মুছলমান সমাজৰ সংকট : দুটামান কথা (জিতেন বেজবৰুৱা)

“সংখ্যালঘু কোনো সম্প্ৰদায়ৰ ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ নিজেই প্ৰকাশ কৰি মিঠা যেন এটি নিৰাপত্তা হওঁ”

– ভূপেন হাজৰিকাই প্ৰায় পাঁচটা দশকৰ পূৰ্বে এইবুলি গাইছিল। আজি গোৱা হ’লে হয়তো ৰাইজে তেওঁক পাকিস্তানলৈ পঠাবলৈ হুলস্থূল লগালেহেঁতেন।

সংখ্যালঘুৰ সংকট আগতেও আছিল, আজিও আছে। কিন্তু আজি সেই সংকটৰ গুণগত পৰিবৰ্তন ঘটি চূড়ান্ত ভয়াৱহ ৰূপ ধাৰণ কৰিছে। ভাৰতৰ মুছলমান সমাজ এতিয়া তেনে সংকটৰ গৰাহত পৰিছে। এই সংকট সাময়িক বা পৰিস্থিতিগত নহয় – ই হ’ল এক অস্তিত্বৰ সংকট। ভাৰতৰ মুছলমান সমাজৰ সন্মুখত আহি পৰিছে এক জীৱন-মৃত্যুৰ প্ৰশ্ন – তেওঁলোকৰ ভৱিষ্যৎ কি হ’ব, সেয়া এই সংকটৰ পৰিণতিয়ে বহুলাংশে নিৰ্ণয় কৰিব; তেওঁলোকে সংকটৰ কেনেকৈ মোকাবিলা কৰিব, সেয়া এতিয়াই এই মুহূৰ্ততে নিৰ্ধাৰণ কৰিব লাগিব। ইয়াৰ কোনো বিকল্প নাই। হিন্দু জাতীয়তাবাদৰ ৰাজনীতিয়ে ভাৰতৰ সমাজ-ৰাজনীতিত ইতিমধ্যে এক সৰ্বাত্মক আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ লগে লগে সমাজখন গভীৰতম স্তৰলৈকে সাম্প্ৰদায়িকভাৱে নিচাগ্ৰস্ত হৈ পৰিছে। চেলেকা-চুবুৰাকৈ দুই-এক সাংস্কৃতিক ক্ষেত্ৰ বাকী আছে যাক এতিয়াও সেই নিচাগ্ৰস্ততাই আচ্ছন্ন কৰিব পৰা নাই; কিন্তু সেই ক্ষেত্ৰবিলাকে নিজেহে কেৱল ব্যতিক্ৰম ৰূপত থিয় দি আছে, হিন্দু জাতীয়তাবাদক পৰাভৱ কৰিব পৰা কোনো প্ৰতিৰোধী ৰাজনীতি যে সিবিলাকৰপৰা ওলাই আহিব তেনে আশা কৰা টান হৈছে। হিন্দু জাতীয়তাবাদৰ মতাদৰ্শগত আধিপত্যৰ এই পৰিবেশত আক্ৰমণৰ প্ৰধান লক্ষ্য হৈ পৰিছে মুছলমানসকল। সংঘ পৰিয়ালৰ মতাদৰ্শগত আৰু সাংগঠনিক নেতৃত্বত চলা এই আক্ৰমণৰ ফলস্বৰূপে মুছলমান সমাজৰ বাবে আজি জীয়াই থকাটোৱেই বিপদসংকুল হৈ পৰিছে। ইয়াৰ প্ৰমাণ আমি প্ৰতিদিনেই দেখিবলৈ পাইছো। মুছলমান হৈ জন্ম হোৱাটোৱেই এতিয়া আটাইতকৈ ডাঙৰ অপৰাধ যেন হৈ পৰিছে – এই অপৰাধ কৰাসকলক আন যিকোনো লোকেই জবাবদিহি কৰিব পাৰে, মন গ’লে হত্যা কৰিবও পাৰে। এনে পৰিস্থিতিত মুছলমান সমাজে বহুতো মৌলিক প্ৰশ্ন পুনৰায় বিবেচনা কৰা দৰকাৰ হৈ পৰিছে।

আৰএছএছ-বিজেপিয়ে এতিয়া ভাৰত ৰাষ্ট্ৰৰ ছেকুলাৰ ফ্ৰেমৱৰ্কটোৰ বিৰুদ্ধে পোনপটীয়াভাৱে যুদ্ধ কৰা নাই। বৰং তেওঁলোকে সেই ফ্ৰেমৱৰ্কটো তথা তাৰ বাগধাৰামূলক অস্ত্ৰসমূহক আত্মসাৎ কৰি পেলাইছে আৰু সেই গোটেই ব্যৱস্থাটোকে প্ৰয়োগ কৰিছে সংখ্যালঘু সমাজৰ বিৰুদ্ধে। গতিকে ৰাষ্ট্ৰৰ আধুনিক আৰু প্ৰগতিশীল পৰিভাষাসমূহ তেওঁলোকে সুচতুৰভাৱে নিজৰ স্বাৰ্থত প্ৰয়োগ কৰিছে। কিন্তু তাৰ বিপৰীতে মুছলমান সমাজে সিবোৰৰ প্ৰতিৰোধ কৰিবলৈ গৈ নিজৰ সাংস্কৃতিক পৰিমণ্ডলৰ ভিতৰলৈ আৰু অধিক সোমাই গৈছে। তেওঁলোকে আত্মৰক্ষাৰ বাবে যুক্তি দাঙি ধৰিছে ধৰ্মৰ ভাষাত, পৰম্পৰাৰ ভাষাত। উদাহৰণস্বৰূপে, আৰএছএছ-বিজেপিয়ে কয় মুছলমান নাৰীৰ ওপৰত চলি থকা ধৰ্মীয় পুৰুষতন্ত্ৰৰ অৱসান ঘটোৱাৰ কথা, কিন্তু মুছলমান সমাজৰ প্ৰতিনিধিয়ে তাৰ উত্তৰত কয় ইছলামক ৰক্ষা কৰাৰ কথা। ইয়াত আৰএছএছ-বিজেপি হ’ল প্ৰগতিশীলতা-নাৰীমুক্তিৰ প্ৰতিনিধি, আনহাতে মুছলমান সমাজৰ প্ৰতিনিধি হ’ল সকলো প্ৰকাৰৰ প্ৰতিক্ৰিয়াশীলতা-পশ্চাদপদতাৰ প্ৰতিনিধি। এনেকৈ হ’লে মুছলমান সমাজে কোনোকালেই হিন্দু জাতীয়তাবাদৰ আক্ৰমণক প্ৰতিহত কৰিব নোৱাৰে, বৰং নিজৰ সাংস্কৃতিক অন্ধকূপৰ আৰু অধিক গভীৰলৈ সোমাইহে গৈ থাকিব। গতিকে যদি এই সংকটৰপৰা মুক্তি লাভ কৰিবলৈ হয়, তেন্তে মুছলমান সমাজে নিজৰ সাংস্কৃতিক আত্মনিমগ্নতা আৰু পশ্চাদপদতাৰপৰা ওলাই আহিব পাৰিবই লাগিব। আন ভাষাত এনেকৈও ক’ব পাৰি যে তেওঁলোকৰ এই সাংস্কৃতিক আত্মনিমগ্নতা আৰু পশ্চাদপদতা উক্ত সংকটৰে এক প্ৰধান অংগ। কিয়নো বাহিৰৰ ৰাজনীতিৰ আগ্ৰাসন যিমানেই বাঢ়িছে মুছলমান সমাজ নিজৰ সাংস্কৃতিক পৰিমণ্ডলৰ ভিতৰলৈ সিমানেই সোমাই গৈ আছে। এই প্ৰক্ৰিয়াৰ সূচনা হৈছিল ঔপনিবেশিক যুগৰ জাতীয়তাবাদী ৰাজনীতিৰ প্ৰক্ৰিয়াত – এই প্ৰক্ৰিয়াটো বহু পৰিমাণে আছিল মুছলমান সমাজৰ বাবে একাষৰীয়াকৰণৰ প্ৰক্ৰিয়া, যি তেওঁলোকক ‘মূলসুঁতি’ৰ বহল সমাজখনৰপৰা আঁতৰত পৃথক সাংস্কৃতিক গোট হিচাপে নিজক সংগঠিত কৰিবলৈ বাধ্য কৰিছিল। পৰৱৰ্তী কালত তেনে কাৰণতে তেওঁলোকে ৰাষ্ট্ৰই হাতত লোৱা বা ল’ব খোজা মুছলমান সমাজৰ আধুনিকীকৰণৰ প্ৰচেষ্টাবোৰক সম্প্ৰদায়টোৰ ওপৰত অনধিকাৰ হস্তক্ষেপ বুলি কৈ যতমানে প্ৰতিৰোধ কৰিছিল। শেহতীয়া সময়ছোৱাত বিশ্বজুৰি বৃদ্ধি পোৱা ইছলাম-বিদ্বেষৰ ঢৌটোৱে আহি এই প্ৰৱণতাক অধিক সাৰ-পানী যোগাইছিল। আনহাতে, আৰবৰপৰা চলি থকা ৱাহাবী ইছলামৰ জোৰদাৰ প্ৰচাৰেও মুছলমান সমাজৰ ধৰ্মীয় আত্মনিমগ্নতা তথা ৰক্ষণশীলতা বৃদ্ধি কৰাত বহুত সহায় কৰিছে। এনেকৈ মুছলমান সমাজখন কোবত কোবে সাংস্কৃতিক অন্ধকূপৰ অধিক গভীৰলৈ সোমাই গৈ আছে, আৰু এইটোৱেই হ’ল হিন্দু জাতীয়তাবাদে তেওঁলোকৰ ওপৰত চলোৱা আক্ৰমণৰ প্ৰধান আধাৰস্বৰূপ।

গতিকে হিন্দু জাতীয়তাবাদৰ আক্ৰমণৰপৰা মুছলমান সমাজক ইছলামে মুক্তি দিব নোৱাৰে। হিন্দু জাতীয়তাবাদ হ’ল এক ৰাজনৈতিক প্ৰজেক্ট আৰু তাক ৰাজনৈতিক ৰণক্ষেত্ৰতেই পৰাস্ত কৰিব লাগিব। তাৰ বাবে মুছলমান সমাজে ইছলামৰপৰা মূৰ দাঙি আন আন প্ৰগতিশীল শক্তিসমূহৰ সৈতে ৰাজনৈতিক সংগ্ৰামত যোগ দিব পাৰিব লাগিব। কিন্তু এই প্ৰক্ৰিয়াত মুছলমান সমাজক কোনে নেতৃত্ব দিব? মুছলমান সমাজৰ আটাইতকৈ ডাঙৰ সমস্যাটো হ’ল নেতৃত্বৰ সমস্যা। ইয়াৰ প্ৰধান কাৰণ হ’ল নগৰীয়া মধ্যবিত্ত মুছলমান সমাজখনৰ সৈতে খাটিখোৱা বহল মুছলমান সমাজখনৰ সম্পৰ্কহীনতা। নগৰীয়া মুছলমান মধ্যবিত্ত হ’ল বৰ্তমানৰ বিশ্বায়িত বিশ্বনাগৰিকীয় সংস্কৃতিৰ সদস্য। মুছলমান হিচাপে তেওঁলোকেও বৈষম্যৰ বলি হ’বলগা হৈ থাকে, কিন্তু সেইটোৱে তেওঁলোকৰ সৰহভাগকে বাকী খাটিখোৱা মুছলমান জনসাধাৰণৰ কাষ চপাই নিনিয়ে। আনহাতে, ভিতৰুৱা গাঁৱত-চৰত বাস কৰা খাটিখোৱা মুছলমান জনসাধাৰণ হ’ল দৰিদ্ৰতা-পশ্চাদপদতাই কোঙা কৰা, লেতেৰা-পেতেৰা, বহুবিলাক অপৰাধ-দুষ্কাৰ্যৰ সৈতেও জড়িত। গতিকে নগৰীয়া মুছলমান মধ্যবিত্তই সেইখন সমাজৰ প্ৰতি আত্মীয়তাৰ সলনি দূৰত্ব আৰু ঘৃণা অনুভৱ কৰাই স্বাভাৱিক। ইয়াৰ লগত জড়িত হৈ আছে সামাজিক নিৰাপত্তাৰ প্ৰশ্ন – মধ্যবিত্তীয় নাগৰিক নিৰাপত্তা বিসৰ্জন দি কোনে খাটিখোৱা জনসাধাৰণৰ সৈতে একে সমদলত ভৰি দিবলৈ যাব? আনহাতে, অসমৰ সমাজজীৱনত যিসকল মুছলমান লোকে নিজৰ জীৱনজোৰা কষ্টৰ বলত ‘জাতীয় জীৱন’ৰ অগ্ৰণী ব্যক্তি হিচাপে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিছে, সেইসকলে খাটিখোৱা মুছলমানৰ হৈ ৰাজনৈতিক প্ৰশ্ন উত্থাপন কৰাৰ অৰ্থই হ’ল নিজৰ ‘জাতীয়’ স্থান তথা মৰ্যাদা বিসৰ্জন দিয়া – কাৰণ তেনে কৰাৰ লগে লগেই তেওঁলোক নিছক মুছলমানত পৰিণত হ’ব। ইয়াৰপৰা বুজা যায় অসমীয়া জাতীয়তাবাদৰ মাজত লুকাই থকা সাম্প্ৰদায়িক উপাদানৰ কথা। ইয়াত মুছলমান লোক এজনে বহু অধ্যৱসায় কৰিহে ‘জাতীয়’ চৰিত্ৰ লাভ কৰিব পাৰে : কিন্তু সেইটোও টিকি থাকে এক তেনেই ঠুনুকা ভেটিৰ ওপৰত, যিকোনো মুহূৰ্ততে সেই ভেটি খহি পৰি তেওঁক মুছলমানলৈ পৰ্যবসিত কৰিব পাৰে। সেইবাবেই ‘জাতীয়’ স্থান লাভ কৰিবলৈ সক্ষম হোৱা মুছলমান লোকসকলে হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে থিয় দি মুছলমান সমাজক নেতৃত্ব দিবলৈ ওলাই আহিব বুলি আশা কৰাটো ভুল। তেনেহ’লে মুছলমান সমাজৰ নেতৃত্ব দিবলৈ বাকী থাকিল কোন? – ধৰ্মৰ ধ্বজাধাৰীসকল। এইটো মুছলমান সমাজৰ ধৰ্মীয় ৰক্ষণশীলতাৰ এটা প্ৰধান কাৰণ। এই ধৰ্মৰ ধ্বজাধাৰীসকল নেতৃত্বত থকালৈকে মুছলমানৰ মুক্তি নাই, আৰু হিন্দু জাতীয়তাবাদী শক্তিবিলাকৰো কোনো চিন্তাৰ কাৰণ নাই।

গতিকে মুছলমান সমাজে পোনপ্ৰথমে ধৰ্মৰ ধ্বজাধাৰীসকলক সামাজিক নেতৃত্বৰ স্থানৰপৰা আঁতৰাই পঠাব পাৰিব লাগিব। সেই কাম নিশ্চয়কৈ নতুন প্ৰজন্মৰ প্ৰগতিশীল যুৱক-যুৱতীসকলেই কৰিব লাগিব। আধুনিকীকৰণৰ কোনো বিকল্প নাই। আমি আশা কৰো, মুছলমান সমাজৰ ভিতৰৰপৰাই জোৰদাৰ আধুনিকীকৰণ হওক আৰু ধৰ্মৰ পৰিসীমা ক্ৰমান্বয়ে সংকুচিত কৰি অনা হওক। যিসকলে অহৰহ ইছলামৰ নাম লৈ থাকে, ইছলামৰ দোহাই দি খোৱা-পিন্ধাকে আদি কৰি জীৱনৰ সকলো ক্ষেত্ৰতে বাধা-নিষেধ আৰোপ কৰিব বিচাৰে, তেওঁলোকক মতাদৰ্শগতভাৱে পৰাস্ত কৰি একাষৰীয়া কৰা হওক। ইছলামৰ উদাৰবাদী ব্যাখ্যাৰ মাজেৰে সংস্কাৰৰ ভালেমান পদক্ষেপ হাতত ল’ব পাৰি। কিন্তু ধৰ্মৰ ধৰ্মভিত্তিক সংস্কাৰ কৰি কেতিয়াও সামাজিক মুক্তিৰ বাটত আগ বাঢ়িব নোৱাৰি – তাৰ বাবে ধৰ্মক মতাদৰ্শগতভাৱে পৰাস্ত কৰিব লাগিব। ইয়াৰ অবিহনে সৰ্বসাধাৰণক জনতাক সাম্প্ৰতিক সামাজিক বাস্তৱতা সম্পৰ্কে ৰাজনৈতিকভাৱে সচেতন কৰি তুলিব পৰা নাযায়, আৰু সেইটো নহ’লে সংখ্যাগুৰু সাম্প্ৰদায়িকতাৰ মোকাবিলা কৰিব পৰাও নাযায়। মুছলমান জনসাধাৰণৰ মাজত এইটো দৃঢ়ভাৱে প্ৰতিষ্ঠা কৰা প্ৰয়োজন যে তেওঁলোকৰ আহি পৰা আক্ৰমণ ইছলামৰ ওপৰত আহি পৰা বিধৰ্মীৰ ধৰ্মীয় আক্ৰমণ নহয় – ই হ’ল এক ৰাজনৈতিক আক্ৰমণ, আৰু তাৰ বিৰুদ্ধে যুঁজিব লাগিব ৰাজনৈতিকভাৱে। চমুকৈ ক’ব লাগিলে, এফালে মুছলমান সমাজৰ ভিতৰত আধুনিকীকৰণ আৰু ৰাজনৈতিক ৰূপান্তৰণ, আৰু আনফালে হিন্দু জাতীয়তাবাদৰ প্ৰতিৰোধ – এই দুয়োটা প্ৰক্ৰিয়া সমান্তৰালভাৱে আৰু জোৰদাৰভাৱে চলাই নিব লাগিব। ইয়াৰ প্ৰথমটো অবিহনে দ্বিতীয়টো প্ৰচেষ্টা নিজে নিজেই বিফল হ’ব।

এইখিনিতে অসমীয়া জাতীয়তাবাদ সম্পৰ্কে দুষাৰমান কোৱা যাওক। শেহতীয়াকৈ হিন্দু জাতীয়তাবাদৰ আধিপত্যৰ পাছত তাৰ ঢৌৰ মাজত অসমীয়া জাতীয়তাবাদ চিন ৰাখিব নোৱৰাকৈ হেৰাই গৈছে। অসমীয়া মানুহ ইয়াৰ পূৰ্বে হয়তো কাহানিও ইমান ৰাষ্ট্ৰভক্ত নাছিল। ভাৰতীয় জাতীয়তাবাদৰ সৈতে অসমীয়া জাতীয়তাবাদৰ সম্পৰ্ক ঘাইকৈ বিৰোধমূলক আছিল আজি কিছু দিন আগলৈকে। কিন্তু এতিয়া ৰাষ্ট্ৰৰ প্ৰতি অসমীয়া মানুহৰ সৰ্বাত্মক আনুগত্য আৰু প্ৰেম দেখিবলৈ পোৱা গৈছে, ৰাষ্ট্ৰৰ সৈতে নিজকে অভিন্ন বুলি ভাবিবলৈ লোৱা হৈছে মানুহে। এনে পৰিস্থিতিত হিন্দু জাতীয়তাবাদে চিৰন্তন দেশদ্ৰোহী হিচাপে চিহ্নিত কৰা মুছলমানসকলক অধিক ঘৃণা আৰু সন্দেহৰ চকুৰে চাবলৈ লোৱাটোৱেই স্বাভাৱিক। আন আন জাতীয়তাবাদৰ দৰেই অসমীয়া জাতীয়তাবাদো বৰ্ণবাদী, সংখ্যালঘু-বিদ্বেষী। বৰ্তমান পৰিস্থিতিত সেই প্ৰৱণতাসমূহ অধিক নগ্ন ৰূপত মূৰ দাঙি উঠিছে। সেইবাবেই আৰএছএছ-বিজেপিয়ে অসমৰ মুছলমান ৰাইজৰ ওপৰত শেহতীয়াকৈ চলাবলৈ ধৰা সকলোধৰণৰ প্ৰাতিষ্ঠানিক-সাংস্কৃতিক আক্ৰমণক সকলোৱেই নীৰৱে সমৰ্থন কৰিছে তথা সিবোৰৰ প্ৰতি সচেতন উদাসীনতা অৱলম্বন কৰিছে। বলপূৰ্বক-অন্যায়মূলক উচ্ছেদেই হওক বা গোৱালপাৰাৰ প্ৰতিবাদকাৰীৰ ওপৰত পুলিচৰ বেআইনী-মানৱাধিকাৰবিৰোধী গুলীচালনাই হওক – মুছলমানৰ ওপৰত কৰা অত্যাচাৰে এতিয়া কোনোধৰণেই মূলসুঁতিৰ অসমীয়া সমাজৰ তথা অসমীয়া জাতীয়তাবাদৰ ধ্বজাধাৰীসকলক স্পৰ্শ নকৰে। ‘জাতীয়’ সংগঠনবিলাকে মুছলমানৰ ওপৰত হোৱা আক্ৰমণ কাহানিও দেখা নাপায়। গতিকে মুছলমানসকলে আশা নকৰাই ভাল যে অসমীয়া জাতীয়তাবাদে তেওঁলোকক বচাব। সি খুব বেছি কিছু সময়ৰ বাবে এক ৰণকৌশলগত ভিত্তি যোগাব পাৰে, কিন্তু তাৰ ওপৰত ভিত্তি কৰি হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে যুঁজিব নোৱাৰি। অসমৰ জাতীয় জীৱনত হিন্দু-মুছলমানৰ সমন্বয়ৰ কথা আমি সততে কৈ থাকো। সেই ঐতিহ্য আমি নিশ্চয়কৈ জীয়াই ৰাখিব লাগিব। কিন্তু সাম্প্ৰদায়িকতাবাদৰ বিৰুদ্ধে কৰা ৰাজনৈতিক সংগ্ৰামত সি অকলে বৰ এটা সহায় কৰিব নোৱাৰে। আনহাতে, এনে আশাও কৰা টান যে এক প্ৰগতিশীল অসমীয়া জাতীয়তাবাদৰ নিৰ্মাণ সম্ভৱ হ’ব যাৰ মাজত মুছলমান সমাজৰ ন্যায়সংগত স্থান নিশ্চিত হ’ব আৰু যাৰ জৰিয়তে হিন্দু জাতীয়তাবাদকো প্ৰতিৰোধ কৰিব পৰা যাব। আমাৰ ভাব এয়ে যে অসমীয়া জাতীয়তাবাদৰ তেনে সম্ভাৱনাসমূহ ইতিমধ্যে হিন্দু জাতীয়তাবাদৰ মাজত বিলীন হৈ গৈছে।

গতিকে হিন্দু জাতীয়তাবাদৰ বিৰুদ্ধে সংগ্ৰামখন হ’ব লাগিব এখন প্ৰগতিশীল ৰাজনৈতিক সংগ্ৰাম। আৰএছএছ-বিজেপি কেৱল হিন্দু জাতীয়তাবাদৰে পৃষ্ঠপোষক নহয়, সিহঁত এতিয়া নব্য উদাৰতাবাদৰো উগ্ৰতম পৃষ্ঠপোষক – আৰু এই দুয়োটাই জনসাধাৰণৰ সন্মুখত আজি প্ৰধান প্ৰত্যাহ্বান। হিন্দু-মুছলমান সকলোৱেই এই দুয়োটা শক্তিক চিহ্নিত কৰিব পাৰিব লাগিব। কিন্তু মুছলমান সমাজে তাৰ সমান্তৰালভাৱে নিজৰ ভিতৰত আধুনিকীকৰণ তথা ৰাজনৈতিক ৰূপান্তৰণৰ সংগ্ৰামখন চলাই যাব লাগিব। এইটো অতিকৈ কষ্টসাধ্য আৰু দীৰ্ঘদিনীয়া প্ৰজেক্ট। কিন্তু ইয়াৰ কোনো বিকল্প সন্মুখত নাই, আৰু কোনো চমু ৰাস্তাও নাই।

Share Button
Print Friendly, PDF & Email

No Comments : "মুছলমান সমাজৰ সংকট : দুটামান কথা (জিতেন বেজবৰুৱা)"

Leave a Comment

Your email address will not be published. Required fields are marked *