নাৰী নিৰ্যাতন আৰু সমাজৰ মানসিকতা- (অসমী গগৈ)

 

              নাৰীৰ বিৰুদ্ধে অপৰাধ আৰু হিংসা এখন দেশ, সমাজ আৰু জাতিৰ কাৰণে অত্যন্ত লজ্জাজনক  আৰু কলংকজনক কথা । এখন দেশৰ চৰকাৰ আৰু প্ৰশাসনৰ দায়িত্বই হৈছে শক্তিশালী আইন প্ৰণয়ন কৰি তাৰ যথাযথ প্ৰয়োগ কৰাৰ মাধ্যমত এনে অপৰাধ বন্ধ কৰা।

                অগণন মানুহৰ আত্মত্যাগ আৰু সংগ্ৰামৰ ফলত ১৯৪৭ চনত আমাৰ দেশ স্বাধীন হৈছিল। সদ্য স্বাধীন ভাৰতবৰ্ষৰ নৱগঠিত চৰকাৰে সেই সময়ত দেশত অপৰাধৰ এক সমীক্ষা চলাইছিল।  নাৰীৰ প্ৰতি অপৰাধৰ ক্ষেত্ৰত সেয়াই আছিল দেশত প্ৰথম সমীক্ষা। সেই সময়ত নাৰীৰ বিৰুদ্ধে অত্যাচাৰ আৰু হিংসা প্ৰতিৰোধৰ বাবে যিকেইখন আইন ১৯৬৩ চনত প্ৰণয়ন কৰা হৈছিল সেইবোৰ হৈছে ধৰ্ষণ, অপহৰণ, যৌতুকজনিত হত্যা, মানসিক-শাৰীৰিক উৎপীড়ন, শিশু সৰবৰাহ বন্ধ কৰা ইত্যাদি। পৰৱৰ্তী কালত সেই আইনসমূহ পৰিবৰ্ধিত আৰু সংশোধিত কৰা হৈছে। উদাহৰণস্বৰূপে ভাৰতীয় দণ্ডবিধি আইনত ধৰ্ষণ হৈছে নাৰীৰ ওপৰত গুৰুতৰ মানৱাধিকাৰ হৰণৰ এক অপৰাধ । স্মৰণীয় যে যোৱা শতিকাৰ ৮০ৰ দশকত মুম্বাইৰ ‘‘ মথুৰা ধৰ্ষণ'' গোচৰক  কেন্দ্ৰ কৰি ধৰ্ষণৰ বিৰুদ্ধে যি প্ৰবল আন্দোলনৰ সৃষ্টি হৈছিল- সেই আন্দোলন ক্ৰমশঃ সম্প্ৰসাৰিত হৈছিল অন্য ৰাজ্যলৈকো। উল্লেখ কৰা প্ৰয়োজন যে ১৯৮০ চনৰ ১৭ মাৰ্চ তাৰিখে ভাৰতীয় মহিলা ফেডাৰেচন আৰু অন্যান্য গণতান্ত্ৰিক নাৰী সংগঠনৰ সহযোগত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বাহিৰত ‘‘ মথুৰা ধৰ্ষণ '' গোচৰ পুনৰ বিবেচনাৰ বাবে প্ৰবল দাবী উত্থাপিত হৈছিল। কাৰণ মথুৰা ধৰ্ষণ গোচৰত অপৰাধী দুই কনিষ্টবলক আদালতত নিৰ্দোষ বুলি কোৱা হৈছিল। আদালতৰ এই ৰায়ৰ বিৰুদ্ধে দেশব্যাপী প্ৰবল আন্দোলনৰ ফলশ্ৰুতিত ১৯৮৩ চনত ধৰ্ষণ আইন সংশোধিত হৈছিল। কিন্তু নাৰীসমাজৰ সুদীৰ্ঘ আৰু কঠোৰ আন্দোলনৰ পিছতো দেশত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধ নিয়ন্ত্ৰণত চৰকাৰ বিফল হৈছিল। ইয়াৰ পিছত পুনৰ  ২০১৩ চনত  ভাৰতীয় দণ্ডবিধি আইন সংশোধিত কৰা হ'ল। নাৰী ধৰ্ষণ ৰোধ কৰাৰ বাবে এই আইন অধিক কঠোৰ আৰু ইয়াত নতুন ৰণকৌশল ইয়াৰ অন্তৰ্ভুক্ত কৰা হ'ল। দেশৰ চেতনাক জোকাৰি যোৱা ২০১২ চনৰ ১৬ ডিচেম্বৰৰ ৰাতি সংঘটিত দিল্লীৰ নিৰ্ভয়া কাণ্ডৰ পিছত চৰকাৰ, আৰক্ষী-প্ৰশাসন আৰু বিচাৰ ব্যৱস্থাৰ প্ৰতি জনগণৰ অনাস্থাৰ পাছত প্ৰবল জনৰোষত পৰি চৰকাৰ বাধ্য হৈছিল অপৰাধ-বিৰোধী আইন সংশোধন কৰিবলৈ। প্ৰতিষ্ঠিত আইন চালি-জাৰি চাই নতুন শক্তিশালী আইন প্ৰণয়ন কৰিবলৈ এইমৰ্মে উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ জে এছ বাৰ্মাৰ নেতৃত্বত গঠিত কমিটিৰ ঐতিহাসিক পৰামৰ্শৰ আধাৰত চৰকাৰে ২০১৩ চনত ধৰ্ষণ-বিৰোধী আইন সংশোধিত  কৰে য'ত নাৰীৰ বিৰুদ্ধে যৌন হিংসাক এই গুৰুতৰ অপৰাধ হিচাপে গণ্য কৰা হৈছে। বাৰ্মা কমিটিৰ পৰামৰ্শৱলীৰ আধাৰত ধৰ্ষণ-বিৰোধী কঠোৰ আইন প্ৰণয়নত গুৰুত্ব লাভ কৰিলে সঁচা, কিন্তু বাস্তৱত ৰূপায়ণৰ ব্যৰ্থতাই  দেখা গ'ল – এই আইনেও নাৰীৰ সুৰক্ষা দিব পৰা নাই। যোৱা পাঁচটা বছৰত সংঘটিত বহু নৃশংস ধৰ্ষণৰ ঘটনাত  নিৰ্যাতিতাই ন্যায় পোৱাৰপৰা বঞ্চিত হৈছে আৰু আনফালে অপৰাধীৰ শাস্তি হোৱা নাই। আজি সমাজজীৱনত ধৰ্ষণ এক সাধাৰণ ঘটনালৈ পৰ্যবসিত হৈছে। নিৰ্যাতিতাৰ ন্যায়াধিকাৰ অস্বীকাৰ আৰু  উপেক্ষাই যেন ধৰ্ষণৰ মাত্ৰা বঢ়াইছে। আমাৰ ৰাজ্যখনকে ধৰি দেশৰ ভিন্ন প্ৰান্তত সংঘটিত ক্ৰমবৰ্ধমান নাৰী নিগ্ৰহৰ ভয়াৱহ ছবিখনে সেই কথাকে প্ৰমাণ কৰে। শেহতীয়াকৈ অসমৰ বুকুত সংঘটিত এনে পৈশাচিক ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদী মানুহ ক্ৰমে বিক্ষুব্ধ হৈ পৰিছে।

                অতি উদ্বেগজনক বিষয় যে নাৰীৰ প্ৰতি অপৰাধৰ ক্ষেত্ৰত শিৰোনাম দখল কৰা দেশৰ ৰাজধানী দিল্লীৰ পিছতে দ্বিতীয় স্থানত আছে অসম।  এসময়ত নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ সুনামৰ ঐতিহ্যবহনকাৰী অসমত  কলংকৰ চেকা পৰিছে।  শেহতীয়াকৈ নাৰীৰ মানৱ অধিকাৰ ভূলুন্ঠিত হোৱা বৈঠালাংচ’ আৰু যমুনামুখৰ পৈশাচিক হত্যাকাণ্ডই অসমৰ চেতনাক জোকাৰিছে। সংগঠিত আন্দোলনৰ উপৰি অসংগঠিত স্বতঃস্ফূৰ্ত প্ৰতিবাদ, ক্ষোভিত, শোকাচ্ছন্ন মানুহৰ ব্ৰজকন্ঠত নিনাদিত হৈছে অপৰাধীহঁতৰ দৃষ্টান্তমূলক শাস্তি বা মৃত্যুদণ্ডৰ দাবী। অতি হৃদয়বিদাৰক আৰু সংবেদনশীল উক্ত ঘটনাই  ক্ষমতাত  উপৱিষ্ট থকাসকলৰ চেতনাক স্পৰ্শ কৰিব পাৰিছেনে নাই সন্দেহ হয়।  কাৰণ ইয়াৰ কেইমাহমানৰ পূৰ্বেও কামৰূপৰ সোণাপুৰৰ জাৰিকুছি গাঁৱত সাত বছৰীয়া এজনী কণমানি  আৰু তাৰো কিছুদিনৰ  পূৰ্বে নুনমাটিত দুগৰাকীকৈ যুৱতীৰ হত্যাকাণ্ডৰ  বিচাৰ আজিপৰ্যন্ত নহ'ল। সেয়ে প্ৰশ্ন উঠে আৰু কিমান দিনলৈ আৰক্ষী-প্ৰশাসনৰ নিষ্ক্ৰিয়তা মানি ল’ম? এতিয়া এনে পৰিৱেশ বিৰাজমান য'ত দৈনন্দিন জীৱন-যাত্ৰাত প্ৰতিগৰাকী ছোৱালী আৰু নাৰী বিপদৰ আশংকাত ভুগিব লগা হৈছে। যৌন হিংসা এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। ইয়াৰপৰা কিছু পৰিত্ৰাণ পাবলৈ নিশ্চিতকৈ বাৰ্মা কমিটিৰ ঐতিহাসিক পৰামশাৱালী কাৰ্যকৰী কৰাটো চৰকাৰে জৰুৰী পদক্ষেপ হিচাপে লোৱাৰ প্ৰয়োজন আছিল যদিও আজিও চৰকাৰৰ নিৰ্জীৱ-নিৰ্লিপ্ত ভূমিকাকেই দেখা যায়। উল্লেখ নকৰিলে ভুল হ’ব যে অসমৰ কেইবাটাও প্ৰগতিশীল নাৰী সংগঠনে পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ শাসন কালৰপৰা বৰ্তমানৰ বিজেপি চৰকাৰৰ এবছৰীয়া  শাসন কালৰ ভিতৰত ৰাজ্যখনত ক্ৰমবৰ্ধিত নাৰী নিৰ্যাতনৰ বিষয়টোক এক সংবেদনশীল দৃষ্টিৰে গ্ৰহণ কৰি ধৰ্ষণৰ গোচৰ ফাষ্টট্ৰেক আদালতত কম দিনৰ ভিতৰত নিষ্পত্তি কৰা আৰু অপৰাধীক শাস্তি প্ৰদান কৰা , হেল্প লাইন সক্ৰিয় কৰা , স্বাস্থ্যসন্মত অনাময় ব্যৱস্থা, ষ্ট্ৰিট লাইট, কৰ্মক্ষেত্ৰত সুৰক্ষা  কমিটি গঠন কৰা আদি দাবী সজোৰে উত্থাপন কৰি আহিছে। এইক্ষেত্ৰত প্ৰতিশ্ৰুতি দিয়াতে যেন চৰকাৰৰ দায়িত্ব শেষ।

                ভাৰতীয় সংবিধানত মৰ্যাদা আৰু সন্মানৰ সৈতে মানুহৰ জীয়াই থকাৰ অধিকাৰৰ কথা উল্লেখ কৰা হৈছে। কিন্তু নাৰীৰ ক্ষেত্ৰত বাৰে বাৰে উলংঘন হৈছে কিয়? সেয়ে নাৰী নিৰ্যাতন কেৱল সংবিধান বা আইনী ব্যৱস্থা নহয় - ই এক মানৱীয় মূল্যবোধৰ প্ৰশ্নও। সেয়ে ক্ৰমবৰ্ধিত অপৰাধৰ উৎসবোৰৰ বস্তুনিষ্ঠ বিচাৰ-বিশ্লেষণৰো প্ৰয়োজন। কাৰণ অপৰাধবোৰৰ মূল উৎস হিচাপে প্ৰধানকৈ নাৰীৰ প্ৰতি সমাজত বৰ্তি থকা সামন্তীয় দৃষ্টিভংগী-যাৰ মূল শিপাডাল সমাজৰ গভীৰলৈ প্ৰোথিত। আমাৰ দেশৰ যিসকল জনপ্ৰতিনিধি, আইনৰ প্ৰণেতা সেইসকলো পিতৃতান্ত্ৰিক মানসিকতাৰপৰা মুক্ত নহয়। পৰিয়ালৰপৰা আৰম্ভ কৰি ৰাষ্ট্ৰৰ সৰ্বোচ্চ স্তৰপৰ্যন্ত ,পুলিচ-প্ৰশাসন, ন্যায়ালয়, বিচাৰ-ব্যৱস্থা সকলোবোৰ পিতৃতন্ত্ৰৰদ্বাৰা নিয়ন্ত্ৰিত। প্ৰাচীন কালৰপৰাই নাৰী- পুৰুষৰ মাজত অসমতা আৰু বৈষম্যমূলক ব্যৱস্থাৰ বলি হৈ আহিছে নাৰী। আজি একৈশ শতিকাতো তাৰ পৰিৱৰ্তন হোৱা নাই । সুকুমাৰী ভট্টাচাযৰ্ৰ ‘প্ৰাচীন ভাৰত -সমাজ ও সাহিত্য’ত উল্লেখ আছে যে প্ৰাচীন হিন্দু ধৰ্মগ্ৰন্থবিলাকতো নাৰীক ভোগ্যবস্তু হিচাপে গণ্য কৰা হৈছে। আজিৰ ভোগবাদী দৰ্শন আৰু পণ্য সংস্কৃতিৰ বাতাবৰণে নাৰীৰ বিৰুদ্ধে অপৰাধৰ ক্ষেত্ৰ দুগুণ বৃদ্ধি কৰাত ইন্ধন যোগাইছে। প্ৰতিটো ধৰ্ষণৰ প্ৰকাশেই হৈছে পুৰুষতান্ত্ৰিক সমাজকাঠামোত এচাম পুৰুষৰ আধিপত্য। নাৰীক সন্ত্ৰাসিত আৰু পৰাধীন কৰি ৰখাৰ এক হাথিয়াৰ। লিংগ-বৈষম্য আৰু অসাম্যৰ বাবে নাৰীক শাৰীৰিকভাৱে, ৰাজনৈতিকভাৱে, আৰ্থিক আৰু আৱেগিকভাৱে দমন কৰি অহা হৈছে।

                তাৰ পৰিপ্ৰেক্ষিততে প্ৰচলিত পিতৃতান্ত্ৰিক মানসিক স্থিতিৰ পৰিবৰ্তনৰ বাবে প্ৰয়োজন দীৰ্ঘসূত্ৰী আৰু আদৰ্শগত আন্দোলনৰ। যি পিতৃতান্ত্ৰিক ধ্যান-ধাৰণাই নাৰীক হেয় প্ৰতিপন্ন কৰাৰ সাংস্কৃতিক চেতনাৰ উন্মেষ ঘটাইছে তাৰ বিপৰীত সাংস্কৃতিক চেতনাৰ সঞ্চাৰ ঘটাব লাগিব। পুৰুষৰদ্বাৰাই ৰচিত ধৰ্মগ্ৰন্থসমূহক নাৰী সম্পৰ্কত থকা উক্তিবোৰ নতুন ৰূপ দি জনগণৰ মাজলৈ লৈ যাব লাগিব। এনে সামাজিক আন্দোলনৰ লগে লগে পৰিয়ালৰ ভিতৰতো পুত্ৰ-কন্যাৰ মাজত বৈষম্য নাৰাখি সমজ্ঞান কৰাৰ মানসিকতা গঢ়ি তুলিব লাগিব। এনে এক জনজাগৰণ সৃষ্টি কৰাৰ মাজেৰে সমাজত নাৰীৰ প্ৰতি থকা পশ্চাদপদ পিতৃতান্ত্ৰিক মানসিকতাক পৰিবৰ্তন কৰাটো সম্ভৱ। তাৰ বাবে সকলো অংশৰ আন্তৰিক প্ৰয়াসৰ প্ৰয়োজন বৰ্তমান সময়ৰ দাবী।

Share Button
Print Friendly, PDF & Email

No Comments : "নাৰী নিৰ্যাতন আৰু সমাজৰ মানসিকতা- (অসমী গগৈ)"

Leave a Comment

Your email address will not be published. Required fields are marked *