মটৰচাইকেল ডায়েৰিজ (খণ্ড নং ৪) - মূল: চ্চে গুৱেভাৰা, অনুবাদ: আৰহান ইনামূল

 

শেষ বান্ধোনটো ছিঙি

আমি মিৰামাৰৰপৰা ওলাই অহাৰ পিছত একেবাৰে নেক'চ্ছেয়া'ত গৈহে ৰ'লো। তাত আলবাৰ্ট'ৰ এজন পুৰণি বন্ধুৱে নিজৰ প্ৰেক্টিচ কৰি আছিল, তেওঁৰ লগত একেলগে বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল । আমি সেই সম্পূৰ্ণ দূৰত্বটো মাথোঁ এটা ৰাতিপুৱাৰ ভিতৰতে অতিক্ৰম কৰিছিলোঁ, তাত গৈ পাওঁ মানে প্ৰায় দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰাৰ সময় হৈছিল। যদিও আমি বন্ধুৰপৰা উষ্ম আদৰণি লাভ কৰিছিলোঁ তাৰ পৰিৱৰ্তে কিন্তু বন্ধু পত্নীৰপৰা বৰ এটা উৎসাহভৰা ব্যৱহাৰ নাপালোঁ। হয়তো তেওঁ আমাৰ অঘৰী জীৱন যাপনৰ ধৰণ-কৰণ দেখি কিবা বিপদৰ উমান পাইছিল, কিজানিবা আমি তেওঁৰ পতি-দেৱতাকো আমাৰ যাত্ৰাৰ প্ৰতি লোভ লগাই পেলাওঁ।

"তোমালোকৰ হাতত মাত্ৰ এবছৰ দিনহে দেখোন আছে চিকিৎসক হিচাপে যোগ্যতা লাভ কৰিবলৈ, তেনেস্থলত তোমালোক যে এইদৰে দৰঙে-দিপাঙে ভ্ৰমি ফুৰিছা ? আনকি তোমালোকে এইটোও নিশ্চিত নহয় যে কেতিয়া মানে তোমালোক উভতি যাব পাৰিবা? কি আচৰিত!!" , বন্ধুৰ পত্নীৰ এনে আকস্মিক প্ৰশ্নৰ কোনো যুক্তিযুক্ত উত্তৰ দিব পৰাকৈ আমি বাক্যই গঠন কৰিব নোৱাৰিলোঁ; আমাৰ অস্পষ্ট উত্তৰে তেওঁক আৰু ভয় খুৱাই দিছিল বোধকৰোঁ। অৱশ্যে তেওঁ আমাৰ লগত বেছ আগ্ৰহেৰেই কথা পাতিছিল আৰু আমাক জীৱনৰ নীতিশিক্ষা দি এঘড়ী যুঁজ দিম বুলিয়েই লাগিছিল, আমি জানিছিলোৱেই যে শেষত তেৱেঁই বিজেতাৰ হাঁহি মাৰিব। কাৰণ তেওঁৰ পতিদেৱতাক আমি কব্জা কৰাটো আমাৰ বাবে সাধ্যাতীত  আছিল।

আমি মাৰ-ডেল-প্লাটা'ত থকা আলবাৰ্ট'ৰ এজন ডাক্টৰ বন্ধুক লগ কৰিছিলোঁ। তেওঁ ইতিমধ্যেই পেৰ'নিষ্ট দলত যোগদান কৰিছিল। নেক'চ্ছেয়া'ৰ সেই ডাক্টৰজন নিজৰ ৰাজনৈতিক মতাদৰ্শৰ প্ৰতি উৎসৰ্গিত আছিল। অৱশ্যেই তেওঁলোকৰ মতাদৰ্শগত স্থিতি মৌলবাদী-গোড়া আৰু উগ্ৰ ভিত্তিগত আছিল। সেয়ে মই তেওঁৰপৰা আৰু তেওঁ নিজেও মোৰপৰা দূৰত্ব বৰ্তাই ৰাখিছিল। মোৰ বাবে তেনে এক ৰাজনৈতিক দৰ্শন মোৰ বাবে কদাপি গ্ৰহণযোগ্য নাছিল, আনকি আলবাৰ্ট'ৱেও তেনে চিন্তাধাৰাবোৰৰ প্ৰতি নিজৰ আকৰ্ষণ হেৰুৱাইছিল, য'ত নেকি এটা সময়ত সেই দলৰ নেতাসকলৰ লগত তেওঁৰ ঘনিষ্ঠ সম্পৰ্ক আছিল।

আমাক তিনিদিনৰ বাবে আতিথ্য প্ৰদান কৰি আপ্লুত কৰা বাবে নেক'চ্ছেয়া'ৰ সেই দম্পতিক কৃতজ্ঞতা জনাই অৱশেষত আমি বাহিয়া-ব্লাংকা'লৈ বুলি বাইক ষ্টাৰ্ট দিলো। যদিও অলপ কম-বেছি পৰিমাণে অকলশৰীয়া লাগিছিল তথাপিও কিন্তু মুক্ত-স্বাধীনতা উপভোগ কৰি আমাৰ যাত্ৰা অব্যাহত ৰাখিলোঁ। বাহিয়া-ব্লাংকা'তো আমাৰ বাবে বন্ধুবৰ্গই বাট চাই আছিল, এইবাৰ তেওঁলোক মোৰ বন্ধু আছিল। তাত গৈ পোৱাৰ পিছত তেওঁলোকেও আমাক উষ্ম আদৰণি আৰু সুন্দৰ আতিথ্য প্ৰদান কৰিছিল। এই দক্ষিণৰ বন্দৰটোত আমি কেইবাদিনো পাৰ কৰি দিছিলোঁ। তাতেই বাইকখন অলপ মেৰামতি কৰাৰ লগতে চহৰখনৰ অলিয়ে-গলিয়ে উদ্দেশ্যবিহীনভাৱে ঘূৰি ফুৰিছিলোঁ। সেইকেইটাই আমাৰ যাত্ৰাকালৰ শেষৰ দিনকেইটা আছিল যেতিয়া আমি টকা-পইচাৰ কথা চিন্তা কৰিব লগীয়া নহৈছিল। পিছলৈ যিহেতু আমি মাংস, ৰুটি আৰু অন্য খোৱা-বোৱাৰ ক্ষেত্ৰত এক কঠিন ডায়েট বৰ্তাই ৰাখিব লগীয়া হৈছিল যাতে হাতত পইচা বাচি থাকে। এনেকুবা মুহূৰ্তও আহিছিল যেতিয়া মুখলৈ ৰুটি এখন নিওঁতে ৰুটিখনে যেন আমাক সাৱধানবাণী শুনাইছিল, "এইবাৰেই ভালকৈ খাই ল বেটা, ইয়াৰ পিছত বৰ এটা সহজতে আৰু সোনকালে নাহো আৰু কিন্তু", আমিও তেতিয়া গৰহৰ দৰে নোপোৱাই পোৱাৰ নিচিনাকে ৰুটিখন টপাটপ খাবলৈ লাগি গৈছিলোঁ। আচলতে আমি উটৰ দৰে আমাৰ পেটৰ ভিতৰত যেন পিছলৈ ব্যৱহাৰ কৰিব পৰাকৈ খাদ্য সঞ্চয় কৰি থ’ব পৰা ভঁৰাল এটা নিৰ্মাণ কৰি ল’ব বিচাৰিছিলোঁ।

আমি তাৰপৰা বিদায় লোৱাৰ আগনিশা মোৰ বিৰাট কাহ আৰু জ্বৰ উঠিছিল, তাতে আমি বাহিয়া-ব্লাংকা ত্যাগ কৰোতে ইতিমধ্যেই এদিন পলম হৈছিল। অৱশেষত বিয়লি প্ৰায় তিনি বজাত আমি তপত বেলিটো মূৰৰ ওপৰত লৈ তাৰপৰা বিদায় মাগিছিলো। যেতিয়া আমি মেডান'চ'ৰ তপত বালিৰ মাজেৰে যাব লগীয়া হৈছিল তেতিয়া আমাৰ অৱস্থা বাৰুকৈয়ে কাহিল হৈছিল। আমাৰ বৰ এটা সুস্থ অৱস্থাত নথকা গধুৰ বাইকখন সেই বালিৰ ওপৰেদি চলাই নিওঁতে আলবাৰ্ট'ৱে কিছু যুঁজ দিব লগীয়া হৈছিল, মাজে মাজে বাইকখনে চালকৰ আজ্ঞা নামানি চকাকেইটাই তাণ্ডৱ নৃত্য কৰিবলৈ ধৰিছিল। তেনেদৰেই যুঁজি-বাগৰি আৰু ছয়বাৰমান পথালি দি দি পৰাৰ পিছত আমি অৱশেষত অলপ জিৰণি ল'ব পাৰিছিলোঁ। তাৰ পিছৰছোৱা বাট মই চলাম বুলি ল'লো, অলপ বেছিকৈয়ে এক্সিলেটৰ পকাই দিছিলোঁ যাতে ইতিমধ্যেই আমি লোকচান কৰা সময়খিনি মিলাব পাৰোঁ। কিন্তু তেতিয়াই ঘটিল আমাৰ গোটেই যাত্ৰাকালৰ আটাইতকৈ ভয়ানক দুৰ্ঘটনাটো। যদিও আলবাৰ্ট'ৱে বৰ এটা দুখ নাপালে, কিন্তু মোৰ ভৰিখন বাইকখনৰ ছিলিণ্ডাৰটোৱে হেঁচা মাৰি ধৰাৰ লগতে বহুত দিনলৈকে থাকি যোৱাকৈ আঁচোৰ বহুৱাই দিলে। তাৰ পিছতে ভূতৰ ওপৰত দানহ পৰাদি হুৰহুৰকৈ নামি অহা বৰষুণজাকে আমাক যিমান সোনকালে হয় এখন চালি বিচাৰিবলৈ বাধ্য কৰালে, কিন্তু তাত গৈ পোৱাৰ আগতে আমি প্ৰায় ৩০০ মিটাৰমানৰ বোকাময় পথ অতিক্ৰম কৰিব লগীয়া হৈছিল, যিখিনি পাৰ কৰোতে আমি তিনিবাৰমান উৰি যোৱাৰ দৰে উফৰি পৰিছিলো। অৱশেষত যেতিয়া আমি আশ্ৰয় শিবিৰ পালোগৈ তেতিয়া অনুভৱ কৰিছিলোঁ এটা দিনতে ন-বাৰকৈ দুৰ্ঘটনাৰ সন্মুখীন হোৱাৰ অভিজ্ঞতাই আমাক সঁচাকৈয়ে যেন সাৱধানবানী শুনাই দিলে, ভৱিষ্যতে অ-প্ৰতিপালিত আৰু বেয়া পথৰ ওপৰেদি যাত্ৰা কৰোতে পাৰ কৰিব লগীয়া বিপদৰ বিষয়ে। তাৰ পিছতে আমি পৰি দিছিলোঁ শিবিৰটোৰ বিছনাখনৰ ওপৰত । যদিও শুই দিছিলো মোৰ চকুকেইটাই কিন্তু টোপনি যাবলৈ বিচৰা নাছিল। দুটা সেউজীয়া বিন্দু মোৰ দুচকুত ভাহি আছিল, যি সেই পৃথিৱীখন প্ৰতিনিধিত্ব কৰিছিল যিখন মই পিছলৈ এৰি আহিছিলোঁ মৃত অৱস্থাত সেই তথাকথিত মুক্তিকামিতাক হেঁচুকি-ঠেলি, যাৰ বাবে মই চিঞৰিছিলো।

Share Button
Print Friendly, PDF & Email

No Comments : "মটৰচাইকেল ডায়েৰিজ (খণ্ড নং ৪) - মূল: চ্চে গুৱেভাৰা, অনুবাদ: আৰহান ইনামূল"

Leave a Comment

Your email address will not be published. Required fields are marked *