বিশ্বাস-অবিশ্বাস

মুক্ত মনৰ খিৰিকি খুলি-(সীমা ভূঞা)

‘মুক্ত মন’ বা ‘মুক্ত চিন্তা’ক এক নিৰ্দিষ্ট সংজ্ঞাত আবদ্ধ কৰাটো জটিল। সাধাৰণ দৃষ্টিৰে চালে, অন্য কোনো কাৰকৰদ্বাৰা প্ৰৰোচিত নহৈ সম্পূৰ্ণৰূপে নিজা যুক্তি আৰু বিচাৰ-বিবেচনাৰে প্ৰতিটো কথা ফঁহিয়াই চাব পৰাৰ আগ্ৰহ আৰু ক্ষমতা থকাজনকে মুক্ত মনৰ অধিকাৰী বুলি বুলি ক’ব পাৰি। অৰ্থাৎ, ভয়-সংকোচ, বিভিন্ন প্ৰকাৰৰ প্ৰত্যাহ্বান আদিকো নেওচি, সোঁতৰ বিপৰীত দিশত অৱস্থান লৈ হ’লেও মুক্ত মনৰ অধিকাৰী এজন লোকে মুকলিভাৱে সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে। আদিম অৱস্থাৰপৰা আহি সমাজ-সভ্যতাই আজি এক উন্নয়নশীল অৱস্থাত উপনীত হৈছে। বিজ্ঞান-প্ৰযুক্তিবিদ্যাৰ বিকাশে আজি চূড়ান্ত শিখৰত আৰোহণ কৰিছে। অথচ, আজিও মানৱ সমাজে মুক্ত চিন্তাক আকোঁৱালি লৈ এখন সুস্থ প্ৰগতিশীল সমাজ গঠন কৰিব পৰা নাই। তাৰ বিপৰীতে বহু ক্ষেত্ৰত অপ্ৰয়োজনীয় কিছুমান এলান্ধুকলীয়া ধ্যান-ধাৰণাকে সাবটি মানৱ সমাজে কাৰ্যতঃ পশ্চাদমুখী গতিহে কৰিছে। লক্ষণীয়ভাৱে সমাজত উচ্চশিক্ষিতৰ হাৰ বৃদ্ধি হোৱাৰ অনুপাতে উদ্বেগজনকভাৱে বৃদ্ধি পাই আহিছে অন্ধবিশ্বাস-কুসংস্কাৰবোৰ। একেদৰে, বিজ্ঞানৰ উচ্চ ডিগ্ৰীধাৰীৰ সংখ্যা বৃদ্ধি পোৱাৰ সমান্তৰালভাৱে বিজ্ঞানসন্মত মানসিকতাৰ অধিকাৰী লোকৰ সংখ্যা হ’লে বৃদ্ধি পোৱা নাই। সেয়ে এই আলোচনাত যুক্তিবাদ, বিজ্ঞানমনস্কতা আদিৰ দৰে তাত্ত্বিক দিশত আলোকপাত কৰাৰ পৰিৱৰ্তে আমাৰ সমাজত সততে পৰিলক্ষিত হোৱা কিছুমান অন্ধবিশ্বাস, অযুক্তিকৰ আৰু অবৈজ্ঞানিক কাম-কাজৰ দুটামান উদাহৰণ দি আমি কিদৰে মনৰ খিৰিকি খুলি মুক্ত চিন্তাক আঁকোৱালি ল’ব পাৰোঁ, তাৰ এক আভাস দিয়াৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে, নতুন প্ৰজন্মক বিশেষভাৱে এই দিশত সজাগ-সচেতন কৰি তোলা।

সম্প্ৰতি সৰ্বত্ৰ চৰ্চিত এটা বিষয় হৈছে অন্ধবিশ্বাস। বাস্তৱিক বিজ্ঞান শিক্ষাৰ অভাৱেই অন্ধবিশ্বাসৰ মূল কাৰণ। লক্ষণীয় কথাটো হ’ল, বৰ্তমান সমাজৰ প্ৰায়সকল জনা-বুজা লোকেই নিজকে অন্ধবিশ্বাসৰ বিৰোধী বুলি ক’ব বিচাৰে। কিবা এটা নঘটিবলগীয়া ঘটনা ঘটি যোৱাৰ পিছত দেখাক দেখি অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰোধিতা কৰিবলৈও যায়। কিন্তু নিজেও যে তেনে এসোপামান অন্ধবিশ্বাসকে কঢ়িয়াই ফুৰে, সেইটোলৈহে মন-কাণ নিদিয়ে। মই নিজেও এনে এখন সংকীৰ্ণ গণ্ডীৰ সমাজৰপৰাই ওলাই আহিলেও, গৌৰৱেৰে ক’ব পাৰোঁ যে নিজৰ ঘৰখনত সৰুৰেপৰাই বিজ্ঞানমনস্ক চিন্তাৰ পৰিৱেশ পাইছিলোঁ। বিশেষকৈ মোৰ পিতৃয়ে সৰুৰেপৰাই ঈশ্বৰৰ অস্তিত্ব, ভূত-প্ৰেতৰ অৱস্থিতি, বেজ-বেজালি, আত্মা-পৰমাত্মাৰ ধাৰণা আদি সম্পৰ্কত যুক্তিৰ সহায়ত মুকলি মনেৰে চিন্তা কৰাৰ সুযোগ দিছিল। যুক্তিবাদী লেখকৰূপে খ্যাত দেৱকান্ত সন্দিকৈ, শিৱনাথ বৰ্মন আদিৰ কিতাপৰ লগত কম বয়সতেই চিনাকি কৰাই দিছিল। সেয়ে হয়তো অন্ধবিশ্বাস-কুসংস্কাৰেৰে পোত খাই থকা এখন সমাজৰ প্ৰতিনিধি হৈয়ো সম্পূৰ্ণৰূপে নিজা যুক্তিৰে পৰিচালিত হোৱাৰ ক্ষেত্ৰত বিশেষ সমস্যাৰ সন্মুখীন হোৱা নাছিলোঁ।

এতিয়াও মনত পৰে শৈশৱ-কৈশোৰৰ সেই দিনবোৰলৈ। শৈশৱত প্ৰত্যক্ষ কৰিছিলোঁ, ঘৰৰ ওচৰ-পাঁজৰৰ কোনোবা মানুহ ঢুকালে সন্ধিয়াৰপৰাই কাঁহ পৰি জীণ যোৱা এক নীৰৱতাই চৌপাশ বিৰাজ কৰিছিল। কিবা এক অজান ভীতি আৰু আশংকাই যেন সকলোকে খেদি ফুৰে। আমাৰ দৰে কণমানিবোৰতো বাদেই, চুবুৰিৰ জ্যেষ্ঠসকলেই বাহিৰলৈ ওলোৱা-সোমোৱা কৰিবলৈ ভয় কৰে। তেনে সময়তে মানুহক দেখুৱাবলৈ ভাইটি আৰু মোৰ টিঘিলঘিলনি বেছি হয়। আমাৰ সৰু মনটোত এই ভাব – সকলোৱে দেখক যে আমি প্ৰেতাত্মালৈ ভয় নকৰোঁ। ওচৰৰ দুই-এক ভয়াতুৰে মানুহ ঢুকুৱাৰ দিনকেইটাত প্ৰেতাত্মাৰ (?) অৱস্থিতিৰ উমান পোৱাৰ মুখৰোচক কাহিনীবোৰ বিয়পাই দিয়ে। হয় প্ৰেতাত্মাই ৰাতিটো কটপ্ কটপ্কৈ ঘৰৰ ইফালৰপৰা সিফাললৈ খোজ কাঢ়ি ফুৰে, নহ’লেবা অচিন বেজাৰত কৰুণ-কাতৰ কণ্ঠেৰে নিশাৰ নিৰ্জনতা ভেদি হিয়ালি-জিয়ালিকৈ বিননি জুৰে। সেই মানুহসকলেই চোতালৰ সন্মুখৰ প্ৰকাণ্ড বৰগছজোপাত সুদৰ্শন-সুপুৰুষ ‘বুঢ়া ডাঙৰীয়া’ই শুধ বগা সাজেৰে মূৰত পাগুৰিৰে সুসজ্জিত হৈ থকা দেখা পায়। বুঢ়া-মেথাসকলৰ মুখতো ভূতৰ কত যে ৰসাল কথা! ৰাতি মাছ মাৰিবলৈ যাওঁতে কোনোবা দাইটিয়ে বাটতে বাঁকক লগ পাই যুঁজ-বাগৰ কৰা, নিশা বাহিৰ ফুৰিবলৈ যাওঁতে কোনোবা আইতাৰ গাত পিশাচ লাগি অহা, শূন্যতে ভম্ভমকৈ একুৰা জুই ওপঙি ফুৰা, যখ-যখিনীয়ে কাৰোবাৰ সৰু ল’ৰা-ছোৱালীক ঘৰত কোনো নথকাৰ সুযোগত চুৰ কৰি নি গছৰ ওপৰত তুলি থৈ কেঁচা মাছেৰে আপ্যায়ন কৰা আদি কাহিনীবোৰে আমাৰ শিশু মনক ভবাই তুলিছিল। আমি সৰু ল’ৰা-ছোৱালীবোৰে সাধুকথাৰ দৰে মুখ মেলি এইবোৰ কাহিনী শুনিছিলোঁ। কিন্তু পিছমুহূৰ্ততে ভূত-প্ৰেতৰ ভয়ক হাঁহি উৰুৱাই দিবলৈও শিকিছিলোঁ। কাৰণ, তেতিয়াই আমি জানিছিলোঁ যে ভয়ৰ ফলত সৃষ্ট মনৰ ভ্ৰমেই ভূত। আচৰিত হওঁ, আমাৰ ঘৰৰ বাৰীত থকা সেই পুৰণি প্ৰকাণ্ড জৰীগছজোপা কাটিবলৈ দেউতাক যে কিমান মানুহে কাবৌ-কোকালি কৰিছিল। জৰীগছত হেনো কিবা অপদেৱতাই বাস কৰে। পিছে, আমাৰ ঘৰৰ কোনেও তিলমানো তেনেবোৰ কথালৈ কৰ্ণপাত নকৰাৰ বাবেই আজিও সেইজোপা জৰীগছ সগৌৰৱে থিয় দি আছে। সৰুতে কথাবোৰ ইমান গভীৰভাৱে বুজা হোৱা নাছিলোঁ যদিও এটা কথা ঠিকেই বুজিছিলোঁ, মানুহ মৰাৰ পিছত তেওঁৰ একো অস্তিত্ব বাকী নাথাকে। মাথোঁ জীৱিত কালত কৰি যোৱা কৰ্মৰ জৰিয়তেহে এজন মানুহৰ অস্তিত্ব পিছৰ প্ৰজন্মই জীয়াই ৰাখে। তেনে ক্ষেত্ৰত আত্মাৰ (?) সদ্গতিৰ অৰ্থে পতা মাংগলিক ক্ৰিয়া-কৰ্মবোৰ মনৰ সন্তুষ্টিৰ বাদে এক অৰ্থহীন কাৰবাৰ। জীৱিত কালত বৃদ্ধ পিতৃক লেইলেই-চেইচেই কৰা পুত্ৰ-বোৱাৰীয়ে সেই পিতৃৰ মৃত্যুৰ পিছত আদ্যশ্ৰাদ্ধ পাতি ৰাইজক বৰভোজ খুওৱা তথা পিতৃৰ সোঁৱৰণত চলন্ত ট্ৰফিৰে প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা আয়োজন কৰাৰ দৰে কাৰ্যৰ সাৰ্থকতা কিমান, বুজি উঠিছিলোঁ।

শৈশৱ-কৈশোৰৰ সময়ছোৱাত প্ৰচুৰ গ্ৰন্থ অধ্যয়নৰ অভ্যাস গঢ়ি উঠিছিল। নিৰ্বিচাৰে হাতত পৰা সকলোবোৰ কিতাপেই গোগ্ৰাসে পঢ়ি যোৱাৰ মাজতে প্ৰগতিশীল চিন্তাৰ কিছুমান কিতাপ পঢ়িবলৈ পোৱাটো মোৰ বাবে পৰম সৌভাগ্যৰ কথা আছিল। সেই সময়তে মোক প্ৰভাৱিত কৰা নিৰুপমা বৰগোহাঞিৰ এক অভিজ্ঞতা এই প্ৰসংগতে উল্লেখ কৰিব বিচাৰিছোঁ। লেখিকাই তেওঁৰ আত্মজীৱনী ‘বিশ্বাস আৰু সংশয়ৰ মাজেদি’ত উল্লেখ কৰিছিল যে তেওঁ প্ৰতিবাৰেই শ্ৰেণীত প্ৰথম হোৱাৰ বিপৰীতে লগৰ অনেকে সৰস্বতী দেৱীৰ আৰাধনাত সকলো উছৰ্গা কৰিও ভাল ফলাফল দেখুৱাব পৰা নাছিল। প্ৰকৃততে সৰস্বতীৰ আশীষধন্য হৈ নহয়, নিজা অধ্যয়ন-অধ্যৱসায়ৰদ্বাৰাহে যে পৰীক্ষাত সফল হ’ব পাৰি; তাকে প্ৰমাণ কৰিবলৈ তেওঁ এবাৰ সৰস্বতী পূজাৰ মূৰ্তিটোক ভৰিৰে আঘাত কৰিছিল অৰ্থাৎ আমাৰ ভাষাত ‘গোৰ’ মাৰিছিল। পিছে, অন্যবাৰৰ দৰে স্বাভাৱিকতে সেইবাৰো তেওঁ শ্ৰেণীত প্ৰথম হৈছিল। ব্যক্তিগতভাৱে মই নিজেও বিশ্বাস কৰোঁ হেম বৰুৱাৰ সেই বিখ্যাত উক্তি – ‘সৰস্বতী পূজা কৰি জ্ঞানী হোৱাতকৈ দুখন কিতাপ পঢ়াটো ভাল, সৰস্বতী পূজাত টকা খৰচ কৰাতকৈ সেই টকাৰে গাঁৱে-ভূঞে পুথিভঁৰাল সজা বেছি ভাল।’

সমাজৰ সাধাৰণ শ্ৰেণীৰ কথা কি ক’ম, উচ্চশিক্ষিতসকলেই দেখোন বিজ্ঞানমনস্ক চিন্তাৰে পৰিচালিত হ’ব নোখোজে। নহ’লেনো বাতৰি-কাকতখন হাতত পৰাৰ লগে লগে বাতৰিৰ শিৰোনামত চকু ফুৰায়েই দ্বিতীয় পৃষ্ঠাৰ সেই নিৰ্দিষ্ট চুকটোত থকা ৰাশিফলৰ শিতানটোলৈ চকু নিয়েনে? (ক’ত জানো পাইছিলোঁ, আমেৰিকাৰ কোনোবা এটা বৈজ্ঞানিক সংস্থাই কাকতত ৰাশিফল প্ৰকাশ কৰাটো বন্ধ কৰিবলৈয়েই নিদেৰ্শনা জাৰি কৰিছিল। পাঠককো ৰাশিফলক বিশ্বাসত নলৈ কেৱল মনোৰঞ্জনৰ বাবে পঢ়িবলৈ আহ্বান জনাইছিল।) তেওঁলোকে উচ্চশিক্ষাৰে শিক্ষিত হোৱাৰ পিছতো নিজৰ ভৱিষ্যতৰ বিষয়ে জানিবলৈ হাবাথুৰি খাই ইজনৰ পিছত সিজন জ্যোতিষীক হাতৰ ৰেখা দেখুৱাই তত্ নাপায়। তদুপৰি হাতৰ দহো আঙুলি হৰেক ৰকমৰ পাথৰ, মণি-মুক্তাৰ আঙুঠিৰে ভৰাই পেলায়। গোটেই সৌৰজগতখনকে পাৰিলে নিজৰ হাতৰ আঙুলিত ধাৰণ কৰিব বিচৰাসকলক দেখিলে নিজকে কিবা সামন্তযুগীয় সমাজ এখনত বাস কৰাৰ দৰেহে লাগে। সেইসকলক ক’বৰ মন যায় – নিৰ্জীৱ পদাৰ্থ এটুকুৰাই মানুহৰ ‘ভাগ্য’ক নিয়ন্ত্ৰণ কৰিব নোৱাৰে; হাতৰ ৰেখাবোৰ হাতখন সংকোচন-প্ৰসাৰণৰ বাবেহে সৃষ্টি হৈছে, ভাগ্য লিখি থোৱাৰ বাবে নহয়।

সৌ তাহানিৰ মধ্যযুগতে ৰচিত হোৱা জ্যোতিষ শাস্ত্ৰকেইখনৰ যে বৈজ্ঞানিক ভিত্তি নাই, সেয়া ইতিপূৰ্বে প্ৰমাণিত হৈ গৈছে। মন কৰিবলগীয়া যে জ্যোতিষত পৰৱৰ্তী কালত আৱিষ্কৃত ইউৰেনাছ, নেপচুন আদি গ্ৰহৰ নাম-গোন্ধেই নাই, তাৰ পৰিৱৰ্তে ৰাহু-কেতু নামৰ কাল্পনিক গ্ৰহৰহে সঘন উল্লেখ আছে। জ্যোতিষত সূৰ্য নক্ষত্ৰ নহয়, গ্ৰহহে। প্ৰকৃততে জ্যোতিষশাস্ত্ৰ ৰচিত হোৱা সময়লৈকে সূৰ্যক নক্ষত্ৰ বুলি আৱিষ্কাৰ কৰাই হোৱা নাছিল। প্ৰশ্ন হয়, গ্ৰহ-নক্ষত্ৰই যদি ইমানেই মানুহৰ ওপৰত প্ৰভাৱ পেলায়; তেন্তে বিশ্বব্ৰহ্মাণ্ডৰ ইমানবোৰ গ্ৰহ-নক্ষত্ৰৰ ভিতৰত নিৰ্দিষ্ট কেইটামান গ্ৰহইহে প্ৰভাৱ পেলায়, বাকীবোৰে নেপেলায় কিয়?

উচ্চশিক্ষাৰ প্ৰতিষ্ঠান তথা উচ্চশিক্ষিতৰ মাজত অন্ধবিশ্বাস আৰু কু-সংস্কাৰে কেনে পৰ্যায় পাবগৈ পাৰে, তাৰ এখন জ্বলন্ত ছবি সৌ সিদিনা পোহৰলৈ আহিছে। অসমৰে এখন মহাবিদ্যালযৰ অধ্যক্ষই তেওঁৰ দহগৰাকী সহকৰ্মী আৰু এগৰাকী কৰ্মচাৰীৰ নামত তান্ত্ৰিকৰ সহায়ত মহাবিদ্যালয়ৰ চৌহদত সেন্দূৰ, তেল আদি সামগ্ৰী কু-মন্ত্ৰৰ (?) সহায়ত পুতি থোৱাৰ খবৰ পাইছিলোঁ। পিছত কথাটো ৰাজহুৱা হ’লত অধ্যক্ষগৰাকীয়ে নিজেই এই ঘটনাৰ সত্যতা স্বীকাৰ কৰি এখন পত্ৰযোগে নিজৰ ভুল স্বীকাৰ কৰিছিল। এখন মহাবিদ্যালয়ৰ অধ্যক্ষৰ এনে মানসিকতা নিশ্চিতভাৱে গৰিহণাযোগ্য। লগতে তেওঁৰ সেইসকল সহকৰ্মী শিক্ষক, যিসকলে অধ্যক্ষগৰাকীৰ এই কাৰ্যৰ বিষয়ে অৱগত হৈ পুনৰ তান্ত্ৰিক আনি মন্ত্ৰ খণ্ডনৰ দিহা কৰাইছিল, সেইসকলৰ মানসিকতাও কম পুতৌজনক নহয়। উচ্চশিক্ষিতৰ মাজতে তথা খোদ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানতে যদি এনেধৰণৰ ধ্যান-ধাৰণাবোৰ শিপাই থাকে; তেন্তে আমাৰ শিক্ষাব্যৱস্থা আৰু সমাজব্যৱস্থা প্ৰকৃততে কোনফালে গতি কৰিছে, সেয়া সঁচাই ভাবিবলগীয়া হৈ পৰিছে।

এতিয়া আহোঁ পৰম্পৰাৰ কথালৈ। সমাজত পূৰ্বৰপৰা চলি আহিছে বুলিয়েই বাছ-বিচাৰ নকৰাকৈ সকলো পৰম্পৰা কঢ়িয়াই লৈ ফুৰাটো বিজ্ঞানমনস্ক লোকৰ লক্ষণ নহয়। শিক্ষাৰ সম্প্ৰসাৰণ তথা বিজ্ঞান-প্ৰযুক্তিৰ বিকাশ নোহোৱা কালৰপৰাই কিছুমান বিশ্বাস অনাখৰী লোকসকলৰ মাজত প্ৰবাহিত হৈ আহিছিল। আজি একবিংশ শতিকাৰ দ্বিতীয় দশকত ভৰি দি সেইসমূহ পৰম্পৰা কেৱল পৰম্পৰা ৰক্ষাৰ খাতিৰতে মানি চলাৰ যুক্তিযুক্ততা নেদেখোঁ। উদাহৰণস্বৰূপে, নাৰীৰ মাহেকীয়া ঋতুচক্ৰ এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি জানিও এতিয়াও বহুতে সেইকেইটা দিনত ৰন্ধা-বঢ়াকে ধৰি স্বাভাৱিক কাম-কাজৰপৰা নিজক বিৰত ৰাখে। (অৱশ্যে তাৰ সুযোগতে যদি মাহটোৰ সেইকেইটা দিনত দৈনন্দিন কৰিবলগীয়া কামৰপৰা কৌশলেৰে সামান্য সকাহ লোৱাৰ কথা ভাবে, তেন্তে সেয়া বেলেগ কথা।) ৰজা মিডাছৰ হাতৰ স্পৰ্শত সকলো সোণ হৈ পৰে, অথচ আমাৰ নাৰীসকলৰ স্পৰ্শত সেইকেইটা দিনত যেন সকলো অস্পৃশ্য-অপবিত্ৰ হৈ পৰে। এয়াই আমাৰ ৰক্ষণশীল সমাজখনৰ নমুনা।

বসন্ত ৰোগৰ ক্ষেত্ৰতো অনুৰূপ কথা। অনাখৰী সহজ-সৰল সমাজত এই ৰোগৰ প্ৰকৃত কাৰণ জনাৰ উপায় নাছিল বাবেই এই ৰোগক আইমাতৃৰ দান বুলি গণ্য কৰি ‘আইসবাহ’, ‘অপেচৰা সবাহ’ আদি আইনাম গাইছিল এইদৰে–

কি চৰাই নাচিছে আয়ে ফুল বাছিছে
চাব বা পায় নাপায়
জলমল কৰিছে ছৱালক পিন্ধাইছে
দেখিলে শৰীৰ জুৰায়।
কি চৰাই নাচিছে আয়ে ফুল বাছিছে
দুখীয়াৰ ঘৰ সোমাই
বাটত লগে পাই নাৰদে সুধিলে
কি ফুল বাছিলা আই।
অৰ্থাৎ, বসন্ত ৰোগ মানে যেন আয়ে মানৱ শৰীৰত বছা একো একোপাহি ফুলহে, যি ফুল দেখিলেই মন জুৰ পৰি যায়। এতিয়া এই ৰোগ ভাইৰাছৰপৰা উদ্ভূত হোৱা বুলি প্ৰমাণিত হোৱাৰ পিছতো ৰোগীক চিকিৎসকৰ ওচৰলৈ নিয়াৰ পৰিৱৰ্তে ঘৰতে নীতি-নিয়ম মানি যমৰ যন্ত্ৰণা ভোগ কৰি থকাৰ যুক্তিযুক্ততা ক’ত? তাতে মাৰাত্মক সোঁচৰা এই ব্যাধিৰ উপশমৰ বাবে সবাহ পাতি অন্য গোপিনী বা শিশুক মাতি ৰোগৰ বীজাণু বিয়পাই দিয়াৰ দৰে নহয়নে? যোৱাবছৰ মই নিজে মাজু বসন্ত ৰোগত আক্ৰান্ত হৈছিলোঁ। গতিকে, আইনামত ‘শৰীৰ মন জুৰ পৰে’ বুলি গালেও এই ৰোগৰ কি ভয়াৱহ যন্ত্ৰণা সেয়া মই ভালকৈয়ে পাই থৈছোঁ। বসন্ত বুলি গম পোৱাৰ পিছতে মোৰ অনেক শুভাকাংক্ষীয়ে নীতি-নিয়ম ভালকৈ পালন কৰিছোঁ নে নাই, আইসবাহ পাতিছোঁনে নাই জাতীয় কথা সুধি ব্যতিব্যস্ত কৰি তুলিছিল। কিন্তু মই চিকিৎসকৰহে কাষ চাপিছিলোঁ আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি খুব কম দিনতে আৰোগ্য লাভ কৰিছিলোঁ। সেইখিনি সময়তে কোনো আদিবাসী অধ্যুষিত অঞ্চলত উপযুক্ত চিকিৎসাৰ অভাৱত এই ৰোগত পাঁচজনকৈ লোকৰ মৃত্যু হোৱাৰ বাতৰি পাই মৰ্মাহত হৈছিলোঁ।

সৰ্পদংশনৰ ক্ষেত্ৰতো বহুতে অজ্ঞতাবশতঃ বা অন্য কাৰণত চিকিৎসকৰ ওচৰলৈ যোৱাৰ সলনি বেজ-বৈদ্যৰ ওচৰ চাপে। আমাৰ বহুতেই নাজানে যে সৰ্পৰ প্ৰজাতিৰ অধিকাংশই বিষহীন। তেনে ক্ষেত্ৰত বেজৰ ওচৰলৈ নগৈ ঘৰত বহি থাকিলেও সাপৰ বিষ নিজে নিজেই নোহোৱা হ’ব। বেজৰ ওচৰলৈ গৈ ‘অলপধতুৱা’ লোকে সান্ত্বনা বা আত্মসন্তুষ্টি লোৱাতকৈ অন্য বেছি একো সুফল আশা কৰিব নোৱাৰি। কিন্তু, বিষাক্ত সাপৰ ক্ষেত্ৰত কথাটো সুকীয়া হয়। এইক্ষেত্ৰত কোনোধৰণৰ অৱহেলা নকৰি তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত। কাৰণ, সাপৰ বিষৰপৰা মুক্ত হোৱাৰ একমাত্ৰ বিকল্প হৈছে এণ্টিভেনম। মুম্বাইৰ হফকিন ইন্সটিটিউটৰ প্ৰসিদ্ধ সৰ্পবিদ ডঃ এন ই ভদে সাপে দংশন কৰা বহু লোকক আনি নামজ্বলা বেজৰ হতুৱাই জৰাইছিল। কিন্তু, এই পৰীক্ষাত সেই নামী-দামী বেজসকল উত্তীৰ্ণ হ’ব পৰা নাছিল। ইয়াৰপৰাই অনুমেয় যে ডাক্তৰৰ পৰামৰ্শ নলৈ বেজৰ কাষ চাপিলে হিতে বিপৰীত হোৱাৰ সম্ভাৱনাহে বেছি থাকে। অনভিজ্ঞ বেজে সাপৰ বিষ বাহিৰ কৰিবলৈ ব্লেডেৰে ক্ষত অংশটো কাটি দেহৰ গুৰুত্বপূৰ্ণ সিৰাপৰ্যন্ত কাটি পেলোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ফলাফলত ৰোগীৰ বহুমূলীয়া সময়ো নষ্ট হ’ল, অন্তিম মুহূৰ্তত চিকিৎসালয়লৈ নিলেও ডাক্তৰৰো ৰোগীক সুস্থ কৰাৰ উপায় নোহোৱা হ’ল। ইয়াৰ ভয়ংকৰ পৰিণতি – মৃত্যু।

আমাৰ পিছৰ প্ৰজন্মই সকলোধৰণৰ কুসংস্কাৰ, ৰক্ষণশীলতাক প্ৰত্যাহ্বান জনাব পৰাকৈ সবল-সাহসী হৈ উঠক–সেয়া মনে-প্ৰাণে কামনা কৰোঁ। কিন্তু, অসমৰে কোনো কোনো সংখ্যালঘু অধ্যুষিত অঞ্চলত দুই-এক মহাবিদ্যালয়ৰ এচাম ছাত্ৰীয়ে ইউনিৰ্ফমৰ দোপাট্টা সচৰাচৰ লোৱাৰ দৰে বুকুত পেলাই লোৱাৰ পৰিৱৰ্তে মূৰত ওৰণিৰ দৰে মেৰিয়াই লোৱাটো সচেতন লোকৰ চকুত দৃষ্টিকটু হৈ ধৰা দিয়ে। বুজি পাওঁ, সেইচাম ছাত্ৰী এখন ৰক্ষণশীল সমাজৰ প্ৰতিনিধি। তথাপি উচ্চ শিক্ষাৰ বাবে ওলাই আহিছে যেতিয়া কিছুমান অপ্ৰাসংগিক নিয়মৰ বিৰুদ্ধে যাব পৰাকৈ তেওঁলোকক উচিত বাট দেখুৱাটো প্ৰতিগৰাকী শিক্ষকৰে দায়িত্ব বুলি বিবেচনা কৰোঁ। আমাৰ নতুন প্ৰজন্ম অপ্ৰয়োজনীয় কিছুমান নিয়মৰপৰা মুক্ত হোৱাটো বিচাৰোঁ। যি সময়ত আমি অৱদমিত সত্তাৰ কথা কওঁ, নাৰীমুক্তিৰ হকে শ্লোগান দিওঁ, শ্ৰেণীত বৈজ্ঞানিক মানসিকতা গঢ়াৰ বিষয়ে পাঠ পঢ়াওঁ; সেই সময়ত ‘পুৰুষক চুলি দেখুৱাব নাপায়’ বুলি ভবা তেওঁলোকৰ মানসিকতা অপৰিৱৰ্তিত থকাটো সঁচাকৈ চিন্তনীয়। কোনোবাই যদি এয়া কাৰোবাৰ ধৰ্মীয় ভাবানুভূতিত আঘাত হনাৰ দৰে কথা বুলি ভাবিছে, তেন্তে ভুল ভাবিছে। কিয়নো, মই জন্মসূত্ৰে এটা নিৰ্দিষ্ট ধৰ্মৰ পৰিচয় লাভ কৰিলেও, সমাজত মিলি থাকিব পৰাকৈ যিখিনি লাগে তাৰ বাদে অপ্ৰয়োজনীয় বুলি ভবা ধৰ্মীয় ৰীতি-নীতিৰপৰা সদায় আঁতৰত অৱস্থান গ্ৰহণ কৰি আহিছোঁ। মোৰ দৃষ্টিত মানৱ ধৰ্মই সকলোতকৈ ডাঙৰ ধৰ্ম। হিন্দু, মুছলমান, খ্ৰীষ্টান এইবোৰ বহু পিছৰ কথা। যিকোনো ধৰ্মীয় প্ৰসংগত জীৱৰ কেঁচা তেজেৰে দেৱ-দেৱীক সন্তুষ্ট কৰা বা সমাজৰ মংগলৰ বাবে অন্ধবিশ্বাস-কুসংস্কাৰৰ বশৱৰ্তী হৈ জীৱ হত্যা কৰা কাৰ্যৰ একেমুখে বিৰোধিতা কৰোঁ। এনে অন্ধবিশ্বাসজনিত কাৰণত জীৱ হত্যা কৰা আৰু শাৰীৰিক প্ৰয়োজনত খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ জীৱহত্যা কৰাৰ মানসিকতাত পাৰ্থক্য আছে।

খাদ্যাভ্যাসৰ ক্ষেত্ৰতো মনৰ জগতখন মুক্ত কৰি ৰখাৰ পোষকতা কৰোঁ। নিজে গ্ৰহণ নকৰিলে বুলিয়েই অন্যই খোৱা খাদ্যক ঘৃণাৰ দৃষ্টিৰে চোৱাটো সংকীৰ্ণ মনৰ পৰিচায়ক। কিন্তু, সমাজৰ অধিকাংশ লোকেই বিশেষকৈ এই খাদ্যৰ প্ৰসংগত মুক্ত মনটোক এৰাই চলা দেখিবলৈ পাওঁ। আমি ভাবি নাচাওঁ যে আমি সুস্বাদু, লোভনীয় বুলি ইমানদিনে খাই অহা খাদ্যকো অন্য প্ৰান্তৰৰ, অন্য জাতিৰ লোকে অখাদ্য বুলি ভাবিব পাৰে। মানুহে খাব পৰা, হজম কৰিব পৰা কোনো খাদ্যই অখাদ্য নহয়। সি লাগিলে হাঁহ-কুকুৰা, ছাগলী, গৰু-গাহৰি, পোক-পৰুৱা, বনৰীয়া শাক-পাত যিয়েই নহওক। এইখিনিতে হোমেন বৰগোহাঞিয়ে নাগালেণ্ডত কুকুৰৰ মাংস ভক্ষণ কৰিবলগীয়া হোৱা বা হীৰেন গোহাঁয়ে বিদেশত অন্য খোৱা বস্তু নাপাই উপায়ান্তৰ হৈ পৰম তৃপ্তিৰে গো মাংস খোৱাৰ প্ৰসংগ উল্লেখ কৰিব পাৰি। পিছে অভ্যাসগত বা অন্য কিছু কাৰণত আমাৰ বহুতেই বিশেষকৈ খাদ্যৰ ক্ষেত্ৰত মুক্ত মনটোৰে চিন্তা কৰিলেও ইয়াক প্ৰয়োগ কৰাৰ ক্ষেত্ৰত কোনোবাখিনিত সংকুচিত হৈ ৰয়। মই নিজেও তাৰ ব্যতিক্ৰম নহয়। সৌ সিদিনা জুবিন গাৰ্গে দৌৰবিদ হিমা দাসক গোমাংস ভক্ষণৰ পৰামৰ্শ দিওঁতে ৰাজ্যৰ সৰ্বত্ৰে সৃষ্টি হোৱা বিতৰ্কৰ কথা সৰ্বজনবদিত।

সমাজ-সভ্যতাৰ বিকাশৰ এই চূড়ান্ত স্তৰত ঈশ্বৰৰ অস্তিত্বক আওকাণ কৰি মানুহে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। মহাকাশত মানুহ পদাৰ্পণ কৰিছে, মানৱ ভ্ৰূণৰ সৃষ্টি কৰি ক্ল’নিং পদ্ধতিৰে সন্তানৰ জন্ম সম্ভৱ হৈছে, সমগ্ৰ বিশ্ব এখন গোলকীয় গাঁৱত পৰিণত হৈছে আৰু হাতৰ মুঠিত সেই গাঁওৰূপী বিশ্বৰ প্ৰতিটো প্ৰান্তৰৰ খবৰ আমি লাভ কৰিছোঁ। এনে সময়তো মনৰ সংকীৰ্ণতাবোৰ আঁতৰাই মুক্ত মনেৰে মুক্ত চিন্তাক আঁকোৱালি ল’ব নোৱৰাটো দুৰ্ভাগ্যজনক। সমাজৰ মাত্ৰ এমুঠিমান লোকেহে সোঁতৰ বিপৰীতে গৈ নিজৰ স্থিতি বজাই ৰাখি প্ৰগতিশীল চিন্তাৰ প্ৰচাৰ-প্ৰসাৰৰ বাবে কাম কৰিছে। অসমৰ প্ৰেক্ষাপটতত দীনেশ চন্দ্ৰ গোস্বামী, শিৱনাথ বৰ্মন, দেৱকান্ত সন্দিকৈ, প্ৰসেনজিৎ চৌধুৰী আদি বিশিষ্ট ব্যক্তিসকলে যুক্তিবাদ প্ৰতিষ্ঠাৰ হকে অহৰহ লেখা-মেলা কৰি আহিছে। আমাৰ নৱপ্ৰজন্মক এটা মুক্ত মনৰ গৰাকী কৰাৰ উদ্দেশ্যে বিশিষ্ট বিজ্ঞান লেখক ডঃ দীনেশ চন্দ্ৰ গোস্বামীৰ ‘বৈজ্ঞানিক চিন্তা, বৈজ্ঞানিক মন’ গ্ৰন্থৰপৰা সংগৃহীত ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি’ শীৰ্ষক সময়োপযোগী পাঠটি উচ্চতৰ মাধ্যমিকৰ অসমীয়াৰ পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰাটো সুখৰ বিষয়। সেইদৰে ‘ইলোৰা বিজ্ঞান মঞ্চ’, ‘যুক্তি বিকাশ সমিতি, অসম’, ‘মুক্ত চিন্তা’ ফে’চবুক গোট আদিয়ে সজাগতামূলক সভা-সমিতিৰ আয়োজন, বাৰ্তালোচনী প্ৰকাশ আদিৰ মাধ্যমেৰে যুক্তিবাদী চিন্তাধাৰাৰ বিকাশৰ বাবে প্ৰচেষ্টা চলাই আহিছে। উল্লেখযোগ্য যে ‘ইলোৰা বিজ্ঞান মঞ্চ’ ইলোৰা চৌধুৰী নামৰ সেই মুক্ত মনৰ নাৰীগৰাকীৰ স্মৃতিত নামকৰণ কৰা হৈছে, যিগৰাকী নাৰীয়ে জীৱিত কালতে মৃত্যুৰ পিছত নিজৰ দেহটো সৎকাৰৰ পৰিৱৰ্তে চিকিৎসকক দান দি এক বিৰল নিদৰ্শন দেখুৱাই গৈছিল। এনে কেইবাটাও সংস্থাৰ যৌথ প্ৰয়াসেৰে সৰ্বভাৰতীয় প্ৰেক্ষাপটত ‘সদৌ ভাৰত জনবিজ্ঞান সংস্থা’ই বিজ্ঞানসন্মত মানসিকতাৰ প্ৰচাৰৰ হকে কাম কৰি আহিছে। এইসকলৰ প্ৰচেষ্টাতে প্ৰতি বছৰে ২০ আগষ্টৰ দিনটো ‘ৰাষ্ট্ৰীয় বিজ্ঞান মানসিকতা দিৱস’ হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়। উল্লেখ্য, অন্ধবিশ্বাস-কুসংস্কাৰৰ বিৰুদ্ধে মাত মাতি অহা সু-চিকিৎসক ডাঃ নৰেন্দ্ৰ দাভোলকাৰৰ ২০১৩ চনৰ ২০ আগষ্টত অজ্ঞাত আততায়ীৰ হাতত মৃত্যু হোৱা দিনটোৰ স্মৃতিতে এই দিৱসটো পালন কৰা হয়।

আহক, আমি সকলোৱে মনৰ এনে সংকীৰ্ণতাবোৰ অতিক্ৰমি এটা মুক্ত মনৰ গৰাকী হওঁ। বিজ্ঞানৰ ডিগ্ৰী লোৱাৰ সমান্তৰালকৈ মনটোকো বিজ্ঞানসন্মত মানসিকতাৰ অধিকাৰী কৰি তোলোঁ। টিভিৰ পৰ্দাত গণেশে গাখীৰ খোৱা, সমাজত কোনোবা স্বয়ম্ভু ভগবানৰ আৱিৰ্ভাৱ হোৱা বুলি ফাটি-ফুটি বাতৰি ওলালেও বা কোনোবা ভগৱানৰ ফটোৰপৰা বিভূতি নিঃসৰিত হোৱাৰ খবৰ পালেও অথবা ভূতৰ উপদ্ৰৱত ঘৰ এখন জ্বলি-পুৰি থানবান হোৱাৰ বাতৰি পালেও তাক সহজতে বিশ্বাসত নলৈ অন্তৰ্নিহিত কাৰণসমূহ যুক্তিৰে বিবেচনা কৰিবলৈ শিকোঁ। নহ’লে ডাইনী হত্যা, নৰবলি, সোপাধৰাৰ সন্দেহত নিৰীহ যুৱকৰ হত্যা আদিৰ দৰে ঘটনাৰ পুনৰাবৃত্তি হৈয়েই থাকিব। যিসকলে নিৰ্বিচাৰে মাথোঁ পৰম্পৰা ৰক্ষাত গুৰুত্ব দি আহিছে, সেইসকলক জনাওঁ যে এতিয়া সমাজখনৰ ধাৰক-বাহক আমিয়েই। আমি সুস্থ মন-মগজুৰে নিৰপেক্ষভাৱে বিচাৰ কৰিবৰ হ’ল যে কোনবোৰ পৰম্পৰা আমি উত্তৰ প্ৰজন্মলৈ কঢ়িয়াই নিম আৰু কোনবোৰ পৰম্পৰা সমাজৰ মংগলৰ বাবে বাদ দিম। মনত ৰখা ভাল, বহু পৰম্পৰাই সমাজ এখন ধৰি ৰখাত সহায় কৰে সঁচা, কিন্তু সমাজক প্ৰকৃত প্ৰগতিৰ পথেৰে আগুৱাই নিব পাৰে বিজ্ঞানমনস্ক চিন্তা-চেতনাইেহ। সমাজৰ সকলো ধৰণৰ সংকীৰ্ণতাৰ আবেষ্টনী অতিক্ৰমি আমাৰ নৱপ্ৰজন্মই এটা মুক্ত মনেৰে মুক্ত চিন্তাৰ গৰাকী হওক আৰু এখন সুস্থ সমাজ নিৰ্মাণৰ আখৰা কৰক – সেয়াই আমাৰ আশা। সামৰণিত ৰবীন্দ্ৰনাথৰ এষাৰ প্ৰিয় উক্তি –
যদি তোৰ ডাক শুনে কেউ না আসে
তবে একলা চলো ৰে…।

Print Friendly, PDF & Email

Leave a Reply

Your email address will not be published. Required fields are marked *