মুছলমানৰ মাজত অপৰাধ প্ৰৱণতাৰ আঁত ধৰি (ডাঃ শ্বামিম আহমেদ)

প্ৰায়ে বিভিন্ন মাধ্যমত চৰ্চা হোৱা দেখা যায় যে মুছলমানৰ মাজত অপৰাধৰ হাৰ বেছি। শেহতীয়াকৈ কেতবোৰ ধৰ্ষণ আৰু অন্যান্য অপৰাধমূলক ঘটনাৰ বাতৰিয়ে অসমৰ পৰিৱেশতো যথেষ্ট প্ৰভাৱ পেলাইছে। ধৰ্ষণ বা অন্য যিকোনো অপৰাধ সভ্য সমাজৰ বাবে গৰিহণাযোগ্য আৰু কঠোৰতকৈ কঠোৰ শাস্তি অৱশ্যই হ'ব লাগে। কিন্তু ঘটনাবোৰ এনেকুৱা পৰ্যায়লৈ লৈ যোৱা হৈছে যে ইয়াত কিছু পৰিমাণে মুছলিম-বিদ্বেষ (Islamophobia) পৰিস্ফুট হয়। পিছে কেৱল ইছলামফ’বিয়া বুলিয়েই এই অপৰাধপ্ৰৱণতাৰ সত্যতাক নাকচ কৰিব নোৱাৰি।

এটা কথা সঁচা যে ৯/১১ ঘটনাৰ পিছত আমেৰিকাত হঠাৎ বাঢ়ি যোৱা মুছলিম-বিদ্বেষ আৰু বিশ্বৰ মুছলমান ৰাজনীতিত সন্ত্ৰাসবাদীৰ ভূমিকাৰ ফলত আজি বহু পৰিমাণে ভাৰতৰ জনমানসত সোমাই পৰিছে। আৰু ইয়াত ইন্ধন যোগাইছে ছ'ছিয়েল মিডিয়াৰ লগতে একাংশ তথাকথিত মূলসুঁতিৰ সংবাদ মাধ্যমৰ জৰিয়তে বিয়পি পৰা নানা প্ৰৰোচনামূলক সঁচা-মিছা তথ্যই।

পিছে, মুছলমানৰ মাজত অপৰাধপ্ৰৱণতাৰ কাৰকসমূহৰ বিষয়ে মতভেদ থাকিলেও এটা কথা বাস্তৱ যে অপৰাধৰ হাৰ মুছলমান অঞ্চলত তুলনামূলকভাৱে বেছি হয়। পিছে সেয়া খুব বেছি নহয়। বেছি মানে হিন্দুৰ তুলনাতহে বেছি। খ্ৰীষ্টিয়ান, শিখৰ তুলনাত বৰঞ্চ কম। National Crime Records Bureauৰ Prison Statistics India 2014ৰ তথ্য মতে, ১ লাখ হিন্দু জনসংখ্যাৰ ভিতৰত ৯.৯জন হিন্দু আচামী (convict), মুছলমানৰ ক্ষেত্ৰত এয়া ১ লাখৰ ভিতৰত ১২.৫জন, খ্ৰীষ্টিয়ানৰ ১৮.৫ আৰু শিখৰ ৩৫জন। মুছলমানৰ ১২.৫জনৰ সৰহভাগেই চুৰি-ডকাইতি-হত্যা-ধৰ্ষণ আদিৰ সৈতে জড়িত বুলি ক’ব পাৰোঁ।

এই অপৰাধসমূহৰ কাৰকসমূহ কিছু পৰিমাণে ব্যক্তিগত যদিও ইয়াৰ শ্ৰেণী বৈশিষ্ট্য নুই কৰিব নোৱাৰি। উদাহৰণস্বৰূপে, ৰাজ্য বা দেশৰ বিয়াগোম কেলেংকাৰিসমূহত ৰাজনৈতিক তথা অৰ্থনৈতিক প্ৰভাৱশালী ব্যক্তিৰ নাম জড়িত হয়। বৰ্তমানে চলি থকা বেংক ঋণ প্ৰতাৰকসকলৰ কথাই কোৱা যাওক। নীৰৱ মোদী, ললিত মোদী, মেহুল চোক্সিহঁত ধনী বণিক গোষ্ঠীৰ। এবাৰ এ পি এছ চি কেলেংকাৰিত জড়িত বিষয়াৰ শ্ৰেণী চৰিত্ৰলৈ মন কৰক। বেছিভাগেই কোনোবা ৰাজনৈতিক প্ৰভাৱশালী ব্যক্তিৰ সম্বন্ধীয়।

অপৰাধীৰ শ্ৰেণী বিভাজনৰ কথা ক’বলৈ যাওঁতে মনত পৰিল Maslow Hierarchy of Needs। আমেৰিকান মনোবিজ্ঞানী আব্ৰাহাম মাছলোৰ মতে, মানুহৰ প্ৰথম প্ৰয়োজন শাৰীৰিক (physiological), তাৰ পিছত নিৰাপত্তা (safety)। এইবোৰ পৰিপূৰ্ণ হ’লে তাৰ পিছত পৰ্যায়ক্ৰমে দৰকাৰ হয় একাত্মীয়তা (love/belongingness), মৰ্যাদা (esteem), আত্ম-বাস্তৱিকীকৰণ (self-actualization)ৰ।

অপৰাধীসকলৰ অপৰাধবোৰো সিহঁতৰ প্ৰয়োজনীয়তাৰ সৈতে মিল থাকে। যাৰ নিত্য প্ৰয়োজনীয়তা Maslow Hierarchyৰ নিম্ন খাপৰ মাজতে সীমাবদ্ধ হৈ থাকিব সিহঁতৰ অপৰাধবোৰো ঘাইকৈ শাৰীৰিক বা নিৰাপত্তাজনিত বিষয়ক হ’ব আৰু হিংসুক প্ৰকৃতিৰ হ’ব। এই Hierarchyৰ উচ্চখাপত থকাহঁতৰ অপৰাধবোৰ মৰ্যাদা আহৰণৰ বাবে বিত্তীয়-ক্ষমতা সংক্ৰান্তীয় হ’ব। কিছু ব্যতিক্ৰমসমূহ অৱশ্যে ব্যক্তিগত মানসিক (psycho/sociopathic) কাৰণৰ বাবে হয়।

এই অপৰাধপ্ৰৱণতাক শ্ৰেণীৰ দৃষ্টিৰে নাচাই কোনোবাই ধৰ্মীয়, জাতি-গোষ্ঠীয়, নৃতাত্ত্বিক ৰূপ দিব বিচাৰে। উদাহৰণস্বৰূপে PVTG (Particularly vulnerable tribal group)সকলক এটা সময়ত অপৰাধী জাতিৰ অপবাদ আখ্যা দিয়া হৈছিল। এফ্ৰো-আমেৰিকান জনগোষ্ঠীৰ অপৰাধপ্ৰৱণতাক তেওঁলোকৰ গোষ্ঠীয় চৰিত্ৰ বুলি অভিহিত কৰি কু ক্লাক্স ক্লানৰ দৰে সংঘবদ্ধ ফেচিবাদী শক্তিৰদ্বাৰা বহুত অবৰ্ণনীয় অত্যাচাৰ কৰা হৈছে।

মুছলমানৰ মাজত চুৰি-ডকাইতিৰ দৰে অপৰাধপ্ৰৱণতাৰ মুখ্য কাৰক শ্ৰেণীজনিত। ধনী মুছলমান অপৰাধীবোৰ নীৰৱ-ললিত মোদীৰ নিচিনাকৈ কোনোবাদিনা বেংক লুটি ফ্লাই এমিৰেটছত উঠি ডুবাই পাবগৈ।

এই অপৰাধসমূহৰ গোষ্ঠীয় চৰিত্ৰ যিখিনি আছে তাৰ বাবে দেৱানী প্ৰথাক (উত্তৰ ভাৰতৰ খাপ পঞ্চায়তৰ লেখীয়া) বহু পৰিমাণে জগৰীয়া বুলি ভাবোঁ। দেৱানীসকলে ডাঙৰ ডাঙৰ অপৰাধীক বুজাবুজিৰ মাজেৰে বিচাৰ কৰি সামান্য জৰিমনা বিহি অপৰাধৰ গম্ভীৰতা তথা অপৰাধবোধতা ম্লান কৰি দিয়ে। উদাহৰণস্বৰূপে, পুৰুষতান্ত্ৰিক মুছলিম সমাজত ধৰ্ষণৰ অভিযোগ থকা এগৰাকীৰপৰা মাতব্বৰ গোষ্ঠীয়ে কিছু পইচা লৈ বুজাবুজিৰ মাজেৰে সামাজিক প্ৰক্ৰিয়াৰে বিয়া পাতি দিয়াৰ অনেক উদাহৰণ আছে। ইয়াক ৰোধ কৰিবলৈ মুছলমানে কিছু আত্ম-সমালোচনাৰ প্ৰয়োজন। দেৱানী প্ৰথা বন্ধ কৰি প্ৰত্যেকগৰাকী অপৰাধীক আইনৰ সন্মুখত হাজিৰ কৰাব লাগিব। তাৰ লগতে শিক্ষাৰ প্ৰতি দ্ৰুত অগ্ৰসৰ হ’ব লাগিব। উপযুক্ত শিক্ষাৰদ্বাৰা আৰ্থ-সামাজিকভাৱে সবল হ’ব পাৰিলে অভাৱৰ তাড়নাত পৰি যিবোৰ অপৰাধ কৰে অন্ততঃ সেয়া নিশ্চয় কমিব।

পিছে তাৰ লগতে আৰু এটা কথা হ’ল, ইয়াক কিছু পৰিমাণে অতিৰঞ্জিতভাৱেও প্ৰক্ষেপ কৰা হয়। যেনে ধৰক, এই ৮০-৯০%ৰ দৰে কিছু ভিত্তি নথকা পৰিসংখ্যা দাঙি ধৰা হয়। শাসক গোষ্ঠীৰ এগৰাকী বিতৰ্কিত বিধায়কৰ মন্তব্য তাৰে এক অন্যতম উদাহৰণ। ইপিনে ভাৰতীয় আইনী প্ৰক্ৰিয়াত দলিত, মুছলমান, জনজাতি লোকসকল হাৰাশাস্তি হ’বলগীয়া হয়। উদাহৰণস্বৰূপে, বিচাৰাধীন (undertrial) আৰু আচামী (convicted)ৰ সংখ্যাৰ তুলনা কৰিলে, undertrialৰ ক্ষেত্ৰত এই শ্ৰেণীৰ লোকৰ সংখ্যা বেছি। এয়া নিশ্চয় আইনী প্ৰক্ৰিয়াৰ দলিত, মুছলমান আৰু জনজাতিৰ প্ৰতি থকা ইচ্ছা বা অনিচ্ছাকৃত পক্ষপাতকে সূচায়। তদুপৰি, এজন মুছলমানে অপৰাধ কৰিলে তেওঁৰ অপৰাধৰ বোজা গোটেই জনগোষ্ঠীয়ে কঢ়িয়াব লগীয়া হোৱাটোও এক প্ৰকাৰৰ বিদ্বেষ। আৰু এনে বিদ্বেষৰ ভাবসমূহ আঁতৰ কৰিব লাগিব।

Share Button
Print Friendly, PDF & Email

No Comments : "মুছলমানৰ মাজত অপৰাধ প্ৰৱণতাৰ আঁত ধৰি (ডাঃ শ্বামিম আহমেদ)"

Leave a Comment

Your email address will not be published. Required fields are marked *