথাপিও এই সময় ইছৰোৰ বিজ্ঞানীসকলৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ তথা অপেক্ষাৰ সময়৷ মংগলযান বিজ্ঞানীসকলৰ তীক্ষ্ণ নজৰত আছিল৷ মংগলযানৰ গতিবেগ যদি গাণনিক বেগতকৈ বহু পৰিমাণে কম হয় তেন্তে ই যথাসময়ত মংগল গ্ৰহৰ ‘টাৰ্গেট পজিছনত’ গ্ৰহটোৰ কক্ষপথত প্ৰৱেশ কৰিব নোৱাৰিব যাৰ বাবে বিজ্ঞানীসকলে বাহ্যিক বল (Thrust )ৰ সহায়ত  যানখনৰ গতিবেগ বঢ়াব লাগিব৷ আনহাতে, মংগলযানৰ গতিবেগ যদি জোখতকৈ অধিক বেগত থাকে তেন্তে ই মংগলগ্ৰহ  পাৰ হৈ মহাকাশত হেৰাই যাবও পাৰে৷ সেই সময়ত মংগলযান মিছনৰ বিজ্ঞানীসকলে দেখিছিল যে মংগলযানৰ গতিবেগ জোখতকৈ অধিক তীব্ৰ আছিল আৰু সেই গতিবেগেৰে হয়তো যানখনে মংগলগ্ৰহ পাৰ হৈ গ’লহেঁতেন৷ গতিকে  বিজ্ঞানীসকলে যথাসময়ত মংগলযানৰ ইঞ্জিনটো ‘অ’ন’ কৰি বাহ্যিক বলৰ (Thrust) সহায়ত মংগলযানক ওলোটা দিশত গতি কৰোৱাই বেগ কমাবলৈ সক্ষম হৈছিল৷ আৰু ২০১৪ চনৰ ২৪ ছোপ্টেম্বৰত মংগলযানে সফলতাৰে মংগল গ্ৰহৰ কক্ষপথত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল৷ ইউৰোপিয়ান স্পেচ এজেঞ্চি (ESA)ৰ পাছত  ইছৰোৱে একমাত্ৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান যি অতি কম খৰচত তথা প্ৰথম প্ৰয়াসতেই  মংগল গ্ৰহলৈ সফলতাৰে মহাকাশযান পঠাবলৈ সক্ষম হৈছিল৷ মংগলযান মহাকাশ অভিযানে বিজ্ঞানীসকলক মংগল গ্ৰহ সম্পৰ্কত বহু নতুন বৈজ্ঞানিক তথ্যৰ যোগান ধৰাত সহায় কৰিছিল

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *