MRA-( ৰূপালীম দত্ত)

RIP দুখ প্ৰকাশৰ তাৎক্ষণিক জনপ্ৰিয় ভাষা। RIPতে হেৰাই যায় জীৱনটোৰ সশ্ৰদ্ধ সোঁৱৰণৰ অৱকাশ। মৃত্যুৰ লগে লগে জীৱনৰ চৰ্চা এৰি আত্মাক শুভেচ্ছা (সদগতি কামনা)জনাবলৈ উন্মুখ মনুষ্য। শুনিবলৈ বেয়া লাগিলেও কথাটো সত্য যে এঠাইত শান্তিত থাকিবলৈকো আত্মা সৃষ্টি কৰা হোৱা নাই। বৰঞ্চ Restless হ'বলৈহে আত্মাক বাধ্য কৰোৱা হৈছে। স্বৰ্গ নৰকৰ স্থানৰ বাবে, পুণ্য যোনি-পাপী যোনিত অৱস্থানৰ বাবে ঢপলিয়াই ফুৰিবলগীয়া আত্মা। জীয়াই থাকোতে স্পৃশ্য-অস্পৃশ্যৰ বৰ্ণবিভাজিত শৰীৰ; আৰু মৃত্যুৰ পাছত পুণ্যাত্মা পাপাত্মাৰে শ্ৰেণীবিভাজিত আত্মা। জীৱিত নশ্বৰ শৰীৰটোৰো সুখ-দুখ, যন্ত্ৰণা-বিষাদৰ সংগ্ৰাম। অবিনশ্বৰ আত্মাৰো স্বৰ্গত সুৰা-সুন্দৰীৰ আনন্দ, নৰকত জুই-গৰম তেলৰ যন্ত্ৰণা। সদগতি কামনাৰ শ্বৰ্টকাট (RIP)থাকিলেও আত্মা সৃষ্টিৰ যি পৰিক্ৰমা তাৰ শ্বৰ্টকাট নাছিল। শুনিবলৈ অস্বস্তিকৰ হ'লেও আত্মাৰ সৃষ্টি আৰু অস্তিত্বৰ পৰিকল্পনাও কিন্তু নিৰীহ নহয়। আত্মা দেহৰ প্ৰাণো নহয়, চৈতন্যও নহয়। সপোন আৰু মানসিক ৰোগৰ অজ্ঞতাত জন্ম পোৱা আত্মা।

মৃত্যুতে জীৱন শেষ বুলি অপূৰ্ণ কামনা-বাসনাবোৰৰ অন্ত পেলাবলৈ নাৰাজ মানুহৰ সৃষ্টি আত্মা।

এইখন পৃথিৱীত অস্তিত্ব শেষ হ'লেও আন এখন জগত (ব্ৰহ্মলোক)আছে বুলি নিচুকনি যাবলৈ ভালপোৱা কল্পনাপ্ৰখৰ মনুষ্যৰ সৃষ্টি আত্মা।

জন্মান্তৰবাদৰ তত্ত্ব প্ৰয়োগেৰে অনন্ত কাললৈ ব্ৰহ্মলোকৰ প্ৰয়োজনীয়তাক নিগাজি কৰা উৰ্বৰ মস্তিষ্কৰ সৃষ্টি আত্মা। এনেকৈ ক'লেও বেছি কোৱা নহ'ব যে জীৱনতকৈ মৃত্যুৱেহে অধিক লাভৱান কৰা এটা শ্ৰেণীৰ অমোঘ আৱিষ্কাৰ ‘আত্মা'।

গ্ৰীক সভ্যতাই (হিপ'ক্ৰেটিছ/খ্ৰীপূঃ ৪৬০-৩৭০)মানসিক ৰোগ চিনাক্তকৰণ নকৰালৈকে প্ৰাচীন  সকলো সভ্যতাতে মানসিক ৰোগক প্ৰেত কাণ্ড হিচাপেই ভবা হৈছিল। গ্ৰীক মনীষীসকলে মানসিক চিকিৎসা ক্ষেত্ৰখনলৈ প্ৰভূত পৰিৰ্বতন অনাৰ পৰৱৰ্তী সময়তে যেতিয়া এই সভ্যতা ধ্বংস হৈ গ'ল তেতিয়াই ইউৰোপত গীৰ্জাৰ প্ৰভুত্ব আৰম্ভ হ'ল। আৰম্ভ হ'ল মধ্যযুগৰ। বৈজ্ঞানিক চিন্তা সমাধিস্থ আৰু পুৰোহিতচালিত সংস্কাৰাচ্ছন্ন দিনৰ আৰম্ভণি। মানসিক ৰোগ পাপী আত্মা হ'ল। সৃষ্টি হ'ল ভূতবিদ্যা, ডাইনীৰ। আনকি ডাইনী হত্যাৰ বাবে MalleusMaleficarum(ডাইনীৰ হাতুৰী)নামৰ পুথিপৰ্যন্ত ৰচিত হ'ল। বীভৎস উপায়েৰে মানসিক ৰোগীৰ শৰীৰৰ পৰা প্ৰেতাত্মা গুচাবলৈ মৃত্যুদণ্ড দিয়া হ'ল। ধৰ্মীয় যাজকসকলে ফটোৱা জাৰি কৰিলে। এনেকৈয়ে এক দীঘলীয়া সময় ইতিহাস হ'ল। অৱশেষত ১৫ শতিকাৰ পৰা এই অৱস্থাৰ অৱসান ঘটাবলৈ নতুন প্ৰচেষ্টা আৰম্ভ হ'ল। জাৰ্মান চিকিৎসক জন ভায়াৰে"TheDeception of Demos"নামৰ পুথিৰ জৰিয়তে ডাইনী প্ৰেতৰ অৱস্থান নহয় - মানসিক ৰোগৰ চিকাৰ বুলি পতিয়ন নিয়াবলৈ চেষ্টা কৰিলে। তাৰো পৰৱৰ্তী সময়ত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপকে লিখিলে "Discovery of Witchcraft"৷ এনেকৈ জন জাগৰণৰ চেষ্টা চলি থাকিল। আৰু ক্ৰমশঃ ধৰ্মীয় নেতা-পুৰোহিতেও ভূতবিদ্যাৰ সলনি মানসিক ৰোগক স্বীকাৰ কৰা পৰিৱেশৰ সৃষ্টি হ'ল। আনকি বিশ্বৰ প্ৰথম মানসিক চিকিৎসালয়খন (১৫৪৭)ইংলেণ্ডৰ ৰজাই আৰম্ভ কৰিলে ‘ছেন্ট মেৰী অব বেথেলহেম'মঠটোত। অৱশ্যে চিকিৎসা হিচাপেও অবিজ্ঞানসন্মত বীভৎস চিকিৎসাই আৰম্ভ হৈছিল। কিন্তু এক ঢাপ আগুৱাই প্ৰেতাত্মাৰ সলনি ৰোগী হিচাপে স্বীকৃত হৈছিল। পৰৱৰ্তী সময়ত চিকিৎসা বিজ্ঞানৰ উন্নতিৰ লগে লগে মানসিক ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰখনলৈও পৰিবৰ্তন আনিলে।

কিন্তু ভাৰতত ‘আত্মা' বিশ্বাসটোৰ লগত কেৱল অজ্ঞতাই জড়িত হৈ থকা নাই যে ইউৰোপৰ দৰে অজ্ঞতা দূৰ হৈ গৈ থাকিলে প্ৰেতাত্মা আঁতৰিব। ভাৰততযে পুণ্যাত্মা আছে/ আছে সুযোগ সন্ধানী শাস্ত্ৰকাৰসকলে গাঁথি থৈ যোৱা চিন্তা, দৰ্শনৰ এক কুটিল জাল। সেই জালত বন্দী আত্মাৰ ধাৰণা বিভ্ৰান্ত। স্বাবিৰোধেৰে ভৰা। ধৰ্মশাস্ত্ৰমতেই আত্মাৰ একো বিনাশ নহয়। শৰীৰবিহীন, আকাৰবিহীন আত্মাই পিণ্ড খায়, স্বৰ্গত সুৰা গলাধকৰণ কৰে, নাৰীৰ সংগ সুখো ভোগ কৰে, নৰকত কৰতেৰে কাটে, তপত তেল-লোহাৰে পোৰে, অখাদ্য খাবলৈ বাধ্য কৰে। শৰীৰবিহীন আত্মাৰ ভোগ-যন্ত্ৰণা কেনেকৈ?আত্মা প্ৰকৃততে কি?এই প্ৰশ্ন কাক সোধা যায়?সৌ তাহানিতেই কঠ উপনিষদত নচিকেতাই স্বয়ং যমৰ পৰাই সদুত্তৰ পাবলৈ সক্ষম নহ'ল। নাচিকেতাৰ পোনপটীয়া প্ৰশ্নবাণত ধৰাশায়ী যমৰ অসহায় স্বীকাৰোক্তি -‘‘বেদ অধ্যয়ন, শাস্ত্ৰ শ্ৰৱণ অথবা বুদ্ধিবৃত্তি একোৰেই আত্মাৰ অস্তিত্বৰ সৰ্ম্পকত জ্ঞান লাভ কৰিব নোৱাৰি।''তেনেদৰে উৎসুকতা নিবাৰণ কৰিবলৈ গৈ গাৰ্গীয়েও যাজ্ঞবল্ক্যৰ পৰা প্ৰচণ্ড ভাবুকিহে পাই থৈছে- ‘‘আৰু প্ৰশ্ন কৰিলে তোমাৰ মূৰটো খহি পৰিব।''চাৰ্বাকপন্থীসকলক প্ৰতিহত কৰিবলৈকে কৰ্মফলৰ ধাৰণাক নিগাজি কৰা হ'ল। বিভিন্ন আখ্যান-উপাখ্যানত যুক্তিৰে কৰা প্ৰশ্নৰ প্ৰশ্নকৰ্তা সৰ্ম্পকে ভয়-ভাবুকিৰে কাহিনীৰ সৃষ্টি কৰা হ'ল। যেনে যুক্তিবাদী ব্ৰাহ্মণৰ ‘আত্মা'সম্পৰ্কীয় প্ৰশ্নৰ শাস্তিস্বৰূপে জন্ম হ'ল শিয়ালৰ। তেনে কিছু উদাহৰণ -

- যিয়ে মাক-দেউতাকক অপমান কৰে সি ১০ বছৰ কাছ, ৬ মাহ মাছৰ ৰূপ পাব।

- যি শিষ্য গুৰুপত্নীৰ প্ৰতি লালায়িত হয় সি ৩ বছৰ কুকুৰ, ১০ বছৰ কৃমিৰ ৰূপ পাব।

- বেতনভোগীয়ে ওপৰৱালাৰ বিৰুদ্ধাচৰণ কৰিলে ১০ বছৰ বান্দৰ, ৭ বছৰ নিগনি আৰু ৭ বছৰ কুকুৰ হৈ কটাব লাগিব।

পৃথিৱীত জীৱ-জন্তু সৰীসৃপৰ জন্মৰ উৎস হ'লগৈ মানুহৰ পাপৰ শাস্তি। অথচ পৃথিৱীত দুশ কোটি বছৰৰ জীৱৰ বিৱৰ্তনৰ সময়ছোৱাৰ শেষৰ ফালেহে মানুহ প্ৰজাতিৰ আৱিৰ্ভাব হৈছিল। ডাৰউইনৰ বিৱৰ্তনৰ সূত্ৰক কৰ্মফলৰ ছুনামিয়ে উটুৱাই নিলে। তেন্তে মাছ-কাছৰ উৎপাদন বঢ়াবলৈ কিছুমান পাপ অৱশ্য প্ৰয়োজনীয়। তেনেদৰে কৰ্তৃপক্ষৰ  শোষণ আৰু কৰ্মচাৰীৰ প্ৰতিবাদে বান্দৰ, কুকুৰৰ সংখ্যা বঢ়োৱাৰে কথা। অবিশ্বাস্য, আজিৰ সময়েও আত্মা, কৰ্মফলক অগ্ৰাহ্য কৰিব নোৱৰাটো অবিশ্বাস্য কথা। অথচ ভাৰতীয় সভ্যতাৰ বিকাশৰ লগে লগে চিকিৎসা বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞানৰ যথেষ্ট অগ্ৰগতিও লাভ কৰা হৈছে। কিন্তু তাতোকৈক্ষিপ্ৰ গতিত ধৰ্মীয় অনুভূতি, ভাৰতীয় ভাববাদী দৰ্শনৰ দোহাই দি আত্মাক লৈ নতুন নতুন আধুনিক মিশ্ৰিত দৰ্শনৰ উন্মেষহে ঘটিল। এতিয়া সৰু বৰ চহৰ-নগৰত প্ৰজাপিতা ব্ৰহ্মকুমাৰী, থিয়'ছফিকেল ছচাইটি ইত্যাদি ন সাজেৰে কৰ্মফলক নিগাজিকাৰী সংস্থা গঢ়ি উঠিল। যিমানেই এই সংস্থালৈ মানুহ আনিব পাৰে সিমানেই ব্ৰহ্মলোকত স্থান প্ৰাপ্তিৰ সুযোগ বাঢ়ে। এনে চেইন ছিষ্টেমেৰে ইয়াৰ ব্যাপক প্ৰসাৰৰ কৌশল ৰচা হৈছে। ইফালে অত্যুৎসাহী,সাহায্যকাৰী ৰাষ্ট্ৰতন্ত্ৰ।

বৰ্ণবাদ, ডাইনী বিশ্বাসৰ বিৰোধিতা কৰা বৃহৎসংখ্যক শিক্ষিত সমাজে তেন্তে কেনেকৈ আত্মাৰ দৰে নিৰ্মম বিশ্বাস এটাক অন্তৰত পোষণ কৰে?কেনেকৈ আত্মালৈ কৰা এনে হাজাৰটা নিৰ্দেশনাক উপেক্ষা কৰি ‘আত্মা'ৰ শান্তি কামনা কৰি যায় -

          -‘‘পতি-পুত্ৰহীন ৰমণীয়ে ৰন্ধা অথবা পৰিৱেশন কৰা অন্ন খালে ২১ বছৰ তপ্ত লৌহকুণ্ডত বাস কৰিব লাগিব।''

          -‘‘পুৰুষে ব্ৰাহ্মণক পতিব্ৰতা স্ত্ৰী দান কৰিলে চৈধ্যজন ইন্দ্ৰৰ সময় পৰ্যন্ত ইন্দ্ৰলোকত দিন-ৰাতি গণিকাৰ সংগসুখ ভোগ কৰিব।''

          এৰা, আধুনিক সময়ৰ আধুনিক মানুহৰ মনোজগত এক জটিল সাঁথৰ যেন লাগে। আমাৰ ভাবনাত- মৃত্যুৰ পাছত আত্মাৰ শান্তি কামনা নহয়, স্মৃতিবোৰ জীয়াই তুলিবলৈহে ভাল পোৱা উচিত।

RIP (Rest in Peace) নে MRA (Memories remain alive)? আপুনি বাৰু কি ভাবে?

Share Button
Print Friendly, PDF & Email

No Comments : "MRA-( ৰূপালীম দত্ত)"

Leave a Comment

Your email address will not be published. Required fields are marked *