মুক্তিৰ সংগ্রাম (অংকুৰ তামুলী ফুকন)

বাতৰিকাকতৰ স্থানান্তৰত দেখিলো, কৃষক মুক্তি সংগ্রাম সমিতিৰ সভাপতি আৰু ড° হীৰেন গোহাঁইৰ মাজত কৃষক মুক্তিৰ সংগ্রামত বুদ্ধিজীৱীৰ ভূমিকা সম্পর্কত বিতর্ক। ড° গোহাঁইৰ মতে সমিতিৰ সংগ্ৰামত তেখেতে দায়িত্বৱান বুদ্ধিজীৱীৰ ভূমিকা পালন কৰি আহিছে। সমিতিৰ সভাপতিয়ে ড° গোহাঁইৰ ভূমিকাক কৃতজ্ঞচিত্তে মানি লৈ কৈছে যে একাংশ বুদ্ধিজীৱীৰ ভূমিকা এই ক্ষেত্ৰত সমালোচনাত্মক সমর্থন হোৱাৰ পৰিবর্তে সমালোচনাত্মক বিৰোধিতা হোৱাহে পৰিলক্ষিত হৈছে। যিসকলক এই প্রশ্ন কৰা হৈছে সেইসকলে ইয়াৰ নিশ্চয় উত্তৰ দিব। মোৰ নিজৰ ধাৰণা — গগৈয়ে যি অৰ্থত বুদ্ধিজীৱীৰ কথা কৈছে, সেই অৰ্থত এওঁলোক বেছিভাগেই প্রকৃততে সমাজ জীৱনৰ ধাৰাভাষ্যকাৰ। অসমৰ বেছসংখ্যক বাতৰিকাকতৰ দৈনিক সম্পাদকীয় পৃষ্ঠা জীয়াই ৰাখিবৰ বাবে তৈয়াৰ হোৱা বা তৈয়াৰ কৰা এওঁলোকৰ মতামত কিমান দূৰ সেই প্রতিষ্ঠানসমূহৰ সেই মুহূর্তৰ আনুষ্ঠানিক পৰম্পৰাৰ (কাৰোবাক সমর্থন দিয়া-নিদিয়া অর্থত) বাহিৰত অৱস্থান কৰিব পাৰে – সেয়া সন্দেহজনক। এনে প্ৰাতিষ্ঠানিক অনুষ্ঠানসমূহৰ বাহিৰত সম্প্রতি কোনো বিকল্প অনুষ্ঠান নাই। যি দুই-এটা আছে সেইবোৰৰ আকৌ প্ৰাতিষ্ঠানিক হোৱাৰ কচৰৎ লক্ষণীয়। এনে এক পটভূমিত প্ৰাতিষ্ঠানিক অনুষ্ঠানসমূহত আটাইতকৈ গুৰুত্ব পোৱা সমিতিৰ বিৰুদ্ধে যদি দুই-এটা সমালোচনাত্মক বিৰোধিতা হৈছে সেইবোৰ সমিতিৰ বাবে মংগলজনকহে। এনেও ধাৰাভাষ্যকাৰসকলৰ সমিতিক লৈ বিৰোধিতা বা সমর্থন দুয়োটাই অত্যধিক নহয়। সমিতি ‘নিউজ’ হিচাপে যিমান ওলাইছে — সম্পাদকীয় পৃষ্ঠাত কিন্তু সেই একেধৰণৰ প্রতিনিধিত্ব পোৱা নাই। কিন্তু যোৱা সময়ছোৱাত লক্ষ্য কৰিলে দেখা যাব – অসমৰ বাতৰিকাকতৰ সম্পাদকীয় পৃষ্ঠাত মতামতসমূহৰ বিচিত্ৰৰূপ, দৃষ্টিকোণ লাহে লাহে কমি আহিবলৈ ধৰিছে। একধৰণৰ ‘ৰাইজ মানসিকতা' (Mob psyche অৰ্থত), একেধৰণৰ (singular) চিন্তাধাৰা আদিয়ে বোধহয় এইবোৰৰ মূল লক্ষণ হৈ পৰিছে। যিকোনো এটা বিষয়, এই ধৰক গুৱাহাটীত বানপানী — এই সম্পর্কতে পাঁচোটা ভিন্ন দৃষ্টিকোণৰ ধাৰাভাষ্য আমাৰ বাতৰিকাকতত পোৱা যায়নে? প্রশ্নটো ঠিক বিদ্যায়তনিক নহয়। এনেও মতামতসমূহৰ এক নিজস্ব আদর্শগত পৰিকাঠামো থাকেই। এটা উদাহৰণ দিয়া যাওক, ধৰক ৯০ৰ দশকত পৰাগ কুমাৰ দাস, দেৱব্রত শৰ্মা (আর্মকাৰ কৰ্মী — যিটো দলৰ সৈতে প্রথম পর্যায়ত আলফাৰ সংঘাত হৈছিল) আদিৰ সৈতে একে সময়তে ধেমাজিৰ কোনোবা প্রাথমিক বিদ্যালয়ৰ এজন শিক্ষকৰ আত্মনিয়ন্ত্রণ সম্পর্কত নিবন্ধ। নিশ্চয় তিনিওজনৰ মাজত চিন্তা, শ্রেণীচৰিত্ৰৰ (মানসিকতা/সাংস্কৃতিক অর্থতো) পার্থক্য লক্ষ্য কৰা যায় – কিন্তু ই একে সময়তে বিভিন্ন বৰ্গৰ প্রতিনিধিত্ব বা আদর্শগত পৰিকাঠামোটোৰ বৰ্গীয় বিস্তাৰ আৰু সেই বর্গসমূহৰ তাৰ নিজস্ব ধৰণৰ ৰূপ লোৱাৰ (appropriation) কথাও কয়। ইমানবোৰ সাংগঠনিক শক্তি, প্ৰচাৰ মাধ্যমৰ পাদপ্রদীপৰ তলত অহৰহ থাকিবলৈ সুযোগ পোৱাৰ পাছতো কৃষক মুক্তিৰ ক্ষেত্ৰত সেয়া কিয় হৈ উঠা নাই – ভাবিবলগীয়া কথা। মোৰ নিজৰ ধাৰণা, সমিতিৰ দলীয় ৰূপটোৰ বাহিৰত জনগণক (অৱশ্যেই ধাৰাভাষ্যকাৰসকলো ইয়াৰ অংশ) কোনো তাত্ত্বিক প্রপঞ্চ তৈয়াৰ কৰি দিব পৰা নাই – যাৰ ভিত্তিত এখন দীৰ্ঘম্যাদী বিপুলসংখ্যক জনগণৰ সংগ্রাম গঢ় লৈ উঠে।

এটা উদাহৰণ দিয়া যাওক। অসমৰ সংগ্রামী ৰাজনীতিলৈ কৃষক মুক্তিৰ ‘তাত্ত্বিক’ অৱদান কি? সভাপতি গগৈৰ ভাষ্য অনুসৰি প্রগতিশীল জাতীয়তাবাদ আৰু সাম্রাজ্যবাদ বিৰোধিতা — এই প্রশ্ন দুটাৰ সমন্বয় সাধন। কিন্তু প্রশ্ন হয়, তাত্ত্বিকভাৱে এই প্রশ্ন দুটা অসমৰ সংগ্রামী ইতিহাসত নতুন নে? ক'ব পাৰি, সত্তৰ দশকৰ পাছৰপৰাই এই তাত্ত্বিক সমন্বয়ৰ প্রশ্নটো অসমৰ বেছিভাগ জাতীয়তাবাদী মার্ক্সবাদী দল বা বুদ্ধিজীৱীৰ চিন্তাৰ মূল অংশ আছিল। CPI(M-L) দলৰ দুয়োটাভাগ (URMCA আৰু ASDC-কে ধৰি), সংযুক্ত যুৱ মৰ্চা আৰু অৱশেষত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ আৰু আলফা — এই আটাইবোৰে সাম্ৰাজ্যবাদ-বিৰোধিতা আৰু প্রগতিশীল জাতীয়তাবাদ অন্ততঃ তাত্ত্বিকভাৱে নিৰূপণ কৰিছিল। সেইফালৰপৰা সংগ্রাম সমিতিৰ বিশেষ তাত্ত্বিক অৱদান নাই। প্ৰায়োগিকভাৱে এনৰেগা আদিৰ দৰে প্রশাসনিক ইছ্যু কিছুমান লৈ সমিতিয়ে এক অৰ্থত বিভিন্ন জাতি-গোষ্ঠীক যোগাযোগ কৰিবলৈ সমর্থ হৈছিল, কিন্তু সেইবোৰ ‘জাতীয়তাবাদ’ৰ বাহিৰত হৈছিল — এইবোৰে ‘জাতীয়তাবাদ’ক কোনোধৰণে প্রশ্ন কৰিব পৰা নাছিল। প্রগতিশীল জাতীয়তাবাদ যদি তেওঁ এই অৰ্থত বুজাইছে তেনেহ’লে সেই অর্থও মই মানিবলৈ নাৰাজ। অন্যধৰণৰ “প্রগতিশীল জাতীয়তাবাদ" তেওঁলোকে অনুশীলন কৰা মোৰ চকুত পৰা নাই। এক অৰ্থত সকলো দলেই ইছ্যুভিত্তিক আন্দোলন কৰে, কিন্তু তাত্ত্বিক, মতাদর্শগত আধিপত্যইহে এটা দলৰ ভৱিষ্যৎ নিৰূপণ কৰে। অসম আন্দোলনৰ প্রায় ৩০ বছৰ পাছতো যদি তেওঁলোকৰ হাতত কোনো নতুন প্ৰশ্ন নাই বা অন্ততঃ সেইবোৰ নতুন ধৰণে নিৰূপিত কৰাৰ কোনো অনুশীলন নাই, সেয়া দল হিচাপে তেওঁলোকৰ ব্যর্থতা। বৰং তাৰ ঠাইত মই সমিতিৰ আৰু বিশেষকৈ সমিতিৰ সভাপতি গগৈৰ মাজত একধৰণৰ অস্থিৰতা দেখো। তাক বোধ হয় মার্ক্সীয় পৰিশব্দত পেটি-বুৰ্জোৱা অস্থিৰতা বুলি কোৱা হয়। মই ইয়াক অসমীয়া বাতৰিকাকতৰ গাত ভেঁজা দি ধাৰাভাষ্যকাৰৰ অস্থিৰতা বুলি ক’ম – অসমৰ সমাজজীৱনৰ সকলো ঘটনা, পৰিঘটনাতে নিজকে প্রতিনিধিত্ব কৰাৰ অস্থিৰতা। ধাৰাভাষ্যকাৰসকলে এইবোৰ কৰিলে ভাল শুনি, কিন্তু এটা দলৰতো কোনো এটা ঘটনা-পৰিঘটনাৰ সৈতে নিজকে জড়িত কৰাৰ এক নিদিষ্ট দীর্ঘম্যাদী লক্ষ্য-উদ্দেশ্য থকা প্রয়োজন৷ মই নাভাবো, সমিতিৰ ক্ষেত্ৰত সেয়া হৈ উঠিছে, বৰং ধাৰাভাষ্যকাৰসকলৰ দৰেই তেওঁলোকেও প্রচাৰ মাধ্যমৰ জোৱাৰত উঠিছে আৰু যেতিয়া নামিছে ইছ্যুতো আৰু মনত ৰখা নাই।

এটা দলৰ মতাদর্শগত সংগ্রামে প্ৰচাৰ মাধ্যমক প্রভাৱিত কৰা প্রয়োজন, কিন্তু সমিতিৰ ক্ষেত্ৰত ঠিক ওলোটাটো হৈছে। প্ৰচাৰ মাধ্যমৰ মতাদর্শ সমিতিৰ মতাদর্শ হৈছে। এটা উদাহৰণ দিওঁ। জি এছ ৰ'ড কাণ্ডত সংগ্রাম সমিতিৰ সভাপতিয়েও এটা বিশেষ ভূমিকা লৈছিল। এটা বৈদ্যুতিন মাধ্যমে যে ঘটনাটো উচটনি যোগাইছিল সেইটো তেওঁ প্রমাণ কৰিবলৈ যত্ন কৰিছিল। ভাল কথা। কিন্তু জি এছ ৰ'ড কাণ্ডই আমাক কিবা শিক্ষা দিলেনে? মতাদর্শগতভাৱে নতুন প্রশ্ন তোলা হ’লনে? নাৰীক মদ খোৱাৰ কাৰণে পুলিচ থানাত মাৰপিট কৰা, বাট হেৰুওৱা অন্য ৰাজ্যৰ এগৰাকী নাৰীক কু-চৰিত্ৰ বুলি গুৱাহাটীৰে এটা অঞ্চলৰ (গুৱাহাটীৰ নিজৰাপাৰা?) ‘সচেতন' অসমীয়া মহিলাই মাৰপিট কৰা আদিৰ দৰে ঘটনা অসমীয়া জাতীয়তাবাদী দৃষ্টিকোণৰপৰা ‘অসমীয়া নাৰী ধবংস হ’ল’-জাতীয় শ্ল’গানৰে চলাই থকা হৈছে। অর্থাৎ, অপৰাধী হৈছে নির্যাতিত নাৰীগৰাকী, নির্যাতন কৰাসকল নহয়। জি এছ ৰ'ড কাণ্ডৰ শেষ ফল কি? ‘ছোৱালীজনী বেয়া হ’লেও তাইক এনেকৈ অত্যাচাৰ কৰা উচিত হোৱা নাই’ – মই ভাবো ইমানেই। কিন্তু মতাদর্শগত প্রশ্নটো কি হোৱা উচিত আছিল, মহিলাই মদ খাব নে নাখাব, কি কাপোৰ পিন্ধিব, বিয়া কৰাব নে নকৰাব, সন্তান জন্ম দিব নে নিদিয়ে – এইবোৰ সম্পৰ্কত সকলো সিদ্ধান্ত তেওঁ নিজে লোৱাৰ অধিকাৰ। অন্যৰ কথা বাদেই দিলো — ড° হীৰেন গোহাঁইৰ নিচিনা ব্যক্তিয়ে গুৱাহাটীত প্রথমবাৰৰ বাবে হোৱা ‘সমকামী সমদল’ক এইবোৰ নিঃসংগ পাশ্চাত্যৰ বস্তু বুলি তুচ্ছ-তাচ্ছিল্য কৰি উৰাই দিছিল। এতিয়া ড° গোহাঁইক বুজায় কোনে — যে দুয়োটা ঘটনাই এটা আনটোৰপৰা বিচ্ছিন্ন নহয়, সমকামী আন্দোলনক সমর্থন নকৰাকৈ জি এছ ৰ'ডৰ নাৰীগৰাকীক অপমানিত হোৱাৰ পৰা ৰক্ষা কৰা নাযায়? সংগ্রাম সমিতিৰ ক্ষেত্ৰত দেখিলো — তেওঁলোকৰ মাজত মতাদর্শগত সংগ্ৰামৰ অনুশীলন একেবাৰে নাই, ফলত তেওঁলোকৰ কাম-কাজসমূহৰ স্থায়ী মতাদর্শগত প্ৰভাৱ দেখিবলৈ পোৱা নাযায়। অন্য এটা উদাহৰণ দিওঁ। গুৱাহাটীৰ পাহাৰত থকা দুখীয়া মানুহখিনিৰ কথা। এওঁলোকৰ প্রাপ্য সম্পৰ্কত সমিতিয়ে যথেষ্ট কাম-কাজ কৰিছে, কিন্তু ক’তো বিষয়টো মতাদর্শগতভাৱে নিৰূপিত কৰাৰ চেষ্টা নহ’ল। যিকোনোধৰণৰ বামপন্থী সংগ্রাম আৰম্ভ হয় ‘দুখীয়াক দান দিয়া' – এই ধাৰণাটোক প্রশ্ন কৰি, কিন্তু সমিতিৰ ক্ষেত্ৰত দেখা গ’ল দুখীয়াৰ দান লোৱাৰ প্রাপ্য – এইধৰণৰ চিন্তা এটাৰ মাজতে কথাটো থাকি গ'ল। সমিতিৰ উপদেষ্টা দেৱেন দত্তই যেতিয়া অলপতে হোৱা চৰকাৰী উচ্ছেদৰ সমৰ্থন কৰিলে – তেতিয়া প্রশ্নটো জটিল হৈ পৰিল। মই গুৱাহাটীৰ পাহাৰৰ ৰাইজৰ সংগ্রামক সমর্থন কৰোঁ, কিন্তু ভৱিষ্যৎ সম্পর্কত সামান্য আনুষংগিক ধাৰণা নথকাকৈ কেৱল অসমীয়া বাতৰিকাকতৰ দৰে চৰকাৰক শ’লঠেকত পেলোৱাৰ কূট-কৌশল চলালেই নহ’ব। কিছু দায়িত্বশীলতাৰে সমস্যা এটা তাৰ সামগ্ৰিকতাৰে আলোচনা নকৰিলে শ্ৰেণীৰ প্ৰশ্নটোৱেই ধূসৰ হৈ পৰাৰ সম্ভাৱনা থাকে। হ’ব লাগিছিল – পৰিবেশ, প্রশাসনিক অধিকাৰৰ ভিত্তিত সকলোকে লৈ এখন মতাদর্শগত সংগ্রাম। কিন্তু পাহাৰৰ ৰাইজৰ কথা কৈয়ে গোটেই কথাবোৰ সীমাবদ্ধ কৰি দিয়া হ’ল। আমি যিসকলে সংগ্রাম সম্পর্কত সামান্য অধ্যয়ন কৰিছোঁ – জানো, ৰাজপথত দহ হাজাৰ মানুহৰ প্রতিবাদতকৈ গুৰুত্বপূৰ্ণ মতাদর্শ হিচাপে এটা প্রশ্ন সমাজত কিদৰে থিয় কৰোৱা হৈছে। সমিতিৰ ক্ষেত্ৰত দেখা গৈছে, সংসদীয় পন্থীৰ দৰে আচৰণ – ৰাজপথত কিমান হাজাৰ মানুহ হ’ল ? মেজৰিটি ভাৰতীয় সংসদৰ বস্তু, বামপন্থীৰ ইয়াক লৈ কি কাম? পৰিবেশ আৰু ইয়াত শ্ৰেণীৰ প্রশ্ন কৃষক মুক্তিয়ে উত্থাপন কৰিছিল, কিন্তু পাছত দেখা গ’ল – এই প্রশ্নটো ব্যাপক হৈ নাথাকিল। বৃহৎ বান্ধৰ ইছ্যুটো উঠোৱা হ’ল, কিন্তু সমিতিয়ে অনাৰ দৰে ইয়াকো ‘জাতীয়তাবাদী’ ধৰণে উত্থাপন কৰিলে, কিন্তু ডাঙৰ সুবিধা আছিল ইয়াক Civil libertiesঅৰ দৰে ইছ্যুৰ সৈতে একলগ কৰি শ্রেণীগত প্রশ্নটোক নতুন ধৰণে নিৰূপিত কৰিব পৰা গ'লহেঁতেন আৰু তেনেহ’লে ই ‘আলফা’ধৰণৰ সাম্রাজ্যবাদ-বিৰোধী তত্ত্বতকৈ অন্ততঃ বেলেগ হ’লহেঁতেন। কিন্তু সেইবোৰ কৰা নগ'ল, বৰং অৱস্থা এনেকুৱা আহি পালেহি, নিজৰ প্রভাৱ-সন্মান ৰক্ষাৰ নামত হোৱা নির্বাচনত বিজেপিক সমর্থন কৰিব পৰা হ'ল। গণতান্ত্রিক আন্দোলনৰ নিশ্চয় অনেক সীমাবদ্ধতা আছে, পিছে সেইবুলি বিজেপিৰ দৰে দলক সমর্থন কৰি তেওঁলোকে কেনেকুৱা প্রগতিশীল জাতীয়তাবাদৰ নমুনা প্রদর্শন কৰিলে!

সমিতিৰ ক্ষেত্ৰত যিটো প্রধান সমালোচনা, আৰু প্ৰায়ে শুদ্ধ সমালোচনা শুনা যায়, সেইটো হ’ল অখিল গগৈৰ নেতৃত্ব। সমিতিৰ বাহিৰে-ভিতৰে তেওঁৰ বাহিৰে যেন আৰু নেতা নাই। কিন্তু যিসকলে ভাবে, সমিতিলৈ দ্বিতীয় বৰ্গৰ নেতৃত্বধাৰী (second rank leadership) আহিলেই সমস্যাটোৰ সমাধান হৈ যাব, সেইটোকো মই ভুল বুলি ভাবো। প্রকৃত গণতন্ত্ৰৰ অনুশীলন নোহোৱাকৈ পৰিকাঠামোৰে একো কৰিব নোৱাৰে। মই সমিতিক অসমৰ পটভূমিত বাঁওপন্থী দল বুলিয়েই ধৰি লৈছো। যদি তেওঁলোক বাঁওপন্থী দল হয় — তেনেহ’লে মার্ক্সবাদী অভিজ্ঞতা, বিশ্বৰ বিভিন্ন স্থানত গঢ় লৈ উঠা গণতান্ত্রিক সংগ্রামৰ যিবোৰ তাত্ত্বিক পৰীক্ষা-নিৰীক্ষা হৈছে, সেইবোৰ লৈ তেওঁলোক কিমান সচেতন বা সেইবোৰক লৈ তেওঁলোকৰ মাজত কিধৰণৰ অনুশীলন হৈছে? এটা সময়ত নেপালৰ মাওবাদী সংগ্রামখনে আমাক কিছুমান আশাৰ বাতৰি দিছিল। মই নিজে তেওঁলোকৰ যিটো শুনি ভাল পাইছিলোঁ সেইটো আছিল বহুদলীয় গণতন্ত্রত সংগ্রাম কৰাৰ কৌশল। তাৰ কাৰণ আছিল মার্ক্সবাদী ৰাজনীতিৰ এক বিৰাট তাত্ত্বিক-প্ৰায়োগিক সমস্যা – শ্রমিক শ্রেণীৰ একনায়কত্ববাদ প্রতিষ্ঠাৰ নামত এটা সময়ত পার্টি বা পাৰ্টিৰ নেতাৰ একনায়কত্ববাদ প্রতিষ্ঠা হয়গৈ। ৰ’জা লুক্সেমবার্গে তাহানিতে প্রশ্ন কৰিছিল — ‘নেতাক শিকলি লগাব কোনে?’ এই সমস্যাৰ বিভিন্নধৰণৰ সমাধানসূত্র ভবা হৈছে — শেহতীয়াকৈ বাংলাদেশ, অতি সাম্প্রতিক যাদৱপুৰ বিশ্ববিদ্যালয়ত ‘নেতাবিহীন’ প্রতিবাদ আদিত এই সমস্যাটোৰ সমাধানৰ চিন্তা-ৰ্চচা আছে। নাৰীবাদী চিন্তা-চৰ্চাসমূহেও এইক্ষেত্ৰত প্রভূত অৰিহণা যোগাইছে। মই ব্যক্তিগতভাৱে ভাবো – নাৰীবাদী ধ্যান-ধাৰণাবোৰৰ অনুশীলন পার্টি গণতন্ত্ৰ তৈয়াৰ কৰাত সহায়ক হৈ উঠিব পাৰে। কিন্তু দেখা গৈছে, পৰম্পৰাগত মার্ক্সবাদী দলবোৰ নাৰীমুক্তিৰ প্রশ্নত চৰিত্ৰগতভাৱে জাতীয়তাবাদী বা সাম্প্রদায়িক দলসমূহৰ সৈতে প্রায় একেই। কৃষক মুক্তিৰ নাৰী সংগঠন এটা আছে। তেওঁলোকে কি কাম কৰে? নে পুৰণা জাতীয়তাবাদীৰ দৰে তেওঁলোকে নাৰী স্বাধীনতাৰ নামত অর্থনৈতিক স্বাধীনতাৰ প্রশ্নতে সীমাবদ্ধ থাকে : দেহ, দেহজনিত যিবোৰ মতাদর্শ নাৰীৰ ওপৰত নিৰূপণ কৰা হয় (একে সময়তে পুৰুষৰ ওপৰতো) সেইবোৰৰ বিষয়ে তেওঁলোকে মাত মাতিছেনে? মই ‘পুৰুষ’ ইয়াক লৈ গৌৰৱ কৰাতকৈ, ই যে (আমোলাতন্ত্ৰও ইয়াৰে অন্তর্গত) ৰাজনৈতিকভাবে অশুদ্ধ – এইধৰণৰ চিন্তা-চর্চা কৰিব পৰাকৈ তেওঁলোক সচেতননে ? পুৰুষতন্ত্ৰৰ বিৰুদ্ধে সচেতন অনুশীলন নোহোৱাকৈ নেতাৰ আমোলাতন্ত্ৰৰপৰা দল এটাক ৰক্ষা কৰা যায় নে নাযায় – ভাবি-গুণি চোৱা উচিত। সমিতি এতিয়াও পাৰ্টিলৈ ৰূপান্তৰিত হৈ উঠা নাই। পার্টি হ’লে নিশ্চয় কিছুমান চৰিত্রগত পার্থক্য লক্ষ্য কৰা যাব। কিন্তু এই প্রশ্নবোৰ বা এই প্রশ্নবোৰৰ ফলত তৈয়াৰ হোৱা ৰাজনৈতিক-সংস্কৃতি লৈ নগ’লে — সমিতি পার্টি হ’লে, সি নতুন বটলত পুৰণা মদ হৈয়ে নাথাকিবনে?

(লেখক চেন্টাৰ ফৰ ষ্টাডিজ ইন ছ’চিয়েল ছায়েন্সেছ, কলিকতাৰ গৱেষক ছাত্ৰ, ই-মেইল-ankurtamuli@gmail.com, প্ৰবন্ধটো দৈনিক জনমভূমিৰ ১০ অক্টোবৰ,২০১৪ সংখ্যাত প্ৰকাশিত।)

 

ইউনিকোড ৰূপান্তৰ: সুদৰ্শন বৰবড়া

 

Share Button
Print Friendly, PDF & Email

No Comments : "মুক্তিৰ সংগ্রাম (অংকুৰ তামুলী ফুকন)"

Leave a Comment

Your email address will not be published. Required fields are marked *