মুৰেল (অজিত শইকীয়া)

দেৱালত অঙ্কিত বিশেষ আৰ্হিৰ (Design) চিত্ৰই দেৱালচিত্ৰ । ইয়াক সাধাৰণতে মুৰেল ( Mural ) বুলি কোৱা হয় । শিল্পকলাক যে কত প্ৰকাৰে সমাজত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস ইতিহাসত চলি আহিছে , তাক কলাপ্ৰিয় মানুহ মাত্ৰেই জানে । প্ৰাচীন কালত সমাজ ধৰ্মৰদ্বাৰাই পৰিচালিত হৈছিল । সেইবাবে পৃথিবীৰ বিভিন্ন ঠাইৰ গুহা , মঠ-মন্দিৰ , গীৰ্জা , বৌদ্ধবিহাৰ , ৰাজ অট্টালিকাৰ দেৱাল আৰু পৰ্বত-পাহাৰৰ থিয় শিলত ৰজা-মহাৰজাসকলৰ পৃষ্ঠপোষকতাত শিল্পী-খনিকৰসকলে ধৰ্মীয় আৰু সামাজিক বিষয়বস্তু লৈ কৰা মূৰ্তি খোদাই , ছবি অঁকাকে আদি কৰি নানান কাৰু-কাৰ্যৰে শিল্পক সাধাৰণ মানুহৰ আগত তুলি ধৰিছিল । উদাহৰণস্বৰূপে , অসমৰ কামাখ্যা মন্দিৰৰ দেৱাল আৰু তোৰণৰ ৰিলিফ মূৰ্তি ( উঠঙা চিত্ৰ ) , মহাৰাষ্ট্ৰৰ অজন্তা গুহাৰ বৌদ্ধধৰ্মীয় বিৰাট আকাৰৰ দেৱালচিত্ৰ , প্ৰাচীন ইউৰোপীয় গীৰ্জাৰ খ্ৰীষ্টানধৰ্মীয় বিষয়-বস্তুৰ দেৱালচিত্ৰ/ৰিলিফ ভাস্কৰ্য আৰু চীন , জাপান তথা দক্ষিণ-পূব এছিয়াৰ বৌদ্ধধৰ্মীয় চিত্ৰসম্ভাৰ উল্লেখযোগ্য । উপৰোক্ত মুৰেলসমূহত সেইদিনৰ শিল্পীৰ অসাধাৰণ শিল্পনৈপুণ্য আৰু শিল্পগুণ বিস্ময়কৰ । আধুনিক যুগত নতুন বিষয় , ৰূপ , আঙ্গিকেৰে দেশে দেশে দেৱালচিত্ৰৰ চৰ্চা বাঢ়িছে । এই মাধ্যমটোৰ যোগেদি সৰ্বসাধাৰণৰ মাজত সহজে শিল্পবোধ জগাই তোলা সম্ভৱ হ'ব পাৰে । আকৰ্ষণীয় ৰূপত কোনো দেৱাল , বাসগৃহ , অফিচ-কাছাৰী , নাটঘৰ , পুথিভঁৰাল, হোটেল , কোনো সাংস্কৃতিক ভৱনৰ দেৱালত বিভিন্ন ধৰণৰ মুৰেল হ'ব পাৰে । কাৰণ এনে অনুষ্ঠান সমূহত প্ৰচুৰ জনসমাগম হয় । ঘৰ-দুৱাৰৰ আৰ্হি ( Architectural Design ) আৰু তাৰ চৌদিশৰ পৰিৱেশৰ লগত সঙ্গতি ৰাখি ঘৰৰ ভিতৰ আৰু বাহিৰ ফালে (Indoor and Outdoor mural) বিশেষ চকুত লগা স্থানত মুৰেল নিৰ্মাণ কৰিলেহে প্ৰকৃতাৰ্থত ইয়াৰ কলাত্মক ( Artistic ) গুণ প্ৰকাশিত হয় ।

মুৰেলৰ বিষয়বস্তুৰ প্ৰাধান্য আছে । বিষয়বিলাক এনেধৰণৰ হ'ব পাৰে :

(এক) ভৱন একোটা যি উদ্দেশ্যত ব্যৱহাৰ হয় সেই বিষয়ৰ চিত্ৰ ।

(দুই) ছবি কৰিব লগীয়া ঘৰটো অৱস্থিত অঞ্চলৰ মানুহ, জীৱনযাত্ৰা, ব্যৱস্থা ।

(তিনি) ঘৰটো থকা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানুহ ।

(চাৰি) ছবি কৰিব লগীয়া ঠাইখনৰ (ভৱনটোৰ) মানুহৰ কোনো উচ্চ চিন্তা-আদৰ্শ থাকিলে , দেৱালচিত্ৰত সেই আদৰ্শ তুলি ধৰা হ'ব পাৰে ।

(পাঁচ) অন্যান্য কোনো পৰিৱেশৰ লগত খাপ খোৱা বিষয়ৰ ছবি ।

কলা হিচাপে মুৰেলৰ মাধ্যমৰ ওপৰত আমাৰ সমাজ বৰ পৰিচিত নহয় । ইয়াৰ লগত পৰিচয় হোৱা , চৰ্চা কৰা আৰু পাৰিলে কলাৰ জনপ্ৰিয়কৰণৰ বাবে ঠায়ে ঠায়ে মুৰেল নিৰ্মাণ কৰিব পাৰিলে ভাল । মুৰেলৰদ্বাৰা শিল্পকলা সহজে সমাজত পৰিচিত হ'ব বুলি আশা কৰিব পাৰি । এইদৰে শিল্পৰ বৃহৎ জগতখনলৈ মানুহ আগুৱাই যোৱাৰ পথ উন্মুক্ত হ'ব পাৰে । মুৰেল বা দেৱালচিত্ৰ একোখন গৃহ একোটাৰ বিশেষ অংশ । কোনো ভৱনৰ আৰ্হি প্ৰস্তুত কৰোতে যেনেদৰে ভৱনটো নিৰ্মাণ কৰিবলৈ লোৱা ঠাইখনৰ আকাৰ-আকৃতি তথা পৰিৱেশৰ প্ৰতি লক্ষ্য ৰখা হয় , ঠিক তেনেদৰে মুৰেল এখনো স্থাপত্যৰ আৰ্হি (Arct. Design) আৰু চাৰিওফালৰ পৰিৱেশৰ ওপৰত নিৰ্ভৰ কৰি নিৰ্মাণ কৰা হয় । মুৰেল নিৰ্মাণ কৰিব পৰাকৈ স্থাপত্যৰ আৰ্হি কৰোতে , দেৱালত উপযুক্ত স্থানত আহল-বহল ঠাই (Space) ৰখা হয় । পুৰণি গৃহতো সুবিধামতে মুৰেল কৰিব পাৰি । মুৰেলে গৃহৰ সৌন্দৰ্য বৃদ্ধি , আকৰ্ষণীয় তথা গোটেই গৃহটিকেই এটা শিল্পবস্তুত পৰিণত কৰিব পাৰে । মুৰেল নিৰ্মাণৰ ক্ষেত্ৰত গুৰুত্বসহকাৰে বিবেচনা কৰিবলগীয়া বিষয় হৈছে :

(এক) মুৰেল এনে ঠাইত কৰা উচিত , য'ত যথেষ্ট পৰিমাণে জনসমাগম হয় ।

(দুই) মুৰেল এখনৰ সন্মুখৰ খালী ঠাইৰ পৰিমাণ , মুৰেলখনৰ সৰ্বোচ্চ উচ্চতাৰ সমান অথবা তাতকৈ বেছি হোৱা উচিত ।

(তিনি) দেৱাল এখন যিমান দীঘল হ'ব পাৰে , মুৰেল এখনো সিমানেই দীঘল হ'ব পাৰে । জেইলৰ বৃহৎ দেৱালতো এখন বৃহৎ দৈৰ্ঘ্যৰ চিত্ৰ নিৰ্মাণ কৰিব পাৰি । এনে চিত্ৰ দৰ্শকে গতিশীল অৱস্থাত দৰ্শন বা উপভোগ কৰিব লাগে ।

(চাৰি) ঘৰৰ দৰ্জা, খিৰিকী, ভেণ্টিলেটৰ আদিৰ আকাৰতকৈ মুৰেলখনৰ আকাৰ ডাঙৰ হোৱা বাঞ্ছনীয় ।

(পাঁচ) মূল গৃহ , দৰ্জা , খিৰিকী আদিৰ ডিজাইনৰ লগত সঙ্গতি ৰাখিহে মুৰেলৰ মূল ড্ৰইং প্ৰস্তুত কৰা হয়।

মুৰেলৰ এটা মূল ড্ৰইং ইটা বা শিলেৰে সজা দেৱালত মুৰেল নিৰ্মাণ কৰা হয় । ৰাজমিস্ত্ৰীয়ে চিমেণ্ট-বালিৰ প্লাষ্টাৰ কৰিবৰ সময়ত যেনেদৰে দেৱালৰ গাঁথনি , এটা জোখত পানীৰে ভিজাই লয় , ঠিক তেনেদৰে দেৱালচিত্ৰ বা মুৰেলৰ বাবেও পোনতে দেৱাল ভিজাই লোৱা হয় । যদি চিত্ৰ নিৰ্মাণৰ পূৰ্বে পুৰণা প্লাষ্টাৰ থাকে , তেনেহলে নিৰ্মাণ কৰিবলগীয়া চিত্ৰৰ জোখৰ ঠাইত পুৰণা প্লাষ্টাৰ উঠাই দি কামৰ সময়ত পানীৰে ভালকৈ ভিজাই লোৱা হয় । এই কথা উল্লেখনীয় যে চিমেণ্ট প্লাষ্টাৰৰ ওপৰত ৰঙীন চিত্ৰ সাধাৰণতে অঙ্কন কৰা নহয় । কাৰণ  চিমেণ্টে ৰঙৰ উজ্জ্বলতা ক্ৰমান্বয়ে হ্ৰাস কৰে । এনে চিত্ৰ চিৰস্থায়ী নহয় । অৱশ্যে বৰ্তমান যুগত কোনো কোন শিল্পীয়ে পৰীক্ষামূলকভাৱে চিমেন্ট ব্যৱহাৰ কৰা বেৰত ৰাসায়নিক ৰং ব্যৱহাৰ কৰি চাইছে । ফলাফল কেনে হ'ব ক'ব পৰা নেযায় । পকী ঘৰ এটা যিমান বছৰ টিকি থাকে , দেৱালচিত্ৰৰো সিমান বছৰ স্থায়িত্বৰ বিষয়ে বিবেচনা কৰাটো বিজ্ঞানসন্মত । এইটো ধৰা-বন্ধা প্ৰথা , প্ৰচলিত নিয়ম । মুৰেলৰ বিষয়বস্তুৰ নিৰ্বাচন আৰু ৰচনাৰীতি খুবেই গুৰুত্বপূৰ্ণ : বিষয়বস্তু সম্বন্ধে আগতে উল্লেখ কৰি অহা হৈছেই । দেৱালচিত্ৰ নিৰ্মাণৰ বাবে শিল্পী উচ্চস্তৰৰ অঙ্কন কৌশলৰ অধিকাৰী হ'ব লাগে । নান্দনিক জ্ঞানৰ লগতে চিত্ৰৰ কলা-কৌশল (Technique) মুৰেলৰ অন্যতম মূল কথা । মুৰেলৰ ৰচনাৰীতি সাধাৰণ ইজেল পেইন্টিঙৰ লগত নিমিলে । ইয়াৰ বিষয়বস্তুৰ ব্যাপকতাৰ বাবেই একোখন মুৰেল কিছুমান সৰু আকাৰৰ চিত্ৰৰ সমষ্টি হ'ব পাৰে । সেইবাবে মুৰেলৰ ৰচনাৰীতি জটিল । উক্ত সৰু সৰু চিত্ৰসমূহৰ মাজত , মুৰেলখনৰ বিষয়বস্তুৰ লগত সঙ্গতি ৰাখি , বিশেষ সম্পৰ্ক ৰক্ষা কৰা হয় । য'ত সকলো মিলি বৃহৎ মুৰেলখন ভাব উদ্ৰেককাৰী গুণসম্পন্ন শিল্পলৈ ৰূপান্তৰিত হয় । মুৰেলবোৰৰ আকাৰ সচৰাচৰ ডাঙৰ হয় বাবে , দৰ্শকৰ চকু মুৰেলৰ এফালৰপৰা আনফাললৈ আগুৱাই যায় । দৰ্শক নান্দনিক (Aesthetics) আনন্দৰে তৃপ্ত হয় ।

গৃহৰ আৰ্হি বা ডিজাইন থাকে । সেয়েহে উক্ত ডিজাইনৰ লগত খাপ খোৱাকৈ চিত্ৰত অলপ Decorative গুণ থাকিলে বেয়া নেলাগে । মুৰেল নিৰ্মাণ কৰা গৃহটিৰ চৌপাশে নানা ঘৰ-বাৰী , গছ-গছনি , ফুলৰ বাগিছা আদি থাকে । সিবোৰৰ মাজত মুৰেলখন চকুত লগাকৈ যথেষ্ট উজ্জ্বল (Bright) হোৱা বাঞ্ছনীয় । বেছি ওখ ঘৰত মুৰেলো বহুত ওখ হ'ব পাৰে । এনেধৰণৰ মুৰেলৰ বেছি ওপৰলৈ অঙ্কিত চিত্ৰ ৰূপবোৰ (Art Forms) জোখতকৈ চুটি চুটি যেন লাগে । সেইকাৰণে ক্ৰমাগতভাৱে ওপৰলৈ চিত্ৰৰ ফৰ্মবিলাক দীঘলীয়া হোৱা দৰকাৰ । গৃহৰ বিভিন্ন অংশত ৰং সমানকৈ লগোৱা হয় । সেইকাৰণে, মুৰেলৰ ৰঙো অলপ সমানকৈ (Flat Colour) লগালে ছবি সুন্দৰ আৰু উজ্জ্বল হয় । তথাপি মুৰেলত কিছু পৰিমাণে ছাঁ-পোহৰৰ (Light n Shadow) ব্যৱহাৰ কৰা হয় । এক ৰঙৰ ৰিলিফ মুৰেলত (ওখ-চাপৰ চিত্ৰ) ছাঁ-পোহৰৰ ব্যৱহাৰত বিশেষ গুৰুত্ব দিয়া হয় । শিল্পীৰ সঠিক চিন্তা , সুন্দৰ ফৰ্মৰ ব্যৱহাৰ , উন্নত কলা-কৌশল আৰু নান্দনিক বৈশিষ্ট্যসম্পন্ন দেৱালচিত্ৰই দৰ্শকৰ মনত আলোড়ন সৃষ্টি কৰে , তৃপ্তিৰে মন-প্ৰাণ ভৰাই তোলে । সাধাৰণতে গৃহ নিৰ্মাণ সামগ্ৰীৰে মুৰেল নিৰ্মাণ কৰা হয় । কাৰণ , উন্নত মানৰ গৃহ সামগ্ৰীৰ স্থায়িত্ব বেছি । যেনে : পোৰামাটি (Terracotta), ইটা , চিমেণ্ট, বালি , কাঁচ , কাঠ , শিল , লোহা , অন্য ধাতু , চূণ , আঠা ৰং ইত্যাদি । প্ৰাকৃতিক ৰং মুৰেলৰ বাবে আটাইতকৈ উপযোগী আৰু এই ৰঙৰ স্থায়িত্বও বেছি । আজি-কালি প্ৰাকৃতিক ৰং পাবলৈ বৰ টান । বৰ্তমান দেশে-বিদেশে নানা মাধ্যমত মুৰেল নিৰ্মাণ হ'ব ধৰিছে ।

একোটা মাধ্যমৰ মুৰেলৰ নিৰ্মাণ পদ্ধতি বহুত দীঘলীয়া ।

মুৰেলৰ কেইটামান পৰম্পৰাগত মাধ্যমৰ নিৰ্মাণ পদ্ধতিৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা হ'ল ।

(এক) ফ্ৰেস্কো-চেকো বা ভিজা পদ্ধতি : এইবিধ মুৰেল ঘৰৰ ভিতৰৰ দেৱাল বা বাৰাণ্ডাৰ দেৱালতহে কৰা হয় । নিৰ্দিষ্ট আকাৰৰ মুৰেলখনৰ বাবে ইটাৰ দেৱাল ভিজাই লৈ , এভাগ চূণৰ লগত তিনিভাগ ধোৱা বালিৰ মছলাৰে ( চিমেণ্ট ব্যৱহাৰ কৰা নহয় ) প্লাষ্টাৰ কৰা হয় । প্লাষ্টাৰ কৰা খন্তেক পাছতে , আগতীয়াকৈ পৰিকল্পনা কৰি ৰখা মুৰেলৰ ড্ৰইং প্লাষ্টাৰৰ ওপৰত মুক্তহস্তে আৰু সাৱধানে সৰু ব্ৰাছেৰে কৰা হয় । এই পদ্ধতিত কেৱল প্ৰাকৃতিক ৰংহে ব্যৱহাৰ কৰা হয় । যেনে : লেফিচলেজুৰি ব্লু (কপোৰত দিয়া নীলো ব্যৱহাৰ হয় ) , টেৰাভাৰ্ত গ্ৰিন, ইয়েল্লঅ'কাৰ , চাকিৰ চাই আৰু বগা মাটি (Earth White) ।প্ৰত্যেক ৰঙৰ লগত পানীৰ আৰু সামান্য গম আঠা মিলাই লোৱা হয় । প্ৰথমে পাতল ৰং (light Colour) আৰু পাছত ক্ৰমে গাঢ় ৰং (Dip Colour) কমকৈ আলো-ছায়াসহ ব্যৱহাৰ কৰাটো নিয়ম । ইয়াৰ পাছত ক'লাচানেকীয়া বলিষ্ঠ ৰেখাৰ (Bold line) দ্ৰুত চালনাৰে ছবিৰ কাম শেষ কৰা হয় । উল্লেখযোগ্য যে প্লাষ্টাৰ শুকাই যোৱাৰ পূৰ্বেই এই চিত্ৰ দক্ষ হাতেৰে কৰা হয় । প্লাষ্টাৰ লাহে লাহে শুকুৱাৰ লগে লগে চিত্ৰৰ উজ্জ্বলতা বাঢ়ে আৰু ৰং চিৰস্থায়ী হয় । ইটালিত প্ৰচলিত এই পদ্ধতিক ' ইটালিয়ান ফ্ৰেস্কো ' বুলিও কোৱা হয় ।

(দুই) ফ্ৰেস্কো-বুন বা শুকান পদ্ধতি : পূৰ্বৰ পদ্ধতিৰ দৰেই এই পদ্ধতিত চূণ-বালিৰ প্লাষ্টাৰ কৰি ভালকৈ শুকাবলৈ দিব লাগে । কমেও এমাহৰ পাছত প্লাষ্টাৰৰ ওপৰত পাতল পাতলকৈ তিনিবাৰমান বগা মাটিৰ প্ৰলেপ লগাই , শুকাবলৈ দিব লাগে । এই পদ্ধতিত প্ৰাকৃতিক ৰঙেই ব্যৱহাৰ কৰা হয় । পানীৰ মাধ্যমৰ এই পদ্ধতিত ৰঙৰ লগত কুকুৰা কণীৰ কুহুম , লঙৰ তেল আৰু সামান্য বৰিক পাউডাৰ ভালকৈ মিলাই লোৱা দৰকাৰ । চিত্ৰ অঙ্কন পদ্ধতিটোক ফ্ৰেস্কোৰ ' টেম্পেৰা পদ্ধতি ' বুলি কোৱা হয় । বগা ৰঙৰ প্ৰলেপ শুকাই যোৱাৰ পাছত ড্ৰইং কৰি লৈ , স্তৰে স্তৰে পাতল ৰং কেইবাদিনো লগোৱাৰ লগে লগে চিত্ৰৰ উজ্জ্বলতা (Brightness) বাঢ়ি আহে । ইয়াৰ পাছৰ পৰ্যায়ত অলপ গাঢ় ৰঙেৰে আলো-ছায়া ব্যৱহাৰ কৰি , শেষত ছবিৰ খুঁটি-নাটি মৰা হয় । একেবাৰে শেষত গাঢ় আৰু বলিষ্ঠ ৰেখাৰ ( Bold line) দ্ৰুত চালনাৰে কাম সম্পূৰ্ণ কৰা হয় । মহাৰাষ্ট্ৰৰ অজন্তা গুহাত খৃষ্টপূৰ্ব 200 বছৰৰ আগতে এই পদ্ধতিৰে ( ভাৰতীয় টেম্পেৰা পদ্ধতি ) শিলৰ বেৰত বৃহৎ আকাৰৰ বহুসংখ্যক মুৰেল অঙ্কন কৰা হৈছিল আৰু পাছৰ প্ৰায় পাঁচশ বছৰত মুৰেলসমূহৰ কাম শেষ কৰা হৈছিল । যাক ' অজন্তা মুৰেল ' নামেৰে জনা যায় । অৱশ্যে শিলৰ দেৱালত চূণ-বালিৰ প্লাষ্টাৰৰ বৰিৱৰ্তে সেই যুগত গোবৰ মাটিৰ লগত মিহিকৈ কটা কুটা-ঘাঁহ পতানৰ মিশ্ৰৰ মিহি লেপন লগোৱা পদ্ধতি মন কৰিব লগীয়া ।

(তিনি) ভিকট্ৰাম মোজাইক : ' ভিকট্ৰাম মোজাইক ' হৈছে এবিধ বিভিন্ন ৰঙৰ (উজ্জ্বল) ৰাসায়নিক পদাৰ্থৰে নিৰ্মিত সৰু সৰু টুকুৰা । আকাৰ প্ৰায় এক বৰ্গ ইঞ্চি । প্ৰাচীন গ্ৰীচ আৰু ইটালিৰ গীৰ্জা আৰু পেলেচবিলাকৰ বেৰ, চিলিং, মজিয়া আদিত ৰঙীন পাথৰৰ মোজাইকৰ মুৰেল কৰা হৈছিল । মাধ্যমটো ঘৰৰ ভিতৰ বাহিৰ বা অন্য মুকলি ঠাইতো কৰিব পাৰি ।

নিৰ্মাণ পদ্ধতি : বহল-আহল পকী আৰু সমান মজিয়াৰ ওপৰত সঠিক আকাৰৰ মুৰেলৰ ড্ৰইং কৰি লোৱা হয় । এফালৰপৰা প্ৰায় পোন্ধৰ-বিশ বৰ্গফুটমানকৈ ড্ৰইঙৰ ওপৰত মোজাইকৰ টুকুৰা ড্ৰইং অনুযায়ী সজাই লৈ , এবিধ বিশেষ কাগজ মোজাইকৰ ওপৰত আঠা লগোৱা হয় । এইদৰে একাদিক্ৰমে মোজাইক সজোৱা আৰু তাৰ ওপৰত কাগজ আঠা লগোৱাৰ পাছত , গোটেই কাগজখন ব্লেডেৰে এক বৰ্গফুটমানকৈ এফালৰপৰা কাটি ল'ব লাগে । এই খণ্ডবোৰ এফালৰপৰা ক্ৰমিক নম্বৰ দি ৰখা হয় ।

কেই দিনমানৰ পাছত ইটাৰ দেৱালত তলৰ ফালৰপৰা পানীৰে ভিজাই এক-তিনি মছলাৰে (চিমেণ্টৰ) প্লাষ্টাৰ কৰা হয় । প্লাষ্টাৰৰ ওপৰত বগা চিমেন্টৰ প্ৰলেপ লগাই , মোজাইক আঠা লাগি থকা এক বৰ্গফুট আকাৰৰ টুকুৰাবোৰ তুলি আনি , মোজাইক লাগি থকা ফালটো বগা চিমেণ্টৰ ফালে ৰাখি হেঁচা দি দেৱালত ছেট কৰা হয় । এই সময়ত ক্ৰমিক নং মতে টুকুৰাবোৰ তলৰ ফালৰপৰা বহুৱাব লাগে । এদিনত দুই-তিনি শাৰীকৈহে বহুৱা নিয়ম । মোজাইক বহুৱাৰ কাম শেষ কৰি , কেইদিনমান পাছত প্লাষ্টাৰ টান হ'লে , পানী মাৰি ঘঁহি ধুই আঠা লগোৱা কাগজ এৰুৱাই পেলোৱা হয় । ইয়াৰ পাছত মোজাইকৰ উপৰিভাগৰ আঠাবোৰ ধুই পৰিষ্কাৰ কৰিলে মুৰেলখন উজ্জ্বল ৰূপত ওলাই পৰে ।

(চাৰি) টেৰাকটা মুৰেল : কুমাৰসকলে পুতলা আদি নিৰ্মাণ কৰিবলৈ মাটি যেনেকৈ প্ৰস্তুত কৰে , টেৰাকটা (Tarracotta) মুৰেলৰ বাবেও ঠিক তেনেদৰে মাটি মিহিকৈ প্ৰস্তুত কৰি লোৱা হয় । প্ৰথমে এক ইঞ্চিমান ডাঠ সৰু সৰু বৰ্গাকাৰ ( ছয়ৰপৰা দহ/বাৰ ইঞ্চি আকাৰ) মাটিৰ টাইলছ বনোৱা হয় । পকা বহল মজিয়াত দুইতৰপমান বাতৰি কাগজ পাৰি , তাৰ ওপৰত টাইলছবিলাক ওচৰাউচৰিকৈ ৰখা হয় । এনে অৱস্থাত কেঁচা মটিৰ এই বৃহৎ টাইলছখনত খৰিকা এডালেৰে মুৰেলৰ ড্ৰইং কৰি লোৱা হয় । ড্ৰইঙৰ পাছত টাইলছৰ ওপৰত একেধৰণৰ মাটিৰে শিল্পকৰ্ম (ৰিলিফ) কৰা হয় । অতি দৰকাৰী কথা যে টাইলছ নিৰ্মাণৰ সময়ৰপৰা শিল্পকৰ্ম শেষ কৰা আৰু কাম শুকুৱালৈকে গোটেই কামটো পাতল পলিথিনেৰে বায়ুৰুদ্ধ কৰি ঢাকি ৰাখিব লাগে । কামৰ সময়তহে পলিথিন আঁতৰাই লোৱা হয় । কাম শেষ হোৱাৰ লগে লগে সাৱধানেৰে কেঁচা টাইলছবিলাকৰ তলফালে অঁকিয়াই ৰখা হয় আৰু ক্ৰমিক নম্বৰ দিয়া হয় । পাছৰ সময়খিনিত মাজে মাজে অলপ সময়ৰ বাবে পলিথিন আঁতৰাই আকৌ ঢাকি ৰখা নিয়ম ।

বহুদিনৰ মূৰত লাহে লাহে টাইলছবোৰ শুকাব । শুকান টাইলছৰ খণ্ডবোৰ দুদিনমান টান ৰ'দত পুনৰ শুকুৱাই লৈ বিশেষ পদ্ধতিৰে ভাতীত উচ্চ উষ্ণতাত পোৰা হয় । সম্পূৰ্ণ ঠাণ্ডা হোৱাৰ পাছত শিল্পকৰ্ম কৰা টাইলছবিলাক ভাতীৰপৰা উলিয়াই দেৱালত ছেট কৰা হয় । বজাৰৰ চিৰামিক্সৰ টাইলছ লগোৱা পদ্ধতিৰে টেৰাকটা টাইলছবিলাক দেৱালত ক্ৰমিক নম্বৰ অনুযায়ী ছেট কৰি টেৰাকটা মুৰেলৰ কাম সম্পূৰ্ণ কৰা হয় । পশ্চিম বঙ্গৰ বিষ্ণুপুৰৰ মন্দিৰৰ পৰম্পৰাগত শৈলী আৰু দেশৰ ঠায়ে ঠায়ে আধুনিক শৈলীৰ টেৰাকটা মুৰেল দেখা যায় ।

ইয়াৰোপৰি ৰাজস্থানৰ মন্দিৰ পেলেচৰ জয়পুৰী ফ্ৰেস্কো , ছেণ্ডকাষ্টিং , চিমেণ্ট কনক্ৰিট (Concrete) প্লাষ্টাৰৰ ৰিলিফ , ফাইবাৰ কাষ্টিং ৰিলিফ , মেটেল কাষ্টিং ৰিলিফ , গলাচপেইণ্টিং , ইউৰোপীয় গীৰ্জাত কৰা ষ্টেইনগ্লাছ , বৰ্তমান যুগত পৰীক্ষামূলকভাৱে কৰা মিশ্ৰ মাধ্যমকে ধৰি বিভিন্ন মাধ্যমৰ নানা শৈলীৰ মুৰেল দেখা যায় । উপৰোক্ত মাধ্যমসমূহৰ নিৰ্মাণ পদ্ধতি জটিল আৰু দীঘলীয়া হোৱাৰ বাবে বৰ্ণনা কৰাৰপৰা বিৰত থাকিলো ।

জীৱন, প্ৰকৃতি তথা চিন্তা জগতৰ যিকোনো বিষয় মুৰেলৰ জৰিয়তে তুলি ধৰিব পাৰি । মানুহৰ আশা-আকাংক্ষা , মানুহৰ অধিকাৰ আৰু সমাজৰ নেতিবাচক প্ৰৱণতাবিলাকৰ বিৰুদ্ধে জনগণৰ প্ৰতিবাদৰ কণ্ঠক উপযুক্ত ফৰ্ম আঙ্গিকেৰে মুৰেলত শিল্পসন্মত ৰূপত নিশ্চয় তুলি ধৰিব পাৰি । নতুন প্ৰজন্মৰ শিল্পীসকলে মুৰেলৰ প্ৰতি মনোযোগ দিলে শিল্পৰ এক নতুন যাত্ৰা , নতুন জাগৰণ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

Share Button
Print Friendly, PDF & Email

No Comments : "মুৰেল (অজিত শইকীয়া)"

Leave a Comment

Your email address will not be published. Required fields are marked *